ভাৰত আত্মবিশ্বাসেৰে ভৰি পৰিছেঃ প্ৰধানমন্ত্ৰী
মন্থৰতা, অনাস্থা আৰু বিখণ্ডনৰ বিশ্বত ভাৰতে বিকাশ, বিশ্বাসৰ সঞ্চাৰ আৰু সেতুবন্ধন কৰিছেঃ প্ৰধানমন্ত্ৰী
আজি ভাৰত বিশ্ব অৰ্থনীতিৰ বিকাশৰ মূল ইঞ্জিন হৈ পৰিছেঃ প্ৰধানমন্ত্ৰী
ভাৰতৰ নাৰী শক্তিয়ে অসাধ্য সাধন কৰিছে, আমাৰ কন্যাই আজি প্ৰতিটো ক্ষেত্ৰতে পাৰদৰ্শিতা দেখুৱাইছেঃ প্ৰধানমন্ত্ৰী
আমাৰ গতি অবিৰত, আমাৰ দিশ সুসংগত, আমাৰ উদ্দেশ্য সদায় ৰাষ্ট্ৰ প্ৰথমঃ প্ৰধানমন্ত্ৰী
প্ৰতিটো খণ্ডই আজি পুৰণি ঔপনিৱেশিক মানসিকতা পৰিহাৰেৰে গৌৰৱেৰে নতুন কৃতিত্ব অৰ্জনৰ লক্ষ্য নিৰ্ধাৰণ কৰিছেঃ প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত হিন্দুস্তান টাইমছ লীডাৰ্ছ ছামিট, ২০২৫ সম্বোধন কৰে। ইয়াত ভাষণ প্ৰদানেৰে তেওঁ এই সন্মিলনত ভাৰত আৰু বিদেশৰ ভালেসংখ্য বিশিষ্ট অতিথিয়ে অংশগ্ৰহণ কৰাৰ কথা উল্লেখেৰে আয়োজক আৰু চিন্তাধাৰা ব্যক্ত কৰা সকলোকে শুভেচ্ছা জ্ঞাপন কৰে। শ্ৰী মোদীয়ে কয় যে শোভানা জীয়ে দুটা কথা উল্লেখ কৰিছে, যি কথা তেওঁ মনোযোগেৰে শুনিছে। প্ৰথমটো আছিল তেওঁৰ পূৰ্বৰ ভ্ৰমণ সম্পৰ্কীয়। তেওঁ এটা পৰামৰ্শ প্ৰদান কৰিছিল। মিডিয়া হাউছৰ ক্ষেত্ৰত এয়া বিৰল যদিও তেওঁ পৰামৰ্শ দিছিল। শোভানা জী আৰু টীমটোৱে উৎসাহেৰে সম্পন্ন কৰাত তেওঁ সন্তোষ প্ৰকাশ কৰে। তেওঁ কয় যে প্ৰদৰ্শনীখন দৰ্শনৰ সময়ত তেওঁ প্ৰত্য়ক্ষ কৰিছিল যে ফটোগ্ৰাফাৰসকলে এনেদৰে মুহূৰ্তসমূহ বন্দী কৰিছিল যে সেই মুহূৰ্তসমূহ স্মৰণীয় হৈ পৰিছিল আৰু তেওঁ সকলোকে এয়া চাবলৈ আহ্বান জনায়। শ্ৰী মোদীয়ে শোভানা জীৰ দ্বিতীয়টো কথা সন্দৰ্ভত মন্তব্য প্ৰদানেৰে কেৱল তেৱেঁই নহয়, বৰঞ্চ হিন্দুস্তান টাইমছেও একেদৰেই ৰাষ্ট্ৰক সেৱা কৰি যাব লাগে বুলি কোৱা বুলি ব্যাখ্যা কৰে, ইয়াৰ বাবে তেওঁ বিশেষ কৃতজ্ঞতা প্ৰকাশ কৰে।

 

শ্ৰী মোদীয়ে কয় যে এইবাৰৰ সন্মিলনৰ বিষয়বস্তু হৈছে ট্ৰেন্সফৰ্মিং টুম’ৰ’। তেওঁ কয় যে হিন্দুস্তান টাইমছৰ ১০১ বছৰীয়া ইতিহাস আছে আৰু মহাত্মা গান্ধী, মদন মোহন মালৱীয়, ঘনশ্যামদাস বিৰলাৰ দৰে মহান নেতাৰ আশীৰ্বাদেৰে সমৃদ্ধ। তেওঁ কয় যে এই কাকতখনে ট্ৰেন্সফৰ্মিং টুম’ৰ’ বিষয়ত আলোচনা কৰা মাত্ৰেকে ৰাষ্ট্ৰক এই বিশ্বাস প্ৰদান কৰে যে ভাৰতত অব্যাহত ৰূপান্তৰ কেৱল সম্ভাৱনাতে সীমাবদ্ধ নহয়, বৰঞ্চ জীৱনৰ পৰিৱৰ্তন, মানসিকতা সলনি আৰু দিশ সলনিৰ এক প্ৰকৃত কাহিনী।

আজি ভাৰতীয় সংবিধানৰ মুখ্য প্ৰণেতা ডঃ বাবাছাহেব আম্বেদকাৰৰ মহাপৰিনিৰ্বাণ দিৱস পালন কৰা হৈছে বুলি উল্লেখেৰে শ্ৰী মোদীয়ে সকলো ভাৰতীয়ৰ হৈ তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁ কয় যে আমি এনে এটা সন্ধিক্ষণত উপনীত হৈছো, য’ত একবিংশ শতিকাৰ এক চতুৰ্থাংশ ইতিমধ্যে পাৰ হৈ গৈছে। তেওঁ উল্লেখ কৰে যে এই ২৫ বছৰত বিশ্ব বহু উত্থান-পতনৰ সাক্ষী হৈ পৰিছে, য’ত আৰ্থিক সংকট, বিশ্বব্যাপী মহামাৰী, প্ৰযুক্তিগত বিঘিনি, খণ্ডিত বিশ্ব, অব্যাহত যুদ্ধ আদিও দেখা গৈছে। প্ৰধানমন্ত্ৰীয়ে কয় যে এই সকলোবোৰ পৰিস্থিতিয়ে কোনোবা নহয় কোনোবা ৰূপত অনিশ্চয়তাৰে ভৰা বিশ্বক প্ৰত্যাহ্বান জনাইছে। “অনিশ্চয়তাৰ এই যুগত ভাৰত আত্মবিশ্বাসেৰে ভৰি পৰিছে”, শ্ৰী মোদীয়ে কয়। তেওঁ লগতে কয় যে যেতিয়া বিশ্বই মন্থৰতাৰ কথা কয়, তেতিয়া ভাৰতে বিকাশৰ কাহিনী লিখে; যেতিয়া বিশ্বই বিশ্বাসৰ সংকটৰ সন্মুখীন হয়, তেতিয়া ভাৰত আস্থাৰ স্তম্ভ হৈ পৰিছে আৰু যেতিয়া বিশ্বখন বিখণ্ডনৰ দিশে আগবাঢ়িছে, তেতিয়া ভাৰতে সেতুবন্ধনৰ ভূমিকা পালন কৰিছে।

মাত্ৰ কেইদিনমান পূৰ্বে ভাৰতৰ দ্বিতীয় ত্ৰৈমাসিকৰ জিডিপিৰ পৰিসংখ্যা প্ৰকাশ পাইছিল। ইয়াত আঠ শতাংশৰো অধিক বৃদ্ধিৰ হাৰ দেখুওৱা হৈছে। যিয়ে প্ৰগতিৰ নতুন গতিকে প্ৰতিফলিত কৰিছে বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীয়ে কয় যে এয়া কেৱল পৰিসংখ্যা নহয়, বৰঞ্চ এক শক্তিশালী সামষ্টিক অৰ্থনৈতিক সংকেত। এই সংকেতে ভাৰত আজি বিশ্ব অৰ্থনীতিৰ বিকাশৰ চালিকাশক্তি হৈ পৰাৰ বাৰ্তা প্ৰদান কৰিছে। তেওঁ কয় যে এই পৰিসংখ্যা এনে এটা প্ৰকাশ পাইছে, যেতিয়া বিশ্বৰ বিকাশ প্ৰায় তিনি শতাংশ আৰু জি-৭ৰ অৰ্থনীতিৰ গড় প্ৰায় ডেৰ শতাংশ হৈছে। এনে পৰিস্থিতিত ভাৰতে অধিক বিকাশ আৰু নিম্ন মুদ্ৰাস্ফীতিৰ আৰ্হি হিচাপে আত্মপ্ৰকাশ কৰা বুলি তেওঁ উল্লেখ কৰে। শ্ৰী মোদীয়ে কয় যে এটা সময় আছিল যেতিয়া অৰ্থনীতিবিদসকলে উচ্চ মুদ্ৰাস্ফীতিক লৈ উদ্বেগ প্ৰকাশ কৰিছিল, কিন্তু আজি একেখিনি অৰ্থনীতিবিদেই নিম্ন মুদ্ৰাস্ফীতিৰ কথা কৈছে।

 

ভাৰতৰ সাফল্যসমূহ সাধাৰণ নহয় নতুবা এয়া কেৱল পৰিসংখ্যাৰ বিষয় নহয়, বৰঞ্চ বিগত দশকত ৰাষ্ট্ৰখনে সাধন কৰা এক মৌলিক পৰিৱৰ্তনক প্ৰতিনিধিত্ব কৰিছে বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীয়ে কয় যে এই মৌলিক পৰিৱৰ্তন হৈছে স্থিতিস্থাপকতাৰ বিষয়ে, সমস্যাৰ সমাধান বিচাৰি উলিওৱাৰ প্ৰৱণতাৰ বিষয়ে, আশংকাৰ ডাৱৰ আঁতৰোৱা আৰু আকাংক্ষা সম্প্ৰসাৰণৰ বিষয়ে। তেওঁ লগতে কয় যে ইয়াৰ ফলশ্ৰুতিত আজিৰ ভাৰতে নিজকে ৰূপান্তৰিত কৰিছে আৰু আগন্তুক ভৱিষ্যতকো ৰূপান্তৰিত কৰিছে।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ট্ৰেন্সফৰ্মিং টুম’ৰ’ৰ বিষয়ে আলোচনা কৰাৰ সময়ত হৃদয়ংগম কৰিব লাগিব যে পৰিৱৰ্তনৰ প্ৰতি থকা আস্থা আজি অব্যাহত কামৰ শক্তিশালী ভেটিৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে। আজিৰ সংস্কাৰ আৰু আজিৰ প্ৰদৰ্শনে কাইলৈৰ পৰিৱৰ্তনৰ পথ প্ৰশস্ত কৰিছে বুলি তেওঁ কয়।

চৰকাৰে কাম কৰি থকা পন্থাৰ ওপৰত আলোকপাত কৰি শ্ৰী মোদীয়ে উল্লেখ কৰে যে ভাৰতৰ সম্ভাৱনাৰ এক বৃহৎ অংশ দীৰ্ঘদিন ধৰি অন্বেষণ নকৰাকৈ আছিল। তেওঁ কয় যে এই অনাবৃত সম্ভাৱনাই অধিক সুযোগ লাভ, ই ৰাষ্ট্ৰৰ উন্নয়নত সম্পূৰ্ণৰূপে আৰু কোনো বাধা নোহোৱাকৈ অংশগ্ৰহণ কৰা মাত্ৰেকে দেশৰ ৰূপান্তৰ নিশ্চিত। প্ৰধানমন্ত্ৰীয়ে পূব ভাৰত, উত্তৰ-পূৰ্বাঞ্চল, গাঁও, টায়াৰ-টু আৰু টায়াৰ-থ্ৰী চহৰ, নাৰী শক্তি, উদ্ভাৱনী যুৱক-যুৱতী, সামুদ্ৰিক শক্তি আৰু সুনীল অৰ্থনীতি আৰু মহাকাশ খণ্ড সন্দৰ্ভত চিন্তা-চৰ্চা কৰিবলৈ আহ্বান জনায় আৰু ইয়াৰ সম্পূৰ্ণ সম্ভাৱনাক বিগত দশকসমূহত ব্যৱহাৰ কৰা হোৱা নাছিল বুলি উল্লেখ কৰে। তেওঁ কয় যে আজি ভাৰতে এই অনাবৃত সম্ভাৱনাক অন্বেষণ কৰাৰ দৃষ্টিভংগীৰে কাম কৰি আছে। শ্ৰী মোদীয়ে আৰু উল্লেখ কৰে যে পূব ভাৰতত আধুনিক আন্তঃগাঁথনি, যোগাযোগ ব্যৱস্থা আৰু উদ্যোগত অভূতপূৰ্বভাৱে বিনিয়োগ কৰা হৈছে। তেওঁ কয় যে গাঁও আৰু সৰু চহৰসমূহক আধুনিক সুবিধাৰে সজ্জিত কৰা হৈছে, সৰু চহৰসমূহ ষ্টাৰ্টআপ আৰু এমএছএমই-ৰ বাবে নতুন কেন্দ্ৰলৈ পৰিণত হৈছে। গাঁৱৰ কৃষকসকলে বিশ্বৰ বজাৰৰ সৈতে প্ৰত্যক্ষভাৱে সংযোগ স্থাপন কৰিবলৈ এফপিঅ’ গঠন কৰিছে।

“ভাৰতৰ নাৰী শক্তিয়ে অসাধ্য সাধন কৰিছে, আমাৰ কন্যাই আজি প্ৰতিটো ক্ষেত্ৰতে পাৰদৰ্শিতা দেখুৱাইছে” বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীয়ে কয় যে এই ৰূপান্তৰ এতিয়া কেৱল নাৰী সবলীকৰণতে সীমাবদ্ধ হৈ থকা নাই, বৰঞ্চ সমাজৰ মানসিকতা আৰু শক্তি উভয়কে ৰূপান্তৰিত কৰিছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে নতুন সুযোগ সৃষ্টি আৰু বাধা দূৰ হোৱা মাত্ৰেকে নতুন শিখৰত আৰোহণ কৰিব পাৰি। পূৰ্বে চৰকাৰী নিয়ন্ত্ৰণত থকা ভাৰতৰ মহাকাশ খণ্ডৰ উদাহৰণ দি শ্ৰী মোদীয়ে উল্লেখ কৰে যে মহাকাশ খণ্ড ব্যক্তিগত খণ্ডৰ বাবে মুকলি কৰিবলৈ সংস্কাৰ সাধন কৰা হৈছিল। ইয়াৰ ফল এতিয়া ৰাষ্ট্ৰৰ বাবে দৃশ্যমান হৈছে। তেওঁ উল্লেখ কৰে যে মাত্ৰ ১০–১১ দিন পূৰ্বে তেওঁ হায়দৰাবাদত স্কাইৰুটৰ ইনফিনিটি কেম্পাছ উদ্বোধন কৰিছিল। তেওঁ উল্লেখ কৰে যে ভাৰতীয় ব্যক্তিগত মহাকাশ কোম্পানী স্কাইৰুটে প্ৰতিমাহে এটাকৈ ৰকেট নিৰ্মাণৰ ক্ষমতাৰ দিশত কাম কৰি আছে আৰু উৎক্ষেপণৰ বাবে সাজু বিক্ৰম-১ বিকশিত কৰি আছে। প্ৰধানমন্ত্ৰীয়ে চৰকাৰে এই মঞ্চ প্ৰদান কৰা বুলি মন্তব্য কৰি ভাৰতৰ যুৱক-যুৱতীসকলে ইয়াৰ ওপৰত নতুন ভৱিষ্যৎ গঢ়ি তুলিছে বুলি উল্লেখেৰে এয়াই প্ৰকৃত পৰিৱৰ্তন বুলি দৃঢ়তাৰে কয়।

ভাৰতৰ আন এক পৰিৱৰ্তন আলোচনাৰ যোগ্য বুলি উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে এটা সময় আছিল যেতিয়া সংস্কাৰ প্ৰতিক্ৰিয়াশীল আছিল, হয় ৰাজনৈতিক স্বাৰ্থৰ দ্বাৰা বা সংকট পৰিচালনাৰ প্ৰয়োজনীয়তাৰ দ্বাৰা পৰিচালিত আছিল। তেওঁ কয় যে কিন্তু আজি ৰাষ্ট্ৰীয় লক্ষ্যৰ প্ৰতি লক্ষ্য ৰাখি সংস্কাৰ হাতত লোৱা হৈছে। প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰতিটো খণ্ডৰে অগ্ৰগতি ঘটিছে, ভাৰতৰ গতি স্থিৰ হৈ আছে, ইয়াৰ দিশ সুসংগত আৰু ইয়াৰ উদ্দেশ্য ৰাষ্ট্ৰ প্ৰথমেৰে বদ্ধমূল। তেওঁ উল্লেখ কৰে যে ২০২৫ বৰ্ষটো এনে সংস্কাৰ সাধনৰ বছৰ, য’ত আটাইতকৈ উল্লেখযোগ্য সংস্কাৰ হৈছে পৰৱৰ্তী প্ৰজন্মৰ জিএছটি। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে এই সংস্কাৰৰ প্ৰভাৱ সমগ্ৰ দেশতে প্ৰত্যক্ষ হৈছে। তেওঁ আৰু মন্তব্য কৰে যে এইবাৰ প্ৰত্যক্ষ কৰ ব্যৱস্থাতো এক বৃহৎ সংস্কাৰ সাধন কৰা হৈছে, ১২ লাখ টকা পৰ্য্যন্ত আয়ত কৰ শূন্য, যিটো পদক্ষেপ এটা দশক পূৰ্বে কল্পনাও কৰিব নোৱাৰা আছিল।

 

সংস্কাৰৰ ধাৰাবাহিকতা অব্যাহত ৰখাৰ কথা উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে মাত্ৰ তিনি-চাৰি দিন পূৰ্বে ক্ষুদ্ৰ কোম্পানীৰ সংজ্ঞা সংশোধন কৰা হৈছিল। তেওঁ কয় যে ফলত এতিয়া হাজাৰ-হাজাৰ কোম্পানী সহজ নিয়ম, দ্ৰুত প্ৰক্ৰিয়া আৰু উন্নত সুবিধাৰ পৰিসৰৰ অধীনলৈ আহিছে। প্ৰধানমন্ত্ৰীয়ে আৰু উল্লেখ কৰে যে বাধ্যতামূলক গুণগত নিয়ন্ত্ৰণ আদেশৰ পৰাও প্ৰায় ২০০ টা সামগ্ৰীৰ শিতান আঁতৰোৱা হৈছে।

প্ৰধানমন্ত্ৰীয়ে কয়, “ভাৰতৰ আজিৰ যাত্ৰা কেৱল উন্নয়নৰ কথাই নহয়, বৰঞ্চ মানসিকতাৰ পৰিৱৰ্তন, মানসিক নৱজাগৰণৰো কথা।“ তেওঁ কয় যে আত্মবিশ্বাস অবিহনে কোনো ৰাষ্ট্ৰ আগবাঢ়িব নোৱাৰে আৰু দুৰ্ভাগ্যজনকভাৱে দীৰ্ঘ বছৰ ধৰি চলি অহা ঔপনিৱেশিক শাসনে তথা ঔপনিৱেশিক মানসিকতাই ভাৰতৰ আস্থাক প্ৰভাৱিত কৰিছিল। প্ৰধানমন্ত্ৰীয়ে কয় যে এই ঔপনিৱেশিক মানসিকতা উন্নত ভাৰতৰ লক্ষ্যত উপনীত হোৱাত এক পৰম বাধা হৈ আহিছিল আৰু সেয়েহে আজিৰ ভাৰতে ইয়াৰ পৰা নিজকে মুক্ত কৰিবলৈ কাম কৰি আছে।

ইংৰাজে ভালদৰে জানিছিল যে ভাৰতত দীৰ্ঘদিন শাসন কৰিবলৈ হ’লে ভাৰতীয়সকলৰ আত্মবিশ্বাস কাঢ়ি ল’ব লাগিব আৰু হীনমান্যতাৰ ভাৱ জগাই তুলিব লাগিব। তেওঁলোকে সেই যুগত তাকেই কৰিছিল বুলি উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে ভাৰতীয় পৰিয়ালৰ গাঁথনিসমূহক পুৰণি বুলি কোৱা হৈছিল, ভাৰতীয় সাজ-পোছাকক অপেছাদাৰী বুলি অভিহিত কৰা হৈছিল, ভাৰতীয় উৎসৱ আৰু সংস্কৃতিক অযুক্তিকৰ বুলি অভিহিত কৰা হৈছিল, যোগ আৰু আয়ুৰ্বেদক অবৈজ্ঞানিক বুলি উলাই কৰা হৈছিল আৰু ভাৰতীয় উদ্ভাৱনসমূহ তথা ভাৰতীয় আৱিষ্কাৰক অবৈজ্ঞানিক বুলি উপহাস কৰা হৈছে। তেওঁ উল্লেখ কৰে যে এই ধাৰণাসমূহ বাৰে-বাৰে প্ৰচাৰ কৰা, শিকোৱা আৰু দশক-দশক ধৰি ইয়াক শক্তিশালী কৰি তোলা হৈছিল। ইয়াৰ পৰিণতিত ভাৰতীয় আত্মবিশ্বাস ছিন্নভিন্ন হৈ পৰিছিল।

ঔপনিৱেশিক মানসিকতাৰ ব্যাপক প্রভাৱ সন্দর্ভত মন্তব্য কৰি শ্রী মোদীয়ে কয় যে আজি ভাৰত বিশ্বৰ সৰ্বাধিক দ্ৰুত-বৰ্ধমান অৰ্থনীতি হৈ পৰিছে, বিশ্বৰ বিকাশৰ ইঞ্জিন আৰু বিশ্বৰ পাৱাৰহাউছ হিচাপে পৰিগণিত হৈছে। এইদৰে ভাৰতে এটাৰ পিছত আনটো কৃতিত্ব অৰ্জন কৰিছে। তেওঁ কয় যে আজি ভাৰতৰ দ্ৰুত বৃদ্ধিৰ পিছতো কোনেও ইয়াক ‘হিন্দুৰ বৃদ্ধিৰ হাৰ’ বুলি উল্লেখ কৰা নাই। তেওঁ কয় যে ভাৰতে দুইৰ পৰা তিনি শতাংশ বৃদ্ধিৰ হাৰৰ বাবে সংগ্ৰাম কৰি থকাৰ সময়ত এই শব্দটো ব্যৱহাৰ কৰা হৈছিল। প্ৰধানমন্ত্ৰীয়ে প্ৰশ্ন উত্থাপন কৰে যে দেশ এখনৰ অৰ্থনৈতিক বিকাশক জনসাধাৰণৰ ধৰ্ম বা পৰিচয়ৰ সৈতে সংযোগ কৰাটো অজানিতে হ’ব পাৰিলেহেঁতেন নে, ইয়াৰ পৰিৱৰ্তে এয়া ঔপনিৱেশিক মানসিকতাৰ প্ৰতিফলন বুলি দৃঢ়তাৰে কয়। তেওঁ মন্তব্য কৰে যে সমগ্ৰ সমাজ আৰু পৰম্পৰাক অনুত্পাদনশীলতা আৰু দৰিদ্ৰতাৰ সৈতে সমান কৰা হৈছিল, ভাৰতৰ লেহেমীয়া বৃদ্ধি যে হিন্দু সভ্যতা আৰু সংস্কৃতিৰ বাবেই হৈছে সেই কথা প্ৰমাণ কৰাৰ প্ৰয়াস কৰা হৈছিল। শ্ৰী মোদীয়ে এই বিড়ম্বনাৰ কথা উল্লেখেৰে কয় যে যিসকল তথাকথিত বুদ্ধিজীৱীয়ে সকলোতে সাম্প্ৰদায়িকতা বিচাৰি পাইছিল, তেওঁলোকে তেওঁলোকৰ যুগত গ্ৰন্থ আৰু গৱেষণা পত্ৰৰ অংশ কৰি তোলা হিন্দুৰ বৃদ্ধিৰ হাৰ শব্দটোত সাম্প্ৰদায়িকতা দেখাত ব্যৰ্থ হৈছিল।

 

প্ৰধানমন্ত্ৰী মোদীয়ে ঔপনিৱেশিক মানসিকতাই ভাৰতৰ উৎপাদন পৰিবেশ তন্ত্ৰক ধ্বংস কৰি পেলাইছিল বুলি মন্তব্য কৰি ৰাষ্ট্ৰখনে ইয়াক কেনেকৈ পুনৰুজ্জীৱিত কৰিছে সেই বিষয়ে ব্যাখ্যা কৰে। তেওঁ কয় যে ঔপনিৱেশিক কালতো ভাৰত অস্ত্ৰ আৰু গোলাবাৰুদৰ প্ৰধান উৎপাদনকাৰী দেশ আছিল, অস্ত্ৰ-শস্ত্ৰ কাৰখানাৰ শক্তিশালী নেটৱৰ্ক আছিল, অস্ত্ৰ-শস্ত্ৰ ৰপ্তানি কৰিছিল আৰু বিশ্বযুদ্ধত ইয়াৰ ব্যাপক ব্যৱহাৰ আছিল। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে স্বাধীনতাৰ পিছত প্ৰতিৰক্ষা উৎপাদন পৰিবেশ তন্ত্ৰ ধ্বংস হৈ পৰিছিল, কিয়নো ঔপনিৱেশিক মানসিকতাৰে চৰকাৰত থকাসকলে ভাৰতত নিৰ্মিত অস্ত্ৰ-শস্ত্ৰৰ মূল্য কম কৰি দেশখনক বিশ্বৰ অন্যতম বৃহৎ প্ৰতিৰক্ষা আমদানিকাৰীলৈ ৰূপান্তৰিত কৰিছিল।

যুগ-যুগ ধৰি ভাৰতৰ এক প্ৰধান কেন্দ্ৰ হৈ থকা জাহাজ নিৰ্মাণ উদ্যোগকো একে মানসিকতাই প্ৰভাৱিত কৰিছিল বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীয়ে কয় যে পাঁচ-ছয় দশকৰ আগতেও ভাৰতৰ চল্লিশ শতাংশ বাণিজ্য ভাৰতীয় জাহাজত সম্পন্ন হৈছিল, কিন্তু ঔপনিৱেশিক মানসিকতাই বিদেশী জাহাজক অগ্ৰাধিকাৰ দিছিল। তেওঁ মন্তব্য কৰে যে ইয়াৰ ফল স্পষ্ট, কিয়নো এসময়ত সামুদ্ৰিক শক্তিৰ বাবে পৰিচিত ৰাষ্ট্ৰ এখন ৯৫ শতাংশ বাণিজ্যৰ বাবে বিদেশী জাহাজৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিছিল। ইয়াৰ ফলত ভাৰতে আজি বিদেশী জাহাজ কোম্পানীক বছৰি প্ৰায় ৭৫ বিলিয়ন ডলাৰ বা প্ৰায় ছয় লাখ কোটি টকা দিবলগীয়া হৈছে।

“জাহাজ নিৰ্মাণেই হওক বা প্ৰতিৰক্ষা উৎপাদনেই হওক, আজি প্ৰতিটো খণ্ডই ঔপনিৱেশিক মানসিকতা পৰিহাৰেৰে নতুন গৌৰৱ অৰ্জন কৰিবলৈ চেষ্টা কৰিছে”, প্ৰধানমন্ত্ৰীয়ে কয়।

শ্ৰী মোদীয়ে কয় যে ঔপনিৱেশিক মানসিকতাই ভাৰতৰ শাসন পদ্ধতিৰ যথেষ্ট ক্ষতি কৰিছিল। তেওঁ কয় যে আগতে জনসাধাৰণে নিজৰ নথি-পত্ৰ চৰকাৰী বিষয়াৰ জৰিয়তে প্ৰমাণিত কৰিব লাগিছিল যদিও এতিয়া এই অনাস্থা দূৰ কৰি আত্মপ্ৰমাণেই যথেষ্ট বুলি মানি লোৱা হৈছে।

দেশত এনে কিছুমান বিধান আছিল য’ত সৰু-সৰু ভুলকো গুৰুতৰ অপৰাধ হিচাপে গণ্য কৰা হৈছিল বুলি উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে ইয়াক সলনি কৰিবলৈ জন-বিশ্বাস আইন প্ৰৱৰ্তন কৰা হৈছে। ইয়াৰ জৰিয়তে এনে শ-শ বিধানক অপৰাধমুক্ত কৰা হ’ল। তেওঁ আৰু উল্লেখ কৰে যে ইয়াৰ পূৰ্বে এক হাজাৰ টকাৰ ঋণৰ বাবেও বেংকসমূহে অত্যধিক অনাস্থাৰ বাবে নিশ্চয়তা দাবী কৰিছিল। প্ৰধানমন্ত্ৰীয়ে কয় যে এনে অবিশ্বাস মুদ্ৰা যোজনাৰ জৰিয়তে দূৰ হ’ল। ইয়াৰ অধীনত এতিয়ালৈকে ৩৭ লাখ কোটি টকাৰ নিশ্চয়তামুক্ত ঋণ দিয়া হৈছে। তেওঁ মন্তব্য কৰে যে এই ধনেৰে নিশ্চয়তা হিচাপে দিবলৈ নথকা পৰিয়ালৰ যুৱক-যুৱতীসকলক আস্থা প্ৰদান কৰা হৈছে, যাৰ ফলত তেওঁলোক উদ্যোগী হ’বলৈ সক্ষম হৈছে।

দেশত সদায় বিশ্বাস কৰা হৈছিল যে এবাৰ চৰকাৰক কিবা এটা দিয়া হ’লে সেয়া একমুখী হয় আৰু একো ঘূৰি নাহে বুলি উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে যেতিয়া চৰকাৰ আৰু জনসাধাৰণৰ মাজত আস্থা দৃঢ় হয়, তেতিয়া আন এক অভিযানৰ জৰিয়তে ইয়াৰ ফল স্পষ্ট হৈ পৰে। প্ৰধানমন্ত্ৰীয়ে কয় এটা কথা জানি আচৰিত হ’ব যে বেংকত ৭৮ হাজাৰ কোটি টকা দাবীহীন, ১৪ হাজাৰ কোটি টকা বীমা কোম্পানীত, তিনি হাজাৰ কোটি টকা মিউচুৱেল ফাণ্ড কোম্পানীত আৰু ৯ হাজাৰ কোটি টকা লভ্যাংশ, এই সকলোবোৰ দাবীহীন। তেওঁ কয় যে এই ধন দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ। সেয়েহে চৰকাৰে ইয়াক নিজৰ সঠিক মালিকক ঘূৰাই দিবলৈ কাম কৰি আছে। শ্ৰী মোদীয়ে আৰু উল্লেখ কৰে যে এই উদ্দেশ্যে বিশেষ শিবিৰ আৰম্ভ কৰা হৈছে আৰু এতিয়ালৈকে প্ৰায় ৫০০ জিলাত এনে শিবিৰে উপযুক্ত হিতাধিকাৰীক হাজাৰ-হাজাৰ কোটি টকা ঘূৰাই দিছে।

 

এয়া কেৱল সম্পত্তি ঘূৰাই পোৱাৰ কথা নহয়, বিশ্বাসৰ কথা, জনসাধাৰণৰ আস্থা অহৰহ অৰ্জনৰ প্ৰতিশ্ৰুতিৰ কথা বুলি উল্লেখেৰে শ্ৰী মোদীয়ে লগতে কয় যে জনসাধাৰণৰ আস্থাই হৈছে ৰাষ্ট্ৰৰ প্ৰকৃত মূলধন আৰু ঔপনিৱেশিক মানসিকতাৰ অধীনত এনে অভিযান কেতিয়াও সম্ভৱ হ’ব নোৱাৰিলেহেঁতেন।

“প্ৰতিটো ক্ষেত্ৰতে ৰাষ্ট্ৰখন ঔপনিৱেশিক মানসিকতাৰ পৰা সম্পূৰ্ণৰূপে মুক্ত হ’ব লাগিব”, প্ৰধানমন্ত্ৰীয়ে কয়। তেওঁ কয় যে মাত্ৰ কেইদিনমানৰ আগতে তেওঁ দেশৰ ওচৰত আবেদন জনাইছিল, সকলোকে দহ বছৰৰ সময়সীমাৰে কাম কৰিবলৈ আহ্বান জনাইছিল। শ্ৰী মোদীয়ে আৰু উল্লেখ কৰে যে ভাৰতত মানসিক দাসত্বৰ বীজ সিঁচা মাকাউলেৰ নীতিয়ে ২০৩৫-ত ২০০ বছৰ সম্পূৰ্ণ কৰিব, অৰ্থাৎ দহ বছৰ বাকী আছে। তেওঁ কয় যে এই দহ বছৰৰ ভিতৰত সকলো নাগৰিকে নিশ্চিত কৰিব লাগিব যে দেশখন ঔপনিৱেশিক মানসিকতাৰ পৰা মুক্ত হৈছে।

“ভাৰত কেৱল নিৰ্দিষ্ট পথ অনুসৰণ কৰা ৰাষ্ট্ৰ নহয়। এটা উন্নত ভৱিষ্যতৰ বাবে দিগন্তক সম্প্ৰসাৰণ কৰিব লাগিব”, প্ৰধানমন্ত্ৰীয়ে কয়। তেওঁ দেশৰ ভৱিষ্যতৰ প্ৰয়োজনীয়তাসমূহ বুজিব পৰা আৰু বৰ্তমান সময়ত সমাধান বিচাৰি উলিওৱাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে এই কাৰণেই তেওঁ প্ৰায়ে মেক ইন ইণ্ডিয়া আৰু আত্মনিৰ্ভৰ ভাৰত অভিযানৰ বিষয়ে কয়। তেওঁ কয় যে যদি চাৰি-পাঁচ দশকৰ আগতে এনে পদক্ষেপ আৰম্ভ হ’লহেঁতেন তেন্তে আজিৰ ভাৰতৰ পৰিস্থিতি বহুত বেলেগ হ’লহেঁতেন। শ্ৰী মোদীয়ে অৰ্ধপৰিবাহী খণ্ডৰ উদাহৰণ দাঙি ধৰি উল্লেখ কৰে যে পাঁচৰ পৰা ছয় দশকৰ আগতে এটা কোম্পানীয়ে ভাৰতত অৰ্ধপৰিবাহী উদ্যোগ স্থাপনৰ বাবে আগবাঢ়ি আহিছিল যদিও উপযুক্ত গুৰুত্ব দিয়া হোৱা নাছিল, যাৰ ফলত অৰ্ধপৰিবাহী নিৰ্মাণৰ ক্ষেত্ৰত ভাৰত পিছ পৰি ৰৈছিল।

প্ৰধানমন্ত্ৰীয়ে আৰু মন্তব্য কৰে যে শক্তি খণ্ডতো একেধৰণৰ পৰিস্থিতি হৈছিল। তেওঁ কয় যে ভাৰতে বৰ্তমান বছৰি প্ৰায় ১২৫ লাখ কোটি টকাৰ পেট্ৰ’ল, ডিজেল আৰু গেছৰ আমদানি কৰে। তেওঁ কয় যে প্ৰচুৰ সূৰ্য্যৰ পোহৰেৰে দেশখন ধন্য হোৱাৰ পিছতো ২০১৪-লৈকে ভাৰতৰ সৌৰশক্তি উৎপাদন ক্ষমতা আছিল মাত্ৰ ৩ গিগাৱাট। তেওঁ কয় যে যোৱা দহ বছৰত এই ক্ষমতা প্ৰায় ১৩০ গিগাৱাটলৈ বৃদ্ধি পাইছে, কেৱল ছাদৰ ওপৰৰ সৌৰ শক্তিৰ জৰিয়তেই ২২ গিগাৱাট যোগ হৈছে।

শ্ৰী মোদীয়ে মন্তব্য কৰে যে প্ৰধানমন্ত্ৰী সূৰ্য্য ঘৰ মুফ্ট বিজুলী যোজনাই শক্তি সুৰক্ষাৰ অভিযানত নাগৰিকসকলক প্ৰত্যক্ষভাৱে অংশগ্ৰহণৰ সুবিধা প্ৰদান কৰিছে। বাৰাণসীৰ সাংসদ হিচাপে তেওঁ স্থানীয় পৰিসংখ্যাৰ উদ্ধৃতি দিব পাৰে বুলি উল্লেখেৰে বাৰাণসীৰ ২৬ হাজাৰৰো অধিক পৰিয়ালে এই আঁচনিৰ অধীনত সৌৰ প্ৰকল্প স্থাপন কৰিছে বুলি কয়। তেওঁ কয় যে এই ইনষ্টলেচনসমূহে দৈনিক তিনি লাখ ইউনিটৰো অধিক বিদ্যুৎ উৎপাদন কৰি আছে, যাৰ ফলত প্ৰতিমাহে জনসাধাৰণৰ প্ৰায় পাঁচ কোটি টকা ৰাহি হৈছে। এই সৌৰশক্তি উৎপাদনে বছৰি প্ৰায় ৯০ হাজাৰ মেট্ৰিক টন কাৰ্বন নিৰ্গমন হ্ৰাস কৰি আছে। ইয়াৰ ক্ষতিপূৰণৰ বাবে অন্যথা চল্লিশ লাখৰো অধিক গছপুলি ৰোপণ কৰিব লাগিব বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁ কেৱল বাৰাণসীৰ পৰিসংখ্যাহে দাঙি ধৰিছে। তেওঁ আঁচনিখনৰ অপৰিসীম ৰাষ্ট্ৰীয় লাভৰ ওপৰত চিন্তা-চৰ্চা কৰিবলৈ আহ্বান জনায়। তেওঁ মন্তব্য কৰে যে এয়া হৈছে একক পদক্ষেপত ভৱিষ্যতক ৰূপান্তৰিত কৰাৰ ক্ষমতা নিহিত থকাৰ উদাহৰণ।

শ্ৰী মোদীয়ে আঙুলিয়াই দিয়ে যে ২০১৪-ৰ আগতে ভাৰতে নিজৰ ৭৫ শতাংশ ম’বাইল ফোন আমদানি কৰিছিল, আনহাতে আজি ম’বাইল ফোন আমদানি প্ৰায় শূন্যলৈ হ্ৰাস পাইছে আৰু দেশখন প্ৰধান ৰপ্তানিকাৰী হিচাপে পৰিগণিত হৈছে। তেওঁ কয় যে ২০১৪-ৰ পিছত সংস্কাৰ সাধনৰ ক্ষেত্ৰত ৰাষ্ট্ৰই কাম কৰিছিল আৰু ইয়াৰ ৰূপান্তৰশীল ফলাফল এতিয়া বিশ্বই প্ৰত্যক্ষ কৰিছে।

টেন্সফৰ্মিং টুম’ৰ’ৰ যাত্ৰা অসংখ্য আঁচনি, নীতি, সিদ্ধান্ত, জনআকাংক্ষা, জনসাধাৰণৰ অংশগ্ৰহণৰ যাত্ৰা বুলি উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে এয়া এক ধাৰাবাহিকতাৰ যাত্ৰা। কেৱল এখন সন্মিলনৰ আলোচনাতে এয়া সীমাবদ্ধ নহয়, বৰঞ্চ ভাৰতৰ বাবে এক ৰাষ্ট্ৰীয় সংকল্প। এই সংকল্পত সকলোৰে সহযোগিতা আৰু সামূহিক প্ৰচেষ্টা অতিশয় প্ৰয়োজনীয় বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভাষণৰ সামৰণি মাৰে আৰু তেওঁ পুনৰবাৰ সকলোৰে প্ৰতি গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰে।

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s Defence Exports Explode: ₹40,000 Crore Milestone Signals a New Manufacturing Era

Media Coverage

India’s Defence Exports Explode: ₹40,000 Crore Milestone Signals a New Manufacturing Era
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Text of PM’s remarks during inauguration of Swaminarayan Hindu Temple in Paris
September 06, 2026

पूज्य महंत स्वामी, फ्रांस सरकार के सम्मानित प्रतिनिधिगण, उपस्थित अतिथिगण, इंडियन कम्युनिटी के मेरे साथी, देश दुनिया से जुड़े सभी हरि भक्त, देवियों और सज्जनों, जय स्वामीनारायण!

आज फ्रांस की राजधानी पेरिस में भव्य स्वामीनारायण मंदिर का लोकार्पण हो रहा है। यह लोकार्पण भारत और फ्रांस के सांस्कृतिक संबंधों का नया युग स्तंभ है। पूज्य संत जनों और सनातन परंपरा के श्रेष्ठ जनों के आशीर्वाद के साथ आज इस लोकार्पण का मंच ‘वसुधैव कुटुम्बकम’ के भाव का मंच बन गया है। भगवान स्वामीनारायण की कृपा और हमारे संतों का स्नेह, संतों का आशीर्वाद, मेरा सौभाग्य है कि मुझे ऐसे पुण्य अवसरों से जुड़ने का अवसर हमेशा मिलता रहता है। आज भी मैं भले ही पेरिस में आप सबके बीच उपस्थित नहीं हूं, लेकिन मन से और हृदय से, मैं स्वयं को आपके बीच ही अनुभव कर रहा हूं।

साथियों,

आज इस अवसर पर मैं परम पूज्य प्रमुख स्वामी जी महाराज का भी श्रद्धापूर्वक स्मरण करता हूं। प्राचीन काल में भारत का जो सांस्कृतिक आध्यात्मिक वैभव था, उन्होंने उसके पुनर्जागरण का एक अभियान शुरू किया था। आज उसका प्रकाश यूरोप समेत पूरी दुनिया में फैल रहा है। 2024 में अबू धाबी में भव्य मंदिर का लोकार्पण हुआ था। आज वहां हजारों लोग दर्शन करने जाते हैं और अब यहां पेरिस में स्वामीनारायण मंदिर का निर्माण सृजन की यह निरंतरता, यह संतों की संकल्प शक्ति का ही प्रमाण है। मैं पुनीत कार्य के लिए पूज्य महंत स्वामी का आभार प्रकट करता हूं, मैं उनके चरणों में प्रणाम करता हूं। मैं BAPS स्वामीनारायण संस्था को और करोड़ों हरि भक्तों को इस अवसर पर हृदय की गहराई से बधाई देता हूं।

साथियों,

BAPS के माध्यम से जब अलग-अलग देश में मंदिरों की प्राण प्रतिष्ठा होती है, तो वहां भारत के प्राचीन विचार और मानवीय मूल्य भी साथ-साथ ही जाते हैं और भारत का विचार कहता है ‘समानं मनः सह चित्तमेषाम्’ अर्थात हमारे मन समान हो, हमारे हृदय साथ जुड़े। इसलिए आज जब फ्रांस में इतना भव्य मंदिर बनकर तैयार हुआ है, यह फ्रांस की विविधता को तो समृद्ध करेगा ही, इससे भारत और फ्रांस के सांस्कृतिक संबंधों को भी ऊर्जा मिलेगी।

साथियों,

बीते वर्षों में भारत और फ्रांस के संबंध नई ऊंचाइयों तक पहुंचे हैं। मेरे मित्र, प्रेसिडेंट मैक्रों के साथ मिलकर दोनों देश एक Special Global Strategic Partnership बना रहे हैं। Technology, AI और Defence से लेकर Space और Climate Action तक हम एक नई गति और नई ऊर्जा के साथ मिलकर के आगे बढ़ रहे हैं। हम 2026 को India-France Year of Innovation के रूप में भी सेलिब्रेट कर रहे हैं। भारत-फ्रांस की ये Strategic Partnership इसलिए भी खास है, क्योंकि ये हमारे पुराने सांस्कृतिक-राजनैतिक सम्बन्धों की मजबूत बुनियाद पर टिकी है। इतिहास गवाह है, फ्रांस में भारतीय सैनिकों के बलिदान का इतिहास आज भी मन-मंदिर में जीवित है। भाषा से जुड़े विषयों में रुचि रखने वाले लोग यह भी जानते हैं कि फ्रेंच स्कॉलर्स ने संस्कृत को लोकप्रिय बनाने में कितनी अहम भूमिका निभाई है। रामकृष्ण परमहंस और स्वामी विवेकानंद पर रोमाँ रोलाँ की की लेखनी हमारी सोसाइटीज़ को और करीब लाई है। पेरिस से पुडुचेरी के अरबिंदो आश्रम तक 'The mother' की spiritual journey, उसने कितने ही भारतीय और फ्रेंच साधकों को inspire किया है।

साथियों,

दशकों पहले श्रील प्रभुपाद स्वामी भी फ्रांस आए थे। इस्कॉन के जरिए भारत फ्रांस के बीच आध्यात्मिक सम्बन्धों का नया अध्याय उन्होंने शुरू किया था। आज योग भी भारत-फ्रांस के people to people कनेक्ट का एक माध्यम बन चुका है। 'इंटरनेशनल योगा डे' पर एफिल टॉवर के सामने से आने वाली तस्वीरें फ्रांस में योग की लोकप्रियता का उदाहरण बनती हैं और अब BAPS के इस भव्य मंदिर के जरिए, हमारे उन सांस्कृतिक सम्बन्धों में एक नया अध्याय जुड़ रहा है।

साथियों,

इन दिनों, भारत फ्रांस Joint Ventures की संभावनाओं पर बातें होती हैं। स्वामीनारायण मंदिर ने इस संभावना में भी एक नया आयाम जोड़ा है। यह मंदिर 'मेड इन इंडिया' है और 'बिल्ट इन फ्रांस' है। इसके काफी पत्थरों को भारत में तराशा गया है। भारत की प्राचीन प्रतिभा यहाँ फ्रांस में आधुनिक इंजीनियरिंग से आकर जुड़ चुकी है। पेरिस में इस भव्य मंदिर ने आकार लिया है। इसलिए, मैं आशा करता हूँ, यह मंदिर सदियों तक भारत और फ्रांस के बीच सहयोग और संभावनाओं का भी प्रतीक बनकर उभरेगा।

साथियों,

स्वामीनारायण मंदिर हमेशा से भक्ति के साथ-साथ सेवा का माध्यम भी रहे हैं। मुझे बताया गया है, यह मंदिर भी सेवा प्रकल्पों का वैसा ही केंद्र बनेगा। मुझे विश्वास है कि यहाँ से भारतीय संस्कृति के जो स्वर निकलेंगे, उनका लाभ पूरे यूरोप में लोगों को मिलेगा। भविष्य में मुझे जब भी समय मिलेगा, मैं इस मंदिर में दर्शन करने का प्रयास अवश्य करूंगा। इन्हीं शब्दों के साथ, एक बार फिर आज के इस लोकार्पण समारोह में सम्मिलित सभी अतिथिगणों को, सभी परिवारों को, सभी हरि भक्तों को और पूरी Indian Diaspora को मेरी ओर से इस शुभारंभ पर्व की ढेरों शुभकामनाएं!

बहुत-बहुत धन्यवाद!

मर्सी बोकू!

जय स्वामीनारायण!