প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি টকিঅ’ত ইণ্ডো-পেচিফিক ইকনমিক ফ্ৰেমৱৰ্ক ফৰ প্ৰচপাৰিটি (IPEF) ৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰে। এই কাৰ্য্যসূচীত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি মহামহিম জোচেফ আৰ. বাইডেন আৰু জাপানৰ প্ৰধানমন্ত্ৰী মহামহিম কিশিদা ফুমিঅ’কে প্ৰমুখ্য কৰি অষ্ট্ৰেলিয়া, ব্ৰুনাই, ইণ্ডোনেছিয়া, কোৰিয়া গণৰাজ্য, মালয়েছিয়া, নিউজিলেণ্ড, ফিলিপাইনছ, ছিংগাপুৰ, থাইলেণ্ড আৰু ভিয়েটনাম আদি অংশীদাৰ দেশৰ নেতাসকলে ভাৰ্চুৱেলভাৱে অংশগ্ৰহণ কৰে।

এই উপলক্ষে প্ৰকাশিত এক যুটীয়া বিবৃতিত আইপিইএফত নিৰ্ধাৰণ কৰা মূল উপাদানসমূহৰ ওপৰত আলোকপাত কৰা হয়।

আইপিইএফে ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলটোত প্ৰাণোচ্ছলতা, বহনক্ষমতা, অন্তৰ্ভুক্তিতা, অৰ্থনৈতিক বিকাশ, সততা আৰু প্ৰতিযোগিতামূলক মনোভাৱ বৃদ্ধিৰ উদ্দেশ্যে অংশগ্ৰহণকাৰী দেশসমূহৰ মাজত অৰ্থনৈতিক অংশীদাৰিত্ব সুদৃঢ় কৰিব বিচাৰে।

এই উদ্বোধনী অনুষ্ঠানত মন্তব্য প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে আইপিইএফ ৰ ঘোষণা হৈছে ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলটোক বৈশ্বিক অৰ্থনৈতিক বিকাশৰ ইঞ্জিন হিচাপে গঢ়ি তোলাৰ এক সামূহিক ইচ্ছাৰ নামান্তৰ মাথোন। ভাৰত ঐতিহাসিকভাৱে ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলটোত বাণিজ্যিক প্ৰবাহৰ কেন্দ্ৰবিন্দু হৈ আহিছে, গুজৰাটৰ লোহতলত বিশ্বৰ আটাইতকৈ পুৰণি বাণিজ্যিক বন্দৰটো আছে। প্ৰধানমন্ত্ৰীয়ে ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলটোৰ অৰ্থনৈতিক প্ৰত্যাহ্বানৰাজিৰে মোকাবিলা কৰিবলৈ উমৈহতীয়া আৰু সৃষ্টিশীল সমাধান সূত্ৰ নিৰ্ণয়ৰ আহ্বান জনায়।

তেখেতে সকলো ভাৰত-প্ৰশান্ত মহাসাগৰীয় দেশৰ সৈতে আইপিইএফৰ বাবে কাম কৰিবলৈ ভাৰতৰ অংগীকাৰৰ কথা ব্যক্ত কৰে যি অন্তৰ্ভুক্তিমূলক আৰু নমনীয় উভয়ে। তেখেতে কয় যে প্ৰাণোচ্ছল যোগান শৃংখলৰ ভেটিটো 3T– যথা বিশ্বাস (Trust), স্বচ্ছতা (Transparency) আৰু সময়োপযোগী (Timeliness) আধাৰিত হ’ব লাগিব।

ভাৰত এটি মুক্ত, মুকলি আৰু সৰ্বাংগীন ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ প্ৰতি অংগীকাৰবদ্ধ আৰু অংশীদাৰসকলৰ মাজত অৰ্থনৈতিক সংযোগ গভীৰ কৰাটো নিৰন্তৰ বিকাশ, শান্তি আৰু সমৃদ্ধিৰ বাবে অতিশয় গুৰুত্বপূৰ্ণ বুলি বিশ্বাস কৰে। আইপিইএফৰ অধীনত অংশীদাৰ দেশসমূহৰ সৈতে সহযোগিতা আৰু আঞ্চলিক অৰ্থনৈতিক সংযোগ, সংহতি আৰু অঞ্চলটোৰ ভিতৰত বাণিজ্য আৰু বিনিয়োগ বৃদ্ধিৰ অৰ্থে কাম কৰিবলৈ ভাৰত আগ্ৰহী।

আজিৰ উদ্বোধনীৰ জৰিয়তে অংশীদাৰ দেশসমূহে অৰ্থনৈতিক সহযোগিতা সুদৃঢ়কৰণ আৰু সহভাজিত লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপেৰে আলোচনা আৰম্ভ কৰিব।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
'BRICS 2026 becomes major Bharat achievement for PM Narendra Modi'

Media Coverage

'BRICS 2026 becomes major Bharat achievement for PM Narendra Modi'
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 15 ছেপ্টেম্বৰ 2026
September 15, 2026

A Mandate of Performance: Civic Wins, IPO Surge and Neighbourly Power Reflect Faith in PM Modi’s Leadership