ওড়িশাই শ শ বছৰ ধৰি ভাৰতীয় সভ্যতা, আমাৰ সংস্কৃতিক সমৃদ্ধ কৰি আহিছে: প্ৰধানমন্ত্ৰী
আজি যিটো সময়ত উন্নয়ন আৰু ঐতিহ্যৰ মন্ত্ৰ ভাৰতৰ প্ৰগতিৰ আধাৰ হৈ পৰিছে, তেতিয়া ওড়িশাৰ ভূমিকা আৰু বিশাল হৈ পৰিছে: প্ৰধানমন্ত্ৰী
বিগত বছৰবোৰত আমি জনজাতীয় সমাজখনক হিংসাৰ পৰা মুক্ত কৰি উন্নয়নৰ নতুন পথত আগুৱাই নিয়াৰ বাবে কাম কৰিছো: প্ৰধানমন্ত্ৰী
একবিংশ শতিকাৰ ভাৰতৰ উন্নয়ন পূব ভাৰতৰ পৰাই ত্বৰান্বিত হবঃ প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভুৱনেশ্বৰত ওড়িশা চৰকাৰৰ এবছৰ সম্পূৰ্ণ হোৱা উপলক্ষ্যে  আয়োজিত অনুষ্ঠানত  সভাপতিত্ব কৰে। ওড়িশাৰ সামগ্ৰিক উন্নয়নৰ প্ৰতি থকা দায়বদ্ধতাৰ সৈতে সংগতি ৰাখি  প্ৰধানমন্ত্ৰীয়ে খোৱাপানী, জলসিঞ্চন, কৃষি আন্তঃগাঁথনি, স্বাস্থ্য আন্তঃগাঁথনি, গ্ৰাম্য পথ আৰু দলং, ৰাষ্ট্ৰীয় ঘাইপথৰ কিছু অংশ, আৰু নতুন ৰে'লপথকে ধৰি জটিল খণ্ডসমূহ সামৰি ১৮,৬০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়ন প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে।

 

এই উপলক্ষে্যে আয়োজিত  সভাত ভাষণ প্ৰদান কৰি  শ্ৰী মোদীয়ে মন্তব্য কৰে যে ২০ জুন এটা অতি বিশেষ দিন,  এই দিনটোতে  ওড়িশাৰ প্ৰথমখন বিজেপি চৰকাৰৰ এবছৰ সম্পূৰ্ণ হৈছে। “এই বৰ্ষপূৰ্তি কেৱল এখন চৰকাৰৰ নহয়, বৰঞ্চ জনসেৱা আৰু জনবিশ্বাসৰ বাবে নিয়োজিত সুশাসন প্ৰতিষ্ঠাৰ” বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে ওড়িশাৰ কোটি কোটি ভোটাৰৰ আশা পূৰণৰ বাবে আন্তৰিক প্ৰচেষ্টা চলাইছে। শ্ৰী মোদীয়ে ওড়িশাবাসীক তেওঁলোকৰ সমৰ্থন আৰু আস্থাৰ বাবে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ মুখ্যমন্ত্ৰী শ্ৰী মোহন চৰণ মাঝি আৰু তেওঁৰ সমগ্ৰ দলটোক তেওঁলোকৰ প্ৰশংসনীয় কামৰ বাবে অভিনন্দন জনাই কয় যে তেওঁলোকৰ এই প্ৰচেষ্টাই ওড়িশাৰ উন্নয়নত  গতি প্ৰদান কৰিছে।

 

 

“ওড়িশা কেৱল এখন ৰাজ্য নহয়, বৰঞ্চ ভাৰতৰ চহকী ঐতিহ্যৰ এক উজ্জ্বল তৰা”, শ্ৰী মোদীয়েকয় যে যুগ যুগ ধৰি ওড়িশাই ভাৰতীয় সভ্যতা আৰু সংস্কৃতিক সমৃদ্ধ কৰি আহিছে। তেওঁ উল্লেখ কৰে যে আজিৰ  দিনত  যেতিয়া উন্নয়ন আৰু ঐতিহ্যৰ মন্ত্ৰ ভাৰতৰ প্ৰগতিৰ ভেটি হৈ পৰিছে, তেতিয়া ওড়িশাৰ ভূমিকা আৰু অধিক তাৎপৰ্যপূৰ্ণ  হৈ  পৰিছে । প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে বিগত এটা বছৰত ওড়িশাই নিজৰ উত্তৰাধিকাৰ সংৰক্ষণৰ সমান্তৰালভাৱে উন্নয়নৰ মন্ত্ৰকো সম্পূৰ্ণ হৃদয়েৰে আকোৱালি লৈছে, ৰাজ্যখনে এই পথত দ্ৰুতগতিত আগবাঢ়িছে বুলি জোৰ দিয়ে।

 

ওড়িশাত  চৰকাৰে প্ৰথম বছৰ সম্পূৰ্ণ কৰাৰ লগে লগে জনসাধাৰণো ভগৱান জগন্নাথৰ ভৱিষ্যৎ ৰথ যাত্ৰাৰ প্ৰস্তুতিত ব্যস্ত হৈ পৰাৰ শুভ ক্ষণৰ  কথা উল্লেখ  কৰি শ্ৰী মোদীয়ে উল্লেখ কৰে যে ভগৱান জগন্নাথ কেৱল পূজাৰ বস্তু নহয় , বৰঞ্চ অপৰিসীম প্ৰেৰণাৰো উৎস। তেওঁ দৃঢ়তাৰে কয় যে প্ৰভুৰ আশীৰ্বাদত শ্ৰী মন্দিৰৰ সৈতে জড়িত বিষয়সমূহো সমাধান হৈছে। কোটি কোটি ভক্তৰ আৱেগক সন্মান জনোৱাৰ বাবে প্ৰধানমন্ত্ৰীয়ে শ্ৰী মোহন মাঝি আৰু তেওঁৰ চৰকাৰক অভিনন্দন জনায়। চৰকাৰ গঠনৰ লগে লগে শ্ৰী মন্দিৰৰ চাৰিওখন গেট মুকলি হোৱা বুলি তেওঁ উল্লেখ  কৰে। শ্ৰী মোদীয়ে আৰু কয় যে মন্দিৰৰ ৰত্ন ভাণ্ডাৰো মুকলি কৰা হৈছে, এই কথাই  স্পষ্ট কৰি দিছে  যে এয়া কোনো  ৰাজনৈতিক বিষয় নহয়,  বৰঞ্চ কোটি কোটি ভক্তৰ বিশ্বাসক স্বীকৃতি দিয়াৰ এক সন্মানজনক কাম। শ্ৰী মোদীয়ে লগতে কয় যে কানাডাত জি-৭ শীৰ্ষ সন্মিলন সম্পূৰ্ণ হোৱাৰ পিছত আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ আমেৰিকা ভ্ৰমণৰ আমন্ত্ৰণ তেওঁ বিনয়েৰে নাকচ কৰে, কিয়নো তেওঁ ইতিমধ্যে আজি ভগৱান জগন্নাথৰ পবিত্ৰ ভূমি ভ্ৰমণ কৰাৰ পৰিকল্পনা কৰিছিল।

 

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে স্বাধীনতাৰ পিছত দশক দশক ধৰি দেশৰ জনসাধাৰণে পূৰ্বৰ শাসন ব্যৱস্থাৰ কুফলৰ সাক্ষী হৈছিল, য’ত সুশাসনৰ অভাৱ আছিল আৰু মানুহৰ জীৱন সহজ  নাছিল । উন্নয়নমূলক প্ৰকল্পত বিলম্ব, বাধা,  পথৰ পৰা নমাই অনা আৰু ব্যাপক দুৰ্নীতিৰ বাবে পূৰ্বৰ শাসন ব্যৱস্থাৰ আৰ্হিক সমালোচনা কৰি শ্ৰী মোদীয়ে উল্লেখ কৰে যে শেহতীয়া বছৰবোৰত দেশখনে আমাৰ উন্নয়ন আৰ্হিৰ ব্যাপক অভিজ্ঞতা লাভ কৰিছে। তেওঁ কয়  যে বিগত দশকত কেইবাখনো ৰাজ্যই প্ৰথমবাৰৰ বাবে বিজেপি চৰকাৰ গঠনৰ সাক্ষী হৈছিল। প্ৰধানমন্ত্ৰীয়ে জোৰ দি কয় যে এই ৰাজ্যসমূহে কেৱল চৰকাৰৰ পৰিৱৰ্তনহে দেখা নাপালে, বৰঞ্চ সামাজিক আৰু অৰ্থনৈতিক পৰিৱৰ্তনৰ নতুন যুগত প্ৰৱেশ কৰিলে।

 

 

 

এদশক আগলৈকে অসমৰ পৰিস্থিতি অতি বেয়া আছিল। অস্থিৰতা,  হিংসা, এই সকলোবোৰ অসমত দেখা গৈছিল। কিন্তু আজি অসম উন্নয়নৰ নতুন পথত আগবাঢ়িছে। বহু দশক ধৰি চলি থকা উগ্ৰপন্থী কাৰ্যকলাপ বন্ধ হৈ গৈছে। আজি অসম দেশৰ আন ৰাজ্যতকৈ আগবাঢ়ি আছে। একেদৰে আন এখন ৰাজ্য ত্ৰিপুৰাৰ কথা উল্লেখ কৰিম। ত্ৰিপুৰাতো দশক দশক ধৰি  বাওঁপন্থী শাসনৰ অন্তত ৰাইজে প্ৰথমবাৰৰ বাবে বিজেপিক সুযোগ দিছে । উন্নয়নৰ প্ৰতিটো  পদক্ষেপতে পিছ পৰি আছিল ত্ৰিপুৰা। আন্তঃগাঁথনিৰ অৱস্থা বেয়া আছিল, চৰকাৰী ব্যৱস্থাত মানুহৰ শুনা নাছিল। হিংসা আৰু দুৰ্নীতিয়ে সকলোকে অশান্তি দিছিল। আৰু যিহেতু বিজেপিয়ে সেৱা কৰাৰ সুযোগ পালে, আজি ত্ৰিপুৰা শান্তি আৰু প্ৰগতিৰ নিদৰ্শন হৈ পৰিছে।

 

ওড়িশাও দশক দশক ধৰি অসংখ্য প্ৰত্যাহ্বানৰ সৈতে যুঁজি অহাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে দৰিদ্ৰ বা কৃষকসকলেও নিজৰ প্ৰাপ্য অধিকাৰ লাভ কৰা নাছিল।

ওড়িশাই  দশক দশক ধৰি বহু সমস্যাৰ সৈতে যুঁজি আছিল। দুখীয়া আৰু কৃষকসকলে সম্পূৰ্ণ অধিকাৰ লাভ কৰিবলৈ সক্ষম নহ’ল। দুৰ্নীতি আৰু ৰেড টেপ প্ৰচলিত আছিল। ওড়িশাৰ আন্তঃগাঁথনিৰ অৱস্থা বেয়া আছিল। ওড়িশাৰ বহু অঞ্চল উন্নয়নৰ ক্ষেত্ৰত পিছ পৰি আছিল। এনে বহু প্ৰত্যাহ্বান ওড়িশাৰ দুৰ্ভাগ্য  হিচাবে পৰিগণিত হৈছিল। বিগত এবছৰত বিজেপি চৰকাৰে এই প্ৰত্যাহ্বানসমূহ সমাধানৰ বাবে সম্পূৰ্ণ শক্তিৰে কাম কৰিছে।

 

 প্ৰধানমন্ত্ৰীয়ে আঙুলিয়াই দিয়ে যে আজি উদ্বোধন আৰু শুভাৰম্ভ কৰা হাজাৰ কোটি মূল্যৰ প্ৰকল্পসমূহে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ সমন্বয়ৰ দৃষ্টিভংগীৰ প্ৰভাৱৰ কথা  প্ৰতিফলিত কৰে। তেওঁ কয় যে এই  আৰ্হিয়ে  ওড়িশাৰ জনসাধাৰণৰ বাবে দুগুণ সুবিধা কঢ়িয়াই আনিছে। এটা উদাহৰণ দি শ্ৰী মোদীয়ে সোঁৱৰাই দিয়ে যে দীৰ্ঘদিন ধৰি ওড়িশাৰ লাখ লাখ দৰিদ্ৰ পৰিয়াল আয়ুষ্মান ভাৰত আঁচনিৰ কভাৰেজৰ বাহিৰত আছিল। তেওঁ উল্লেখ কৰে যে আজি আয়ুষ্মান ভাৰত জন আৰোগ্য যোজনা আৰু গোপাবন্ধু জন আৰোগ্য যোজনা দুয়োটাই একেলগে কাম কৰি আছে। ইয়াৰ ফলত ওড়িশাৰ প্ৰায় ৩ কোটি লোকৰ বিনামূলীয়া চিকিৎসা সুনিশ্চিত হৈছে বুলিও তেওঁ কয়। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে এই সুবিধা কেৱল ওড়িশাৰ ভিতৰৰ চিকিৎসালয়তেই নহয়, সমগ্ৰ দেশৰ অন্যান্য ৰাজ্যত কৰ্মৰতসকলৰ বাবেও উপলব্ধ। তেওঁ উল্লেখ কৰে যে ওড়িশাৰ এই আঁচনিৰ অধীনত এতিয়ালৈকে চিকিৎসা লাভ কৰা ২ লাখ লোকৰ ভিতৰত বহুতে আন এক ডজনৰো অধিক ৰাজ্যত বিনামূলীয়া যত্নৰ সুবিধা লাভ কৰিছে। তেওঁ জোৰ দি কয় যে এনে চিকিৎসাৰ সুবিধা মাত্ৰ এবছৰৰ আগতে কল্পনাতীত আছিল। শ্ৰী মোদীয়ে উল্লেখ কৰে যে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ এই আৰ্হিৰ সংমিশ্ৰণে প্ৰধানমন্ত্ৰী বায়া বন্দনা যোজনাৰ দৰে পদক্ষেপৰ জৰিয়তে অধিক মূল্য কঢ়িয়াই আনিছে। তেওঁ আলোকপাত কৰে যে ওড়িশাত ৭০ বছৰৰ ওপৰৰ ২৩ লাখৰো অধিক জ্যেষ্ঠ নাগৰিকে এতিয়া এই আঁচনিৰ অধীনত ৫ লাখ  টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসাৰ  সুবিধা অৰ্জন কৰিছে।  যিয়ে সাধাৰণ পৰিয়ালৰ ওপৰত স্বাস্থ্যসেৱাৰ বোজা বহু পৰিমাণে হ্ৰাস কৰিছে। একেদৰে প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ইয়াৰ পূৰ্বে ওড়িশাৰ কৃষকসকলে পিএম-কিছান আঁচনিৰ সম্পূৰ্ণ সুবিধা লাভ কৰা নাছিল। তেওঁ উল্লেখ কৰে যে এতিয়া কৃষকসকলে কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰ উভয়ৰে পৰা দুগুণ সুবিধা লাভ কৰিছে

 

চৰকাৰৰ এটা ডাঙৰ কৃতিত্ব হৈছে দুৰ্দশাগ্ৰস্তসকলৰ সৱলীকৰণ। এই বিষয়ত   আলোকপাত কৰি শ্ৰী মোদীয়ে  কয় যে ওড়িশাত এক উল্লেখযোগ্য জনজাতীয় জনসংখ্যা বাস কৰে। বিগত সময়ত জনজাতীয় সমাজে পিছপৰা, দৰিদ্ৰতা, বঞ্চনাৰ সন্মুখীন হৈ ধাৰাবাহিকভাৱে অৱহেলাৰ সন্মুখীন হোৱাত তেওঁ দুখ প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে দীৰ্ঘদিন ধৰি দেশখন শাসন কৰা দলটোৱে ৰাজনৈতিক লাভৰ বাবে জনজাতীয় জনসাধাৰণক শোষণ কৰিছিল, কিয়নো এই গোটটোৱে জনজাতীয় সম্প্ৰদায়ৰ অংশগ্ৰহণো উন্নয়নৰ প্ৰস্তাৱ নিদিলে বা নিশ্চিত কৰা নাছিল। তেওঁ লগতে কয় যে তেওঁলোকে দেশৰ বিশাল অঞ্চলসমূহক নক্সালবাদ, হিংসাই ছানি ধৰিছিল।

 

শ্ৰী মোদীয়ে কয় যে ২০১৪ চনৰ পূৰ্বে সমগ্ৰ দেশৰ ১২৫খনতকৈও অধিক জনজাতীয় সংখ্যাগৰিষ্ঠ জিলা নক্সালবাদী হিংসাৰ দ্বাৰা প্ৰভাৱান্বিত হৈছিল। তেওঁ মন্তব্য কৰে যে এই জনজাতীয় অঞ্চলসমূহক “ৰেড কৰিডৰ” লেবেলৰ অধীনত  ৰাখি অন্যায়ভাৱে কলংকিত কৰা হৈছিল । প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে এই জিলাসমূহৰ অধিকাংশকেই পিছপৰা বুলি  ঘোষণা কৰা হৈছিল আৰু পূৰ্বৰ শাসন ব্যৱস্থাই  সেইবোৰক পৰিত্যক্ত বুলি বিবেচনা  কৰিছিল। তেওঁ দৃঢ়তাৰে কয় যে শেহতীয়া বছৰবোৰত তেওঁৰ চৰকাৰে জনজাতীয় সমাজখনক হিংসাৰ পৰিৱেশৰ পৰা উলিয়াই আনি উন্নয়নৰ নতুন পথত আগুৱাই নিয়াৰ বাবে কাম কৰিছে। প্ৰধানমন্ত্ৰীয়ে জোৰ দি কয় যে তেওঁলোকৰ চৰকাৰে হিংসা বিয়পোৱাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। একে সময়তে জনজাতীয় অঞ্চলসমূহত উন্নয়নৰ নতুন ঢৌৰ সূচনা হৈছে বুলিও তেওঁ কয়, ফলত নক্সালবাদী হিংসাৰ পৰিসৰ এতিয়া দেশৰ ২০খনতকৈও কম জিলালৈ সংকুচিত হৈছে। শ্ৰী মোদীয়ে অব্যাহত থকা কাৰ্যৰ লগতে জনগোষ্ঠীসমূহক অতি সোনকালে হিংসাৰ  কৱলৰ পৰা মুক্ত কৰা  হ’ব বুলি আস্থা প্ৰকাশ কৰি নক্সালবাদ দেশৰ পৰা নিৰ্মূল হ’ব বুলি  কথা দিয়ে।

 

“জনজাতীয় সম্প্ৰদায়ৰ সপোন পূৰণ কৰা, তেওঁলোকক নতুন সুযোগ প্ৰদান কৰা, আৰু তেওঁলোকৰ জীৱনৰ অসুবিধা হ্ৰাস কৰাটো চৰকাৰৰ বাবে শীৰ্ষ অগ্ৰাধিকাৰৰ বিষয় ”, শ্ৰী মোদীয়ে কয়। তেওঁ এই বিষয়ত আলোকপাত কৰে যে প্ৰথমবাৰৰ বাবে জনজাতীয়  লোকৰ উন্নয়নৰ বাবে বিশেষভাৱে দুখন বৃহৎ ৰাষ্ট্ৰীয় আঁচনি আৰম্ভ কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে এই দুটা পদক্ষেপৰ বাবে ১ লাখ কোটিতকৈ অধিক ধন ব্যয় কৰা হৈছে। তেওঁ প্ৰথম আঁচনিৰ ৰূপৰেখা দাঙি ধৰি  ধৰতি আবা জনজাতীয় গ্ৰাম উত্তম অভিযানৰ বিষয়ে কয় ।প্ৰধানমন্ত্ৰীয়ে কয় যে   এই আঁচনিৰ অধীনত সমগ্ৰ দেশৰ ৬০ হাজাৰৰো অধিক জনজাতীয় গাঁৱত উন্নয়নমূলক কাম চলি আছে। ওড়িশাতো তেওঁ উল্লেখ কৰে যে জনজাতীয় পৰিয়ালৰ বাবে ঘৰ নিৰ্মাণ কৰা হৈছে, পথ নিৰ্মাণ কৰা হৈছে, বিদ্যুৎ আৰু পানীৰ সুবিধা স্থাপন কৰা হৈছে। শ্ৰী মোদীয়ে অৱগত কৰে যে ওড়িশাৰ ১১খন জিলাতো ৪০খন আৱাসিক বিদ্যালয় নিৰ্মাণ কৰা হৈছে। তেওঁ উল্লেখ কৰে যে কেন্দ্ৰীয় চৰকাৰে এই পদক্ষেপসমূহৰ বাবে শ শ কোটি টকা ব্যয় কৰিছে।

 

দ্বিতীয়খন বৃহৎ আঁচনি, পি এম জনমান যোজনাৰ বিষয়ে আলোচনা কৰি শ্ৰী মোদীয়ে কয় যে এই আঁচনিৰ প্ৰেৰণা ওড়িশাৰ ভূমিৰ পৰাই উদ্ভৱ হৈছে। তেওঁ দেশৰ প্ৰথমগৰাকী জনজাতীয় মহিলা ৰাষ্ট্ৰপতিৰ পথ প্ৰদৰ্শনৰ কথা  স্বীকাৰ কৰে  আৰু ওড়িশাৰ কন্যা শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ কথাও উল্লেখ কৰে।  প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে যে এই আঁচনিখনে জনজাতি সম্প্ৰদায়ৰ ভিতৰত,  বিশেষভাৱে দুৰ্বল জনজাতীয় গোটসমূহক (পিভিটিজি) সহায় কৰাৰ বিষয়ত  গুৰুত্ব আৰোপ কৰিছে। তেওঁ উল্লেখ কৰে যে এই আঁচনিৰ অধীনত বহু সৰু সৰু জনজাতীয় গাঁৱত শ শ কোটি টকাৰ উন্নয়নমূলক কাম চলি আছে।

 

ওড়িশাত বৃহৎ সংখ্যক মাছমৰীয়াৰ বাসস্থানৰ  বিষয়ত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে তেওঁলোকৰ কল্যাণৰ বাবে প্ৰথমবাৰৰ বাবে দেশজোৰা এক বৃহৎ আঁচনি—পি এম মৎস্য সম্পদ আঁচনি প্ৰণয়ন কৰা হৈছে। তেওঁ উল্লেখ কৰে যে এতিয়া মাছমৰীয়াসকলে কিষাণ ক্ৰেডিট কাৰ্ডৰ সুবিধাও লাভ কৰিছে। প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰে যে কেন্দ্ৰীয় চৰকাৰে ২৫ হাজাৰ কোটি টকাৰ বিশেষ পুঁজি স্থাপন কৰিছে, যিয়ে ওড়িশাৰ উপকূলৰ কাষত বাস কৰা লোকসকলক যথেষ্ট উপকৃত কৰিব আৰু যুৱক-যুৱতীসকলৰ বাবে সুযোগৰ সৃষ্টি কৰিব।

 

‘একবিংশ শতিকাৰ ভাৰতৰ বৃদ্ধি পূব ভাৰতৰ দ্বাৰা চালিত হ’ব।এয়া পূৰ্বোদয়ৰ যুগ। প্ৰধানমন্ত্ৰীয়ে কয়  যে তেওঁলোকৰ চৰকাৰ গঠন হোৱাৰ পিছত এই অভিযানে আৰু অধিক গতি লাভ কৰিছে। পাৰাদীপৰ পৰা ঝাৰছুগুডালৈকে ঔদ্যোগিক অঞ্চল সম্প্ৰসাৰণৰ কথা লক্ষ্য কৰি তেওঁ আলোকপাত কৰে যে ইয়াৰ ফলত ওড়িশাৰ খনিজ আৰু বন্দৰ নেতৃত্বাধীন অৰ্থনীতি শক্তিশালী হৈছে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে কেন্দ্ৰীয় চৰকাৰে ওড়িশাৰ পথ, ৰেল, আৰু বিমান সংযোগ বৃদ্ধিৰ বাবে হাজাৰ হাজাৰ কোটি টকা বিনিয়োগ কৰিছে। তেওঁ লগতে কয় যে পাৰাদীপত মেগা ডুৱেল ফিড ক্ৰেকাৰ আৰু ডাউনষ্ট্ৰিম ইউনিট স্থাপন, চণ্ডীখোলত খাৰুৱা তেল সংৰক্ষণৰ সুবিধা, গোপালপুৰত এল এন জি টাৰ্মিনেলৰ দৰে প্ৰকল্পই ওড়িশাক এখন প্ৰধান ঔদ্যোগিক ৰাজ্য হিচাপে স্থান দিব। শ্ৰী মোদীয়ে মন্তব্য কৰে যে এই উন্নয়নসমূহে পেট্ৰলিয়াম, পেট্ৰ’কেমিকেল, বস্ত্ৰশিল্প, আৰু প্লাষ্টিকৰ সৈতে জড়িত উদ্যোগসমূহক উন্নীত কৰিব। ইয়াৰ ফলত ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ এক বিশাল নেটৱৰ্ক সৃষ্টি হ’ব বুলি তেওঁ উল্লেখ কৰে। তেওঁ জোৰ দি কয় যে ইয়াৰ দ্বাৰা যুৱক-যুৱতীসকলৰ বাবে লাখ লাখ নতুন কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি হ’ব।

উক্ত অনুষ্ঠানত ওড়িশাৰ ৰাজ্যপাল ডঃ হৰি বাবু কাম্ভমপতি, ওড়িশাৰ মুখ্যমন্ত্ৰী শ্ৰী মোহন চৰণ মাঝি, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীযুত জুৱেল ওৰাম  আৰু  শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

 

পৃষ্ঠভূমি

 

ৰাষ্ট্ৰীয় ৰে’ল নেটৱৰ্কৰ সৈতে জিলাখনৰ একত্ৰীকৰণৰ বাবে এক ঐতিহাসিক মুহূৰ্ত চিহ্নিত কৰি প্ৰধানমন্ত্ৰীয়ে প্ৰথমবাৰৰ বাবে বৌধ জিলালৈ ৰে’ল সংযোগ সম্প্ৰসাৰণ কৰা নতুন ৰে’ল সেৱাৰ ফ্লেগ অফ কৰে।

 

স্বচ্ছ শক্তি আৰু বহনক্ষম পৰিবহণৰ ক্ষেত্ৰত এক বৃহৎ সহায়ৰ বাবে প্ৰধানমন্ত্ৰীয়ে ৰাজধানী অঞ্চল নগৰ পৰিবহণ (চি আৰ ইউ টি) ব্যৱস্থাৰ অধীনত ১০০খন বৈদ্যুতিক বাছক ফ্লেগ অফ কৰে, যিয়ে আধুনিক, পৰিৱেশ-বন্ধুত্বপূৰ্ণ নগৰীয়া গতিশীলতা নেটৱৰ্কক সমৰ্থন কৰে।

 

প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে ওড়িশা ভিজন ডকুমেণ্ট। ২০৩৬ চনৰ (যেতিয়া ওড়িশাই ভাৰতৰ প্ৰথম ভাষিক ৰাজ্য হিচাপে ১০০ বছৰ সম্পূৰ্ণ কৰিছে) আৰু ২০৪৭ চনৰ (যেতিয়া ভাৰতে স্বাধীনতাৰ ১০০ বছৰ উদযাপন কৰে) গুৰুত্বপূৰ্ণ বছৰবোৰৰ আশে-পাশে লংঘন কৰা এই দৃষ্টিভংগীয়ে সৰ্বাংগীন বৃদ্ধিৰ বাবে এক অভিলাষী আৰু ভৱিষ্যতৰ বাবে সাজু ৰোডমেপৰ ৰূপৰেখা দাঙি ধৰে।

 

বিশিষ্ট ওডিয়া ব্যক্তিসকলৰ অৱদানৰ প্ৰতি শ্ৰদ্ধাঞ্জলি স্বৰূপে প্ৰধানমন্ত্ৰীয়ে ‘বৰাপুত্ৰ ঐতিহ্য গ্ৰাম যোজনা’ পদক্ষেপ আৰম্ভ  কৰা হৈছে। ইয়াৰ লক্ষ্য হৈছে সাংস্কৃতিক পৰ্যটনক প্ৰসাৰিত কৰাৰ লগতে ওড়িশাৰ  ঐতিহ্যক সন্মান জনোৱা সংগ্ৰহালয়, ব্যাখ্যা কেন্দ্ৰ, মূৰ্তি, পুথিভঁৰাল আৰু ৰাজহুৱা স্থানৰ  উন্নয়নৰ জৰিয়তে সেইবোৰক জীৱন্ত স্মৃতিসৌধলৈ ৰূপান্তৰিত কৰা।

 

ৰাজ্য খনৰ  সমৃদ্ধি আৰু স্বাৱলম্বীতাৰ প্ৰতীক হিচাপে ১৬.৫০ লাখৰো অধিক লাখপতি দিদিৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ  সফল মহিলাক সম্বৰ্ধনা জনায়।

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
From UPI to Indian consulates: PM Modi lays out his vision for Indian-Malaysia ties in landmark visit

Media Coverage

From UPI to Indian consulates: PM Modi lays out his vision for Indian-Malaysia ties in landmark visit
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
List of Outcomes: Official visit of the Prime Minister to Malaysia
February 08, 2026

MoUs / Agreements / Documents

S.No.Document TitleRepresentative from Malaysian side for exchange of the DocumentRepresentative from Indian side for exchange of the Document
1.

Audio-Visual Co-production Agreement between the Government of the Republic of India and Government of Malaysia

Dato’ Seri Utama Haji Mohamad Haji Hasan

Minister of Foreign Affairs, Malaysia

Dr. S. Jaishankar

External Affairs Minister, India

2.

MoU Between the Government of Malaysia and the Government of the Republic of India on the Co-Operation in Disaster Management

Dato’ Seri Utama Haji Mohamad Haji Hasan

Minister of Foreign Affairs, Malaysia

Dr. S. Jaishankar

External Affairs Minister, India

3.

MoU Between the Government of Malaysia and the Government of Republic of India on Cooperation in Combating and Preventing Corruption

Dato’ Seri Utama Haji Mohamad Haji Hasan

Minister of Foreign Affairs, Malaysia

Dr. S. Jaishankar

External Affairs Minister, India

4.

EoL on the Memorandum of Understanding on United Nations Peacekeeping Cooperation between the Government of the Republic of India and the Government of Malaysia

Dato’ Seri Utama Haji Mohamad Haji Hasan

Minister of Foreign Affairs, Malaysia

Dr. S. Jaishankar

External Affairs Minister, India

5.

EoN on Cooperation in the field of Semiconductors between the Government of the Republic of India and the Government of Malaysia

Dato’ Seri Utama Haji Mohamad Haji Hasan

Minister of Foreign Affairs, Malaysia

Dr. S. Jaishankar

External Affairs Minister, India

6.

Framework Agreement on International Big Cats Alliance (IBCA)

Dato’ Seri Utama Haji Mohamad Haji Hasan

Minister of Foreign Affairs, Malaysia

Dr. S. Jaishankar

External Affairs Minister, India

7.

MoC between Employees’ State Insurance Cooperation (ESIC), Republic of India and Social Security Organisation (PERKESO) on Social Security Programs and Activities for Indian Citizens as Insured Persons in Malaysia

Dato’ Sri Amran Mohamed Zin

Secretary-General,
Ministry of Foreign Affairs, Malaysia

Shri P. Kumaran

Secretary (East),
Ministry of External Affairs, India

8.

EoN on Cooperation in Vocational Education and Training (TVET) between the Government of the Republic of India and the Government of Malaysia

Dato’ Sri Amran Mohamed Zin

Secretary-General,
Ministry of Foreign Affairs, Malaysia

Shri P. Kumaran

Secretary (East),
Ministry of External Affairs, India

9.

EoN on Security Cooperation between National Security Council Secretariat, India and National Security Council, Malaysia

Dato’ Sri Amran Mohamed Zin

Secretary-General,
Ministry of Foreign Affairs, Malaysia

Shri P. Kumaran

Secretary (East),
Ministry of External Affairs, India

10.

EoN on Cooperation in the field of Health and Medicine between the Government of the Republic of India and the Government of Malaysia

Dato’ Sri Amran Mohamed Zin

Secretary-General,
Ministry of Foreign Affairs, Malaysia

Shri B.N. Reddy

High Commissioner of India to Malaysia

11.

Presentation of Report of the 10th Malaysia-India CEO Forum

 

Report jointly submitted by Mr Nikhil Meshwani and YBhg. Tan Sri Kunasingam V Sittampalan, co-Chairs of the 10th India-Malaysia CEO Forum, to Shri B. N. Reddy, High Commissioner of India to Malaysia and Dato’ Sri Amran Mohamed Zin, Secretary-General, Ministry of Foreign Affairs, Malaysia

 Announcements

 Title

1

Establishment of an Indian Consulate General in Malaysia

2

Establishment of a dedicated Thiruvalluvar Centre in Universiti Malaya, Kuala Lumpur

3

Institution of Thiruvalluvar Scholarships for Malaysian Nationals

4

Agreement between NIPL and PAYNET SDN BHD on cross-border payments

5

MoU between University of Cyberjaya (UoC) and Institute of Training and Research in Ayurveda (ITRA) on academic collaboration