‘উন্নয়নৰ লগতে ঐতিহ্য’ মন্ত্ৰৰে আগবাঢ়িছে নিউ ইণ্ডিয়াঃ প্ৰধানমন্ত্ৰী
আমাৰ দেশ ঋষি, জ্ঞানী আৰু সাধুৰ ভূমি, আমাৰ সমাজখনে যেতিয়াই জটিল সময়ৰ মাজেৰে পাৰ হয়, তেতিয়াই কোনোবা ঋষি বা জ্ঞানী ব্যক্তিয়ে ভাৰতভূমিৰ সমাজখনক এক নতুন দিশ দিয়ে - প্ৰধানমন্ত্ৰী
দৰিদ্ৰ আৰু বঞ্চিত শ্ৰেণীৰ উন্নীতকৰণৰ সংকল্প, ‘সবকা সাথ, সবকা বিকাশ’ৰ মন্ত্ৰ, এই সেৱাৰ মনোভাৱেই এইখন চৰকাৰৰ নীতি আৰু দায়বদ্ধতা। - প্ৰধানমন্ত্ৰী
ভাৰতৰ দৰে দেশত আমাৰ সংস্কৃতি কেৱল আমাৰ পৰিচয়ৰ সৈতে জড়িত নহয়, ই আমাৰ এনে এক সংস্কৃতি যিয়ে আমাৰ সম্ভাৱনাক শক্তিশালী কৰে। - প্ৰধানমন্ত্ৰী

ভাৰতৰ সাংস্কৃতিক আৰু আধ্যাত্মিক ঐতিহ্যক আগুৱাই নিয়াৰ প্ৰতি থকা দায়বদ্ধতাৰ সৈতে সংগতি ৰাখি প্ৰধানমন্ত্ৰীয়ে আজি মধ্যপ্ৰদেশৰ অশোকনগৰ জিলাৰ ইছাগড় তহচিলৰ আনন্দপুৰ ধাম ভ্ৰমণ কৰে। গুৰুজী মহাৰাজ মন্দিৰত দৰ্শন আৰু পূজা কৰাৰ লগতে আনন্দপুৰ ধামৰ মন্দিৰ কমপ্লেক্স পৰিভ্ৰমণ কৰে। সভাত ভাষণ দি তেওঁ দিল্লী, হাৰিয়ানা, পঞ্জাৱ, দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বৃহৎ সংখ্যক ভক্তক আদৰণি জনায়। শ্ৰী আনন্দপুৰ ধাম ভ্ৰমণ কৰি তেওঁ সুখ প্ৰকাশ কৰি গুৰুজী মহাৰাজৰ মন্দিৰত প্ৰাৰ্থনা কৰাৰ অভিজ্ঞতা প্ৰকাশ কৰে আৰু কয় যে গুৰুজী মহাৰাজৰ মন্দিৰত প্ৰাৰ্থনা কৰিলে তেওঁৰ হৃদয় গভীৰ শান্তি আৰু আনন্দৰে ভৰি পৰে।

সন্তসকলে কঠোৰ তপস্যাৰে গঢ় দিয়া এই ভূমিৰ পবিত্ৰতাৰ কথা উল্লেখ কৰি কয় যে এই ভূমি এনে এক ভূমি য’ত নিস্বাৰ্থ সেৱা হৈছে জীৱন-ধাৰণৰ এক পদ্ধতি আৰু মমতাৰ মনোভাৱে মানৱতাৰ কল্যাণৰ পথ পৰিচালিত হয়, এই ভূমিৰ স্বকীয়তাৰ বিষয়ে উল্লেখ কৰি আৰু সাধুসকলৰ উদ্ধৃতি দি কয় যে দুখে অশোক নগৰত প্ৰৱেশ কৰিবলৈকে ভয় কৰে। তেওঁ বৈশাখী উদযাপন আৰু শ্ৰী গুৰু মহাৰাজ জীৰ জন্ম বাৰ্ষিকীত অংশগ্ৰহণ কৰি আনন্দ প্ৰকাশ কৰে আৰু প্ৰথম পদছাহি শ্ৰী শ্ৰী ১০৮ শ্ৰী স্বামী অদ্বৈত আনন্দ জী মহাৰাজৰ লগতে অন্যান্য পদছাহি সন্তসকললৈ শ্ৰদ্ধাঞ্জলি আগবঢ়ায়। তেখেতে দিনটোৰ ঐতিহাসিক তাৎপৰ্যৰ কথা উল্লেখ কৰি ১৯৩৬ চনত শ্ৰী দ্বিতীয় পদছাহি জীৰ মহাসমাধি আৰু ১৯৬৪ চনত শ্ৰী তৃতীয় পদছাহি জীৰ প্ৰকৃত ৰূপৰ সৈতে মিলন ঘটাৰ এই এক অনুপম সন্ধিক্ষণ বুলি উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে এই শ্ৰদ্ধাৰ গুৰুসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে মা জাগেশ্বৰী দেৱী, মা বিজাসন, আৰু মা জানকী কৰিলা মাতা ধামলৈও প্ৰণিপাত জনায়। বৈশাখী আৰু শ্ৰী গুৰু মহাৰাজ জীৰ জন্ম বাৰ্ষিকী উপলক্ষেও তেওঁ সকলোকে শুভেচ্ছা জ্ঞাপন কৰে।

 

পূজ্য স্বামী অদ্বৈত আনন্দ জী মহাৰাজৰ জীৱনে এই কালজয়ী পৰম্পৰাক কেনেদৰে মূৰ্ত কৰি তুলিছে তাৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে “ভাৰত ঋষি, পণ্ডিত, আৰু সন্তসকলৰ দেশ, যিয়ে প্ৰত্যাহ্বানমূলক সময়ত সমাজক সদায় পথ প্ৰদৰ্শন কৰি আহিছে”। তেওঁ সেই যুগৰ কথাও উল্লেখ কৰে যেতিয়া আদি শংকৰাচাৰ্যৰ দৰে মহান আচাৰ্যই অদ্বৈত দৰ্শনৰ গভীৰ জ্ঞানেৰে জগতখনক আলোকিত কৰিছিল। সময়ৰ লগে লগে বিশেষকৈ ঔপনিৱেশিক কালত সমাজখন এই আধ্যাত্মিক শিপাৰ পৰা আঁতৰি যাবলৈ ধৰিছিল। তথাপিও এনে মুহূৰ্ততেই অদ্বৈতৰ শিক্ষাৰ জৰিয়তে দেশৰ আত্মাক পুনৰ জগাই তুলিবলৈ জ্ঞানধী সন্তসকল আগবাঢ়ি আহিছিল। প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে যে পূজ্য অদ্বৈত আনন্দ জী মহাৰাজে এই পবিত্ৰ উত্তৰাধিকাৰ অব্যাহত ৰাখিলে, অদ্বৈতৰ সাৰমৰ্মক সৰল কৰি দৈনন্দিন মানুহৰ বাবে সুলভ কৰি তুলিলে, যাৰ ফলত ইয়াৰ চিৰস্থায়ী প্ৰাসংগিকতা আৰু ব্যাপক প্ৰসাৰ সুনিশ্চিত হ’ল।

বস্তুগত প্ৰগতিৰ মাজত যুদ্ধ, সংঘাত, মানৱীয় মূল্যবোধৰ খহনীয়াই অনা জৰুৰী বিশ্বব্যাপী উদ্বেগৰ কথা কৈ শ্ৰী মোদীয়ে এই প্ৰত্যাহ্বানসমূহৰ মূল কাৰণ বুলি উল্লেখ কৰে বিভাজনৰ মানসিকতাক, যিয়ে মানুহক পৰস্পৰৰ পৰা পৰস্পৰক আঁতৰাই ৰাখে। তেওঁ লগতে কয়, “এই বিষয়সমূহৰ সমাধান অদ্বৈতৰ দৰ্শনত নিহিত হৈ আছে, যিয়ে কোনো দ্বৈততাৰ কল্পনা নকৰে”, তেওঁ গুৰুত্ব সহকাৰে কয় যে অদ্বৈত হৈছে প্ৰতিটো জীৱৰ মাজত ঐশ্বৰিকতাক দেখাৰ বিশ্বাস আৰু ইয়াৰ উপৰিও সমগ্ৰ সৃষ্টিক ঐশ্বৰিকতাৰ প্ৰকাশ হিচাপে গ্ৰহণ কৰা। এই নীতিটোক সুন্দৰকৈ সৰল কৰি তোলা পৰমহন দয়াল মহাৰাজৰ ‘আপুনি যি, ময়ো সেয়েই’ আপ্ত বাক্যৰ উদ্ধৃতি দিয়ে। তেওঁ "মোৰ আৰু আপোনাৰ" বিভাজন দূৰ কৰা চিন্তাৰ গভীৰতাৰ ওপৰত মন্তব্য কৰে আৰু কয় যে যদিহে ইয়াক সাৰ্বজনীনভাৱে আকোৱালি লোৱা হয়, তেন্তে ই সকলো সংঘাতৰ সমাধান কৰিব পাৰে।

 

প্রধানমন্ত্রীয়ে প্রথম পদশাহি পৰমহন দয়াল মহাৰাজ জীৰ শিক্ষা আৰু আনন্দপুৰ ধামৰ বিভিন্ন সেৱামুখী পদক্ষেপৰ বিষয়ে অন্তর্দৃষ্টি ভাগ-বতৰা কৰা চতে পদশাহি স্বামী শ্রী বিচাৰ পূৰ্ণ আনন্দ জি মহাৰাজৰ সৈতে হোৱা কথা-বতৰাৰ বিষয়ে কয়৷ আনন্দপুৰ ধামত প্ৰতিষ্ঠিত ধ্যান-ধাৰণাৰ পাঁচটা নীতিৰ ওপৰত আলোকপাত কৰি নিস্বাৰ্থ সেৱাক তাৰ ভিতৰত অন্যতম হিচাপে গুৰুত্ব আৰোপ কৰে। ভাৰতীয় সংস্কৃতিৰ ভেটি গঠন কৰা মানৱতাৰ সেৱাৰ কাৰ্য্যত নাৰায়ণক দেখি তেওঁ নিস্বাৰ্থ মনোভাৱেৰে অভাৱগ্ৰস্ত লোকক সেৱা আগবঢ়োৱাৰ মনোভাৱৰ ওপৰত মন্তব্য কৰে। আনন্দপুৰ ট্ৰাষ্টে নিষ্ঠাৰে এই সেৱা সংস্কৃতিক আগুৱাই নিয়াৰ বাবে তেওঁ সুখ প্ৰকাশ কৰে। তেওঁ উল্লেখ কৰে যে এই ট্ৰাষ্টে হাজাৰ হাজাৰ ৰোগীৰ চিকিৎসা কৰা চিকিৎসালয় পৰিচালনা কৰে, বিনামূলীয়া চিকিৎসা শিবিৰৰ আয়োজন কৰে, গো কল্যাণৰ বাবে আধুনিক গোশালা চলায়, নৱপ্ৰজন্মৰ উত্তৰণৰ বাবে বিদ্যালয় পৰিচালনা কৰে। তেওঁ পৰিৱেশ সংৰক্ষণৰ জৰিয়তে মানৱতাৰ প্ৰতি আনন্দপুৰ ধামৰ উল্লেখযোগ্য অৱদানৰ প্ৰশংসা কৰি হাজাৰ হাজাৰ একৰ উৰ্বৰ ভূমিক সেউজ এলেকালৈ ৰূপান্তৰিত কৰাৰ ক্ষেত্ৰত আশ্ৰমৰ অনুগামীসকলে কৰা প্ৰচেষ্টাৰ ওপৰতো আলোকপাত কৰে আৰু কয় যে আশ্ৰমৰ দ্বাৰা ৰোপণ কৰা হাজাৰ হাজাৰ গছ এতিয়া পৰম্পৰাত পৰিণত হৈছে।

এই পথ প্ৰদৰ্শক নীতিয়ে ৰাষ্ট্ৰীয় নীতিসমূহক কেনেদৰে গঢ় দিয়ে তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, “চৰকাৰে গ্ৰহণ কৰা প্ৰতিটো পদক্ষেপৰ মূলতে সেৱাৰ মনোভাৱ নিহিত হৈ থাকে।” তেওঁ আলোকপাত কৰে যে প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ জৰিয়তে দেশৰ কোনো আৰ্তজনে খাদ্য সুৰক্ষিত কৰাৰ বাবে চিন্তা কৰিব নালাগে। একেদৰে আয়ুষ্মান ভাৰত আঁচনিখনে দৰিদ্ৰ আৰু বৃদ্ধসকলক স্বাস্থ্যসেৱাৰ গুৰুত্বপূৰ্ণ সহায় আগবঢ়াইছে, আৰু পি এম আৱাস যোজনাই অভাৱগ্ৰস্তসকলৰ বাবে সুৰক্ষিত বাসগৃহ নিশ্চিত কৰাত সহায় কৰিছে। তেওঁ লগতে গাঁৱে-ভূঞে পানীৰ অভাৱক সক্ৰিয়ভাৱে মোকাবিলা কৰি থকা জল জীৱন মিছন আৰু এইমছ, আই আই টি, আই আই এমৰ দৰে প্ৰতিষ্ঠানৰ অভূতপূৰ্ব সম্প্ৰসাৰণৰ কথাও আঙুলিয়াই দিয়ে, আনকি অৰ্থনৈতিকভাৱে বঞ্চিত শিশুসকলকো নিজৰ সপোন সাকাৰ কৰিবলৈ সক্ষম কৰি তোলাৰ কথাও উল্লেখ কৰে। শ্ৰী মোদীয়ে এজোপা গছ মাৰ নামত শীৰ্ষক অভিযানৰ দৰে পদক্ষেপৰ জৰিয়তে পৰিৱেশ সংৰক্ষণৰ প্ৰতি চৰকাৰৰ দৃঢ় প্ৰতিশ্ৰুতি পুনৰবাৰ উল্লেখ কৰে, যাৰ অধীনত সমগ্ৰ দেশতে কোটি কোটি গছ ৰোপণ কৰা হৈছে। তেওঁ উল্লেখ কৰে যে এই প্ৰচেষ্টাসমূহৰ পৰিসৰ আৰু প্ৰভাৱ নিস্বাৰ্থ সেৱাৰ প্ৰতি অটল সমৰ্পণৰ দ্বাৰা সম্ভৱ হৈছে। তেওঁ ‘সবকা সাথ, সবকা বিকাশ’ মন্ত্ৰৰ দ্বাৰা পৰিচালিত হৈ দৰিদ্ৰ আৰু প্ৰান্তীয় লোকসকলৰ উত্থানৰ বাবে চৰকাৰৰ সংকল্প পুনৰবাৰ উল্লেখ কৰে। তেওঁ পুনৰ দোহাৰি কয়, “এই সেৱাৰ মনোভাৱ কেৱল আমাৰ নীতি নহয়—এয়া আমাৰ প্ৰতিশ্ৰুতি।”

 

সেৱা কৰাৰ সংকল্পই কেৱল আনক উন্নীত কৰাই নহয় ব্যক্তিত্বকো সমৃদ্ধ কৰে বুলি গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰে যে সেৱাৰ মনোভাৱে মানুহৰ দৃষ্টিভংগীক সম্প্ৰসাৰিত কৰে আৰু ব্যক্তিত্বক সমাজ, দেশ আৰু সামগ্ৰিকভাৱে মানৱতাৰ লক্ষ্যৰ দৰে বৃহৎ লক্ষ্যৰ সৈতে সংযোগ কৰে। তেওঁ নিস্বাৰ্থ সেৱাত নিয়োজিতসকলৰ দায়বদ্ধতাক প্ৰশংসা কৰি উল্লেখ কৰে যে এনে নিষ্ঠাই মানুহক ব্যক্তিগত প্ৰত্যাহ্বান নেওচা দিব পৰাকৈ আৰু স্থিতিস্থাপকতাৰে প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ সক্ষম কৰে। সেৱাক আধ্যাত্মিক অনুশাসনৰ এক প্ৰকাৰ বুলি বৰ্ণনা কৰি তেওঁ ইয়াক পবিত্ৰ গংগাত স্নান কৰাৰ সৈতে তুলনা কৰে —  যিটো প্ৰথাত সকলোৱে অংশগ্ৰহণ কৰিব লাগে। দেশৰ আধ্যাত্মিক আৰু সাংস্কৃতিক ঐতিহ্যত উল্লেখযোগ্য অৱদান আগবঢ়োৱা অশোক নগৰ আৰু আনন্দপুৰ ধামৰ দৰে অঞ্চলক প্ৰতিপালন কৰা আৰু উন্নয়নৰ দায়িত্ব গ্ৰহণৰ বিষয়েও প্ৰধানমন্ত্ৰীয়ে কয়। তেওঁ অঞ্চলটোৰ শিল্প, সংস্কৃতি আৰু প্ৰাকৃতিক সৌন্দৰ্য্যৰ চহকী উত্তৰাধিকাৰৰ ওপৰতো আলোকপাত কৰি ইয়াৰ উন্নয়নৰ অপৰিসীম সম্ভাৱনাৰ ওপৰত আলোকপাত কৰে। তেওঁ মধ্যপ্ৰদেশ আৰু অশোক নগৰত অগ্ৰগতি ত্বৰান্বিত কৰাৰ বাবে চলি থকা প্ৰচেষ্টাসমূহৰ কথা উল্লেখ কৰে, ইয়াৰ ভিতৰত ভৌগোলিক সূচক (জি আই) টেগযুক্ত চান্দেৰী শাৰীলৈ স্বীকৃতি প্ৰদান, প্ৰাণপুৰত এখন ক্ৰাফ্ট হেণ্ডলুম টুৰিজিম ভিলেজ স্থাপন আদি সন্নিৱিষ্ট আছে, এই আটাইবোৰেই এক লক্ষ্যৰে আগবাঢ়িচএ, আৰু সেয়া হৈছে অৰ্থনৈতিক বিকাশ আৰু পৰম্পৰাগত কাৰুকাৰ্য্যক প্ৰসাৰিত কৰা। তেওঁ লগতে উল্লেখ কৰে যে মধ্যপ্ৰদেশ চৰকাৰে ইতিমধ্যে উজ্জয়ন সিংহস্থলৰ প্ৰস্তুতিও আৰম্ভ কৰিছে।

শেহতীয়াকৈ ৰাম নৱমী উৎসৱ উদযাপনৰ কথা উল্লেখ কৰি শ্ৰী মোদীয়ে "ৰাম বন গমন পথ"ৰ চলি থকা উন্নয়নৰ ওপৰত আলোকপাত কৰি এই পথৰ এক উল্লেখযোগ্য অংশ মধ্যপ্ৰদেশৰ মাজেৰে পাৰ হ'ব বুলিও কয়। তেওঁ মধ্যপ্ৰদেশৰ উল্লেখযোগ্য আৰু অনন্য পৰিচয়ৰ ওপৰত মন্তব্য কৰি কয় যে এই পদক্ষেপসমূহে ইয়াৰ স্বকীয়তা আৰু অধিক শক্তিশালী কৰিব।

 

প্ৰধানমন্ত্ৰীয়ে ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰত হোৱাৰ অভিলাষী দৃষ্টিভংগীক পুনৰ দৃঢ়তাৰে কয় আৰু এই লক্ষ্যত উপনীত হ’বলৈ দেশৰ সামৰ্থ্যৰ ওপৰত দৃঢ় আস্থা প্ৰকাশ কৰে। তেওঁ প্ৰগতিৰ পথত ভাৰতৰ প্ৰাচীন সাংস্কৃতিক ঐতিহ্য সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰি কয় যে বহু দেশে উন্নয়নৰ সন্ধানত নিজৰ পৰম্পৰাৰ সৈতে সম্পৰ্ক হেৰুৱাই পেলাইছে যদিও ভাৰতে নিজৰ ঐতিহ্যৰ মাজত গভীৰভাৱে শিপাই থাকিব লাগিব। এই মূল্যবোধসমূহ ৰক্ষা কৰাৰ ক্ষেত্ৰত আনন্দপুৰ ধাম ট্ৰাষ্টক প্ৰশংসা কৰি তেওঁ কয়, “ভাৰতৰ সংস্কৃতি কেৱল ইয়াৰ পৰিচয়ৰ কেন্দ্ৰীয় বিষয় নহয়—ই শক্তিৰো উৎস।” তেওঁ বিশ্বাস প্ৰকাশ কৰে যে ট্ৰাষ্টৰ সেৱামুখী পদক্ষেপে এখন উন্নত আৰু সাংস্কৃতিকভাৱে সমৃদ্ধ ভাৰতৰ দৃষ্টিভংগীলৈ নৱ শক্তি কঢ়িয়াই আনিব। ভাষণৰ সামৰণিত প্ৰধানমন্ত্ৰীয়ে বৈশাখী আৰু শ্ৰী গুৰু মহাৰাজ জীৰ জন্ম জয়ন্তী উপলক্ষে সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।

এই অনুষ্ঠানত মধ্যপ্ৰদেশৰ ৰাজ্যপাল শ্ৰী মংগুভাই পেটেল, মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী মোহন যাদৱ, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীযুত জ্যোতিৰাদিত্য সিন্ধিয়াকে ধৰি অন্যান্য সকল উপস্থিত থাকে।

 

পটভূমি

আধ্যাত্মিক আৰু দানশীল কামত আত্মনিয়োগ কৰিবৰ বাবেই আনন্দপুৰ ধাম প্ৰতিষ্ঠা কৰা হৈছিল। ৩১৫ হেক্টৰ ভূমিত ৫০০ৰো অধিক গোধন থকা এক অত্যাধুনিক গোশালা আছে আৰু শ্ৰী আনন্দপুৰ ট্ৰাষ্ট চৌহদৰ অধীনত এই প্ৰতিষ্ঠানে কৃষিকাৰ্য্য চলায়। এই ট্ৰাষ্টে সুখপুৰ গাঁৱত এখন দাতব্য চিকিৎসালয়, সুখপুৰ আৰু আনন্দপুৰৰ বিদ্যালয় আৰু দেশৰ বিভিন্ন সৎসঙ্গ কেন্দ্ৰ পৰিচালনা কৰি আহিছে।

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
'Operation Sindoor on, if they fire, we fire': India's big message to Pakistan

Media Coverage

'Operation Sindoor on, if they fire, we fire': India's big message to Pakistan
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM Modi's address to the nation
May 12, 2025
Today, every terrorist knows the consequences of wiping Sindoor from the foreheads of our sisters and daughters: PM
Operation Sindoor is an unwavering pledge for justice: PM
Terrorists dared to wipe the Sindoor from the foreheads of our sisters; that's why India destroyed the very headquarters of terror: PM
Pakistan had prepared to strike at our borders,but India hit them right at their core: PM
Operation Sindoor has redefined the fight against terror, setting a new benchmark, a new normal: PM
This is not an era of war, but it is not an era of terrorism either: PM
Zero tolerance against terrorism is the guarantee of a better world: PM
Any talks with Pakistan will focus on terrorism and PoK: PM

প্ৰিয় দেশবাসী,

নমস্কাৰ !

যোৱা কেইটামান দিনত দেশৰ শক্তি আৰু সংযম দুয়োটাই আমি সকলোৱে প্ৰত্যক্ষ কৰিছো।মই প্ৰথমে আমাৰ শক্তিশালী ভাৰতীয় সেনাবাহিনীক প্ৰণাম জনাইছো, সশস্ত্ৰ বাহিনী, আমাৰ চোৰাংচোৱা সংস্থা, আমাৰ বিজ্ঞানী, সকলোকে মই প্ৰতিজন ভাৰতীয়ৰ হৈ প্ৰণাম জনাইছো।

আমাৰ সাহসী জোৱানসকলে ‘অপাৰেচন সিন্দুৰ’ৰ লক্ষ্যত উপনীত হ’বলৈ গৈ অপৰিসীম সাহস প্ৰদৰ্শন কৰিলে। মই তেওঁলোকৰ বীৰত্বক, তেওঁলোকৰ সাহসক, তেওঁলোকৰ পৰাক্ৰমক সমৰ্পিত কৰিছো৷ মই তেওঁলোকৰ এই পৰাক্ৰমক , আমাৰ দেশৰ প্ৰতিগৰাকী মাতৃলৈ, দেশৰ প্ৰতিগৰাকী ভগ্নী আৰু প্ৰতিগৰাকী কন্যাৰ বাবে উৎসৰ্গা কৰিছো।

 

বন্ধুসকল,

যোৱা ২২ এপ্ৰিলত পহলগামত সন্ত্রাসবাদীয়ে প্রদর্শন কৰা বৰ্বৰতাই দেশ আৰু বিশ্বক স্তম্ভিত কৰি তুলিছিল৷

বন্ধৰ দিন উদযাপন কৰিবলৈ যোৱা নিৰ্দোষ নিৰীহ নাগৰিকক ধৰ্মৰ বিষয়ে সুধি পৰিয়ালৰ সন্মুখতে, শিশুসকলৰ সন্মুখতে...

নিৰ্দয়ভাবে হত্যা কৰা হৈছিল।

এয়া আছিল আতংকৰ এক বীভৎস ছবি, এয়া আছিল নিষ্ঠুৰতাৰ ভয়ংকৰ প্ৰকাশ৷ এয়া আছিল দেশৰ সমন্বয় বিনষ্ট কৰাৰ এক ঘৃণনীয় অপচেষ্টা। মোৰ ক্ষেত্ৰত ব্যক্তিগতভাৱে এই নাৰকীয় ঘটনাৰ বেদনা অসহনীয় আছিল।

এই সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত সমগ্ৰ দেশ, প্ৰতিগৰাকী নাগৰিক, সমাজ, প্ৰতিটো শ্ৰেণীৰ লোক, প্ৰতিটো ৰাজনৈতিক দল একত্ৰিত হৈ 'একেষাৰে সন্ত্ৰাসবাদৰ বিৰুদ্ধে শক্তিশালী ব্যৱস্থাৰ দাবীৰে থিয় দিলে।

সন্ত্ৰাসবাদীক নিঃশেষ কৰিবলৈ ভাৰতীয় নিৰাপত্তা বাহিনীক আমি পূৰ্ণ কৰ্তৃত্ব প্ৰদান কৰিলো। আমি তেওঁলোকক এইক্ষেত্ৰত সম্পূৰ্ণ স্বাধীনতা প্ৰদান কৰিলো।

আৰু আজি প্ৰতিজন সন্ত্ৰাসবাদীয়ে, প্ৰতিটো সন্ত্ৰাসবাদী সংগঠনে উপলব্ধি কৰিবলৈ বাধ্য হৈছে আমাৰ ভগ্নী-কন্যাৰ কপালৰ সেন্দুৰ মচি পেলোৱাৰ পৰিণতি কি হ'ব পাৰে ।

 

বন্ধুসকল,

অপাৰেচন সিন্দুৰ ...এয়া কেৱল এটা নাম নহয়৷এয়া দেশৰ কোটি কোটি মানুহৰ আৱেগৰ প্ৰতিফলন।

অপাৰেচন 'সিন্দুৰ' ন্যায়ৰ অখণ্ড প্ৰতিজ্ঞা। ৬ মে’ৰ গভীৰ নিশা.. ৭ মে’ৰ পুৱা.. সমগ্ৰ বিশ্বই এই প্ৰতিজ্ঞা ফলাফলত পৰিণত হোৱা দেখিবলৈ পাইছে। ভাৰতীয় বাহিনীয়ে পাকিস্তানৰ সন্ত্ৰাসবাদী শিবিৰত আক্ৰমণ কৰিছে।

তেওঁলোকৰ প্ৰশিক্ষণ কেন্দ্ৰত নিখুঁতভাৱে আঘাত কৰিছে । সন্ত্ৰাসবাদীয়ে সপোনতো কল্পনা কৰা নাছিল যে ভাৰতে ইমান ডাঙৰ সিদ্ধান্ত ল’ব পাৰে। কিন্তু যেতিয়া দেশখন একত্ৰিত হয়, দেশ প্ৰথমৰ মনোভাৱেৰে মানুহৰ মনবোৰ ভৰি পৰে, তেতিয়া দেশেই সৰ্বোচ্চ হৈ পৰে। তেতিয়াই শক্তিশালী সিদ্ধান্ত লোৱা হয় আৰু তাৰ ফল লাভ কৰা হয়।

ভাৰতীয় ক্ষেপণাস্ত্ৰই যেতিয়া পাকিস্তানৰ সন্ত্ৰাসবাদী ঘাটিত আক্ৰমণ কৰিছিল, ভাৰতীয় ড্ৰোনে যেতিয়া আক্ৰমণ চলাইছিল, তেতিয়া কেৱল সন্ত্ৰাসবাদী সংগঠনৰ ভৱনবোৰেই নহয়, তেওঁলোকৰ আত্মবিশ্বাসো কঁপি উঠিছিল।

 

বহাৱালপুৰ আৰু মুৰিদকেৰ দৰে সন্ত্ৰাসবাদীৰ আত্মগোপন স্থানসমূহ এককথাত বিশ্ব সন্ত্ৰাসবাদৰ বিশ্ববিদ্যালয় স্বৰূপ হৈ পৰিছে।

বিশ্বৰ যিকোনো ঠাইত সংঘটিত হোৱা যিকোনো ডাঙৰ সন্ত্ৰাসবাদী আক্ৰমণ- সেয়া ৯/১১ৰ সন্ত্ৰাসবাদী আক্ৰমণেই হওঁক , লণ্ডন টিউব বোমা বিস্ফোৰণেই হওঁক বা ভাৰতত দশকজুৰি সংঘটিত হোৱা বৃহৎ সন্ত্ৰাসবাদী আক্ৰমণেই হওঁক, ক’ৰবাত নহয় ক’ৰবাত এই ঘটনাসমূহ সন্ত্ৰাসবাদীয়ে আত্মগোপন কৰি থকা এই স্থানসমূহৰ সৈতে সংযুক্ত হৈ পৰিছে। সন্ত্ৰাসবাদীয়ে আমাৰ ভগ্নীহঁতৰ সেন্দুৰ মচি পেলাইছিল৷ সেইবাবেই ভাৰতে সন্ত্ৰাসবাদৰ এই মুখ্য কাৰ্যালয় ধ্বংস কৰিছে। ভাৰতৰ এই আক্ৰমণত ১০০ৰো অধিক দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী নিহত হৈছে। ইমানবোৰ সন্ত্ৰাসবাদীয়ে যোৱা ডেৰৰ পৰা তিনি দশক ধৰি পাকিস্তানত মুক্তভাৱে ঘূৰি ফুৰিছিল৷ যিসকলে পূৰ্বে ভাৰতৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিছিল, তেওঁলোকক ভাৰতে এটা আঘাততে ধ্বংস কৰি পেলালে।

 

বন্ধুসকল,

ভাৰতৰ এই কাৰ্য্যত পাকিস্তান গভীৰভাৱে হতাশগ্ৰস্ত হৈ পৰিছে৷ সকলোতে কেৱল হতাশাৰ কলীয়া ডাৱৰে ছানি ধৰিছিল৷ তেওঁলোক বিভ্ৰান্ত হৈ পৰিছিল৷এনে বিভ্ৰান্তিকৰ অৱস্থাৰ মাজতে তেওঁলোকে আৰু এটা বেয়া কাম কৰিলে। সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতে গ্ৰহণ কৰা ব্যৱস্থাক সমৰ্থন কৰাৰ পৰিৱৰ্তে পাকিস্তানে ভাৰতকহে আক্ৰমণ কৰিবলৈ আৰম্ভ কৰিলে।

পাকিস্তানে আমাৰ স্কুল আৰু কলেজসমূহ লক্ষ্য কৰি লৈছিল, গুৰুদ্বাৰ, মন্দিৰ, সাধাৰণ নাগৰিকৰ ঘৰ আদিও পাকিস্তানৰ আক্ৰণৰ লক্ষ্য হৈ পৰিছিল৷ এনে কাৰ্যৰ জড়িয়তে পাকিস্তানে নিজকে উদঙাই দিলে। বিশ্বই দেখিলে পাকিস্তানৰ ড্ৰোন আৰু মিছাইল কেনেকৈ ভাৰতৰ সন্মুখত খেৰৰ দৰে জ্বলি ছাই হৈ গল৷ ভাৰতৰ শক্তিশালী বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই সেইবোৰ আকাশতে ধ্বংস কৰি পেলালে। সীমান্তত আক্ৰমণ কৰিবলৈ সাজু হৈছিল পাকিস্তান৷ কিন্তু ইয়াৰ বিপৰীতে ভাৰতে পাকিস্তানৰ বুকুত আঘাত হানিলে। ভাৰতৰ ড্ৰোন আৰু ক্ষেপণাস্ত্ৰই নিখুঁতভাৱে পাকিস্তানৰ লক্ষ্যস্থানত আঘাত কৰিছিল। ফলত পাকিস্তানী বায়ুসেনাৰ সেই বিমানঘাটিসমূহ ক্ষতিগ্ৰস্ত হৈছিল, যিবোৰকলৈ পাকিস্তানে গৌৰৱ কৰি আহিছিল৷ প্ৰথম তিনিদিনতে যে ভাৰতে পাকিস্তানক এনেদৰে ধ্বংস কৰিব সেয়া তেওঁলোকে কল্পনাও কৰা নাছিল । সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ আগ্ৰাসী কাৰ্য্য ব্যৱস্থাৰ পিছত পাকিস্তানে পলায়নৰ উপায় বিচাৰিবলৈ আৰম্ভ কৰিলে। পাকিস্তানে উত্তেজনা হ্ৰাস কৰিবলৈ বিশ্বক অনুৰোধ কৰিবলৈ ধৰিলে৷ বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱাৰ পিছত বাধ্যবাধকতাত পৰি ১০ মে’ৰ দুপৰীয়া পাকিস্তানী সেনাই আমাৰ ডিজিএমঅ’ৰ সৈতে যোগাযোগ কৰিলে। তেতিয়ালৈকে আমি পাকিস্তানৰ সন্ত্ৰাসবাদৰ আন্তঃগাঁথনি বৃহৎ পৰিসৰত ধ্বংস কৰি পেলাইছিলো৷ বহু সন্ত্ৰাসবাদী নিহত হৈছিল৷ আমি পাকিস্তানৰ সন্ত্ৰাসবাদী ঘাটিবোৰ ধ্বংসাৱশেষলৈ ৰূপান্তৰিত কৰিছিলোঁ৷ গতিকে, দিশহাৰা পাকিস্তানৰ পৰা এটা আবেদন কৰা হৈছিল৷ এই কথা পাকিস্তানৰ পৰা কোৱা হৈছিল যে তেওঁলোকৰ পক্ষৰ পৰা আৰু কোনো সন্ত্ৰাসবাদী কাৰ্যকলাপ তথা সামৰিক দুষ্কাৰ্য কৰা নহ’ব ৷গতিকে ভাৰতেও এই কথা বিবেচনা কৰিলে। আৰু মই আকৌ কওঁ...আমি মাত্ৰ পাকিস্তানৰ সন্ত্ৰাসবাদী আৰু সামৰিক ঘাটিৰ বিৰুদ্ধে আমাৰ ব্যৱস্থা স্থগিতহে ৰাখিছো৷

অনাগত দিনত আমি পাকিস্তানৰ প্ৰতিটো খোজৰ হিচাব লম৷ তেওঁলোকে কি মনোভাৱ গ্ৰহণ কৰে সেয়া লক্ষ্য কৰিম৷

 

বন্ধুসকল,

ভাৰতৰ তিনিটা সেনাবাহিনী-আমাৰ বায়ুসেনা, আমাৰ সেনাবাহিনী আৰু আমাৰ নৌসেনা, আমাৰ সীমান্ত সুৰক্ষা বাহিনী-বিএছএফ, ভাৰতৰ অৰ্ধসামৰিক বাহিনী নিৰন্তৰ সষ্টম হৈ আছে ।ছাৰ্জিকেল ষ্ট্ৰাইক আৰু এয়াৰ ষ্ট্ৰাইকৰ পিছত এতিয়া অপাৰেচন সিন্দুৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ এক বলিষ্ঠ পদক্ষেপ হিচাবে পৰিগণিত হৈছে। ভাৰতে এয়া নীতিগতভাবে গ্ৰহণ কৰিছে৷ ছাৰ্জিকেল ষ্ট্ৰাইক আৰু এয়াৰ ষ্ট্ৰাইকৰ পিছত এতিয়া অপাৰেচন সিন্দুৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ সন্ত্ৰাসবাদ বিৰোধী নীতিৰ শক্তিশালী প্ৰমাণ হৈ পৰিছে। সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত নতুন ৰেখা টানিছে অপাৰেচন সিন্দুৰে। এটা নতুন মান, এটা নতুন ধৰণ নিৰ্ধাৰণ কৰা হৈছে।

প্ৰথম কথা - ভাৰতত সন্ত্ৰাসবাদী আক্ৰমণ হ’লে উপযুক্ত উত্তৰ দিয়া হ’ব।আমি নিজৰ ধৰণে, নিজৰ চৰ্তত সঁহাৰি জনাম।

সন্ত্ৰাসবাদৰ শিপা য’ৰ পৰা বিস্তাৰিত হৈছে তাতেই আমি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিম। দ্বিতীয়তে – ভাৰতে কোনো ধৰণৰ পাৰমাণৱিক ব্লেকমেইল সহ্য নকৰে। পাৰমাণৱিক ব্লেকমেইলৰ আৱৰণেৰে ঘেৰি ৰখা সন্ত্ৰাসবাদীৰ আত্মগোপনৰ স্থানসমূহত ভাৰতে এক নিখুঁত আৰু নিৰ্ণায়ক আক্ৰমণ চলাব। তৃতীয়তে, সন্ত্ৰাসবাদক পৃষ্ঠপোষকতা কৰা চৰকাৰখন আৰু সন্ত্ৰাসবাদৰ মালিকসকলক আমি পৃথক সত্তা হিচাপে কেতিয়াও নাচাম।

'অপাৰেচন সিন্দুৰ'ৰ সময়ত বিশ্বই আকৌ দেখিছে পাকিস্তানৰ কুৎসিত মুখ।যেতিয়া মৃত সন্ত্ৰাসবাদীক বিদায় দিয়া হৈছিল।

পাকিস্তানী সেনাৰ শীৰ্ষ বিষয়াৰ মাজত লৰাধপৰা লাগিছল। দেশ খনৰ পৃষ্ঠপোষকতাত চলি থকা সন্ত্ৰাসবাদৰ এয়া এক ডাঙৰ প্ৰমাণ। ভাৰত আৰু আমাৰ নাগৰিকক যিকোনো ভাবুকিৰ পৰা ৰক্ষা কৰিবলৈ আমি নিৰ্ণায়ক পদক্ষেপ গ্ৰহণ কৰি যাম।

 

বন্ধুসকল,

আমি প্ৰতিবাৰেই যুদ্ধক্ষেত্ৰত পাকিস্তানক পৰাস্ত কৰিছো আৰু এইবাৰ অপাৰেচন সিন্দুৰে ইয়াত এক নতুন মাত্ৰা সংযোজন কৰিলে। আমি মৰুভূমি আৰু পৰ্বতমালাত আমাৰ সামৰ্থ্য উজ্জ্বলভাৱে প্ৰদৰ্শন কৰিছো৷ লগতে আধুনিক যুদ্ধত নিজৰ শ্ৰেষ্ঠত্ব প্ৰমাণ কৰিছো।এই অপাৰেচনৰ সময়ত আমাৰ মেড ইন ইণ্ডিয়া অস্ত্ৰৰ সত্যতাও প্ৰমাণিত হ’ল। আজি বিশ্বই লক্ষ্য কৰিছে- একবিংশ শতিকাৰ যুদ্ধত মেড ইন ইণ্ডিয়া প্ৰতিৰক্ষা সঁজুলিৰ সময় আহি পৰিছে।

 

বন্ধুসকল,

আমাৰ আটাইতকৈ ডাঙৰ শক্তি হৈছে সকলো ধৰণৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে আমাৰ মাজত গঢ় লোৱা ঐক্য। এয়া নিশ্চিতভাৱে যুদ্ধৰ যুগ নহয়৷ কিন্তু এয়া সন্ত্ৰাসবাদৰো যুগ নহয়। সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীলতাই হৈছে এখন উন্নত পৃথিৱীৰ নিশ্চয়তা প্ৰদানৰ প্ৰথম চৰ্ত৷

 

বন্ধুসকল,

পাকিস্তানৰ সেনা, পাকিস্তান চৰকাৰে যি সন্ত্ৰাসবাদক লালন-পালন কৰি আহিছে এদিন সেই সন্ত্ৰাসবাদেই পাকিস্তানক ধ্বংস কৰিব। পাকিস্তানে যদি জীয়াই থাকিব বিচাৰে তেন্তে নিজৰ দেশত থকা সন্ত্ৰাসবাদীৰ ঘাটি ধ্বংস কৰিব লাগিব। ইয়াৰ বাহিৰে শান্তিৰ কোনো বিকল্প পথ নাই। এইক্ষেত্ৰত ভাৰতৰ স্থিতি অতি স্পষ্ট৷ আতংক আৰু আলোচনা একেলগে আগবাঢ়িব নোৱাৰে৷

সন্ত্ৰাস আৰু বাণিজ্য একেলগে আগুৱাব নোৱাৰে। আনকি পানী আৰু তেজ একেলগে বৈ যাব নোৱাৰে। আজি বিশ্ব সমাজকো ক'ব বিচাৰিছো- আমাৰ ঘোষিত নীতি হৈছে- পাকিস্তানৰ সৈতে যদি আলোচনা হয়, সেয়া হ'ব সন্ত্ৰাসবাদৰ বিষয়ত, যদি পাকিস্তানৰ সৈতে আলোচনা হয়, তেন্তে সেয়া হ'ব পাক অধিকৃত কাশ্মীৰৰ বিষয়ত৷

 

প্ৰিয় দেশবাসী,

আজি বুদ্ধ পূৰ্ণিমা।

ভগৱান বুদ্ধই আমাক শান্তিৰ পথ দেখুৱাইছে। শান্তিৰ পথো শক্তিৰ মাজেৰেই পৰিচালিত হয়৷ মানৱতা শান্তি আৰু সমৃদ্ধিৰ পথেৰে আগবাঢ়ি যাওক৷ প্ৰতিজন ভাৰতীয়ই শান্তিৰে জীয়াই থাকিবলৈ সক্ষম হওক৷ যিয়ে বিকশিত ভাৰতৰ সপোন পূৰণ কৰিব পাৰিব৷

ইয়াৰ বাবে ভাৰত শক্তিশালী হ'ব লাগিব আৰু প্ৰয়োজনৰ সময়ত শক্তি ব্যৱহাৰ কৰাটোও গুৰুত্বপূৰ্ণ কথা হৈ পৰিব। যোৱা কেইটামান দিনত ভাৰতে ঠিক এনে কামেই কৰিছে।ভাৰতীয় সেনা আৰু সশস্ত্ৰ বাহিনীক পুনৰবাৰ প্ৰণাম জনাইছো।

ভাৰতবাসীৰ সাহস আৰু ঐক্যক প্ৰণাম জনাইছো।

ধন্যবাদ...

ভাৰত মাতা কী জয় !!!

ভাৰত মাতা কী জয় !!!

ভাৰত মাতা কী জয় !!!