‘উন্নয়নৰ লগতে ঐতিহ্য’ মন্ত্ৰৰে আগবাঢ়িছে নিউ ইণ্ডিয়াঃ প্ৰধানমন্ত্ৰী
আমাৰ দেশ ঋষি, জ্ঞানী আৰু সাধুৰ ভূমি, আমাৰ সমাজখনে যেতিয়াই জটিল সময়ৰ মাজেৰে পাৰ হয়, তেতিয়াই কোনোবা ঋষি বা জ্ঞানী ব্যক্তিয়ে ভাৰতভূমিৰ সমাজখনক এক নতুন দিশ দিয়ে - প্ৰধানমন্ত্ৰী
দৰিদ্ৰ আৰু বঞ্চিত শ্ৰেণীৰ উন্নীতকৰণৰ সংকল্প, ‘সবকা সাথ, সবকা বিকাশ’ৰ মন্ত্ৰ, এই সেৱাৰ মনোভাৱেই এইখন চৰকাৰৰ নীতি আৰু দায়বদ্ধতা। - প্ৰধানমন্ত্ৰী
ভাৰতৰ দৰে দেশত আমাৰ সংস্কৃতি কেৱল আমাৰ পৰিচয়ৰ সৈতে জড়িত নহয়, ই আমাৰ এনে এক সংস্কৃতি যিয়ে আমাৰ সম্ভাৱনাক শক্তিশালী কৰে। - প্ৰধানমন্ত্ৰী

ভাৰতৰ সাংস্কৃতিক আৰু আধ্যাত্মিক ঐতিহ্যক আগুৱাই নিয়াৰ প্ৰতি থকা দায়বদ্ধতাৰ সৈতে সংগতি ৰাখি প্ৰধানমন্ত্ৰীয়ে আজি মধ্যপ্ৰদেশৰ অশোকনগৰ জিলাৰ ইছাগড় তহচিলৰ আনন্দপুৰ ধাম ভ্ৰমণ কৰে। গুৰুজী মহাৰাজ মন্দিৰত দৰ্শন আৰু পূজা কৰাৰ লগতে আনন্দপুৰ ধামৰ মন্দিৰ কমপ্লেক্স পৰিভ্ৰমণ কৰে। সভাত ভাষণ দি তেওঁ দিল্লী, হাৰিয়ানা, পঞ্জাৱ, দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বৃহৎ সংখ্যক ভক্তক আদৰণি জনায়। শ্ৰী আনন্দপুৰ ধাম ভ্ৰমণ কৰি তেওঁ সুখ প্ৰকাশ কৰি গুৰুজী মহাৰাজৰ মন্দিৰত প্ৰাৰ্থনা কৰাৰ অভিজ্ঞতা প্ৰকাশ কৰে আৰু কয় যে গুৰুজী মহাৰাজৰ মন্দিৰত প্ৰাৰ্থনা কৰিলে তেওঁৰ হৃদয় গভীৰ শান্তি আৰু আনন্দৰে ভৰি পৰে।

সন্তসকলে কঠোৰ তপস্যাৰে গঢ় দিয়া এই ভূমিৰ পবিত্ৰতাৰ কথা উল্লেখ কৰি কয় যে এই ভূমি এনে এক ভূমি য’ত নিস্বাৰ্থ সেৱা হৈছে জীৱন-ধাৰণৰ এক পদ্ধতি আৰু মমতাৰ মনোভাৱে মানৱতাৰ কল্যাণৰ পথ পৰিচালিত হয়, এই ভূমিৰ স্বকীয়তাৰ বিষয়ে উল্লেখ কৰি আৰু সাধুসকলৰ উদ্ধৃতি দি কয় যে দুখে অশোক নগৰত প্ৰৱেশ কৰিবলৈকে ভয় কৰে। তেওঁ বৈশাখী উদযাপন আৰু শ্ৰী গুৰু মহাৰাজ জীৰ জন্ম বাৰ্ষিকীত অংশগ্ৰহণ কৰি আনন্দ প্ৰকাশ কৰে আৰু প্ৰথম পদছাহি শ্ৰী শ্ৰী ১০৮ শ্ৰী স্বামী অদ্বৈত আনন্দ জী মহাৰাজৰ লগতে অন্যান্য পদছাহি সন্তসকললৈ শ্ৰদ্ধাঞ্জলি আগবঢ়ায়। তেখেতে দিনটোৰ ঐতিহাসিক তাৎপৰ্যৰ কথা উল্লেখ কৰি ১৯৩৬ চনত শ্ৰী দ্বিতীয় পদছাহি জীৰ মহাসমাধি আৰু ১৯৬৪ চনত শ্ৰী তৃতীয় পদছাহি জীৰ প্ৰকৃত ৰূপৰ সৈতে মিলন ঘটাৰ এই এক অনুপম সন্ধিক্ষণ বুলি উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে এই শ্ৰদ্ধাৰ গুৰুসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে মা জাগেশ্বৰী দেৱী, মা বিজাসন, আৰু মা জানকী কৰিলা মাতা ধামলৈও প্ৰণিপাত জনায়। বৈশাখী আৰু শ্ৰী গুৰু মহাৰাজ জীৰ জন্ম বাৰ্ষিকী উপলক্ষেও তেওঁ সকলোকে শুভেচ্ছা জ্ঞাপন কৰে।

 

পূজ্য স্বামী অদ্বৈত আনন্দ জী মহাৰাজৰ জীৱনে এই কালজয়ী পৰম্পৰাক কেনেদৰে মূৰ্ত কৰি তুলিছে তাৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে “ভাৰত ঋষি, পণ্ডিত, আৰু সন্তসকলৰ দেশ, যিয়ে প্ৰত্যাহ্বানমূলক সময়ত সমাজক সদায় পথ প্ৰদৰ্শন কৰি আহিছে”। তেওঁ সেই যুগৰ কথাও উল্লেখ কৰে যেতিয়া আদি শংকৰাচাৰ্যৰ দৰে মহান আচাৰ্যই অদ্বৈত দৰ্শনৰ গভীৰ জ্ঞানেৰে জগতখনক আলোকিত কৰিছিল। সময়ৰ লগে লগে বিশেষকৈ ঔপনিৱেশিক কালত সমাজখন এই আধ্যাত্মিক শিপাৰ পৰা আঁতৰি যাবলৈ ধৰিছিল। তথাপিও এনে মুহূৰ্ততেই অদ্বৈতৰ শিক্ষাৰ জৰিয়তে দেশৰ আত্মাক পুনৰ জগাই তুলিবলৈ জ্ঞানধী সন্তসকল আগবাঢ়ি আহিছিল। প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে যে পূজ্য অদ্বৈত আনন্দ জী মহাৰাজে এই পবিত্ৰ উত্তৰাধিকাৰ অব্যাহত ৰাখিলে, অদ্বৈতৰ সাৰমৰ্মক সৰল কৰি দৈনন্দিন মানুহৰ বাবে সুলভ কৰি তুলিলে, যাৰ ফলত ইয়াৰ চিৰস্থায়ী প্ৰাসংগিকতা আৰু ব্যাপক প্ৰসাৰ সুনিশ্চিত হ’ল।

বস্তুগত প্ৰগতিৰ মাজত যুদ্ধ, সংঘাত, মানৱীয় মূল্যবোধৰ খহনীয়াই অনা জৰুৰী বিশ্বব্যাপী উদ্বেগৰ কথা কৈ শ্ৰী মোদীয়ে এই প্ৰত্যাহ্বানসমূহৰ মূল কাৰণ বুলি উল্লেখ কৰে বিভাজনৰ মানসিকতাক, যিয়ে মানুহক পৰস্পৰৰ পৰা পৰস্পৰক আঁতৰাই ৰাখে। তেওঁ লগতে কয়, “এই বিষয়সমূহৰ সমাধান অদ্বৈতৰ দৰ্শনত নিহিত হৈ আছে, যিয়ে কোনো দ্বৈততাৰ কল্পনা নকৰে”, তেওঁ গুৰুত্ব সহকাৰে কয় যে অদ্বৈত হৈছে প্ৰতিটো জীৱৰ মাজত ঐশ্বৰিকতাক দেখাৰ বিশ্বাস আৰু ইয়াৰ উপৰিও সমগ্ৰ সৃষ্টিক ঐশ্বৰিকতাৰ প্ৰকাশ হিচাপে গ্ৰহণ কৰা। এই নীতিটোক সুন্দৰকৈ সৰল কৰি তোলা পৰমহন দয়াল মহাৰাজৰ ‘আপুনি যি, ময়ো সেয়েই’ আপ্ত বাক্যৰ উদ্ধৃতি দিয়ে। তেওঁ "মোৰ আৰু আপোনাৰ" বিভাজন দূৰ কৰা চিন্তাৰ গভীৰতাৰ ওপৰত মন্তব্য কৰে আৰু কয় যে যদিহে ইয়াক সাৰ্বজনীনভাৱে আকোৱালি লোৱা হয়, তেন্তে ই সকলো সংঘাতৰ সমাধান কৰিব পাৰে।

 

প্রধানমন্ত্রীয়ে প্রথম পদশাহি পৰমহন দয়াল মহাৰাজ জীৰ শিক্ষা আৰু আনন্দপুৰ ধামৰ বিভিন্ন সেৱামুখী পদক্ষেপৰ বিষয়ে অন্তর্দৃষ্টি ভাগ-বতৰা কৰা চতে পদশাহি স্বামী শ্রী বিচাৰ পূৰ্ণ আনন্দ জি মহাৰাজৰ সৈতে হোৱা কথা-বতৰাৰ বিষয়ে কয়৷ আনন্দপুৰ ধামত প্ৰতিষ্ঠিত ধ্যান-ধাৰণাৰ পাঁচটা নীতিৰ ওপৰত আলোকপাত কৰি নিস্বাৰ্থ সেৱাক তাৰ ভিতৰত অন্যতম হিচাপে গুৰুত্ব আৰোপ কৰে। ভাৰতীয় সংস্কৃতিৰ ভেটি গঠন কৰা মানৱতাৰ সেৱাৰ কাৰ্য্যত নাৰায়ণক দেখি তেওঁ নিস্বাৰ্থ মনোভাৱেৰে অভাৱগ্ৰস্ত লোকক সেৱা আগবঢ়োৱাৰ মনোভাৱৰ ওপৰত মন্তব্য কৰে। আনন্দপুৰ ট্ৰাষ্টে নিষ্ঠাৰে এই সেৱা সংস্কৃতিক আগুৱাই নিয়াৰ বাবে তেওঁ সুখ প্ৰকাশ কৰে। তেওঁ উল্লেখ কৰে যে এই ট্ৰাষ্টে হাজাৰ হাজাৰ ৰোগীৰ চিকিৎসা কৰা চিকিৎসালয় পৰিচালনা কৰে, বিনামূলীয়া চিকিৎসা শিবিৰৰ আয়োজন কৰে, গো কল্যাণৰ বাবে আধুনিক গোশালা চলায়, নৱপ্ৰজন্মৰ উত্তৰণৰ বাবে বিদ্যালয় পৰিচালনা কৰে। তেওঁ পৰিৱেশ সংৰক্ষণৰ জৰিয়তে মানৱতাৰ প্ৰতি আনন্দপুৰ ধামৰ উল্লেখযোগ্য অৱদানৰ প্ৰশংসা কৰি হাজাৰ হাজাৰ একৰ উৰ্বৰ ভূমিক সেউজ এলেকালৈ ৰূপান্তৰিত কৰাৰ ক্ষেত্ৰত আশ্ৰমৰ অনুগামীসকলে কৰা প্ৰচেষ্টাৰ ওপৰতো আলোকপাত কৰে আৰু কয় যে আশ্ৰমৰ দ্বাৰা ৰোপণ কৰা হাজাৰ হাজাৰ গছ এতিয়া পৰম্পৰাত পৰিণত হৈছে।

এই পথ প্ৰদৰ্শক নীতিয়ে ৰাষ্ট্ৰীয় নীতিসমূহক কেনেদৰে গঢ় দিয়ে তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, “চৰকাৰে গ্ৰহণ কৰা প্ৰতিটো পদক্ষেপৰ মূলতে সেৱাৰ মনোভাৱ নিহিত হৈ থাকে।” তেওঁ আলোকপাত কৰে যে প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ জৰিয়তে দেশৰ কোনো আৰ্তজনে খাদ্য সুৰক্ষিত কৰাৰ বাবে চিন্তা কৰিব নালাগে। একেদৰে আয়ুষ্মান ভাৰত আঁচনিখনে দৰিদ্ৰ আৰু বৃদ্ধসকলক স্বাস্থ্যসেৱাৰ গুৰুত্বপূৰ্ণ সহায় আগবঢ়াইছে, আৰু পি এম আৱাস যোজনাই অভাৱগ্ৰস্তসকলৰ বাবে সুৰক্ষিত বাসগৃহ নিশ্চিত কৰাত সহায় কৰিছে। তেওঁ লগতে গাঁৱে-ভূঞে পানীৰ অভাৱক সক্ৰিয়ভাৱে মোকাবিলা কৰি থকা জল জীৱন মিছন আৰু এইমছ, আই আই টি, আই আই এমৰ দৰে প্ৰতিষ্ঠানৰ অভূতপূৰ্ব সম্প্ৰসাৰণৰ কথাও আঙুলিয়াই দিয়ে, আনকি অৰ্থনৈতিকভাৱে বঞ্চিত শিশুসকলকো নিজৰ সপোন সাকাৰ কৰিবলৈ সক্ষম কৰি তোলাৰ কথাও উল্লেখ কৰে। শ্ৰী মোদীয়ে এজোপা গছ মাৰ নামত শীৰ্ষক অভিযানৰ দৰে পদক্ষেপৰ জৰিয়তে পৰিৱেশ সংৰক্ষণৰ প্ৰতি চৰকাৰৰ দৃঢ় প্ৰতিশ্ৰুতি পুনৰবাৰ উল্লেখ কৰে, যাৰ অধীনত সমগ্ৰ দেশতে কোটি কোটি গছ ৰোপণ কৰা হৈছে। তেওঁ উল্লেখ কৰে যে এই প্ৰচেষ্টাসমূহৰ পৰিসৰ আৰু প্ৰভাৱ নিস্বাৰ্থ সেৱাৰ প্ৰতি অটল সমৰ্পণৰ দ্বাৰা সম্ভৱ হৈছে। তেওঁ ‘সবকা সাথ, সবকা বিকাশ’ মন্ত্ৰৰ দ্বাৰা পৰিচালিত হৈ দৰিদ্ৰ আৰু প্ৰান্তীয় লোকসকলৰ উত্থানৰ বাবে চৰকাৰৰ সংকল্প পুনৰবাৰ উল্লেখ কৰে। তেওঁ পুনৰ দোহাৰি কয়, “এই সেৱাৰ মনোভাৱ কেৱল আমাৰ নীতি নহয়—এয়া আমাৰ প্ৰতিশ্ৰুতি।”

 

সেৱা কৰাৰ সংকল্পই কেৱল আনক উন্নীত কৰাই নহয় ব্যক্তিত্বকো সমৃদ্ধ কৰে বুলি গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰে যে সেৱাৰ মনোভাৱে মানুহৰ দৃষ্টিভংগীক সম্প্ৰসাৰিত কৰে আৰু ব্যক্তিত্বক সমাজ, দেশ আৰু সামগ্ৰিকভাৱে মানৱতাৰ লক্ষ্যৰ দৰে বৃহৎ লক্ষ্যৰ সৈতে সংযোগ কৰে। তেওঁ নিস্বাৰ্থ সেৱাত নিয়োজিতসকলৰ দায়বদ্ধতাক প্ৰশংসা কৰি উল্লেখ কৰে যে এনে নিষ্ঠাই মানুহক ব্যক্তিগত প্ৰত্যাহ্বান নেওচা দিব পৰাকৈ আৰু স্থিতিস্থাপকতাৰে প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ সক্ষম কৰে। সেৱাক আধ্যাত্মিক অনুশাসনৰ এক প্ৰকাৰ বুলি বৰ্ণনা কৰি তেওঁ ইয়াক পবিত্ৰ গংগাত স্নান কৰাৰ সৈতে তুলনা কৰে —  যিটো প্ৰথাত সকলোৱে অংশগ্ৰহণ কৰিব লাগে। দেশৰ আধ্যাত্মিক আৰু সাংস্কৃতিক ঐতিহ্যত উল্লেখযোগ্য অৱদান আগবঢ়োৱা অশোক নগৰ আৰু আনন্দপুৰ ধামৰ দৰে অঞ্চলক প্ৰতিপালন কৰা আৰু উন্নয়নৰ দায়িত্ব গ্ৰহণৰ বিষয়েও প্ৰধানমন্ত্ৰীয়ে কয়। তেওঁ অঞ্চলটোৰ শিল্প, সংস্কৃতি আৰু প্ৰাকৃতিক সৌন্দৰ্য্যৰ চহকী উত্তৰাধিকাৰৰ ওপৰতো আলোকপাত কৰি ইয়াৰ উন্নয়নৰ অপৰিসীম সম্ভাৱনাৰ ওপৰত আলোকপাত কৰে। তেওঁ মধ্যপ্ৰদেশ আৰু অশোক নগৰত অগ্ৰগতি ত্বৰান্বিত কৰাৰ বাবে চলি থকা প্ৰচেষ্টাসমূহৰ কথা উল্লেখ কৰে, ইয়াৰ ভিতৰত ভৌগোলিক সূচক (জি আই) টেগযুক্ত চান্দেৰী শাৰীলৈ স্বীকৃতি প্ৰদান, প্ৰাণপুৰত এখন ক্ৰাফ্ট হেণ্ডলুম টুৰিজিম ভিলেজ স্থাপন আদি সন্নিৱিষ্ট আছে, এই আটাইবোৰেই এক লক্ষ্যৰে আগবাঢ়িচএ, আৰু সেয়া হৈছে অৰ্থনৈতিক বিকাশ আৰু পৰম্পৰাগত কাৰুকাৰ্য্যক প্ৰসাৰিত কৰা। তেওঁ লগতে উল্লেখ কৰে যে মধ্যপ্ৰদেশ চৰকাৰে ইতিমধ্যে উজ্জয়ন সিংহস্থলৰ প্ৰস্তুতিও আৰম্ভ কৰিছে।

শেহতীয়াকৈ ৰাম নৱমী উৎসৱ উদযাপনৰ কথা উল্লেখ কৰি শ্ৰী মোদীয়ে "ৰাম বন গমন পথ"ৰ চলি থকা উন্নয়নৰ ওপৰত আলোকপাত কৰি এই পথৰ এক উল্লেখযোগ্য অংশ মধ্যপ্ৰদেশৰ মাজেৰে পাৰ হ'ব বুলিও কয়। তেওঁ মধ্যপ্ৰদেশৰ উল্লেখযোগ্য আৰু অনন্য পৰিচয়ৰ ওপৰত মন্তব্য কৰি কয় যে এই পদক্ষেপসমূহে ইয়াৰ স্বকীয়তা আৰু অধিক শক্তিশালী কৰিব।

 

প্ৰধানমন্ত্ৰীয়ে ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰত হোৱাৰ অভিলাষী দৃষ্টিভংগীক পুনৰ দৃঢ়তাৰে কয় আৰু এই লক্ষ্যত উপনীত হ’বলৈ দেশৰ সামৰ্থ্যৰ ওপৰত দৃঢ় আস্থা প্ৰকাশ কৰে। তেওঁ প্ৰগতিৰ পথত ভাৰতৰ প্ৰাচীন সাংস্কৃতিক ঐতিহ্য সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰি কয় যে বহু দেশে উন্নয়নৰ সন্ধানত নিজৰ পৰম্পৰাৰ সৈতে সম্পৰ্ক হেৰুৱাই পেলাইছে যদিও ভাৰতে নিজৰ ঐতিহ্যৰ মাজত গভীৰভাৱে শিপাই থাকিব লাগিব। এই মূল্যবোধসমূহ ৰক্ষা কৰাৰ ক্ষেত্ৰত আনন্দপুৰ ধাম ট্ৰাষ্টক প্ৰশংসা কৰি তেওঁ কয়, “ভাৰতৰ সংস্কৃতি কেৱল ইয়াৰ পৰিচয়ৰ কেন্দ্ৰীয় বিষয় নহয়—ই শক্তিৰো উৎস।” তেওঁ বিশ্বাস প্ৰকাশ কৰে যে ট্ৰাষ্টৰ সেৱামুখী পদক্ষেপে এখন উন্নত আৰু সাংস্কৃতিকভাৱে সমৃদ্ধ ভাৰতৰ দৃষ্টিভংগীলৈ নৱ শক্তি কঢ়িয়াই আনিব। ভাষণৰ সামৰণিত প্ৰধানমন্ত্ৰীয়ে বৈশাখী আৰু শ্ৰী গুৰু মহাৰাজ জীৰ জন্ম জয়ন্তী উপলক্ষে সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।

এই অনুষ্ঠানত মধ্যপ্ৰদেশৰ ৰাজ্যপাল শ্ৰী মংগুভাই পেটেল, মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী মোহন যাদৱ, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীযুত জ্যোতিৰাদিত্য সিন্ধিয়াকে ধৰি অন্যান্য সকল উপস্থিত থাকে।

 

পটভূমি

আধ্যাত্মিক আৰু দানশীল কামত আত্মনিয়োগ কৰিবৰ বাবেই আনন্দপুৰ ধাম প্ৰতিষ্ঠা কৰা হৈছিল। ৩১৫ হেক্টৰ ভূমিত ৫০০ৰো অধিক গোধন থকা এক অত্যাধুনিক গোশালা আছে আৰু শ্ৰী আনন্দপুৰ ট্ৰাষ্ট চৌহদৰ অধীনত এই প্ৰতিষ্ঠানে কৃষিকাৰ্য্য চলায়। এই ট্ৰাষ্টে সুখপুৰ গাঁৱত এখন দাতব্য চিকিৎসালয়, সুখপুৰ আৰু আনন্দপুৰৰ বিদ্যালয় আৰু দেশৰ বিভিন্ন সৎসঙ্গ কেন্দ্ৰ পৰিচালনা কৰি আহিছে।

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's airport passenger handling capacity crosses 580 million: Govt

Media Coverage

India's airport passenger handling capacity crosses 580 million: Govt
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam applauding the effort and dedication of India's Youth
August 04, 2026

The Prime Minister, Shri Narendra Modi, shared a Sanskrit Subhashitam applauding the effort and dedication of India's Youth:

"न हि ज्ञानेन सदृशं पवित्रमिह विद्यते ।

तत्स्वयं योगसंसिद्ध: कालेनात्मनि विन्दति ॥"

Shri Modi said that through continuous effort and dedication, our talents are honed and refined, and our youth is imbibing these very qualities and bringing glory to India.

The Prime Minister posted on X:

निरंतर प्रयास और साधना से हमारी प्रतिभा और निखरती है। आज हमारे युवा इन्हीं गुणों को आत्मसात कर दुनियाभर में देश का नाम रोशन कर रहे हैं।

न हि ज्ञानेन सदृशं पवित्रमिह विद्यते ।

तत्स्वयं योगसंसिद्ध: कालेनात्मनि विन्दति ॥