ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত পলাশবাৰী আৰু শুৱালকুছি সংযোগী এখন দলঙৰ আধাৰশিলা স্থাপন কৰে আৰু ৰংঘৰ সৌন্দৰ্যবৰ্ধন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে
নামৰূপত ৫০০ টিপিডি মিথানল প্ৰকল্প উদ্বোধন কৰে
পাঁচটা ৰেল প্ৰকল্প দেশবাসীলৈ উৎসৰ্গা কৰে
১০,০০০ ৰো অধিক প্ৰদৰ্শনকাৰীৰ সৈতে মেগা বিহু নৃত্য প্ৰদৰ্শনৰ সাক্ষী হৈ ৰয়
"এয়া কল্পনাৰ বাহিৰত, এয়া অভূতপূৰ্ব, এয়া হৈছে অসম"
"অসম অৱশেষত এ-ৱান ৰাজ্য হৈ পৰিছে"
"প্ৰতিজন ভাৰতীয়ৰ চেতনা দেশৰ মাটি আৰু পৰম্পৰাৰ জৰিয়তে প্ৰস্তুত হয় আৰু ই বিকশিত ভাৰতৰ ভেটিও"
"ৰঙালী বিহু হৈছে অসমৰ জনসাধাৰণৰ বাবে হৃদয় আৰু আত্মাৰ উৎসৱ"
"বিকশিত ভাৰত আমাৰ আটাইতকৈ ডাঙৰ সপোন"
"আজি সংযোগ হৈছে এক চতুৰ্মুখী মহাযজ্ঞ, ভৌতিক সংযোগ, ডিজিটেল সংযোগ, সামাজিক সংযোগ আৰু সাংস্কৃতিক সংযোগ"
"উত্তৰ-পূবৰ পৰা অবিশ্বাসৰ পৰিৱেশ আঁতৰি গৈ আছে"

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অসমৰ গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত ১০,৯০০ কোটি টকাৰো অধিক মূল্যৰ বিভিন্ন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে আৰু দেশবাসীলৈ উৎসৰ্গা কৰে। প্ৰকল্পসমূহৰ ভিতৰত আছে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত পলাশবাৰী আৰু শুৱালকুছি সংযোগী এখন দলঙৰ আধাৰশিলা স্থাপন, শিৱসাগৰৰ ৰংঘৰৰ সৌন্দৰ্যবৰ্ধনৰ প্ৰকল্প, নামৰূপত ৫০০ টিপিডি মিথানল প্ৰকল্পৰ উদ্বোধন আৰু পাঁচটা ৰে'ল প্ৰকল্প দেশবাসীলৈ উৎসৰ্গা। প্ৰধানমন্ত্ৰীয়ে দহ হাজাৰৰো অধিক বিহু নৃত্যশিল্পীৰ দ্বাৰা পৰিৱেশন কৰা এক বৰ্ণিল বিহু কাৰ্যসূচীও প্ৰত্যক্ষ কৰে।

সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় কৰে যে আজিৰ এই চমৎকাৰ দৃশ্য চোৱা যিকোনো লোকে তেওঁৰ গোটেই জীৱনকালত এই কথা কেতিয়াও পাহৰিব নোৱাৰে। "ই কল্পনাৰ বাহিৰত, ই অভূতপূৰ্ব। এয়া হৈছে অসম", প্ৰধানমন্ত্ৰীয়ে কয়, "ঢোল, পেঁপা আৰু গগণাৰ শব্দ আজি সমগ্ৰ ভাৰততে শুনা গৈছে। অসমৰ হাজাৰ হাজাৰ শিল্পীৰ প্ৰচেষ্টা আৰু সমন্বয় দেশৰ লগতে বিশ্বই অতি গৌৰৱেৰে প্ৰত্যক্ষ কৰিছে।" এই অনুষ্ঠানৰ তাৎপৰ্যৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে শিল্পীসকলৰ সত্বা আৰু উৎসাহক প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰীয়ে বিধানসভা নিৰ্বাচনৰ সময়ত ৰাজ্যখন ভ্ৰমণৰ কথা স্মৰণ কৰি কয় যে তেওঁ এনে এটা দিনৰ বিষয়ে মন্তব্য কৰিছিল য’ত মানুহে 'এ ফৰ আছাম' বুলি ক’ব আৰু তেওঁ কয় যে ৰাজ্যখন অৱশেষত এ-ৱান ৰাজ্যলৈ পৰিণত হৈছে। প্ৰধানমন্ত্ৰীয়ে বিহু উপলক্ষে অসম তথা দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰে।

 

প্ৰধানমন্ত্ৰীয়ে কয় যে পঞ্জাৱকে ধৰি উত্তৰ ভাৰতৰ ৰাজ্যসমূহত বৈশাখী উদযাপন কৰা হৈছে। বেংগলৰ লোকসকলে পইলা বৈশাখ উদযাপন কৰি থকাৰ সময়তে কেৰালাত বিশু উদযাপন কৰা হৈছে। তেওঁ কয়, এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ আত্মা প্ৰতিফলিত কৰা আৰু সবকা প্ৰয়াসৰ সৈতে বিকশিত ভাৰতৰ সংকল্প পূৰণ কৰাৰ বাবে ই এক অনুপ্ৰেৰণা। তেওঁ আজিৰ এইমছ, তিনিখন চিকিৎসা মহাবিদ্যালয়, ৰে'ল প্ৰকল্প, মিথানল প্ৰকল্প, ব্ৰহ্মপুত্ৰৰ দলং আৰু ৰংঘৰৰ পুনৰ্বিকাশ তথা সৌন্দৰ্যবৰ্ধনকে ধৰি বহুতো প্ৰকল্পৰ বিষয়ে আলোকপাত কৰি আনন্দ প্ৰকাশ কৰে।

প্ৰধানমন্ত্ৰীয়ে অসমৰ জনসাধাৰণক তেওঁলোকৰ সংস্কৃতি সংৰক্ষণৰ বাবে প্ৰশংসা কৰে আৰু আজি তেওঁলোকে আগবঢ়োৱা মহান কাৰ্যসূচীৰো প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰীয়ে কয়, "আমাৰ উৎসৱবোৰ কেৱল এক সাংস্কৃতিক প্ৰদৰ্শন নহয়, সকলোকে একত্ৰিত কৰাৰ ই এক মাধ্যম আৰু একেলগে আগবাঢ়ি যোৱাৰ অনুপ্ৰেৰণাস্বৰূপ"। তেওঁ আগলৈ কয় যে ৰঙালী বিহু অসমৰ জনসাধাৰণৰ বাবে হৃদয় আৰু আত্মাৰ উৎসৱ। ই জনসাধাৰণৰ মাজত বিভাজন দূৰ  কৰে আৰু মানুহ তথা প্ৰকৃতিৰ মাজত নিখুঁত সমন্বয়ৰ প্ৰতীক হিচাপে কাম কৰে।"

 

ভাৰতৰ বিশেষত্ব হৈছে ইয়াৰ পৰম্পৰা যি হাজাৰ হাজাৰ বছৰ ধৰি প্ৰতিজন ভাৰতীয়ক একেলগে সংযোগ কৰি আহিছে, প্ৰধানমন্ত্ৰীয়ে এইবুলি মন্তব্য কৰে। তেওঁ কয় যে দেশখনে দাসত্বৰ অন্ধকাৰ সময়ৰ বিৰুদ্ধে একেলগে থিয় দিছিল আৰু ভাৰতৰ সংস্কৃতি আৰু ঐতিহ্যৰ ওপৰত অজস্ৰ আঘাতৰ সন্মুখীন হৈছিল। তেওঁ কয় যে ভাৰতে বিভিন্ন শাসকৰ পৰিৱৰ্তন স্বত্বেও অমৰ হৈ ৰৈছে। "প্ৰতিজন ভাৰতীয়ৰ চেতনা দেশৰ মাটি আৰু পৰম্পৰাৰ পৰা গঠন হয়  আৰু ই বিকশিত ভাৰতৰ ভেটিও", প্ৰধানমন্ত্ৰীয়ে এইবুলি মন্তব্য কৰে। 

প্ৰসিদ্ধ গীতিকাৰ তথা চলচ্চিত্ৰ নিৰ্মাতা জ্যোতি প্ৰসাদ আগৰৱালাৰ বিশ্ব বিজয় নজোৱান শীৰ্ষক গীতটিৰ কথা স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই গীতটো অসম তথা সমগ্ৰ ভাৰতৰ যুৱপ্ৰজন্মৰ বাবে অনুপ্ৰেৰণাৰ উৎস হৈ পৰিছে। শ্ৰী মোদীয়ে উপস্থিত লোকসকলৰ সন্মুখত প্ৰচুৰ প্ৰশংসাৰে গীতটো বৰ্ণনা কৰে। তেওঁ কয় যে গীতটোৱে ভাৰতৰ যুৱসকলক ভাৰত মাতৃৰ আহ্বান শুনিবলৈ আৰু পৰিৱৰ্তনৰ বাহক হ'বলৈ অনুৰোধ জনাইছে। " এই গীতটো লিখাৰ সময়ত স্বাধীন ভাৰতৰ সপোন আটাইতকৈ ডাঙৰ সপোন আছিল, আজি যেতিয়া আমি মুক্ত হৈছো, বিকশিত ভাৰত হৈছে এতিয়াৰ আটাইতকৈ ডাঙৰ সপোন", প্ৰধানমন্ত্ৰীয়ে ভাৰত আৰু অসমৰ যুৱসকলক আগবাঢ়ি যাবলৈ আৰু বিকশিত ভাৰতৰ দুৱাৰ মুকলি কৰিবলৈ আহ্বান জনায়।   

বিকশিত ভাৰতৰ বাবে কোন দায়ৱদ্ধ সেই সন্দৰ্ভত জনসাধাৰণৰ সৈতে হোৱা বাৰ্তালাপৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এয়া হৈছে দেশৰ জনসাধাৰণ আৰু ১৪০ কোটি ভাৰতীয় নাগৰিকৰ বিশ্বাস। চৰকাৰে পৰম সততাৰে নাগৰিকৰ পথত অহা যিকোনো বাধা আঁতৰাবলৈ চেষ্টা কৰে আৰু আজিৰ প্ৰকল্পসমূহ ইয়াৰ এক উজ্জ্বল উদাহৰণ বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে ৷

 

প্ৰধানমন্ত্ৰীয়ে কয় যে দীৰ্ঘদিন ধৰি সংযোগৰ দৃষ্টিভংগী এটা বিন্দুৰ পৰা আনটো বিন্দুলৈ যোৱাৰ অতি সংকীৰ্ণ অৰ্থত চিন্তা কৰা হৈছিল। প্ৰধানমন্ত্ৰীয়ে কয় যে আজি যোগাযোগৰ ক্ষেত্ৰত সমগ্ৰ দৃষ্টিভংগী সলনি কৰা হৈছে। আজি সংযোগ হৈছে এক চতুৰ্মুখী পদক্ষেপ (মহাযজ্ঞ), তেওঁ কয়। তেওঁ কয় যে এই চাৰিটা দিশ হৈছে- ভৌতিক সংযোগ, ডিজিটেল সংযোগ, সামাজিক সংযোগ আৰু সাংস্কৃতিক সংযোগ।  

সাংস্কৃতিক সংযোগৰ কথা উল্লেখ কৰি শ্ৰী মোদীয়ে দিল্লীত মহান অসম যোদ্ধা লাচিত বৰফুকনৰ ৪০০ তম জন্মজয়ন্তী বৰ্ষৰ বিশাল উদযাপনৰ উদাহৰণ দাঙি ধৰে। তেওঁ ৰাণী গাইডিলু, কাশী তামিল সংগম, সৌৰাষ্ট্ৰ তামিল সংগম আৰু কেদাৰনাথ-কামাখ্যাৰ বিষয়ে কথা পাতি সাংস্কৃতিক সংযোগৰ উদাহৰণ দাঙি ধৰে। "আজি প্ৰতিটো চিন্তা আৰু সংস্কৃতিৰ মাজত সংযোগ গভীৰ কৰা হৈছে", তেওঁ কয়। তেওঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শেহতীয়া মাধৱপুৰ মেলা ভ্ৰমণৰ কথা উল্লেখ কৰি কয় যে কৃষ্ণ ৰুক্মিণীৰ এই বন্ধনে উত্তৰ-পূবক পশ্চিম ভাৰতৰ সৈতে সংযোগ কৰিছে। তেওঁ লগতে কয় যে মুগা চিল্ক, তেজপুৰৰ লিচু, জহা চাউল, বোকা চাউল, কাজি নেমুৰ পিছত এতিয়া গামোছাই জিআই টেগ লাভ কৰিছে, এইটো আমাৰ ভগ্নীসকলৰ অসমৰ কলা আৰু শ্ৰমক দেশৰ বাকী অংশলৈ লৈ যোৱাৰ এক প্ৰয়াস, তেওঁ লগতে কয়।

পৰ্যটনৰ জৰিয়তে সমগ্ৰ বিশ্বতে ভাৰতৰ বিভিন্ন সংস্কৃতিৰ বিষয়ে কথোপকথন চলি আছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই ঠাইসমূহ ভ্ৰমণ কৰা পৰ্যটকসকলে কেৱল অভিজ্ঞতাৰ বাবে ধন খৰচ কৰাই নহয়, বৰঞ্চ সংস্কৃতিৰ এটা অংশও স্মৃতি হিচাপে লৈ যায়। প্ৰধানমন্ত্ৰীয়ে কয় যে, উত্তৰ-পূবত ভৌতিক সংযোগৰ অভাৱৰ বিষয়টো সদায়েই  এক অগ্ৰাধিকাৰৰ বিষয়  আছিল ৷ সেয়ে বৰ্তমানৰ চৰকাৰে অঞ্চলটোত পথ, ৰে'ল আৰু বিমান সংযোগৰ ওপৰত গুৰুত্ব আৰোপ কৰি এই সমস্যা সমাধান কৰি আহিছে। বিগত ৯ বছৰত যোগাযোগ সম্প্ৰসাৰণৰ ক্ষেত্ৰত লাভ কৰা সাফল্যৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে উত্তৰ-পূবৰ বেছিভাগ গাওঁলৈ সৰ্বপথ সংযোগ, কাৰ্যক্ষম হৈ পৰা নতুন বিমানবন্দৰ আৰু প্ৰথমবাৰৰ বাবে বাণিজ্যিক বিমান অৱতৰণ, মণিপুৰ আৰু ত্ৰিপুৰাত উপস্থিত হোৱা ব্ৰডগজ ৰে'লৰ বিষয়ে উল্লেখ কৰে ৷ উত্তৰ-পূবত পূৰ্বতকৈ তিনিগুণ দ্ৰুতগতিত নতুন ৰে'ল লাইন স্থাপন কৰা হৈছে  আৰু দ্বৈত ৰে’ল লাইন আগৰ তুলনাত প্ৰায় ১০ গুণ দ্ৰুতগতিত নিৰ্মাণ কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে আজি ৬,০০০ কোটি টকাৰ অধিক মূল্যৰ ৫টা ৰে'ল প্ৰকল্পই অসমকে ধৰি অঞ্চলটোৰ এক বৃহৎ অংশৰ উন্নয়ন ত্বৰান্বিত কৰিব। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে  প্ৰথমবাৰৰ বাবে অসমৰ এক বৃহৎ অংশত ৰে'ল লাইন উপনীত হৈছে আৰু ৰে'ল লাইন দুগুণ কৰাৰ ফলত অসম তথা মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা আৰু নাগালেণ্ডলৈ সংযোগ সহজ হৈ পৰিব। তেওঁ এইটোও উল্লেখ কৰে যে ধৰ্মীয়স্থল আৰু পৰ্যটনমূলক স্থানলৈ ভ্ৰমণ এতিয়া সহজ হৈ পৰিব।

 

প্ৰধানমন্ত্ৰীয়ে বগীবিল দলং আৰু ধলা-শদিয়া-ভূপেন হাজৰিকা দলং উৎসৰ্গা কৰিবলৈ অহাৰ সময়ৰ কথা স্মৰণ কৰে। তেওঁ যোৱা ৯ বছৰত নতুন প্ৰকল্পৰ গতি আৰু পৰিমাণৰ ওপৰত আলোকপাত কৰে। তেওঁ কয় যে ব্ৰহ্মপুত্ৰৰ ওপৰত দলঙৰ নেটৱৰ্ক যোৱা ৯ বছৰত কৰা কামৰ ফলস্বৰূপে সম্পন্ন হৈছে আৰু আজিৰ দলং প্ৰকল্পই শুৱালকুছি ৰেচম উদ্যোগক লাভান্বিত কৰিব।

বিগত ৯ বছৰত সামাজিক সংযোগ বৃদ্ধিৰ বাবে দ্বৈত ইঞ্জিন চৰকাৰে কৰা কামৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে স্বচ্ছ ভাৰত অভিযানৰ উদাহৰণ দিয়ে যাৰ ফলত লাখ লাখ গাওঁ মুকলিত শৌচমুক্ত হৈ পৰিছে, প্ৰধানমন্ত্ৰী আৱাস যোজনা যি কোটি কোটি লোকক ঘৰ প্ৰদান কৰাত সহায় কৰে, বিদ্যুতৰ বাবে সৌভাগ্য যোজনা, গেছ চিলিণ্ডাৰৰ বাবে উজ্জ্বলা যোজনা আৰু নলযুক্ত পানী যোগানৰ বাবে জল জীৱন মিছন এই সমূহৰ ভিতৰত অন্যতম। প্ৰধানমন্ত্ৰীয়ে ডিজিটেল ইণ্ডিয়া মিছন আৰু কম ব্যয়ৰ ডাটাৰ কথাও উল্লেখ কৰে যিয়ে নাগৰিকসকলৰ জীৱন সহজ কৰি তুলিছে। "এই সকলোবোৰ ঘৰ, এই সকলো পৰিয়ালে উচ্চাকাংক্ষী ভাৰতক প্ৰতিনিধিত্ব কৰে। এইবোৰ হৈছে ভাৰতৰ শক্তি যি উন্নত ভাৰতৰ সপোন বাস্তৱায়িত কৰি তুলিব", প্ৰধানমন্ত্ৰীয়ে কয়।

প্ৰধানমন্ত্ৰীয়ে কয় যে উন্নয়নৰ বাবে বিশ্বাসো সমানে শক্তিশালী হ'ব লাগে। তেওঁ কয়, "আমাৰ চৰকাৰৰ প্ৰচেষ্টাৰ বাবে আজি উত্তৰ-পূবৰ সকলো ঠাইতে স্থায়ী শান্তি বিয়পি পৰিছে। বহুতো যুৱকে হিংসাৰ পথ এৰি বিকাশৰ পথত আগবাঢ়িবলৈ আৰম্ভ কৰিছে। উত্তৰ-পূবৰ পৰা অবিশ্বাসৰ পৰিৱেশ আঁতৰি গৈছে, হৃদয়ৰ মাজৰ দূৰত্ব নাইকিয়া হৈছে।" তেওঁ শেষত কয়, "স্বাধীনতাৰ অমৃত কালত এখন উন্নত ভাৰত গঢ়ি তুলিবলৈ আমি এই পৰিৱেশ উন্নত কৰিব লাগিব। আমি সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস আৰু সবকা প্ৰয়াসৰ সত্বাৰ সৈতে আগবাঢ়িব লাগিব ৷"

 

উল্লেখ্য, অসমৰ ৰাজ্যপাল শ্ৰী গুলাব চান্দ কাটাৰিয়া, অসমৰ মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় ৰে'ল মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱ, কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ ৰাজ্যমন্ত্ৰী শ্ৰী ৰামেশ্বৰ তেলী আৰু অসম চৰকাৰৰ বিভিন্ন মন্ত্ৰী অনুষ্ঠানটোত উপস্থিত আছিল।

পৃষ্ঠভূমি

প্ৰধানমন্ত্ৰীয়ে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত পলাশবাৰী আৰু শুৱালকুছি সংযোগী এখন দলঙৰ আধাৰশিলা স্থাপন কৰে। দলংখনে অঞ্চলটোত অতি প্ৰয়োজনীয় সংযোগৰ সুবিধা প্ৰদান কৰিব। তেওঁ ডিব্ৰুগড়ৰ নামৰূপত এটা ৫০০ টিপিডি মিথানল প্ৰকল্পও মুকলি কৰে। তেওঁ অঞ্চলটোৰ ৰে’ল পথৰ বিভিন্ন্ শাখাৰ দ্বৈতকৰণ আৰু বৈদ্যুতিকীকৰণকে ধৰি পাঁচটা ৰে'ল প্ৰকল্পও উদ্বোধন কৰে।

উদ্বোধন কৰা ৰে'ল প্ৰকল্পসমূহৰ ভিতৰত আছে ডিগাৰু - লামডিং শাখা; গৌৰীপুৰ - অভয়পুৰী শাখা; নিউ বঙাইগাঁও - ধুপধৰা শাখাৰ দ্বৈতকৰণ; ৰাণীনগৰ জলপাইগুৰি - গুৱাহাটী শাখাৰ বৈদ্যুতিকীকৰণ; শেনচোৱা - শিলঘাট টাউন আৰু শেনচোৱা - মৈইৰাবাৰী শাখাৰ বৈদ্যুতিকীকৰণ।

প্ৰধানমন্ত্ৰীয়ে লগতে শিৱসাগৰৰ ৰংঘৰৰ সৌন্দৰ্যবৰ্ধনৰ বাবে প্ৰকল্পটোৰ আধাৰশিলা স্থাপন কৰে, যাৰ ফলত সেই স্থানত পৰ্যটকৰ সুবিধা বৃদ্ধি পাব। ৰংঘৰৰ সৌন্দৰ্যবৰ্ধনৰ প্ৰকল্পটোৱে এক বিশাল জলাশয়ৰ চাৰিওফালে নিৰ্মাণ কৰা ফাউণ্টেইন শ্ব'ৰ দৰে সুবিধা প্ৰদান কৰিব আৰু মূখ্য জলাশয়ৰ চাৰিওফালে নিৰ্মাণ কৰা ফাউণ্টেইন শ্ব', দুঃসাহসিক নাও যাত্ৰাৰ বাবে জেটি থকা এখন নাও, স্থানীয় হস্তশিল্পৰ প্ৰচাৰৰ বাবে এখন শিল্পী গাওঁ, খাদ্য প্ৰেমীসকলৰ বাবে বিবিধ জাতিগত ৰন্ধন প্ৰণালীৰ আদিৰ সুবিধা প্ৰদান কৰা হ'ব। শিৱসাগৰত অৱস্থিত ৰংঘৰ হৈছে সংস্কৃতি আৰু পৰম্পৰাগত চিত্ৰায়নৰ বাবে আটাইতকৈ প্ৰতিষ্ঠিত গাঁথনি। ইয়াক অষ্টাদশ শতিকাত আহোম স্বৰ্গদেও প্ৰমত্ত সিংহই নিৰ্মাণ কৰিছিল।

প্ৰধানমন্ত্ৰীয়ে অসমৰ বিহু নৃত্যক বিশ্বব্যাপী প্ৰদৰ্শন কৰাৰ বাবে আয়োজন কৰা এক বৃহৎ বিহু নৃত্যও প্ৰত্যক্ষ কৰে। এই অনুষ্ঠানটোত এটা স্থানত ১০,০০০ ৰো অধিক বিহু শিল্পী উপস্থিত থাকে আৰু একক স্থানত বিশ্বৰ সৰ্ববৃহৎ বিহু নৃত্য প্ৰদৰ্শনৰ শ্ৰেণীত নতুন গিনিছ ৱৰ্ল্ড ৰেকৰ্ডৰ বাবে একত্ৰিত হৈছে। ইয়াত ৰাজ্যখনৰ ৩১ খন জিলাৰ শিল্পীসকলে অংশগ্ৰহণ কৰিছে।

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
From conflict to progress: Remote Irpanar village in Chhattisgarh gets electricity

Media Coverage

From conflict to progress: Remote Irpanar village in Chhattisgarh gets electricity
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 27 এপ্ৰিল 2026
April 27, 2026

Sabka Saath, Sabka Vikas 2.0: PM Modi Delivers Self-Reliance, Global Trade & National Pride