‘কেন বেটৱা সংযোগী প্ৰকল্প’ সন্দৰ্ভত ঐতিহাসিক সহযোগিতা চুক্তিত স্বাক্ষৰ
ভাৰতৰ উন্নয়ণ আৰু আত্ম-নিৰ্ভৰশীলতা জল সুৰক্ষা আৰু জল-সংযুক্তকণৰে নিৰ্ভৰশীল : প্ৰধানমন্ত্ৰী
অত্যন্ত গম্ভীৰতাৰে জল পৰীক্ষণত গুৰুত্ব আৰোপ কৰা হৈছে : প্ৰধানমন্ত্ৰী

‘বিশ্ব জল দিৱস’ উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ভিডিঅ’ কনফাৰেন্সিং’ ব্যৱস্থাৰে ‘জল শক্তি অভিযান : বৰষুণ ধৰো আহক’ শীৰ্ষক সজাগতা কাৰ্যক্ৰমৰ শুভাৰম্ভ কৰে। প্ৰধানমন্ত্ৰীৰ উপস্থিতিত ‘কেন বেটৱা সংযোগী প্ৰকল্প’ৰ বাবে কেন্দ্ৰীয় জল শক্তি বিভাগৰ মন্ত্ৰীগৰাকীৰ সৈতে মধ্য প্ৰদেশ আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীদ্বয়ে এক বুজাবুজিৰ চুক্তিত স্বাক্ষৰ দানো কৰে। নদী-সংযোগীকৰণ সন্দৰ্ভত এইটো হ’ল দেশৰ প্ৰথমটো ‘ৰাষ্ট্ৰীয় পৰিপ্ৰেক্ষ পৰিযোজনা’। অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে ৰাজস্থান, উত্তৰাখণ্ড, কৰ্ণাটক, মহাৰাষ্ট্ৰ আৰু গুজৰাটৰ ‘সৰপঞ্চ’সকলৰ সৈতেও বাৰ্তালাপ কৰে।

অনুষ্ঠানত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কয় যে ‘বিশ্ব জল দিৱস’ৰ দিনটোতে ‘কেন বেটৱা সংযোগী নলা’ৰ লগতে ‘বৰষুণ ধৰো আহক’ সজাগতা কাৰ্যক্ৰমৰ দৰে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হৈছে। ‘এই পৰিযোজনাই উত্তৰ প্ৰদেশ আৰু মধ্য প্ৰদেশৰ লাখ লাখ পৰিয়ালক উপকৃত কৰাৰ বাবে অটল জীয়ে দেখা সপোনটোক বাস্তৱায়িত কৰিব। জল সুৰক্ষা আৰু প্ৰভাৱশালী জল প্ৰবন্ধন অবিহণে নিৰবিচ্ছিন্ন উন্নয়ণৰ আশা কৰিব নোৱাৰি। ইফালে, ভাৰতৰ উন্নয়ণ আৰু আত্ম নিৰ্ভশীলতাৰ স্বপ্ন সৰ্থক হোৱাটো নিৰ্ভৰ কৰিব আমাৰ জল-উত্স আৰু আমাৰ জল-সংযোগীকৰণৰ ওপৰত’ বুলিও তেওঁ উল্লেখ কৰে।

ভাৰতৰ উন্নয়ণৰ গতিৰ সৈতে সমান্তৰাল ভাবেই বৃদ্ধি পাইছে জল-সংকটৰ প্ৰত্যাহ্বানো। প্ৰধানমন্ত্ৰীয়ে কয়, ‘দেশৰ ভৱিষ্যত প্ৰজন্মৰ প্ৰতি দায়বদ্ধতা পূৰণ কৰাটো বৰ্তমান প্ৰজন্মৰ দায়িত্ব হ’ব। চৰকাৰে জল-প্ৰশাসনক ইয়াৰ নীতি আৰু সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত প্ৰাথমিকতা প্ৰদান কৰিছে’ বুলিও তেওঁ প্ৰসংগক্ৰমে উল্লেখ কৰে। এই দিশত বিগত ৬টা বছৰত চৰকাৰে বহুবোৰ পদক্ষেপ গ্ৰহণ কৰিছে। তেওঁ এই প্ৰসংগত ‘প্ৰধানমন্ত্ৰী কৃষি সিঞ্চয়ী যোজনা’, ‘হৰ খেত কো পানী’, ‘প্ৰতিটো টোপালত অধিক শস্য’ৰ দৰে সজাগতা অভিযান, ‘নমামী গংগে মিছন’, ‘জল জীৱন মিছন’ কিম্বা ‘অটল ভূ-জল যোজনা’ আদিৰ কথা উল্লেখ কৰে।

তেওঁ ভূ-তল জলৰ ওপৰত নিৰ্ভৰশীলতাৰ পৰিৱৰ্তে বৰষুণৰ পানীৰ সু-প্ৰবন্ধনত ভাৰতে গুৰুত্ব আৰোপ কৰাৰ পোষকতা কৰে। এনে প্ৰেক্ষাপটতে তেওঁ ‘বৰষুণৰ পানী ধৰো আহক’ৰ দৰে কাৰ্যক্ৰমৰ সাফল্যক গুৰুত্বপূৰ্ণ বুলি অভিহিত কৰে।

বৰষুণৰ পানীৰ সংৰক্ষণৰ উপৰি নদী-জলৰ প্ৰবন্ধনৰ প্ৰসংগত দশক জুৰি চলা আলোচনাৰ কথাও উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে। জল-সংকটৰ পৰা দেশক ৰক্ষা কৰাৰ বাবে এই দিশত মনোনিৱেশ কৰাৰ প্ৰাসংগিকতা বৃদ্ধি পোৱাৰ কথা প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। এই দৃষ্টিভংগী সাৰোগত কৰিয়েই ‘কেন-বেটৱা সংযোগী প্ৰকল্প’ৰ কাম আগবঢ়োৱা হৈছে বুলিও তেওঁ উল্লেখ কৰে। তেওঁ এই প্ৰকল্পটোক বাস্তৱায়িত কৰাৰ বাবে লোৱা পদক্ষেপৰ বাবে উত্তৰ প্ৰদেশ আৰু মধ্য প্ৰদেশ চৰকাৰৰ শলাগ লয়।

প্ৰধানমন্ত্ৰীয়ে কয় যে ডেৰটা বছৰৰ আগতে দেশৰ ১৯কোটি গ্ৰামীণ পৰিয়ালৰ মাত্ৰ ৩.৫কোটি পৰিয়ালেহে নলী সংযোজিত ব্যৱস্থাৰে খোৱাপানীৰ যোগান লাভ কৰিছিল। তেওঁ সন্তুষ্টি প্ৰকাশ কৰি কয় যে ‘জল জীৱন মিছন’ৰ শুভাৰম্ভ ঘোষণা পিচত অতি কম দিনৰ ভতৰতে ৪কোটি নতুন পৰিয়ালে নল সংযোজিত ব্যৱস্থাৰে খোৱা পানীৰ যোগান লাভ কৰিবলৈ সক্ষম হয়। প্ৰসংগক্ৰমে তেওঁ ‘জল জীৱন মিছন’ৰ মূলত ৰাইজৰ অংশগ্ৰহণ আৰু স্থানীয় প্ৰশাসনৰ আৰ্হিত সামগ্ৰিক কাম-কাজ পৰিচালিত হোৱাৰ কথা উল্লেখ কৰে।

স্বাধীনতাৰ পিচত এই প্ৰথম বাৰৰ বাবে কোনো এখন চৰকাৰে পানীৰ পৰীক্ষণৰ প্ৰসংগটো ইমান গুৰুত্ব সহকাৰে গ্ৰহণ কৰিছে বুলিও তেওঁ মন্তব্য কৰে। পানীৰ এই পৰীক্ষণ কাৰ্যক্ৰমত গাঁৱৰ ভাই-ভনীসকলক অংশীদাৰী পক্ষ হিচাপে ভূমিকা পালনৰ দায়িত্ব অৰ্পণ কৰা হৈছে। ক’ৰোনাৰ ধামখুমীয়াৰ মজতো প্ৰায় ৪.৫লাখ মহলাক পানী পৰীক্ষণ সম্পৰ্কীয় প্ৰশিক্ষণ প্ৰদান কৰা হৈছিল বুলিও তেওঁ তথ্য দাঙি ধৰে। প্ৰতিখন গাঁৱত এতিয়া কমেও ৫গৰাকী পানী পৰীক্ষণ সম্পৰ্কীয় প্ৰশিক্ষণ গ্ৰহণ কৰা মহিলা আছে বুলিও তেওঁ জানিবলৈ দি জল-প্ৰবন্ধনৰ সামগ্ৰিক প্ৰক্ৰিয়াত বৰ্দ্ধিত সংখ্যক মহিলাৰ অংশগ্ৰহণে আঁচনিখনৰ সাফল্যকে সুনিশ্চিত কৰি তুলিছে বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰীয়ে।

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Jumbo Indian contingent comprising 768 athletes, support staff and officials for Asian Games

Media Coverage

Jumbo Indian contingent comprising 768 athletes, support staff and officials for Asian Games
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 4 ছেপ্টেম্বৰ 2026
September 04, 2026

Make in India, Power India, Play for India: Multi-Sector Momentum Under PM Modi’s Leadership