মেৰিটাইম খণ্ডটোৰ বিকাশ সন্দৰ্ভত ভাৰত অতিশয় চিন্তাশীল আৰু ই বিশ্বখনৰ শীৰ্ষস্থানীয় সুনীল অৰ্থনীতি হিচাপে পৰিগণিত হৈছেঃ প্ৰধানমন্ত্ৰী
ভাৰতে ২০৩০ ৰ ভিতৰত ২৩ জলমাৰ্গ কাৰ্যক্ষম কৰি তোলাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছেঃ প্ৰধানমন্ত্ৰী
বন্দৰ, জাহাজ আৰু জলমাৰ্গ মন্ত্ৰালয়ে ২.২৫ লাখ কোটি টকা বিনিয়োগৰ সম্ভাৱনাৰে ৪০০ বিনিয়োগযোগ্য প্ৰকল্পৰ এখন তালিকা যুগুত কৰি উলিয়াইছেঃ প্ৰধানমন্ত্ৰী
চৰকাৰে পূৰ্বে কেতিয়াও নেদেখা এটা পদ্ধতিৰে জলমাৰ্গত বিনিয়োগ কৰি আছেঃ প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ‘মেৰিটাইম ইণ্ডিয়া ছামিট, ২০২১’ উদ্বোধন কৰে। এই কাৰ্যসূচীত ডেনমাৰ্কৰ পৰিবহণ মন্ত্ৰী শ্ৰীযুত বেনি এনলেব্রেক্ট, গুজৰাট আৰু অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীদ্বয়, কেন্দ্ৰীয় মন্ত্ৰীদ্বয় শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু শ্ৰী মনসুখ মান্দাবিয়া উপস্থিত থাকে।

এই কাৰ্যসূচীত ভাষণ আগবঢ়াই, প্ৰধানমন্ত্ৰীগৰাকীয়ে বিশ্বখনক ভাৰতলৈ আহিবলৈ আৰু ভাৰতৰ বিকাশৰ যাত্ৰাত অংশীদাৰ হ’বলৈ নিমন্ত্ৰণ জনায়। মেৰিটাইম খণ্ডটোৰ বিকাশ সন্দৰ্ভত ভাৰত অতিশয় চিন্তাশীল আৰু ই বিশ্বখনৰ শীৰ্ষস্থানীয় সুনীল অৰ্থনীতি হিচাপে পৰিগণিত হৈছে। আন্তঃগাঁথনিৰ উন্নীতকৰণৰ গুৰুত্বপূৰ্ণ ক্ষেত্ৰ, সংস্কাৰ যাত্ৰাৰ উদ্দীপনা যোগানৰ জৰিয়তে, ভাৰতে আত্মনিৰ্ভৰ ভাৰতৰ দৃষ্টিক সুদৃঢ়কৰণৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে বুলি তেখেতে কয়।

তেখেতে উল্লেখ কৰে যে খণ্ড-খণ্ড প্ৰচেষ্টাৰ পৰিৱৰ্তে সমগ্ৰ খণ্ডটোকে এটা হিচাপে গুৰুত্ব আৰোপ কৰা হৈছে। তেখেতে অৱগত কৰে যে ২০১৪ ত গুৰু বন্দৰসমূহৰ ক্ষমতা ৮৭০ নিযুত টনৰপৰা এতিয়া ১৫৫০ নিযুত টনলৈ বৃদ্ধি পাইছে। এতিয়া ভাৰতীয় বন্দৰসমূহত উপলব্ধ সা-সুবিধাসমূহ হৈছেঃ প্ৰত্যক্ষ প’ৰ্ট ডেলিভাৰী, প্ৰত্যক্ষ প’ৰ্ট এন্ট্ৰি আৰু সহজ ডাটা প্ৰৱাহৰ অৰ্থে এটা উন্নতমানৰ প’ৰ্ট কমিউনিটি চিষ্টেম (PCS)। আমাৰ বন্দৰসমূহে অন্তৰ্মুখী আৰু বহিৰ্গামী কাৰ্গ’ৰ অৰ্থে অপেক্ষাৰ সময় হ্ৰাস কৰি তুলিছে। তেখেতে তদুপৰি অৱগত কৰে যে কণ্ডলাৰ বধবান, পাৰাদ্বীপ আৰু দীনদয়াল বন্দৰত বিশ্ব মানৰ আন্তঃগাঁথনিৰ সৈতে গুৰু বন্দৰৰ বিকাশ সাধন কৰা হৈছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে নিশ্চিতি প্ৰদান কৰি কয় যে “আমাৰ চৰকাৰে পূৰ্বে কেতিয়াও নেদেখা এটা পদ্ধতিৰে জলমাৰ্গত বিনিয়োগ কৰি আছে। ঘৰুৱা বন্দৰসমূহক ট্ৰেন্সপ’ৰ্টিং ফ্ৰেইটৰ ক্ষেত্ৰত ব্যয় সাশ্ৰয়ী আৰু পৰিবেশ অনুকূল কৰি তোলা হৈছে। আমি ২০৩০ ৰ ভিতৰত ২৩ জলমাৰ্গ কাৰ্যক্ষম কৰি তোলাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছো।” তেখেতে তদুপৰি উল্লেখ কৰে যে ভাৰতৰ সমগ্ৰ বিশাল ক’ষ্টলাইনত প্ৰায় ১৮৯ লাইটহাউছ আছে। “আমি ৭৮ লাইটহাউছৰ সৈতে সংলগ্ন ভূমিত পৰ্যটনৰ উন্নয়নৰ অৰ্থে এটি কাৰ্যক্ৰম ৰূপায়ণ কৰিছো। এই প্ৰচেষ্টাৰ মূল উদ্দেশ্যটো হৈছে বৰ্তমানে থকা লাইটহাউছসমূহৰ উন্নয়নৰ বৰ্ধন ঘটোৱা আৰু ইয়াৰ চৌপাশৰ অঞ্চলসমূহক অনন্য মেৰিটাইম পৰ্যটন ক্ষেত্ৰলৈ ৰূপান্তৰিত কৰা”, বুলি শ্ৰী মোদীয়ে অৱগত কৰে। তেখেতে কোচি, মুম্বাই, গুজৰাট আৰু গোৱাৰ দৰে মূল ৰাজ্য আৰু চহৰসমূহত নগৰীয়া জল পৰিবহণ ব্যৱস্থা প্ৰৱৰ্তনৰ অৰ্থেও পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি ঘোষণা কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰখনে শেহতীয়াভাৱে জাহাজ মন্ত্ৰালয়টোক বন্দৰ, জাহাজ আৰু জল মাৰ্গ মন্ত্ৰালয় হিচাপে পুনৰাই নামকৰণ কৰি মেৰিটাইম খণ্ডটোৰ পৰিধি বিস্তৃত কৰি তুলিছে তথা সেইমতে সৰ্বাংগীনভাৱে কাৰ্য সম্পাদিত হৈছে। ভাৰত চৰকাৰখনে তদুপৰি ঘৰুৱা জাহাজ নিৰ্মাণ আৰু জাহাজ মেৰামতি বজাৰতো গুৰুত্ব আৰোপ কৰিছে। ঘৰুৱা জাহাজ নিৰ্মাণক উৎসাহিত কৰিবলৈ ভাৰতীয় শ্বীপয়াৰ্ডসমূহলৈ শ্বীপ বিল্ডিং ফাইনেন্সিয়েল এচিটেন্স পলিচীত অনুমোদন জনোৱা হৈছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে অৱগত কৰে যে বন্দৰ, জাহাজ আৰু জল মাৰ্গ মন্ত্ৰালয়টোৱে ৪০০ বিনিয়োগযোগ্য প্ৰকল্পৰ এখনি তালিকা যুগুত কৰি উলিয়াইছে। এই প্ৰকল্পসমূহত বিনিয়োগৰ সম্ভাৱনা হৈছে $ ৩১ বিলিয়ন বা ২.২৫ লাখ কোটি টকা। মেৰিটাইম ইণ্ডিয়া ভিজন, ২০৩০ সন্দৰ্ভত ব্যক্ত কৰি, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, ইয়াত চৰকাৰখনৰ অগ্ৰাধিকাৰসমূহৰ বিষয়ে উল্লেখ কৰা হৈছে।

সাগৰ-মন্থনঃ আজি তদুপৰি মাৰ্চেন্টাইল মেৰাইন ডমেইন এৱাৰনেছ চেন্টাৰৰ শুভাৰম্ভ কৰা হয়। ই হৈছে মেৰিটাইম সুৰক্ষা, অনুসন্ধান আৰু উদ্ধাৰ ক্ষমতা, নিৰাপত্তা আৰু মেৰাইন পৰিবেশ সুৰক্ষাৰ বৰ্ধনৰ অৰ্থে এটি তথ্য ব্যৱস্থা।

বন্দৰ কেন্দ্ৰিক উন্নয়নক প্ৰোৎসাহনৰ অৰ্থে চৰকাৰখনে ২০১৬ ত সাগৰমালা প্ৰকল্পটো ঘোষণা কৰিছিল। এই কাৰ্যক্ৰমৰ অংশ হিচাপে, ২০১৫ ৰপৰা ২০৩৫ লৈ সময়ছোৱাত ৰূপায়ণৰ অৰ্থে ৮২ বিলিয়ন আমেৰিকান ডলাৰ বা ৬ লাখ কোটি টকা ব্যয় সাপেক্ষে ৫৭৪ ৰো অধিক প্ৰকল্প চিনাক্ত কৰা যায়। ২০২২ ৰ ভিতৰত উভয় বন্দৰৰ সৈতে জাহাজ মেৰামতি ক্লাষ্টাৰৰ বিকাশ সাধন কৰা হ’ব। ‘ৱেল্থ ফ্ৰম ৱাষ্ট’ সৃষ্টিৰ অৰ্থে ঘৰুৱা জাহাজ ৰিচাইক্লিং উদ্যোগকো প্ৰোৎসাহিত কৰা হ’ব। ভাৰতে ৰিচাইক্লিং অৱ শ্বীপছ এক্ট, ২০১৯ ৰ প্ৰণয়ন কৰিছে আৰু হং কং আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ প্ৰতি সন্মতি প্ৰকাশ কৰিছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে বিশ্বখনৰ সৈতে আমাৰ উত্তম পন্থাসমূহৰ আদান-প্ৰদান কৰা আৰু বৈশ্বিক উত্তম পন্থাসমূহৰপৰা শিকিবলৈ মুকলি মনোভাৱ পোষণৰ প্ৰতি ইচ্ছা ব্যক্ত কৰে। ‘বিমষ্টেক’ আৰু ‘আইঅ’আৰ’ ৰাষ্ট্ৰসমূহৰ সৈতে বাণিজ্য আৰু অৰ্থনৈতিক লিংকেজ অব্যাহত ৰখাত ভাৰতে গুৰুত্ব আৰোপেৰে, ২০২৬ ৰ ভিতৰত আন্তঃগাঁথনিত বিনিয়োগৰ বৰ্ধন আৰু পাৰস্পৰিক চুক্তি সুগম কৰি তোলাৰ পৰিকল্পনা কৰিছে বুলি তেখেতে কয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰখনে দ্বীপ আন্তঃগাঁথনি আৰু বাতাবৰণৰ সৰ্বাংগীন উন্নয়নৰ প্ৰচেষ্টা হাতত লৈছে। তেখেতে লগতে কয় যে মেৰিটাইম খণ্ডটোত নৱীকৰণযোগ্য শক্তিৰ ব্যৱহাৰক প্ৰোৎসাহিত কৰিবলৈ চৰকাৰখন আগ্ৰহী। তেখেতে কয়, সমগ্ৰ দেশখনৰ সকলো মূল বন্দৰত সৌৰ আৰু বতাহ-নিৰ্ভৰ শক্তি ব্যৱস্থা সংস্থাপনত চৰকাৰখনে প্ৰক্ৰিয়া অব্যাহত ৰাখিছে আৰু সমগ্ৰ ভাৰতীয় বন্দৰসমূহত ২০৩০ ৰ ভিতৰত তিনিটা পৰ্যায়ত নৱীকৰণযোগ্য শক্তিৰ ব্যৱহাৰ মুঠ শক্তিৰ ৬০% ৰোধিক বৃদ্ধিৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে বৈশ্বিক বিনিয়োগকাৰীসকলক এলানি পৰামৰ্শ আগবঢ়াই তেখেতৰ ভাষণৰ সামৰণি মাৰে। ইয়াত তেখেতে কয়, “ভাৰতৰ সুদীৰ্ঘ ক’ষ্টলাইনে আপোনালোকলৈ অপেক্ষা কৰি আছে। ভাৰতৰ মেহনতী জনতাই আপোলোকলৈ অপেক্ষা কৰি আছে। আমাৰ বন্দৰসমূহত বিনিয়োগ কৰক। আমাৰ মানুহৰ মাজত বিনিয়োগ কৰক। ভাৰতক আপোনালোকৰ পচ্ছন্দৰ বাণিজ্য কেন্দ্ৰ কৰি তোলক। ব্যৱসায় আৰু বাণিজ্যৰ অৰ্থে ভাৰতীয় বন্দৰসমূহক আপোনালোকৰ বন্দৰ কৰি তোলক।”

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
'Best Never The Loudest': Bear Grylls Gives Shoutout To ‘Powerful Leader’ PM Modi

Media Coverage

'Best Never The Loudest': Bear Grylls Gives Shoutout To ‘Powerful Leader’ PM Modi
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 15 জুলাই 2026
July 15, 2026

Rooted in Tradition, Built for Tomorrow: PM Modi’s Blueprint for a Developed India