প্ৰায় ১,৭০০০ কোটি টকা মূল্যৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু ৰাষ্ট্ৰৰ নামত উচৰ্গা
পঞ্চায়ত পৰ্যায়ত ৰাজহুৱা সামগ্ৰী ক্ৰয়ৰ বাবে সংহত ই-গ্ৰামস্বৰাজ আৰু জিইএম পৰ্টেল উদ্বোধন
প্ৰায় ৩৫ লাখ স্বামীত্ব সম্পত্তি কাৰ্ড বিতৰণ
পিএমএৱা-জিৰ অধীনত ৪লক্ষাধিক হিতাধিকাৰীৰ ‘গৃহ প্ৰৱেশ’ কাৰ্যসূচীত অংশগ্ৰহণ
জল জীৱন মিচনৰ অধীনত প্ৰায় ৭,০০০ কোটি টকা মূল্যৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন
“পঞ্চায়তীৰাজ প্ৰতিষ্ঠানসমূহে গণতন্ত্ৰৰ মনোভাৱক প্ৰসাৰিত কৰাৰ সমান্তৰালভাৱে আমাৰ নাগৰিকসকলৰ উন্নয়নৰ আকাংক্ষা পূৰণ কৰে”
“অমৃত কালত আমি উন্নত ভাৰতৰ সপোন দেখিছো আৰু ইয়াক বাস্তবায়িত কৰিবলৈ দিনে-নিশাই কাম কৰি আছো”
“২০১৪ চনৰ পৰা দেশে নিজৰ পঞ্চায়তসমূহৰ সবলীকৰণৰ কাম হাতত লৈছে আৰু ইয়াৰ ফল আজি দৃশ্যমান হৈছে”
“ডিজিটেল বিপ্লৱৰ এই যুগত পঞ্চায়তকো স্মাৰ্ট কৰি তোলা হৈছে”
“এখন উন্নত ভাৰতৰ বাবে প্ৰতিখন পঞ্চায়ত, প্ৰতিটো প্ৰতিষ্ঠান, প্ৰতিজন প্ৰতিনিধি, প্ৰতিজন নাগৰিক একত্ৰিত হ’ব লাগিব”
“প্ৰাকৃতিক কৃষিৰ সন্দৰ্ভত আমাৰ পঞ্চায়তসমূহে জনজাগৰণ অভিযান হাতত ল’ব লাগে”
এই উপলক্ষে তেওঁ প্ৰায় ১৭,০০০ কোটি টকা মূল্যৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে ৰাষ্ট্ৰৰ নামত উচৰ্গা৷

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মধ্যপ্ৰদেশৰ ৰেৱাত ৰাষ্ট্ৰীয় পঞ্চায়তীৰাজ দিৱস উপলক্ষে ভাষণ আগবঢ়ায়৷ এই উপলক্ষে তেওঁ প্ৰায় ১৭,০০০ কোটি টকা মূল্যৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে ৰাষ্ট্ৰৰ নামত উচৰ্গা৷

এই উললক্ষে উপস্থিত ৰাইজক উদ্দেশ্যি প্ৰধানমন্ত্ৰীয়ে মা বিদ্যাৱাসিনী আৰু বীৰত্বৰ ভূমিক প্ৰণাম কৰি ভাষণ আৰম্ভ কৰে। তেওঁ পূৰ্বৰ ভ্ৰমণৰ লগতে ইয়াৰ মানুহৰ মৰমৰ কথা মনত পেলায়৷ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ৩০লক্ষাধিক পঞ্চায়ত প্ৰতিনিধিৰ ভাৰ্চুৱেল উপস্থিতি লক্ষ্য কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ই ভাৰতীয় গণতন্ত্ৰৰ এক সাহসী ছবি দাঙি ধৰিছে৷ তেওঁ আঙুলিয়াই দিয়ে যে ইয়াত উপস্থিত প্ৰতিজন ব্যক্তিৰ কামৰ পৰিসৰ বেলেগ হ’ব পাৰে কিন্তু সকলোৱে দেশ সেৱাৰ জৰিয়তে নাগৰিকক সেৱা আগবঢ়োৱাৰ উমৈহতীয়া লক্ষ্যৰ বাবে কাম কৰে। প্ৰধানমন্ত্ৰীয়ে আনন্দ প্ৰকাশ কৰে যে পঞ্চায়তসমূহে গাওঁ আৰু দৰিদ্ৰ লোকৰ বাবে চৰকাৰৰ আঁচনিসমূহ সম্পূৰ্ণ নিষ্ঠাৰে ৰূপায়ণ কৰিছে।

 

পঞ্চায়ত পৰ্যায়ত ৰাজহুৱা সামগ্ৰী ক্ৰয়ৰ বাবে ইগ্ৰামস্বৰাজ(eGramSwaraj) আৰু জিইএম (GeM) পৰ্টেলৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ইয়াৰ দ্বাৰা পঞ্চায়তসমূহৰ কাম-কাজ সহজ হ’ব। মধ্যপ্ৰদেশৰ উন্নয়নৰ বাবে ৰে’লৱে, গৃহ নিৰ্মাণ, পানী আৰু কৰ্মসংস্থাপন সম্পৰ্কীয় ৩৫ লাখ স্বামীত্ব সম্পত্তি কাৰ্ড বিতৰণ আৰু ১৭,০০০ কোটি টকাৰ প্ৰকল্প ৰূপায়ণ কথাও উল্লেখ কৰে।

স্বাধীনতাৰ অমৃত কালত প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰতিজন নাগৰিকে পৰম নিষ্ঠাৰে উন্নত ভাৰতৰ সপোন পূৰণৰ দিশত কাম কৰি আছে। পূৰ্বৰ চৰকাৰসমূহৰ বৈষম্যৰ বিপৰীতে বৰ্তমান উন্নত ৰাষ্ট্ৰ গঠনৰ স্বাৰ্থত ভাৰতৰ গাঁৱে-ভূঞে সামাজিক ব্যৱস্থা, অৰ্থনীতি আৰু পঞ্চায়তীৰাজ ব্যৱস্থাৰ বিকাশৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি বর্তমান চৰকাৰে এক সুদৃঢ় ব্যৱস্থা গঢ়ি তোলা আৰু ইয়াৰ পৰিসৰ বৃদ্ধিৰ বাবে অক্লান্তভাৱে কাম কৰি আছে বুলি উল্লেখ কৰে৷ ২০১৪ চনৰ পূৰ্বে পূৰ্বৰ চৰকাৰসমূহৰ প্ৰচেষ্টাহীনতাৰ কথা আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে জনায় যে বিত্ত আয়োগে ৭০,০০০ কোটিতকৈও কম অনুদান দিছিল যিটো দেশৰ পৰিসৰ বিবেচনা কৰিলে তেনেই সামান্য পৰিমাণৰ ধন আছিল, কিন্তু ২০১৪ চনৰ পিছত এই অনুদান ২ লাখ কোটিতকৈ অধিক টকালৈ বৃদ্ধি কৰা হ’ল। তেওঁ লগতে উল্লেখ কৰে যে ২০১৪ চনৰ এটা দশকৰ আগতে মাত্ৰ ৬,০০০ পঞ্চায়ত ভৱন নিৰ্মাণ কৰা হৈছিল, আনহাতে বৰ্তমানৰ চৰকাৰে বিগত ৮ বছৰত ৩০,০০০ৰো অধিক পঞ্চায়ত ভৱন নিৰ্মাণ কৰিছে৷ তেওঁ লগতে অৱগত কৰে যে বৰ্তমানৰ চৰকাৰখন ক্ষমতালৈ অহাৰ পিছত পূৰ্বৰ ৭০ খনতকৈও কম গাঁও পঞ্চায়তৰ তুলনাত বৰ্তমান ২ লক্ষাধিক পঞ্চায়তত অপ্টিকেল ফাইবাৰ সংযোগ সংযোগ কৰা হৈছে। ভাৰতৰ স্বাধীনতাৰ পিছত পূৰ্বৰ চৰকাৰসমূহে বৰ্তমানৰ পঞ্চায়তীৰাজ ব্যৱস্থাৰ প্ৰতি দেখুওৱা বিশ্বাসৰ অভাৱৰ কথাও তেওঁ উল্লেখ কৰে। মহাত্মা গান্ধীৰ ‘ভাৰত নিজৰ গাঁৱত বাস কৰে’ বুলি কোৱা কথাখিনি স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে আঙুলিয়াই দিয়ে যে পূৰ্বৰ শাসন ব্যৱস্থাই তেওঁৰ মতাদৰ্শৰ প্ৰতি কোনো গুৰুত্ব নিদিলে যাৰ ফলত পঞ্চায়তীৰাজ ব্যৱস্থা দশক দশক ধৰি অৱহেলিত হৈ থাকিল। প্ৰধানমন্ত্ৰীয়ে কয় যে আজি পঞ্চায়তসমূহ ভাৰতৰ উন্নয়নৰ প্ৰাণশক্তি হিচাপে আহি আছে। “গাঁও পঞ্চায়ত বিকাশ যোজনাই পঞ্চায়তসমূহক ফলপ্ৰসূভাৱে কাম কৰাত সহায় কৰিছে”, শ্ৰী মোদীয়ে লগতে কয়।

 

প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে গাঁও-নগৰৰ মাজৰ ব্যৱধান দূৰ কৰিবলৈ অবিৰতভাৱে কাম কৰি আছে। ডিজিটেল বিপ্লৱৰ এই যুগত পঞ্চায়তক স্মাৰ্ট কৰি তোলা হৈছে। পঞ্চায়তসমূহে গ্ৰহণ কৰি থকা প্ৰকল্পসমূহত প্ৰযুক্তিৰ সদ্ব্যৱহাৰ কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে অমৃত সৰোবৰৰ উদাহৰণ দাঙি ধৰে য’ত স্থান নিৰ্বাচন আৰু প্ৰকল্প সম্পূৰ্ণ কৰাৰ দৰে বিষয়বোৰ প্ৰযুক্তিৰ সহায়ত কৰা হৈছে। তেওঁ কয় যে পঞ্চায়ত পৰ্যায়ত ৰাজহুৱা ক্ৰয়ৰ বাবে জিইএম পৰ্টেলে পঞ্চায়তসমূহৰ দ্বাৰা ক্ৰয় কৰাটো সহজ আৰু স্বচ্ছ কৰি তুলিব। স্থানীয় কুটিৰ উদ্যোগে তেওঁলোকৰ বিক্ৰীৰ বাবে এক শক্তিশালী পথ বিচাৰি পাব বুলি প্ৰধানমন্ত্ৰীয়ে কয়।

প্ৰধানমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী স্বামীত্ব আঁচনিৰ প্ৰযুক্তিৰ উপকাৰিতাৰ কথা কয়। তেওঁ অৱগত কৰে যে এই আঁচনিখনে গাঁৱে-ভূঞে সম্পত্তিৰ অধিকাৰৰ দৃশ্যপট সলনি কৰি বিবাদ আৰু গোচৰ-মোকৰ্দমা হ্ৰাস কৰিছে। ড্ৰ’ন প্ৰযুক্তিৰ ব্যৱহাৰে কোনো ধৰণৰ বৈষম্য নোহোৱাকৈ ৰাইজৰ বাবে সম্পত্তিৰ নথি নিশ্চিত কৰা হৈছে। তেওঁ জনায় যে দেশৰ ৭৫ হাজাৰ গাঁৱত সম্পত্তি কাৰ্ডৰ কাম সম্পূৰ্ণ হৈছে। এই দিশত ভাল কাম কৰাৰ বাবে মধ্যপ্ৰদেশ চৰকাৰক প্ৰশংসা কৰে।

 

ছিণ্ডৱাৰাৰ উন্নয়নৰ প্ৰতি থকা উদাসীনতাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কেইটামান ৰাজনৈতিক দলৰ চিন্তাধাৰাক দোষাৰোপ কৰে। স্বাধীনতাৰ পিছত গ্ৰামাঞ্চলৰ মৌলিক প্ৰয়োজনীয়তাক আওকাণ কৰি শাসকীয় দলসমূহে গ্ৰাম্য দৰিদ্ৰসকলৰ বিশ্বা ভংগ কৰিছিল বুলিও তেওঁ কয়।

প্ৰধানমন্ত্ৰীয়ে সজোৰে কয় যে দেশৰ আধা জনসংখ্যা বসবাস কৰা গাঁৱৰ মাজত বৈষম্য কৰি দেশখন আগবাঢ়িব নোৱাৰে। তেওঁ কয় যে ২০১৪ চনৰ পিছত গ্ৰাম্য অৰ্থনীতি, গাঁৱৰ সুবিধা আৰু গাঁৱৰ স্বাৰ্থক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিয়া হৈছিল। তেওঁ কয় যে উজ্জ্বলা আৰু প্ৰধানমন্ত্ৰী আৱাসৰ দৰে আঁচনিয়ে গাঁৱে-ভূঞে গভীৰ প্ৰভাৱ পেলাইছে। তেওঁ কয় যে ৪.৫ কোটি ঘৰৰ ভিতৰত পিএমএৱাইৰ ৩ কোটি ঘৰ গ্ৰামাঞ্চলত আৰু সেইবোৰৰ অধিকাংশই মহিলাৰ নামত।

প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত নিৰ্মিত প্ৰতিটো ঘৰৰ ব্যয় ১ লাখতকৈও অধিক বুলি আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে দেশৰ কোটি কোটি মহিলাক ‘লাখপতি দিদী’ (কোটিপতি)” হিচাপে জীৱন সলনি কৰিছে। তেওঁ জনোৱা মতে আজি ৪লক্ষাধিক পৰিয়ালে পকী ঘৰত গৃহপ্ৰৱেশ কৰিছে আৰু বৰ্তমান গৃহস্বত্বাধিকাৰী হোৱা ভগ্নীসকলক অভিনন্দন জনায়।

 

প্ৰধানমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী সৌভাগ্য যোজনাৰ কথাও উল্লেখ কয় কয় যে বিদ্যুৎ লাভ কৰা ২.৫ কোটি ঘৰৰ ভিতৰত অধিকাংশ ঘৰ গ্ৰামাঞ্চলৰ আৰু হৰ ঘৰ জল যোজনাৰ ফলত ৯ কোটিতকৈ অধিক গ্ৰামাঞ্চললৈ টেপযোগে পানী সংযোগ স্থাপন কৰা হৈছে৷ তেওঁ আঙুলিয়াই দিয়ে যে মধ্যপ্ৰদেশৰ প্ৰায় ৬০ লাখ ঘৰত এতিয়া টেপযোগে পানীৰ সংযোগ প্ৰদান কৰা হৈছে, যিটো পূৰ্বতে মাত্ৰ ১৩ লাখ ঘৰ আছিল।

বেংক আৰু বেংক একাউণ্টৰ সুবিধা লাভৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে আঙুলিয়াই দিয়ে যে গ্ৰাম্য জনসাধাৰণৰ অধিকাংশ লোকৰে বেংক একাউণ্ট নাছিল, বেংকৰ পৰা কোনো সেৱাও লাভ কৰা নাছিল। ফলস্বৰূপে হিতাধিকাৰীসকললৈ যি আৰ্থিক সাহায্য প্ৰেৰণ কৰা হৈছিল, তেওঁলোকৰ ওচৰ পোৱাৰ আগতেই লুটপাত হৈছিল বুলি প্ৰধানমন্ত্ৰীয়ে লগতে কয়৷ জন ধন যোজনাৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে অৱগত কৰে যে গাঁৱৰ পৰা অহা ৪০ কোটিৰো অধিক বাসিন্দাৰ বাবে বেংক একাউণ্ট মুকলি কৰা হৈছে আৰু ভাৰত ডাকঘৰৰ জৰিয়তে ইণ্ডিয়া ডাক পেমেণ্টছ বেংকৰ জৰিয়তে বেংকৰ প্ৰসাৰ কৰা হৈছে। লগতে তেওঁ বেংক মিত্ৰ আৰু প্ৰশিক্ষণপ্ৰাপ্ত বেংক সখীৰ উদাহৰণ দাঙি দৰে, যিসকলে গাঁৱৰ ৰাইজক খেতিয়েই হওক বা ব্যৱসায়েই হওক সকলো কামতে সহায় কৰি আছে।

 

পূৰ্বৰ চৰকাৰসমূহে ভাৰতৰ গাঁওসমূহৰ ওপৰত কৰা বৃহৎ অন্যায়ৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে গাঁওসমূহক ভোট বেংক বুলি গণ্য নকৰাৰ বাবে গাঁৱৰ বাবে ধন ব্যয়ৰ পৰা হাত সাৰিব পৰা যায়। প্ৰধানমন্ত্ৰীয়ে কয় যে বৰ্তমান চৰকাৰে হৰ ঘৰ জল যোজনাত ৩.৫ লাখ কোটিতকৈ অধিক ব্যয় কৰি গাঁওসমূহৰ উন্নয়নৰ দুৱাৰ মুকলি কৰিলে, লাখ লাখ কোটি টকা প্ৰধানমন্ত্ৰী আৱাস যোজনাত ব্যয় কৰা হৈছে, ১ লাখ কোটি টকা সম্পূৰ্ণ কৰিবলৈ ব্যয় কৰা হৈছে দশক দশক ধৰি অসম্পূৰ্ণ হৈ থকা জলসিঞ্চন প্ৰকল্পসমূহ আৰু হাজাৰ হাজাৰ কোটি টকা প্ৰধানমন্ত্ৰী গ্ৰামীন চডক অভিযানৰ বাবে ব্যয় কৰা হৈছে। আনকি প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ অধীনতো  চৰকাৰে প্ৰায় ২.৫ লাখ কোটি টকা পোনপটীয়াকৈ কৃষকৰ বেংক একাউণ্টলৈ হস্তান্তৰ কৰিছে, য’ত মধ্যপ্ৰদেশৰ প্ৰায় ৯০ লাখ কৃষকে এই আঁচনিৰ অংশ হিচাপে ১৮,৫০০ কোটি টকা লাভ কৰিছে বুলি প্ৰধানমন্ত্ৰীয়ে কয়। “ৰেৱাৰ কৃষকসকলেও এই পুঁজিৰ পৰা প্ৰায় ৫০০ কোটি টকা লাভ কৰিছে”, তেওঁ লগতে কয়। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে এমএছপি বৃদ্ধিৰ জৰিয়তেও হাজাৰ হাজাৰ কোটি টকা গাঁওসমূহৰ কৃষকৰে লাভ কৰিছে, আনহাতে ক’ৰোনা কালত চৰকাৰে বিগত তিনি বছৰে দৰিদ্ৰ লোকক বিনামূলীয়া ৰেচন দি আহিছে, যাৰ বাবে ৩ লাখ কোটি টকা ব্যয় হৈছে৷

মুদ্ৰা যোজনাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে অৱগত কৰে যে কেন্দ্ৰীয় চৰকাৰে কেৱল বিগত বছৰবোৰত ২৪ লাখ কোটি টকাৰ সাহায্য প্ৰদান কৰি গাঁওসমূহত কৰ্মসংস্থাপন আৰু স্বনিয়োজনৰ সুযোগ সৃষ্টি কৰিছে। ইয়াৰ বাবেই প্ৰধানমন্ত্ৰীয়ে কয় যে মহিলাসকলে বিপুল সংখ্যক হিতাধিকাৰী লাভ কৰা গাঁওসমূহত কোটি কোটি লোকে কৰ্মসংস্থাপন আৰম্ভ কৰিছে। শ্ৰী মোদীয়ে জনায় যে বিগত ৯ বছৰত মধ্যপ্ৰদেশৰ ৫০ লাখৰো অধিক মহিলাকে ধৰি ৯ কোটি মহিলাই আত্মসহায়ক গোটত যোগদান কৰিছে আৰু চৰকাৰে প্ৰতিটো আত্মসহায়ক গোটক বেংকৰ বন্ধকীমুক্ত ২০ লাখ টকা পৰ্যন্ত ঋণ আগবঢ়াইছে৷ “মহিলাসকলে এতিয়া বহু ক্ষুদ্ৰ উদ্যোগৰ দায়িত্ব চম্ভালিছে”, প্ৰধানমন্ত্ৰীয়ে প্ৰতিখন জিলাতে ৰাজ্য চৰকাৰে স্থাপন কৰা ‘দিদি কেফে’ৰ কথা উল্লেখ কৰে। শ্ৰী মোদীয়ে মধ্যপ্ৰদেশৰ নাৰী শক্তিক অভিনন্দন জ্ঞাপন কৰি অৱগত কৰে যে বিগত পঞ্চায়ত নিৰ্বাচনত আত্মসহায়ক গোটৰ সৈতে জড়িত প্ৰায় ১৭,০০০ মহিলা পঞ্চায়ত প্ৰতিনিধি হিচাপে নিৰ্বাচিত হৈছে।

আজি শুভাৰম্ভ কৰা ‘সমাবেশী অভিযান’ৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে সবকা বিকাশৰ জৰিয়তে বিক্ষিত ভাৰত লাভৰ বাবে এয়া এক শক্তিশালী পদক্ষেপ হ’ব। ‘এখন উন্নত ভাৰতৰ বাবে প্ৰতিখন পঞ্চায়ত, প্ৰতিটো অনুষ্ঠান, প্ৰতিজন প্ৰতিনিধি, প্ৰতিজন নাগৰিকে একত্ৰিত হ’ব লাগিব। এইটো  তেতিয়াহে সম্ভৱ, যেতিয়া প্ৰতিটো মৌলিক সুবিধাই ১০০% হিতাধিকাৰীয়ে দ্ৰুত আৰু কোনো বৈষম্য নোহোৱাকৈ লাভ কৰে”, তেওঁ কয়।

 

প্ৰধানমন্ত্ৰীয়ে সজোৰে কয় যে পঞ্চায়তসমূহে কৃষিৰ নতুন ব্যৱস্থাৰ বিষয়ে সজাগতা প্ৰসাৰ কৰিব লাগিব। তেওঁ বিশেষকৈ প্ৰাকৃতিক কৃষিৰ প্ৰসাৰৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে ক্ষুদ্ৰ কৃষক, মাছমৰীয়া, পশুপালনৰ বাবে এই পদক্ষেপত পঞ্চায়তৰ বৃহৎ ভূমিকা আছে। “যেতিয়া আপুনি উন্নয়ন সম্পৰ্কীয় প্ৰতিটো কামত জড়িত হ’ব, তেতিয়া ৰাষ্ট্ৰৰ সামূহিক প্ৰচেষ্টা শক্তিশালী হ’ব। ই অমৃত কালত উন্নত ভাৰত গঢ়াৰ শক্তি হৈ পৰিব।”

আজিৰ প্ৰকল্পসমূহৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে ছিণ্ডৱাৰা-নৈনপুৰ-মাণ্ডলা দুৰ্গ ৰে’ল লাইনৰ বৈদ্যুতীকৰণৰ কথা উল্লেখ কৰে যিটোৱে এই অঞ্চলৰ জনসাধাৰণৰ দিল্লী-চেন্নাই আৰু হাওৰা-মুম্বাইৰ সৈতে সংযোগ অধিক সহজ কৰি তোলাৰ লগতে জনজাতীয় লোকসকলকো উপকৃত কৰিব। আজি ছিণ্ডৱাৰা-নৈনপুৰলৈও শুভাৰম্ভ কৰা নতুন ৰে’লসমূহৰ কথাও উল্লেখ কৰি তেওঁ কয় যে বহু চহৰ আৰু গাঁও ছিউনীৰ নিজৰ জিলা সদৰৰ সৈতে পোনপটীয়াকৈ সংযোগ স্থাপন হ’ব আৰু নাগপুৰ আৰু জবালপুৰলৈ যোৱাটোও বহুত সহজ হৈ পৰিব। প্ৰধানমন্ত্ৰীয়ে অঞ্চলটোৰ চহকী বন্যপ্ৰাণীৰ কথা উল্লেখ কৰি কয় যে যোগাযোগ ব্যৱস্থাৰ উন্নয়নতে পৰ্যটনৰো উত্থান ঘটাব আৰু নতুন কৰ্মসংস্থাপনৰ সুযোগো সৃষ্টি কৰিব। “এয়াই দ্বৈত ইঞ্জিন চৰকাৰৰ শক্তি”, প্ৰধানমন্ত্ৰীয়ে কয়।

ভাষণৰ সামৰণিত প্ৰধানমন্ত্ৰীয়ে অহা দেওবাৰে ১০০টা খণ্ড সম্পূৰ্ণ কৰিবলগীয়া ‘মন কী বাত’ কাৰ্যসূচীৰ প্ৰতি দেখুওৱা মৰম আৰু সমৰ্থনৰ বাবে সকলোকে ধন্যবাদ জনায়। প্ৰধানমন্ত্ৰীয়ে মন কী বাতত মধ্যপ্ৰদেশৰ জনসাধাৰণৰ বিভিন্ন কৃতিত্বৰ ওপৰত আলোকপাত কৰি শততম খণ্ড সকলোকে টিউন কৰিবলৈ আহ্বান জনায়।

এই উপলক্ষে অনুষ্ঠানত মধ্য প্ৰদেশৰ ৰাজ্যপাল শ্ৰী মংগুভাই পেটেল, মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহান, কেন্দ্ৰীয় গ্ৰামোন্নয়ন আৰু পঞ্চায়তীৰাজ মন্ত্ৰী শ্ৰী গিৰিৰাজ সিং, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী শ্ৰী ফগ্গন কুলাস্তে, সাধ্বী নিৰঞ্জন জ্যোতি, শ্ৰী কপিল মৰেশ্বৰ পাটিল, কেইবাগৰীয়া সাংসদ আৰু মধ্যপ্ৰদেশ চৰকাৰৰ মন্ত্ৰীসকল উপস্থিত থাকে।

পটভূমিঃ

প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় পঞ্চায়তীৰাজ দিৱস উদযাপনত অংশগ্ৰহণ কৰাৰ লগতে সমগ্ৰ দেশৰ সকলো গাঁওসভা আৰু পঞ্চায়তীৰাজ প্ৰতিষ্ঠানক সম্বোধন কৰে৷

অনুষ্ঠানৰ সময়ত প্ৰধানমন্ত্ৰীয়ে পঞ্চায়ত পৰ্যায়ত ৰাজহুৱা সামগ্ৰী ক্ৰয়ৰ বাবে এক সংহত ইগ্ৰামস্বৰাজ আৰু জিইএম পৰ্টেল মুকলি কৰে৷ ইগ্ৰামস্বৰাজ– চৰকাৰী ই-মাৰ্কেটপ্লেচ একত্ৰীকৰণৰ উদ্দেশ্য হৈছে পঞ্চায়তসমূহে ইগ্ৰামস্বৰাজ মঞ্চৰ সহায় লৈ জিইএমৰ জৰিয়তে তেওঁলোকৰ সামগ্ৰী আৰু সেৱাসমূহ ক্ৰয় কৰিবলৈ সক্ষম কৰা।

চৰকাৰৰ আঁচনিসমূহৰ পৰিপূৰকতা নিশ্চিত কৰাৰ দিশত জনসাধাৰণৰ অংশগ্ৰহণক আগুৱাই নিয়াৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰীয়ে “বিকাশ কী ঔৰ সাজে কদম” শীৰ্ষক এক অভিযানৰ শুভাৰম্ভ কৰে৷ এই অভিযানৰ বিষয়বস্তু হৈছে—সৰ্বাংগীন উন্নয়ন, অন্তিম মাইলত উপনীত হোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰা।

প্ৰধানমন্ত্ৰীয়ে হিতাধিকাৰীক ৩৫লাখ স্বামীত্ব সম্পত্তি কাৰ্ড বিতৰণ কৰে৷ এই অনুষ্ঠানৰ পাছত এই ৩৫লাখ কাৰ্ডকে ধৰি সমগ্ৰ দেশত স্বামীত্ব আঁচনিৰ অধীনত ১.২৫ কোটি সম্পত্তি কাৰ্ড বিতৰণ কৰে৷

‘সকলোৰে বাবে আৱাস’ লাভৰ সপোন পূৰণৰ দিশত এখোজ আগুৱাই প্ৰধানমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী আৱাস যোজনা–গ্ৰামীণৰ অধীনত ৪লক্ষাধিক হিতাধিকাৰীৰ ‘গৃহপ্ৰৱেশ’ কাৰ্যসূচীত অংশগ্ৰহণ কৰে৷

প্ৰধানমন্ত্ৰীয়ে ২৩০০ কোটি টকাৰ বিভিন্ন ৰে’ল প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰে৷ উচৰ্গা কৰিবলগীয়া প্ৰকল্পসমূহৰ ভিতৰত মধ্যপ্ৰদেশত ১০০শতাংশ ৰে’ল বৈদ্যুতীকৰণৰ লগতে বিভিন্ন দ্বৈত ৰে’লপথ, গজ পৰিৱৰ্তন আৰু বৈদ্যুতীকৰণ প্ৰকল্পও আছে। প্ৰধানমন্ত্ৰীয়ে গোৱালিয়ৰ ষ্টেচনৰ পুনৰ উন্নয়নৰ কামৰো আধাৰশিলা স্থাপন কৰে৷।

লগতে প্ৰধানমন্ত্ৰীয়ে জল জীৱন অভিযানৰ অধীনত প্ৰায় ৭,০০০ কোটি টকাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে৷

 

સંપૂર્ણ ટેક્સ્ટ સ્પીચ વાંચવા માટે અહીં ક્લિક કરો

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Sanand 2.0's swift semicon wave accelerates India's chip ambitions

Media Coverage

Sanand 2.0's swift semicon wave accelerates India's chip ambitions
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates successful candidates of Civil Services Examination, 2025
March 06, 2026

The Prime Minister, Shri Narendra Modi has congratulated all those who have successfully cleared the Civil Services Examination, 2025. He said that their dedication, perseverance and hard work have enabled them to achieve this significant milestone.

The Prime Minister noted that clearing the Civil Services Examination marks the beginning of an important journey of public service. He wished the successful candidates the very best as they embark on the path of serving the nation and fulfilling the aspirations of the people.

The Prime Minister also conveyed his message to those who may not have secured the desired outcome in the examination. He acknowledged that such moments can be difficult, but emphasised that this is only one step in a larger journey.

Highlighting that many opportunities lie ahead, both in future examinations and in the many avenues through in which individuals can contribute to the nation, the Prime Minister extended his best wishes to them for the road ahead.

The Prime Minister wrote on X;

“Congratulations to all those who have successfully cleared the Civil Services Examination, 2025. Their dedication, perseverance and hard work have led to this significant milestone.

Wishing them the very best as they embark on a journey of serving the nation and fulfilling the aspirations of the people.”

“To those who may not have secured the desired outcome in the Civil Services Examination, I understand that such moments can be difficult. However, this is only one step in a larger journey. Many opportunities lie ahead, both in future examinations and in the many avenues through which you can contribute to our nation. My best wishes for the road ahead.”