প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কাজানত ষষ্ঠদশ ব্ৰিকছ শীৰ্ষ সন্মিলনৰ সমান্তৰালভাৱে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে বৈঠকত মিলিত হয়। এই বছৰৰ এয়া তেওঁলোকৰ দ্বিতীয়খন বৈঠক আছিল। ইয়াৰ পূৰ্বে ২০২৪ চনৰ জুলাই মাহত মস্কোত অনুষ্ঠিত ২২সংখ্যক বাৰ্ষিক শীৰ্ষ সন্মিলনত দুয়োগৰাকী নেতাই বৈঠকত মিলিত হৈছিল।

 

প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি পুটিনক ষষ্ঠদশ ব্ৰিকছ সন্মিলনলৈ আমন্ত্ৰণ জনোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। তেওঁ ব্ৰিকছৰ ৰাছিয়াৰ অধ্যক্ষতা আৰু বহুপক্ষীয়তাবাদক শক্তিশালী কৰা, বহনক্ষম উন্নয়নক আগুৱাই নিয়াৰ বাবে আৰু বিশ্ব শাসন সংস্কাৰৰ বাবে উদ্গনি যোগোৱাৰ প্ৰচেষ্টাক শলাগ লয়। ৰাজনৈতিক, অৰ্থনৈতিক, প্ৰতিৰক্ষা, শক্তি, জনসাধাৰণৰ সম্পৰ্ককে ধৰি বিভিন্ন ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতাৰো পৰ্যালোচনা কৰে দুয়োগৰাকী নেতাই। তেওঁলোকে ২০২৪ চনৰ নৱেম্বৰ মাহত নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া বাণিজ্য, অৰ্থনৈতিক আৰু সাংস্কৃতিক বিষয়ৰ আন্তঃৰাষ্ট্ৰীয় চৰকাৰী আয়োগৰ আগন্তুক বৈঠকক আদৰণি জনায়।

দুয়োগৰাকী নেতাই বিশেষকৈ ব্ৰিকছত বহুপক্ষীয় মঞ্চত ভাৰত-ৰাছিয়াৰ সংযোগ সন্দৰ্ভত মত বিনিময় কৰে। ইউক্ৰেইনত চলি থকা সংঘাতকে ধৰি পাৰস্পৰিক স্বাৰ্থৰ মূল আঞ্চলিক আৰু বৈশ্বিক বিষয়সমূহৰ ওপৰতো তেওঁলোকৰ মতামত ব্যক্ত কৰে। প্ৰধানমন্ত্ৰীয়ে পুনৰ কয় যে সংঘাত সমাধানৰ ক্ষেত্ৰত আলোচনা আৰু কূটনীতি হৈছে আগুৱাই যোৱাৰ পথ।

 

দুয়োখন দেশৰ মাজত সুকীয়া আৰু বিশেষ সুবিধাপ্ৰাপ্ত কৌশলগত অংশীদাৰিত্বক আৰু অধিক শক্তিশালী কৰাৰ বাবে নিয়োজিত হৈ থাকিবলৈ সন্মত হয়, যিয়ে উল্লেখযোগ্য বৃদ্ধি পঞ্জীয়ন কৰি আছে আৰু ভূ-ৰাজনৈতিক অনিশ্চয়তাৰ পটভূমিত সুস্থিৰতা প্ৰদৰ্শন কৰিছে।

প্ৰধানমন্ত্ৰীয়ে অহা বছৰ ২৩সংখ্যক বাৰ্ষিক সন্মিলনৰ বাবে ৰাষ্ট্ৰপতি পুটিনক ভাৰত ভ্ৰমণ কৰিবলৈ আমন্ত্ৰণ জনায়।

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India launches $1.5 billion maritime insurance pool, issues first covers

Media Coverage

India launches $1.5 billion maritime insurance pool, issues first covers
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 13 মে’ 2026
May 13, 2026

Leadership That Leads by Example: PM Modi's Push for Mindful Growth, Innovation & Infrastructure