ব্ৰাজিলৰ ৰিঅ’ ডি জেনেৰিঅ’ত অনুষ্ঠিত হোৱা ব্ৰিকছ সন্মিলনৰ আঁৰত আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী বলিভিয়াৰ ৰাষ্ট্ৰপতি মহামহিম লুইছ আৰ্চে কাটাকোৰাৰ সৈতে মিলিত হয়।

 

ইয়াত দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সহযোগিতা সন্দৰ্ভত পৰ্য্যালোচনাৰে ইতিমধ্যে লাভ কৰা অগ্ৰগতি সন্দৰ্ভত সন্তুষ্টি প্ৰকাশ কৰে। তেওঁলোকে গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থ, ব্যৱসায় আৰু বাণিজ্য, ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি আৰু ইউপিআই, স্বাস্থ্য আৰু মেডিচিন, পৰম্পৰাগত চিকিৎসা, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ, প্ৰশিক্ষণ আৰু সামৰ্থ্য বিকাশৰ ক্ষেত্ৰত সহযোগিতা সম্পৰ্কে আলোচনা কৰে। দুয়োজন নেতাই গুৰুত্বপূৰ্ণ খনিজ খণ্ডত বৰ্ধিত সহযোগিতা আৰু ক্ষেত্ৰখনত বহনক্ষম তথা পাৰস্পৰিকভাৱে উপকাৰী অংশীদাৰিত্ব গঢ়ি তোলাৰ সম্ভাৱনাৰ কথা দোহাৰে। আইটিইচি বৃত্তি কাৰ্য্যসূচীৰ অধীনত দ্ৰুত প্ৰভাৱ প্ৰকল্প আৰু সামৰ্থ্য-বিকাশৰ পদক্ষেপকে প্ৰমুখ্য কৰি দুয়োখন দেশৰ মাজত অব্যাহত উন্নয়নমূলক সহযোগিতাক লৈ তেওঁলোকে সন্তোষ প্ৰকাশ কৰে।

 

২০২৫-ৰ মাৰ্চ-এপ্ৰিলত লাজ পাজ আৰু দেশখনৰ আন কেইবাটাও অঞ্চলত হোৱা ভয়াৱহ বানপানীৰ পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰীগৰাকীয়ে বলিভিয়াৰ জনসাধাৰণলৈ সমবেদনা জ্ঞাপন কৰে। তেখেতে আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰজোঁটত যোগদানৰ বাবে বলিভিয়াক অভিনন্দন জনায়।

 

তেখেতে ২০২৫-ৰ ৬ আগষ্টত স্বাধীনতাৰ ২০০ বছৰ সম্পূৰ্ণ হ’বলৈ আগবঢ়াৰ উপলক্ষত বলিভিয়াৰ জনসাধাৰণ আৰু চৰকাৰক দেশখনৰ দ্বি-শতবাৰ্ষিকীৰ উষ্ম শুভেচ্ছা জনায়।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
How GST 2.0 changed India’s car market and boosted small car sales

Media Coverage

How GST 2.0 changed India’s car market and boosted small car sales
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 19 মে’ 2026
May 19, 2026

Exports Up, Economy Strong, World Collaborating: PM Modi's Reforms Delivering Jobs, Growth & Green Future