প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ব্ৰাজিলৰ ৰিঅ' ডি জেনেৰিঅ'ত অনুষ্ঠিত জি-২০ সন্মিলনত অংশগ্ৰহণৰ সুযোগতে ইণ্ডোনেছিয়াৰ নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি এইচ ই প্ৰবোও চুবিয়েণ্টোক সাক্ষাৎ কৰে। এয়া দুয়োগৰাকী নেতাৰ প্ৰথম বৈঠক।

 

প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি চুবিয়েন্টোক তেওঁৰ কাৰ্যভাৰ গ্ৰহণৰ বাবে অভিনন্দন জনায়। দুয়োগৰাকী নেতাই তেওঁলোকৰ ব্যাপক কৌশলগত অংশীদাৰিত্বৰ পৰিকাঠামোত দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতি বদ্ধতা পুনঃ সুনিশ্চিত কৰে। তেওঁলোকে বাণিজ্য আৰু বিনিয়োগ, প্ৰতিৰক্ষা আৰু নিৰাপত্তা, সংযোগ, পৰ্যটন, স্বাস্থ্য আৰু জনসাধাৰণৰ মাজত সম্পৰ্কৰ ক্ষেত্ৰত সহযোগিতাৰ বিষয়ে আলোচনা কৰে। দুয়োগৰাকী নেতাই ভাৰত আৰু ইণ্ডোনেছিয়াৰ কূটনৈতিক সম্পৰ্ক স্থাপনৰ ৭৫ বছৰ উদযাপনৰ বিষয়ে উল্লেখ কৰাৰ লগতে উপযুক্ত ভাৱে এই উপলক্ষ্য উদযাপন কৰিবলৈ আহ্বান জনায়।

 

দুয়োগৰাকী নেতাই গোলকীয় আৰু আঞ্চলিক বিষয়ত মত বিনিময় কৰে। জি-২০ৰ ভিতৰত তেওঁলোকৰ ঘনিষ্ঠ সহযোগিতাৰ বিষয়ে আলোচনা কৰি তেওঁলোকে গোলকীয় দক্ষিণৰ উদ্বেগৰ বিষয়সমূহক প্ৰাধান্য দিবলৈ আহ্বান জনায়। তেওঁলোকে আছিয়ানকে ধৰি বহুপাক্ষিক আৰু বহুত্ববাদী ক্ষেত্ৰত চলি থকা সহযোগিতাৰ পৰ্যালোচনা কৰে।

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Jumbo Indian contingent comprising 768 athletes, support staff and officials for Asian Games

Media Coverage

Jumbo Indian contingent comprising 768 athletes, support staff and officials for Asian Games
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 4 ছেপ্টেম্বৰ 2026
September 04, 2026

Make in India, Power India, Play for India: Multi-Sector Momentum Under PM Modi’s Leadership