প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আজি মালেস্থিত ৰাষ্ট্ৰপতি কাৰ্য্যালয়ত মালদ্বীপ গণৰাজ্যৰ ৰাষ্ট্ৰপতি মহামহিম ডঃ মুহম্মদ মুইজ্জুৰ সৈতে এখনি বৈঠকত মিলিত হয়। বৈঠকৰ পূৰ্বে ৰিপাব্লিক স্কোৱাৰত প্ৰধানমন্ত্ৰীক ৰাষ্ট্ৰপতি মুইজ্জুৱে সম্ভাষণ আৰু আনুষ্ঠানিকভাৱে আদৰণি জনায়। উক্ত বৈঠকত দুয়োখন ৰাষ্ট্ৰৰ মাজৰ বদ্ধমূল সম্পৰ্ক আৰু বন্ধুত্বৰ কথা দোহৰা হয়।

প্ৰধানমন্ত্ৰীয়ে তেখেত আৰু তেখেতৰ প্ৰতিনিধি-বৰ্গলৈ আগবঢ়োৱা সু-আতিথ্যৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপনৰ লগতে মালদ্বীপৰ স্বাধীনতাৰ ৬০ বছৰীয়া জয়ন্তীৰ ঐতিহাসিক উপলক্ষৰ লগতে দুয়োখন ৰাষ্ট্ৰৰ মাজত কূটনৈতিক সম্পৰ্ক স্থাপনৰ ৬০ বছৰীয়া জয়ন্তীৰ বিশেষ উপলক্ষত শুভেচ্ছা জ্ঞাপন কৰে।

বৈঠকত দুয়োগৰাকী নেতাই যুগ-যুগ ধৰি গঢ় লৈ উঠা বন্ধুত্ব আৰু বিশ্বাসৰ গভীৰ বান্ধোনত আলোকপাত কৰে। দুয়োগৰাকী নেতাই ২০২৪-ৰ অক্টোবৰত মালদ্বীপৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণৰ সময়ত গ্ৰহণ কৰা ‘ব্যাপক অৰ্থনৈতিক আৰু সামুদ্ৰিক সুৰক্ষা অংশীদাৰিত্ব’-ৰ বাবে ভাৰত-মালদ্বীপৰ যুটীয়া দৃষ্টিভংগী ৰূপায়ণৰ ক্ষেত্ৰত হোৱা অগ্ৰগতিৰ বুজ লয়। প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ "চুবুৰীয়া প্ৰথম’ আৰু ভিজন মহাসাগৰ নীতি অনুসৰি মালদ্বীপৰ সৈতে সম্পৰ্ক অধিক গভীৰকৰণৰ অংগীকাৰৰ কথা পুনৰবাৰ উল্লেখ কৰে। ৰাষ্ট্ৰপতি মুইজ্জুৱে যিকোনো সংকটৰ সৈতে মোকাবিলাৰ ক্ষেত্ৰত মালদ্বীপৰ বাবে ভাৰতৰ প্ৰথম সঁহাৰিদাতা হোৱাৰ অংগীকাৰৰ শলাগ লয়। দুয়োগৰাকী নেতাই উন্নয়নমূলক অংশীদাৰিত্ব, আন্তঃগাঁথনি সমৰ্থন, সামৰ্থ্য বিকাশ, জলবায়ু কাৰ্য্য আৰু স্বাস্থ্যৰ ক্ষেত্ৰত সহযোগিতা সম্পৰ্কে আলোচনা কৰে আৰু এই সন্দৰ্ভত কলম্বো নিৰাপত্তা সন্মিলনৰ অধীনত দুয়োখন দেশৰ মাজৰ সহযোগিতাৰ কথাও উল্লেখ কৰে।

 

তেওঁলোকে দুয়োখন দেশৰ অৰ্থনৈতিক অংশীদাৰিত্বৰো পৰ্য্যালোচনা কৰে। প্ৰস্তাৱিত মুক্ত বাণিজ্য চুক্তি আৰু দ্বিপাক্ষিক বিনিয়োগ চুক্তিয়ে দুয়োপক্ষৰ বাবে নতুন সুযোগ মুকলি কৰিব বুলি প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰে। বিশেষকৈ পৰ্যটনক প্ৰসাৰিত কৰিবলৈ দুয়োখন দেশে ডিজিটেল অৰ্থনীতিৰ সুবিধা ল’ব লাগিব বুলি উল্লেখেৰে তেখেতে ইউপিআই-ৰ অভিযোজনা, ৰুপে কাৰ্ড গ্ৰহণ আৰু স্থানীয় মুদ্ৰাৰে ব্যৱসায় সন্দৰ্ভত শেহতীয়াকৈ হোৱা বুজাবুজি কাৰ্য্যক আদৰণি জনায়। দুয়োগৰাকী নেতাই দেশ দুখনৰ মাজৰ ঘনিষ্ঠ উন্নয়নমূলক অংশীদাৰিত্বই ইতিমধ্যে জনসাধাৰণৰ গভীৰ সম্পৰ্কক এক নতুন মাত্ৰা প্ৰদান কৰিছে বুলি কয়।

দুয়োগৰাকী নেতাই উল্লেখ কৰে যে গ্ল’বেল চাউথৰ অংশীদাৰ হিচাপে তেওঁলোকে জলবায়ু পৰিৱৰ্তন, নবীকৰণযোগ্য শক্তিৰ প্ৰসাৰ, দুৰ্য্যোগৰ বিপদাশংকা হ্ৰাস আৰু বতৰ বিজ্ঞানৰ দৰে বিষয়ত গ্ৰহটো আৰু ইয়াৰ জনসাধাৰণৰ স্বাৰ্থত কাম কৰি যাব।

প্ৰধানমন্ত্ৰীয়ে পেহলগামত সংঘটিত সন্ত্ৰাসবাদীৰ আক্ৰমণ কাৰ্য্যক তীব্ৰ নিন্দা কৰা আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজখনত ভাৰতলৈ সমৰ্থন আগবঢ়োৱাৰ বাবে ৰাষ্ট্ৰপতি মুইজ্জুক ধন্যবাদ জনায়।

দুয়োগৰাকী নেতাই মীন আৰু জলজ কৃষি, বতৰ বিজ্ঞান, ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি, ইউপিআই, ভাৰতীয় ফাৰ্মাকোপিয়া আৰু ৰেহাইমূলক লাইন অৱ ক্ৰেডিটৰ ক্ষেত্ৰত ৬ বুজাবুজিৰ চুক্তি (MoU)-ৰ স্বাক্ষৰ কাৰ্য্য প্ৰত্যক্ষ কৰে। নতুন লাইন অৱ ক্ৰেডিটৰ জৰিয়তে মালদ্বীপৰ আন্তঃগাঁথনি উন্নয়ন আৰু আন-আন কাৰ্য্যকলাপৰ সমৰ্থনত ৪৮৫০ কোটি টকা [প্ৰায় ৫৫০ নিযুত মাৰ্কিন ডলাৰ] আগবঢ়োৱা হৈছে। বৰ্তমানৰ এলঅ’চি-ৰ বাবেও এখনি সংশোধনী চুক্তি স্বাক্ষৰিত হয়। এই চুক্তিয়ে মালদ্বীপৰ বাৰ্ষিক ঋণ পৰিশোধৰ বাধ্যবাধকতা ৪০% হ্ৰাস কৰে [৫১ নিযুত মাৰ্কিন ডলাৰৰ পৰা ২৯ নিযুত মাৰ্কিন ডলাৰলৈ]। লগতে দুয়োপক্ষই প্ৰস্তাৱিত মুক্ত বাণিজ্য চুক্তিৰ টাৰ্মছ অৱ ৰেফাৰেন্সৰ আদান-প্ৰদান কৰে।

 

লগতে দুয়োগৰাকী নেতাই আদ্দু চহৰত এটি পথ আৰু নিষ্কাশন ব্যৱস্থা প্ৰকল্প আৰু আন-আন চহৰত ৬ টা হাই ইম্পেক্ট কমিউনিটি ডেভেলপমেন্ট প্ৰকল্পও ভাৰ্চুৱেল মাধ্যমেৰে উদ্বোধন কৰে। প্ৰধানমন্ত্ৰীয়ে মালদ্বীপৰ ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা বাহিনী আৰু অভিবাসন কৰ্তৃপক্ষৰ বাবে ৩,৩০০ টা সামাজিক হাউছিং ইউনিট আৰু ৭২ খন বাহন হস্তান্তৰ কৰে।

লগতে প্ৰধানমন্ত্ৰীয়ে আৰোগ্য মৈত্ৰী হেল্থ কিউব [VHISHM]-ৰ দুটা ইউনিট চেট মালদ্বীপ চৰকাৰক অৰ্পণ কৰে। কিউবৰ অংশ হিচাপে অত্যাধুনিক চিকিৎসা সঁজুলিৰ সহায়ত ই ছজন চিকিৎসা কৰ্মীৰ এটা দলক ৭২ ঘন্টালৈকে ২০০ জন হতাহতক চিকিৎসা সাহায্য প্ৰদান কৰিবলৈ সক্ষম কৰিব।

প্ৰকৃতি সংৰক্ষণৰ প্ৰতি তেওঁলোকৰ গভীৰ দায়বদ্ধতাক প্ৰতিফলিতকৰণেৰে ভাৰতৰ "এক পেড় মা কে নাম" [মাতৃৰ বাবে গছ] আৰু মালদ্বীপৰ "৫ নিযুত গছপুলি ৰোপণৰ সংকল্প" অভিযানৰ অংশ হিচাপে দুয়োগৰাকী নেতাই আম গছৰ পুলি ৰোপণ কৰে।

প্ৰধানমন্ত্ৰীয়ে প্ৰয়োজনীয়তা আৰু অগ্ৰাধিকাৰ অনুসৰি মালদ্বীপ আৰু ইয়াৰ জনসাধাৰণক সমৰ্থন আগবঢ়োৱাৰ লগতে ভাৰত মহাসাগৰ অঞ্চলৰ শান্তি, প্ৰগতি আৰু সমৃদ্ধিৰ বাবে ভাৰতৰ অংগীকাৰৰ কথা পুনৰবাৰ উল্লেখ কৰে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Water conservation in India: The community as custodian

Media Coverage

Water conservation in India: The community as custodian
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 21 মাৰ্চ 2026
March 21, 2026

Empowering Bharat Holistically: Health, Finance, Heritage & Export Growth Under the Leadership of PM Modi