প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কুৱেইটৰ আমিৰ মহামহিম শ্বেখ মেছাল আল আহমদ আল জাবেৰ আল ছাবাহক সাক্ষাৎ কৰে। উল্লেখ্য যে এইখনেই আছিল দুয়োগৰাকী নেতাৰ প্ৰথমটো সাক্ষাৎ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বায়ান প্ৰাসাদত উপস্থিত হোৱাৰ লগে লগে তেওঁক আনুষ্ঠানিকভাৱে উষ্ম আদৰণি জনোৱা হয় আৰু কুৱেইটৰ প্ৰধানমন্ত্ৰী মহামহিম আহমদ আল আব্দুল্লাহ আল আহমদ আল ছাবাহে সাদৰ সম্ভাষনেৰে আদৰি আনে।

 

দুয়োখন দেশৰ মাজৰ ঐতিহাসিক আৰু বন্ধুত্বপূৰ্ণ সম্পৰ্কক সুঁৱৰি দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সহযোগিতা আৰু অধিক সম্প্ৰসাৰণ কৰাৰ লগতে সুদৃঢ় কৰি তোলাৰ বাবে তেওঁলোকৰ পূৰ্ণ প্ৰতিশ্ৰুতি পুনৰবাৰ উল্লেখ কৰে। এই প্ৰেক্ষাপটত তেওঁলোকে দ্বিপাক্ষিক সম্পৰ্কক ‘কৌশলগত অংশীদাৰিত্ব’লৈ উন্নীত কৰিবলৈ সন্মত হয়।

কুৱেইটত ১০ লাখৰো অধিক শক্তিশালী ভাৰতীয় সমুদায়ৰ লোকসকলৰ কল্যাণ সুনিশ্চিত কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে মহামহিম আমিৰক ধন্যবাদ জনায়। মহামহিম আমিৰে কুৱেইটৰ উন্নয়নত ভাৰতীয় সমুদায়ৰ অনবদ্য অৱদানৰ বাবে শলাগ লয়।

 

প্ৰধানমন্ত্ৰীয়ে কুৱেইটে নিজৰ ভিজন ২০৩৫ লাভৰ বাবে ৰূপায়ণ কৰা নতুন পদক্ষেপক প্ৰশংসা কৰে আৰু চলিত মাহৰ আৰম্ভণিতে জিচিচি শীৰ্ষ সন্মিলন সফলতাৰে আয়োজন কৰাৰ বাবে মহামহিম আমিৰক অভিনন্দন জনায়। ইফালে, আগদিনা আৰব উপসাগৰীয় কাপৰ উদ্বোধনী সভাত ‘সন্মানীয় অতিথি’ হিচাপে আমন্ত্ৰণ জনোৱাৰ বাবেও তেওঁ কৃতজ্ঞতা প্ৰকাশ কৰে। আনফালে, মহামহিম আমিৰে কুৱেইট আৰু উপসাগৰীয় অঞ্চলত বিশ্বাসযোগ্য অংশীদাৰ হিচাপে ভাৰতৰ ভূমিকাৰ বাবে শলাগ লয়। কুৱেইটৰ ভিজন ২০৩৫ বাস্তৱায়িত কৰাৰ দিশত ভাৰতৰ বৰ্ধিত অংশীদাৰীত্ব আৰু অৱদানৰ বাবেও আশা প্ৰকাশ কৰে।

প্ৰধানমন্ত্ৰীয়েও মহামহিম আমিৰক ভাৰত ভ্ৰমণৰ বাবে আমন্ত্ৰণ জনায়

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
From welfare to opportunity: How DPI 2.0 and AI will unlock India’s productivity

Media Coverage

From welfare to opportunity: How DPI 2.0 and AI will unlock India’s productivity
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister pays homage to former PM Shri PV Narasimha Rao Ji on his birth anniversary
June 28, 2026

The Prime Minister, Shri Narendra Modi, today, paid tributes to former Prime Minister Shri PV Narasimha Rao Ji on his birth anniversary. Shri Modi remarked that Shri PV Narasimha Rao Ji made enduring contributions to India’s progress during a critical phase of our nation’s history.

The Prime Minister posted on X:

Tributes to former Prime Minister Shri PV Narasimha Rao Ji on his birth anniversary. He made enduring contributions to India’s progress during a critical phase of our nation’s history. He made a mark as an able administrator. He was also a distinguished scholar, blessed with immense knowledge and understanding of India’s diverse culture.