১৭ জুন, ২০২৫-ত কানাডাৰ কানানাস্কিছত অনুষ্ঠিত ৫১ সংখ্যক জি-৭ সন্মিলনৰ আঁৰত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী কোৰিয়া গণৰাজ্যৰ ৰাষ্ট্ৰপতি মহামহিম লি জে-মিউঙৰে মিলিত হয়। শ্ৰী মোদীয়ে কয় যে ভাৰত আৰু কোৰিয়া গণৰাজ্যই বাণিজ্য, বিনিয়োগ, প্ৰযুক্তি, সেউজ হাইড্ৰজেন, জাহাজ নিৰ্মাণ আদি খণ্ডত একেলগে কাম কৰিব বিচাৰে।
এক্স-ৰ এটা প’ষ্টত তেখেতে এইদৰে লিখিছেঃ
“কানাডাত ৰাষ্ট্ৰপতি লি জে-মিউং আৰু মই এখনি অতিশয় ফলপ্ৰসূ বৈঠকত মিলিত হওঁ। ভাৰত আৰু কোৰিয়া গণৰাজ্যই বাণিজ্য, বিনিয়োগ, প্ৰযুক্তি, সেউজ হাইড্ৰজেন, জাহাজ নিৰ্মাণ আদি খণ্ডত একেলগে কাম কৰিব বিচাৰে। @Jaemyung_Lee”
President Mr. Lee Jae-myung and I had a very good meeting in Canada. India and the Republic of Korea seek to work together in sectors like commerce, investment, technology, green hydrogen, shipbuilding and more. @Jaemyung_Lee pic.twitter.com/rh4JiEIabE
— Narendra Modi (@narendramodi) June 17, 2025


