প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী কোৱালকমৰ অধ্যক্ষ আৰু চিইঅ’ শ্ৰী ক্রিষ্টিয়ানো আৰ. আমনৰ সৈতে মিলিত হৈ কৃত্ৰিম বুদ্ধিমত্তা, উদ্ভাৱন আৰু দক্ষতাৰ ক্ষেত্ৰত ভাৰতৰ অগ্ৰগতি সম্পৰ্কে আলোচনা কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতৰ অৰ্ধপৰিবাহী আৰু এআই অভিযানৰ প্ৰতি কোৱালকমৰ দায়বদ্ধতাৰ শলাগ লয়। তেখেতে উল্লেখ কৰে যে ভাৰতে সামূহিক ভৱিষ্যৎ গঢ়ি তুলিব পৰা প্ৰযুক্তি নিৰ্মাণৰ ক্ষেত্ৰত অতুলনীয় প্ৰতিভা আৰু পৰিসৰ আগবঢ়াইছে।

কোৱালকমৰ অধ্যক্ষ আৰু চিইঅ’ শ্ৰী ক্রিষ্টিয়ানো আৰ. আমনে ইণ্ডিয়াএআই আৰু ভাৰত অর্ধপৰিবাহী অভিযানৰ সমর্থনত কোৱালকম আৰু ভাৰতৰ মাজৰ অংশীদাৰিত্বক সুদৃঢ়কৰণৰ লগতে ৬জিলৈ পৰিৱর্তনৰ ক্ষেত্ৰত সমৃদ্ধিশালী আলোচনাৰ বাবে প্রধানমন্ত্রীগৰাকীক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ এআই স্মাৰ্টফোন, পিচি, স্মাৰ্ট গ্লাছ, অট’ম’টিভ, ঔদ্যোগিক খণ্ডৰ ক্ষেত্ৰত ভাৰতীয় বাতাবৰণ গঢ়াৰ সুযোগৰাজিত আলোকপাত কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্স-ত এইদৰে লিখিছে;

“শ্ৰী ক্রিষ্টিয়ানো আৰ. আমনৰ সৈতে এখনি সমৃদ্ধিশালী বৈঠকত মিলিত হওঁ আৰু এআই, উদ্ভাৱন তথা দক্ষতাৰ ক্ষেত্ৰত ভাৰতৰ অগ্ৰগতি সম্পৰ্কে আলোচনা কৰোঁ। ভাৰতৰ অৰ্ধপৰিবাহী আৰু এআই অভিযানৰ প্ৰতি কোৱালকমৰ দায়বদ্ধতা দেখি সন্তোষ পাইছোঁ। ভাৰতে সামূহিক ভৱিষ্যৎ গঢ়ি তুলিব পৰা প্ৰযুক্তি নিৰ্মাণৰ ক্ষেত্ৰত অতুলনীয় প্ৰতিভা আৰু পৰিসৰ আগবঢ়াইছে।

@cristianoamon

@Qualcomm”

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's Major Ports Handled Record 915 Million Tonnes Cargo In FY26, Surpass Annual Target

Media Coverage

India's Major Ports Handled Record 915 Million Tonnes Cargo In FY26, Surpass Annual Target
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 6 এপ্ৰিল 2026
April 06, 2026

India’s Golden Chapter: PM Modi Turns Vision into Records From Ports to People, From Naxal to Naval