অতুলনীয় প্ৰদৰ্শনেৰে এই ট্ৰফী জয় কৰাৰ বাবে দলটোক প্ৰধানমন্ত্ৰীৰ অভিনন্দন
খেলুৱৈসকলৰ সফলতাৰ কাহিনী ব্যক্ত কৰি আনকো অনুপ্ৰাণিত কৰিবলৈ প্ৰধানমন্ত্ৰীৰ আহ্বান, প্ৰতিগৰাকী খেলুৱৈক বছৰি তিনিখন বিদ্যালয় বাছনি কৰি ভ্ৰমণ কৰাৰ পৰামৰ্শ
মেদবহুলতাৰ বিৰুদ্ধে যুঁজিবলৈ ফিট ইণ্ডিয়া আন্দোলনৰ ওপৰত গুৰুত্ব আৰোপ প্ৰধানমন্ত্ৰীৰ, খেলুৱৈসকলক বিশেষকৈ দেশৰ কন্যাসকলকে ধৰি জনকল্যাণৰ বাবে ইয়াক প্ৰচাৰ কৰিবলৈ প্ৰধানমন্ত্ৰীৰ আহ্বান

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কালি নতুন দিল্লীৰ ৭, লোক কল্যাণ মাৰ্গত আইচিচি মহিলা বিশ্বকাপ ২০২৫ৰ চেম্পিয়নসকলৰ সৈতে বাৰ্তালাপ কৰে। ভাৰতীয় দলটোৱে ২০২৫ চনৰ ২ নৱেম্বৰ দেওবাৰে অনুষ্ঠিত ফাইনেলত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে জয়লাভ কৰে। প্ৰধানমন্ত্ৰীয়ে দেৱ দীপাৱলী আৰু গুৰপুৰবৰ উপলক্ষৰ প্ৰসংগৰে এয়া এটা অতি গুৰুত্বপূৰ্ণ দিন বুলি মন্তব্য কৰি উপস্থিত সকলোকে তেওঁৰ শুভেচ্ছা জ্ঞাপন কৰে।

 

প্ৰধানমন্ত্ৰীৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি দলটোৰ প্ৰশিক্ষক শ্ৰী অমল মজুমদাৰে কয় যে তেওঁক সাক্ষাৎ কৰাটো এক সন্মান আৰু সৌভাগ্যৰ বিষয়। যোৱা দুবছৰত দলটোৰ খেলুৱৈসকলৰ ব্যতিক্ৰমী নিষ্ঠাৰ প্ৰশংসা কৰি দেশৰ কন্যাসকলৰ নেতৃত্বত এক অভিযান হিচাপে খেলুৱৈসকলৰ কঠোৰ পৰিশ্ৰমৰ ওপৰত তেওঁ আলোকপাত কৰে। মহিলা খেলুৱৈ কেইগৰাকীয়ে প্ৰতিটো অনুশীলনত যথেষ্ঠ গুৰুত্ব আৰু শক্তিৰে খেলি তেওঁলোকৰ কঠোৰ পৰিশ্ৰমে ফল লাভ কৰাটো নিশ্চিত কৰা বুলি তেওঁ উল্লেখ কৰে।

অধিনায়িকা হৰমনপ্ৰীত কৌৰে ২০১৭ চনত ট্ৰফী জয় নকৰাকৈ প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰাৰ কথা স্মৰণ কৰি কয় যে তেওঁলোকে বিগত বহু বছৰ ধৰি কৰা কঠোৰ পৰিশ্ৰমৰ জৰিয়তে লাভ কৰা ট্ৰফীটো আগবঢ়াই সন্মানিত অনুভৱ কৰিছে। প্ৰধানমন্ত্ৰীয়ে তেওঁলোকৰ আনন্দ দুগুণ কৰি তোলা বুলি উল্লেখ কৰি তেওঁ কয় যে এয়া অতি গৌৰৱৰ বিষয়। ভৱিষ্যতেও প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰাৰ লগতে তেওঁৰ সৈতে দলীয় ফটো তোলাৰ সুযোগ লাভ কৰি থকাই তেওঁলোকৰ লক্ষ্য বুলি তেওঁ উল্লেখ কৰে।

 

শ্ৰী মোদীয়ে তেওঁলোকৰ কৃতিত্বক স্বীকাৰ কৰি কয় যে তেওঁলোকে সঁচাকৈয়ে যথেষ্ট মহান কাম সম্পন্ন কৰিছে। ভাৰতত ক্ৰিকেট কেৱল এক খেলেই নহয়, বৰং ই মানুহৰ জীৱনৰ এক অংশ হৈ পৰা বুলি তেওঁ উল্লেখ কৰে। ক্ৰিকেটত প্ৰদৰ্শন সুন্দৰকৈ অব্যাহত থাকিলে ৰাষ্ট্ৰই উত্থান অনুভৱ কৰে বুলি উল্লেখ কৰি তেওঁ কয় যে এই ক্ৰীড়াত হোৱা সামান্য বিপৰ্যয়ে সমগ্ৰ দেশক জোকাৰি যায়। একেৰাহে তিনিখন মেচত পৰাজিত হোৱাৰ পাছত দলটোৱে সন্মুখীন হোৱা ট্ৰলিঙৰ বিষয়েও তেওঁ উল্লেখ কৰে।

২০১৭ চনত দলটোৱে ফাইনেলত পৰাজিত হোৱাৰ পাছত প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰাৰ কথা সুঁৱৰি হৰমনপ্ৰীত কৌৰে পুনৰ কয় যে সাক্ষাৎকালত প্ৰধানমন্ত্ৰীগৰাকীয়ে পৰৱৰ্তী সুযোগৰ তেওঁলোকক সৰ্বশ্ৰেষ্ঠ দিবলৈ অনুপ্ৰাণিত কৰিছিল। অৱশেষত ট্ৰফীটো জয় কৰাৰ লগতে প্ৰধানমন্ত্ৰীৰ সৈতে পুনৰ কথা পাতিবলৈ সুযোগ পোৱাত তেওঁ আনন্দ প্ৰকাশ কৰে।

প্ৰধানমন্ত্ৰীয়ে স্মৃতি মান্ধানাক তেওঁৰ মনোভাৱ ব্যক্ত কৰিবলৈ আমন্ত্ৰণ জনায়। ২০১৭ চনত দলটোৱে ঘৰলৈ ট্ৰফী অনা নাছিল যদিও সেইবেলি স্মৃতি মান্ধানাই প্ৰধানমন্ত্ৰীক প্ৰত্যাশাৰ সৈতে মোকাবিলা কৰাৰ বিষয়ে এটা প্ৰশ্ন সোধাৰ কথা স্মৰণ কৰে। প্ৰধানমন্ত্ৰীৰ উত্তৰটো বিগত বছৰসমূহত তেওঁ সামৰি ৰখা বুলি উল্লেখ কৰি কেইবাবাৰো বিশ্বকাপত পৰাজয়ৰ দুখজনক অভিজ্ঞতাৰ পাছতো সেই উত্তৰটোৱে বিগত ছয়ৰ পৰা সাত বছৰত দলটোক যথেষ্ট সহায় কৰিছিল বুলি মান্ধানাই ব্যক্ত কৰে। ভাৰতে প্ৰথমবাৰৰ বাবে মহিলা বিশ্বকাপ আয়োজন কৰাটো ভাগ্যৰ দৰে অনুভৱ হোৱা বুলি তেওঁ উল্লেখ কৰে। ইছৰোৰ শুভাৰম্ভৰ পৰা আৰম্ভ কৰি অন্যান্য ৰাষ্ট্ৰীয় সাফল্যলৈকে প্ৰতিটো ক্ষেত্ৰতে মহিলাসকলৰ প্ৰতিভা দৃশ্যমান হোৱাৰ প্ৰসংগৰে তেওঁ লগতে কয় যে প্ৰধানমন্ত্ৰী সদায়ে মহিলাসকলকে ধৰি সকলোৰে বাবে এক অনুপ্ৰেৰণা হৈ আহিছে। এই অনুপ্ৰেৰণাক তেওঁ উন্নত প্ৰদৰ্শনেৰে আন নাৰীসকলক অনুপ্ৰাণিত কৰাৰ বাবে গভীৰভাৱে পাথেয় হিচাপে আখ্যা দিয়ে। সমগ্ৰ ৰাষ্ট্ৰই এয়া প্ৰত্যক্ষ কৰি থকাৰ লগতে গৌৰৱ অনুভৱ কৰা বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে তেওঁ সঁচাকৈয়ে খেলুৱৈসকলৰ অভিজ্ঞতা জানিব বিচাৰে। এইবেলি খেলখনত প্ৰতিগৰাকী খেলুৱৈৰে যথেষ্ট অৱদান আছিল বুলি উল্লেখ কৰি স্মৃতি মান্ধানাই কয় যে খেলখনৰ সৰ্বশ্ৰেষ্ঠ অংশটো আছিল এয়াই যে প্ৰতিগৰাকী খেলুৱৈয়ে ঘৰলৈ গৈ তেওঁলোকৰ বৰঙণিৰ বাবে গৌৰৱান্বিত হ’ব। প্ৰত্যাশাক নিয়ন্ত্ৰণ কৰা সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ পূৰ্বৰ পৰামৰ্শ সদায় তেওঁৰ মনত থকা বুলি উল্লেখ কৰি খেলুৱৈগৰাকীয়ে কয় যে শ্ৰী মোদীৰ শান্ত আৰু সংযত আচৰণ নিজেই অনুপ্ৰেৰণাৰ উৎস।

 

দলটোৰ যাত্ৰাৰ বিষয়ে বৰ্ণনা কৰিবলৈ গৈ জেমিমা ৰড্ৰিগছে তিনিখন মেচত পৰাস্ত হোৱাৰ প্ৰসংগ উত্থাপন কৰি কয় যে এটা দলে কিমানবাৰ জয়লাভ কৰে তাৰ দ্বাৰা নহয়, কিন্তু হাৰি যোৱাৰ পাছত দলটো কেনেদৰে ওপৰলৈ উঠে তাৰ জৰিয়তেহে পাৰদৰ্শিতা নিৰ্ধাৰণ কৰা হয়। দলটোৱে সেই সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন আগবঢ়োৱাৰ বাবে ই এটা চেম্পিয়ন দল বুলি তেওঁ উল্লেখ কৰে। তেওঁ লগতে দলটোৰ ভিতৰৰ ঐক্যৰ ওপৰত আলোকপাত কৰি ইয়াক তেওঁ দেখা সৰ্বশ্ৰেষ্ঠ বুলি অভিহিত কৰে। দলটোৰ কোনো এগৰাকী খেলুৱৈয়ে ভাল প্ৰদৰ্শন কৰিলে সকলোৱে আনন্দ প্ৰকাশ কৰিছিল যেন তেওঁলোকে নিজেই ৰান সংগ্ৰহ কৰিছে অথবা উইকেট লৈছে। একেদৰে, যেতিয়াই কোনোবাই ভাল প্ৰদৰ্শন কৰিব পৰা নাছিল, তেওঁৰ ওচৰত সদায় এজন সতীৰ্থ আছিল যিয়ে তেওঁলোকৰ কান্ধত এখন হাত ৰাখি কৈছিল, "চিন্তা নকৰিব, আপুনি পৰৱৰ্তী খেলত ভাল প্ৰদৰ্শন কৰিব পাৰিব।" তেওঁ লগতে যোগ দিয়ে যে সমৰ্থন আৰু একতাৰ এই মনোভাৱে সঁচাকৈয়ে দলটোক সংজ্ঞায়িত কৰিছে।

স্নেহ ৰাণাই জেমিমা ৰড্ৰিগছৰ সৈতে সহমত পোষণ কৰি কয় যে সফলতাৰ মুহূৰ্তত সকলোৱে একেলগে থিয় হৈ থকাৰ বিপৰীতে পতনৰ সময়ত ইজনে সিজনক সমৰ্থন কৰাটো আৰু অধিক গুৰুত্বপূৰ্ণ। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে এটা দল হিচাপে আৰু এটা গোট হিচাপে তেওঁলোকে সিদ্ধান্ত লৈছিল যে যিয়েই নহওঁক, তেওঁলোকে কেতিয়াও ইজনে সিজনৰ পক্ষ এৰিব নোৱাৰিব আৰু সদায় ইজনে সিজনৰ উন্নতি সাধন কৰিব। তেওঁ নিশ্চিত কৰিছিল যে এয়া তেওঁলোকৰ দলৰ সৰ্বশ্ৰেষ্ঠ মান।

ক্ৰান্তি গৌড়ে লগতে কয় যে হৰমনপ্ৰীত কৌৰে সদায় সকলোকে হাঁহি থাকিবলৈ উৎসাহিত কৰিছিল। তেওঁ ব্যক্ত কৰিছিল যে যদি কাৰোবাক অলপ চিন্তিত যেন লাগিছিল, তেন্তে দলটোৰ দৃষ্টিভংগী আছিল হাঁহি বজাই ৰখা যাতে ইজনে সিজনৰ হাঁহি দেখি সকলোৱে আনন্দিত আৰু আত্মবিশ্বাসী হৈ থাকিব পাৰে। প্ৰধানমন্ত্ৰীয়ে দলটোত সকলোকে হাঁহিবলৈ দিয়া কোনোবা আছে নেকি বুলি সুধিলে, য’ত ক্ৰান্তিয়ে উত্তৰ দিছিল যে জেমিমা ৰড্ৰিগছে সেই ভূমিকাটো পালন কৰিছিল। জেমিমাই লগতে কয় যে হাৰ্লিন কৌৰ দেওলেও দলটোক একত্ৰিত কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

 

হাৰ্লিন কৌৰ দেওলে ব্যক্ত কৰে যে প্ৰতিটো দলত এনেকুৱা কোনোবা এজন থাকিব লাগে যি পৰিৱেশটো পাতল কৰি ৰাখে বুলি তেওঁ বিশ্বাস কৰে। তেওঁ কয় যে যেতিয়াই তেওঁ কাৰোবাক অকলে বহি থকা লক্ষ্য কৰে বা অনুভৱ কৰে যে তেওঁৰ কিছু মুকলি সময় আছে, তেওঁ আনৰ সৈতে জড়িত হ'বলৈ চেষ্টা কৰে। তেওঁৰ চাৰিওফালৰ লোকসকল সুখী হ’লে তেওঁ আনন্দিত হয় বুলি তেওঁ প্ৰকাশ কৰে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আহি পোৱাৰ পাছত দলটোৰ কাম-কাজ সম্পৰ্কে প্ৰশ্ন সুধিছিল। হাৰ্লিন কৌৰ দেওলে হাস্যৰসাত্মকভাৱে কৈছিল যে আনসকলে তেওঁক অত্যধিক জোৰেৰে কথা নক’বলৈ ইংগিত দিছিল আৰু তেওঁক নীৰৱ হৈ থাকিবলৈ কৈছিল। তাৰ পাছত তেওঁ প্ৰধানমন্ত্ৰীৰ ছালৰ প্ৰশংসা কৰি তেওঁৰ ছালৰ যত্নৰ ৰুটিনৰ বিষয়ে জানিব বিচাৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে বিনম্রভাৱে উত্তৰ দি কয় যে তেওঁ সেই বিষয়ত বেছি গুৰুত্ব দিয়া নাই। এজন খেলুৱৈয়ে মন্তব্য কৰে যে কোটি কোটি ভাৰতীয়ৰ প্ৰেমে তেওঁক উজ্জ্বল কৰি তোলে। প্ৰধানমন্ত্ৰীয়ে সন্মতি প্ৰকাশ কৰি কয় যে সমাজৰ পৰা এনে মৰম প্ৰকৃততে এক বৃহৎ শক্তি। তেওঁ উল্লেখ কৰে যে চৰকাৰৰ মুৰব্বী হিচাপে কাম কৰি থকাকে ধৰি তেওঁ চৰকাৰত ২৫ বছৰ সম্পূৰ্ণ কৰিছে আৰু ইমান দীঘলীয়া কাৰ্যকালৰ পাছত এনে আশীৰ্বাদ লাভ কৰাটোৱে স্থায়ী প্ৰভাৱ পেলায়।

প্ৰশিক্ষকজনে বিভিন্ন প্ৰশ্ন আৰু দলৰ বিভিন্ন ব্যক্তিত্বৰ ওপৰত মত প্ৰকাশ কৰে। বিগত দুবছৰ ধৰি তেওঁলোকৰ মুখ্য প্ৰশিক্ষক হৈ থকা বুলি তেওঁ ব্যক্ত কৰে। তেওঁ জুনত ইংলেণ্ডত ৰজা চাৰ্লছক লগ পোৱাৰ অভিজ্ঞতা বৰ্ণনা কৰে। প্ৰট'কলৰ সীমাবদ্ধতাৰ বাবে মাত্ৰ ২০ গৰাকী লোকক উপস্থিত থকাৰ অনুমতি দিয়া হোৱাৰ বাবে সহায়ক কৰ্মচাৰীসকল উপস্থিত থাকিব নোৱাৰিলে। সকলো খেলুৱৈ আৰু তিনিজন দক্ষ প্ৰশিক্ষক উপস্থিত থকাৰ বিষয়ে তেওঁ উল্লেখ কৰে। তেওঁ সহযোগী কৰ্মচাৰীসকলক কৈছিল যে তেওঁ অত্যন্ত দুঃখিত, কিয়নো প্ৰট’কলটোৱে মাত্ৰ ২০ গৰাকী লোকক লগ পোৱাৰ অনুমতি দিছিল। ইয়াৰ প্ৰত্যুত্তৰত সহযোগী কৰ্মচাৰীসকলে কৈছিল যে তেওঁলোকক সেই ফটোখনৰ প্ৰয়োজন নাই-তেওঁলোকে ৪ বা ৫ নৱেম্বৰত প্ৰধানমন্ত্ৰী মোদীৰ সৈতে এখন ফটো উঠিবহে বিচাৰিছিল। আজি সেই ইচ্ছা পূৰণ হ’ল।

হৰমনপ্ৰীত কৌৰে কয় যে এনে কিছু মুহূৰ্ত আছিল যেতিয়া অনুভৱ হৈছিল যে কেৱল তেওঁলোকৰ সন্মুখতেই বিপৰ্যয় আহিছে। কিন্তু সেই সংগ্ৰামবোৰ তেওঁলোকক মানসিক আৰু শাৰীৰিকভাৱে শক্তিশালী কৰি তুলিবলৈ লিখা হৈছিল। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হৰমনপ্ৰীতক এই কথা ব্যক্ত কৰাৰ সময়ত তেওঁ কেনে অনুভৱ কৰিছিল বুলি সুধিছিল আৰু উল্লেখ কৰিছিল যে ই গভীৰভাৱে অনুপ্ৰেৰণাদায়ক। খেলুৱৈগৰাকীয়ে উত্তৰ দিছিল যে তেওঁলোকৰ সদায় এটা বিশ্বাস আছিল যে এদিন তেওঁলোকে ট্ৰফীটো তুলি ল’ব আৰু দলটোৰ প্ৰথম দিনৰ পৰাই সেই বিশেষ অনুভূতি অনুভূত হৈছিল। প্ৰধানমন্ত্ৰীয়ে তেওঁলোকে সন্মুখীন হোৱা বাৰে বাৰে অহা প্ৰত্যাহ্বানসমূহ স্বীকাৰ কৰে আৰু প্ৰতিকূল পৰিস্থিতি সত্বেও আনৰ ওপৰত আস্থা স্থাপন কৰাৰ তেওঁলোকৰ সাহস আৰু সামৰ্থ্যৰ প্ৰশংসা কৰে। প্ৰতিখন প্ৰতিযোগিতাতে তেওঁলোকৰ আত্মবিশ্বাস আৰু ধাৰাবাহিক উন্নতিৰ ওপৰত আলোকপাত কৰি হৰমনপ্ৰিতে দলৰ সকলো সদস্যক কৃতিত্ব দিয়ে। তেওঁ উল্লেখ কৰে যে বিগত দুবছৰ ধৰি তেওঁলোকে অতীত সলনি কৰিব নোৱাৰি বুলি স্বীকাৰ কৰি মানসিক শক্তিৰ ওপৰত ব্যাপকভাৱে কাম কৰিছিল। প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে এই যাত্ৰাই তেওঁলোকক বৰ্তমানত জীয়াই থাকিবলৈ শিকাইছে। তেওঁ সন্মতি প্ৰকাশ কৰি কৈছিল যে ঠিক সেই কাৰণেই তেওঁ প্ৰধানমন্ত্ৰীগৰাকীক সুধিছিল যে তেওঁ তেওঁৰ দলৰ সদস্যসকলক অনুপ্ৰাণিত কৰিবলৈ অতিৰিক্ত কি কৰে-যাতে তেওঁলোকৰ উপস্থিতি সন্দৰ্ভত তেওঁলোকৰ বিশ্বাস শক্তিশালী কৰিব পাৰে। তেওঁ লগতে দৃঢ়তাৰে কয় যে প্ৰধানমন্ত্ৰী আৰু তেওঁলোকৰ প্ৰশিক্ষকসকলৰ পৰামৰ্শই তেওঁলোকক সঠিক পথত লৈ গৈছে।

 

তাৰ পিছত প্ৰধানমন্ত্ৰীয়ে দীপ্তি শৰ্মাক দিনটোৰ ভিতৰত তেওঁৰ উপ আৰক্ষী অধীক্ষক (ডিএছপি) ৰ ভূমিকাৰ বিষয়ে সুধিছিল আৰু কৌতুক কৰি কৈছিল যে তেওঁ নিশ্চয় সকলো নিয়ন্ত্ৰণ কৰি আছে। তেওঁ উত্তৰ দিছিল যে তেওঁলোকে কেৱল প্ৰধানমন্ত্ৰীক লগ পাবলৈ অপেক্ষা কৰিছিল আৰু এই মুহূৰ্তটো উপভোগ কৰিছে। তেওঁ স্মৰণ কৰে যে ২০১৭ চনত প্ৰধানমন্ত্ৰীয়ে তেওঁক কৈছিল যে এজন প্ৰকৃত খেলুৱৈ হ’ল যিজনে বিফলতাৰ পৰা আৰোহণ কৰিবলৈ আৰু আগবাঢ়ি যাবলৈ শিকে। তেওঁ কয় যে শ্ৰী মোদীৰ কথাসমূহে তেওঁক সদায় অনুপ্ৰাণিত কৰি আহিছে আৰু তেওঁ নিয়মিতভাৱে তেওঁৰ ভাষণ শুনে। তেওঁ লগতে কয় যে বহুতো কণ্ঠ গৰজি উঠিলেও পৰিস্থিতি শান্ত কৰাৰ লগতে সংযত পৰিচালনা কৰাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰীৰ পাৰদৰ্শিতাই ব্যক্তিগতভাৱে তেওঁক তেওঁৰ খেলত সহায় কৰে।

শ্ৰী মোদীয়ে দীপ্তিক তেওঁৰ হনুমান জীৰ টেটু আৰু ই তেওঁক কেনেদৰে সহায় কৰে সেই বিষয়ে সুধিছিল। তেওঁ উত্তৰ দিছিল যে তেওঁ নিজৰ ওপৰত বিশ্বাস কৰাতকৈ হনুমান জীৰ ওপৰত অধিক বিশ্বাস ৰাখে আৰু যেতিয়াই তেওঁ অসুবিধাৰ সন্মুখীন হয়, হনুমানজীৰ নাম আহ্বান কৰিলে বাধা অতিক্ৰম কৰিবলৈ শক্তি পায়। খেলুৱৈগৰাকীয়ে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত "জয় শ্ৰী ৰাম" বুলিও লিখাৰ বিষয়ে  প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰাত তেওঁ তাক নিশ্চিত কৰে। তেওঁ মন্তব্য কৰে যে বিশ্বাসে জীৱনত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে, যি এক উচ্চ শক্তিৰ ওচৰত আত্মসমৰ্পণ কৰাৰ সান্ত্বনা প্ৰদান কৰে। তাৰ পিছত তেওঁ খেলপথাৰত তেওঁৰ দৃঢ়তা আৰু আধিপত্যৰ ধাৰণাৰ সত্যতা আছেনে নাই সেই বিষয়ে সুধিছিল। তেওঁ উত্তৰ দিছিল যে এইটো ঠিক তেনেকুৱা নাছিল, কিন্তু তেওঁ স্বীকাৰ কৰিছিল যে তেওঁৰ থ্ৰ'ৰ সৈতে অলপ ভয় জড়িত হৈ থাকে আৰু সতীৰ্থসকলে প্ৰায়ে সহজ হ'বলৈ কৌতুক কৰে। প্ৰধানমন্ত্ৰীয়ে ব্যক্তিগতভাৱে তেওঁৰ টেটুৰ বিষয়ে সোধাৰ লগতে তেওঁৰ ইনষ্টাগ্ৰাম টেগলাইনৰ বিষয়ে জনাৰ বাবে তেওঁ প্ৰধানমন্ত্ৰীৰ প্ৰশংসা কৰে।

তাৰ পিছত প্ৰধানমন্ত্ৰীয়ে হৰমনপ্ৰীত কৌৰক জয়ৰ পিছত তেওঁ নিজৰ পকেটত ৰখা বলটোৰ প্ৰসংগৰে সেয়া পৰিকল্পিত আছিল নে কাৰোবাৰ দ্বাৰা নিৰ্দেশিত আছিল, সেই বিষয়ে প্ৰশ্ন কৰে। এইটো ঐশ্বৰিক পৰিকল্পনা আছিল বুলি প্ৰকাশ কৰি হৰমনপ্ৰীতে উত্তৰ দিয়ে যে তেওঁ অন্তিম বল আৰু কেচটো তেওঁৰ ওচৰলৈ আহিব বুলি আশা কৰা নাছিল যদিও যেতিয়া বলটো তেওঁৰ ওচৰলৈ আহিছিল তেতিয়া এয়া বহু বছৰৰ প্ৰচেষ্টা আৰু অপেক্ষাৰ পৰিণতি যেন তেওঁৰ অনুভৱ হৈছিল আৰু তেওঁ ইয়াক ৰখাৰ সিদ্ধান্ত লৈছিল। তেওঁ লগতে কয় যে বলটো এতিয়াও তেওঁৰ বেগত আছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে শ্বেফালী বাৰ্মাৰ ফালে ঘূৰি তেওঁ মল্লযোদ্ধাৰ বাবে জনাজাত ৰোহতকৰ বাসিন্দা আৰু তেওঁ কেনেকৈ ক্ৰিকেটত প্ৰৱেশ কৰিলে বুলি সুধিছিল। শ্বেফালীয়ে উত্তৰ দিছিল যে ৰোহতকত মল্লযুঁজ আৰু কাবাদী সঁচাকৈয়ে বিখ্যাত, কিন্তু তেওঁৰ পিতৃয়ে তেওঁৰ ক্ৰিকেট যাত্ৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তেওঁ কেতিয়াবা পৰম্পৰাগত আখড়া ক্ৰীড়া খেলিছিল নেকি বুলি প্ৰধানমন্ত্ৰীয়ে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ এই ক্ৰীড়া কেতিয়াও খেলা নাই বুলি নিশ্চিত কৰিছিল। তেওঁৰ দেউতাকৰ ক্ৰিকেটাৰ হোৱাৰ আকাংক্ষা আছিল বুলি উল্লেখ কৰি তেওঁ কয় যে সপোনটো দেউতাকে সফল কৰিব নোৱাৰিলে। সেয়েহে তেওঁ নিজৰ সন্তানে ক্ৰিকেট খেলাটো বিচাৰে বুলি তেওঁ প্ৰকাশ কৰিছিল। তেওঁ আৰু তেওঁৰ ভায়েকে একেলগে খেল চাইছিল, যাৰ ফলত তেওঁৰ ক্ৰিকেটৰ প্ৰতি গভীৰ আগ্ৰহ জাগ্ৰত হৈছিল আৰু তেওঁ এগৰাকী ক্ৰিকেটাৰ হৈ পৰিছিল।

 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কেচ ধৰাৰ আগতে তেওঁৰ হাঁহিটো দেখাৰ কথা স্মৰণ কৰি ইয়াৰ আঁৰৰ কাৰণ জানিব বিচাৰে। মানসিকভাৱে বলটো তেওঁৰ ওচৰলৈ আহিবলৈ আহ্বান কৰাৰ কথা প্ৰকাশ কৰি খেলুৱৈগৰাকীয়ে কৈছিল যে তেওঁ ভবাধৰণে যেতিয়া বলটো তেওঁৰ ওচৰলৈ আহিছিল, তেতিয়া তেওঁ হাঁহি ৰখাব নোৱাৰিলে। প্ৰধানমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছিল যে বলটো আন ক’তো যাব নোৱাৰে বুলি তেওঁ ইমান আত্মবিশ্বাসী যেন লাগিছিল। তেওঁ উত্তৰ দিছিল যে যদি বলটো আন দিশে গ’লহেঁতেন, তেন্তে তেওঁ বলটো ধৰিবলৈ জাঁপ মাৰিলেহেঁতেন।

সেই মুহূৰ্তত তেওঁৰ আবেগৰ বিষয়ে বৰ্ণনা কৰিবলৈ কোৱাৰ সময়ত জেমিমা ৰড্ৰিগছে ব্যাখ্যা কৰে যে এয়া ছেমি ফাইনেলত হৈছিল, আৰু দলটোৱে প্ৰায়ে অষ্ট্ৰেলিয়াৰ হাতত কম ব্যৱধানত পৰাস্ত হৈছিল। তেওঁৰ একমাত্ৰ মনোযোগ আছিল মেচখন জয় কৰা আৰু শেষলৈকে খেলা। খেলখন সলনি কৰিবলৈ তেওঁলোকক এটা দীঘলীয়া অংশীদাৰীত্বৰ প্ৰয়োজন, আৰু সেই বিশ্বাসে এক সামূহিক দলীয় প্ৰচেষ্টাৰ সৃষ্টি কৰা বুলি তেওঁ উল্লেখ কৰিছএ। যদিও তেওঁ এটা শতক অৰ্জন কৰিছিল, তথাপি তেওঁ এই জয়ৰ কৃতিত্ব হৰমনপ্ৰীত কৌৰ, দীপ্তি, ৰিচা আৰু অমনজ্যোতৰ অৱদানক দিছিল, যাৰ প্ৰভাৱশালী ইনিংছে বিজয় সম্ভৱ কৰি তুলিছিল। সকলোৱে দলটোৰ সামৰ্থ্যৰ ওপৰত বিশ্বাস কৰিছিল বুলি উল্লেখ কৰি তেওঁ কয় যে দলটোৱে এইটো কৰিব পাৰে বুলি থকা সকলোৰে বিশ্বাসক তেওঁলোকে সঁচা কৰি তুলিছিল।

জেমিমাই লগতে কয় যে প্ৰধানমন্ত্ৰীগৰাকীয়ে তেওঁলোকৰ বিশ্বকাপ জয়ৰ অভিজ্ঞতা, তিনিখন মেচত পৰাজিত হোৱাৰ পাছত কেনে অনুভৱ হৈছিল আৰু তেওঁলোকে কেনেদৰে ঘূৰি আহিছিল সেই বিষয়ে জানিবলৈ আগ্ৰহী আছিল।

ক্ৰান্তি গৌড়ে ব্যক্ত কৰি কয় যে বিশ্বকাপ জয় কৰাটো ব্যক্তিগতভাৱে তেওঁৰ লগতে তেওঁৰ গাঁৱৰ লোকসকলৰ বাবেও এক গৌৰৱৰ অনুভৱ আছিল। তেওঁ কয় যে যেতিয়াই তেওঁ বল কৰিছিল, হৰমনপ্ৰীত কৌৰে তেওঁক কৈছিল যে তেওঁৱেই প্ৰথম উইকেটটো ল’ব লাগিব, যিয়ে তেওঁক প্ৰদৰ্শন কৰিবলৈ অনুপ্ৰাণিত কৰিছিল। ক্ৰান্তিয়ে তেওঁৰ ডাঙৰ ভায়েকৰ ক্ৰিকেটৰ প্ৰতি থকা প্ৰেম আৰু প্ৰধানমন্ত্ৰীৰ প্ৰতি থকা প্ৰশংসাৰ বিষয়েও কৈছিল। দেউতাকৰ চাকৰি হেৰুওৱাৰ বাবে তেওঁৰ ভায়েকে একাডেমীত যোগদান কৰিব নোৱাৰিলে বুলি উল্লেখ কৰি তেওঁ কয় যে ভায়েকে অনানুষ্ঠানিকভাৱে খেলা অব্যাহত ৰাখিছিল। ভাতৃৰ দ্বাৰা অনুপ্ৰাণিত হৈ, তেওঁ টেনিছ বল ব্যৱহাৰ কৰি ল’ৰাৰ সৈতে খেলিবলৈ আৰম্ভ কৰিছিল তেওঁৰ ক্ৰিকেট যাত্ৰা আনুষ্ঠানিকভাৱে স্থানীয় চামৰা বল প্ৰতিযোগিতা-এম এল এ ট্ৰফীৰ সময়ত আৰম্ভ হৈছিল, য’ত তেওঁক এজন অসুস্থ সতীৰ্থৰ ঠাইত খেলিবলৈ কোৱা হৈছিল। দীঘল চুলি থকা সত্বেও তেওঁক দলত যোগদান কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছিল আৰু তেওঁৰ প্ৰথমখন খেলত তেওঁ দুটা উইকেট লৈছিল আৰু ২৫ ৰান সংগ্ৰহ কৰি প্লেয়াৰ অব দ্য মেচৰ বঁটা লাভ কৰিছিল। তাতেই তেওঁৰ ক্ৰিকেট কেৰিয়াৰৰ আৰম্ভণি হৈছিল।

 

প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে যে শ্বেফালী বাৰ্মাই যোৱা দুখন খেলত খেলিবলৈ সুযোগ পাইছিল। শ্বেফালীয়ে নিশ্চিত কৰি কয় যে তেওঁক ফোন কৰাৰ আগতে তেওঁ ঘৰুৱা ক্ৰিকেট খেলিছিল। তেওঁ স্বীকাৰ কৰিছিল যে প্ৰতিকাৰ সৈতে যি ঘটিছিল সেয়া দুৰ্ভাগ্যজনক আছিল আৰু কোনো খেলুৱৈয়ে আন এজন খেলুৱৈৰ সৈতে এনে হোৱাৰ কামনা নকৰে। কিন্তু যেতিয়া তেওঁক ফোন কৰা হৈছিল, তেতিয়া তেওঁ আত্মবিশ্বাস দেখুৱাইছিল আৰু গোটেই দলটোৱে তেওঁৰ ওপৰত আস্থা ৰাখিছিল। তেওঁ প্ৰয়োজনীয় যিকোনো উপায়েৰে দলটোক জয়ী হোৱাত সহায় কৰিবলৈ সংকল্পবদ্ধ আছিল।

প্ৰতিকা ৰাৱালে প্ৰকাশ কৰিছিল যে তেওঁৰ আঘাতৰ পাছত দলটোৰ বহুতে প্ৰতিকাৰ বাবে বিশ্বকাপ জয় কৰাৰ ইচ্ছা প্ৰকাশ কৰিছিল। যদিও তেওঁ আনুষ্ঠানিকভাৱে দলটোত নাছিল আৰু ১৬ সংখ্যক খেলুৱৈ আছিল, তথাপি তেওঁক হুইলচেয়াৰত তুলি মঞ্চলৈ অনা হৈছিল আৰু সম্পূৰ্ণ সন্মান জনোৱা হৈছিল। তেওঁ দলটোক এটা পৰিয়াল হিচাপে বৰ্ণনা কৰিছিল, য’ত প্ৰতিজন খেলুৱৈক সমানভাৱে গণ্য কৰা হয়, আৰু যেতিয়া এনে এটা গোট একেলগে খেলে, তেওঁলোকক পৰাস্ত কৰাটো অতি কঠিন হৈ পৰে। তেওঁ দৃঢ়তাৰে কয় যে দলটোৱে সঁচাকৈয়ে ফাইনেলত জয়লাভ কৰাৰ যোগ্য আছিল। প্ৰধানমন্ত্ৰীয়ে সন্মতি প্ৰকাশ কৰি কেৱল খেলপথাৰতে নহয়, বাহিৰতো দলীয় মনোভাৱ অতি গুৰুত্বপূৰ্ণ বুলি গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে একেলগে সময় কটোৱাটোৱে এক বন্ধন গঢ়ি তোলে, আৰু ইজনে সিজনৰ দুৰ্বলতা আৰু শক্তি জনাটোৱে ইজনে সিজনক সামৰি লোৱাত আৰু সমৰ্থন কৰাত সহায় কৰে।

শ্ৰী মোদীয়ে তেতিয়া মন্তব্য কৰিছিল যে এটা বিশেষ কেচ অতি বিখ্যাত হৈ পৰিছে। অমনজ্যোত কৌৰে উত্তৰ দিছিল যে যদিও তেওঁ আগতে বহুতো ব্লাইণ্ডাৰ কেচ লৈছিল, কিন্তু কোনো এটা কেচেও এনে খ্যাতি লাভ কৰা নাছিল আৰু বিচলিত হ’ব ধৰাৰ পাছতো ভাল লাগিছিল। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে কেচটো এটা টাৰ্ণিং পইণ্ট হৈ পৰিছিল আৰু এইটো ধৰাৰ পাছত তেওঁ নিশ্চয় ট্ৰফীটোৰ দিশে চাবলৈ আৰম্ভ কৰিছিল। অমনজ্যোতে উত্তৰ দিছিল যে তেওঁ সঁচাকৈয়ে সেই কেচটোত ট্ৰফীটো দেখিছিল, আৰু আনন্দ প্ৰকাশৰ সময়ত তেওঁৰ সমভাগী হোৱা লোকৰ সংখ্যাত অভিভূত হৈছিল।

 

প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে সূৰ্যকুমাৰ যাদৱেও পূৰ্বে একে ধৰণৰ এটা কেচ ধৰিছিল আৰু আকৰ্ষণীয় বুলি অনুভৱ এজন খেলুৱৈৰ এটা কেচ পুনৰ টুইট কৰাৰ কথা তেওঁ স্মৰণ কৰে।

হাৰ্লিন কৌৰ দেওলে ইংলেণ্ডৰ এটা স্মৃতি ব্যক্ত কৰিছিল, য'ত তেওঁলোকে দীৰ্ঘদিন ধৰি এনেধৰণৰ কেচ ধৰাৰ অনুশীলন কৰি আছিল। ফিল্ডিঙৰ সময়ত এটা কেচ হেৰুওৱাৰ কথা তেওঁ স্মৰণ কৰিছিল, যাৰ পাছত হৰমনপ্ৰীত কৌৰে তেওঁক গালি পাৰিছিল আৰু কৈছিল যে ভাল ফিল্ডাৰসকলে এনে কেচবোৰ হেৰুৱাব নালাগে। তেওঁৰ পিছফালে থিয় হৈ থকা জেমিমাই তেওঁক আশ্বস্ত কৰিছিল আৰু কৈছিল যে তেওঁৰ বাবে এনে কেচ ধৰাটো সম্ভৱ। তাৰ পাছত তেওঁ পৰৱৰ্তী দুটা অভাৰৰ ভিতৰত এটা ভাল কেচ ধৰাৰ প্ৰতিশ্ৰুতি দিছিল, আৰু তাৰ ঠিক পাছতে বলটো তেওঁৰ পিনে অহাত তেওঁ নিজৰ প্ৰতিশ্ৰুতি পূৰণ কৰিছিল। তেতিয়া শ্ৰী মোদীয়ে কৌতুকপূৰ্ণভাৱে মন্তব্য কৰিছিল যে প্ৰত্যাহ্বানটোৱে কাম কৰিছে।

প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে ৰিচা ঘোষে য'তেই খেলে সদায় জয়ী হোৱা যেন লাগে। তেওঁ উত্তৰ দিছিল যে তেওঁ নিশ্চিত নহয়, কিন্তু উল্লেখ কৰিছিল যে ৰিচাই ১৯ অনূৰ্ধ্ব, ছিনিয়ৰ আৰু ডব্লিউ পি এল প্ৰতিযোগিতাত ট্ৰফী লাভ কৰিছিল আৰু বহুতো বিশাল ছিক্সাৰ মাৰিছিল। তেওঁ লগতে ব্যক্ত কৰে যে তেওঁৰ বেটিঙৰ সময়ত বিশেষকৈ ছয় মৰাৰ সময়ত তেওঁ হৰমনপ্ৰীত কৌৰ আৰু স্মৃতি মান্ধানাৰ দৰে সতীৰ্থৰ পৰা অপৰিসীম বিশ্বাস অনুভৱ কৰিছিল। সমগ্ৰ দলটোৱে উচ্চ চাপৰ পৰিস্থিতিত সুন্দৰ প্ৰদৰ্শন কৰাৰ তেওঁৰ সামৰ্থ্যৰ ওপৰত বিশ্বাস কৰিছিল, য'ত ৰানৰ প্ৰয়োজন আছিল কিন্তু বল কম আছিল। সেই বিশ্বাসে তেওঁৰ আত্মবিশ্বাস দৃঢ় কৰিছিল আৰু প্ৰতিখন খেলতে তেওঁৰ শাৰীৰিক ভাষাত এই বিশ্বাস প্ৰতিফলিত হৈছিল।

আন এগৰাকী খেলুৱৈ ৰাধা যাদৱে স্মৰণ কৰে যে তিনিখন মেচত পৰাজিত হোৱা সত্ত্বেও পৰাজয়ৰ মাজতে একতা আছিল সৰ্বশ্ৰেষ্ঠ অংশ-সকলোৱে ইজনে সিজনক সমৰ্থন কৰিছিল আৰু প্ৰকৃত আৰু বিশুদ্ধ সমৰ্থনৰ সৈতে মুকলিকৈ যোগাযোগ কৰিছিল। তেওঁ বিশ্বাস কৰিছিল যে এই সামূহিক মনোভাৱৰ বাবেই তেওঁলোকক ট্ৰফীৰে আশীৰ্বাদ দিয়া হৈছে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ দিছিল যে তেওঁলোকৰ কঠোৰ পৰিশ্ৰমেই তেওঁলোকক বিজয় প্ৰদান কৰিছে। তেওঁ সুধিছিল যে তেওঁ এনে প্ৰদৰ্শনৰ বাবে নিজকে কেনেকৈ প্ৰস্তুত কৰিছিল। খেলুৱৈগৰাকীয়ে প্ৰকাশ কৰিছিল যে দলটোৱে দীৰ্ঘদিন ধৰি মানসম্পন্ন ক্ৰিকেট খেলিছিল আৰু প্ৰতিটো পৰিস্থিতিৰ বাবে সাজু আছিল-সেয়া সুস্থতা, ফিল্ডিং বা দক্ষতাৰ ক্ষেত্ৰতেই হওক। তেওঁ গুৰুত্ব আৰোপ কৰিছিল যে একেলগে থকাটোৱে কামবোৰ সহজ কৰি তোলে, আনহাতে অকলে কাম কৰাটো অতি কঠিন হৈ পৰিছিল। খেলুৱৈগৰাকীয়ে দেউতাকৰ বাবে তেওঁৰ প্ৰথম পুৰস্কাৰৰ ধন খৰচ কৰিছিল বুলি শুনি প্ৰধানমন্ত্ৰীগৰাকীয়ে এই বিষয়ে উল্লেখ কৰাত তেওঁ এইটো নিশ্চিত কৰি কয় যে তেওঁৰ পৰিয়ালে প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল, কিন্তু তেওঁৰ পিতৃ আৰু মাতৃয়ে কেতিয়াও সেই অসুবিধাবোৰক তেওঁৰ যাত্ৰাত প্ৰভাৱ পেলাব দিয়া নাছিল।

 

স্নেহ ৰাণাই বছৰ বছৰ ধৰি কৰা কঠোৰ পৰিশ্ৰমৰ কথা কৈছিল আৰু প্ৰকাশ কৰিছিল যে কেনেদৰে তেওঁ নিৰ্দিষ্ট বেটছমেনসকলক মোকাবিলা কৰিবলৈ তেওঁলোকৰ বলিং প্ৰশিক্ষক আৱিষ্কাৰ চালভিৰ সৈতে নিয়মিতভাৱে কৌশলৰ বিষয়ে আলোচনা কৰিছিল। এই কৌশলবোৰ অধিনায়ক, উপ-অধিনায়ক আৰু মুখ্য প্ৰশিক্ষকৰ সৈতে সমন্বয়েৰে কৰা হৈছিল, আৰু তাৰ পিছত খেলপথাৰত অনুশীলন কৰা হৈছিল। যদিও প্ৰতিখন খেল পৰিকল্পনা অনুসৰি হোৱা নাছিল, তেওঁলোকে পৰৱৰ্তী সুযোগত প্ৰদৰ্শন উন্নত কৰিবলৈ অনুপ্ৰাণিত হৈ আছিল।

উমা চেত্ৰীয়ে প্ৰধানমন্ত্ৰীৰ সন্মুখত কথা পাতি অভিভূত অনুভৱ কৰাৰ কথা স্বীকাৰ কৰিছিল। প্ৰধানমন্ত্ৰীগৰাকীয়ে তেওঁক মনৰ কথা ক’বলৈ উৎসাহিত কৰিছিল। তাৰ পাছত তেওঁ ব্যক্ত কৰিছিল যে তেওঁৰ বিশ্বকাপৰ প্ৰথম খেলখনত প্ৰতিখন প্ৰথম খেলৰ দৰেই বৰষুণ হৈছিল। তেওঁ কেৱল উইকেট কীপিং কৰিছিল, কিন্তু তেওঁ অত্যন্ত সুখী আছিল কাৰণ বিশ্বকাপত ভাৰতৰ হৈ প্ৰথমখন খেল খেলাটো তেওঁৰ বাবে এক বৃহৎ মুহূৰ্ত আছিল। তেওঁ দেশৰ হৈ খেলিবলৈ উৎসাহিত হৈছিল আৰু ভাৰতক জয়ী হ’বলৈ সহায় কৰিবলৈ নিজৰ সৰ্বশ্ৰেষ্ঠখিনি দিবলৈ সংকল্পবদ্ধ আছিল। গোটেই দলটোৱে তেওঁক বিশ্বাস কৰাৰ বাবে তেওঁ অত্যন্ত কৃতজ্ঞ অনুভৱ কৰিছিল আৰু নিৰন্তৰ নিৰ্দেশনা আৰু উৎসাহৰ সৈতে তেওঁক সমৰ্থন কৰিছিল। প্ৰশিক্ষকগৰাকীয়ে উল্লেখ কৰিছিল যে তেওঁ ভাৰতৰ হৈ খেলা উত্তৰ-পূবৰ প্ৰথমগৰাকী ছোৱালী। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ বাসিন্দা খেলুৱৈগৰাকীৰ প্ৰশংসা কৰে।

ৰেণুকা সিং ঠাকুৰৰ সৈতে বাৰ্তালাপ কৰি প্ৰধানমন্ত্ৰীয়ে প্ৰশ্ন কৰে যে তেওঁ আহি পোৱাৰ পাছত ময়ূৰ দেখিছিল নেকি। আন এটা ময়ূৰহে দেখা বুলি উত্তৰ দি খেলুৱৈগৰাকী কয় যে তেওঁ আঁকিব পৰা একমাত্ৰ বস্তু আছিল এটা ময়ূৰ, যিটো তেওঁ স্কেচ কৰি ৰাখিছিল। তেওঁ লগতে কয় যে তেওঁ আৰু অন্য একো আঁকিব নোৱাৰিলে তথা তাৰ পাছত আন এটা চৰাই অংকনৰ চেষ্টা কৰাৰ পৰাও তেওঁক বাধা দিয়া হয়। কন্যাক একক অভিভাৱকত্বৰে ডাঙৰ-দীঘল কৰা তেওঁৰ মাতৃৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কঠিন জীৱনৰ মাজেৰে আগবাঢ়ি যাবলৈ সহায় কৰাৰ ক্ষেত্ৰত তেওঁৰ অপৰিসীম অৱদানক স্বীকাৰ কৰে। তেওঁ খেলুৱৈগৰাকীৰ মাতৃলৈ শুভেচ্ছা প্ৰেৰণ কৰে।

প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ কৰি অৰুন্ধতী ৰেড্ডীয়ে কয় যে তেওঁৰ মাতৃয়ে প্ৰধানমন্ত্ৰীক তেওঁৰ নায়ক বুলি অভিহিত কৰি এটা বাৰ্তা প্ৰেৰণ কৰিছে। তেওঁ কৈছিল যে তেওঁৰ মাকে তেওঁৰ নায়কক কেতিয়া লগ পাব বুলি চাৰি-পাঁচবাৰ ফোন কৰিছে।

 

প্ৰধানমন্ত্ৰীয়ে খেলুৱৈসকলে খেলপথাৰত সফলতা লাভ কৰাৰ পাছত দেশখনে এতিয়া তেওঁলোকৰ পৰা কি আশা কৰে বুলি প্ৰশ্ন কৰে। স্মৃতিয়ে উত্তৰ দিয়ে যে যেতিয়াই তেওঁলোকে বিশ্বকাপৰ বাবে প্ৰস্তুতি চলায়, তেওঁলোকে বিশ্বাস কৰে যে ইয়াক জয় কৰিলে কেৱল মহিলা ক্ৰিকেটতে নহয়, ভাৰতৰ মহিলা ক্ৰীড়াতো ব্যাপক প্ৰভাৱ পৰিব। তেওঁ কৈছিল যে ই এক বিপ্লৱ আৰম্ভ কৰিব, আৰু দলটোৰ সেই পৰিৱৰ্তনক চালিত কৰাৰ ক্ষমতা আছে।

প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে তেওঁলোকৰ সফলতাৰ জৰিয়তে তেওঁলোকৰ যথেষ্ট প্ৰেৰণাদায়ক শক্তি আছে। তেওঁ পৰামৰ্শ দিয়ে যে ঘৰলৈ উভতি অহাৰ পাছত তেওঁলোকে অধ্যয়ন কৰা বিদ্যালয়সমূহলৈ যাব লাগে আৰু ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে বাৰ্তালাপ কৰি এদিন কটাব লাগে। তেওঁ কয় যে শিশুসকলে বহুতো প্ৰশ্ন সুধিব আৰু সেইবোৰ জীৱনজোৰা মনত ৰাখিব, আৰু এই অভিজ্ঞতাই খেলুৱৈসকলক অনুপ্ৰাণিত কৰিব। তাৰ পিছত শ্ৰী মোদীয়ে প্ৰতি বছৰে তিনিখন বিদ্যালয় বাছনি কৰা আৰু এখন বিদ্যালয় ভ্ৰমণ কৰাৰ প্ৰস্তাৱ দিয়াৰ লগতে কয় যে ই খেলুৱৈৰ লগতে শিক্ষাৰ্থীসকলক অনুপ্ৰাণিত কৰিব।

 

প্ৰধানমন্ত্ৰীয়ে বিশেষকৈ মেদবহুলতা দূৰ কৰাৰ ক্ষেত্ৰত ফিট ইণ্ডিয়া আন্দোলনত অৰিহণা যোগোৱাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। তেওঁ ক্ৰয়ৰ সময়ত তেলৰ ব্যৱহাৰ ১০ শতাংশ হ্ৰাস কৰাৰ পৰামৰ্শ দিয়ে আৰু কয় যে খেলুৱৈসকলৰ পৰা লাভ কৰা এনে বাৰ্তাই সমাজত শক্তিশালী প্ৰভাৱ পেলাব। তেওঁ খেলুৱৈসকলক ফিট ইণ্ডিয়াৰ বাবে, বিশেষকৈ কন্যাসকলৰ হকে মত প্ৰকাশ কৰিবলৈ কৰিবলৈ আৰু সক্ৰিয়ভাৱে অৱদান আগবঢ়াবলৈ উৎসাহিত কৰে।

শ্ৰী মোদীয়ে তেওঁলোকৰ সৈতে বাৰ্তালাপ কৰাৰ সুযোগ পোৱাত আনন্দ প্ৰকাশ কৰি কয় যে তেওঁ আগতে কেইগৰাকীমান খেলুৱৈক লগ পাইছিল যদিও কেইগৰাকীমানে তেওঁক প্ৰথমবাৰৰ বাবে লগ পাইছে। তেওঁ সদায় তেওঁলোকক সাক্ষাৎ কৰিবলৈ আগ্ৰহী বুলি মত প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে তেওঁলোকৰ সুস্বাস্থ্য কামনা কৰে।

তেওঁলোকে নিশ্চিতভাৱে তেওঁৰ কথাবোৰ মনত ৰাখিব বুলি উল্লেখ কৰি স্মৃতি মান্ধানাই কয় যে যেতিয়াই সুযোগ পাব তেতিয়াই তেওঁলোকে প্ৰধানমন্ত্ৰীৰ বাৰ্তাটো প্ৰচাৰ কৰিব। সমগ্ৰ দলটোৱে এনে বাৰ্তা সমৰ্থন কৰিবলৈ সদায় প্ৰস্তুত বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে ফোন পোৱাৰ লগে লগে তেওঁলোক প্ৰধানমন্ত্ৰীৰ ওচৰলৈ আহিব।

সমন্বয়েৰে আমি দেশক আগুৱাই নিব লাগিব বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে বাৰ্তালাপৰ সামৰিণ মাৰে আৰু সকলোকে তেওঁৰ শুভেচ্ছা জ্ঞাপন কৰে।

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Pyaaz Khaate Hai, Dimaag Nahi': PM Modi's Jhalmuri Video Breaks The Internet With 100M+ Views

Media Coverage

Pyaaz Khaate Hai, Dimaag Nahi': PM Modi's Jhalmuri Video Breaks The Internet With 100M+ Views
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister condoles the loss of lives in a mishap at a cracker factory in Thrissur, Keralam
April 21, 2026
PM announces ex-gratia from PMNRF

The Prime Minister, Shri Narendra Modi has condoled the loss of lives due to a mishap at a cracker factory in Thrissur, Keralam. Shri Modi also wished speedy recovery for those injured in the mishap.

The Prime Minister announced an ex-gratia from PMNRF of Rs. 2 lakh to the next of kin of each deceased and Rs. 50,000 for those injured.

The Prime Minister posted on X:

“Saddened to hear about the loss of lives due to the mishap at a cracker factory in Thrissur, Keralam. My deepest condolences to those who have lost their loved ones. May the injured recover at the earliest: PM @narendramodi"

"The Prime Minister has announced that an ex-gratia of Rs. 2 lakh from PMNRF would be given to the next of kin of each deceased. The injured would be given Rs. 50,000." 

"തൃശൂരിലെ പടക്ക നിർമാണശാലയിലുണ്ടായ അപകടത്തിൽ നിരവധി ജീവനുകൾ പൊലിഞ്ഞ വാർത്തയറിഞ്ഞതിൽ ദുഃഖമുണ്ട്. പ്രിയപ്പെട്ടവരെ നഷ്ടപ്പെട്ടവരുടെ വേദനയിൽ പങ്കുചേരുന്നു. പരിക്കേറ്റവർ എത്രയും വേഗം സുഖം പ്രാപിക്കട്ടെ: പ്രധാനമന്ത്രി

@narendramodi."

"മരിച്ച ഓരോ വ്യക്തിയുടെയും കുടുംബത്തിന് പ്രധാനമന്ത്രിയുടെ ദേശീയ ദുരിതാശ്വാസ നിധിയിൽ (PMNRF) നിന്ന് 2 ലക്ഷം രൂപ ധനസഹായം നൽകുമെന്ന് പ്രധാനമന്ത്രി അറിയിച്ചു. പരിക്കേറ്റവർക്ക് 50,000 രൂപ വീതം നൽകും."