প্ৰধানমন্ত্ৰীয়ে ভাৰতত জাপানী বিনিয়োগৰ সুবিধা আৰু ভাৰতত দ্ৰুত গতিত বিকশিত হোৱা জাপান প্লাছ প্ৰণালী সন্দৰ্ভত আলোকপাত কৰে
ভাৰতৰ চৰকাৰ শাসন নীতি-সঞ্চালিত, আৰু এক স্বচ্ছ আৰু অনুমানযোগ্য পৰিৱেশ নিশ্চিত কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ: প্ৰধানমন্ত্ৰী
যুৱ, দক্ষ কৰ্মচাৰী আৰু কম ব্যয়সাপেক্ষ শ্ৰমিকে ভাৰতক উৎপাদনৰ বাবে এক আকৰ্ষণীয় গন্তব্য স্থান কৰি তুলিছে: প্ৰধানমন্ত্ৰী
ভাৰতৰ বিশাল বৈচিত্ৰ্যৰ পৰিপ্ৰেক্ষিতত দেশখনে ‘এআই লেণ্ডস্কেপ’ত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব: প্ৰধানমন্ত্ৰী
প্ৰতিনিধি দলটোৱে ‘@২০৪৭ বিকশিত ভাৰত’ৰ দৃষ্টিভংগীৰ প্ৰতি সমৰ্থন আৰু প্ৰতিশ্ৰুতিবদ্ধতা ব্যক্ত কৰে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পুৱাৰ ভাগত ‘৭, লোক কল্যাণ মাৰ্গ’ত ভাৰত আৰু জাপানৰ মাজত অৰ্থনৈতিক সহযোগিতা গভীৰ কৰাৰ প্ৰসংগত কেইজাই ডয়ুকাই (জাপান এছ'চিয়েশ্যন অব কৰ্পোৰেট এক্সিকিউটিভছ)ৰ মতামত আৰু অৱধাৰণাসমূহ শুনিবলৈ সংগঠনটোৰ অধ্যক্ষ শ্ৰীযুত তাকেশ্বি নিনামিৰ নেতৃত্বত অহা এটা কুৰিজনীয়া উচ্চ ক্ষমতাসম্পন্ন প্ৰতিনিধি দলৰ সৈতে মিলিত হয়।

আলোচনাত দ্বিপাক্ষিক বাণিজ্য শক্তিশালী কৰা, বিনিয়োগৰ সুযোগ বৃদ্ধি কৰা আৰু কৃষি, সামুদ্ৰিক সামগ্ৰী, মহাকাশ, প্ৰতিৰক্ষা, বীমা, প্ৰযুক্তি, আন্তঃগাঁথনি, অসামৰিক বিমান পৰিবহন, পৰিচ্ছন্ন শক্তি, পাৰমাণৱিক শক্তি আৰু ‘এমএছএমই’ অংশীদাৰিত্বৰ দৰে গুৰুত্বপূৰ্ণ প্ৰসংগসমূহত সহযোগিতা বৃদ্ধিৰ প্ৰসংগ অন্তৰ্ভুক্ত থাকে।

প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰত-জাপান বিশেষ কৌশলগত আৰু গোলকীয় অংশীদাৰিত্বৰ প্ৰসংগত আলোকপাত কৰে আৰু ব্যৱসায়-অনুকূল পৰিৱেশ প্ৰদানৰ বাবে ভাৰতৰ সংকল্পবদ্ধতা দোহাৰে। তেওঁ ভাৰতত জাপানী বিনিয়োগৰ সুবিধা আৰু ভাৰতত দ্ৰুত গতিত বিকশিত ‘জাপান প্লাছ’ প্ৰণালীত আলোকপাত কৰে। তেওঁ আৰু জোৰ দি কয় যে বিনিয়োগকাৰীসকলৰ কোনো অস্পষ্টতা বা সংকোচ থাকিব নালাগে। ভাৰতৰ চৰকাৰ শাসন নীতি-সঞ্চালিত, আৰু এক স্বচ্ছ আৰু অনুমানযোগ্য পৰিৱেশ নিশ্চিত কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ।

প্ৰধানমন্ত্ৰীয়ে দেশত বিমান খণ্ডৰ বিকাশৰ অপৰিসীম পৰিমাপৰ বিষয়ে উল্লেখ কৰে। তেওঁ লগতে কয় যে ভাৰতে নতুন বিমানবন্দৰ নিৰ্মাণ আৰু লজিষ্টিক সামৰ্থ্য সম্প্ৰসাৰণকে ধৰি গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি নিৰ্মাণৰ দিশতো কাম কৰি আছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতৰ বিশাল বৈচিত্ৰ্যৰ পৰিপ্ৰেক্ষিতত দেশখনে ‘এআই লেণ্ডস্কেপ’ত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। তেওঁ ‘এআই’ৰ সৈতে জড়িত লোকসকলৰ সৈতে সহযোগিতাত গুৰুত্ব আৰোপ কৰে আৰু তেওঁলোকক ভাৰতৰ সৈতে অংশীদাৰিত্ব ত্বৰান্বিত কৰিবলৈ উৎসাহিত কৰে।

প্ৰধানমন্ত্ৰীয়ে লগতে উল্লেখ কৰে যে ভাৰতে সেউজ শক্তিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অগ্ৰগতি লাভ কৰিছে আৰু জৈৱ ইন্ধনত গুৰুত্ব আৰোপ কৰি এক অভিযান আৰম্ভ কৰিছে। তেওঁ কয় যে কৃষি খণ্ডই বিশেষকৈ জৈৱ ইন্ধনৰ পৰা এক গুৰুত্বপূৰ্ণ মূল্য সংযোজন হিচাপে লাভান্বিত হ'ব।

প্ৰধানমন্ত্ৰীয়ে বীমা খণ্ড মুকলি কৰাৰ কথা উল্লেখ কৰে আৰু মহাকাশ আৰু পাৰমাণৱিক শক্তিৰ ক্ষেত্ৰত অত্যাধুনিক খণ্ডত ক্ৰমাত বিস্তৃত সুযোগ গ্ৰহণৰ প্ৰসংগ উল্লেখ কৰে।

জাপানৰ জ্যেষ্ঠ ব্যৱসায়িক নেতাসকলক লৈ গঠিত ‘কেইজাই ডয়ুকাই’ৰ প্ৰতিনিধি দলটোৱে ভাৰতৰ সন্দৰ্ভত তেওঁলোকৰ পৰিকল্পনা সহভাগ কৰে। তেওঁলোকে মানৱ সম্পদ আৰু দক্ষতা বিকাশৰ ক্ষেত্ৰত ভাৰত আৰু জাপানৰ মাজত পৰিপূৰকতা ব্যৱহাৰ কৰিবলৈও আগ্ৰহ প্ৰকাশ কৰে। দুয়োপক্ষই ভৱিষ্যতৰ সহযোগিতাৰ  লগতে ব্যৱসায় আৰু অনাগত দিনত বিনিয়োগৰ সম্পৰ্ক গভীৰ কৰাৰ বাবে আশা ব্যক্ত কৰে।

প্ৰধানমন্ত্ৰী মোদীৰ অধীনত ভাৰত আৰু জাপানৰ মাজত সমৃদ্ধ সম্পৰ্কৰ প্ৰশংসা কৰে ‘ছানটৰী হ’ল্ডিংছ লিমিটেড’ৰ সভাপতি আৰু মুখ্য কাৰ্যবাহী বিষয়া নিনামি তাকেশ্বীয়ে। তেওঁ কয় যে জাপানৰ বাবে ভাৰতত বিনিয়োগ কৰাৰ তেওঁ বৃহৎ সুযোগ প্ৰত্যক্ষ কৰিছে। তেওঁ ‘মে’ক ইন ইণ্ডিয়া’, ‘মে’ক ফৰ দ্য ৱৰ্ল্ড’ৰ প্ৰধানমন্ত্ৰী মোদীৰ দৃষ্টিভংগীত গুৰুত্ব আৰোপ কৰে। ‘এনইচি কৰ্পোৰেশ্যন’ৰ কৰ্পোৰেটৰ জ্যেষ্ঠ কাৰ্যবাহী উপ-সভাপতি আৰু মুখ্য চৰকাৰী পৰিক্ৰমা বিষয়া তানাকা শ্বিগেহিৰোৱে মন্তব্য কৰে যে প্ৰধানমন্ত্ৰী মোদীয়ে জাপানী উদ্যোগৰ ভাৰতত বিনিয়োগ কৰাৰ বাবে তেওঁৰ দৃষ্টিভংগী আৰু প্ৰত্যাশা স্পষ্টভাৱে ব্যাখ্যা কৰিছে। বৈঠকত ‘২০৪৭ @ বিকশিত ভাৰত’ৰ বাবে এক অৰ্থপূৰ্ণ আৰু পাৰস্পৰিক লাভজনক প্ৰকাৰে জাপানৰ ব্যৱসায়ৰ সমৰ্থন আৰু প্ৰতিশ্ৰুতিবদ্ধতাত গুৰুত্ব আৰোপ কৰা হয়।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
West Asia conflict: 59 India-bound vessels transited Hormuz since war

Media Coverage

West Asia conflict: 59 India-bound vessels transited Hormuz since war
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 22 জুলাই 2026
July 22, 2026

From Scholarships to Homes to High-Speed Rail: Inclusive Growth Under PM Modi’s Leadership