প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে হোৱা মোৰ বাৰ্তালাপে মোক স্বাস্থ্য, উন্নয়ন আৰু জলবায়ুৰ ক্ষেত্ৰত ভাৰতৰ অগ্ৰগতিৰ বিষয়ে আগতকৈ অধিক আশাবাদী কৰি তুলিছেঃবিল গেটছ
প্ৰধানমন্ত্ৰী মোদীয়ে বিশ্বাস কৰে যে কো-উইন বিশ্বৰ বাবে এক আদৰ্শ, আৰু মই এই কথাৰ সৈতে একমতঃ বিল গেটছ
যেতিয়া আমি উদ্ভাৱনত বিনিয়োগ কৰোঁ, তেতিয়া কি কি সম্ভৱ হৈ পৰে সেয়া ভাৰতে দেখুৱাইছেঃবিল গেটছ

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে নতুন দিল্লীত বিল গেটছক সাক্ষাৎ কৰে।

শ্ৰী গেটছৰ এটা টুইটৰ উত্তৰত, য'ত তেওঁ তেওঁৰ শেহতীয়া ভাৰত ভ্ৰমণৰ সময়ত তেওঁৰ 'টোকা' শ্বেয়াৰ কৰিছিল, প্ৰধানমন্ত্ৰীয়ে এইদৰে টুইট কৰেঃ

"@BillGatesক সাক্ষাৎ কৰি আৰু গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰত বিস্তৃত আলোচনা কৰি আনন্দিত হৈছোঁ। এক উন্নত আৰু অধিক বহনক্ষম গ্ৰহ গঢ়ি তোলাৰ বাবে তেওঁৰ বিনম্ৰতা আৰু আগ্ৰহ স্পষ্টভাৱে দৃশ্যমান।"

বিল গেটছে কয়, "মই এই সপ্তাহ ভাৰতত আছোঁ, স্বাস্থ্য, জলবায়ু পৰিৱৰ্তন আৰু অন্যান্য গুৰুত্বপূৰ্ণ ক্ষেত্ৰত ইয়াত চলি থকা অভিনৱ কামৰ বিষয়ে শিকিছোঁ। যি সময়ত বিশ্বত ভালেমান প্ৰত্যাহ্বান আছে, সেই সময়ত ভাৰতৰ দৰে এক গতিশীল আৰু সৃষ্টিশীল স্থান ভ্ৰমণ কৰাটো অনুপ্ৰেৰণাদায়ক।"

প্ৰধানমন্ত্ৰীৰ সৈতে হোৱা বৈঠকক তেওঁৰ ভ্ৰমণৰ মুখ্য আকৰ্ষণ বুলি অভিহিত কৰি শ্ৰী গেটছে কয়, "প্ৰধানমন্ত্ৰী মোদী আৰু মই বিশেষকৈ কোভিড-১৯ ভেকছিন বিকশিত কৰা আৰু ভাৰতৰ স্বাস্থ্য ব্যৱস্থাত বিনিয়োগৰ ক্ষেত্ৰত যোগাযোগ ৰক্ষা কৰি আছোঁ। ভাৰতৰ যথেষ্ট সুৰক্ষিত, কাৰ্যকৰী আৰু সুলভ ভেকছিন নিৰ্মাণ কৰাৰ এক আশ্চৰ্যজনক ক্ষমতা আছে, যাৰ কিছুমান গেটছ ফাউণ্ডেচনৰ দ্বাৰা সমৰ্থিত। ভাৰতত উৎপাদিত ভেকছিনে মহামাৰীৰ সময়ত লাখ লাখ লোকৰ জীৱন ৰক্ষা কৰিছে আৰু সমগ্ৰ বিশ্বৰ অন্যান্য ৰোগ প্ৰতিৰোধ কৰিছে।"

মহামাৰীৰ মোকাবিলাৰ ক্ষেত্ৰত ভাৰতৰ ভূমিকাৰ কথা উল্লেখ কৰি তেওঁ কয়, "নতুন জীৱন ৰক্ষাকাৰী সঁজুলি প্ৰস্তুত কৰাৰ উপৰিও, ভাৰতেও সেইবোৰ সৰবৰাহ কৰাতো উৎকৃষ্ট-ইয়াৰ জনস্বাস্থ্য ব্যৱস্থাই ২.২ বিলিয়নতকৈও অধিক কোভিড ভেকছিন প্ৰদান কৰিছে। তেওঁলোকে কো-উইন নামৰ এক অপেন ছৰ্চ প্লেটফৰ্ম সৃষ্টি কৰিছিল, যিয়ে মানুহক কোটি কোটি ভেকছিন এপইণ্টমেণ্টৰ সময়সূচী নিৰ্ধাৰণ কৰিবলৈ অনুমতি দিছিল আৰু টিকাকৰণ কৰা সকলক ডিজিটেল প্ৰমাণপত্ৰ প্ৰদান কৰিছিল। ভাৰতৰ সাৰ্বজনীন টিকাকৰণ কাৰ্যসূচীক সমৰ্থন কৰিবলৈ এই মঞ্চখন এতিয়া সম্প্ৰসাৰিত কৰা হৈছে। প্ৰধানমন্ত্ৰী মোদীয়ে বিশ্বাস কৰে যে কো-উইন হৈছে বিশ্বৰ বাবে এক আদৰ্শ আৰু মই এই কথাত একমত।"

ডিজিটেল পৰিশোধৰ ক্ষেত্ৰত ভাৰতৰ অগ্ৰগতিৰ প্ৰশংসা কৰি বিল গেটছে কয়, "মহামাৰীৰ সময়ত ভাৰতে ২০০ নিযুত মহিলাকে ধৰি ৩০০ নিযুত লোকলৈ জৰুৰীকালীন ডিজিটেল পৰিশোধ স্থানান্তৰ কৰিবলৈ সক্ষম হৈছিল। ই কেৱল সম্ভৱ হৈছিল কিয়নো ভাৰতে বিত্তীয় অন্তৰ্ভুক্তিক অগ্ৰাধিকাৰ দিছে, ডিজিটেল আইডি প্ৰণালীত বিনিয়োগ কৰিছে (যাক আধাৰ বুলি কোৱা হয়) আৰু ডিজিটেল বেংকিঙৰ বাবে উদ্ভাৱনী মঞ্চ সৃষ্টি কৰিছে। উল্লেখ্য যে বিত্তীয় অন্তৰ্ভুক্তি হৈছে এক চমৎকাৰ বিনিয়োগ।"

শ্ৰী গেটছে প্ৰধানমন্ত্ৰী গতিশক্তি মাষ্টাৰপ্লেন, জি-২০ সভাপতিত্ব, শিক্ষা, উদ্ভাৱন, ৰোগৰ বিৰুদ্ধে যুঁজ দিয়া আৰু বাজৰাৰ প্ৰতি আগ্ৰহ আদিৰ দৰে ভাৰতৰ সাফল্যৰ কথাও উল্লেখ কৰে।

শ্ৰী গেটছে সামৰণিত কয়, "প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে হোৱা মোৰ বাৰ্তালাপে মোক স্বাস্থ্য, উন্নয়ন আৰু জলবায়ুৰ ক্ষেত্ৰত ভাৰতৰ অগ্ৰগতিৰ বিষয়ে আগতকৈ অধিক আশাবাদী কৰি তুলিছে। যেতিয়া আমি উদ্ভাৱনত বিনিয়োগ কৰোঁ, তেতিয়া কি কি সম্ভৱ হৈ পৰে সেয়া ভাৰতে দেখুৱাইছে। মই আশা কৰোঁ যে ভাৰতে এই অগ্ৰগতি অব্যাহত ৰাখিব আৰু ইয়াৰ উদ্ভাৱনসমূহ বিশ্বৰ সৈতে ভাগ বতৰা কৰিব।"

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
'More strict actions to come against paper leaks': PM Modi announces new Bill push in video message

Media Coverage

'More strict actions to come against paper leaks': PM Modi announces new Bill push in video message
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares a Sanskrit Subhashitam, highlights the importance of fostering beneficial thoughts, words, and actions
July 24, 2026

Prime Minister Shri Narendra Modi shared a Sanskrit Subhashitam today, highlighting how continuous practice in thought, word, and action shapes one's character and direction in life.

The Prime Minister wrote on X;

"कर्मणा मनसा वाचा यदभीक्ष्णं निषेवते।

तदेवापहरत्येनं तस्मात् कल्याणमाचरेत्॥"

Whatever a person continuously practices through their actions, thoughts, and words ultimately shapes their personality and draws them in that very direction; therefore, one should always give space only to beneficial subjects in one's thoughts and conversations.