PM Modi meets 24 member delegation from Jammu & Kashmir’s Apni Party
PM calls for Janbhagidari in transforming Jammu & Kashmir, emphasizes on importance of administration that gives voice to the people
Youth should act as catalytic agents for the development of Jammu & Kashmir: PM

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ লোক কল্যাণ মাৰ্গত জম্মু আৰু কাশ্মীৰৰ অপনী পাৰ্টীৰ শ্ৰী আলটাফ বুখাৰীৰ নেতৃত্বত ২৪জনীয়া সদস্য প্ৰতিনিধিক সাক্ষাৎ কৰে৷

প্ৰতিনিধি দলটোৰ সৈতে হোৱা বৈঠকত প্ৰধানমন্ত্ৰীয়ে জম্মু আৰু কাশ্মীৰত জন সহযোগিতাৰ দ্বাৰা পৰিৱৰ্তনৰ সূচনা কৰি জনতাৰ কণ্ঠ চৰকাৰৰ ওচৰলৈ লৈ যোৱাত গুৰুত্ব প্ৰদান কৰে৷ প্ৰধানমন্ত্ৰীয়ে ইয়াকো কয় যে ৰাজনৈতিক অখণ্ডতাৰ দ্ৰুত প্ৰক্ৰিয়াকৰণৰ জৰিয়তে অঞ্চলটো শক্তিশালী কৰা উচিত৷

যুৱ সৱলীকৰণৰ বিষয়ে মন্তব্য কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে জম্মু আৰু কাশ্মীৰৰ বিকাশত যুৱ সমাজে অনুঘটকৰ দৰে কাম কৰিব পাৰে৷ তেওঁ দক্ষতা বিকাশক অধিক গুৰুত্ব প্ৰদান কৰি অঞ্চলটোত যুৱ সমাজৰ মাজত কৰ্ম স্পৃহা বৃদ্ধি কৰিবলৈ আহ্বান জনায়৷

প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে আন্তঃগাঁথনিমূলক বিকাশেৰে অঞ্চলটোত ব্যাপক অৰ্থনৈতিক উন্নয়নৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হোৱাৰ লগতে পৰ্যটনৰ দৰে নতুন ক্ষেত্ৰসমূহত বিনিয়োগৰ পৰিবেশো গঢ়ি তুলিব৷ জম্মু আৰু কাশ্মীৰৰ সকলো সমস্যা সমাধানৰ বাবে চৰকাৰে পূৰ্ণ সহযোগিতা আগবঢ়াব বুলি তেওঁ মন্তব্য প্ৰদান কৰে৷

প্ৰধানমন্ত্ৰীয়ে প্ৰতিনিধি দলটোৰ সৈতে ভৌগোলিক পৰিৱৰ্তন, সীমা নিৰ্ধাৰণ আৰু ৰাজ্যিক বাসগৃহ নিৰ্মাণৰ বাবে সাহায্য প্ৰদান আদি বিভিন্ন বিষয়ত আলোচনা কৰে৷ সংসদত তেওঁ পূৰ্বে ঘোষণা কৰা বিবৃতিৰ প্ৰসংগ উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে জম্মু আৰু কাশ্মীৰে ৰাজ্যিক মৰ্যাদা অতি শীঘ্ৰেই লাভ কৰাৰ বাবে চৰকাৰে কাম কৰিব বুলি মন্তব্য কৰে৷

অপনী পাৰ্টীৰ অধ্যক্ষ শ্ৰী আলটাফ বুখাৰীয়ে কয় যে ৫ আগষ্ট ২০১৯ তাৰিখে জম্মু আৰু কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ আৰু অনুচ্ছেদ ৩৫ (ক) বিলোপ কৰাৰ সিদ্ধান্ত ৰাজ্যখনৰ বাবে এক ঐতিহাসিক সিদ্ধান্ত আছিল৷

প্ৰতিনিধিৰ দলটোৱে প্ৰধানমন্ত্ৰীক তেওঁৰ সাহায্য আৰু জম্মু আৰু কাশ্মীৰৰ উন্নয়নৰ বাবে কৰা প্ৰয়াসক ধন্যবাদ জনায়৷ তেওঁলোকে চৰকাৰ, সুৰক্ষা সংস্থাৰ প্ৰয়াস তথা জম্মু আৰু কাশ্মীৰৰ জনসাধাৰণে শান্তি বৰ্তাই ৰখাৰ বাবেও প্ৰশংসা কৰে৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India-UK FTA comes into effect today, unlocking duty-free access for Indian exports

Media Coverage

India-UK FTA comes into effect today, unlocking duty-free access for Indian exports
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister pays homage to Thiru K. Kamaraj Ji on his birth anniversary
July 15, 2026

Prime Minister Shri Narendra Modi today, paid homage to Thiru K. Kamaraj Ji on his birth anniversary, remembering him as a stalwart of India's freedom movement and an exceptional public figure who dedicated his life to nation-building. Shri Modi said that Thiru K. Kamaraj Ji's unwavering commitment to education, inclusive development and the welfare of the underprivileged continues to inspire generations.

Shri Modi posted on X;

Remembering Thiru K. Kamaraj Ji on his birth anniversary. A stalwart of India’s freedom movement and an exceptional public figure, he dedicated his life to nation-building. His unwavering commitment to areas like education, inclusive development and the welfare of the underprivileged continues to guide generations.