“ৰাজস্থান এনে এখন ৰাজ্য য’ত অতীতৰ উত্তৰাধিকাৰ, বৰ্তমানৰ শক্তি আৰু ভৱিষ্যতৰ সম্ভাৱনা আছে”
“ৰাজস্থানৰ উন্নয়ন ভাৰত চৰকাৰৰ বাবে এক বৃহৎ অগ্ৰাধিকাৰ”
“ৰাজস্থানৰ ইতিহাসে আমাক শিকাইছে যে আমি সাহস, গৌৰৱ আৰু উন্নয়নেৰে আগবাঢ়িব লাগে”
“পূৰ্বতে যিবোৰ অঞ্চল আৰু শ্ৰেণী বঞ্চিত আৰু পিছপৰা আছিল, আজি সেইবোৰৰ উন্নয়ন দেশৰ অগ্ৰাধিকাৰ”

প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে ৰাজস্থানৰ চিত্তৰগড়ত প্ৰায় ৭,০০০ কোটি টকাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি দেশবাসীলৈ উৎসৰ্গা কৰে। এই প্ৰকল্পসমূহৰ ভিতৰত আছে মেহছানা - ভাটিন্দা - গুৰদাসপুৰ গেছ পাইপলাইন, আবু ৰোডত এইচ পি চি এলৰ এল পি জি প্লাণ্ট, আজমীৰ বটলিং প্লাণ্টত অতিৰিক্ত মজুত, আই অ’ চি এল, ৰে’লৱে আৰু পথ প্ৰকল্প, নাথদ্বাৰাত পৰ্যটনৰ সুবিধা আৰু ইণ্ডিয়ান ইনষ্টিটিউট অৱ ইনফৰ্মেশ্যন টেকন’লজী, কোটাত স্থায়ী চৌহদ।

 

সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে মহাত্মা গান্ধী আৰু লাল বাহাদুৰ শাস্ত্ৰীৰ জন্ম বাৰ্ষিকী স্মৰণ কৰে। কালি ১ অক্টোবৰ তাৰিখে দেশজুৰি চলি থকা স্বচ্ছতা অভিযানৰ ওপৰত আলোকপাত কৰি ইয়াক গণ আন্দোলনলৈ পৰিণত কৰাৰ বাবে দেশবাসীক ধন্যবাদ জনায়।

স্বচ্ছতা, আত্মনিৰ্ভৰশীলতা আৰু প্ৰতিযোগিতামূলক বিকাশৰ দিশত মহাত্মা গান্ধীৰ নীতিসমূহৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে বিগত ৯ বছৰত তেওঁৰ দ্বাৰা নিৰ্ধাৰিত এই নীতিসমূহৰ সম্প্ৰসাৰণৰ দিশত জাতিটোৱে কাম কৰি আহিছে আৰু আজিৰ উন্নয়নমূলক প্ৰকল্পসমূহত ইয়াৰ প্ৰতিফলন ঘটিছে, যাৰ মূল্য ৭০০০ কোটিতকৈ অধিক।

প্ৰধানমন্ত্ৰীয়ে কয় যে গেছ ভিত্তিক অৰ্থনীতি শক্তিশালী কৰাৰ স্বাৰ্থত সমগ্ৰ দেশতে গেছ পাইপলাইন স্থাপনৰ এক অভূতপূৰ্ব অভিযান চলি আছে। ৰাজস্থানত উদ্যোগ আৰু নিয়োগক উত্তৰণ প্ৰদান কৰিব পৰা মেহছানা - ভাটিন্দা - গুৰদাসপুৰ গেছৰ পালি-হনুমানগড় অংশ আজি দেশবাসীলৈ উচৰ্গা কৰা হৈছে। ইয়াৰ ফলত পাকঘৰত পাইপ গেছ যোগান ধৰাৰ অভিযানকো প্ৰসাৰতা প্ৰদান কৰা হ’ব বুলিও তেওঁ কয়।

প্ৰধানমন্ত্ৰীয়ে আজিৰ ৰে’ল আৰু গড়কপ্তানি সম্পর্কীয় প্রকল্পসমূহৰ বিষয়েও উল্লেখ কৰি মেৱাৰৰ জনসাধাৰণৰ জীৱন সহজ কৰি তুলিব বুলি কয়৷ ইয়াৰ দ্বাৰা নতুন কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি হ’ব বুলিও তেওঁ কয়। আই আই টি কেম্পাছৰ উন্নয়নৰ লগে লগে প্ৰধানমন্ত্ৰীয়ে কয় যে শিক্ষাৰ কেন্দ্ৰ হিচাপে কোটাৰ পৰিচয় শক্তিশালী হ’ব।

 

প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ৰাজস্থান এনে এখন ৰাজ্য, য’ত অতীতৰ উত্তৰাধিকাৰ, বৰ্তমানৰ শক্তি আৰু ভৱিষ্যতৰ সম্ভাৱনা সমাহিত হৈ আছে। নাথদ্বাৰা পৰ্যটন আৰু সাংস্কৃতিক কেন্দ্ৰৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এইটো জয়পুৰৰ গোবিন্দ দেৱজী মন্দিৰ, ছিকাৰৰ খাতুশ্যাম মন্দিৰ আৰু ৰাজসামন্দৰ নাথদ্বাৰাক লৈ গঠিত পৰ্যটন চক্ৰ (Tourisyt Circuit) ৰ অংশ। ইয়াৰ দ্বাৰা ৰাজস্থানৰ গৌৰৱ বৃদ্ধি পাব আৰু ইয়াৰ পৰ্যটন উদ্যোগ উপকৃত হ’ব।

“ভগৱান কৃষ্ণৰ প্ৰতি উৎসৰ্গিত চিত্তৰগড়ৰ সমীপৰ সাৱৰীয়া ছেঠ মন্দিৰ হৈছে আধ্যাত্মিকতাৰ কেন্দ্ৰ” বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ইয়ালৈ প্ৰতি বছৰে লাখ লাখ তীৰ্থযাত্ৰী সাৱৰীয়া ছেঠক পূজা কৰিবলৈ আহে। ব্যৱসায়ী সমাজৰ মাজত ইয়াৰ তাৎপৰ্যৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে স্বাধীন দৰ্শন আঁচনিৰ অধীনত মন্দিৰত আধুনিক সা-সুবিধা সংযোজন কৰা বুলি অৱগত কৰে। লগতে ইয়াত ৱাটাৰ-লেজাৰ শ্ব’, পৰ্যটন সুবিধা কেন্দ্ৰ, এম্ফিথিয়েটাৰ আৰু কেফেটেৰিয়াৰ উদাহৰণো দাঙি ধৰে। এই উন্নয়নে তীৰ্থযাত্ৰীসকলৰ বাবে অধিক সুবিধাৰ সংযোজন কৰিব বুলিও তেওঁ আস্থা প্ৰকাশ কৰে।

প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব সহকাৰে কয় যে “ৰাজস্থানৰ উন্নয়ন ভাৰত চৰকাৰৰ বাবে এক বৃহৎ অগ্ৰাধিকাৰ। আমি ৰাজস্থানৰ এক্সপ্ৰেছৱে’, ঘাইপথ আৰু ৰে’লৱেৰ দৰে আধুনিক আন্তঃগাঁথনিৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰিছো। দিল্লী-মুম্বাই এক্সপ্ৰেছৱে’ই হওক, অমৃতসৰ-জামনগৰ এক্সপ্ৰেছৱে’ই হওক, এইবোৰে ৰাজস্থানৰ লজিষ্টিক খণ্ডক নতুন শক্তি দিবলৈ গৈ আছে।” শেহতীয়াকৈ যাত্ৰা মুকলি কৰা উদয়পুৰ-জয়পুৰ বন্দে ভাৰত ৰে’লৰ কথাও তেওঁ উল্লেখ কৰে। ভাৰতমালা প্ৰকল্পৰ অন্যতম বৃহৎ হিতাধিকাৰী ৰাজস্থান বুলিও তেওঁ লগতে কয়।

 

“ৰাজস্থানৰ ইতিহাসে আমাক শিকাইছে যে আমি সাহস, গৌৰৱ আৰু উন্নয়নেৰে আগবাঢ়িব লাগে”, প্ৰধানমন্ত্ৰীয়ে কয়। তেওঁ আৰু কয় “আজিৰ ভাৰতেও একেই কাম কৰি আছে। সকলোৰে প্ৰচেষ্টাৰে আমি এখন উন্নত ভাৰত গঢ়াত নিয়োজিত হৈছো। যিবোৰ অঞ্চল আৰু শ্ৰেণী আগতে বঞ্চিত আৰু পিছপৰা আছিল, আজি সেইবোৰৰ উন্নয়ন দেশৰ অগ্ৰাধিকাৰ।” যোৱা ৫ বছৰে দেশত সফলতাৰে চলি থকা আকাংক্ষিত জিলা কাৰ্যসূচীৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই অভিযানৰ অধীনত মেৱাৰ আৰু ৰাজস্থানৰ বহু জিলাও গঢ়ি তোলা হৈছে। তেওঁ লগতে কয়, আৰু এঢাপ আগুৱাই গৈ কেন্দ্ৰীয় চৰকাৰে এতিয়া আকাংক্ষিত ব্লক চিনাক্তকৰণ আৰু ইয়াৰ দ্ৰুত বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। আগন্তুক সময়ত এই অভিযানৰ অধীনত ৰাজস্থানৰ বহু ব্লক বা খণ্ড উন্নয়ন কৰা হ’ব বুলিও তেওঁ কয়।

 

নিস্পেষিতজনক অগ্ৰাধিকাৰ দিয়াৰ স্বাৰ্থত প্ৰধানমন্ত্ৰীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে সজীৱ গাঁও কাৰ্যসূচীও আৰম্ভ কৰিছে। শ্ৰী মোদীয়ে কয়, “যিবোৰ সীমান্তৱৰ্তী গাঁওক অন্তিম বুলি গণ্য কৰা হৈছিল, আমি এতিয়া সেইবোৰক প্ৰথম গাঁও বুলি গণ্য কৰি উন্নয়ন কৰি আছো। ৰাজস্থানৰ কেইবা ডজন সীমান্তৱৰ্তী গাঁও ইয়াৰ দ্বাৰা যথেষ্ট উপকৃত হোৱাটো নিশ্চিত”।

পটভূমি

গেছ ভিত্তিক অৰ্থনীতিৰ প্ৰসাৰৰ আন এক পদক্ষেপৰ জৰিয়তে মেহছানা - ভাটিণ্ডা - গুৰদাসপুৰ গেছ পাইপলাইন দেশবাসীলৈ উচৰ্গা কৰে প্ৰধানমন্ত্ৰীয়ে। প্ৰায় ৪৫০০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে এই পাইপলাইন। প্ৰধানমন্ত্ৰীয়ে আবু ৰোডস্থিত এইচ পি চি এলৰ এল পি জি প্লাণ্টো দেশবাসীলৈ উচৰ্গা কৰে। এই উদ্যোগটোৱে বছৰি ৮৬ লাখ চিলিণ্ডাৰৰ বটলিং কৰি বিতৰণ কৰিব আৰু ইয়াৰ ফলত বছৰি চিলিণ্ডাৰ কঢ়িয়াই নিয়া ট্ৰাকসমূহৰ চলাচল প্ৰায় ০.৭৫ মিলিয়ন কিলোমিটাৰ হ্ৰাস পাব, যিয়ে বছৰি প্ৰায় ০.৫ মিলিয়ন টন CO2 নিৰ্গমন হ্ৰাস কৰাত সহায় কৰিব। তেওঁ একেস্থানতে আই অ’ চি এলৰ আজমীৰ বটলিং প্লাণ্টৰ অতিৰিক্ত ষ্ট’ৰেজো দেশবাসীলৈ উচৰ্গা কৰে।

প্ৰধানমন্ত্ৰীয়ে ১৪৮০ কোটিতকৈ অধিক ব্যয়ৰে নিৰ্মাণ কৰা দাৰাহ-ঝলাৱাৰ-তীন্ধাৰ অংশৰ ১২ নং ৰাষ্ট্ৰীয় ঘাইপথ (নতুন ৰাষ্ট্ৰীয় ঘাইপথ ৫২)ত থকা ৪ লেনযুক্ত পথ দেশবাসীলৈ উচৰ্গা কৰে। এই প্ৰকল্পই কোটা আৰু ঝালাৱাৰ জিলাৰ খনিৰ উৎপাদিত সামগ্ৰীৰ পৰিবহণ সহজ কৰি তোলাত সহায় কৰিব। তদুপৰি, পিছলৈ ছাৱাই মাধোপুৰত ৰে’লৱে অভাৰ ব্ৰীজ (আৰ অ’ বি) দুটা লেনৰ পৰা চাৰিলেনলৈ নিৰ্মাণ আৰু বহল কৰাৰ আধাৰশিলাও স্থাপন কৰা হ’ব। এই প্ৰকল্পই যান-জঁটৰ সমস্যাৰ পৰা সকাহ প্ৰদান কৰাত সহায় কৰিব।

প্ৰধানমন্ত্ৰীয়ে দেশবাসীলৈ উচৰ্গা কৰা ৰে’ল প্ৰকল্পসমূহৰ ভিতৰত চিত্তৰগড় - নিমাছ ৰে’লপথ আৰু কোটা – চিত্তৰগড় বৈদ্যুতিক ৰে’ল লাইন দুগুণ কৰাৰ সৈতে জড়িত প্ৰকল্পসমূহ অন্তৰ্ভুক্ত হৈ আছে। ৬৫০ কোটিতকৈও অধিক ব্যয় সাপেক্ষে এই প্ৰকল্পসমূহ সম্পূর্ণ কৰি অঞ্চলটোৰ ৰে’ল আন্তঃগাঁথনি শক্তিশালী কৰা হ’ব৷ ৰাজস্থানৰ ঐতিহাসিক স্থানসমূহলৈও পৰ্যটন বৃদ্ধি কৰিব।

প্ৰধানমন্ত্ৰীয়ে স্বাধীন দৰ্শন আঁচনিৰ অধীনত নাথদ্বাৰাত নিৰ্মাণ কৰি উলিওৱা পৰ্যটনৰ সুবিধাসমূহ দেশবাসীলৈ উৎসৰ্গা কৰে। সন্ত বল্লাভাচাৰ্যই প্ৰচাৰ কৰা পুষ্টিমাৰ্গৰ লাখ লাখ অনুগামীৰ বিশ্বাসৰ প্ৰধান কেন্দ্ৰ এই নাথদ্বাৰ। নাথদ্বাৰত আধুনিক ‘পৰ্যটকৰ ব্যাখ্যা আৰু সাংস্কৃতিক কেন্দ্ৰ’ গঢ়ি তোলা হৈছে, য’ত পৰ্যটকে শ্ৰীনাথজীৰ জীৱনৰ বিভিন্ন দিশৰ অভিজ্ঞতা লাভ কৰিব পাৰে। ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰীয়ে ভাৰতীয় তথ্য প্ৰযুক্তি প্ৰতিষ্ঠান, কোটাৰ স্থায়ী চৌহদটোও জাতিটোৰ বাবে উৎসৰ্গা কৰে।

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's sugar output increased 22% to 15.9 MT until January 15: ISMA

Media Coverage

India's sugar output increased 22% to 15.9 MT until January 15: ISMA
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 21 জানুৱাৰী 2026
January 21, 2026

Viksit Bharat in Full Swing: Global Praise, Job Boom, and Self-Reliance Under PM Modi