PM Modi lays foundation stone for new office complex for Vanijya Bhawan
We are breaking silos within the working of the Government; we are moving from silos to solutions: PM Modi
It is our collective responsibility to fulfil the aspirations of our youth: PM Modi
India is now playing an important role in the global economy, says PM Modi
Efforts must be made to raise domestic manufacturing output, to reduce imports: PM Modi

নতুন দিল্লীত আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কেন্দ্ৰীয় চৰকাৰৰ বাণিজ্য বিভাগৰ নতুন কাৰ্যালয়ৰ চৌহদত বাণিজ্য ভৱনৰ আধাৰশিলা স্থাপন কৰে।

এই উপলক্ষে আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে ভৱনটোৰ নিৰ্মাণ কাৰ্য নিৰ্ধাৰিত সময়ত সম্পূৰ্ণ হ’ব বুলি বিশ্বাসেৰে কয়। তেওঁ সজোৰে কয় যে নিউ ইণ্ডিয়া ধাৰণাটো মনত ৰাখি আৰু ৰাজধানীটো আনকি ভৱন নিৰ্মাণ প্ৰকল্পত পূৰ্বতে অযথা পলমকৈ কাম সম্পূৰ্ণ কৰা স্বভাৱৰ পৰা আঁতৰি আহিব লাগিব। প্ৰসংগক্ৰমে তেওঁ ড০ আম্বেদকাৰ আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰ, ড০ আম্বেদকাৰ ৰাষ্ট্ৰীয় স্মৃতিসৌধ, প্ৰবাসী ভাৰতীয় কেন্দ্ৰ আৰু কেন্দ্ৰীয় তথ্য আয়োগৰ নতুন ভৱন নিৰ্মাণৰ কথা উল্লেখ কৰে।

তেওঁ কয় যে এইটোৱেও চৰকাৰী কাম-কাজৰ মাজত পূৰ্বৰে পৰা চলি তথা প্ৰথাক ভংগ কৰিব। তেওঁ আশা কৰে যে নতুন কাৰ্যালয় ভৱন-বাণিজ্য ভৱনে ভাৰতৰ বাণিজ্য খণ্ডত চলি থকা বেয়া প্ৰথাবোৰ নিৰ্মূল কৰিব। দেশৰ জনসাংখ্যিক বৈচিত্ৰতাৰ সন্দৰ্ভত উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে আমাৰ যুৱক-যুৱতীসকলৰ আশা-আকাংক্ষা পুৰণ কৰাটো আমাৰ সামূহিক দায়িত্ব।

ডিজিটেল প্ৰযুক্তি গ্ৰহণ সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে দোঁহাৰে যে নতুন ভৱনটো নিৰ্মাণস্থলীত পূৰ্বতে যোগান আৰু বিবাদ নিষ্পত্তি সঞ্চালকালয়ে দখল কৰি আছিল। এতিয়া ইয়াত চৰকাৰী ই-বজাৰ স্থাপন কৰা হৈছে, য’ত কম সময়ৰ ভিতৰতে ৮,৭০০ কোটি টকাৰ লেনদেন হৈছে বুলি তেওঁ লগতে কয়। তেওঁ বাণিজ্য বিভাগক চৰকাৰী ই-বজাৰখন আৰু অধিক সম্প্ৰসাৰণৰ জৰিয়তে দেশৰ এমএছএমই খণ্ডৰ সুবিধা সৃষ্টিত উদ্গনি যোগাবলৈ আহ্বান জনায়। তেওঁ জিএছটিৰ লাভালাভৰ কথা উল্লেখ কৰাৰ লগতে কেন্দ্ৰীয় চৰকাৰে ধাৰাবাহিকভাৱে জনতাকেন্দ্ৰিক, উন্নয়নকেন্দ্ৰিক আৰু বিনিয়োগকেন্দ্ৰিক পৰিৱেশ সৃষ্টি কৰাৰ প্ৰচেষ্টা লোৱা বুলি কয়।

প্ৰধানমন্ত্ৰীয়ে সমষ্টিগত অৰ্থনীতিৰ কেতবোৰ মাপকাঠি উল্লেখ কৰাৰ লগতে বিশ্ব অৰ্থনীতিত ভাৰতে কেনেদৰে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে তাৰ অন্য কেতবোৰ সূচকৰ সন্দৰ্ভত ব্যাখ্যা আগবঢ়ায়। তেওঁ কয় যে বিশ্বৰ পাঁচখন শীৰ্ষ ফিন-টেক দেশৰ ভিতৰত ভাৰতো অন্যতম। তেওঁ কয় যে এখন আন্তঃসংযোগ বিশ্বত “সহজ বাণিজ্য” আৰু “সহজে ব্যৱসায় কৰা”ৰ দৰে বিষয় সকলোবোৰে “সহজ জীৱনশৈলী”ৰ সৈতে জড়িত।

ৰপ্তানি বৃদ্ধিৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে এই প্ৰচেষ্টাত ৰাজ্যসমূহকো সক্ৰিয় সহযোগী হ’ব লাগিব বুলি কয়। তেওঁ কয় যে বাণিজ্য বিভাগে বিশ্বৰ সৰ্বমুঠ ৰপ্তানিত ভাৰতৰ অংশীদাৰ বৰ্তমানৰ ১.৬ শতাংশৰ পৰা অতি কমেও ৩.৪ শতাংশলৈ বৃদ্ধি কৰিব লাগিব। একেদৰে তেওঁ এইক্ষেত্ৰত আমদানি হ্ৰাস কৰি ঘৰুৱা নিৰ্মাণ সামগ্ৰীৰ উৎপাদন বৃদ্ধিত প্ৰচেষ্টা গ্ৰহণ কৰিবলৈ কয়। এই ক্ষেত্ৰত তেওঁ বৈদ্যুতিক সামগ্ৰীৰ নিৰ্মাণৰ উদাহৰণ দাঙি ধৰে। তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰে ঘৰুৱা সামগ্ৰী উৎপাদনত যথেষ্ট পদক্ষেপ গ্ৰহণ কৰিছে।

Click here to read PM's speech

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
From the lens of FM Nirmala Sitharaman: Weaving a fabric of enterprise on the loom of traditional skills

Media Coverage

From the lens of FM Nirmala Sitharaman: Weaving a fabric of enterprise on the loom of traditional skills
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister pays homage to the great revolutionary Mangal Pandey ji
July 19, 2026

Prime Minister Shri Narendra Modi today, paid tributes to the great revolutionary Mangal Pandey ji on his birth anniversary. Shri Modi remarked that his courageous life continues to fill every Indian with pride even today, and his saga of valor will keep inspiring every generation of the nation.

Shri Modi posted on X;

महान क्रांतिकारी मंगल पांडे जी को उनकी जयंती पर शत-शत नमन। मातृभूमि के स्वाभिमान और सम्मान की रक्षा के लिए उन्होंने अपना सर्वस्व न्योछावर कर दिया। उनका साहसिक जीवन आज भी हर भारतीय को गर्व से भर देता है। राष्ट्रभक्ति से ओतप्रोत उनकी शौर्यगाथा देश की हर पीढ़ी को प्रेरित करती रहेगी।