কেন্দ্ৰটোৰ বাবে আগবঢ়োৱা সহযোগিতাৰ বাবে প্ৰধানমন্ত্ৰীক ধন্যবাদ জনালে ‘হু’ৰ সঞ্চালক প্ৰধানে
‘হু’ৰ ‘গ্লোবেল চেণ্টাৰ ফৰ ট্ৰেডিশ্যনেল মেডিচিন’ৰ বাবে ভাৰতক ধন্যবাদ জনালে বিশ্ব-নেতৃবৃন্দই
‘‘হু’ৰ গ্লোবেল চেণ্টাৰ ফৰ ট্ৰেডিশ্যনেল মেডিচিন’ হৈছে ক্ষেত্ৰটোলৈ ভাৰতে আগবঢ়োৱা অৱদান আৰু ই বহণ কৰা সম্ভাৱনীয়তাৰে স্বীকৃতি”
“ভাৰতে এই সহযোগিতাক সমগ্ৰ মানৱতাৰ সেৱাৰ বাবে থকা বিশাল দায়বদ্ধতা হিচাপেই গ্ৰহণ কৰিছে”
‘‘হু’ৰ ‘গ্লোবেল চেণ্টাৰ ফৰ ট্ৰেডিশ্যনেল মেডিচিন’-ৰ জৰিয়তে জন-কল্যাণৰ ক্ষেত্ৰত জামনগৰে আগবঢ়োৱা অৰিহণায়ো এক গোলকীয় স্বীকৃতি লাভ কৰিলে”
“ওৱান প্লেনেট আৱাৰ হেল্থ’-ৰ ধ্বনি প্ৰদানৰে ‘হু’-ৱে ভাৰতৰ ‘এক পৃথিৱী, এক স্বাস্থ্য’ৰ দৰ্শনকে প্ৰসাৰিত কৰিছে”
“ভাৰতৰ পাৰম্পৰিক চিকিত্সা পদ্ধতি কেৱল চিকিত্সাতে সীমাবদ্ধ নহয়, ই এক বিস্তৃত জীৱন-বিজ্ঞান”
 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মৰিচাছৰ প্ৰধানমন্ত্ৰী প্ৰবীন্দ কুমাৰ জুগনৌথ, ‘বিশ্ব স্বাস্থ্য সংস্থা’(হু)ৰ সঞ্চালক প্ৰধান ড০ টেড্ৰছ ঘেব্ৰেইছাছৰ উপস্থিতিত জামনগৰত ‘হু’-ৰ ‘গ্লোবেল চেণ্টাৰ পৰ ট্ৰেডিশ্যনেল মেডিচিন’(জিচিটিএম)ৰ আধাৰশিলা স্থাপন কৰে। পাৰম্পাৰিক ভেষজৰ ক্ষেত্ৰত ‘জিচিটিএম’ হ’ব সমগ্ৰ পৃথিৱীৰ ভিতৰতে প্ৰথম আৰু একমাত্ৰ গোলকীয় কেন্দ্ৰৰ চকী। গোলকীয় কল্যাণৰ আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰ হিচাপে পৰিগণিত হ’ব এইটো কেন্দ্ৰ। এই উপলক্ষে বাংলাদেশ, ভূটান, নেপালৰ প্ৰধানমন্ত্ৰীকেইগৰাকীৰ লগতে মালদ্বীপৰ ৰাষ্ট্ৰপতিগৰাকীয়ে ভিডিঅ’ বাৰ্তা প্ৰেৰণ কৰিছে। অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী ড০ মনসুখ মাণ্ডৱীয়া, শ্ৰী সৰ্বানন্দ সোণোৱাল, শ্ৰী মঞ্জুপাৰা মহেন্দ্ৰভাই আৰু গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰভাই পেটেলও উপস্থিত থাকে।

‘হু’-ৰ সঞ্চালক প্ৰধান ড০ টেড্ৰছ ঘেব্ৰেয়েছাছে প্ৰধানমন্ত্ৰী মোদীক তেওঁৰ সবল নেতৃত্ব আৰু জামনগৰত ‘হু’-ৰ ‘গ্লোবেল চেণ্টাৰ ফৰ ট্ৰেডিশ্যনেল মেডিচিন’ স্থাপনৰ ক্ষেত্ৰত আগবঢ়োৱা সহযোগিতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। ‘হু’-ৰ ১০৭ খন সদস্য দেশৰ প্ৰত্যেকৰে নিজাববীয়া কাৰ্যালয় থাকিবলগীয়া কেন্দ্ৰটোক প্ৰকৃতাৰ্থতেই এক বিশ্ব-প্ৰকল্প হিচাপে অভিহিত কৰিছে সঞ্চালক প্ৰধানগৰাকীয়ে, যাৰ অৰ্থই হ’ব পাৰম্পৰিক চিকিত্সাৰ ক্ষেত্ৰত ভাৰতে গ্ৰহণ কৰা নেতৃত্বৰ বাবে সমগ্ৰ পৃথিৱীখনেই ভাৰতলৈ আহিব। তেওঁ পাৰম্পৰিক ঔষধে পৃথিৱীৰ প্ৰান্তে প্ৰান্তে নিজৰ উপস্থিতি সাব্যস্ত কৰিছে আৰু এই কেন্দ্ৰই পাৰম্পৰিক ঔষধক আৰু আধিক গ্ৰহণীয় কৰি তুলিব বুলি অভিমত ব্যক্ত কৰে। বিশ্বৰ বহুতো অঞ্চলত পাৰম্পৰিক ঔষধকে চিকিত্সাৰ প্ৰথম পৰ্যায় হিচাপে গ্ৰহণ কৰা হয়। নতুন কেন্দ্ৰটোৱে তথ্য, উদ্ভাৱন আৰু বহণক্ষমতাৰ লগতে পাৰম্পৰিক ঔষধৰ সৰ্বাধিক ব্যৱহাৰত বিশেষ গুৰুত্ব আৰোপ কৰিব বুলি তেওঁ উল্লেখ কৰে। কেন্দ্ৰটোৱে গৱেষণা আৰু নেতৃত্ব প্ৰদান, সাক্ষ্য আৰু শিকণ, তথ্য আৰু বিশ্লেষণ বিজ্ঞান, বহণক্ষমতা আৰু সমতা তথা উদ্ভাৱন আৰু প্ৰযুক্তিকে ধৰি পাঁচোটা ক্ষেত্ৰ কাম কৰিব।

ইফালে, ‘হু’ৰ ‘গ্লোবেল চেণ্টাৰ ফৰ ট্ৰেডিশ্যনেল মেডিচিন’ৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জনাইছে বিশ্ব-নেতৃবৃন্দই। মৰিচাছৰ প্ৰধানমন্ত্ৰী প্ৰবীন্দ কুমাৰ জুগনৌথে এই কাৰ্যক্ৰমেৰে মৰিচাচক জড়িত কৰাৰ বাবে প্ৰধানমন্ত্ৰী মোদীক ধন্যবাদ জনায়। তেওঁ থলুৱা চিকিত্সা পদ্ধতিৰ গুৰুত্ব আৰু বিভিন্ন সংস্কৃতিত থকা বনৌষধীৰ ব্যৱহাৰ কথা উল্লেখ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে আয়ুৰ্বেদিক পৰম্পৰাৰে বহু যুগ ধৰি মৰিছাচৰ সম্পৰ্ক অব্যাহত হৈ অহাৰ কতাও প্ৰসংগক্ৰমে উল্লেখ কৰে। তেওঁ এনে এটা কেন্দ্ৰ স্থাপনৰ বাবে এয়াই উপয়ুক্ত সময় বুলিও মন্তব্য কৰে।তেওঁ মৰিছাচৰ ছাত্ৰ-ছাত্ৰীক জামনগৰত আয়ুৰ্বেদিক শিক্ষা অধ্যয়নৰ বাবে ছাত্ৰ-বৃত্তি প্ৰদান কৰাৰ বাবে গুজৰাট চৰকাৰকো ধন্যবাদ জ্ঞাপন কৰে।

অনুষ্ঠানত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে ‘হু’ৰ সঞ্চালক প্ৰধান ড০ ঘেব্ৰেয়েছাছক তেওঁৰ ভাষণৰ বাবে ধন্যবাদ জনায়। প্ৰধানমন্ত্ৰীয়ে ড০ ঘেব্ৰেয়েছাছৰ ভাৰতৰে থকা সম্পৰ্ক আৰু ‘হু’ৰ ‘গ্লোবেল চেণ্টাৰ ফৰ ট্ৰেডিশ্যনেল মেডিচিন’ৰ দৰে প্ৰকল্পৰ সৈতে ব্যক্তিগত ভাবে থকা তেওঁৰ ঘনিষ্ঠতাৰ কথা উল্লেখ কৰে। ‘গ্লোবেল চেণ্টাৰ ফৰ ট্ৰেডিশ্যনেল মেডিচিন’ৰ ৰূপত তেওঁৰ চেনেহেই ভাস্বত হৈছে বুলিও তেওঁ মন্তব্য কৰে। ‘ভাৰতে তেওঁৰ আশা পূৰণ কৰিব’ বুলিও প্ৰধানমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি প্ৰদান কৰে। প্ৰসংগক্ৰমে প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে “জিচিটিএম’ হৈছে ক্ষেত্ৰটোলৈ ভাৰতে আগবঢ়োৱা অৱদান আৰু ই বহণ কৰা সম্ভাৱনীয়তাৰে স্বীকৃতি। ভাৰতে হু-য়ে আগবঢ়োৱা সহযোগিতাক সমগ্ৰ মানৱতাৰ সেৱাৰ বাবে থকা বিশাল দায়বদ্ধতা হিচাপেই গ্ৰহণ কৰিছে বুলিও অভিমত ব্যক্ত কৰে প্ৰধানমন্ত্ৰীয়ে।

তেওঁ কয়, “হুৰ গ্লোবেল চেণ্টাৰ ফৰ ট্ৰেডিশ্যনেল মেডিচিন’-ৰ জৰিয়তে জন-কল্যাণৰ ক্ষেত্ৰত জামনগৰে আগবঢ়োৱা অৰিহণায়ো এক গোলকীয় স্বীকৃতি লাভ কৰিলে”। আনহাতে, “ওৱান প্লেনেট আৱাৰ হেল্থ’-ৰ ধ্বনি প্ৰদানৰে ‘হু’-ৱে ভাৰতৰ ‘এক পৃথিৱী, এক স্বাস্থ্য’ৰ দৰ্শনকে প্ৰসাৰিত কৰিছে বুলি মন্তব্য কৰা প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ পাৰম্পৰিক চিকিত্সা পদ্ধতি কেৱল চিকিত্সাতে সীমাবদ্ধ নহয়, ই এক বিস্তৃত জীৱন-বিজ্ঞান” বুলিও অভিমত ব্যক্ত কৰে।

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India remains among best-performing major economies: S&P Global

Media Coverage

India remains among best-performing major economies: S&P Global
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 19 এপ্ৰিল 2026
April 19, 2026

Building a Stronger Bharat: Infrastructure Revolution, Economic Resilience & Inclusive Welfare Under PM Modi