মণিপুৰৰ ৰেল সংযোগ ব্যৱস্থাৰ সম্প্ৰসাৰণ ঘটিছেঃ প্ৰধানমন্ত্ৰী
আমি মণিপুৰত দৰিদ্ৰ লোক-অনুকূল উন্নয়ন পদক্ষেপৰাজি আগবঢ়াই আছোঁঃ প্ৰধানমন্ত্ৰী
মণিপুৰত আশা আৰু বিশ্বাসৰ এক নতুন প্ৰভাত হৈছেঃ প্ৰধানমন্ত্ৰী
আমি মণিপুৰক শান্তি, সমৃদ্ধি আৰু প্ৰগতিৰ প্ৰতীক হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে কাম কৰি আছোঁঃ প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মণিপুৰৰ চুৰাচান্দপুৰত ৭,৩০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এই উপলক্ষে আয়োজিত সভাত ভাষণ প্ৰদানেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে মণিপুৰ সাহস আৰু দৃঢ়তাৰ ভূমি বুলি উল্লেখেৰে মণিপুৰৰ শাৰী-শাৰী পাহাৰসমূহ প্ৰকৃতিৰ এক অমূল্য উপহাৰ বুলি কয়। তেখেতে আৰু কয় যে এই পাহাৰসমূহ ইয়াৰ জনসাধাৰণৰ অক্লান্ত কঠোৰ পৰিশ্ৰমৰ প্ৰতীকো। তেখেতে মণিপুৰবাসীৰ মনোভাৱক প্ৰণাম জনাই সভাস্থলীলৈ ভালে সংখ্যক লোক অহাৰ বাবে তেওঁলোকক কৃতজ্ঞতা জ্ঞাপনৰ লগতে তেওঁলোকৰ এনে স্নেহৰ বাবে ধন্যবাদ জনায়।

অঞ্চলটোৰ সংস্কৃতি, পৰম্পৰা, বৈচিত্ৰ্য আৰু স্পন্দনশীলতা ভাৰতৰ এক প্ৰধান শক্তি বুলি উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে “মণিপুৰ” নামটোৰ মূল শব্দ হৈছে “মণি” আৰু সেই মুকুতাৰ দৰেই ৰাজ্যখনেও আগন্তুক সময়ছোৱাত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ উজ্জ্বলতা বৃদ্ধি কৰিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰত চৰকাৰে মণিপুৰৰ উন্নয়নৰ যাত্ৰাক ত্বৰান্বিতকৰণৰ বাবে ধাৰাবাহিকভাৱে কাম কৰি আহিছে। তেখেতে কয় যে এই মনোভাৱেৰেই আজি তেখেত মণিপুৰৰ ৰাইজৰ মাজলৈ আহিছে। শ্ৰী মোদীয়ে অৱগত কৰে যে আজি প্ৰায় ৭,০০০ কোটি টকা মূল্যৰ প্ৰকল্পৰাজি উদ্বোধন কৰা হৈছে। এইসমূহ প্ৰকল্পই মণিপুৰৰ জনসাধাৰণৰ, বিশেষকৈ পাহাৰত বসবাস কৰা জনজাতীয় সমাজসমূহৰ জীৱনযাত্ৰাৰ অগ্ৰগতি সাধন কৰিব। তেখেতে উক্ত প্ৰকল্পসমূহে অঞ্চলটোৰ স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত নতুন সা-সুবিধাৰ উন্মেষ ঘটাব বুলি উল্লেখেৰে মণিপুৰ আৰু চুৰাচান্দপুৰৰ ৰাইজক এই নতুন পদক্ষেপসমূহৰ বাবে আন্তৰিক অভিনন্দন জ্ঞাপন কৰে।

 

সীমান্তৱৰ্তী এখন ৰাজ্য হিচাপে মণিপুৰৰ যোগাযোগ ব্যৱস্থাৰ ক্ষেত্ৰত সদায় এক বৃহৎ প্ৰত্যাহ্বানে দেখা দি আহিছে বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে উন্নত পথৰ অভাৱৰ বাবে জনসাধাৰণে সন্মুখীন হোৱা অসুবিধাৰ কথা স্বীকাৰেৰে কেন্দ্ৰীয় চৰকাৰে তেওঁলোকৰ উদ্বেগ হৃদয়ংগম কৰিছে বুলি কয়। তেখেতে কয় যে ২০১৪-ৰ পৰাই তেখেতে মণিপুৰৰ যোগাযোগ ব্যৱস্থাৰ অগ্ৰগতি সাধনৰ ক্ষেত্ৰত ধাৰাবাহিকভাৱে মনোনিৱেশ কৰি আহিছে আৰু ভাৰত চৰকাৰে এই সমস্যা সমাধানৰ বাবে দুটা স্তৰত কাম কৰি আহিছে। শ্ৰী মোদীয়ে কয় যে প্ৰথমে মণিপুৰৰ ৰেল আৰু পথ আন্তঃগাঁথনিৰ বাজেট বহুগুণে বৃদ্ধি কৰা হৈছিল। দ্বিতীয়তে, কেৱল চহৰসমূহলৈকে নহয়, বৰঞ্চ গাঁৱসমূহলৈকো পথ সংযোগ সম্প্ৰসাৰণৰ প্ৰয়াস কৰা হৈছিল।

শেহতীয়া বছৰ কেইটাত ইতিমধ্যে অঞ্চলটোৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ ক্ষেত্ৰত ৩,৭০০ কোটি টকা ব্যয় কৰা হৈছে বুলি উল্লেখেৰে শ্ৰী মোদীয়ে জনাই যে ৰাজ্যখনত ৮,৭০০ কোটি টকা মূল্যৰ নতুন ঘাইপথ প্ৰকল্পৰ কামো দ্ৰুতগতিত আগবাঢ়িছে। তেখেতে কয় যে পূৰ্বে এই অঞ্চলৰ গাঁওসমূহলৈ আহ-যাহ কৰাটো অত্যন্ত কঠিন কাম আছিল— এই সম্পৰ্কে ইয়াৰ জনসাধাৰণ ভালদৰে অৱগত। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এতিয়া শ-শ গাঁৱলৈ পথ সংযোগ সম্প্ৰসাৰিত হৈছে। তেখেতে কয় যে ইয়াৰ ফলশ্ৰুতিত পাহাৰীয়া গাঁও আৰু জনজাতীয় সমাজসমূহ যথেষ্ট উপকৃত হৈছে।

“আমাৰ চৰকাৰৰ আমোলত মণিপুৰৰ ৰেল সংযোগ ব্যৱস্থাৰ সম্প্ৰসাৰণ ঘটিছে। জিৰিবাম–ইম্ফল ৰেল লাইনে অতি সোনকালেই ৰাজধানী ইম্ফলক ৰাষ্ট্ৰীয় ৰেল নেটৱৰ্কৰ সৈতে সংযোগ কৰিব”, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। তেখেতে আৰু কয় যে এই প্ৰকল্পত চৰকাৰে ২২,০০০ কোটি টকা বিনিয়োগ কৰিছে। তেখেতে উল্লেখ কৰে যে ৪০০ কোটি টকা ব্যয়-সাপেক্ষে নিৰ্মাণ কৰা ইম্ফল বিমানবন্দৰে অঞ্চলটোৰ বিমান সংযোগ ব্যৱস্থাৰ অগ্ৰগতি সাধন কৰিছে। তেখেতে লগতে কয় যে এই বিমানবন্দৰৰ পৰা দেশৰ আন-আন প্ৰান্তলৈ হেলিকপ্টাৰ সেৱাও আৰম্ভ হৈছে। শ্ৰী মোদীয়ে কয় যে এনে ক্ৰমবৰ্ধমান যোগাযোগ ব্যৱস্থাই মণিপুৰৰ জনসাধাৰণৰ যাতায়াতৰ সা-সুবিধা বৰ্ধনৰ লগতে যুৱক-যুৱতীসকলৰ বাবে নতুন কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিছে।

“ভাৰতৰ দ্ৰুতগতিত উন্নয়ন সাধন হৈছে আৰু অতি সোনকালেই দেশখন বিশ্বৰ তৃতীয়-সৰ্ববৃহৎ অৰ্থনীতি হিচাপে পৰিগণিত হ’ব। উন্নয়নৰ সুফলৰাজি দেশৰ প্ৰতিটো প্ৰান্তত উপনীত হোৱাটো নিশ্চিত কৰিবলৈ আমি অহৰহভাৱে প্ৰচেষ্টা গ্ৰহণ কৰি আহিছোঁ”, শ্ৰী মোদীয়ে দৃঢ়তাৰে কয়। তেখেতে কয় যে এটা সময় আছিল যেতিয়া দিল্লীত কৰা এটা ঘোষণা মণিপুৰৰ দৰে অঞ্চলসমূহৰ লোকসকলে বাস্তৱত পৰিণত হোৱা দেখিবলৈ দশক-দশক সময় লাগিছিল। তেখেতে কয় যে কিন্তু আজি চুৰাচান্দপুৰ আৰু মণিপুৰ ৰাষ্ট্ৰখনৰ বাকী অংশৰ সমান্তৰালভাৱে আগবাঢ়িছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে চৰকাৰে দৰিদ্ৰ লোকসকলৰ বাবে পকী ঘৰ নিৰ্মাণৰ বাবে এখনি দেশজোৰা আঁচনি আৰম্ভ কৰিছে বুলি উল্লেখেৰে মণিপুৰৰ হাজাৰ-হাজাৰ গৃহস্থীও এই পদক্ষেপৰ জৰিয়তে উপকৃত হৈছে বুলি অৱগত কৰে। ইতিমধ্যে ৰাজ্যখনত প্ৰায় ৬০,০০০ এনে গৃহৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে বুলি তেখেতে জনায়। শ্ৰী মোদীয়ে উল্লেখ কৰে যে অঞ্চলটোত পূৰ্বে বিদ্যুতৰ ব্যাপক নাটনিৰ সমস্যাই দেখা দিছিল। তেখেতে কয় যে কিন্তু চৰকাৰে ৰাইজক এই কষ্টৰ পৰা মুক্ত কৰাৰ সংকল্প গ্ৰহণ কৰিছে আৰু ফলস্বৰূপে মণিপুৰৰ এক লাখৰো অধিক গৃহস্থীয়ে বিনামূলীয়া বিদ্যুৎ সংযোগ লাভ কৰিছে।

 

মণিপুৰৰ মাতৃ-ভগ্নীসকলে দীৰ্ঘদিন ধৰি পানী লাভৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হৈ আহিছিল বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এই সমস্যা সমাধানৰ বাবে চৰকাৰে ‘হৰ ঘৰ নল ছে জল’ আঁচনিৰ শুভাৰম্ভ কৰিলে। তেখেতে কয় যে বিগত কেইবছৰমানৰ পৰা সমগ্ৰ দেশৰ ১৫ কোটিৰো অধিক গৃহস্থীয়ে টেপৰ পানীৰ সংযোগ লাভ কৰিছে। শ্ৰী মোদীয়ে আৰু কয় যে ৭–৮ বছৰ পূৰ্বে মণিপুৰৰ মাত্ৰ ২৫,০০০ৰ পৰা ৩০,০০০ গৃহস্থীত পাইপেৰে পানী যোগানৰ ব্যৱস্থা আছিল। কিন্তু আজি ৰাজ্যখনৰ ৩.৫ লাখৰো অধিক গৃহস্থীয়ে টেপৰ পানীৰ সুবিধা লাভ কৰিছে বুলি তেখেতে কয়। তেখেতে অতি সোনকালেই মণিপুৰৰ প্ৰতিঘৰ গৃহস্থীয়ে বাসস্থানতে পাইপেৰে পানী যোগান লাভ কৰিব বুলি আশা প্ৰকাশ কৰে।

ৰাজ্যখনৰ সামাজিক আন্তঃগাঁথনিৰাজি সম্পৰ্কে আলোচনা কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে পূৰ্বৰ সময়ছোৱাত পাহাৰীয়া আৰু জনজাতীয় অঞ্চলসমূহত উন্নত বিদ্যালয়, মহাবিদ্যালয়, চিকিৎসালয় কেৱল সপোন আছিল। তেখেতে কয় যে সেই সময়ছোৱাত ইয়াৰ ৰাইজৰ অসুস্থতাৰ বেলিকা কেৱল চিকিৎসালয়লৈ যাবলৈকে বহু সময় লাগিছিল। শ্ৰী মোদীয়ে কয় যে ভাৰত চৰকাৰৰ প্ৰচেষ্টাত এতিয়া পৰিস্থিতি সলনি হৈছে আৰু চুৰাচান্দপুৰত এখন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হৈছে। তেখেতে কয় যে এতিয়া ইয়াত নতুন চিকিৎসকসকলে শিক্ষাগ্ৰহণ কৰিছে আৰু স্বাস্থ্যসেৱাৰ অগ্ৰগতি সাধন হৈছে। স্বাধীনতাৰ পিছতো বহু দশক ধৰি মণিপুৰৰ পাহাৰীয়া অঞ্চলসমূহত এখনো চিকিৎসা মহাবিদ্যালয় নাছিল বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। তেখেতে দৃঢ়তাৰে কয় যে বৰ্তমানৰ চৰকাৰখনে এই সপোনক বাস্তৱ ৰূপ প্ৰদান কৰিছে। ‘পিএম-ডিভাইন’ আঁচনিৰ অধীনত চৰকাৰে ৰাজ্যখনৰ পাঁচখন পাহাৰীয়া জিলাত আধুনিক স্বাস্থ্য সেৱাৰ বিকাশ সাধন কৰি আছে বুলি তেখেতে কয়। শ্ৰী মোদীয়ে লগতে কয় যে আয়ুষ্মান ভাৰত আঁচনিৰ অধীনত চৰকাৰে দৰিদ্ৰ পৰিয়ালসমূহক ৫ লাখ টকা পৰ্য্যন্ত বিনামূলীয়া চিকিৎসা সেৱা আগবঢ়াই আহিছে। এই আঁচনিৰ অধীনত মণিপুৰৰো প্ৰায় ২.৫ লাখ ৰোগীয়ে বিনামূলীয়া চিকিৎসা সেৱাৰ সুবিধা লাভ কৰিছে বুলি তেখেতে অৱগত কৰে। তেখেতে কয় যে এই সুবিধা অবিহনে ৰাজ্যখনৰ দৰিদ্ৰ পৰিয়ালসমূহে নিজৰ সঞ্চয়ৰ পৰা ৩৫০ কোটি টকা ব্যয় কৰিবলগীয়া হ’লহেঁতেন। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এই সমগ্ৰ ব্যয় ভাৰত চৰকাৰে বহন কৰিছে। তেখেতে লগতে কয় যে প্ৰতিজন দৰিদ্ৰ নাগৰিকৰ উদ্বেগ দূৰ কৰাটো চৰকাৰৰ সৰ্বোচ্চ অগ্ৰাধিকাৰৰ বিষয়।

“মণিপুৰ আশা আৰু আকাংক্ষাৰ ভূমি” বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে দুৰ্ভাগ্যজনকভাৱে এই উল্লেখযোগ্য অঞ্চলটোক হিংসাই আগুৰি ধৰিছে। তেখেতে কয় যে ক্ষন্তেক পূৰ্বে তেখেতে শিবিৰসমূহত বসবাস কৰা ক্ষতিগ্ৰস্ত লোকসকলক সাক্ষাৎ কৰিছিল। তেওঁলোকৰ সৈতে মত-বিনিময় কৰিছিল। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে কিন্তু এতিয়া মণিপুৰত আশা আৰু বিশ্বাসৰ এক নতুন প্ৰভাত হৈছে।

 

“যিকোনো অঞ্চলৰ উন্নয়নৰ বাবে শান্তি প্ৰতিষ্ঠা কৰাটো অতিশয় প্ৰয়োজনীয় আৰু বিগত এঘাৰ বছৰত উত্তৰ-পূৰ্বাঞ্চলৰ বহু দীৰ্ঘদিনীয়া সংঘাত তথা বিবাদৰ সমাধান কৰা হৈছে”, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। তেখেতে কয় যে জনতাই শান্তিৰ পথ বাছি লৈছে আৰু উন্নয়নক অগ্ৰাধিকাৰ প্ৰদান কৰিছে। শ্ৰী মোদীয়ে সন্তোষ প্ৰকাশেৰে কয় যে শেহতীয়াকৈ পাহাৰীয়া আৰু উপত্যকা অঞ্চলৰ ভিন্ন গোটৰ সৈতে আলোচনা সম্পন্ন হৈছে। তেখেতে কয় যে এই প্ৰচেষ্টাসমূহ ভাৰত চৰকাৰৰ দৃষ্টিভংগীৰেই অংশ। ইয়াৰ জৰিয়তে শান্তি প্ৰতিষ্ঠাৰ অৰ্থে পাৰস্পৰিক আলোচনা, সন্মানৰ মনোভাৱ আৰু পাৰস্পৰিক বুজাবুজিত গুৰুত্ব আৰোপ কৰা হৈছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে সকলো সংগঠনকে শান্তিৰ পথত আগবাঢ়ি যাবলৈ আৰু নিজৰ আকাংক্ষা পূৰণ কৰিবলৈ আহ্বান জনায়। তেখেত জনসাধাৰণৰ সৈতে একেলগে থিয় দিছে আৰু ভাৰত চৰকাৰ মণিপুৰৰ কাষত আছে বুলি উল্লেখেৰে ৰাজ্যখনলৈ তেখেতৰ দৃঢ় সমৰ্থনৰ কথা দোহাৰে।

মণিপুৰৰ জন-জীৱনক পুনৰ সুস্থিৰ অৱস্থালৈ ঘূৰাই আনিবলৈ ভাৰত চৰকাৰে যৎপৰোনাস্তি চেষ্টা গ্ৰহণ কৰিছে বুলি দৃঢ়তাৰে উল্লেখেৰে শ্ৰী মোদীয়ে অৱগত কৰে যে চৰকাৰে স্থানচ্যুত হোৱা পৰিয়ালসমূহৰ বাবে ৭,০০০ নতুন গৃহ নিৰ্মাণৰ ক্ষেত্ৰত সহায় আগবঢ়াইছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে শেহতীয়াকৈ প্ৰায় ৩,০০০ কোটি টকাৰ বিশেষ পেকেজত অনুমোদন জনোৱা হৈছে বুলি ঘোষণা কৰে। তেখেতে লগতে কয় যে স্থানচ্যুত ব্যক্তিসকলক সহায়ৰ বাবে ৫০০ কোটি টকা বিশেষভাৱে আবন্টন জনোৱা হৈছে।

মণিপুৰৰ জনজাতীয় যুৱক-যুৱতীসকলৰ সপোন আৰু সংগ্ৰামৰ বিষয়ে তেখেত ভালদৰেই জ্ঞাত বুলি স্বীকাৰেৰে তেওঁলোকৰ উদ্বেগ দূৰ কৰিবলৈ একাধিক ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি অৱগত কৰে। তেখেতে কয় যে চৰকাৰে স্থানীয় শাসন সংস্থাসমূহক সুদৃঢ়কৰণৰ বাবে কাম কৰি আছে আৰু তেওঁলোকৰ উন্নয়নৰ বাবে উপযুক্ত পুঁজিৰ ব্যৱস্থা কৰা হৈছে।

“প্ৰতিখন জনজাতীয় সমাজৰ উন্নয়ন সাধন ৰাষ্ট্ৰীয় অগ্ৰাধিকাৰৰ বিষয়” বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে দৃঢ়তাৰে কয় যে পোন-প্ৰথমবাৰৰ বাবে জনজাতীয় অঞ্চলসমূহৰ উন্নয়নৰ বাবে ধৰতী আবা জনজাতীয় গ্ৰাম উৎকৰ্ষ অভিযান ৰূপায়ণ কৰা হৈছে। এই পদক্ষেপৰ অধীনত সমগ্ৰ মণিপুৰৰ ৫০০-ৰো অধিক গাঁৱৰ উন্নয়ন সাধনৰ কাম অব্যাহত আছে। তেখেতে উল্লেখ কৰে যে জনজাতীয় অঞ্চলসমূহত একলব্য আদৰ্শ আৱাসিক বিদ্যালয়ৰ সংখ্যা বৃদ্ধি কৰা হৈছে। শ্ৰী মোদীয়ে লগতে উল্লেখ কৰে যে মণিপুৰতো ১৮ খন একলব্য আদৰ্শ আৱাসিক বিদ্যালয় স্থাপন কৰা হৈছে। বিদ্যালয়-মহাবিদ্যালয়সমূহৰ আধুনিকীকৰণে পাহাৰীয়া জিলাসমূহৰ শৈক্ষিক সা-সুবিধাসমূহৰ যথেষ্ট বৃদ্ধি ঘটাব বুলি তেখেতে কয়।

 

মণিপুৰৰ সংস্কৃতিয়ে সদায় নাৰী সবলীকৰণক প্ৰসাৰিত কৰি আহিছে বুলি উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে চৰকাৰে মহিলা সবলীকৰণৰ বাবে সক্ৰিয়ভাৱে কাম কৰি আছে। মণিপুৰৰ কন্যাসকলক লালন-পালনৰ বাবে চৰকাৰে কৰ্মৰত মহিলাৰ হোষ্টেল নিৰ্মাণ কৰি আছে বুলি তেখেতে অৱগত কৰে।

“আমি মণিপুৰক শান্তি, সমৃদ্ধি আৰু প্ৰগতিৰ প্ৰতীক হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে কাম কৰি আছোঁ”, প্ৰধানমন্ত্ৰীগৰাকীয়ে দৃঢ়তাৰে কয়। তেখেতে ৰাইজক মণিপুৰৰ উন্নয়নৰ বাবে, স্থানচ্যুত পৰিয়ালসমূহৰ পুনৰ সংস্থাপনৰ বাবে আৰু শান্তি প্ৰতিষ্ঠাৰ বাবে ভাৰত চৰকাৰে মণিপুৰ চৰকাৰক সম্ভৱপৰ সকলো ধৰণে সহায় কৰি যাব বুলি আশ্বাস প্ৰদানেৰে তেখেতৰ ভাষণৰ সামৰণি মাৰে।

 

এই কাৰ্য্যসূচীত মণিপুৰৰ ৰাজ্যপাল শ্ৰী অজয় ​​কুমাৰ ভাল্লাকে প্ৰমুখ্য কৰি বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে।

পটভূমি

প্ৰকল্পসমূহৰ ভিতৰত আছে ৩,৬০০ কোটি টকাৰো অধিক মূল্যৰ মণিপুৰ নগৰীয়া পথ, ড্ৰেইনেজ আৰু সম্পত্তি ব্যৱস্থাপনা উন্নয়ন প্ৰকল্প; ২,৫০০ কোটি টকাৰো অধিক মূল্যৰ ৫ টা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্প; মণিপুৰ ইনফ’টেক ডেভেলপমেন্ট (MIND) প্ৰকল্প, ৯ টা স্থানত ৱৰ্কিং ৱমেন হোষ্টেল আদি।

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Cabinet approves Rs 4,415 crore upgrade of 233 km NH-347B in Madhya Pradesh

Media Coverage

Cabinet approves Rs 4,415 crore upgrade of 233 km NH-347B in Madhya Pradesh
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
UK Foreign Secretary meets Prime Minister
June 04, 2026

UK Foreign Secretary Yvette Cooper today met Prime Minister Shri Narendra Modi.

The Prime Minister expressed his pleasure upon the meeting and appreciated the deepening of the India-UK partnership in recent times which has unlocked unprecedented growth opportunities for both countries.

The Prime Minister affirmed that the India-UK Vision 2035 will continue to guide the partnership and strengthen joint efforts for the global good.

The Prime Minister posted on X:

"Pleased to meet UK Foreign Secretary Yvette Cooper. Appreciated the deepening of the India-UK partnership in recent times that has unlocked unprecedented growth opportunities for both our countries.

India-UK Vision 2035 will continue to guide our partnership and strengthen our joint efforts for global good.@YvetteCooperMP"