মহাৰাষ্ট্ৰত ১০ খন চৰকাৰী চিকিৎসা মহাবিদ্যালয় উদ্বোধন কৰে
নাগপুৰৰ ‘ড০ বাবাচাহেব আম্বেদকাৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ’ৰ উন্নীতকৰণ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে
‘শিৰডী বিমানবন্দৰ’ত নতুন ‘ইণ্টিগ্ৰেটেড টাৰ্মিনেল ভৱন’ৰ আধাৰশিলা স্থাপন কৰে
‘ভাৰতীয় দক্ষতা প্ৰতিষ্ঠান মুম্বাই’ আৰু ‘বিদ্যা সমীক্ষা কেন্দ্ৰ, মহাৰাষ্ট্ৰ’ উদ্বোধন কৰে
শুভাৰম্ভ কৰা প্ৰকল্পসমূহে মহাৰাষ্ট্ৰত আন্তঃগাঁথনিৰ সম্প্ৰসাৰণ, সংযোগ বৃদ্ধি আৰু যুৱসকলক শক্তিসমৃদ্ধ কৰিব: প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ভিডিঅ' কনফাৰেন্সিং’ ব্যৱস্থাৰ জৰিয়তে মহাৰাষ্ট্ৰত ৭৬০০ কোটি টকাৰো অধিক বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে বহুকেইটা প্ৰকল্প উদ্বোধন কৰে। আজিৰ প্ৰকল্পসমূহৰ ভিতৰত আছে ‘ড০ বাবাচাহেব আম্বেদকাৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ, নাগপুৰ’ৰ উন্নীতকৰণ প্ৰকল্প আৰু ‘শিৰডী বিমানবন্দৰৰ নতুন ইণ্টিগ্ৰেটেড টাৰ্মিনেল ভৱন’ৰ আধাৰশিলা স্থাপন। শ্ৰী মোদীয়ে মহাৰাষ্ট্ৰৰ ১০ খন চৰকাৰী চিকিৎসা মহাবিদ্যালয়ৰ কাৰ্যাৰম্ভৰ শুভাৰম্ভ ঘোষণা কৰাৰ লগতে মুম্বাইৰ ‘ভাৰতীয় দক্ষতা প্ৰতিষ্ঠান’ (আইআইএছ) আৰু মহাৰাষ্ট্ৰৰ ‘বিদ্যা সমীক্ষা কেন্দ্ৰ’ (ভিএছকে) উদ্বোধন কৰে।

সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে মহাৰাষ্ট্ৰক ‘নাগপুৰ বিমানবন্দৰ’ৰ আধুনিকীকৰণ আৰু সম্প্ৰসাৰণ আৰু ‘শিৰডী বিমানবন্দৰ’ৰ বাবে এটা নতুন ‘টাৰ্মিনেল ভৱন’ নিৰ্মাণকে ধৰি ১০খন নতুন চিকিৎসা মহাবিদ্যালয় আৰু গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি প্ৰকল্প প্ৰদান কৰা হৈছে। তেওঁ আজিৰ উন্নয়নমূলক প্ৰকল্পৰ বাবে মহাৰাষ্ট্ৰৰ জনসাধাৰণক অভিনন্দন জনায়।

৩০,০০০ কোটি টকাৰ প্ৰকল্প উদ্বোধনৰ বাবে মুম্বাই আৰু থানে ভ্ৰমণৰ কথা স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ইয়াৰ পূৰ্বে বিভিন্ন জিলাত ‘মেট্ৰ' নেটৱৰ্ক’ৰ সম্প্ৰসাৰণ, বিমানবন্দৰৰ উন্নীতকৰণ, ঘাইপথ প্ৰকল্প, আন্তঃগাঁথনি, সৌৰ শক্তি আৰু বস্ত্ৰ উদ্যানৰ দৰে হাজাৰ হাজাৰ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্প আৰম্ভ কৰা হৈছে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে কৃষক, মাছমৰীয়া আৰু পশু ৰক্ষকসকলৰ বাবে নতুন পদক্ষেপ গ্ৰহণ কৰা হৈছে, আনহাতে মহাৰাষ্ট্ৰত ভাৰতৰ সৰ্ববৃহৎ কন্টেইনাৰ বন্দৰ ৱাধাৱান বন্দৰৰ আধাৰশিলাও স্থাপন কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে, "মহাৰাষ্ট্ৰৰ ইতিহাসত কেতিয়াও ইমান দ্ৰুত গতিত, ইমান বৃহৎ পৰিমাণত, বিভিন্ন ক্ষেত্ৰত উন্নয়ন হোৱা নাছিল।"

শেহতীয়াকৈ মাৰাঠীক ‘ধ্ৰুপদী ভাষা’ হিচাপে স্বীকৃতি দিয়াৰ কথা স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে যেতিয়া এটা ভাষাই ইয়াৰ উপযুক্ত সন্মান লাভ কৰে, তেতিয়া কেৱল শব্দই নহয়, সমগ্ৰ প্ৰজন্মই কণ্ঠস্বৰ লাভ কৰে। তেওঁ লগতে কয় যে কোটি কোটি মাৰাঠী ভাই-ভনীৰ সপোন ইয়াৰ দ্বাৰা পূৰণ হৈছে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে মহাৰাষ্ট্ৰৰ জনসাধাৰণে মাৰাঠীক ‘ধ্ৰুপদী ভাষা’ হিচাপে স্বীকৃতি দিয়াৰ সিদ্ধান্তক আনন্দৰে উদযাপন কৰিছে। প্ৰসংগক্ৰমে তেওঁ কয় যে তেওঁ মহাৰাষ্ট্ৰৰ গাঁওসমূহৰ মানুহৰ পৰা আনন্দ আৰু কৃতজ্ঞতাৰ বাৰ্তা লাভ কৰি আছে। শ্ৰী মোদীয়ে মন্তব্য কৰে যে মাৰাঠীক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি দিয়াটো তেওঁৰ কাম নহয়, এয়া দৰাচলচে মহাৰাষ্ট্ৰৰ জনসাধাৰণৰ আশীৰ্বাদৰহে ফল। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে চত্ৰপতি শিৱাজী মহাৰাজ, বাবা চাহেব আম্বেদকাৰ, জ্যোতিবা ফুলে আৰু সাবিত্ৰীবাই ফুলেৰ দৰে বিশিষ্ট ব্যক্তিসকলৰ আশীৰ্বাদৰ বাবেহে মহাৰাষ্ট্ৰত প্ৰগতিৰ কাম চলি আছে।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে হাৰিয়ানা আৰু জম্মু-কাশ্মীৰৰ ভোটাৰসকলৰ বাবে কালি ঘোষিত বিধানসভা নিৰ্বাচনৰ ফলাফলে দেশৰ জনসাধাৰণৰ মনোভাৱ স্পষ্টভাৱে প্ৰকাশ কৰিছে। তেওঁ লগতে কয় যে দুটা কাৰ্যকাল সফলতাৰে সম্পূৰ্ণ হোৱাৰ পিছত হাৰিয়ানাত একেৰাহে তৃতীয়বাৰৰ বাবে লাভ কৰা জয় ঐতিহাসিক আছিল।

প্ৰধানমন্ত্ৰী মোদীয়ে বিভাজনমূলক ৰাজনীতি কৰা আৰু ব্যক্তিগত লাভৰ বাবে ভোটাৰসকলক বিপথে পৰিচালিত কৰা সকলৰ বিৰুদ্ধে সতৰ্ক হ’বলৈ ৰাইজক আহ্বান জনায়। তেওঁ ভাৰতৰ মুছলমানসকলৰ মাজত ভয় সৃষ্টি কৰা আৰু তেওঁলোকক ভোটবেংকলৈ ৰূপান্তৰ কৰাৰ প্ৰয়াসৰ কথাও উল্লেখ কৰাৰ লগতে নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে হিন্দুসকলৰ মাজত জাতি-বৰ্ণৰ বিভেদ অনাৰ অপচেষ্টাত লিপ্ত হোৱাসকলৰ প্ৰতি ক্ষোভ প্ৰকাশ কৰে। শ্ৰী মোদীয়ে ৰাজনৈতিক লাভালাভৰ বাবে ভাৰতত হিন্দুসমাজ ভাঙিবলৈ অপচেষ্টা কৰাসকলৰ বিৰুদ্ধে সকলোকে সতৰ্ক হৈ থাকিবলৈ আহ্বান জনায়। প্ৰধানমন্ত্ৰীয়ে বিশ্বাস ব্যক্ত কৰে যে মহাৰাষ্ট্ৰৰ জনসাধাৰণে সমাজ ভাঙিবলৈ কৰা প্ৰচেষ্টাক প্ৰত্যাখ্যান কৰিব।

প্ৰধানমন্ত্ৰীয়ে কয় যে বিগত ১০ বছৰত চৰকাৰে দেশৰ উন্নয়নৰ বাবে আধুনিক আন্তঃগাঁথনি সৃষ্টিৰ 'মহা যজ্ঞ' আৰম্ভ কৰিছে। "আজি আমি কেৱল অট্টালিকা নিৰ্মাণ কৰাই নহয়, এক স্বাস্থ্যৱান আৰু সমৃদ্ধ মহাৰাষ্ট্ৰৰ ভেটি স্থাপন কৰিছোঁ", লাখ লাখ লোকৰ জীৱন উন্নত কৰাৰ বাবে ৰাজ্যখনত ১০খন নতুন চিকিৎসা মহাবিদ্যালয় উদ্বোধনৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয়। তেওঁ কয় যে থানে, অম্বৰনাথ, মুম্বাই, নাছিক, জালনা, বুলধানা, হিঙ্গোলী, ৱাছিম, অমৰাৱতী, ভংকদাৰা আৰু গড়চিৰোলী জিলা লাখ লাখ লোকৰ সেৱাৰ কেন্দ্ৰ হৈ উঠিব। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ১০খন নতুন চিকিৎসা মহাবিদ্যালয়ে মহাৰাষ্ট্ৰত আৰু ৯০০খন চিকিৎসা বিজ্ঞান পাঠ্যক্ৰমৰ আসন যোগ দিব যাৰ ফলত ৰাজ্যখনৰ চিকিৎসা মহাবিদ্যালয়সমূহৰ মুঠ আসনৰ সংখ্যা প্ৰায় ৬০০০ হ'বগৈ। লালকিল্লাত প্ৰদান কৰা ভাষণত দেশৰ চিকিৎসা মহাবিদ্যালয়সমূহত ৭৫,০০০ নতুন আসন যোগ দিয়াৰ সংকল্পৰ কথা স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে আজিৰ অনুষ্ঠানটো হৈছে এই দিশত এক ডাঙৰ পদক্ষেপ।

চৰকাৰে চিকিৎসা শিক্ষা সহজ কৰি তুলিছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে মহাৰাষ্ট্ৰৰ যুৱক-যুৱতীসকলৰ বাবে নতুন পথৰ দুৱাৰ মুকলি কৰা হৈছে। তেওঁ লগতে কয় যে চৰকাৰৰ প্ৰাথমিকতা আছিল দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালসমূহৰ বহুতো শিশু যাতে চিকিৎসক হব পাৰে আৰু তেওঁলোকৰ সপোন পূৰণ হয় সেয়া নিশ্চিত কৰা। শ্ৰী মোদীয়ে কয় যে এটা সময়ত এনে বিশেষ অধ্যয়নৰ বাবে মাতৃভাষাত কিতাপ উপলব্ধ নোহোৱাৰ এক বৃহৎ প্ৰত্যাহ্বান আছিল। চৰকাৰে এই বৈষম্যৰ অৱসান ঘটাইছে আৰু মহাৰাষ্ট্ৰৰ যুৱক-যুৱতীসকলে মাৰাঠী ভাষাত চিকিত্সা বিজ্ঞানৰ পাঠ্যক্ৰম অধ্যয়ন কৰিবলৈ সক্ষম হ'ব প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে। তেওঁ লগতে কয় যে যুৱক-যুৱতীসকলে মাতৃভাষাত অধ্যয়ন কৰি চিকিৎসক হোৱাৰ সপোন পূৰণ কৰিব পাৰিব।

প্ৰধানমন্ত্ৰীয়ে কয় যে জীৱনক স্বাচ্ছন্দ্যপূৰ্ণ কৰি তোলাৰ বাবে চৰকাৰে গ্ৰহণ কৰা প্ৰচেষ্টা দৰিদ্ৰতাৰ বিৰুদ্ধে যুঁজ দিয়াৰ এক ডাঙৰ মাধ্যম। দৰিদ্ৰতাক তেওঁলোকৰ ৰাজনীতিৰ ইন্ধন হিচাপে গঢ়ি তোলাৰ বাবে পূৰ্বৰ চৰকাৰসমূহক সমালোচনা কৰি তেওঁ লগতে কয় যে তেওঁৰ চৰকাৰে এটা দশকৰ ভিতৰত ২৫ কোটি লোকক দৰিদ্ৰতাৰ পৰা উলিয়াই আনিছে। দেশত স্বাস্থ্যসেৱাৰ পৰিৱৰ্তনৰ বিষয়ে বৰ্ণনা কৰি শ্ৰী মোদীয়ে কয়, "আজি প্ৰতিগৰাকী দৰিদ্ৰ লোকৰ ওচৰত বিনামূলীয়া চিকিৎসাৰ বাবে ‘আয়ুষ্মান কাৰ্ড’ আছে"। তেওঁ যোগ দিয়ে যে শেহতীয়াকৈ ৭০ বছৰৰ অধিক বয়সৰ বৃদ্ধসকলেও বিনামূলীয়া চিকিৎসা লাভ কৰি আছে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে ‘জন ঔষধী কেন্দ্ৰ’সমূহত অতি কম মূল্যত অত্যাৱশ্যকীয় ঔষধ উপলব্ধ কৰা হৈছে আৰু হৃদৰোগীসকলৰ বাবে ষ্টেণ্টসমূহ ৮০-৮৫ শতাংশ সস্তা কৰা হৈছে। তেওঁ লগতে কয় যে চৰকাৰে কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে প্ৰয়োজনীয় ঔষধৰ মূল্যও হ্ৰাস কৰিছে। চৰকাৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ সংখ্যা বৃদ্ধি হোৱাৰ বাবে চিকিৎসাসেৱা সুলভ হৈছে বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে কয়, "আজি মোদী চৰকাৰে দৰিদ্ৰতম লোকসকলক সামাজিক সুৰক্ষাৰ এক শক্তিশালী ঢাল প্ৰদান কৰিছে।"

প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰে যে বিশ্বই কেৱল তেনে এখন দেশক বিশ্বাস কৰে যেতিয়া ইয়াৰ যুৱপ্ৰজন্ম আত্মবিশ্বাসেৰে ভৰি উঠে। তেওঁ উল্লেখ কৰে যে আজিৰ যুৱ ভাৰতৰ আত্মবিশ্বাসে দেশৰ বাবে এক নতুন ভৱিষ্যতৰ কাহিনী লিখি আছে আৰু বিশ্ব সম্প্ৰদায়ে ভাৰতক মানৱ সম্পদৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ হিচাপে গণ্য কৰিছে, যাৰ হাতত সমগ্ৰ বিশ্বতে শিক্ষা, স্বাস্থ্যসেৱা আৰু ‘ছফ্টৱে’ৰ’ বিকাশৰ বিশাল সুযোগ আছে। এই সুযোগসমূহৰ বাবে ভাৰতৰ যুৱপ্ৰজন্মক প্ৰস্তুত কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে তেওঁলোকৰ দক্ষতাক গোলকীয় মানৰ সৈতে সংৰেখিত কৰি আছে। প্ৰধানমন্ত্ৰীয়ে শিক্ষাগত পৰিকাঠামো আগবঢ়োৱাৰ লক্ষ্যৰে বিদ্যা সমীক্ষা কেন্দ্ৰ আৰু মুম্বাইত ভাৰতীয় দক্ষতা প্ৰতিষ্ঠানৰ উদ্বোধনকে ধৰি মহাৰাষ্ট্ৰত বিভিন্ন প্ৰকল্পৰ শুভাৰম্ভ কৰাৰ কথা উল্লেখ কৰে, য'ত যুৱ সকলৰ প্ৰতিভাক বজাৰৰ চাহিদাৰ সৈতে সংৰেখিত কৰাৰ বাবে ভৱিষ্যতমুখী প্ৰশিক্ষণ প্ৰদান কৰা হ'ব। তদুপৰি, শ্ৰী মোদীয়ে ভাৰতত এই প্ৰথমবাৰৰ বাবে যুৱপ্ৰজন্মক ‘পেইড ইণ্টাৰ্নশ্বিপ’ আগবঢ়োৱাৰ বাবে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সন্দৰ্ভত আলোকপাত কৰে, য'ত শিক্ষাৰ্থীসকলে তেওঁলোকৰ ‘ইণ্টাৰ্নশ্বিপ’ৰ সময়ত ৫,০০০ টকাৰ বৃত্তি লাভ কৰিব। তেওঁ আনন্দ প্ৰকাশ কৰে যে হাজাৰ হাজাৰ কোম্পানীয়ে এই পদক্ষেপৰ অংশীদাৰ হ'বলৈ তেওঁলোকৰ নাম পঞ্জীয়ন কৰিছে যিয়ে যুৱসকলক মূল্যৱান অভিজ্ঞতা লাভ কৰাত সহায় কৰিব আৰু তেওঁলোকৰ বাবে নতুন সুযোগ মুকলি কৰিব।

 

প্ৰধানমন্ত্ৰীয়ে কয় যে দেশৰ যুৱপ্ৰজন্মৰ বাবে ভাৰতৰ প্ৰচেষ্টাই গুৰুত্বপূৰ্ণ ফলাফল লাভ কৰিছে। তেওঁ কয় যে ভাৰতৰ শিক্ষানুষ্ঠানসমূহ গোলকীয় শীৰ্ষ প্ৰতিষ্ঠানসমূহৰ সমতুল্য হৈ আছে আৰু কালি ‘বিশ্ব বিশ্ববিদ্যালয় ৰেংকিং’-য়ে প্ৰকাশ কৰা অনুসৰি ভাৰতত উচ্চ শিক্ষা আৰু গৱেষণাৰ বৰ্ধিত মানত আলোকপাত কৰে।

শ্ৰী মোদীয়ে কয় যে দেশখন পঞ্চম সৰ্ববৃহৎ অৰ্থনীতি হৈ উঠাৰ বাবে বিশ্বৰ দৃষ্টি এতিয়া ভাৰতৰ ওপৰত নিবদ্ধ হৈছে। "বিশ্ব অৰ্থনীতিৰ ভৱিষ্যত ভাৰতত আছে", প্ৰধানমন্ত্ৰীয়ে অৰ্থনৈতিক প্ৰগতিৰ দ্বাৰা অনা নতুন সুযোগৰ কথা উল্লেখ কৰি মন্তব্য কৰে, বিশেষকৈ দশকজুৰি অৱহেলিত হৈ থকা ক্ষেত্ৰসমূহত। তেওঁ পৰ্যটনৰ উদাহৰণ দিয়ে আৰু ৰাজ্যখনক এক বিলিয়ন ডলাৰৰ অৰ্থনীতিলৈ বিকশিত কৰাৰ বাবে মহাৰাষ্ট্ৰৰ অমূল্য ঐতিহ্য, সুন্দৰ প্ৰাকৃতিক স্থান আৰু আধ্যাত্মিক কেন্দ্ৰসমূহক সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত অতীতত হেৰুওৱা সুযোগসমূহৰ কথা উল্লেখ কৰে।

প্ৰধানমন্ত্ৰীয়ে জোৰ দি কয় যে বৰ্তমানৰ চৰকাৰত উন্নয়ন আৰু ঐতিহ্য দুয়োটা অন্তৰ্ভুক্ত আছে। ভাৰতৰ সমৃদ্ধ অতীতৰ দ্বাৰা অনুপ্ৰাণিত এক উজ্জ্বল ভৱিষ্যত গঢ়ি তোলাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে ‘শিৰডী বিমানবন্দৰৰ নতুন টাৰ্মিনেল’, ‘নাগপুৰ বিমানবন্দৰ’ৰ আধুনিকীকৰণ আৰু মহাৰাষ্ট্ৰত চলি থকা অন্যান্য উন্নয়নমূলক প্ৰকল্পসমূহৰ কথা উল্লেখ কৰে। তেওঁ কয় যে শিৰডী বিমানবন্দৰৰ নতুন টাৰ্মিনেলে সাই বাবাৰ ভক্তসকলক দেশ আৰু বিদেশৰ পৰা অধিক দৰ্শনাৰ্থীক সেৱা আগবঢ়াই যথেষ্ট উপকৃত হ'ব। তেওঁ উন্নীত চোলাপুৰ বিমানবন্দৰ উদ্বোধন কৰাৰ কথাও কয়, যিয়ে এতিয়া ভক্তসকলক ওচৰৰ আধ্যাত্মিক গন্তব্যস্থান যেনে শনি শিংনাপুৰ, তুলজা ভৱানী আৰু কৈলাস মন্দিৰ ভ্ৰমণ কৰিবলৈ সক্ষম কৰিব, যাৰ ফলত মহাৰাষ্ট্ৰৰ পৰ্যটন অৰ্থনীতি বৃদ্ধি পাব আৰু নিযুক্তিৰ সুযোগ সৃষ্টি হ'ব।

"আমাৰ চৰকাৰৰ প্ৰতিটো সিদ্ধান্ত আৰু প্ৰতিটো নীতি কেৱল এটা লক্ষ্যৰ বাবে সমৰ্পিত, সেয়া হৈছে- বিকশিত ভাৰত!", শ্ৰী মোদীয়ে কয়। তেওঁ লগতে কয় যে ইয়াৰ বাবে চৰকাৰৰ দৃষ্টিভংগী হৈছে দৰিদ্ৰ, কৃষক, যুৱ আৰু মহিলাসকলৰ কল্যাণ। সেয়েহে, তেওঁ লগতে কয় যে প্ৰতিটো উন্নয়নমূলক প্ৰকল্প দৰিদ্ৰ গাঁওবাসী, শ্ৰমিক আৰু কৃষকসকলৰ বাবে উৎসৰ্গিত। শ্ৰী মোদীয়ে উল্লেখ কৰে যে শিৰডী বিমানবন্দৰত নিৰ্মাণ কৰা পৃথক কাৰ্গো কমপ্লেক্স-য়ে কৃষকসকলক যথেষ্ট সহায় কৰিব, কিয়নো দেশ-বিদেশলৈ বিভিন্ন ধৰণৰ কৃষিজাত সামগ্ৰী ৰপ্তানি কৰিব পৰা যাব। তেওঁ লগতে কয় যে শিৰডী, লাচালগাঁও, অহিল্যানগৰ আৰু নাছিকৰ কৃষকসকলে পিঁয়াজ, আঙুৰ, মধুৰিআম আৰু ডালিমৰ দৰে সামগ্ৰী সহজে ডাঙৰ ডাঙৰ বজাৰসমূহলৈ পৰিবহন কৰিবলৈ সক্ষম হৈ ‘কাৰ্গো কমপ্লেক্স’ৰ পৰা লাভান্বিত হ'ব।

প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে চৰকাৰে কৃষকসকলৰ স্বাৰ্থত নিৰন্তৰ প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰি আহিছে যেনে ‘বাচমতী চাউল’ৰ ন্যূনতম ৰপ্তানি মূল্য বাতিল কৰা, অ-বাচমতী চাউল ৰপ্তানিৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞা আঁতৰোৱা, ‘পাৰব'ল্ড’ চাউলৰ ৰপ্তানি শুল্ক আধালৈ হ্ৰাস কৰা। তেওঁ যোগ দিয়ে যে চৰকাৰে মহাৰাষ্ট্ৰৰ কৃষকসকলৰ উপাৰ্জন বৃদ্ধি কৰিবলৈ পিঁয়াজৰ ক্ষেত্ৰত ৰপ্তানি কৰ আধালৈ হ্ৰাস কৰিছে। শ্ৰী মোদীয়ে লগতে কয় যে চৰকাৰে খোৱাতেলৰ আমদানিৰ ক্ষেত্ৰত ২০ শতাংশ কৰ আৰোপ কৰাৰ সিদ্ধান্ত লৈছে আৰু সৰিয়হ, চয়াবীন আৰু সূৰ্যমুখী ফুলৰ দৰে শস্যৰ উচ্চ মূল্যৰ জৰিয়তে ভাৰতৰ কৃষকসকলক লাভান্বিত হোৱাত সহায় কৰিবলৈ পৰিশোধিত চয়াবীন, সূৰ্যমুখী ফুল আৰু পাম তেলৰ ক্ষেত্ৰত শুল্ক যথেষ্ট বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে। শ্ৰী মোদীয়ে লগতে কয় যে চৰকাৰে যিধৰণে বস্ত্ৰ উদ্যোগক সহযোগিতা আগবঢ়াই আহিছে, মহাৰাষ্ট্ৰৰ কপাহ খেতিয়কসকল যথেষ্ট উপকৃত হ'ব।

ভাষণৰ সামৰণি মাৰিবলৈ গৈ প্ৰধানমন্ত্ৰীয়ে কয় যে বৰ্তমানৰ চৰকাৰৰ সংকল্প হৈছে মহাৰাষ্ট্ৰক শক্তিশালী কৰা। তেওঁ ৰাজ্যখনৰ প্ৰগতিৰ গতিত আনন্দ প্ৰকাশ কৰে আৰু আজিৰ সকলো উন্নয়নমূলক প্ৰকল্পৰ বাবে মহাৰাষ্ট্ৰৰ জনসাধাৰণক অভিনন্দন জনায়।

মহাৰাষ্ট্ৰৰ ৰাজ্যপাল শ্ৰী চি পি ৰাধাকৃষ্ণণ, কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী শ্ৰী নীতীন গাড়কাৰী, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী শ্ৰী একনাথ চিন্দে আৰু মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী শ্ৰী দেৱেন্দ্ৰ ফড়নৱিশ অনুষ্ঠানটোত ভাৰ্চুৱেল মাধ্যমেৰে উপস্থিত আছিল।

পটভূমি

প্ৰধানমন্ত্ৰীয়ে নাগপুৰৰ ড০ বাবাচাহেব আম্বেদকাৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ উন্নীতকৰণ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। ইয়াৰ মুঠ আনুমানিক প্ৰকল্প ব্যয় প্ৰায় ৭০০০ কোটি টকা হ'ব। ই উৎপাদন, বিমান, পৰ্যটন, লজিষ্টিক আৰু স্বাস্থ্যসেৱাকে ধৰি বিভিন্ন ক্ষেত্ৰত বিকাশৰ বাবে অনুঘটক হিচাপে কাম কৰিব, যাৰ ফলত নাগপুৰ চহৰ আৰু বিস্তৃত বিদৰ্ভ অঞ্চল লাভান্বিত হ'ব।

 

প্ৰধানমন্ত্ৰীয়ে শিৰডী বিমানবন্দৰত ৬৪৫ কোটি টকাৰ নতুন ইণ্টিগ্ৰেটেড টাৰ্মিনেল ভৱনৰ আধাৰশিলা স্থাপন কৰে। ই শিৰডীলৈ অহা ধৰ্মীয় পৰ্যটকসকলৰ বাবে বিশ্বমানৰ সা- সুবিধা প্ৰদান কৰিব। প্ৰস্তাৱিত টাৰ্মিনেলটোৰ নিৰ্মাণ সংক্ৰান্তীয় বিষয়বস্তুৰ আধাৰ হৈছে সাই বাবাৰ আধ্যাত্মিক নিম গছ।

সকলোৰে বাবে সুলভ আৰু প্ৰৱেশানুকূল স্বাস্থ্যসেৱা নিশ্চিত কৰাৰ প্ৰতিশ্ৰুতিৰ সৈতে সংগতি ৰাখি প্ৰধানমন্ত্ৰীয়ে মুম্বাই, নাছিক, জালনা, অমৰাৱতী, গড়চিৰোলী, বুলধানা, ৱাছিম, ভাণ্ডাৰা, হিঙ্গোলী আৰু অম্বৰনাথ (থানে)ত অৱস্থিত মহাৰাষ্ট্ৰৰ ১০খন চৰকাৰী চিকিৎসা মহাবিদ্যালয়ৰ কাৰ্যাৰম্ভ ঘোষণা কৰে। স্নাতক আৰু স্নাতকোত্তৰ আসন বৃদ্ধি কৰাৰ লগতে মহাবিদ্যালয়সমূহে ৰাইজলৈ তৃতীয় স্তৰৰ বিশেষ স্বাস্থ্যসেৱাও আগবঢ়াব।

ভাৰতক 'বিশ্বৰ দক্ষতাৰ ৰাজধানী' হিচাপে স্থান দিয়াৰ বাবে তেওঁ গ্ৰহণ কৰা দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি প্ৰধানমন্ত্ৰীয়ে ভাৰতীয় দক্ষতা প্ৰতিষ্ঠান (আইআইএছ) মুম্বাইৰো শুভ উদ্বোধন ঘোষণা কৰে, যাৰ উদ্দেশ্য হৈছে অত্যাধুনিক প্ৰযুক্তি আৰু হাতৰ প্ৰশিক্ষণৰ সৈতে এক উদ্যোগ-প্ৰস্তুত কৰ্মবাহিনী গঢ়ি তোলা। ৰাজহুৱা-ব্যক্তিগত খণ্ডৰ অংশীদাৰিত্ব আৰ্হিত স্থাপিত ই হৈছে টাটা শিক্ষা আৰু উন্নয়ন ন্যাস আৰু ভাৰত চৰকাৰৰ মাজত এক সহযোগিতা। প্ৰতিষ্ঠানটোৱে মেকাট্ৰনিক্স, কৃত্ৰিম বুদ্ধিমত্তা, ডাটা বিশ্লেষণ, ঔদ্যোগিক স্বয়ংক্ৰিয়কৰণ আৰু ৰবটিক্সৰ দৰে উচ্চ বিশেষ ক্ষেত্ৰসমূহত প্ৰশিক্ষণ প্ৰদান কৰাৰ পৰিকল্পনা কৰিছে।

তদুপৰি, প্ৰধানমন্ত্ৰীয়ে মহাৰাষ্ট্ৰৰ ‘বিদ্যা সামীক্ষ কেন্দ্ৰ’ (ভিএছকে) উদ্বোধন কৰে। ভিএছকে-ই শিক্ষাৰ্থী, শিক্ষক আৰু প্ৰশাসকসকলক ‘স্মাৰ্ট উপস্থিতি’, ‘স্বধ্যায়’ৰ দৰে ‘লাইভ চেটবট’-ৰ জৰিয়তে গুৰুত্বপূৰ্ণ শৈক্ষিক আৰু প্ৰশাসনিক তথ্য প্ৰাপ্ত কৰাব। ই বিদ্যালয়সমূহক সম্পদসমূহ কাৰ্যকৰীভাৱে পৰিচালনা কৰিবলৈ, অভিভাৱক আৰু ৰাজ্যৰ মাজৰ সম্পৰ্ক শক্তিশালী কৰিবলৈ আৰু উত্তৰদায়ী সহযোগিতা আগবঢ়াবলৈ উচ্চ মানৰ অন্তৰ্দৃষ্টি প্ৰদান কৰিব। ই শিক্ষাদানৰ পদ্ধতি আৰু শিক্ষাৰ্থীসকলৰ শিকণ বৃদ্ধি কৰিবলৈ ‘কিউৰেটেড’ নিৰ্দেশনামূলক সমলো যোগান ধৰিব।

 

Click here to read full text speech

 

 

 

 

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India stands tall in shaky world economy as Fitch lifts FY26 growth view to 7.5%

Media Coverage

India stands tall in shaky world economy as Fitch lifts FY26 growth view to 7.5%
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM Modi lays foundation stone, inaugurates various development works worth Rs.18,700 crore in Kolkata, West Bengal
March 14, 2026
Today, a vigorous nationwide campaign to modernise railways is underway, and we are determined that West Bengal should not be left behind in this effort: PM
The central government is rapidly expanding the railway infrastructure in West Bengal: PM
Ports like Kolkata and Haldia have long been major centers of trade in Eastern India: PM
Mechanisation at the Haldia Dock Complex will speed up cargo operations, enhance port capacity and strengthen trade facilities: PM

Prime Minister Shri Narendra Modi laid the foundation stone, inaugurated various development works worth more than Rs.18,000 crore in Kolkata, West Bengal, today. Addressing the gathering the Prime Minister remarked, "Today, from the land of Kolkata, a new chapter of development is being written for West Bengal and Eastern India."

The Prime Minister highlighted that the foundation stones and dedications of projects worth more than ₹18,000 crore related to roads, railways, and port infrastructure have been carried out at this event. He emphasized that these projects will give new momentum to West Bengal and Eastern India, boost trade and industry, and make life easier for lakhs of people by providing them new opportunities. Referring to some of the key projects, the Prime Minister noted that the completion of the Kharagpur–Moregram Expressway will accelerate economic activities across many parts of West Bengal. He also mentioned the Dubrajpur Bypass and the major bridges being constructed over the Kangsabati and Shilabati rivers, which will further improve connectivity. "I congratulate the people of West Bengal and the entire Eastern India for these transformative projects," remarked Shri Modi.

The Prime Minister stated that a vigorous campaign is underway across the country to modernize the Indian Railways, and it is the firm resolve of the government that West Bengal does not lag behind in this mission. He pointed out that the Central Government is rapidly expanding the railway infrastructure in West Bengal. On this occasion, the Automatic Block Signalling System on the Kalaikunda–Kanimahuli section has been dedicated to the nation. "These initiatives will enhance the capacity of busy rail routes, make journeys safer, and also increase speed and convenience for passengers", asserted Shri Modi.

The Prime Minister announced the inauguration of six stations, Kamakhyaguri, Anara, Tamluk, Haldia, Barabhum, and Siuri,as Amrit Bharat Stations. He noted that the great culture of Bengal is now shining even more brightly at these stations, and several more stations are undergoing redevelopment. A new express train service between Purulia and Anand Vihar Terminal has also been flagged off. "This train service will benefit not only the people of West Bengal but also those in Jharkhand, Bihar, Uttar Pradesh, and Delhi" , affirmed Shri Modi.

The Prime Minister emphasized that ports and water transport play an equally important role as road and rail connectivity in driving economic progress. He observed that for decades, this immense potential of Eastern India was largely neglected, but today, waterways are opening new avenues for trade and industrial advancement. In this direction, foundation stones and dedications of key port infrastructure projects have been carried out. The Prime Minister highlighted that Kolkata and Haldia ports have long been major centres of trade in Eastern India, and the mechanization of the Haldia Dock Complex will accelerate cargo operations, enhance port capacity, and provide new facilities for trade. Additionally, the renovation of the Bascule Bridge in the Kolkata Dock System and the augmentation of cargo handling capacity at Kidderpore Dock are also being undertaken. "All these projects will further strengthen the logistics system of Eastern India", asserted Shri Modi.

In his concluding remarks, the Prime Minister underscored that the new projects related to roads, railways, and ports are paving the way for a modern future for West Bengal. He noted that the benefits of these projects will reach farmers, traders, entrepreneurs, students, and every section of society. New opportunities will emerge in sectors like tourism, and local industries and services will gain fresh momentum. The Prime Minister recalled Bengal's historic role in showing the way to India and expressed his conviction that strong connectivity and modern infrastructure will form the foundation of a developed Bengal. "It is our resolve that Bengal, which has always shown the way to India, should once again achieve that glory by becoming a 'Viksit Bengal' ", emphasized Shri Modi.