“শ্ৰী কল্কি ধাম মন্দিৰেভাৰতৰ আধ্যাত্মিকতাৰ নতুন কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিব”
“আজি ভাৰত দ্ৰুতগতিত আগবাঢ়িছে - ঐতিহ্যৰ লগতে উন্নয়নৰ মন্ত্ৰেৰে”
“ছত্ৰপতি শিৱাজী মহাৰাজ ভাৰতৰ সাংস্কৃতিক পুনৰুজ্জীৱনৰ প্ৰেৰণা, আমাৰ পৰিচয়ৰ প্ৰতি গৌৰৱ আৰু ইয়াক প্ৰতিষ্ঠাৰ আত্মবিশ্বাস”
“ৰাম লালাৰ সান্নিধ্যৰ ঐশ্বৰিক অভিজ্ঞতাই এতিয়াও আমাক আৱেগিক কৰি তোলে”
“যি পূৰ্বে কল্পনাৰোঅগোচৰ আছিল, সেয়া এতিয়া বাস্তৱত পৰিণত হৈছে”
“আজি এফালে আমাৰ তীৰ্থ কেন্দ্ৰসমূহ গঢ়ি তোলা হৈছে, আনফালে চহৰসমূহত হাই-টেক আন্তঃগাঁথনিও নিৰ্মাণ কৰা হৈছে”
“কল্কি কাল চক্ৰৰ পৰিৱৰ্তনৰ প্ৰৱৰ্তক আৰু প্ৰেৰণাৰো উৎস”
“পৰাজয়ৰপৰা বিজয় লাভৰ উপায় জানে ভাৰতে”
“আজি প্ৰথমবাৰৰ বাবে ভাৰত এনে এটা পৰ্য্যায়ত উপনীত হৈছে, য’ত আমি অনুসৰণ কৰা নাই, বৰঞ্চ আদৰ্শ দাঙি ধৰিছোঁ”
এই কাৰ্য্যসূচীত বহু সাধু, ধৰ্মগুৰু আৰু আন-আন বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে।
তেখেতে কয় যে জনসাধাৰণ আৰু সন্তসকলৰ আশীৰ্বাদত তেখেতে অসমাপ্ত কামসমূহ কৰি যাব।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ সম্ভল জিলাত শ্ৰী কল্কি ধাম মন্দিৰৰ আধাৰশিলা স্থাপন কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে শ্ৰী কল্কি ধাম মন্দিৰৰ আৰ্হিও মুকলি কৰে। শ্ৰী কল্কি ধাম নিৰ্মাণ ট্ৰাষ্টেএই শ্ৰী কল্কি ধাম নিৰ্মাণ কৰিব,ইয়াৰ অধ্যক্ষ হৈছে আচাৰ্য্য প্ৰমোদ কৃষ্ণম। এই কাৰ্য্যসূচীত বহু সাধু, ধৰ্মগুৰু আৰু আন-আন বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে।

 

সমবেতসকলক সম্বোধনেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে আজি আন এক উল্লেখযোগ্য তীৰ্থ ক্ষেত্ৰৰ আধাৰশিলা স্থাপনৰ সময়ত পুনৰ ভক্তি, আৱেগ আৰু আধ্যাত্মিকতাৰে ভগৱান শ্ৰী ৰাম আৰু ভগৱান শ্ৰী কৃষ্ণৰ এই ভূমি পৰিপূৰ্ণ হৈ উঠিছে। শ্ৰী মোদীয়ে সম্ভলত শ্ৰী কল্কি ধাম মন্দিৰৰ আধাৰশিলা স্থাপনৰ সুযোগ লাভৰ বাবে কৃতজ্ঞতা প্ৰকাশৰ লগতে ভাৰতৰ আধ্যাত্মিকতাৰ নতুন কেন্দ্ৰ হিচাপে এই ধামে আত্মপ্ৰকাশ কৰিব বুলিও আত্মবিশ্বাস ব্যক্ত কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে বিশ্বৰ সকলো নাগৰিক আৰু তীৰ্থযাত্ৰীকে এই উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰে।

এই ধামৰ বাবে ১৮ বছৰীয়া অপেক্ষাৰ কথা উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে তেখেতৰ বাবে যেন বহু ভাল কাম সম্পন্ন কৰিবলৈ বাকী আছে। তেখেতে কয় যে জনসাধাৰণ আৰু সন্তসকলৰ আশীৰ্বাদত তেখেতে অসমাপ্ত কামসমূহ কৰি যাব।

 

আজি ছত্ৰপতি শিৱাজী মহাৰাজৰ জয়ন্তী বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে আজিৰ সাংস্কৃতিক পুনৰুজ্জীৱন, গৌৰৱ আৰু আমাৰ পৰিচয়ৰ প্ৰতি থকা আস্থাৰ বাবে শিৱাজী মহাৰাজক কৃতিত্ব প্ৰদান কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে ছত্রপতি শিৱাজী মহাৰাজলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

এই মন্দিৰৰ স্থাপত্যৰ ওপৰত আলোকপাতেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে বিশদভাৱে কয় যে ইয়াত ১০টা গৰ্ভ গৃহ থাকিব য’ত ভগৱানৰ ১০টা অৱতাৰে অৱস্থান কৰিব। এই ১০টা অৱতাৰ সম্পৰ্কে ব্যক্তকৰণেৰে প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে শাস্ত্ৰত মানৱ ৰূপকে ধৰি ভগৱানৰ সকলো ৰূপ উপস্থাপন কৰা হৈছে। “জীৱনত ভগৱানৰ চেতনা অনুভৱ কৰিব পাৰি”, প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু কয়, “আমি ‘সিংহ, বৰাহ আৰু কাছ’ৰ ৰূপত প্ৰভুৰ অভিজ্ঞতা লাভ কৰিছোঁ।” তেখেতে কয় যে এই ৰূপত প্ৰভুক প্ৰতিষ্ঠা কৰিলে প্ৰভুৰ প্ৰতি জনসাধাৰণৰ স্বীকৃতিৰ এক সামগ্ৰিক প্ৰতিচ্ছবি উপস্থাপন হ’ব। প্ৰধানমন্ত্ৰীগৰাকীয়ে এই উপলক্ষে উপস্থিত থকা সকলো সাধুকে তেওঁলোকৰ পথ-প্ৰদৰ্শনৰ বাবে প্ৰণাম জনোৱাৰ লগতে শ্ৰী আচাৰ্য্য প্ৰমোদ কৃষ্ণমকো ধন্যবাদ জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে আজিৰ এই অনুষ্ঠান ভাৰতৰ সাংস্কৃতিক নৱজাগৰণৰ বাবে আন এক অনন্য মুহূৰ্ত। অযোধ্যা ধামত শ্ৰী ৰাম মন্দিৰৰ অভিষেক আৰু শেহতীয়াকৈ আবুধাবিত মন্দিৰ উদ্বোধনৰ কথা উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, “যি পূৰ্বে কল্পনাৰোঅগোচৰ আছিল, সেয়া এতিয়া বাস্তৱত পৰিণত হৈছে।”

 

প্ৰধানমন্ত্ৰীগৰাকীয়ে আধ্যাত্মিক পুনৰ জাগৰণৰ কথা কয় আৰু কাশীৰ বিশ্বনাথ ধাম, কাশীৰ ৰূপান্তৰ, মহাকাল মহালোক, সোমনাথ আৰু কেদাৰনাথ ধামৰ কথা উল্লেখ কৰে। আজিৰ ভাৰত দ্ৰুতগতিত আগবাঢ়িছে - ঐতিহ্যৰ লগতে উন্নয়নৰ মন্ত্ৰেৰে, তেখেতে কয়। তেখেতে পুনৰবাৰ আধ্যাত্মিক কেন্দ্ৰসমূহৰ পুনৰুজ্জীৱনৰ সমান্তৰালকৈ উচ্চ প্ৰযুক্তিৰ নগৰ আন্তঃগাঁথনি, মন্দিৰৰ সমান্তৰালকৈ নতুন চিকিৎসা মহাবিদ্যালয় স্থাপন, বিদেশৰপৰা শিল্পকৰ্ম ঘূৰাই অনা, বিদেশী বিনিয়োগৰ কথা উল্লেখ কৰে।

অযোধ্যাৰ শ্ৰীৰাম জন্মভূমি মন্দিৰৰ অভিষেক অনুষ্ঠানৰ কথা স্মৰণেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ২০২৪ৰ ২২ জানুৱাৰীৰপৰা নতুন ‘কাল চক্ৰ’ আৰম্ভৰ কথা পুনৰ উল্লেখেৰে হাজাৰ-হাজাৰ বছৰ ধৰি অব্যাহত শ্ৰীৰামৰ শাসন ব্যৱস্থাৰ প্ৰভাৱ সম্পৰ্কে আলোকপাত কৰে। একেদৰে, এতিয়া ৰাম লালাৰ আৰ্শীবাদ লৈ ভাৰতে নতুন যাত্ৰা আৰম্ভ কৰিছে। আজাদী কা অমৃত কালৰ এই সময়ত বিকশিত ভাৰতৰ সংকল্প কেৱল এক ইচ্ছা নহয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, “ভাৰতৰ সংস্কৃতি আৰু পৰম্পৰা প্ৰতিটো সময়তে এনে সংকল্পৰ মাজেৰে পাৰ হৈ আহিছে।” আচাৰ্য্য প্ৰমোদ কৃষ্ণম জীৰ শ্ৰী কল্কিৰ ৰূপ সম্পৰ্কে গৱেষণা আৰু অধ্যয়ন সম্পৰ্কে ব্যক্তকৰণেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কল্কিৰ ৰূপে ভগৱান শ্ৰীৰামৰ দৰেই হাজাৰ-হাজাৰ বছৰৰ ভৱিষ্যতৰ পথ নিৰ্ধাৰণ কৰিব বুলি অৱগত কৰে।

 

“কল্কি কাল চক্ৰৰ পৰিৱৰ্তনৰ প্ৰৱৰ্তক আৰু ই প্ৰেৰণাৰো উৎস”, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। তেখেতে কয় যে কল্কি ধাম ভগৱানৰ বাবে উৎসৰ্গিত স্থান হ’বলৈ আগবাঢ়িছে। তেখেতে আলোকপাত কৰে যে ভৱিষ্যৎ সম্পৰ্কে এনে ধাৰণা লক্ষাধিক বছৰৰ আগতে শাস্ত্ৰত লিখা হৈছিল। শ্ৰী মোদীয়ে আচাৰ্য্য প্ৰমোদ কৃষ্ণমক প্ৰশংসা কৰি কয় যে তেওঁ এই বিশ্বাসসমূহ পূৰ্ণ বিশ্বাসেৰে আগবঢ়াই লৈ গৈছে আৰু লগতে ইয়াৰ বাবেও নিজৰ জীৱন উৎসৰ্গা কৰিছে। তেখেতে কল্কি মন্দিৰ স্থাপনৰ বাবে পূৰ্বৰ চৰকাৰসমূহৰ সৈতে আচাৰ্য্য জীয়ে কৰা দীঘলীয়া যুঁজৰ কথা আঙুলিয়াই দিয়ে। শেহতীয়াকৈ আচাৰ্য্য জীৰ সৈতে হোৱা কথা-বতৰাৰ কথা উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে পূৰ্বে তেওঁক কেৱল ৰাজনৈতিক ব্যক্তি হিচাপেহে চিনি পাইছিল যদিও শেহতীয়াভাৱে, ধৰ্ম আৰু আধ্যাত্মিকতাৰ প্ৰতি তেওঁৰ সমৰ্পিততাক জানিব পাৰিছে। “আজি প্ৰমোদ কৃষ্ণম জীয়ে মনৰ শান্তিৰে মন্দিৰৰ কাম আৰম্ভ কৰিবলৈ সক্ষম হৈছে”, প্ৰধানমন্ত্ৰীগৰাকীয়ে এই মন্দিৰটো বৰ্তমান চৰকাৰৰ উন্নত ভৱিষ্যতৰ প্ৰতি থকা ইতিবাচক দৃষ্টিভংগীৰ প্ৰমাণ হ’ব বুলি বিশ্বাস প্ৰকাশেৰে কয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে পৰাজয়ৰপৰা বিজয় লাভৰ উপায় জানে ভাৰতে। তেখেতে ধাৰাবাহিক প্ৰত্যাহ্বানৰ সন্মুখত ভাৰতীয় সমাজৰ সুস্থিৰতা সম্পৰ্কে আলোকপাত কৰে। “আজিৰ ভাৰতৰ অমৃত কালত ভাৰতৰ গৌৰৱ, উচ্চতা আৰু শক্তিৰ বীজ প্ৰোথিত হৈছে”, তেখেতে লগতে কয়। তেখেতে আৰু কয় যে সাধু আৰু ধৰ্মগুৰুসকলে নতুন মন্দিৰ নিৰ্মাণ কৰি থকাৰ সময়তে তেখেতক ৰাষ্ট্ৰৰ মন্দিৰ নিৰ্মাণৰ দায়িত্ব দিয়া হৈছে। তেখেতে লগতে কয়, “দিনে-নিশাই মই ৰাষ্ট্ৰৰ মন্দিৰৰ ভৱিষ্যৎ আৰু গৌৰৱৰ সম্প্ৰসাৰণৰ বাবে কাম কৰি আছোঁ।” “আজি পোন-প্ৰথমবাৰৰ বাবে ভাৰত এনে এটা পৰ্য্যায়ত উপনীত হৈছে, য’ত আমি অনুসৰণ কৰা নাই বৰঞ্চ আদৰ্শ দেখুৱাইছোঁ”, প্ৰধানমন্ত্ৰী মোদীয়ে জোৰ দি কয়। এই অংগীকাৰৰ ফলাফলৰ কথা উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰত ডিজিটেল প্ৰযুক্তি আৰু উদ্ভাৱনৰ কেন্দ্ৰলৈ ৰূপান্তৰিত হোৱা, ভাৰত ৫ম সৰ্ববৃহৎ অৰ্থনীতিলৈ পৰিণত হোৱা, চন্দ্ৰযানৰ সফলতা, বন্দে ভাৰত আৰু নমো ভাৰতৰ দৰে আধুনিক ৰেল, আগন্তুক বুলেট ট্ৰেইন, হাই-টেক হাইৱে আৰু এক্সপ্ৰেছৱেৰ শক্তিশালী নেটৱৰ্কৰ কথা উল্লেখ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এই সাফল্যই ভাৰতীয়সকলক গৌৰৱ অনুভৱ কৰাইছে আৰু “দেশৰ প্ৰতি ইতিবাচক চিন্তা আৰু আত্মবিশ্বাসৰ এই ঢৌ আশ্চৰ্য্যজনক। সেইবাবেই আজি আমাৰ সামৰ্থ্য অসীম, আৰু আমাৰ বাবে সম্ভাৱনাও অপৰিসীম।”

প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “এখনৰাষ্ট্ৰই সামূহিক মাধ্যমেৰে সফল হ’বলৈ শক্তি পায়।” তেখেতে আজি ভাৰতৰ এক সামূহিক চেতনা প্ৰত্যক্ষ কৰিছে। “প্ৰতিগৰাকী নাগৰিকে সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস আৰু সবকা প্ৰয়াসৰ মনোভাৱেৰে কাম কৰি আছে”, তেখেতে লগতে কয়।

 

প্ৰধানমন্ত্ৰীগৰাকীয়ে বিগত ১০ বছৰে গ্ৰহণ কৰা প্ৰচেষ্টাৰাজিৰ কথা উল্লেখ কৰে - প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ৪ কোটিৰো অধিক পকী ঘৰ, ১১ কোটি শৌচাগাৰ, ২.৫ কোটি পৰিয়াললৈ বিদ্যুৎ সংযোগ, ১০ কোটিৰো অধিক গৃহস্থীলৈ পাইপেৰে পানী যোগান, ৮০ কোটি নাগৰিকৰ বাবে বিনামূলীয়া ৰেচন, ৰাজসাহায্যত ১০ কোটি মহিলালৈ গেছৰ চিলিণ্ডাৰ, ৫০ কোটি আয়ুষ্মান কাৰ্ড, ১০ কোটি কৃষকৰ বাবে কিষাণ সন্মান নিধি, মহামাৰীৰ সময়ত বিনামূলীয়া ভেকচিন, স্বচ্ছ ভাৰত অভিযানৰ সাফল্য সম্পৰ্কে তেখেতে ব্যক্ত কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে চৰকাৰৰ কামৰ গতি আৰু পৰিসৰৰ বাবে দেশৰ নাগৰিকক কৃতিত্ব প্ৰদান কৰে। তেখেতে আলোকপাত কৰে যে আজি দৰিদ্ৰসকলক চৰকাৰী আঁচনিসমূহৰ সুবিধা লাভত সহায় কৰাহৈছে আৰু ১০০ শতাংশ চেচুৰেচনৰ বাবে অভিযান অব্য়াহত আছে। তেখেতেকয় যে দৰিদ্ৰ লোকৰ সেৱাৰ মনোভাৱ ভাৰতৰ আধ্যাত্মিক প্ৰমূল্যবোধৰপৰাই আহিছে। জনসাধাৰণৰ মাজত ঈশ্বৰৰ অস্তিত্ব বিৰাজমান। তেখেতে ‘বিকশিত ভাৰত গঢ়ি তোলা’ আৰু ‘আমাৰ ঐতিহ্যক লৈ গৌৰৱ কৰা’ এই পাঁচটা নীতিৰ প্ৰতি তেখেতৰ আবেদন পুনৰবাৰ প্ৰকাশ কৰে।

 

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, “ভাৰতে যেতিয়াই বৃহৎ সংকল্প গ্ৰহণ কৰে, তেতিয়াই আমাৰ মাজত নিশ্চয়কৈ কোনোবা নহয় কোনোবা ৰূপত ঈশ্বৰীয় চেতনাৰ আৰ্বিভাৱ হৈ পথ প্ৰদৰ্শন কৰে।” গীতাৰ দৰ্শনৰ কথা উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে অদম্য কাৰ্য্যৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। “অহা ২৫ বছৰৰ বাবে এই ‘কৰ্তব্য কাল’ত আমি কঠোৰ পৰিশ্ৰমৰ শিখৰত উপনীত হ’ব লাগিব। দেশৰ সেৱাক আগস্থানত ৰাখি আমি নিস্বাৰ্থভাৱে কাম কৰিব লাগিব। আমাৰ প্ৰতিটো প্ৰচেষ্টাৰপৰা ৰাষ্ট্ৰখনৰ কি উপকাৰ সাধন হ’ব, এই প্ৰশ্নটোৱেই আমাৰ মনত প্ৰথমেউদয় হ’ব লাগে। এই প্ৰশ্নই ৰাষ্ট্ৰখনৰ সামূহিক প্ৰত্যাহ্বানসমূহৰ সমাধান আগবঢ়াব”, এইবুলি কৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে তেখেতৰ ভাষণৰ সামৰণি মাৰে।

এই কাৰ্য্যসূচীত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী যোগী আদিত্যনাথআৰু শ্ৰী কল্কি ধামৰ পিঠধীশ্বৰ, আচাৰ্য্য প্ৰমোদ কৃষ্ণমকে প্ৰমুখ্য কৰি বিশিষ্ট লোকসকল উপস্থিত থাকে।

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Three reasons India’s economy is stronger than it’s ever been

Media Coverage

Three reasons India’s economy is stronger than it’s ever been
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam highlighting complete devotion in the service of nation and humanity
February 11, 2026

The Prime Minister, Shri Narendra Modi, shared a Sanskrit Subhashitam highlighting complete devotion in the service of nation and humanity.

"यस्येमे हिमवन्तो महित्वा यस्य समुद्रं रसया सहाहुः।

यस्येमाः प्रदिशो यस्य बाहू कस्मै देवाय हविषा विधेम॥"

The Subhashitam conveys, "To the nation, whose greatness is sung by the Himalayas, whose glory flows with the rivers to the ocean, and to whom the directions bow like mighty arms, we offer our entire being in dedication."

Shri Modi stated that the pioneer of Antyodaya, Pandit Deendayal Upadhyaya, also dedicated his life with this very spirit to empower every individual in the country.

The Prime Minister wrote on X;

“सर्वस्व समर्पण उस चेतना की अभिव्यक्ति है, जिसमें राष्ट्र और मानवता सर्वोपरि होती है। अंत्योदय के प्रणेता पंडित दीनदयाल उपाध्याय जी ने भी इसी भावना से देश के जन-जन को सशक्त बनाने के लिए अपना जीवन समर्पित कर दिया।

यस्येमे हिमवन्तो महित्वा यस्य समुद्रं रसया सहाहुः।

यस्येमाः प्रदिशो यस्य बाहू कस्मै देवाय हविषा विधेम॥"