Over 2.6 crore families provided with piped drinking water connection under Jal Jeevan Mission
Access to piped drinking water would improve the health of poor families : PM
These water projects would resolve the water scarcity and irrigation issues in Vidhyanchal : PM

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে আজি ‘ভিডিঅ’ কনফাৰেন্সিং’ ব্যৱস্থাৰে উত্তৰ প্ৰদেশৰ বিন্ধ্যাচল অঞ্চলৰ মিৰ্জাপুৰ আৰু সোণভদ্ৰাত গ্ৰাম্য খোৱাপানী যোগান প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে অঞ্চলকেইটাৰ ‘পানী আৰু অনাময় সমিতি/পানী সমিতি’সমূহৰ সদস্যসকলৰ সৈতে বাৰ্তালাপতো মিলিত হয়। আধাৰশিলা অনুষ্ঠানত কেন্দ্ৰীয় জল শক্তি বিভাগৰ মন্ত্ৰী শ্ৰী গজেন্দ্ৰ সিং শ্বেখাৱাট, উত্তৰ প্ৰদেশৰ ৰাজ্যপাল শ্ৰীমতী আনন্দীবেন পেটেল আৰু মুখ্য মন্ত্ৰী শ্ৰী যোগী আদিত্যনাথেও অংশগ্ৰহণ কৰে।

আজি আধাৰশিলা স্থাপন কৰা প্ৰকল্পকেইটাই অঞ্চলকেইটাৰ ২,৯৯৫ খন গাঁৱৰ প্ৰতিটো পৰিয়াললৈ নল-সংযোজিত পানীৰ যোগান সম্ভৱ কৰি তুলিব। ইয়াৰ জৰিয়তে জিলাকেইখনৰ ৪২ লাখ জনবসতি উপকৃত হ’ব বুলি আশা কৰা হৈছে। ইতিমধ্যে, এই সমূহ গাঁৱত প্ৰকল্পসমূহৰ পৰিচালনা আৰু তদাৰকীৰ কান্ধ পাতি ল’ব পৰাকৈ ‘গাঁও পানী আৰু অনাময় সমিতি/পানী সমিতি’ গঠন কৰা হৈছে। প্ৰকল্পকেইটাৰ বাবদ হ’বলগীয়া ব্যয়ৰ পৰিমাণ ৫,৫৫৫.৩৮ কোটি টকা বুলি ধাৰ্য কৰা হৈছে। আগন্তুক ২৪ মাহৰ ভিতৰত এইসমূহ প্ৰকল্পৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰি উলিওৱাৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰা হৈছে।

এই উপলক্ষে প্ৰদান কৰা ভাষণত প্ৰধানমন্ত্ৰীয়ে কয় যে ‘জল শক্তি মন্ত্ৰালয়’ গঠনৰ পৰা যোৱা ডেৰটা বছৰত ‘জল জীৱন মিছন’ৰ অধীনত ২.৬০ লাখ পৰিয়াললৈ পাইপেৰে খোৱা পানীৰ যোগান ধৰিব পৰা গৈছে। ইয়াৰ ভিতৰত উত্তৰ প্ৰদেশৰো লক্ষাধিক পৰিয়াল আছে বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰীয়ে। ‘জল জীৱন মিছন’ৰ অধীনত ঘৰলৈকে পানীৰ যোগান ধৰাৰ ফলত আমাৰ মাতৃ-ভগ্নীসকলৰ জীৱন অধিক স্বাচ্ছন্দময় হৈ উঠিছে বুলি অভিমত প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীয়ে। কলেৰা, টাইফইড, এনচেফেলাইটিছৰ দৰে লেতেৰা পানীৰ পৰা উদ্ভৱ হোৱা বহু ৰোগৰ সংক্ৰমণো বহু পৰিমাণে নিয়ন্ত্ৰিত হোৱাটো এই ব্যৱস্থাৰ অন্যতম সুফল বুলি তেওঁ উল্লেখ কৰে। প্ৰসংগক্ৰমে প্ৰধানমন্ত্ৰীয়ে কয় যে সম্পদশালী হোৱাৰ পিচতো দীৰ্ঘদিন ধৰি বিন্ধ্যাচল আৰু বুন্দেলখণ্ডৰ দৰে অঞ্চলসমূহ অভাৱী অঞ্চল হিচাপে পৰিগণিত হৈ আহিছিল। অঞ্চলসমূহত বহুসংখ্য নদী-নিজৰা থকাৰ পিচতো এইসমূহ অঞ্চলে কিন্তু অতিকে তৃষ্ণাতুৰ আৰু খৰাং পীড়িত অঞ্চল হিচাপে পৰিচিতি লাভ কৰি আহিছিল আৰু এনে পৰিস্থিতিৰ পৰিপ্ৰেক্ষিততে অঞ্চলসমূহৰ পৰা বহু লোকে অন্য ঠাইলৈ প্ৰব্ৰজিত হ’বলগীয়া হৈ আহিছে। এতিয়া কিন্তু এইসমূহ অঞ্চলৰ পানীৰ অভাৱ অথবা জল সিঞ্চনৰ সমস্যা সমাধান কৰিব পৰা যাব আৰু অঞ্চলসমূহে বিকাশৰ দিশে দ্ৰুতগতিৰে আগবাঢ়ি যাব পাৰিব বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰীয়ে।

বিন্ধ্যাচলৰ গাঁওসমূহৰ লাখ লাখ পৰিয়ালে নলেৰে পৰিশোধিত পানীৰ যোগান লাভ কৰিলে অঞ্চলসমূহৰ শিশুসকলৰ স্বাস্থ্য উন্নত হোৱাৰ লগতে তেওঁলোকৰ শাৰিৰীক আৰু মানসিক বিকাশৰ মানো অধিক উন্নত হৈ উঠিব বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰীয়ে। তেওঁ দেশৰ গাঁওসমূহ শক্তিমন্ত হ’লেহে দেশে আত্মনিৰ্ভৰশীলতা লাভ কৰিব বুলি অভিমত প্ৰকাশ কৰে।

ইফালে, ক’ভিড মহামাৰীৰ মাজতো সচেষ্ট শাসন আগবঢ়োৱাৰ লগতে সংস্কাৰৰ গতি অব্যাহত ৰখাত পাৰদৰ্শিতা প্ৰদৰ্শন কৰা উত্তৰ প্ৰদেশ চৰকাৰৰ শলাগ লয় শ্ৰী মোডীয়ে।

প্ৰসংগক্ৰমে ‘স্বামিত্ব আঁচনি’ৰ প্ৰসংগ উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে আবাসিক আৰু মাটি-বাৰী সম্পৰ্কীয় সা-সম্পত্তিৰ বিপৰীতে স্বত্বাধিকাৰীসকলক ‘প্ৰত্যায়িত মালিকানা দলিল’ প্ৰদান কৰাৰ ফলত সংশ্লিষ্টসকলে স্বাভাৱিকতেই স্বস্তি লাভ কৰিবলৈ সক্ষম হৈছে।

তেওঁ জনজাতীয় লোক অধ্যুষিত অঞ্চলসমূহত ‘একলব্য বিদ্যালয়’কে ধৰি অন্যন্য আঁচনিসমূহে এইসকল লোকৰ জীৱনৰ মান উন্নত কৰাত প্ৰভূত অৰিহণা আগবঢ়াবলৈ সক্ষম হৈছে বুলি মন্তব্য কৰে।

ইফালে ক’ৰোনাই সৃষ্টি কৰা সংকটৰ এতিয়াও উপশম ঘটা নাই বুলি উল্লেখ কৰা প্ৰধানমন্ত্ৰীয়ে ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈকে ক’ৰোনা সম্পৰ্কীয় ‘আচৰণ বিধি’ কঠোৰ ভাবে পালন কৰি যাবলৈ ৰাইজৰ প্ৰতি আহ্বান জনায়।

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
‘Modi Govt’s 12 years are transformational for industry’

Media Coverage

‘Modi Govt’s 12 years are transformational for industry’
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 12 জুন 2026
June 12, 2026

Breaking Barriers, Building Bharat: PM Modi’s Historic Push for Gender Equality and Inclusive Growth