আমাৰ সেনাই পাকিস্তানৰপৰা আমাৰ ভগ্নীৰ সিন্দুৰ মচাবোৰৰ আত্মগোপনৰ স্থান ধ্বংসাৱশেষত পৰিণত কৰিলেঃ প্ৰধানমন্ত্ৰী
ভাৰতৰ কন্যাৰ সিন্দুৰৰ শক্তি পাকিস্তানৰ লগতে বিশ্বই দেখিলে!: প্ৰধানমন্ত্ৰী
মাওবাদী হিংসা সম্পূৰ্ণৰূপে নিৰ্মূল তথা প্ৰতিখন গাঁৱতে স্থায়ী শান্তি, সুৰক্ষা, শিক্ষা আৰু উন্নয়নে বিৰাজ কৰিবলৈ বেছি দিন নাইঃ প্ৰধানমন্ত্ৰী
বিহাৰৰ জনসাধাৰণৰ পাটনা বিমানবন্দৰৰ টাৰ্মিনেলৰ আধুনিকীকৰণৰ দীৰ্ঘদিনীয়া দাবী এতিয়া পূৰণ হ’লঃ প্ৰধানমন্ত্ৰী
আমাৰ চৰকাৰে মাখনা ব'ৰ্ড স্থাপন, বিহাৰৰ মাখনাক জিআই টেগ প্ৰদানেৰে মাখনা কৃষকসকলক অধিক উপকৃত কৰিলেঃ প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিহাৰৰ কাৰাকাটত ৪৮,৫২০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন তথা ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে। ইয়াত সমবেতসকলক সম্বোধনেৰে তেখেতে এই পবিত্ৰ ভূমিত বিহাৰৰ উন্নয়নক ত্বৰান্বিতকৰণৰ সৌভাগ্য লাভ কৰা বুলি উল্লেখ কৰে তথা ৪৮,০০০ কোটি টকাৰো অধিক মূল্যৰ প্ৰকল্পৰাজিৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কাৰ্য্যত আলোকপাত কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কেইবা সহস্ৰাধিক লোকে তেখেতক আশীৰ্বাদ দিবলৈ ইয়াত সমবেত হোৱাৰ কথা উল্লেখেৰে বিহাৰৰ প্ৰতি তেওঁলোকৰ মৰমৰ বাবে গভীৰ কৃতজ্ঞতা প্ৰকাশেৰে তেওঁলোকৰ সমৰ্থন সদায় সৰ্বোচ্চ কৰি ৰাখিব বুলি কয়। তেখেতে বিহাৰৰ মাতৃ-ভগ্নীসকললৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে।

সাসাৰামৰ তাৎপৰ্য্য সম্পৰ্কে ব্যক্ত কৰি এ নামে ভগৱান ৰামৰ উত্তৰাধিকাৰ বহন কৰিছে বুলি উল্লেখেৰে শ্ৰী মোদীয়ে ভগৱান ৰাম বংশৰে বদ্ধমূল পৰম্পৰাত আলোকপাত কৰে। দৃঢ় অংগীকাৰৰ নীতিৰ কথা উল্লেখেৰে এবাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা মাত্ৰেকে সেই প্ৰতিশ্ৰুতি পূৰণ কৰিব লাগিব বুলি কয়। তেখেতে দৃঢ়তাৰে কয় যে এই পথ-প্ৰদৰ্শক দৰ্শন এতিয়া নব্য ভাৰতৰ নীতিত পৰিণত হৈছে। শ্ৰী মোদীয়ে শেহতীয়াকৈ পেহেলগামত সংঘটিত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ কথা উল্লেখেৰে ইয়াত একাধিক নিৰীহ নাগৰিকৰ প্ৰাণহানি হোৱাৰ কথা কয়। তেখেতে কয় যে এই জঘন্য আক্ৰমণৰ মাত্ৰ এদিন পিছতে তেখেতে বিহাৰ ভ্ৰমণেৰে ৰাষ্ট্ৰক গম্ভীৰ প্ৰতিশ্ৰুতি প্ৰদানেৰে কৈছিল যে সন্ত্ৰাসবাদৰ মাষ্টাৰমাইণ্ডবোৰ ন্যায়ৰ সন্মুখীন হ’ব লাগিব, সিহঁতে কল্পনাতীত শাস্তি লাভ কৰিব। তেখেতে কয় যে আজি তেখেত পুনৰবাৰ বিহাৰত উপস্থিত হোৱাৰ দৰে তেখেতে সেই প্ৰতিশ্ৰুতি পূৰণ কৰিছে। “আমাৰ সেনাই পাকিস্তানৰপৰা আমাৰ ভগ্নীৰ সিন্দুৰ মচাবোৰৰ আত্মগোপনৰ স্থান ধ্বংসাৱশেষত পৰিণত কৰিলে”, শ্ৰী মোদীয়ে কয়। “ভাৰতৰ কন্যাৰ সিন্দুৰৰ শক্তি পাকিস্তানৰ লগতে বিশ্বই দেখিলে” বুলি উল্লেখেৰে তেখেতে লগতে কয় যে যিবোৰ সন্ত্ৰাসবাদীয়ে এসময়ত পাকিস্তানী সেনাৰ সুৰক্ষাত নিৰাপত্তা অনুভৱ কৰিছিল, সিহঁতক ভাৰতৰ বাহিনীয়ে একক নিৰ্ণায়ক কাৰ্য্যতে মষিমূৰ কৰিলে। শ্ৰী মোদীয়ে পাকিস্তানৰ বিমান ঘাটি আৰু সামৰিক সংস্থাপনসমূহ কেইমিনিটমানৰ ভিতৰতে ধ্বংস হোৱা বুলি উল্লেখেৰে কয়, “এয়াই হৈছে নব্য ভাৰত—অসীম শক্তি আৰু স্থিতিস্থাপকতাৰ ভাৰত।”

 

বিহাৰ সাহসী মনোভাৱৰ বাবে পৰিচিত বীৰ কুঁৱৰ সিঙৰ ভূমি বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰৰ সুৰক্ষাৰ বাবে ভাৰতীয় সশস্ত্ৰ বাহিনী আৰু সীমান্ত সুৰক্ষা বাহিনী (BSF)ত সেৱা আগবঢ়াই থকা বিহাৰৰ হাজাৰ-হাজাৰ যুৱকৰ অৱদানত আলোকপাত কৰে। তেখেতে অপাৰেচন সিন্দূৰৰ সময়ত বিএছএফে প্ৰদৰ্শন কৰা অসাধাৰণ শৌৰ্য্য আৰু অদম্য সাহসিকতাত গুৰুত্ব আৰোপেৰে কয় যে তেওঁলোকৰ অতুলনীয় সাহস বিশ্বই প্ৰত্যক্ষ কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে দৃঢ়তাৰে কয় যে ভাৰতৰ সীমান্তত নিয়োজিত বিএছএফ-ৰ জোৱানসকল সুৰক্ষাৰ এক অভেদ্য ঢাল, তেওঁলোকৰ অগ্ৰণী কৰ্তব্য হৈছে ভাৰত মাতৃক সুৰক্ষা প্ৰদান। বিহাৰৰ বীৰ পুত্ৰৰ প্ৰতি গভীৰ শ্ৰদ্ধা প্ৰকাশেৰে যোৱা ১০ মে’-ত সীমান্তত কৰ্তব্য পালন কৰি থকাৰ সময়তে শ্বহীদ হোৱা বিএছএফৰ উপ-পৰিদৰ্শক শ্ৰী ইমতিয়াজলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

“ভাৰতে ৰাষ্ট্ৰখনৰ প্ৰতিটো শত্ৰুৰ বিৰুদ্ধে যুঁজ দিছে, সেয়া সীমান্তৰ সিপাৰৰে হওঁক বা দেশৰ ভিতৰৰে হওঁক” বুলি উল্লেখেৰে শ্ৰী মোদীয়ে দৃঢ়তাৰে কয়, বিহাৰে বছৰ-বছৰ ধৰি কেনেকৈ হিংসাত্মক আৰু বিঘ্নিতকাৰী শক্তিসমূহ নিৰ্মূল কৰা হৈছে, সেই কাৰ্য্য প্ৰত্যক্ষ কৰি আহিছে। তেখেতে সাসাৰাম, কাইমুৰ আৰু ইয়াৰ আশে-পাশে থকা জিলাসমূহৰ অতীতৰ পৰিস্থিতিৰ কথা স্মৰণেৰে কয় যে ইয়াত এসময়ত নক্সালবাদে আধিপত্য বিস্তাৰ কৰিছিল আৰু বন্দুকৰে সজ্জিত মুখা পিন্ধা উগ্ৰপন্থীবোৰ জনসাধাৰণৰ বাবে অহৰহ ভাবুকি হৈ পৰিছিল। শ্ৰী মোদীয়ে উল্লেখ কৰে যে এই উপাদানসমূহৰ বাবাছাহেব আম্বেদকাৰৰ সংবিধানৰ ওপৰত কোনো বিশ্বাস নাছিল। এই প্ৰত্যাহ্বানমূলক পৰিস্থিতিৰ মাজতো নীতিশ কুমাৰে উন্নয়নৰ দিশত কাম কৰা বুলি উল্লেখেৰে ২০১৪-ৰ পৰা এই দিশত প্ৰচেষ্টা যথেষ্ট ত্বৰান্বিত হৈছে বুলি কয়। শ্ৰী মোদীয়ে কয় যে মাওবাদীবোৰক সিহঁতৰ কু-কাৰ্য্যৰ বাবে ন্যায়ৰ অধীনলৈ অনা হৈছে আৰু যুৱক-যুৱতীসকলক উন্নয়নৰ মূলসুঁতিত একত্ৰিতকৰণৰ প্ৰয়াস গ্ৰহণ কৰা হৈছে। তেখেতে উল্লেখ কৰে যে ১১ বছৰীয়া দৃঢ় প্ৰচেষ্টাৰ ফলাফল এতিয়া দৃশ্যমান হৈছে। ২০১৪-ৰ পূৰ্বে ভাৰতৰ ১২৫ খনৰো অধিক জিলা নক্সালবাদৰ দ্বাৰা প্ৰভাৱিত হৈছিল যদিও আজি মাত্ৰ ১৮ খন জিলাতহে ইয়াৰ প্ৰভাৱ আছে বুলিও তেখেতে লগতে কয়। “আমাৰ চৰকাৰে কেৱল পথেই নহয়, বৰঞ্চ কৰ্মসংস্থাপনৰ সুযোগো প্ৰদান কৰিছে। মাওবাদী হিংসা সম্পূৰ্ণৰূপে নিৰ্মূল তথা প্ৰতিখন গাঁৱতে স্থায়ী শান্তি, সুৰক্ষা, শিক্ষা আৰু উন্নয়নে বিৰাজ কৰিবলৈ বেছি দিন নাই”, শ্ৰী মোদীয়ে দৃঢ়তাৰে কয়। তেখেতে আৰু কয় যে ভাৰতৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজখনৰ অন্ত পৰা নাই বা মন্থৰ হোৱা নাই। তেখেতে কয়, “সন্ত্ৰাসবাদে পুনৰ মূৰ দঙা মাত্ৰেকে ভাৰতে ইয়াক আত্মগোপনৰ স্থানৰপৰা উলিয়াই আনি নিৰ্ণায়কভাৱে ধ্বংস কৰিব।”

 

নিৰাপত্তা আৰু শান্তিয়ে উন্নয়নৰ নতুন পথ প্ৰশস্ত কৰা বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে নীতিশ কুমাৰৰ নেতৃত্বত বিহাৰে সমৃদ্ধিৰ পথত ধাৱমান হৈছে। তেখেতে কয় যে অনুন্নক ঘাইপথ তথা ৰেলপথ, বিমান সংযোগ সীমিত হোৱাৰ দিন এতিয়া অতীতৰ কথা। বিহাৰত এসময়ত মাত্ৰ এটা বিমানবন্দৰ আছিল—পাটনা—কিন্তু আজি দাৰভাঙা বিমানবন্দৰ কাৰ্য্যক্ষম হৈ উঠিছে। দিল্লী, মুম্বাই, বেংগালুৰুৰ দৰে চহৰলৈ প্ৰত্যক্ষ বিমান সেৱা প্ৰশস্ত হৈছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে পাটনা বিমানবন্দৰৰ টাৰ্মিনেলৰ আধুনিকীকৰণৰ বাবে বিহাৰৰ জনসাধাৰণৰ দীৰ্ঘদিনীয়া দাবীক স্বীকাৰেৰে কয় যে এই দাবী এতিয়া পূৰণ হৈছে। তেখেতে কয় যে কালি সন্ধিয়া তেখেতে পাটনা বিমানবন্দৰৰ নতুন টাৰ্মিনেল ভৱন উদ্বোধনৰ সৌভাগ্য লাভ কৰিছিল, যি এতিয়া এক কোটি যাত্ৰীক পৰিচালনা কৰিব পৰাকৈ সক্ষম। তেখেতে লগতে উল্লেখ কৰে যে বিহটা বিমানবন্দৰত ১,৪০০ কোটি টকা বিনিয়োগ কৰা হৈছে।

সমগ্ৰ বিহাৰত চাৰি-লেন আৰু ছয়-লেনযুক্ত পথৰ ব্যাপক উন্নয়ন সাধন কাৰ্য্যত আলোকপাতেৰে শ্ৰী মোদীয়ে পাটনাৰ পৰা বক্সাৰলৈ, গয়াৰ পৰা ডোভিলৈ আৰু পাটনাৰ পৰা বুদ্ধ গয়ালৈ ঘাইপথকে প্ৰমুখ্য কৰি গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি প্ৰকল্পসমূহৰ দ্ৰুত অগ্ৰগতিত গুৰুত্ব আৰোপ কৰে। তেখেতে পাটনা–আৰা–সাসাৰাম গ্ৰীনফিল্ড কৰিডৰৰ কথাও উল্লেখ কৰে, ইয়াত কাম দ্ৰুত গতিত আগবাঢ়িছে। শ্ৰী মোদীয়ে গংগা, ছন, গণ্ডক আৰু কোশীৰ দৰে ডাঙৰ নদীৰ ওপৰত নতুন দলং নিৰ্মাণ সম্পৰ্কে বক্তব্য প্ৰদানেৰে বিহাৰৰ বাবে নতুন সুযোগ আৰু সম্ভাৱনাক লালন-পালনত এইসমূহৰ ভূমিকাত আলোকপাত কৰে। তেখেতে কয় যে হাজাৰ-হাজাৰ কোটি টকা মূল্যৰ এই প্ৰকল্পসমূহে হাজাৰ-হাজাৰ যুৱকৰ বাবে কৰ্মসংস্থাপনৰ সৃষ্টি কৰিছে আৰু অঞ্চলটোৰ পৰ্যটন তথা বাণিজ্য উভয়ৰে অগ্ৰগতি সাধন কৰিছে।

বিহাৰৰ ৰেল আন্তঃগাঁথনিৰ ৰূপান্তৰ সাধনৰ কথা উল্লেখেৰে শ্ৰী মোদীয়ে বিহাৰত বিশ্বমানৰ বন্দে ভাৰত ৰেলৰ প্ৰৱৰ্তন আৰু ৰেলপথৰ দ্বৈতকৰণ তথা তিনিগুণকৰণৰ অৰ্থে অব্যাহত প্ৰক্ৰিয়াত আলোকপাত কৰে। তেখেতে কয় যে ছপৰা, মুজাফ্ফৰপুৰ আৰু কাটিহাৰ আদি অঞ্চলত কাম দ্ৰুতগতিত আগবাঢ়িছে। তেখেতে আৰু কয় যে সোণ নগৰ আৰু আন্দলৰ মাজত মাল্টি ট্ৰেকিং অব্যাহত আছে, ইয়াৰ ফলশ্ৰুতিত ৰেলৰ চলাচল যথেষ্ট সুচল হ’ব। শ্ৰী মোদীয়ে লগতে কয় যে এতিয়া ১০০ খনৰো অধিক ৰেলে সাসাৰামত অৱস্থান কৰে, যিয়ে অঞ্চলটোৰ ক্ৰমবৰ্ধমান যোগাযোগ ব্যৱস্থাকে প্ৰদৰ্শিত কৰিছে। তেখেতে দৃঢ়তাৰে কয় যে দীৰ্ঘদিনীয়া প্ৰত্যাহ্বানসমূহ সমাধান কৰাৰ সমান্তৰালকৈ ৰেলৱে নেটৱৰ্কৰ আধুনিকীকৰণৰ বাবেও প্ৰচেষ্টা হাতত লোৱা হৈছে।

 

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এই উন্নয়নসমূহ আগতেই সাধন কৰিব পৰা গ’লহেঁতেন, কিন্তু বিহাৰৰ ৰেল ব্যৱস্থাৰ আধুনিকীকৰণৰ দায়িত্বত থকাসকলে ব্যক্তিগত স্বাৰ্থৰ বাবে নিযুক্তি প্ৰক্ৰিয়াত কেলেংকাৰি সংঘটিতকৰণেৰে জনসাধাৰণক তেওঁলোকৰ উচিত সুযোগ লাভৰ পৰা বঞ্চিত কৰিছিল। তেখেতে বিহাৰৰ জনসাধাৰণক পূৰ্বে ‘জংঘলৰাজ’ৰ অধীনত শাসন কৰাসকলৰ প্ৰতাৰণা আৰু ভুৱা প্ৰতিশ্ৰুতিৰ প্ৰতি সজাগ হৈ থাকিবলৈ আহ্বান জনায়। বিদ্যুৎ অবিহনে উন্নয়ন অসম্পূৰ্ণ বুলি উল্লেখেৰে ঔদ্যোগিক অগ্ৰগতি আৰু ইজ অৱ লিভিং নিৰ্ভৰযোগ্য বিদ্যুৎ যোগানৰ ওপৰত নিৰ্ভৰশীল বুলি ব্যক্তৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে বিগত কেইবছৰমানৰ পৰা বিহাৰে বিদ্যুৎ উৎপাদনত যথেষ্ট গুৰুত্ব আৰোপ কৰিছে। তেখেতে কয় যে বিহাৰত বিদ্যুতৰ ব্যৱহাৰ এটা দশকৰ পূৰ্বৰ তুলনাত চাৰিগুণ বৃদ্ধি পাইছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে নবীনগৰত এনটিপিচিৰ এটা বৃহৎ শক্তি প্ৰকল্প নিৰ্মাণৰ কাম অব্যাহত আছে। ৩০,০০০ কোটি টকা বিনিয়োগেৰে এই প্ৰকল্পৰ জৰিয়তে বিহাৰত ১,৫০০ মেগাৱাট বিদ্যুৎ যোগান ধৰা হ’ব। তেখেতে বক্সাৰ আৰু পিৰপাইন্তিত নতুন তাপ শক্তি কেন্দ্ৰৰ আৰম্ভণিতো আলোকপাত কৰে।

বিশেষকৈ বিহাৰক সেউজ শক্তিৰ দিশত আগুৱাই নিয়াৰ ক্ষেত্ৰত চৰকাৰে গুৰুত্ব আৰোপৰ কথা উল্লেখেৰে শ্ৰী মোদীয়ে ৰাজ্যখনৰ নবীকৰণযোগ্য শক্তিৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কাৰ্য্যৰ অংশ হিচাপে কাজৰাত এখন সৌৰ উদ্যান নিৰ্মাণ সন্দৰ্ভত আলোকপাত কৰে। তেখেতে কয় যে পিএম-কুসুম আঁচনিৰ অধীনত কৃষকসকলক সৌৰশক্তিৰ জৰিয়তে আয় আহৰণৰ সুযোগ প্ৰদান কৰা হৈছে, একেদৰে নবীকৰণযোগ্য কৃষি ফিডাৰে পামলৈ বিদ্যুৎ যোগান ধৰিছে, ইয়াৰ ফলশ্ৰুতিত কৃষি উৎপাদনশীলতাৰ অধিক বৰ্ধন ঘটিছে। তেখেতে কয় যে এই প্ৰচেষ্টাসমূহৰ ফলশ্ৰুতিত জনসাধাৰণৰ জীৱনৰ অগ্ৰগতি সাধন হৈছে আৰু মহিলাসকলে নিৰাপদ অনুভৱ কৰিছে। শ্ৰী মোদীয়ে কয় যে আধুনিক আন্তঃগাঁথনিয়ে গাঁও, দৰিদ্ৰ লোক, কৃষক আৰু ক্ষুদ্ৰ উদ্যোগসমূহৰ বাবে সৰ্বাধিক লাভৰ সঞ্চাৰ কৰিছে, কিয়নো বৃহৎ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰৰ সৈতে সংযোগ স্থাপন হৈছে। তেখেতে কয় যে ৰাজ্যখনত নতুন বিনিয়োগে নতুন সুযোগৰ সৃষ্টি কৰে আৰু অৰ্থনৈতিক বিকাশৰ সূচনা কৰে। যোৱা বছৰ অনুষ্ঠিত বিহাৰ বাণিজ্যিক সন্মিলনৰ কথা উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে ৰাজ্যখনৰ ঔদ্যোগিক বিকাশে প্ৰব্ৰজিত শ্ৰমিকৰ প্ৰয়োজনীয়তা হ্ৰাস কৰে, ইয়াৰ ফলশ্ৰুতিত ঘৰৰ ওচৰত কৰ্মসংস্থাপন উপলব্ধ হৈছে। তেখেতে কয় যে উন্নত পৰিবহণৰ সুবিধাই কৃষকসকলক অধিক দূৰত্বত নিজৰ উৎপাদিত সামগ্ৰী বিক্ৰী কৰিবলৈ সুবিধা প্ৰদান কৰিছে, ইয়াৰ ফলশ্ৰুতিত কৃষি খণ্ড অধিক সুদৃঢ় হৈ উঠিছে।

বিহাৰত কৃষকৰ আয় বৃদ্ধিৰ বাবে চৰকাৰে গ্ৰহণ কৰা অবিৰত প্ৰচেষ্টাৰাজিত আলোকপাতেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ অধীনত বিহাৰৰ ৭৫ লাখৰো অধিক কৃষকে আৰ্থিক সাহায্য লাভ কৰিছে। চৰকাৰে মাখনা ব'ৰ্ড স্থাপন, বিহাৰৰ মাখনাক জিআই টেগ প্ৰদানেৰে মাখনা কৃষকসকলক অধিক উপকৃত কৰিছে বুলি তেখেতে কয়। তেখেতে আৰু কয় যে এইবাৰৰ বাজেটত বিহাৰত ৰাষ্ট্ৰীয় খাদ্য সংসাধন প্ৰতিষ্ঠান স্থাপনৰ কথা ঘোষণা কৰা হৈছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে মাত্ৰ দুই-তিনি দিন পূৰ্বে কেবিনেটে খাৰিফ ঋতুৰ বাবে ধানকে প্ৰমুখ্য কৰি ১৪ শস্যৰ ন্যূনতম সমৰ্থন মূল্য (MSP) বৃদ্ধিত অনুমোদন জনাইছে আৰু এই সিদ্ধান্তই কৃষকৰ উৎপাদিত সামগ্ৰীৰ উচিত মূল্য নিশ্চিত কৰিব তথা অধিক আয় লাভত সহায় কৰিব বুলি দৃঢ়তাৰে কয়।

 

বিৰোধীক সমালোচনাৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে যিসকলে বিহাৰক আটাইতকৈ বেছি প্ৰতাৰণা কৰিছিল, তেওঁলোকে এতিয়া পুনৰ ক্ষমতা লাভৰ বাবে সামাজিক ন্যায়ৰ ভুৱা আখ্যান ব্যৱহাৰ কৰিছে। তেখেতে কয় যে তেওঁলোকৰ শাসনকালত বিহাৰৰ দৰিদ্ৰ আৰু প্ৰান্তীয় সমাজসমূহে এটি উন্নত জীৱনৰ সন্ধানত ৰাজ্যখন এৰি যাবলৈ বাধ্য হৈছিল। “দশক-দশক ধৰি বিহাৰৰ দলিত, পিছপৰা শ্ৰেণী আৰু জনজাতীয় সমাজৰ মাজত আনকি মৌলিক অনাময় ব্যৱস্থাৰ অভাৱ আছিল” বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এই সমাজসমূহ বেংকিঙৰ সুবিধাৰ পৰা বঞ্চিত হৈ আছিল, প্ৰায়ে বেংকৰে সংযুক্ত হোৱাৰপৰা বঞ্চিত হৈছিল আৰু বহুলাংশে গৃহহীন হৈয়েই আছিল। লাখ-লাখ লোকে উপযুক্ত আশ্ৰয় অবিহনে জীৱন-নিৰ্বাহ কৰিছিল। তেখেতে প্ৰশ্ন উত্থাপনেৰে কয় যে বিগত চৰকাৰসমূহৰ আমোলত বিহাৰৰ জনসাধাৰণে সহ্য কৰা দুখ-কষ্ট, ত্যাগ, অন্যায় বিৰোধী দলসমূহে প্ৰতিশ্ৰুতি দিয়া সামাজিক ন্যায় সাধন কাৰ্য্য নেকি? তেখেতে দৃঢ়তাৰে কয় যে ইয়াতকৈ ডাঙৰ অন্যায় হ’ব নোৱাৰে। দলিত আৰু পিছপৰা সমাজখনৰ সংগ্ৰামৰ প্ৰতি বিৰোধীয়ে কেতিয়াও সঁচা অৰ্থত গুৰুত্ব প্ৰদান কৰা নাছিল বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে বিহাৰৰ উন্নয়নৰ দিশত কাম কৰাৰ পৰিৱৰ্তে বিহাৰৰ দৰিদ্ৰতাক প্ৰদৰ্শনৰ বাবে বিদেশী প্ৰতিনিধি দল অনাৰ বাবে পূৰ্বৰ চৰকাৰসমূহক সমালোচনা কৰে।

তেওঁলোকৰ চৰকাৰৰ আমোলত বিহাৰ আৰু ৰাষ্ট্ৰখনে সামাজিক ন্যায়ৰ ক্ষেত্ৰত এটি নতুন প্ৰভাতৰ সাক্ষী হোৱা বুলি উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে চৰকাৰে দৰিদ্ৰ লোকসকলৰ বাবে অত্যাৱশ্যকীয় সেৱাসমূহৰ সুবিধা নিশ্চিত কৰিছে আৰু এই সুবিধাসমূহ ১০০% যোগ্য প্ৰাপকলৈ প্ৰেৰণৰ দিশত কাম কৰি আছে। তেখেতে উল্লেখ কৰে যে চাৰি কোটি নতুন গৃহৰ ব্যৱস্থা কৰা হৈছে আৰু ‘লাখপতি দিদি’ পদক্ষেপৰ জৰিয়তে তিনি কোটি মহিলাক সবলীকৰণ কৰা হৈছে। তেখেতে আৰু কয় যে এতিয়া ১২ কোটিৰো অধিক গৃহস্থীত টেপৰ পানীৰ সংযোগ আছে, ইয়াৰ ফলশ্ৰুতিত সমগ্ৰ দেশতে জীৱনৰ মান উন্নত হৈছে। শ্ৰী মোদীয়ে কয় যে ৭০ বছৰ আৰু ইয়াৰ উৰ্ধ প্ৰতিগৰাকী নাগৰিকে ৫ লাখ টকা পৰ্য্যন্ত বিনামূলীয়া চিকিৎসাৰ সুবিধা লাভ কৰিছে। তেখেতে উল্লেখ কৰে যে আৰ্তজনক সহায়ৰ বাবে প্ৰতিমাহে বিনামূলীয়া ৰেচন প্ৰদান কৰা হৈছে। “আমাৰ চৰকাৰে প্ৰতিগৰাকী দৰিদ্ৰ আৰু অভাৱগ্ৰস্ত ব্যক্তিৰ কাষত দৃঢ়তাৰে থিয় দিছে, তেওঁলোকৰ কল্যাণ আৰু উত্থান নিশ্চিত কৰিছে”, শ্ৰী মোদীয়ে দৃঢ়তাৰে কয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে চৰকাৰে গ্ৰহণ কৰা কল্যাণমূলক পদক্ষেপৰাজিৰ পৰা যাতে কোনো গাঁও বা যোগ্য পৰিয়াল বঞ্চিত হ’বলগীয়া নহয়, তাৰ ওপৰত গুৰুত্ব আৰোপেৰে বিহাৰে এই দৃষ্টিভংগীৰে ডঃ ভীমৰাও আম্বেদকাৰ সমগ্ৰ সেৱা অভিযান আৰম্ভত সন্তুষ্টি প্ৰকাশ কৰে। তেখেতে কয় যে এই অভিযানৰ অধীনত চৰকাৰে একেলগে ২২ খন অত্যাৱশ্যকীয় আঁচনিৰে গাঁও আৰু সমাজসমূহৰ মাজলৈ গৈ দলিত, মহাদলিত, পিছপৰা শ্ৰেণী আৰু দৰিদ্ৰ লোকসকলক প্ৰত্যক্ষভাৱে উপকৃতকৰণৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে এতিয়ালৈকে ৩০ হাজাৰৰো অধিক শিবিৰৰ আয়োজন কৰা হৈছে আৰু লাখ-লাখ লোকক এই অভিযানৰ সৈতে সংযুক্ত কৰা হৈছে। তেখেতে কয় যে চৰকাৰ প্ৰত্যক্ষভাৱে হিতাধিকাৰীৰ ওচৰ পোৱা মাত্ৰেকে বৈষম্য আৰু দুৰ্নীতি নোহোৱা হয়।

 

বিহাৰক বাবা চাহেব আম্বেদকাৰ, কৰ্পূৰী ঠাকুৰ, বাবু জগজীৱন ৰাম আৰু জয়প্ৰকাশ নাৰায়ণে কল্পনা কৰা বিহাৰখনলৈ ৰূপান্তৰিতকৰণৰ দৃষ্টিভংগীৰ আঁত ধৰি শ্ৰী মোদীয়ে কয় যে আমাৰ চূড়ান্ত লক্ষ্য হৈছে এখনি উন্নত বিহাৰ গঢ়া, যিয়ে এখনি উন্নত ভাৰতলৈ অৰিহণা যোগাব। তেখেতে কয় যে বিহাৰে অগ্ৰগতি লাভ কৰা মাত্ৰেকে ভাৰতে বিশ্বজুৰি নতুন শিখৰত উপনীত হ’ব। ভাষণৰ সামৰণিত তেখেতে সকলোৰে সমন্বয়ত উন্নয়নৰ গতি ত্বৰান্বিত হ’ব বুলি আস্থা প্ৰকাশেৰে ৰূপায়ণ কৰা এই উন্নয়নমূলক পদক্ষেপৰাজিৰ বাবে ৰাইজক অভিনন্দন জ্ঞাপন কৰে।

এই কাৰ্য্যসূচীত বিহাৰৰ ৰাজ্যপাল শ্ৰী আৰিফ মহম্মদ খান, বিহাৰৰ মুখ্যমন্ত্ৰী শ্ৰী নীতিশ কুমাৰ, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী জিতন ৰাম মাঝি, শ্ৰী গিৰিৰাজ সিং, শ্ৰী ৰাজীৱ ৰঞ্জন সিং, শ্ৰী চিৰাগ পাছৱান, শ্ৰী নিত্যানন্দ ৰায়, শ্ৰী সতীশ চন্দ্ৰ ডুবে, ডঃ ৰাজ ভূষণ চৌধাৰী আদিকে প্ৰমুখ্য কৰি বিশিষ্ট লোকসকলে অংশগ্ৰহণ কৰে।

 

পটভূমিঃ

অঞ্চলটোৰ শক্তি আন্তঃগাঁথনিৰ অগ্ৰগতি সাধনেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ঔৰংগাবাদ জিলাত ২৯,৯৩০ কোটি টকাৰো অধিক মূল্যৰ নবীনগৰ ছুপাৰ থাৰ্মেল পাৱাৰ প্ৰজেক্ট, ষ্টেজ-II (৩x৮০০ মেগাৱাট)ৰ আধাৰশিলা স্থাপন কৰে। ইয়াৰ লক্ষ্য হৈছে বিহাৰ আৰু পূব ভাৰতৰ শক্তি সুৰক্ষা নিশ্চিত কৰা। ই ঔদ্যোগিক বিকাশত সহায় কৰিব, নিয়োগৰ সুযোগ সৃষ্টি কৰিব আৰু অঞ্চলটোত সুলভ মূল্যৰ বিদ্যুৎ যোগান ধৰিব।

অঞ্চলটোৰ পথ আন্তঃগাঁথনি আৰু যোগাযোগ ব্যৱস্থাৰ ক্ষেত্ৰত এক বৃহৎ অগ্ৰগতি সাধনৰ ৰূপত প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰীয় ঘাইপথ-১১৯এৰ পাটনা–আৰাহ–সাসাৰাম অংশৰ ফ’ৰ-লেনিং তথা বাৰাণসী–ৰাঁচী–কলকাতা ঘাইপথ (NH-319B) আৰু ৰামনগৰ–কাচ্চি দৰগাহ ষ্ট্ৰেচ (NH-119D)ৰ ছয়-লেনিংকে প্ৰমুখ্য কৰি একাধিক পথ প্ৰকল্প তথা বক্সাৰ আৰু ভৰৌলীৰ মাজত নতুন গংগা দলং নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে। এই প্ৰকল্পসমূহে বাণিজ্য আৰু আঞ্চলিক যোগাযোগ ব্যৱস্থাৰ বৰ্ধনৰ লগতে ৰাজ্যখনত নিৰৱচ্ছিন্ন হাই-স্পীড কৰিডৰ প্ৰশস্ত কৰিব। ইয়াৰ উপৰিও তেখেতে প্ৰায় ৫,৫২০ কোটি টকাৰ ৰাষ্ট্ৰীয় ঘাইপথ – ২২ৰ চাৰি লেনৰ পাটনা – গয়া –দোভি অংশ আৰু ইলাভেটেড ঘাইপথৰ চাৰি লেনিং তথা ৰাষ্ট্ৰীয় ঘাইপথ – ২৭ৰ গোপালগঞ্জ টাউনত গ্ৰেড উন্নয়নৰ কামৰ উদ্বোধন কৰে।

 

সমগ্ৰ দেশতে ৰেল আন্তঃগাঁথনিৰ অগ্ৰগতি সাধনৰ অংগীকাৰেৰে সংগতি ৰাখি প্ৰধানমন্ত্ৰীগৰাকীয়ে ১৩৩০ কোটি টকাৰো অধিক মূল্যৰ সোণ নগৰ – মহম্মদ গঞ্জৰ মাজত ৩য় ৰেল লাইন ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে।

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s contribution to BRICS: Nari Shakti moves from promise to delivery

Media Coverage

India’s contribution to BRICS: Nari Shakti moves from promise to delivery
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister speaks with the President of Iran
June 30, 2026
President Pezeshkian briefs PM on the recent developments in West Asia.
PM welcomes the understanding reached and reiterates the need for continued efforts for lasting peace and stability.

Prime Minister Shri Narendra Modi had a telephone conversation today with the President of the Islamic Republic of Iran, H.E. Dr. Masoud Pezeshkian.

President Pezeshkian briefed the Prime Minister on the recent developments in West Asia and the way forward.

Prime Minister welcomed the understanding reached, and reiterated India’s consistent position that all issues must be resolved through dialogue and diplomacy.

Prime Minister reiterated the need for continued efforts to ensure lasting peace and stability in the region, and for safeguarding freedom of navigation and commerce.