মা কামাখ্যা দিব্য লোক পৰিযোজনাৰ আধাৰশিলা স্থাপন
৩,৪০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক পথ উন্নীতকৰণ প্ৰকল্পৰ আধাৰশিলা স্থাপন
ক্ৰীড়া আৰু চিকিৎসা আন্তঃগাঁথনি উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন
“মা কামাখ্যাৰ দৰ্শনৰ বাবে ভক্তৰ পদাৰ্পণ বৃদ্ধিৰ সমান্তৰালভাৱে উত্তৰ-পূৰ্বাঞ্চলৰ পৰ্যটনৰ দুৱাৰমুখ হিচাপে পৰিগণিত হ’ব অসম”
“আমাৰ তীৰ্থযাত্ৰা, মন্দিৰ আৰু বিশ্বাসৰ স্থানসমূহ আমাৰ সভ্যতাৰ হাজাৰ হাজাৰ বছৰৰ যাত্ৰাৰ অবিস্মৰণীয়প্ৰতীক”
“বৰ্তমানৰ চৰকাৰৰ অগ্ৰাধিকাৰ হৈছে জীৱন-যাপনৰ সহজকৰিতোলা”
“ঐতিহাসিক গুৰুত্বথকা স্থানসমূহৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে নতুন আঁচনি আৰম্ভ কৰিব”
“মোদীৰ গেৰাণ্টী মানে পূৰণৰ গেৰাণ্টী”
“চৰকাৰে এইবাৰ আন্তঃগাঁথনিৰ বাবে ১১ লাখ কোটি টকা ব্যয় কৰাৰ প্ৰতিশ্ৰুতি দিছে”
“মোদীৰ সংকল্প এই যে দিনে নিশাই কাম কৰি তেওঁ দিয়া নিশ্চয়তা পূৰণ কৰিব”
গুৱাহাটীৰ মূল গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহৰ ভিতৰত ক্ৰীড়া আৰু চিকিৎসা আন্তঃগাঁথনি আৰু সংযোগ বৃদ্ধিৰ প্ৰকল্পউল্লেখযোগ্য।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অসমৰ গুৱাহাটীত ১১,০০০ কোটি টকাব্যয়সাপেক্ষএকাধিকৰ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। গুৱাহাটীৰ মূল গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহৰ ভিতৰত ক্ৰীড়া আৰু চিকিৎসা আন্তঃগাঁথনি আৰু সংযোগ বৃদ্ধিৰ প্ৰকল্পউল্লেখযোগ্য।

এইউপলক্ষেসভাত আগবঢ়োৱাভাষণত প্ৰধানমন্ত্ৰীয়ে আজি মা কামাখ্যাৰ আশীৰ্বাদত ১১,০০০ কোটি টকাৰ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপনৰ বাবে অসমত উপস্থিত থাকিবলৈপাই কৃতজ্ঞতা প্ৰকাশ কৰে। তেওঁ কয় যে আজিৰ উন্নয়নমূলক প্ৰকল্পসমূহে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ লগতে দক্ষিণ-পূব এছিয়াৰ চুবুৰীয়া দেশসমূহৰ সৈতে অসমৰ সংযোগ বৃদ্ধি কৰাৰ লগতে পৰ্যটন খণ্ডত কৰ্মসংস্থাপন বৃদ্ধি কৰিব আৰুৰাজ্যখনৰ ক্ৰীড়া প্ৰতিভাৰ বাবে নতুন সুযোগ সৃষ্টি কৰিব। আজিৰ উন্নয়নমূলক প্ৰকল্পসমূহে ৰাজ্যখনৰ চিকিৎসা শিক্ষা আৰু স্বাস্থ্যসেৱা খণ্ডৰ সম্প্ৰসাৰণকৰিববুলিও তেওঁ উল্লেখ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে আজিৰ উন্নয়নমূলক প্ৰকল্পসমূহৰৰ বাবে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণক অভিনন্দন জ্ঞাপন কৰাৰ লগতে কালি সন্ধিয়া উপস্থিত হোৱাৰ সময়ত গুৱাহাটীবাসীয়েজনোৱা উষ্ম আদৰণিৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।

 

শেহতীয়াকৈ একাধিক তীৰ্থস্থান ভ্ৰমণৰ কথা সুঁৱৰি প্ৰধানমন্ত্ৰীয়ে আজি মা কামাখ্যাৰ সন্মুখত উপস্থিত হৈ মা কামাখ্যা দিব্য লোক পৰিযোজনাৰ আধাৰশিলা স্থাপন কৰাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে। প্ৰকল্পটোৰ ধাৰণা আৰু পৰিসৰৰ ওপৰত আলোকপাতকৰি প্ৰধানমন্ত্ৰী মোদীয়ে জনায় যে এইপ্ৰকল্পসম্পূৰ্ণ হোৱাৰ পাছত ভক্তসকলৰ বাবে সুগম আৰু আৰামদায়কযাত্ৰাৰ লগতে খোজকাঢ়ি যোৱাৰ ক্ষেত্ৰতো যথেষ্টসুবিধাহ’ব। “মা কামাখ্যাৰ দৰ্শনৰ বাবে ভক্তৰ পদাৰ্পণ বৃদ্ধিৰ সমান্তৰালভাৱে অসম উত্তৰ-পূৰ্বাঞ্চলৰ পৰ্যটনৰ দুৱাৰমুখ হৈ পৰিব” বুলিউল্লেখকৰিপ্ৰধানমন্ত্ৰীয়েএইপ্ৰচেষ্টাৱলীৰবাবেৰাজ্য চৰকাৰ আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক প্ৰশংসা কৰে৷

ভাৰতীয় তীৰ্থস্থান আৰু মন্দিৰৰ তাৎপৰ্যৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে দৃঢ়তাৰেকয় যে এই স্থানসমূহে হাজাৰ হাজাৰ বছৰ ধৰি আমাৰ সভ্যতাৰ এক অবিস্মৰণীয় প্ৰতীক, যিয়েভাৰতে সন্মুখীন হোৱা প্ৰতিটো সংকটৰ প্ৰতি কেনেদৰে ধৰি ৰাখিছে তাক প্ৰদৰ্শন কৰে। আগতে যিবোৰ সভ্যতাক সমৃদ্ধিশালী বুলি গণ্য কৰা হৈছিল, সেইবোৰ সভ্যতাএতিয়া কেনেকৈ ধ্বংসস্তূপত পৰিণতহৈছে, সেয়া আমি প্ৰত্যক্ষ কৰিছো। প্ৰধানমন্ত্ৰী মোদীয়েৰাজনৈতিক লাভালাভৰ বাবে নিজৰ সংস্কৃতি আৰু পৰিচয়ক লৈ লাজ পোৱাৰ ধাৰা আৰম্ভ কৰা আৰু ভাৰতৰ পবিত্ৰ স্থানৰ গুৰুত্ব বুজিব নোৱাৰাৰ বাবে স্বাধীনতাৰপাছৰ চৰকাৰসমূহৰ প্ৰতিদুখ প্ৰকাশ কৰে। তেওঁ কয় যে বিগত ১০ বছৰত ‘বিকাশ’ (উন্নয়ন) আৰু ‘বিৰাচত’ (ঐতিহ্য) দুয়োটাকে কেন্দ্ৰ কৰি নীতিৰ সহায়ত শুধৰোৱা হৈছে। অসমৰ জনসাধাৰণৰ বাবে এই নীতিসমূহৰ উপকাৰিতাৰ বিষয়ে ব্যাখ্যা কৰি প্ৰধানমন্ত্ৰী মোদীয়ে ৰাজ্যখনৰ ঐতিহাসিক আৰু আধ্যাত্মিক স্থানসমূহক আধুনিক সা-সুবিধাৰ সৈতে সংযোগ কৰাৰ  ওপৰত গুৰুত্ব আৰোপ কৰে, যিটো এই স্থানসমূহ সংৰক্ষণ আৰু উন্নয়ন ত্বৰান্বিত কৰাৰ লক্ষ্যৰে গ্ৰহণকৰা একপদক্ষেপ। আইআইটি আৰু আইআইএমৰ দৰে বিশিষ্ট শিক্ষানুষ্ঠানৰ সম্প্ৰসাৰণৰ কথা উল্লেখ কৰি তেওঁ কয় যে আগতে এইবোৰ কেৱল ডাঙৰ চহৰতহে স্থাপন কৰা হৈছিল। কিন্তু এতিয়া আই আই টি, আই আই এম আৰু এআইআইএমৰ এটা নেটৱৰ্ক দেশজুৰি সম্প্ৰসাৰিতহৈছে আৰু আগতে অসমত ৬খন  চিকিৎসা মহাবিদ্যালয়ৰ পৰাএতিয়াএইসংখ্যা ১২খনলৈ বৃদ্ধি পাইছে।তেওঁ লগতে দৃঢ়তাৰে কয় যেউত্তৰ-পূবৰ ৰাজ্যসমূহৰভিতৰতঅসমে ক্ৰমান্বয়ে কৰ্কট ৰোগৰ চিকিৎসাৰ কেন্দ্ৰ হিচাপে পৰিগণিত হ’ব।

 

“বৰ্তমানৰ চৰকাৰৰ অগ্ৰাধিকাৰ হৈছে জীৱন-যাপন সহজকৰিতোলা”, বুলিউল্লেখকৰিপ্ৰধানমন্ত্ৰীয়েমোদীয়েদৰিদ্ৰ লোকৰ বাবে ৪ কোটি পকী ঘৰ নিৰ্মাণ, টেপৰ পানী সংযোগ, বিদ্যুৎ,  উজ্জ্বলা যোজনাৰঅধীনত ৰন্ধন গেছৰ সংযোগ আৰু স্বচ্ছ ভাৰতৰ অধীনত শৌচাগাৰ নিৰ্মাণ কৰাবুলি।

প্ৰধানমন্ত্ৰী মোদীয়েঐতিহ্যৰ লগতে উন্নয়নৰ প্ৰতি চৰকাৰে গুৰুত্ব দিয়াটোৱে ভাৰতৰ যুৱক-যুৱতীসকলক ব্যাপকভাৱে উপকৃত কৰিছে বুলি উল্লেখ কৰে৷ দেশত পৰ্যটন আৰু তীৰ্থযাত্ৰাৰ প্ৰতি ক্ৰমবৰ্ধমান উৎসাহ লক্ষ্য কৰি প্ৰধানমন্ত্ৰীয়ে কাশী কৰিডৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পিছত বাৰাণসীত ভক্তৰ অভিলেখ সৃষ্টি কৰাৰ বিষয়ে অৱগত কৰে।তেওঁজনায়,“যোৱা এবছৰত ৮.৫০ কোটি লোকে কাশী ভ্ৰমণ কৰিছে, ৫ কোটিতকৈ অধিক লোকে উজ্জয়িনীৰ মহাকাল লোক ভ্ৰমণ কৰিছেআৰু ১৯ লাখতকৈ অধিক ভক্তই কেদাৰধাম ভ্ৰমণ কৰিছে”৷ প্ৰধানমন্ত্ৰী মোদীয়ে লগতে উল্লেখ কৰে যে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ পিছত বিগত ১২ দিনত অযোধ্যাত ২৪ লাখৰো অধিক লোকেদৰ্শনকৰিছে৷ তেওঁ পুনৰ কয় যে মা কামাখ্যা দিব্য লোক পৰিযোজন সম্পূর্ণ হোৱাৰ পাছত ইয়াতো একেধৰণৰ দৃশ্য পৰিলক্ষিত হ’ব৷

 

তীৰ্থযাত্ৰী আৰু ভক্তৰ আগমনৰ লগে লগেৰিক্সা চালক, টেক্সি চালক, হোটেলৰ মালিক বা পদপথৰ বিক্ৰেতাৰ লগতে দৰিদ্ৰ লোকসকলৰ জীৱিকা উত্থান হয়বুলিউল্লেখকৰিপ্ৰধানমন্ত্ৰীয়ে কয় যে ইয়াৰপ্ৰতিলক্ষ্যৰাখিএইবাৰৰ বাজেটত চৰকাৰে পৰ্যটনৰ ওপৰত গুৰুত্ব দিছে।উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ সন্মুখতথকা অসংখ্য সুযোগৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়,“ঐতিহাসিক গুৰুত্ব থকা স্থানসমূহৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে নতুন আঁচনি আৰম্ভ কৰিবলৈ ওলাইছে”। সেয়েহে চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ উন্নয়নত বিশেষ গুৰুত্ব প্ৰদান কৰিছেবুলিওপ্ৰধানমন্ত্ৰীয়ে কয়।

বিগত ১০ বছৰত উত্তৰ-পূৰ্বাঞ্চলত পৰ্যটকৰ অভিলেখ সংখ্যক পৰ্যটকৰ আগমনৰকথাউল্লেখকৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ইয়াৰ পূৰ্বে অঞ্চলটোৰ সৌন্দৰ্য্যশালী আছিল যদিও হিংসা আৰু সম্পদৰপ্ৰতিপূৰ্বৰ চৰকাৰসমূহে দেখুওৱা অৱহেলাৰ বাবে পৰ্যটকৰ সংখ্যা অত্যন্ত কম হৈয়েই আছিল৷ অঞ্চলটোৰ বিমান, ৰে’ল আৰু পথ সংযোগৰ দুৰ্বলতাৰ কথা উল্লেখ কৰি তেওঁকয়যেপূৰ্বতে এখন জিলাৰ পৰা আন এখন জিলালৈ যাত্ৰা কৰিবলৈ কেইবাঘণ্টাৰ প্ৰয়োজনহৈছিল। প্ৰধানমন্ত্ৰী মোদীয়ে ৰাজ্যখনৰ সৰ্বাংগীন উন্নয়নৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য পৰ্যায়ৰ ডাবল ইঞ্জিন চৰকাৰক কৃতিত্ব দিয়ে।

প্ৰধানমন্ত্ৰী মোদীয়ে জনায় যে চৰকাৰে অঞ্চলটোৰ উন্নয়নমূলক ব্যয় ৪ গুণ বৃদ্ধি কৰিছে। ২০১৪ চনৰ আগৰ আৰু পিছৰ অৱস্থাৰকথাতুলনাকৰি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে এইসময়ছোৱাতৰে’লপথ স্থাপনৰ দৈৰ্ঘ্য ১,৯০০ কিলোমিটাৰতকৈ অধিক বৃদ্ধি কৰা হৈছে, ৰে’ল বাজেট প্ৰায় ৪০০ শতাংশ বৃদ্ধি কৰা হৈছে আৰু২০১৪ চনলৈকে ১০,০০০ কিলোমিটাৰৰবিপৰীতে যোৱা ১০ বছৰত ৬,০০০ কিলোমিটাৰ নতুন ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰা হৈছে৷ আজিৰ প্ৰকল্পসমূহৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ইয়াৰ দ্বাৰা ইটানগৰৰ সৈতে সংযোগ শক্তিশালী হ’ব।

 

“মোদীৰগেৰাণ্টী মানে পূৰণৰ গেৰাণ্টী”, দৰিদ্ৰ, মহিলা, যুৱক-যুৱতী আৰু কৃষকক মৌলিক সা-সুবিধাৰ নিশ্চয়তা দিয়াৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয়। তেওঁ বিকশিত ভাৰত সংকল্প যাত্ৰা আৰু চৰকাৰী আঁচনিৰ পৰা বঞ্চিত লোকসকলৰ ওচৰলৈ সুবিধাসমূহ লৈ যোৱাৰ দায়িত্ব দিয়া ‘মোদীৰ গেৰাণ্টী বাহন’ৰ কথা উল্লেখ কৰে। ‘বিকশিত ভাৰত সংকল্প যাত্ৰাত দেশজুৰি প্ৰায় ২০ কোটি লোকে পোনপটীয়াকৈ অংশগ্ৰহণ কৰিছে। অসমৰ বহু সংখ্যক লোকেও ইয়াৰ সুবিধা পাইছে”, তেওঁ লগতে কয়।

কেন্দ্ৰৰ দৃষ্টিভংগীৰ অংশীদাৰ হৈ প্ৰধানমন্ত্ৰীয়ে প্ৰতিজন নাগৰিকৰ সহজ-সৰলজীৱন-যাপন কৰাৰ কথা দৃঢ়তাৰেউল্লেখকৰি তেওঁ দাবী কৰে যে এই বছৰৰ বাজেট ঘোষণাতো তেওঁদিয়াপ্ৰতিশ্ৰুতিপ্ৰতিফলিত হৈছে। এইবাৰ চৰকাৰে আন্তঃগাঁথনিৰ বাবে ১১ লাখ কোটি টকা ব্যয় কৰাৰ প্ৰতিশ্ৰুতি দিছে৷ তেওঁ লগতে কয় যে আন্তঃগাঁথনিৰ বাবে এই ধৰণৰ ব্যয়ে অধিক কৰ্মসংস্থাপনৰ সৃষ্টি কৰে আৰু উন্নয়নক গতি প্ৰদান কৰে। তেওঁ লগতে আঙুলিয়াই দিয়ে যে ২০১৪ চনৰ আগৰ বিগত ১০ বছৰত অসমৰ বাবে মুঠ আন্তঃগাঁথনি বাজেট ১২ লাখ কোটি টকা আছিল।

 

প্ৰধানমন্ত্ৰীয়ে বিগত ১০ বছৰত প্ৰতিটো ঘৰলৈ বিদ্যুৎ যোগানৰ ওপৰত চৰকাৰে গুৰুত্ব দিয়াৰ কথা পুনৰদোঁহাৰে৷ তেওঁ ছাদৰ ওপৰত সৌৰ আঁচনি আৰম্ভ কৰাৰ লগে লগে এইবাৰৰ বাজেটত বিদ্যুতৰ বিল শূন্যলৈ হ্ৰাস কৰাৰ সিদ্ধান্তৰ বিষয়ে অৱগত কৰে য’ত চৰকাৰে এক কোটি পৰিয়ালক সৌৰ ছাদ স্থাপনৰ বাবে সহায় কৰিব। “ইয়াৰ লগে লগে তেওঁলোকৰ বিদ্যুতৰ বিলো শূন্য হ’ব আৰু সাধাৰণ পৰিয়ালে ঘৰতে বিদ্যুৎ উৎপাদন কৰি উপাৰ্জন কৰিবলৈ সক্ষম হ’ব”, তেওঁ লগতে কয়।

দেশত ২ কোটি লাখপতি দিদী গঢ়দিয়াৰ নিশ্চয়তাৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে জনায় যে যোৱা বছৰ এই সংখ্যা ১ কোটি হৈছিল আৰু এতিয়া এইবাৰৰ বাজেটত ৩ কোটি লাখপতি দিদীৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। অসমৰ লাখ লাখ মহিলাও ইয়াৰ দ্বাৰা উপকৃত হ’ব বুলিও তেওঁ কয়। তেওঁ আত্মসহায়ক গোটসমূহৰ সৈতে জড়িত সকলো মহিলাৰ বাবে নতুন সুযোগ আৰু অংগনৱাড়ী আৰু আশা কৰ্মীসকলক আয়ুষ্মান আঁচনিত অন্তৰ্ভুক্ত কৰাৰ কথাও উনুকিয়ায়৷

 

“মোদীৰ সংকল্প এই যে দিনে-নিশাই কাম কৰি তেওঁ দিয়া নিশ্চয়তা পূৰণ কৰিব”, বুলিউল্লেখকৰিপ্ৰধানমন্ত্ৰীয়ে কয় যে উত্তৰ-পূৰ্বাঞ্চলৰ মোদীৰ গেৰাণ্টীৰ ওপৰত বিশ্বাস আছে। তেওঁ অসমৰ এসময়ত অশান্তজৰ্জৰ আৰু হিংসাত্মক ৰূপ ধাৰণ কৰা অঞ্চলসমূহত স্থায়ী শান্তি প্ৰতিষ্ঠা কৰাৰ লগতে ৰাজ্যসমূহৰ মাজত সীমা বিবাদৰ সমাধানৰ কথা উল্লেখ কৰে। “এইঅঞ্চলটোত ১০খনতকৈও অধিক বৃহৎ শান্তি চুক্তি স্বাক্ষৰিত হৈছে”, বুলিঅৱগত কৰি তেওঁকয় যে যোৱা কেইবছৰমানৰ পৰা উত্তৰ-পূৰ্বাঞ্চলৰ হাজাৰ হাজাৰ যুৱকে হিংসাৰ পথ পৰিহাৰ কৰি উন্নয়নৰ পথ বাছি লৈছে। তেওঁ লগতে কয় যে ইয়াৰ ভিতৰত অসমৰ ৭ হাজাৰৰো অধিক যুৱকে অস্ত্ৰ-শস্ত্ৰ ত্যাগ কৰি দেশৰ উন্নয়নত কান্ধত কান্ধ মিলাই থিয় দিয়াৰ প্ৰতিশ্ৰুতি দিছে। বহু জিলাত আফস্পাপ্ৰত্যাহাৰৰ ওপৰত আলোকপাত কৰি তেওঁ কয় যে যিবোৰ অঞ্চল হিংসাৰ দ্বাৰা ক্ষতিগ্ৰস্ত হৈছে, সেইবোৰ অঞ্চল চৰকাৰৰ সহযোগত ৰাইজৰ আকাংক্ষা অনুসৰি আজি উন্নয়ন সাধনকৰা হৈছে।

প্ৰধানমন্ত্ৰীয়ে লক্ষ্য স্থাপনৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰি পূৰ্বৰ চৰকাৰসমূহৰ উদ্দেশ্যৰ অভাৱ আৰু কঠোৰ পৰিশ্ৰম কৰাত ব্যৰ্থ হোৱা বুলি দৃঢ়তাৰে কয়। উত্তৰ-পূব এছিয়াৰ দৰেই উত্তৰ-পূৰ্বাঞ্চলৰ বিকাশ ঘটি উত্তৰ আৰু পূব এছিয়াত সংযোগ সম্প্ৰসাৰিত হোৱাৰ সুবিধা হ’ব বুলি তেওঁ আশাপ্ৰকাশ কৰে। দক্ষিণ এছিয়া উপ-আঞ্চলিক অৰ্থনৈতিক সহযোগিতাৰ অধীনত ৰাজ্যখনৰ অসংখ্য পথ উন্নীতকৰণৰ বাবে উত্তৰ-পূৰ্বাঞ্চলক বাণিজ্যিক কেন্দ্ৰলৈ ৰূপান্তৰিত কৰা হ’ব। এই সপোনক বাস্তৱত পৰিণত কৰাৰ দৃঢ়তা প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ যুৱক-যুৱতীসকলে পূব এছিয়াৰ দৰে নিজৰ অঞ্চলৰ উন্নয়ন সাক্ষী হোৱাৰ আকাংক্ষাক প্ৰশংসা কৰে।

 

প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰত আৰু ইয়াৰ নাগৰিকসকলৰ বাবে সুখী আৰু সমৃদ্ধিশালী জীৱনৰ লক্ষ্যই আজি চলি থকা সকলো উন্নয়নমূলক কামৰ আঁৰৰ মূল কাৰণ। ‘আমাৰলক্ষ্যহৈছে ভাৰতক বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি হিচাপে গঢ়ি তোলা। আমাৰলক্ষ্য হৈছে ২০৪৭ৰ ভিতৰতবিকশিতভাৰতগঢ়িতোলা”, অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ অপৰিসীম ভূমিকাৰ কথাদোঁহাৰি প্ৰধানমন্ত্ৰীয়ে ভাষণৰসামৰণি মাৰে।

 

এই উপলক্ষে সভাতঅসমৰ ৰাজ্যপাল শ্ৰী গুলাব চন্দ কাটাৰীয়া, মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাআৰু কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ আৰু আয়ুষ মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে অন্যান্য বিশিষ্টব্যক্তিসকল উপস্থিত থাকে।

.

পটভূমি

তীৰ্থযাত্ৰীসকলক বিশ্বমানৰ সুবিধা প্ৰদান কৰাটোত প্ৰধানমন্ত্ৰীয়ে বিশেষ গুৰুত্ব প্ৰদান কৰি আহিছে। এপ্ৰধানমন্ত্ৰীয়ে আধাৰশিলা স্থাপন কৰিবলগীয়া অন্যতম মূল প্ৰকল্পৰ ভিতৰত উত্তৰ-পূব অঞ্চলৰ বাবে প্ৰধানমন্ত্ৰীৰ উন্নয়ন পদক্ষেপ (PM-DevINE) আঁচনিৰ অধীনত অনুমোদিত মা কামাখ্যা দিব্য পৰিযোজন (মা কামাখ্যা প্ৰৱেশ কৰিডৰ) আছে৷ ইয়াৰ জৰিয়তে কামাখ্যা মন্দিৰলৈ অহা তীৰ্থযাত্ৰীসকলক বিশ্বমানৰ সুবিধা প্ৰদান কৰা হ’ব।

 

প্ৰধানমন্ত্ৰীয়ে ৩,৪০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক পথ উন্নীতকৰণ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে, যাৰ অধীনত দক্ষিণ এছিয়া উপ-আঞ্চলিক অৰ্থনৈতিক সহযোগিতা (ছাছেক) কৰিডৰ সংযোগৰ অংশ হিচাপে ৩৮খন দলঙকে ধৰি ৪৩টা পথ উন্নীত কৰা হ’ব। প্ৰধানমন্ত্ৰীয়ে দুটা ফৰলেনিং প্ৰকল্প ক্ৰমে ডোলাবাৰীৰ পৰা জামুগুৰি আৰু বিশ্বনাথ চাৰিআলিৰ পৰা গহপুৰ অংশ উদ্বোধন কৰে৷ এই প্ৰকল্পসমূহে ইটানগৰৰ সৈতে সংযোগ উন্নত কৰাৰ লগতে অঞ্চলটোৰ সামগ্ৰিক অৰ্থনৈতিক উন্নয়নত সহায় কৰিব।

 

অঞ্চলটোৰ অপৰিসীম ক্ৰীড়া সম্ভাৱনাক জাগ্ৰতকৰাৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰীয়ে ৰাজ্যখনৰ ক্ৰীড়া আন্তঃগাঁথনি উন্নীতকৰণ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে৷ এই প্ৰকল্পসমূহৰ ভিতৰত চন্দ্ৰপুৰত আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ ক্ৰীড়া ষ্টেডিয়াম আৰু নেহৰু ষ্টেডিয়ামক ফিফাৰ মানসম্পন্ন ফুটবল ষ্টেডিয়াম হিচাপে উন্নীতকৰণ উল্লেখযোগ্য৷

 

প্ৰধানমন্ত্ৰীয়ে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ আধাৰশিলা স্থাপন কৰে৷ তদুপৰি, তেওঁ কৰিমগঞ্জত এখন চিকিৎসা মহাবিদ্যালয়ৰ উন্নয়নৰ আধাৰশিলাও স্থাপন কৰে৷

 

 

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Tier 2 cities emerge as next frontiers for India's growing GCC ecosystem

Media Coverage

Tier 2 cities emerge as next frontiers for India's growing GCC ecosystem
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
India-Australia Roadmap for Sports Collaboration
July 10, 2026

Sports is a powerful bridge between India and Australia, bringing communities together and opening new pathways for collaboration.

Building on the 2023 MoU on Cooperation in Sports, the India-Australia Roadmap for Sports Collaboration sets out practical, future-focused priorities and opportunities to strengthen this cornerstone of our bilateral relationship.

Recognising the decade of opportunity ahead — including the 2030 Commonwealth Games in Ahmedabad, the Brisbane 2032 Olympic and Paralympic Games, and India’s ambition to host a future Olympic and Paralympic Games — this Roadmap identifies targeted areas of cooperation aligned to shared priorities, capabilities and resources.

Respecting differences in the governance of sport and the development of sport ecosystems in Australia and India, and recognising the leadership role of sporting bodies, businesses, state–level governments, universities and community groups in promoting elite and community sports, we are committed to facilitating engagement and supporting collaborative ways of working between relevant institutions, to encourage stronger sports partnerships at all levels that benefits both countries.

Implementation will be pragmatic and outcomes-focused, with activities prioritised in line with available resources and major event timelines.

Cooperation will be delivered through established partnerships, supported by flexible, demand-led arrangements, whereby responsibility for resourcing activities will be negotiated on a case-by-case basis. This approach ensures practical, sustainable and mutually beneficial outcomes.

In this context, the following have been identified as focus areas for collaboration under this Roadmap:

A. Capacity Building:

o Collaborate for sharing best practice in establishing and operating High-Performance Sports Centres in India in priority sports.

o Identify Para sport as a key priority and opportunity for collaboration, including Australian expertise in Para classification, coaching and performance support, with potential links between Indian and Australian universities where appropriate.

o Drawing on Australia’s coach development models, facilitate two-way exchanges that bring Indian coach and coach educators to Australia and Australian coaches and coach educators to India, using a Train the Trainer approach where appropriate.

o A physical education exchange programme between India and Australia may be introduced to facilitate mutual learning, sharing of best practices, and collaboration in areas such as school sports, sports science, and community participation in physical education.

o Recognising the physical and mental health benefits of yoga and the World Yogasana, the federation for yogasana sports based in India, identify opportunities to share knowledge, foster collaboration and encourage participation in yoga in Australia.

o Work with the Australian Sports Commission to build the capability of select Indian coaches as part of the India Australia High Performance Coach Development program.

o Explore opportunities through relevant non-government stakeholders such as sporting organisations and universities to support talented young Indian sportspersons as part of high-performance programs in Australia through student scholarships funded by Government of India.

B. Collaborative Sports Science and Technology Research:

o Encourage joint research and development projects between universities in India and Australia on athlete performance analytics, injury prevention, sports nutrition, wearable performance technology, recovery techniques and Para sport.

o Encourage partnerships between Indian and Australian universities to co-develop sports curriculums.

o Sport Integrity Australia and National Anti-Doping Agency India contribute to international anti-doping efforts by supporting World Anti-Doping Agency (WADA)-led capacity building programs through engagement with the WADA Asia/Oceania Office, and through representation on the UNESCO International Convention against Doping in Sport (Convention) Groups.

C. Major Sporting Events:

o Collaborate with Australian States and Territories, and National Sporting Organisations to exchange best practices for hosting large events.

o Explore opportunities to host exhibition matches and youth events in both countries to promote sports of mutual interest (such as Kabaddi and Kho Kho in Australia, and Australian Football League and basketball in India).

o Leverage the build-up to major sporting events such as Olympic, Paralympic and Commonwealth Games to establish formal, reciprocal arrangements between Indian and Australian sporting bodies for shared facilities, competitions and support networks during and in the build-up to major sporting events.

o Welcoming the inaugural Big Bash League match to be played in India in Chennai in December 2026, encourage Cricket Australia and the Board of Control for Cricket in India to work towards a commitment to host annual BBL matches in India.

D. Sports Industry and Investment Platform:

o Build on the Australia-funded Sports Industry Summit in Mumbai in December 2026 to promote collaboration between Indian and Australian companies on sports equipment manufacturing, sports media and broadcasting, event management, and sports start-ups.

o Facilitate Australian sports sector businesses in the Indian sports market through information sessions and vice-versa.

o Expand India’s export of high quality, competitively priced sports goods to Australia.

o Expand the export of Australian expertise in high performance sports, including coaching, coach development, strength and conditioning, athlete wellbeing, nutrition and psychology.

E. Women in Sports Partnership:

o Launch joint initiatives promoting women’s leadership, health, high performance and participation in sport, including bilateral tournaments for women athletes, drawing on the Australian Sports Commission’s flagship programs, recognising that sport is a powerful pathway for women’s economic empowerment, leadership, health and social inclusion.