বিহাৰ সমৃদ্ধিশালী হ’ব আৰু দেশৰ সমৃদ্ধিৰ ক্ষেত্ৰতো ডাঙৰ ভূমিকা গ্ৰহণ কৰিবঃ প্ৰধানমন্ত্ৰী
বিগত দশকত অভিলেখ ২৫ কোটি ভাৰতীয়ই দৰিদ্ৰতাক পৰাস্ত কৰিছেঃ প্ৰধানমন্ত্ৰী
বিহাৰ মেড ইন ইণ্ডিয়াৰ এক ডাঙৰ কেন্দ্ৰ হৈ পৰিব,আজি মাৰহৌৰা ইঞ্জিন ফেক্টৰীৰ প্ৰথম ইঞ্জিন আফ্ৰিকালৈ ৰপ্তানি কৰা হৈছে: প্ৰধানমন্ত্ৰী

আজি বিহাৰৰ ছিৱানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৫,২০০ কোটিৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। উপস্থিত সকলোকে শুভেচ্ছা জ্ঞাপন কৰি প্ৰধানমন্ত্ৰীয়ে বাবা মহেন্দ্ৰ নাথ আৰু বাবা হান্স নাথক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁ  লগতে সোহগৰা ধামৰ পবিত্ৰ উপস্থিতিৰ কথাও প্ৰকাশ কৰে। তেওঁ লগতে মা থাৱে ভৱানী আৰু মা অম্বিকা ভৱানীকো প্ৰণাম জনায়। প্ৰধানমন্ত্ৰীয়ে দেশৰ প্ৰথম ৰাষ্ট্ৰপতি দেশৰত্ন ড° ৰাজেন্দ্ৰ প্ৰসাদ আৰু লোকনায়ক জয়প্ৰকাশ নাৰায়ণৰ স্মৃতিও সোঁৱৰণ কৰে। 

 

ছিৱানক ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এক প্ৰেৰণাদায়ক ভূমি বুলি অভিহিত কৰি শ্ৰী মোদীয়ে এই ভূমিয়ে দেশৰ গণতন্ত্ৰক সবল কৰি তুলিছে  কোৱাৰ লগতে  সংবিধানক শক্তিশালী কৰিছে বুলিও আলোকপাত কৰে। তেওঁ  কয় যে ছিৱানে ড° ৰাজেন্দ্ৰ প্ৰসাদৰ দৰে এগৰাকী   মহান পুত্ৰক দেশক  প্ৰদান কৰিছে,  যিয়ে সংবিধানৰ খচৰা প্ৰস্তুত আৰু দেশক সঠিক  দিশ নিৰ্দেশনা দিয়া  উভয়তে  গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। প্ৰধানমন্ত্ৰীয়ে মহিলা সৱলীকৰণৰ কামত নিজৰ জীৱন উৎসৰ্গা কৰা মহান সমাজ সংস্কাৰক ব্ৰজ কিশোৰ প্ৰসাদৰ ক্ষেত্ৰতো  ছিৱানৰ অৱদানৰ কথা স্বীকাৰ কৰে।

 

শ্ৰী মোদীয়ে এনে মহান আত্মাৰ  ব্যক্তিসকলে আৰম্ভ কৰা অভিযানক কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে দৃঢ় সংকল্পৰে আগুৱাই নিয়াৰ বাবে সুখ প্ৰকাশ কৰে। তেওঁ উল্লেখ কৰে যে আজিৰ কাৰ্যসূচী এই অবিৰত প্ৰচেষ্টাৰেই এক অংশ। এই উন্নয়নমূলক পদক্ষেপসমূহে বিহাৰক উজ্জ্বল ভৱিষ্যতৰ দিশে লৈ যাব আৰু এখন সমৃদ্ধিশালী ৰাজ্য হিচাবে গঢ় দিয়াত  অৰিহণা যোগাব । প্ৰধানমন্ত্ৰীয়ে  একেখন মঞ্চৰ পৰাই হাজাৰ হাজাৰ কোটি টকাৰ প্ৰকল্প উদ্বোধন কৰি , আধাৰশিলা স্থাপন কৰাৰ কথাও ঘোষণা কৰে।  শ্ৰী মোদীয়ে কয়  যে এই প্ৰকল্পসমূহে ছিৱান, চাছাৰাম, বক্সাৰ, মতিহাৰী, বেটিয়া, আৰু আৰাৰ দৰে অঞ্চলৰ বিকাশত  মুখ্য ভূমিকা পালন কৰিব। তেওঁ এনে  পদক্ষেপে দৰিদ্ৰ, বঞ্চিত, দলিত, মহাদলিত, পিছপৰা আৰু অত্যন্ত পিছপৰা জনগোষ্ঠীৰ জীৱন সহজ কৰি তুলিব বুলি উল্লেখ কৰি এই প্ৰকল্পসমূহৰ বাবে বিহাৰবাসীলৈ উষ্ম অভিনন্দন জ্ঞাপন কৰে।

 

বিদেশ ভ্ৰমণৰ পৰা মাত্ৰ উভতি অহা বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে বিদেশ ভ্ৰমণৰ সময়ত তেওঁ বিশ্বৰ কিছুমান উন্নত ৰাষ্ট্ৰৰ নেতাৰ সৈতে আলোচনাত মিলিত হৈছিল। তেওঁ আলোকপাত কৰে যে ভাৰতৰ দ্ৰুত বৃদ্ধিত বিশ্বৰ নেতাসকল গভীৰভাৱে আপ্লুত হৈছে। প্ৰধানমন্ত্ৰীয়ে এই নেতাসকলে ভাৰতক বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনৈতিক শক্তি হিচাপে উত্থান হোৱা দেখিছে বুলি মন্তব্য কৰি এই পৰিৱৰ্তনত বিহাৰে মুখ্য ভূমিকা গ্ৰহণ কৰিব বুলি দৃঢ়তাৰে কয়। “এখন সমৃদ্ধিশালী বিহাৰে দেশৰ সামগ্ৰিক উন্নয়নত যথেষ্ট অৰিহণা যোগাব”, বিহাৰৰ জনসাধাৰণৰ শক্তি আৰু সামৰ্থ্য তেওঁৰ বাবে আত্মবিশ্বাসৰ কাৰণ বুলি শ্ৰী মোদীয়ে কয় । প্ৰধানমন্ত্ৰীয়ে ৰাজ্যত জংঘলৰাজৰ  যুগ নিৰ্মূল কৰাৰ বাবে ৰাইজক প্ৰশংসা কৰে। তেওঁ  কয় যে আজিৰ বিহাৰৰ যুৱক-যুৱতীসকলে দুটা দশকৰ আগৰ ৰাজ্যখনৰ অৱস্থা কেৱল কাহিনী আৰু উপাখ্যানৰ জৰিয়তেহে জানে। সেই অপশাসনৰ সময়ছোৱাত সৃষ্টি হোৱা অৱনতিৰ পৰিসৰ তেওঁলোকে হয়তো সম্পূৰ্ণৰূপে বুজি নাপাব পাৰে বুলি  শ্ৰী মোদীয়ে কয়।  শ্ৰী মোদীয়ে কয় যে যুগ যুগ ধৰি ভাৰতৰ প্ৰগতিৰ নেতৃত্ব দিয়া বিহাৰ পূৰ্বৰ অপশাসন ব্যৱস্থাৰ  বাবে  বহু পিছুৱাই গৈছিল।

 

বিহাৰৰ প্ৰতিজন বাসিন্দাৰ বাবে আত্মসন্মান সৰ্বোচ্চ বুলি  উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে মোৰ বিহাৰী ভাই-ভনীসকলে উল্লেখযোগ্য স্থিতিস্থাপকতা প্ৰদৰ্শন কৰিছে, অতি কঠিন পৰিস্থিতিতো তেওঁলোক  সফল  হৈছে। তেওঁ দৃঢ়তাৰে কয় যে তেওঁলোকে কেতিয়াও নিজৰ আত্মসন্মানৰ সৈতে আপোচ নকৰে। অৱশ্যে প্ৰধানমন্ত্ৰীয়ে লক্ষ্য কৰে যে পূৰ্বৰ শাসন ব্যৱস্থাই বিহাৰৰ গৌৰৱক তীব্ৰভাৱে আঘাত কৰিছিল। দৰিদ্ৰতাক বিহাৰৰ দুৰ্ভাগ্যলৈ ৰূপান্তৰিত কৰা অবাধ দুৰ্নীতিৰ এই শাসন ব্যৱস্থাক  তেওঁ সমালোচনা কৰে। অসংখ্য প্ৰত্যাহ্বানৰ মাজতো তেওঁ কয় যে শ্ৰী নীতিশ কুমাৰৰ নেতৃত্বত বৰ্তমানৰ চৰকাৰে বিহাৰক পুনৰ উন্নয়নৰ পথত আগুৱাই নিছে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে বিগত ১০–১১ বছৰত বিহাৰত প্ৰায় ৫৫,০০০ কিলোমিটাৰ গ্ৰাম্য পথ নিৰ্মাণ হৈছে। তেওঁ লগতে কয় যে ১.৫ কোটিৰো অধিক ঘৰত বিদ্যুৎ সংযোগ প্ৰদান কৰাৰ বিপৰীতে ১.৫ কোটি পৰিয়ালে পানীৰ সংযোগ লাভ কৰিছে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে সমগ্ৰ ৰাজ্যতে ৪৫ হাজাৰতকৈ অধিক কমন চাৰ্ভিচ চেণ্টাৰ স্থাপন কৰা হৈছে। তেওঁ লগতে কয় যে সমগ্ৰ বিহাৰৰ সৰু সৰু চহৰসমূহত এতিয়া নতুন ষ্টাৰ্ট-আপৰ উত্থান ঘটিছে।

 

বিহাৰৰ উন্নয়নৰ গতিবেগ ত্বৰান্বিত হৈ থকাৰ কথা উল্লেখ কৰি শ্ৰী মোদীয়ে সকীয়াই দিয়ে যে পূৰ্বৰ আইন-শৃংখলাৰ বাবে দায়ী উপাদানসমূহে এতিয়া চৰকাৰ আৰু বিহাৰৰ অৰ্থনৈতিক সম্পদৰ ওপৰত পুনৰ নিয়ন্ত্ৰণ  প্ৰতিষ্ঠা কৰিবলৈ সুযোগ বিচাৰিছে। তেওঁ উল্লেখ কৰে যে এই গোটসমূহে নিজৰ লক্ষ্যত উপনীত হ’বলৈ বিভিন্ন কৌশলৰ আশ্ৰয় লৈছে। সমৃদ্ধিশালী বিহাৰে  বিকাশৰ দিশে কৰা  যাত্ৰাক  পথৰ পৰা নমাই আনিবলৈ সাজু হোৱাসকলক বহু দূৰত ৰখাৰ প্ৰয়োজনীয়তাৰ বিষয়ত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে বিহাৰবাসীক অতি সজাগ হৈ থাকিবলৈ আহ্বান জনায়।

 

প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে দেশত দীৰ্ঘদিন ধৰি দৰিদ্ৰতা নিৰ্মূলৰ শ্লোগান শুনি আহিছে যদিও তেওঁলোকৰ চৰকাৰেহে প্ৰকৃততে দৰিদ্ৰতা হ্ৰাস কৰিব পৰা যায় বুলি প্ৰমাণ কৰিছে। “যোৱা দশকত অভিলেখ সংখ্যক ২৫ কোটি ভাৰতীয়ই দৰিদ্ৰতাক অতিক্ৰম কৰিছে”, বিশ্ব বেংকৰ দৰে বিশ্বজনীন বিখ্যাত প্ৰতিষ্ঠানে ভাৰতৰ এই কৃতিত্বক প্ৰশংসা কৰা বুলি আঙুলিয়াই দি শ্ৰী মোদীয়ে  এনেদৰে কয় । তেওঁ উল্লেখ কৰে যে বিহাৰ আৰু বিশেষকৈ শ্ৰী নীতিশ কুমাৰৰ অধীনস্থ  বিহাৰৰ চৰকাৰে এনে সফলতাত উল্লেখযোগ্য ভূমিকা পালন কৰিছে। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰিছিল যে বিহাৰৰ আধাতকৈ অধিক জনসংখ্যা চৰম দৰিদ্ৰতাৰ  গ্ৰাসত পৰিছিল। কিন্তু বিগত দহ বছৰত বিহাৰৰ প্ৰায় চাৰি কোটি লোকে দৰিদ্ৰতাক অতিক্ৰম কৰিছে।

 

স্বাধীনতাৰ দশক দশক পিছতো লাখ লাখ লোক দৰিদ্ৰ হৈয়েই থাকিল বুলি  উল্লেখ কৰি শ্ৰী মোদীয়ে ইয়াৰ কাৰণ পূৰ্বৰ শাসন ব্যৱস্থাৰ দীৰ্ঘদিনীয়া কুফল বুলি কয়।  অনুজ্ঞাপত্ৰ ৰাজ , যিয়ে দেশ খনক  দুখীয়া কৰি ৰাখিছিল বুলিও তেওঁ কয়। তেওঁ উল্লেখ কৰে যে সেই সময়ছোৱাত প্ৰতিটো সেৱা আৰু সুযোগ কোটা-পাৰমিট ব্যৱস্থাৰ দ্বাৰা বান্ধ খাই আছিল, সৰু সৰু কামবোৰৰ বাবেও  অনুমোদন  লাগিছিল। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে পূৰ্বৰ চৰকাৰসমূহৰ শাসনত দৰিদ্ৰ লোকসকলক বাসগৃহৰ পৰা বঞ্চিত কৰা হৈছিল, আনহাতে মধ্যভোগীয়ে ৰেচন আত্মসাত কৰিছিল। তেওঁ জোৰ দি কয় যে স্বাস্থ্যসেৱা দৰিদ্ৰসকলৰ হাতৰ মুঠিৰ বাহিৰত   আছিল, শিক্ষা আৰু কৰ্মসংস্থাপনৰ বাবে  অহৰহ সংগ্ৰাম কৰিবলগীয় হৈছিল । প্ৰধানমন্ত্ৰীয়ে লক্ষ্য কৰে যে কেৱল বিদ্যুৎ বা পানীৰ সংযোগ লাভ কৰিবলৈ নাগৰিকে চৰকাৰী কাৰ্যালয়লৈ তাঁতবাতি কাঢ়িবলগীয়া  হৈছিল । তেওঁ লগতে কয় যে গেছ সংযোগ লাভ কৰিবলৈ সাংসদৰ  অনুমোদনৰ প্ৰয়োজন  হৈছিল আৰু উৎকোচ বা প্ৰভাৱ অবিহনে চাকৰিৰ সুবিধা লাভ কৰিব  পৰা হোৱা  নাছিল। এই ব্যৱস্থাৰ দ্বাৰা আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হোৱা লোকসকল মূলতঃ দলিত, মহাদলিত, পিছপৰা আৰু অতি পিছপৰা সম্প্ৰদায়ৰ লোক বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে এই শ্ৰেণীসমূহক দৰিদ্ৰতা নিৰ্মূলৰ সপোন দেখুওৱা  হৈছিল যদিও এই প্ৰক্ৰিয়াত এমুঠিমান পৰিয়ালহে  কোটিপতি হৈ পৰিছিল।

 

"যোৱা ১১ বছৰত আমাৰ চৰকাৰে দুখীয়াৰ  উত্থানৰ পথৰ পৰা প্ৰতিটো বাধা আঁতৰোৱাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হৈ  কাম কৰি আছে।ফলত এতিয়া দৃশ্যমান আৰু প্ৰভাৱশালী ফলাফল দেখিবলৈ পোৱা গৈছে", শ্ৰী মোদীয়ে কয়। তেওঁ  কয় যে যোৱা দশকত সমগ্ৰ দেশতে ৪ কোটিতকৈ অধিক দৰিদ্ৰ পৰিয়ালে চৰকাৰী পদক্ষেপৰ অধীনত পকা  ঘৰ লাভ কৰিছে আৰু অনাগত বছৰবোৰত অতিৰিক্ত ৩ কোটি ঘৰ নিৰ্মাণৰ সিদ্ধান্ত লোৱা হৈছে। শ্ৰী মোদীয়ে জোৰ দি কয় যে এই উন্নয়নে বিহাৰৰ দৰিদ্ৰ, দলিত, মহাদলিত, পিছপৰা শ্ৰেণী, আৰু অত্যন্ত পিছপৰা পৰিয়ালক যথেষ্ট উপকৃত কৰিছে। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত কেৱল ৰাজ্য খনত  ৫৭ লাখৰো অধিক পকা  ঘৰ নিৰ্মাণ কৰা হৈছে। ছিৱান জিলালৈ  প্ৰধানমন্ত্ৰীয়ে আঙুলিয়াই দি কয়  যে ইতিমধ্যে দৰিদ্ৰ লোকৰ বাবে ১.১০ লাখৰো অধিক ঘৰ নিৰ্মাণ কৰা হৈছে আৰু এই কাম নিৰৱচ্ছিন্নভাৱে চলি আছে । তেওঁ উল্লেখ কৰে যে বিহাৰৰ ৫০ হাজাৰৰো অধিক পৰিয়ালৰ বাবে আজি গৃহ নিৰ্মাণৰ  ধনৰ কিস্তি প্ৰদান কৰা হৈছে । শ্ৰী মোদীয়ে এই বিষয়ত  বিশেষ সন্তুষ্টি প্ৰকাশ কৰে যে এই ঘৰসমূহৰ অধিকাংশই মাতৃ-ভগ্নীৰ নামত পঞ্জীয়নভুক্ত। তেওঁ গৌৰৱেৰে উল্লেখ কৰে যে পৰম্পৰাগতভাৱে কেতিয়াও নিজৰ নামত সম্পত্তি নথকা  মহিলাসকল এতিয়া গৃহৰ স্বত্বাধিকাৰী হৈ পৰিছে।

 

চৰকাৰে দৰিদ্ৰ লোকসকলৰ বাবে  কেৱল গৃহ নিৰ্মাণেই নহয়, বিনামূলীয়া ৰেচন, বিদ্যুৎ, পানীৰ সুবিধাও প্ৰদান কৰা বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে বিগত বছৰবোৰত সমগ্ৰ দেশতে ১২ কোটিতকৈও অধিক নতুন পৰিয়ালক নলৰ পানীৰে সংযোগ দিয়া হৈছে। তেওঁ উল্লেখ কৰে যে কেৱল ছিৱান জিলাতে ৪.৫ লাখৰো অধিক পৰিয়ালে প্ৰথমবাৰৰ বাবে টেপৰ পানী লাভ কৰিছে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে চৰকাৰে প্ৰতিটো গ্ৰাম্য পৰিয়ালত টেপৰ সংযোগ আৰু চহৰ অঞ্চলত পৰ্যাপ্ত খোৱাপানী নিশ্চিত কৰাৰ উদ্দেশ্যেৰে কাম কৰি আছে। তেওঁ আঙুলিয়াই দিয়ে যে শেহতীয়া বছৰবোৰত বিহাৰৰ বিভিন্ন চহৰত একাধিক পাইপলাইন আৰু নলা পৰিশোধন প্ৰকল্প ৰূপায়ণ কৰা হৈছে। তেওঁ লগতে কয় যে এতিয়া আৰু কেইবা ডজন চহৰৰ বাবে নতুন পাইপলাইন আৰু নলা পৰিশোধন  প্ৰকল্পৰ বাবে অনুমোদন জনোৱা হৈছে। “এই সকলোবোৰ প্ৰকল্পই দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ জীৱনৰ মান যথেষ্ট উন্নত কৰিব”, প্ৰধানমন্ত্ৰীয়ে কয়।

 

পূৰ্বৰ জংঘলৰাজক  তীব্ৰ সমালোচনা কৰি শ্ৰী মোদীয়ে কয় যে তেওঁলোকৰ কাৰ্য্য ধাৰাবাহিকভাৱে বিহাৰ বিৰোধী আৰু বিনিয়োগ বিৰোধী  আছিল । তেওঁ মন্তব্য কৰে যে এই দলসমূহে যেতিয়াই উন্নয়নৰ কথা কয়, তেতিয়াই মানুহক  দোকানত তলা লগাবলগীয়া হৈছিল, স্থবিৰ হৈ পৰিছিল ব্যৱসায়, উদ্যোগসমূহ পংগু  হৈ পৰিছিল।  প্ৰধানমন্ত্ৰীয়ে দৃঢ়তাৰে কয় যে  সেইবাবেই  এনে দলসমূহে কেতিয়াও বিহাৰৰ যুৱক-যুৱতীসকলৰ আস্থা লাভ কৰিবলৈ সক্ষম হোৱা নাছিল। তেওঁ কয় যে এই দলসমূহে  বিহাৰত জৰাজীৰ্ণ আন্তঃগাঁথনি, মাফিয়াৰ শাসন, আইন-শৃংখলাহীনতা, আৰু দুৰ্নীতিৰ প্ৰসাৰ ঘটাই আহিছিল।

 

প্ৰধানমন্ত্ৰীয়ে কয় যে বিহাৰৰ প্ৰতিভাৱান যুৱক-যুৱতীসকলে বৰ্তমান চলি থকা কামসমূহ তীক্ষ্ণ দৃষ্টিৰে নিৰীক্ষণ আৰু মূল্যায়ন কৰি আছে। তেওঁ বিহাৰত এন ডি এৰ উন্নয়নমূলক আৰ্হিৰ এক উদাহৰণ হিচাপে মাৰহৌৰা ইঞ্জিন নিৰ্মাণ কাৰখানাৰ কথা  উল্লেখ কৰে। তেওঁ ঘোষণা কৰে যে মাৰহৌৰা কাৰখানাত নিৰ্মিত প্ৰথমটো ইঞ্জিন আফ্ৰিকালৈ ৰপ্তানি কৰা হৈছে, যিয়ে এক ঐতিহাসিক মাইলৰ খুঁটিক  চিহ্নিত কৰিছে। শ্ৰী মোদীয়ে  কয় যে এই কাৰখানাটো পূৰ্বৰ শাসকসকলে এসময়ত পিছপৰা বুলি উলাই কৰা চাৰণ জিলাত  স্থাপন কৰিব বিচৰা নাছিল। তেওঁ উল্লেখ কৰে যে আজি এই জিলাখনেই বিশ্বৰ উৎপাদন আৰু ৰপ্তানিৰ মানচিত্ৰত স্থান লাভ কৰিছে। বিহাৰত বিকাশৰ ইঞ্জিন স্থবিৰ কৰি ৰখাৰ বাবে পূৰ্বৰ শাসন ব্যৱস্থাক সমালোচনা কৰি প্ৰধানমন্ত্ৰীয়ে বিহাৰত নিৰ্মিত ইঞ্জিনে এতিয়া আফ্ৰিকাৰ ৰে’লক  শক্তি প্ৰদান কৰিব বুলি কয়। শ্ৰী মোদীয়ে ইয়াক অপৰিসীম গৌৰৱৰ মুহূৰ্ত বুলিও অভিহিত কৰে। প্ৰধানমন্ত্ৰীয়ে বিহাৰ ‘মেড ইন ইণ্ডিয়া’ উৎপাদনৰ এক প্ৰধান কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিব বুলিও দৃঢ় আত্ম প্ৰত্যয়ৰ কথা প্ৰকাশ কৰে। তেওঁ লগতে কয় যে বিহাৰত মাখানা, ফল-মূল, শাক-পাচলিৰ দৰে স্থানীয়ভাবে  উৎপাদিত সামগ্ৰীয়েই আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰৱেশ কৰাই নহয়, বিহাৰৰ কাৰখানাত নিৰ্মিত সামগ্ৰীয়েও বিশ্বব্যাপী চাহিদা লাভ কৰিব। “বিহাৰৰ যুৱক-যুৱতীসকলে সৃষ্টি কৰা সামগ্ৰীয়ে আত্মনিৰ্ভৰ ভাৰতৰ দৃষ্টিভংগীক শক্তিশালী কৰিব”, শ্ৰী মোদীয়ে কয়।

 

বিহাৰত বিকশিত হৈ থকা আধুনিক আন্তঃগাঁথনিয়ে ৰাজ্যখনৰ অগ্ৰগতিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে সমগ্ৰ বিহাৰত পথ, ৰে’লৱে, বিমান আৰু জলপথত অভূতপূৰ্ব বিনিয়োগ কৰা হৈছে। তেওঁ উল্লেখ কৰে যে বিহাৰে ধাৰাবাহিকভাৱে নতুন ৰে’ল লাভ কৰি আছে, য’ত অত্যাধুনিক বন্দে ভাৰত ৰে’লো আছে। শ্ৰী মোদীয়ে এটা ডাঙৰ মাইলৰ খুঁটিৰ কথা ঘোষণা কৰি কয় যে বাৰিষা  আৰম্ভ হোৱাৰ পূৰ্বে বাবা হৰিহৰনাথৰ ভূমি এতিয়া নতুন বন্দে ভাৰত এক্সপ্ৰেছৰ জৰিয়তে বাবা গোৰখনাথৰ ভূমিৰ সৈতে সংযোগ কৰা হৈছে। তেওঁ লগতে কয় যে নতুন পাটনা–গোৰখপুৰ বন্দে ভাৰত ৰে’লে পূৰ্বাঞ্চলত ভগৱান শিৱৰ ভক্তসকলক আধুনিক  প্ৰযুক্তিৰে ভ্ৰমণৰ বিকল্প প্ৰদান কৰিছে। প্ৰধানমন্ত্ৰীয়ে জোৰ দি কয় যে এই ৰে’লখনে ভগৱান বুদ্ধৰ তপস্যাৰ ভূমি আৰু তেওঁৰ মহাপৰিনিৰ্বাণৰ স্থান কুশীনগৰৰ মাজতো এক গুৰুত্বপূৰ্ণ সংযোগৰ মাধ্যম  হিচাপে কাম কৰিছে।

 

প্ৰধানমন্ত্ৰীয়ে কয় যে  এনে প্ৰচেষ্টাই বিহাৰৰ ঔদ্যোগিক আৰু বাণিজ্যিক কাৰ্যকলাপ বৃদ্ধি কৰাই নহয়, পৰ্যটন খণ্ডকো  যথেষ্ট প্ৰভাৱান্বিত কৰিব। তেওঁ উল্লেখ কৰে যে এই উন্নয়নসমূহে বিহাৰক বিশ্ব পৰ্যটন মানচিত্ৰত অধিক  উজ্জ্বল  কৰি তোলাত  সহায় কৰিব। তেওঁ দৃঢ়তাৰে কয় যে ইয়াৰ ফলস্বৰূপে বিহাৰৰ যুৱক-যুৱতীসকলৰ বাবে কৰ্মসংস্থাপনৰ সুযোগো সৃষ্টি হ’ব।

 

সংবিধানৰ মনোভাৱ সকলোৰে বাবে সম সুযোগ সুনিশ্চিত কৰা আৰু বৈষম্য দূৰ কৰা বুলি দৃঢ়তাৰে শ্ৰী মোদীয়ে ‘সবকা সাথ, সবকা বিকাশ’ মন্ত্ৰৰ জৰিয়তে এই নীতিৰ প্ৰতি চৰকাৰৰ দায়বদ্ধতাৰ কথা  পুনৰবাৰ উল্লেখ কৰে। তেওঁ ইয়াৰ বিপৰীতে পূৰ্বৰ শাসন ব্যৱস্থাৰ দৃষ্টিভংগীৰে কয় যে তেওঁলোকৰ ৰাজনীতি “পৰিয়াল-প্ৰথম” উন্নয়নক কেন্দ্ৰ কৰি কেৱল নিজৰ স্বাৰ্থ পূৰণ কৰে। তেওঁলোকৰ নিজৰ পৰিয়ালৰ স্বাৰ্থত বিহাৰৰ লগতে সমগ্ৰ দেশৰ লাখ লাখ পৰিয়ালৰ স্বাৰ্থৰ ক্ষতি কৰা বুলি সমালোচনা কৰে। প্ৰধানমন্ত্ৰীয়ে জোৰ দি কয় যে ড° বি.আৰ. আম্বেদকাৰে এনে বংশবাদী ৰাজনীতিৰ বিৰুদ্ধে দৃঢ়তাৰে থিয় দিছিল, আৰু এই দলসমূহে তেওঁৰ উত্তৰাধিকাৰক বাৰে বাৰে অপমান কৰাৰ অভিযোগ উত্থাপন কৰিছিল। শেহতীয়াকৈ আন এটা পক্ষৰ সৈতে জড়িত এক কাণ্ডৰ কথা উল্লেখ কৰি তেওঁ ড০ আম্বেদকাৰৰ ফটোক অসন্মান কৰা বুলি অভিযোগ উত্থাপন কৰি উল্লেখ কৰে যে সমগ্ৰ বিহাৰতে ক্ষমা বিচৰাৰ পোষ্টাৰ প্ৰকাশ পাইছে। অৱশ্যে এই দলসমূহৰ দলিত আৰু মহাদলিতৰ প্ৰতি প্ৰকৃত সন্মানৰ অভাৱ বুলি উল্লেখ কৰি তেওঁ কোনো ধৰণৰ ক্ষমাপ্ৰাৰ্থনা আগবঢ়োৱা হ’ব বুলি সন্দেহ প্ৰকাশ কৰে। শ্ৰী মোদীয়ে মন্তব্য কৰে যে পূৰ্বৰ ব্যৱস্থাসমূহে ডাঃ আম্বেদকাৰৰ ভাবমূৰ্তি তেওঁলোকৰ ভৰিৰ ওচৰত ৰাখিলেও তেওঁ ডাঃ আম্বেদকাৰক হৃদয়ত ধৰি ৰাখিছে। ড° আম্বেদকাৰক অসন্মান কৰি নিজকে ডাঙৰ বুলি চিত্ৰিত কৰিবলৈ চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰি তেওঁ দৃঢ়তাৰে কয় যে বাবা চাহেবৰ প্ৰতি কৰা এই অপমান বিহাৰৰ জনসাধাৰণে কেতিয়াও পাহৰিব নোৱাৰে।

 

প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে শ্ৰী নীতিশ কুমাৰৰ প্ৰচেষ্টাত বিহাৰৰ দ্ৰুত অগ্ৰগতিৰ বাবে প্ৰয়োজনীয় মঞ্চ  ইতিমধ্যে প্ৰস্তুত কৰা হৈছে। তেওঁ এই কথাত গুৰুত্ব আৰোপ কৰে যে এতিয়া তেওঁলোকৰ মিত্ৰজোঁটৰ দায়িত্ব একত্ৰিত হৈ বিহাৰক উন্নয়নৰ নতুন উচ্চতালৈ লৈ যোৱাটো। শ্ৰী মোদীয়ে বিহাৰৰ যুৱক-যুৱতীসকলৰ ওপৰত সম্পূৰ্ণ আস্থা প্ৰকাশ কৰি কয় যে তেওঁলোকে মিলি ৰাজ্যখনৰ প্ৰাচীন গৌৰৱ পুনৰ ঘূৰাই আনিব আৰু বিহাৰক উন্নত ভাৰতৰ এক শক্তিশালী ইঞ্জিনলৈ ৰূপান্তৰিত কৰিব। তেওঁ চলি থকা উন্নয়নমূলক পদক্ষেপসমূহৰ বাবে শুভেচ্ছা জ্ঞাপন কৰি সামৰণি মাৰে।

 অনুষ্ঠানত বিহাৰৰ ৰাজ্যপাল শ্ৰীযুত আৰিফ মহম্মদ খান, বিহাৰৰ মুখ্যমন্ত্ৰী শ্ৰীযুত নীতিশ কুমাৰ, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ৰাজীৱ ৰঞ্জন সিং, শ্ৰী জিতন ৰাম মাঝি, শ্ৰী গিৰিৰাজ সিং, শ্ৰী চিৰাগ পাছোৱান, শ্ৰী নিত্যানন্দ ৰায়, শ্ৰী ৰামনাথ ঠাকুৰ, ড° ৰাজ ভূষণ চৌধাৰী, শ্ৰী সতীশ চন্দ্ৰ ডুবেৰ লগতে অন্যান্য গণ্যমান্য ব্যক্তি উপস্থিত থাকে।

 

 

পৃষ্ঠভূমি

 

বিহাৰৰ আন্তঃগাঁথনি আৰু আৰ্থ-সামাজিক উন্নয়নৰ এক বৃহৎ উত্থানৰ ৰূপত প্ৰধানমন্ত্ৰীয়ে ছিৱানত আধাৰশিলা স্থাপন কৰাৰ লগতে একাধিক উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ কৰে।

 

অঞ্চলটোৰ ৰে’ল আন্তঃগাঁথনি বৃদ্ধি কৰি প্ৰধানমন্ত্ৰীয়ে ৪০০ কোটিৰো অধিক মূল্যৰ নতুন বৈশালী–দেওৰিয়া ৰে’লপথ প্ৰকল্প উদ্বোধন কৰে আৰু এই পথত নতুন ৰে’ল সেৱাৰ ফ্লেগ অফ কৰে। ইয়াৰ উপৰি উত্তৰ বিহাৰৰ সংযোগৰ ক্ষেত্ৰত এক বৃহৎ উত্থানৰ বাবে প্ৰধানমন্ত্ৰীয়ে মুজাফ্ফৰপুৰ আৰু বেটিয়াহ হৈ পাটলীপুত্ৰ আৰু গোৰখপুৰৰ মাজত বন্দে ভাৰত এক্সপ্ৰেছৰ ফ্লেগ অফ কৰে।

"মেক ইন ইণ্ডিয়া - মেক ফৰ দ্য ৱৰ্ল্ড"ৰ দৃষ্টিভংগীক আগুৱাই লৈ গৈ প্ৰধানমন্ত্ৰীয়ে মাৰহৌৰা প্লাণ্টত নিৰ্মিত এখন অত্যাধুনিক ইঞ্জিনৰ ফ্লেগ অফ কৰে, ৰিপাব্লিক অৱ গিনিলৈ ৰপ্তানিৰ বাবে। এই কাৰখানাত নিৰ্মিত এইটোৱেই প্ৰথম ৰপ্তানি ইঞ্জিন। ইয়াত উচ্চ হৰ্চপাৱাৰ ইঞ্জিন, উন্নত এচি প্ৰপালচন ব্যৱস্থা, মাইক্ৰ’প্ৰচেছৰ ভিত্তিক নিয়ন্ত্ৰণ ব্যৱস্থা, এৰগ’নমিক কেব ডিজাইন আৰু ৰিজেনেৰেটিভ ব্ৰেকিঙৰ দৰে প্ৰযুক্তি সন্নিবিষ্ট কৰা হৈছে।

গংগা নদীৰ সংৰক্ষণ আৰু সজীৱতাৰ প্ৰতি থকা দায়বদ্ধতাৰ সৈতে সংগতি ৰাখি প্ৰধানমন্ত্ৰীয়ে অঞ্চলটোৰ জনসাধাৰণৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে ১৮০০ কোটিৰো অধিক মূল্যৰ নমামি গংগা প্ৰকল্পৰ অধীনত ছটা নলা পৰিশোধন প্লাণ্ট (এছটিপি) উদ্বোধন কৰে।

 

প্ৰধানমন্ত্ৰীয়ে এই চহৰসমূহৰ নাগৰিকক বিশুদ্ধ আৰু বিশুদ্ধ খোৱাপানী যোগান ধৰাৰ লক্ষ্যৰে সমগ্ৰ বিহাৰৰ বিভিন্ন চহৰত ৩০০০ কোটিৰো অধিক মূল্যৰ পানী যোগান, অনাময় আৰু এছটিপিৰ আধাৰশিলা স্থাপন কৰে।

অঞ্চলটোৰ শক্তি আন্তঃগাঁথনিৰ ক্ষেত্ৰত এক বৃহৎ উত্থানৰ ৰূপত পিএমই বিহাৰত ৫০০ মেগাৱাট ঘণ্টাৰ বেটাৰী শক্তি সংৰক্ষণ ব্যৱস্থা (বিইএছএছ) ক্ষমতাৰ আধাৰশিলা স্থাপন কৰে। মুজাফ্ফৰপুৰ, মতিহাৰী, বেটিয়াহ, ছিৱানকে ধৰি ৰাজ্যৰ ১৫টা গ্ৰীড চাবষ্টেচনত ষ্টেণ্ডল’ন বিইএছএছ স্থাপন কৰা হৈছে। প্ৰতিটো উপ-কেন্দ্ৰত স্থাপন কৰিবলগীয়া বেটাৰীৰ ক্ষমতা ২০ৰ পৰা ৮০ মেগাৱাট ঘণ্টাৰ ভিতৰত। ইতিমধ্যে জমা হৈ থকা বিদ্যুৎ গ্ৰীডলৈ ঘূৰাই পঠিয়াই গ্ৰাহকক পোনপটীয়াকৈ উপকৃত কৰি বিতৰণ কোম্পানীসমূহক ব্যয়বহুল হাৰত বিদ্যুৎ ক্ৰয়ৰ পৰা ৰক্ষা কৰিব।

 

প্ৰধানমন্ত্ৰীয়ে বিহাৰৰ পিএমএৱাই ইউৰ ৫৩,৬০০ৰো অধিক হিতাধিকাৰীক প্ৰথম কিস্তিও মুকলি কৰি দিয়ে। পিএমএৱাই ইউৰ  অধীনত ৬,৬০০ৰো অধিক সম্পূৰ্ণ ঘৰৰ গৃহপ্ৰৱেশ অনুষ্ঠান উপলক্ষে বহু  হিতাধিকাৰীক ঘৰৰ  চাবিও প্ৰদান কৰে।

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India Semiconductor Mission 2.0 to boost domestic chip manufacturing

Media Coverage

India Semiconductor Mission 2.0 to boost domestic chip manufacturing
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM Modi receives a telephone call from the Prime Minister of Mauritius
February 09, 2026
The two leaders review progress in bilateral cooperation since their last meeting in Varanasi in September 2025.
They reaffirm their shared commitment to further advancing the India-Mauritius Enhanced Strategic Partnership.
PM Modi reiterates India’s continued support for Mauritius’ development priorities.
Both leaders agree to work closely towards peace and stability in the Indian Ocean Region.
PM Modi conveys that he looks forward to welcoming him in Delhi for the AI Impact Summit next week.

Prime Minister Shri Narendra Modi received a telephone call today from the Prime Minister of the Republic of Mauritius, H.E. Dr. Navinchandra Ramgoolam..

The two leaders reviewed progress in the wide-ranging bilateral cooperation since their last meeting in Varanasi in September 2025 with an emphasis on development partnership, capacity building and people-to-people exchanges.

They reaffirmed their shared commitment to further advancing the Enhanced Strategic Partnership between India and Mauritius for the benefit of the two peoples.

Prime Minister Modi reiterated India’s continued support for Mauritius’ development priorities in line with Vision MAHASAGAR, India’s Neighbourhood First policy and shared commitment to the Global South.

Both leaders agreed to continue working closely to achieve the shared objectives of peace and stability in the Indian Ocean Region.

Prime Minister Modi conveyed that he looked forward to welcoming him in Delhi for the AI Impact Summit next week.