মাদুৰাইত আন্তঃগাঁথনিমূলক কাম-কাজে যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ লগতে সমগ্ৰ তামিলনাডুৰ জনসাধাৰণক যথেষ্ট উপকৃত কৰিব: প্ৰধানমন্ত্ৰী
উচ্চ মানৰ আন্তঃগাঁথনি নিৰ্মাণৰ জৰিয়তে জনসাধাৰণক সৱলীকৰণ কৰা হৈছে: প্ৰধানমন্ত্ৰী
বিগত ১২ বছৰত ভাৰত চৰকাৰে তামিলনাডুৰ ঘাইপথৰ নেটৱৰ্কত বৃহৎ বিনিয়োগ কৰি তীৰ্থযাত্ৰীসকলৰ যাতায়াত আৰু কৃষিজাত সামগ্ৰী আৰু সামুদ্ৰিক সামগ্ৰীৰ সৰবৰাহৰ সুচলতা সুনিশ্চিত কৰিছে: প্ৰধানমন্ত্ৰী
বিগত এটা দশকত ভাৰতীয় ৰে'লৱেই এক ঐতিহাসিক পৰিৱৰ্তন সাধন কৰি অত্যাধুনিক, দক্ষ আৰু জনকেন্দ্ৰিক পৰিবহণ ব্যৱস্থাৰ ৰূপত আত্মপ্ৰকাশ কৰিছে আৰু এই পৰিৱৰ্তন তামিলনাডুত স্পষ্ট হৈছে: প্ৰধানমন্ত্ৰী
এইটো গৌৰৱৰ কথা যে 'মেক ইন ইণ্ডিয়া'ৰ দৃষ্টিভংগীয়ে আত্মনিৰ্ভৰতা বৃদ্ধি কৰাৰ লগতে আমাৰ যুৱক-যুৱতীসকলৰ বাবে নিয়োগৰ সৃষ্টি কৰিছেঃ প্ৰধানমন্ত্ৰী
কেন্দ্ৰীয় বাজেটে তামিলনাডুক ৰেয়াৰ আৰ্থ কৰিড'ৰৰ অংশ হিচাপে প্ৰতিষ্ঠা কৰিছে, উন্নত নিৰ্মাণ, গৱেষণা আৰু প্ৰযুক্তি বিকাশক প্ৰোৎসাহিত কৰিছে: প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তামিলনাডুৰ মাদুৰাইত ৪,৪০০ কোটি টকাৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। পৱিত্ৰ চহৰ মাদুৰাইত উপস্থিত জনতাক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে আজি তামিলনাডুৰ উন্নয়নৰ যাত্ৰাত এক গৌৰৱোজ্জ্বল অধ্যায়ৰ সূচনা হৈছে। এই প্ৰকল্পসমূহে যোগাযোগ ব্যৱস্থাত পৰিৱৰ্তন আনিব, অৰ্থনীতিৰ বিকাশ ঘটাব, যুৱক-যুৱতীসকলৰ বাবে গুৰুত্বপূৰ্ণ নিয়োগৰ সুযোগ সৃষ্টি কৰিব আৰু ৰাজ্যখনৰ লাখ লাখ লোকৰ জীৱনলৈ পৰিৱৰ্তন আনিব। প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰে যে উচ্চ মানৰ আন্তঃগাঁথনি নিৰ্মাণৰ মূল উদ্দেশ্য হৈছে জনসাধাৰণক সৱলীকৰণ কৰা। শ্ৰী মোদীয়ে কয় যে এই উন্নয়নসমূহৰ অৰ্থ হৈছে কৃষকসকলৰ সামগ্ৰী উলিয়াই বজাৰলৈ যোৱাৰ বাবে উন্নত পথ, তীৰ্থযাত্ৰী আৰু পৰ্যটকৰ বাবে সুগম যাত্ৰা আৰু ব্যৱসায়ৰ বাবে দ্ৰুত পৰিবহণ।

 

প্ৰধানমন্ত্ৰীয়ে কয়, "যোৱা বাৰটা বছৰত ভাৰত চৰকাৰে তামিলনাডুৰ ঘাইপথ নেটৱৰ্কত যথেষ্ট বিনিয়োগ কৰিছে। ২০১৪ চনৰ পৰা চাৰি হাজাৰ কিলোমিটাৰতকৈও অধিক ঘাইপথ নিৰ্মাণ কৰা হৈছে। তেওঁ দুটা বৃহৎ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ আধাৰশিলা স্থাপন, উপকূলীয় পৰ্যটন আৰু বাণিজ্যক শক্তিশালী কৰাৰ বাবে ২,১০০ কোটি টকাৰ বিনিয়োগৰ সৈতে মাৰাকানাম আৰু পুডুচেৰী অংশৰ চাৰিলেনযুক্ত পথ আৰু পৰামাকুড়ি আৰু ৰামানাতপুৰম অংশৰ চাৰিলেনযুক্ত পথৰ কথা উল্লেখ কৰে। ১৮০০ কোটিতকৈও অধিক টকা বিনিয়োগেৰে নিৰ্মাণ হ'বলগীয়া এই প্ৰকল্পৰ জৰিয়তে ৰামেশ্বৰম আৰু ধনুশকোড়িৰ দৰে স্থানসমূহলৈ যাতায়াতৰ সুবিধা বৃদ্ধি হ'ব। ইয়াৰ জৰিয়তে তীৰ্থযাত্ৰীসকলৰ যাতায়াত আৰু কৃষিজাত আৰু সামুদ্ৰিক সামগ্ৰীৰ সৰবৰাহৰ সুচলতা নিশ্চিত হ'ব।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে যোৱা এটা দশকত ভাৰতীয় ৰে'লৱেই এক ঐতিহাসিক পৰিৱৰ্তন সাধন কৰি অত্যাধুনিক, দক্ষ আৰু জনকেন্দ্ৰিক পৰিবহণ ব্যৱস্থাৰূপে আত্মপ্ৰকাশ কৰিছে। "এই পৰিৱৰ্তন তামিলনাডুত বিশেষভাৱে দৃশ্যমান হৈছে, য'ত বৰ্তমানৰ চৰকাৰে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত ৰে'ল বাজেটৰ আৱণ্টন প্ৰায় ৯গুণ বৃদ্ধি পাইছে", শ্ৰী মোদীয়ে কয়। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ২০০৯-২০১৪ বৰ্ষৰ বাবে বাৰ্ষিক ৮৮০ কোটি টকাৰ আৱণ্টন আছিল, যিটো ২০২৬-২৭ বৰ্ষৰ বাবে ৭৬০০ কোটি টকালৈ বৃদ্ধি পাইছে। তেওঁ লগতে কয় যে ৰাজ্যখনত ১৩০০ কিলোমিটাৰতকৈও অধিক নতুন ৰেলপথ নিৰ্মাণ কৰা হৈছে, ৯৭% বিদ্যুতিকীকৰণ হৈছে আৰু শতাধিক উৰণ সেতু আৰু আণ্ডাৰপাছ নিৰ্মাণৰ ফলত সুৰক্ষা আৰু দক্ষতা বৃদ্ধি পাইছে। এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে যোৱা বছৰ তেওঁ নতুন পাম্বন সেতুৰ উদ্বোধন কৰি গৌৰৱ অনুভৱ কৰিছিল।

 

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে বৰ্তমান ৯খন বন্দে ভাৰত ৰে'ল আৰু ৯খন অমৃত ভাৰত ৰে'লে তামিলনাডুৰ জনসাধাৰণৰ সেৱা আগবঢ়াই আছে। এই ৰে'লৰ ডবাসমূহ চেন্নাইৰ সংহত ডবা নিৰ্মাণ কাৰখানাত নিৰ্মাণ কৰা হৈছে। তেওঁ 'মেক ইন ইণ্ডিয়া' দৃষ্টিভংগীক লৈ গৌৰৱবোধ কৰি কয়, ই আত্মনিৰ্ভৰশীলতা বৃদ্ধি কৰিছে আৰু যুৱক-যুৱতীসকলৰ বাবে নিয়োগৰ সৃষ্টি কৰিছে। শ্ৰী মোদীয়ে কয় যে অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত ৰাজ্যখনৰ ৭৭টা ৰে'লৱে ষ্টেচনৰ আধুনিকীকৰণ কৰা হৈছে যাতে আৰামদায়ক, সুগম আৰু স্থানীয় পৰিচয়ৰ সংমিশ্ৰণ সম্ভৱ হয়। তেওঁ লগতে কয় যে চেন্নাই বীচ-চেন্নাই এগমোৰ চতুৰ্থ লাইনৰ এই উদ্বোধনে প্ৰতিদিনে হাজাৰ হাজাৰ যাত্ৰীক উপকৃত কৰিব। প্ৰধানমন্ত্ৰীয়ে কুম্বাকোনাম, য়েৰকাউড আৰু ভেল্লোৰত আকাশবাণীৰ নতুন এফএম ৰিলে ট্ৰান্সমিটাৰো উদ্বোধন কৰে আৰু এই ৰেডিঅ' ষ্টেচনসমূহ ৰাইজৰ সেৱাৰ বাবে উৎসৰ্গা কৰে।

 

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে তামিলনাডুৰ আন্তঃগাঁথনিৰ বাবে পুঁজি পূৰ্বৰ দশকৰ তুলনাত তিনিগুণ বৃদ্ধি পাইছে আৰু ২০২৬ৰ কেন্দ্ৰীয় বাজেটত ৰাজ্যখনৰ প্ৰতি এই গুৰুত্ব অগ্ৰাধিকাৰ দিয়া হৈছে। তেওঁ বেংগালুৰু-চেন্নাই আৰু চেন্নাই-হায়দৰাবাদ বুলেট ট্ৰেইন কৰিড'ৰৰ প্ৰস্তাৱৰ বিষয়ে বিশদভাৱে উল্লেখ কৰে, যিয়ে আঞ্চলিক অৰ্থনীতিত বৈপ্লৱিক পৰিৱৰ্তন আনিব। তদুপৰি, প্ৰধানমন্ত্ৰীয়ে কয়, "এই বাজেটত তামিলনাডুক ৰেয়াৰ আৰ্থ কৰিড'ৰৰ ভিতৰত স্থান দিয়া হৈছে, যাৰ লক্ষ্য হৈছে অত্যাধুনিক নিৰ্মাণ, গৱেষণা আৰু প্ৰযুক্তি বিকাশৰ প্ৰচাৰ কৰা।

প্ৰধানমন্ত্ৰীয়ে কয় যে তামিলনাডুৰ এক সমৃদ্ধ ইতিহাস আৰু ঐতিহ্য আছে। তেওঁ ঘোষণা কৰে যে আদিচানালুৰৰ দৰে ঐতিহাসিক স্থানসমূহক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে গঢ়ি তোলা হ'ব। শ্ৰী মোদীয়ে উল্লেখ কৰে যে পুলিকট হ্ৰদ আৰু পোড়িগাই মালাইৰ চাৰিওফালে পৰিৱেশ পৰ্যটনৰ উদ্যোগে প্ৰাকৃতিক পৰিৱেশ-প্ৰণালী সংৰক্ষণ কৰাৰ লগতে নতুন নিয়োগৰ সুযোগ সৃষ্টি কৰিব। তদুপৰি, তেওঁ উল্লেখ কৰে যে সমগ্ৰ দেশতে প্ৰায় দুশ ঔদ্যোগিক ক্লাষ্টাৰ চিনাক্ত কৰা হ'ব আৰু নিৰ্মাণ খণ্ডক উৎসাহিত কৰিবলৈ সহায় কৰা হ'ব। তামিলনাডুত বহুতো উদ্যোগ আছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই আঁচনিয়ে স্থানীয় যুৱক-যুৱতীসকলক যথেষ্ট উপকৃত কৰিব।

 

প্ৰধানমন্ত্ৰীয়ে কয় যে ২০৪৭ চনৰ ভিতৰত প্ৰতিগৰাকী ভাৰতীয়ই এখন উন্নত ৰাষ্ট্ৰ গঢ়াৰ বাবে উদ্বুদ্ধ হৈ আছে। তেওঁ লগতে কয় যে দেশৰ ভৱিষ্যত নিৰ্ণয় কৰাত তামিলনাডুৱে এক নিৰ্ণায়ক ভূমিকা পালন কৰিব। সামগ্ৰিক বিকাশ আৰু ৰাজ্যখনৰ প্ৰগতিৰ অৰ্থে কেন্দ্ৰৰ সম্পূৰ্ণ প্ৰতিশ্ৰুতি পুনৰ দোহাৰি তেওঁ কয়, "আমাৰ সামূহিক লক্ষ্য হৈছে বিকশিত ভাৰতৰ বাবে এখন বিকশিত তামিলনাডু গঢ় দিয়া"।

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
One of the world’s first canal-top solar projects placed a 750-meter solar array above an Indian irrigation canal, generating clean power while saving an estimated 9 million liters of water each year

Media Coverage

One of the world’s first canal-top solar projects placed a 750-meter solar array above an Indian irrigation canal, generating clean power while saving an estimated 9 million liters of water each year
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 17 জুলাই 2026
July 17, 2026

Green Trains, Private Rockets & Global Partnerships — PM Modi’s New India is Playing to Win