আজি নৱবৰ্ষৰ নৱৰাত্ৰিৰ শুভ দিনটোতেই ছট্টিশগড়ৰ তিনি লাখ দৰিদ্ৰ পৰিয়ালে নতুন ঘৰত প্ৰৱেশ কৰিছে - প্ৰধানমন্ত্ৰী
দৰিদ্ৰ জনজাতীয় লোকৰ স্বাস্থ্যসেৱা সুবিধা আৰু চিকিৎসা ব্যৱস্থাৰ বাবে চৰকাৰ সদাসচেতন। - প্ৰধানমন্ত্ৰী
তেওঁ ছট্টিশগড়বাসীক ভগৱান ৰামৰ মাতৃ পৰিয়াল বুলি অভিহিত কৰি আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।

আন্তঃগাঁথনি উন্নয়ন বৃদ্ধি আৰু বহনক্ষম জীৱিকাৰ প্ৰসাৰৰ বাবে এক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণেৰে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ছট্টিশগড়ৰ বিলাসপুৰত কেবাটাও আধাৰশিলা স্থাপন কৰাৰ উপৰি বিভিন্ন প্ৰকল্পৰ কাম আৰম্ভ কৰে, আৰু ৩৩,৭০০ কোটি টকাৰো অধিক মূল্যৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্প দেশৰ প্ৰতি উৎসৰ্গা কৰে। নৱবৰ্ষৰ শুভক্ষণ আৰু নৱৰাত্ৰিৰ প্ৰথম দিনটোত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে ছট্টিশগড়ৰ গভীৰ আধ্যাত্মিক আৰু সাংস্কৃতিক তাৎপৰ্যৰ ওপৰত বাখ্যা কৰি ইয়াক মা মহামায়াৰ ভূমি আৰু মা কৌশলৰ মাতৃগৃহ বুলি অভিহিত কৰে। তেওঁ এই শুভ দিনটোত ছট্টিশগড়ত উপস্থিত থাকিবলৈ পোৱাৰ সৌভাগ্য বুলি প্ৰকাশ কৰি নাৰী দেৱীত্বৰ প্ৰতি উৎসৰ্গিত নৱৰাত্ৰিৰ ন দিনৰ বিশেষ গুৰুত্বৰ ওপৰতো আলোকপাত কৰে। শেহতীয়াকৈ তেওঁ ভক্ত শিৰোমণি মাতা কৰ্মৰ সন্মানত শেহতীয়াকৈ ডাক টিকট জাৰি কৰা বাবে সকলোকে অভিনন্দন জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে আৰু উল্লেখ কৰে যে সমগ্ৰ জীৱন ভগৱান ৰামৰ নাম জপতেই উৎসৰ্গা কৰা ৰামনামী সমাজৰ প্ৰতি থকা গভীৰ শ্ৰদ্ধাক আলোকপাত কৰি আড়ম্বৰপূৰ্ণতাৰে ৰাম নৱমী উদযাপনৰ দ্বাৰা ছট্টিশগড়ত নৱৰাত্ৰি উৎসৱৰ সমাপন হ’ব। তেওঁ ছট্টিশগড়বাসীক ভগৱান ৰামৰ মাতৃ পৰিয়াল বুলি অভিহিত কৰি আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।

এই শুভ অনুষ্ঠানত মহভট্টা স্বয়ম্ভু শিৱলিং মহাদেৱৰ আশীৰ্বাদত শ্ৰী মোদীয়ে ছট্টিশগড়ৰ উন্নয়ন ত্বৰান্বিত কৰাৰ সুযোগৰ ওপৰত আলোকপাত কৰে। তেওঁ ৩৩,৭০০ কোটি টকাৰো অধিক মূল্যৰ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপনৰ কথা উল্লেখ কৰে, য’ত দৰিদ্ৰ লোকৰ বাবে গৃহ নিৰ্মাণ, বিদ্যালয়, পথ, ৰে’লৱে, বিদ্যুৎ, আৰু গেছ পাইপলাইন আদি অন্তৰ্ভুক্ত আছে। তেওঁ লগতে কয় যে এই প্ৰকল্পসমূহৰ লক্ষ্য হৈছে ছট্টিশগড়ৰ নাগৰিকসকলৰ সুবিধা বৃদ্ধি আৰু নতুন কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰা। এই উন্নয়নমূলক পদক্ষেপসমূহৰ জৰিয়তে লাভ কৰা অগ্ৰগতিৰ বাবে তেওঁ সকলোকে অভিনন্দন জ্ঞাপন কৰে।

 

আশ্ৰয় প্ৰদানৰ সাংস্কৃতিক গুৰুত্বৰ ওপৰত উল্লেখ কৰি ইয়াক তেওঁ এক ডাঙৰ গুণ বুলি অভিহিত কৰাৰ লগতে কোনো লোকৰ ঘৰৰ গৰাকী হোৱাৰ সপোন পূৰণ কৰাৰ আনন্দ অতুলনীয় বুলিও প্ৰকাশ কৰে। নৱৰাত্ৰি আৰু নৱবৰ্ষৰ শুভ উপলক্ষতে আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰি তেওঁ কয় যে আজি ছট্টিশগড়ৰ তিনি লাখ দৰিদ্ৰ পৰিয়ালে নতুন ঘৰৰ চাবি লাভ কৰিছে। নতুন আৰম্ভণিৰ বাবে এই পৰিয়ালসমূহলৈ তেওঁ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে এই ঘৰবোৰৰ সপোন বাস্তৱায়িত হোৱাৰ কাৰণ তেওঁৰ নেতৃত্বৰ ওপৰত ৰখা আস্থা বুলি উল্লেখ কৰি কয় যে পূৰ্বতে আমোলাতন্ত্ৰৰ বাবে কাৰ্যসিদ্ধিত হোৱা মন্থৰতাৰ ফলত ছট্টিশগড়ৰ লাখ লাখ পৰিয়ালৰ বাবে স্থায়ী গৃহ নিৰ্মাণৰ সপোন সপোন হৈয়েই ৰৈছিল। এই সপোনক বাস্তৱত পৰিণত কৰাৰ বাবে চৰকাৰৰ দায়বদ্ধতাক স্মৰণ কৰি তেওঁ কয় যে শ্ৰী বিষ্ণু দেওৰ নেতৃত্বত কেবিনেটৰ প্ৰথম সিদ্ধান্ত আছিল ১৮ লাখ ঘৰ নিৰ্মাণ, ইয়াৰে তিনি লাখ ঘৰ ইতিমধ্যে সম্পূৰ্ণ হৈছে। এনে বহু ঘৰ জনজাতীয় অঞ্চলত থকাৰ বাবে তেওঁ সন্তুষ্টি প্ৰকাশ কৰে, যাৰ ফলত বাষ্টাৰ আৰু সুৰগুজাৰৰ বহু পৰিয়াল উপকৃত হৈছে। অস্থায়ী আশ্ৰয় শিবিৰত প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি অনেক যন্ত্ৰনা সহি অহা পৰিয়ালসমূহলৈ অহা পৰিৱৰ্তনৰ প্ৰভাৱৰ কথা স্বীকাৰ কৰি তেওঁ এই ঘৰসমূহক এক উল্লেখযোগ্য আৰু অনবদ্য উপহাৰ বুলিও অভিহিত কৰে।

প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে আলোকপাত কৰে যে এই ঘৰসমূহ নিৰ্মাণৰ ক্ষেত্ৰত চৰকাৰে সহায় আগবঢ়োৱাৰ বিপৰীতে হিতাধিকাৰীসকলে তেওঁলোকৰ সপোনৰ বাসগৃহৰ ডিজাইন নিৰ মতেই কৰি লোৱাৰো স্বাধীনতা লাভ ককৰিছে। তেওঁ এই ঘৰসমূহক শৌচাগাৰ, বিদ্যুৎ, উজ্জ্বলা গেছ সংযোগ, আৰু পাইপ পানীকে ধৰি অত্যাৱশ্যকীয় সুবিধাসমূহেৰে সজ্জিত কৰাৰ বাবে কৰা ব্যাপক প্ৰচেষ্টাৰ ওপৰত আলোকপাত কৰে, যাৰ ফলত বাসিন্দাসকলৰ জীৱনৰ উন্নত মান নিশ্চিত হয়। অনুষ্ঠানত মহিলাৰ বিপুল উপস্থিতিৰ কথা উল্লেখ কৰি মোদীয়ে আঙুলিয়াই দিয়ে যে এই ঘৰসমূহৰ অধিকাংশই মহিলাৰ মালিকানাধীন। তেওঁ এয়া এক উল্লেখযোগ্য মাইলৰ খুঁটি বুলি দোহাৰি কয় যে হাজাৰ হাজাৰ মহিলাই প্ৰথমবাৰৰ বাবে এতিয়া তেওঁলোকৰ নামত সম্পত্তি পঞ্জীয়ন কৰিছে। তেওঁলোকৰ আনন্দ আৰু আশীৰ্বাদৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰি তেওঁ তেওঁলোকৰ মুখত দেখা সুখৰ হাঁহিকেই তেওঁৰ সৰ্বোচ্চ পুৰস্কাৰ বুলি অভিহিত কৰে।

 

প্ৰধানমন্ত্ৰীয়ে লাখ লাখ ঘৰ নিৰ্মাণৰ ব্যাপক প্ৰভাৱৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে এই প্ৰকল্পসমূহে গাঁৱে-ভূঞে স্থানীয় শিল্পী, ৰাজমিস্ত্ৰী, আৰু শ্ৰমিকসকলৰ বাবে কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিছে। তেওঁ আলোকপাত কৰে যে এই ঘৰসমূহৰ বাবে ব্যৱহাৰ কৰা সামগ্ৰীসমূহ স্থানীয় উৎসৰ পৰা আহৰণ কৰা হৈছে, যিয়ে ক্ষুদ্ৰ ব্যৱসায়ী আৰু পৰিবহণ অপাৰেটৰসকলৰ জীৱিকাত এক উত্তৰণ প্ৰদান কৰে। ইয়াৰ উপৰিও তেওঁ আঙুলিয়াই দিয়ে যে এই গৃহ নিৰ্মাণৰ পদক্ষেপসমূহে ছট্টিশগড়ত উল্লেখযোগ্য কৰ্মসংস্থাপন সৃষ্টি কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে, যাৰ ফলত বহুতৰে জীৱিকাৰ সহায়ক হৈছে।

শ্ৰী মোদীয়ে পুনৰ দৃঢ়তাৰে কয় যে তেওঁৰ চৰকাৰ ছট্টিশগড়ৰ জনসাধাৰণৰ প্ৰতি দিয়া প্ৰতিটো প্ৰতিশ্ৰুতি পূৰণৰ বাবে প্ৰতিজ্ঞাবদ্ধ। তেওঁ বিভিন্ন আঁচনিৰ পৰা বাবে সমবেত হোৱা বৃহৎ সংখ্যক হিতাধিকাৰীৰ উপস্থিতি সন্দৰ্ভত আলোকপাত কৰি চৰকাৰী নিশ্চয়তাৰ ক্ষীপ্ৰ ৰূপায়ণৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে ছট্টিশগড়ৰ মহিলাসকলৰ প্ৰতি দিয়া প্ৰতিশ্ৰুতিসমূহ সন্মান সহকাৰে ৰক্ষা কৰা হৈছে, য’ত ধান খেতিয়কসকলক দুবছৰৰ বাকী থকা বোনাছ মুকলি কৰা আৰু অধিক এম এছ পি হাৰত ধান ক্ৰয় কৰাকে ধৰি সকলোবোৰ দিশ সন্নিৱিষ্ট আছে। এই পদক্ষেপসমূহে লাখ লাখ কৃষক পৰিয়ালত হাজাৰ কোটি টকাৰ সমাৱেশ ঘটাইছে। প্ৰধানমন্ত্ৰীয়ে নিযুক্তি পৰীক্ষাৰ কেলেংকাৰীৰ বাবেও পূৰ্বৰ চৰকাৰক সমালোচনা কৰি কঠোৰ তদন্তৰ জৰিয়তে ন্যায্য পৰীক্ষা নিশ্চিত কৰি স্বচ্ছতাৰ প্ৰতি তেওঁৰ প্ৰশাসনৰ দায়বদ্ধতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ উল্লেখ কৰে যে এই সৎ প্ৰচেষ্টাসমূহে জনসাধাৰণৰ আস্থা শক্তিশালী কৰিছে, যিটো চৰকাৰৰ ক্ৰমবৰ্ধমান সমৰ্থন আৰু বিধানসভা, লোকসভা, আৰু এতিয়া ছট্টিশগড়ৰ পৌৰসভা নিৰ্বাচনত একেৰাহে জয়ৰ দ্বাৰা প্ৰতিফলিত হৈছে। সকলোৰে প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি তেওঁ নিজৰ চৰকাৰৰ পদক্ষেপৰ প্ৰতি জনসাধাৰণৰ আপ্লুত সমৰ্থনকো স্বীকাৰ কৰে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৫ চনক ছত্তীশগড়ৰ ৰাজ্যিক ৰূপালী জয়ন্তী বৰ্ষ হিচাপে তাৎপৰ্য আলোকপাত কৰি উল্লেখ কৰে যে এইটো প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ জন্ম শতবাৰ্ষিকীৰ সৈতে সংগতি আছে। তেওঁ ছট্টিশগড় চৰকাৰে ২০২৫ চনক "অটল নিৰ্মাণ বছৰ" হিচাপে পালন কৰাৰ সিদ্ধান্তক আদৰণি্ জনাই এই প্ৰতিশ্ৰুতিক পুনৰ দৃঢ় কৰি কয়—"আমি ইয়াক নিৰ্মাণ কৰিলোঁ, আৰু আমি ইয়াক লালন-পালন কৰিম।" আজি উদ্বোধন আৰু আৰম্ভ কৰা আন্তঃগাঁথনি প্ৰকল্পসমূহ এই দৃষ্টিভংগীৰ সৈতে মিল থকা বুলিও উল্লেখ কৰি মোদীয়ে কয় যে আজি উদ্বোধন আৰু আৰম্ভ কৰা আন্তঃগাঁথনি প্ৰকল্পসমূহ এই প্ৰতিশ্ৰুতিৰ প্ৰমাণ, যিয়ে ৰাজ্যখনৰ অবিৰত উন্নয়নৰ প্ৰতি চৰকাৰৰ নিষ্ঠাক প্ৰতিফলিত কৰে।

 

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উল্লেখ কৰে যে উন্নয়নৰ সুফল অঞ্চলটোত পোৱা নাছিল বাবেই ছট্টিশগড় পৃথক ৰাজ্য হিচাপে গঠন কৰা হৈছিল। পূৰ্বৰ চৰকাৰসমূহে অগ্ৰগতি প্ৰদান কৰাত ব্যৰ্থ হোৱা আৰু বিগত প্ৰকল্পসমূহত দুৰ্নীতিৰ বাবে সমালোচনা কৰি তেওঁ স্বচ্ছ আৰু ফলপ্ৰসূ শাসন ব্যৱস্থাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। মোদীয়ে জোৰ দি কয় যে তেওঁৰ চৰকাৰে জনসাধাৰণৰ মংগল কামৰ কেন্দ্ৰবিন্দুত ৰাখি তেওঁলোকৰ জীৱনৰ মান উন্নত কৰা, আন্তঃগাঁথনি বৃদ্ধি কৰা, ভৱিষ্যত প্ৰজন্মৰ বাবে উন্নত সুযোগ সৃষ্টিৰ বাবে কাম কৰিছে। তেওঁ ছট্টিশগড়ৰ প্ৰতিখন গাঁৱতে উন্নয়ন আঁচনিসমূহে যাতে সৰ্বাংগীন আৰু বহনক্ষম বৃদ্ধিৰ প্ৰতি চৰকাৰৰ দায়বদ্ধতাক শক্তিশালী কৰে তাৰ বাবে চলি থকা প্ৰচেষ্টাসমূহৰ ওপৰত আলোকপাত কৰে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছট্টিশগড়ৰ দুৰ্গম জনজাতীয় অঞ্চলসমূহৰ উল্লেখযোগ্য অগ্ৰগতিৰ ওপৰত আলোকপাত কৰে, য’ত এতিয়া প্ৰথমবাৰৰ বাবে মানসম্পন্ন পথসমূহে ঠাই পাইছে। তেওঁ অনুষ্ঠানটোৰ পূৰ্বে নতুন ৰে’ল সেৱাৰ ফ্লেগ অফ কৰাকে ধৰি ৰে’ল সংযোগ সম্প্ৰসাৰণক উন্নত সুলভতাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে আঙুলিয়াই দিয়ে। তেওঁ বিদ্যুৎ, পাইপ পানী, ভ্ৰাম্যমাণ টাৱাৰৰ দৰে অত্যাৱশ্যকীয় আন্তঃগাঁথনি পূৰ্বতে কম সেৱা লাভ কৰা অঞ্চললৈ সম্প্ৰসাৰণৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। ইয়াৰ উপৰিও তেওঁ নতুন বিদ্যালয়, মহাবিদ্যালয়, চিকিৎসালয় নিৰ্মাণৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে এই পদক্ষেপসমূহে ছট্টিশগড়ৰ উন্নয়নমূলক পৰিৱেশত এক পৰিৱৰ্তনশীল পৰিৱৰ্তন সাধন কৰিছে।

সম্পূর্ণ বৈদ্যুতিক ৰে’ল নেটৱৰ্ক থকা ৰাজ্যসমূহৰ ভিতৰত অন্যতম ৰাজ্য হোৱাৰ ছট্টিশগড়ৰ সাফল্যৰ ওপৰত আলোকপাত কৰি প্রধানমন্ত্রীয়ে ইয়াক ৰাজ্যখনৰ অগ্রগতিৰ এক উল্লেখযোগ্য মাইলৰ খুঁটি বুলি অভিহিত কৰে৷ তেওঁ উল্লেখ কৰে যে বৰ্তমান প্ৰায় ৪০ হাজাৰ কোটি টকাৰ ৰে’ল প্ৰকল্প চলি আছে, এইবাৰৰ বাজেটত বিভিন্ন অঞ্চল আৰু চুবুৰীয়া ৰাজ্যৰ ৰে’ল সংযোগ বৃদ্ধিৰ বাবে ৭ হাজাৰ কোটি টকা আবণ্টন দিয়া হৈছে। প্ৰকৃত উন্নয়নৰ বাবে বাজেটৰ সমৰ্থন আৰু সৎ উদ্দেশ্য দুয়োটাৰে প্ৰয়োজন বুলি  কৈ শ্ৰী মোদীয়ে পূৰ্বৰ চৰকাৰখনক দুৰ্নীতি আৰু অদক্ষতাৰ বাবে সমালোচনা কৰে, যিয়ে বিশেষকৈ জনজাতীয় অঞ্চলত অগ্ৰগতিত বাধাৰ সৃষ্টি কৰিছিল। তেওঁ কয়লাৰ উদাহৰণ দি আঙুলিয়াই দিয়ে যে ছট্টিশগড়ত প্ৰচুৰ পৰিমাণৰ কয়লা মজুত থকাৰ পাছতো বিগত চৰকাৰবোৰে বিদ্যুৎ কাৰখানাবোৰৰ প্ৰতি কৰা অৱহেলাৰ বাবে দেশত বিদ্যুতৰ নাটনি হৈছে। ইয়াৰ বিপৰীতে তেওঁ  কয় যে তেওঁৰ চৰকাৰৰ অধীনত এই সমস্যাসমূহ সমাধানৰ বাবে নতুন বিদ্যুৎ কেন্দ্ৰ স্থাপন কৰা হৈছে আৰু ৰাজ্যখনৰ বিকাশ আৰু উন্নয়নৰ বাবে বিদ্যুতৰ নিৰ্ভৰযোগ্য যোগান নিশ্চিত কৰা হৈছে।

 

প্ৰধানমন্ত্ৰীয়ে সৌৰশক্তিৰ প্ৰতি চৰকাৰৰ দায়বদ্ধতাক আলোকপাত কৰি ‘পি এম সূৰ্য্যঘৰ মুফ্ট বিজলী আঁচনি’ প্ৰৱৰ্তন কৰে, যাৰ লক্ষ্য হৈছে বিদ্যুতৰ বিল নিৰ্মূল আৰু পৰিয়ালসমূহক নিজাববীয়াকৈ বিদ্যুৎ উৎপাদন কৰি উপাৰ্জনৰো বাট মুকলি কৰি দিবলৈ সক্ষম কৰা। তেওঁ আলোকপাত কৰে যে চৰকাৰে সৌৰ পেনেল স্থাপনৰ বাবে প্ৰতি ঘৰে ঘৰে ৭৮ হাজাৰ টকাকৈ আগবঢ়াইছে। তেওঁ আৰু উল্লেখ কৰে যে ছট্টিশগড়ৰ দুই লাখৰো অধিক পৰিয়ালে ইতিমধ্যে এই আঁচনিৰ বাবে নাম পঞ্জীয়ন কৰিছে আৰু অধিক নাগৰিকক এই পদক্ষেপৰ সুবিধা ল’বলৈ যথেষ্ট দীৰ্ঘম্যাদী সুবিধাৰ বাবে উৎসাহিত কৰিছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভূমিবন্ধী ৰাজ্য (লেণ্ডলক্ড) ছট্টিশগড়লৈ গেছ পাইপলাইন প্ৰেৰণৰ প্ৰত্যাহ্বান অতিক্ৰম কৰাৰ বাবে তেওঁৰ চৰকাৰৰ প্ৰচেষ্টাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। গেছ আন্তঃগাঁথনিত গুৰুত্বপূৰ্ণ বিনিয়োগক অৱহেলা কৰা পূৰ্বৰ চৰকাৰসমূহক সমালোচনা কৰি তেওঁ অঞ্চলটোত পাইপলাইন নেটৱৰ্ক সম্প্ৰসাৰণৰ বাবে চলি থকা কামৰ ওপৰত আলোকপাত কৰে। মোদীয়ে উল্লেখ কৰে যে এই পাইপলাইনসমূহে পেট্ৰলিয়াম সামগ্ৰীৰ বাবে ট্ৰাক পৰিবহণৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিব, গ্ৰাহকৰ বাবে খৰচ কম কৰিব, আৰু চিএনজি বাহনৰ ব্যৱহাৰক প্ৰসাৰিত কৰিব। ইয়াৰ উপৰিও তেওঁ জোৰ দি কয় যে পাইপেৰে ৰন্ধা গেছ দুলাখৰো অধিক পৰিয়াললৈ যাব, যাৰ ফলত বাসিন্দাসকলৰ সুবিধা আৰু ব্যয়সাধ্যতা বৃদ্ধি পাব। তেওঁ আৰু কয় যে প্ৰাকৃতিক গেছৰ উপলব্ধতাই ছত্তীশগড়ত নতুন উদ্যোগৰ পথ প্ৰশস্ত কৰিব, যাৰ ফলত উল্লেখযোগ্য নিয়োগৰ সুযোগ সৃষ্টি হ’ব আৰু ৰাজ্যখনৰ অৰ্থনৈতিক বিকাশৰ সূচনা হ’ব।

Criticizing the previous dispensation’s policies over the decades, stating that they contributed to the rise of Naxalism in Chhattisgarh and other states, the Prime Minister said that Naxalism thrived in areas lacking development and resources, and instead of addressing these issues, such districts were declared as backward, shirking their responsibility. He highlighted the neglect faced by the most underprivileged tribal families in many districts of Chhattisgarh under previous Government's rule. In contrast, he emphasized their Government's efforts to address the needs of poor tribal communities. He noted the initiatives undertaken, such as the Swachh Bharat Abhiyan to provide toilets, the Ayushman Bharat scheme offering free treatment up to ₹5 lakh, and the establishment of PM Jan Aushadhi Kendras, which provide medicines at an 80% discount.

 

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পূৰ্বৰ চৰকাৰসমূহৰ নীতিক তীব্ৰ সমালোচনা কৰি কয় যে তেওঁলোকৰ দশকজুৰি চলি থকা অৱহেলাই ছত্তীশগড় আৰু অন্যান্য ৰাজ্যত নক্সালবাদৰ উত্থানত অৰিহণা যোগাইছিল। তেওঁ যুক্তি দিছিল যে উন্নয়ন আৰু সম্পদৰ পৰা বঞ্চিত অঞ্চলত নক্সালবাদ লাভৱান হৈছিল, তথাপিও এই প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰাৰ পৰিৱৰ্তে অতীতৰ চৰকাৰসমূহে এনে জিলাসমূহক কেৱল পিছপৰা বুলি লেবেল লগাইছিল আৰু নিজৰ দায়িত্ব এৰাই চলিছিল। মোদীয়ে পূৰ্বৰ প্ৰশাসনৰ অধীনত ছট্টিশগড়ৰ বহু জিলাৰ অতি দুৰ্বল জনজাতীয় পৰিয়ালবোৰে সন্মুখীন হোৱা কষ্টৰ ওপৰত আলোকপাত কৰে। ইয়াৰ বিপৰীতে তেওঁ জনজাতীয় সম্প্ৰদায়ক উন্নীত কৰা আৰু তেওঁলোকৰ জীৱনৰ মান উন্নত কৰাৰ বাবে তেওঁৰ চৰকাৰৰ সক্ৰিয় প্ৰচেষ্টাত গুৰুত্ব আৰোপ কৰে। তেওঁ শৌচালয়ৰ ব্যৱস্থা প্ৰদান কৰা স্বচ্ছ ভাৰত অভিযান, ৫ লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসা প্ৰদান কৰা আয়ুষ্মান ভাৰত আঁচনি, ৮০% ৰেহাইত সুলভ মূল্যৰ ঔষধ সুনিশ্চিত কৰা পি এম জন ঔষধি কেন্দ্ৰ স্থাপনকে ধৰি গুৰুত্বপূৰ্ণ পদক্ষেপসমূহৰ ৰূপৰেখা দাঙি ধৰে। এই প্ৰচেষ্টাসমূহৰ লক্ষ্য হৈছে প্ৰান্তীয় সম্প্ৰদায়সমূহক সবলীকৰণ আৰু সৰ্বাংগীন উন্নয়ন নিশ্চিত কৰা বুলিও তেওঁ কয়।

 

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনজাতীয় জনগোষ্ঠীসমূহৰ প্ৰয়োজনীয়তাক উপেক্ষা কৰি নিজকে সামাজিক ন্যায়ৰ সমৰ্থক হিচাপে মিছাকৈ উপস্থাপন কৰা ব্যক্তিসকলক সমালোচনা কৰে। তেওঁ জনজাতীয় অঞ্চলৰ বাবে প্ৰায় ৮০ হাজাৰ কোটি টকা আবণ্টন দি ছট্টিশগড়ৰ প্ৰায় ৭ হাজাৰ গাঁৱক উপকৃত কৰা ধৰ্তি আবা জনজাতীয় গ্ৰাম উৎকৰ্ষ অভিযানৰ আৰম্ভণিৰ ওপৰত আলোকপাত কৰি জনজাতীয় উন্নয়নৰ প্ৰতি নিজৰ চৰকাৰৰ নিষ্ঠাক পুনৰ দৃঢ়তাৰে উপস্থাপন কৰে। বিশেষভাৱে দুৰ্বল জনজাতীয় গোটসমূহে সন্মুখীন হোৱা নিৰ্দিষ্ট প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰি মোদীয়ে প্ৰধানমন্ত্ৰী জনমন যোজনাৰ প্ৰৱৰ্তন কৰিছিল বুলি কয়, যিটো এই সম্প্ৰদায়সমূহৰ সহায়ৰ বাবে আৰম্ভ কৰা এই ধৰণৰ প্ৰথমটো পদক্ষেপ। এই আঁচনিৰ অধীনত ছট্টিশগড়ৰ ১৮খন জিলাত ২০০০ৰো অধিক বসতিস্থল উন্নয়নৰ কাম চলি আছে। প্ৰধানমন্ত্ৰীয়ে আন্তঃগাঁথনি উন্নয়নৰ ওপৰতো গুৰুত্ব আৰোপ কৰে, দেশজুৰি জনজাতীয় অঞ্চলৰ বাবে ৫০০০ কিলোমিটাৰ পথৰ অনুমোদন ঘোষণা কৰে। ইয়াৰে প্ৰায় অৰ্ধেক অৰ্থাৎ ২৫০০ কিলোমিটাৰ পথ পিএম জনমন যোজনাৰ অধীনত ছট্টিশগড়ত নিৰ্মাণ কৰা হৈছে। ইয়াৰ উপৰিও তেওঁ উল্লেখ কৰে যে এই পদক্ষেপৰ অংশ হিচাপে অসংখ্য হিতাধিকাৰীক স্থায়ী গৃহৰ ব্যৱস্থা কৰা হৈছে, যিয়ে জনজাতীয় জনসংখ্যা উন্নীত কৰাৰ বাবে চৰকাৰৰ দায়বদ্ধতাক আৰু অধিক শক্তিশালী কৰিছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ সংযুক্ত প্ৰচেষ্টাত ছট্টিশগড়ৰ দ্ৰুত পৰিৱৰ্তনক প্ৰশংসা কৰি জনসাধাৰণৰ মাজত বৃদ্ধি পোৱা আত্মবিশ্বাসৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ সুকমা জিলাৰ স্বাস্থ্য কেন্দ্ৰই ৰাষ্ট্ৰীয় গুণগত মানৰ প্ৰমাণপত্ৰ লাভ কৰা আৰু দন্তেৱাড়াত দীৰ্ঘদিন ধৰি বন্ধ হৈ থকা স্বাস্থ্য কেন্দ্ৰ পুনৰ মুকলি কৰা আদি গুৰুত্বপূৰ্ণ পদক্ষেপক স্বাস্থ্যসেৱাৰ সুবিধা উন্নত কৰাৰ যাত্ৰাত মাইলৰ খুঁটি হিচাপে উল্লেখ কৰে। তেওঁ দৃঢ়তাৰে কয় যে এই উন্নয়নসমূহে নক্সাল প্ৰভাৱিত অঞ্চলসমূহত স্থায়ী শান্তিৰ পথ প্ৰশস্ত কৰিছে। ২০২৪ চনৰ ডিচেম্বৰ মাহত মন কি বাত অনুষ্ঠানত আলোচনা কৰা বাষ্টাৰ অলিম্পিকৰ কথা উল্লেখ কৰি মোদীয়ে ৰাজ্যখনৰ ইতিবাচক পৰিৱৰ্তনৰ প্ৰমাণ হিচাপে হাজাৰ হাজাৰ যুৱকৰ উৎসাহী অংশগ্ৰহণক আলোকপাত কৰে। তেওঁ ছট্টিশগড়ৰ যুৱ সমাজৰ উজ্জ্বল ভৱিষ্যতৰ প্ৰতি আস্থা প্ৰকাশ কৰি ৰাজ্যত নতুন শিক্ষা নীতিৰ ফলপ্ৰসূ ৰূপায়ণৰো প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰীয়ে ছট্টিশগড়ত প্ৰায় ৩৫০খনকে ধৰি সমগ্ৰ ভাৰতত ১২ হাজাৰৰো অধিক আধুনিক পি এম শ্ৰী স্কুল স্থাপনৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। এই প্ৰতিষ্ঠানসমূহে আদৰ্শ বিদ্যালয় হিচাপে কাম কৰিব বুলিও তেওঁ উল্লেখ কৰে, যিয়ে ৰাজ্যখনৰ শিক্ষা ব্যৱস্থাক উন্নীত কৰাত সহায় কৰিব আৰু শৈক্ষিক উৎকৰ্ষতাৰ বাবে এক মাপকাঠী স্থাপন কৰিব।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছট্টিশগড়ৰ একলব্য আদৰ্শ বিদ্যালয়ৰ উল্লেখযোগ্য প্ৰচেষ্টাক প্ৰশংসা কৰি নক্সাল প্ৰভাৱিত অঞ্চলৰ বিদ্যালয়সমূহ পুনৰ মুকলি কৰাত আদৰণি জনায়। তেওঁ ৰাজ্যত বিদ্যা সমিতি কেন্দ্ৰ উদ্বোধন কৰি ইয়াক দেশৰ শিক্ষা ব্যৱস্থাৰ বাবে এক ডাঙৰ মাইলৰ খুঁটি বুলি অভিহিত কৰে। ইয়াৰ প্ৰভাৱৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ কয় যে এই পদক্ষেপে শ্ৰেণীকোঠাত শিক্ষক আৰু ছাত্ৰ-ছাত্ৰী উভয়কে তাৎক্ষণিক সহায় আগবঢ়াই শিক্ষাৰ মান উন্নত কৰিব।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি (এন ই পি)ৰ অধীনত এটা মূল প্ৰতিশ্ৰুতি পূৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰে, সেয়া হৈছে হিন্দী ভাষাত চিকিৎসা আৰু অভিযান্ত্ৰিক অধ্যয়নৰ প্ৰৱৰ্তন। তেওঁ পুনৰ কয় যে এই পদক্ষেপে গাঁও, অসুবিধাগ্ৰস্ত পৰিয়ালৰ, আৰু জনজাতীয় সম্প্ৰদায়ৰ যুৱক-যুৱতীসকলৰ বাবে ভাষাৰ বাধাসমূহ ভাঙি পেলাব, যাৰ ফলত তেওঁলোকে সীমাবদ্ধতা অবিহনে নিজৰ আকাংক্ষা পূৰণ কৰিব পাৰিব। প্ৰাক্তন মুখ্যমন্ত্ৰী শ্ৰী ৰমন সিঙে স্থাপন কৰা শক্তিশালী ভেটিৰ কথা স্বীকাৰ কৰি মোদীয়ে চৰকাৰক আৰু অধিক শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। তেওঁ অহা ২৫ বছৰত এই ভেটিৰ ওপৰত উন্নয়নৰ এক বৃহৎ গাঁথনি গঢ়ি তোলাৰ দৃষ্টিভংগী প্ৰকাশ কৰে, যাৰ ফলত স্থায়ী অগ্ৰগতি আৰু বিকাশ নিশ্চিত কৰা হ’ব।

 

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছট্টিশগড়ৰ সম্পদ, আকাংক্ষা, সম্ভাৱনাৰ সমৃদ্ধিৰ ওপৰত আলোকপাত কৰি ৰাজ্যখনে ৫০ বছৰীয়া জয়ন্তীৰ ভিতৰত দেশৰ অন্যতম আগশাৰীৰ ৰাজ্য হিচাপে আত্মপ্ৰকাশ কৰাৰ এক অভিলাষী লক্ষ্য নিৰ্ধাৰণ কৰে। ভাষণৰ সামৰণিত তেওঁ আশ্বাস দিয়ে যে উন্নয়নৰ সুফল যাতে ছট্টিশগড়ৰ প্ৰতিটো পৰিয়াললৈ যায় তাৰ বাবে চৰকাৰে কোনো কষ্টৰ ক্ৰুটি নকৰে।

অনুষ্ঠানত ছট্টিশগড়ৰ ৰাজ্যপাল শ্ৰীযুত ৰমেন ডেকা, মুখ্যমন্ত্ৰী শ্ৰী বিষ্ণু দেও ছাই, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী মনোহৰ লাল আৰু শ্ৰী টোখন সাহু, ছট্টিশগড় বিধানসভাৰ অধ্যক্ষ, শ্ৰী ৰমন সিং আৰু অন্যান্য বিশিষ্ট ব্যক্তিৰ লগতে উপস্থিত থাকে।

পটভূমি

দেশৰ শক্তি খণ্ড বৃদ্ধিৰ প্ৰতি নিজৰ দায়বদ্ধতাক পুনৰ দৃঢ় কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছট্টিশগড়ক শক্তি উৎপাদনৰ ক্ষেত্ৰত স্বাৱলম্বী কৰি তোলাৰ লগতে সুলভ মূল্যৰ আৰু নিৰ্ভৰযোগ্য বিদ্যুৎ প্ৰদানৰ বাবে চলি থকা প্ৰচেষ্টাৰ ওপৰত আলোকপাত কৰে। এই পদক্ষেপসমূহৰ অংশ হিচাপে তেওঁ বিলাসপুৰ জিলাত এন টি পি চি ছিপাট ছুপাৰ থাৰ্মেল পাৱাৰ প্ৰজেক্ট ষ্টেজ-III (১x৮০০ মেগাৱাট)ৰ আধাৰশিলা স্থাপন কৰে, যিটো প্ৰকল্পৰ মূল্য ৯,৭৯০ কোটিৰো অধিক। এই পিট-হেড প্লাণ্টটোৱে অত্যাধুনিক আল্ট্ৰা-ছুপাৰক্ৰিটিকেল প্ৰযুক্তি ব্যৱহাৰ কৰিব, যাৰ ফলত উচ্চ শক্তি উৎপাদনৰ কাৰ্যক্ষমতা নিশ্চিত হ’ব। ইয়াৰ উপৰিও মোদীয়ে ছট্টিশগড় ষ্টেট পাৱাৰ জেনেৰেচন কোম্পানী লিমিটেডৰ (চি এছ পি জি চি এল)ৰ অধীনত চত্তীশগড়ৰ প্ৰথমটো ছুপাৰ ক্ৰিটিকেল থাৰ্মেল পাৱাৰ প্ৰজেক্ট (২x৬৬০ মেগাৱাট) নিৰ্মাণৰ কাম আৰম্ভ কৰে, য’ত ১৫,৮০০ কোটি টকাৰো অধিক বিনিয়োগ কৰা হয়। ৰাজ্যখনৰ শক্তিৰ আন্তঃগাঁথনি আৰু অধিক শক্তিশালী কৰি প্ৰধানমন্ত্ৰীয়ে পশ্চিম অঞ্চল সম্প্ৰসাৰণ আঁচনিৰ অধীনত POWERGRIDৰ তিনিটা শক্তি সঞ্চাৰণ প্ৰকল্পও উৎসৰ্গা কৰে, যাৰ সামূহিকভাৱে ৫৬০ কোটি টকাৰো অধিক মূল্যৰ, যাৰ ফলত দেশৰ শক্তি সামৰ্থ্যক আগুৱাই নিয়াৰ বাবে তেওঁৰ চৰকাৰৰ দায়বদ্ধতাক অধিক শক্তিশালী কৰা হয়।

ভাৰতৰ শূন্য-শূন্য নিৰ্গমনৰ লক্ষ্য আৰু বায়ু প্ৰদূষণ হ্ৰাসৰ প্ৰতিশ্ৰুতিক আগুৱাই লৈ গৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কোৰিয়া, সুৰজপুৰ, বলৰামপুৰ, আৰু ছুৰগুজা জিলাত ভাৰত পেট্ৰলিয়াম কৰ্প’ৰেশ্যন লিমিটেড (বিপিচিএল)ৰ চিটি গেছ বিতৰণ (চিজিডি) প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। ১২৮৫ কোটি টকাৰো অধিক মূল্যৰ এই প্ৰকল্পত ২০০ কিলোমিটাৰতকৈও অধিক দৈৰ্ঘ্যৰ উচ্চ চাপৰ পাইপলাইন, ৮০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ মধ্যম ঘনত্বৰ পলিইথাইলিন (এমডিপিই) পাইপলাইন নেটৱৰ্ক, আৰু স্বচ্ছ শক্তি সমাধানৰ প্ৰসাৰৰ বাবে একাধিক চিএনজি বিতৰণ আউটলেট আদি অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ উপৰিও মোদীয়ে হিন্দুস্তান পেট্ৰলিয়াম কৰ্প’ৰেশ্যন লিমিটেড (এইচ পি চি এল)ৰ বিশাখ-ৰাইপুৰ পাইপলাইন (ভি আৰ পি এল) প্ৰকল্পৰ সূচনা কৰে, যিটো ২,২১০ কোটি টকাতকৈ অধিক মূল্যৰ ৫৪০ কিলোমিটাৰ দৈৰ্ঘ্যৰ বহু উৎপাদন পাইপলাইন। পেট্ৰ’ল, ডিজেল, আৰু কেৰাচিন পৰিবহণৰ বাবে ডিজাইন কৰা এই পাইপলাইনৰ ক্ষমতা বছৰি ৩০ লাখ মেট্ৰিক টনতকৈ অধিক হ’ব, যাৰ ফলত ভাৰতৰ শক্তিৰ আন্তঃগাঁথনি আৰু অধিক শক্তিশালী হ’ব আৰু ইন্ধনৰ দক্ষ বিতৰণ নিশ্চিত হ’ব।

 

ছট্টিশগড়ত সংযোগ উন্নত কৰাৰ বাবে এক বৃহৎ ঠেলা মাৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুঠ ১০৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৭টা ৰে’ল প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। ইয়াৰ উপৰিও তেওঁ ১১১ কিলোমিটাৰ দৈৰ্ঘ্যৰ তিনিটা সম্পূৰ্ণ ৰে’ল প্ৰকল্প দেশৰ বাবে উৎসৰ্গা কৰিছিল, য’ত ২৬৯০ কোটি টকাৰো অধিক বিনিয়োগ কৰা হৈছিল। উন্নত ৰে’ল সংযোগৰ বাবে তেওঁৰ দৃষ্টিভংগীৰ অংশ হিচাপে মোদীয়ে মন্দিৰ হাছাউদ হৈ অভানপুৰ-ৰাইপুৰ পথত নতুন এমইএমইউ ৰে’ল সেৱাৰ ফ্লেগ অফ কৰে, যাৰ ফলত আঞ্চলিক পৰিবহণ ব্যৱস্থা আৰু অধিক বৃদ্ধি পায়। তেওঁ ছট্টিশগড়ত ভাৰতীয় ৰে’লৱেৰ নেটৱৰ্ক ১০০% বিদ্যুৎকৰণৰ কথাও ঘোষণা কৰে, যিয়ে ৰাজ্যখনৰ ৰে’ল আন্তঃগাঁথনিৰ ক্ষেত্ৰত এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে চিহ্নিত কৰে। এই প্ৰকল্পসমূহৰ লক্ষ্য হৈছে যানজঁট হ্ৰাস কৰা, সংযোগ উন্নত কৰা, আৰু সমগ্ৰ অঞ্চলটোত সামাজিক আৰু অৰ্থনৈতিক বৃদ্ধিৰ সূচনা কৰা।

ছট্টিশগড়ৰ পথ সংযোগ বৃদ্ধিৰ প্ৰয়াসত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় ঘাইপথ ৯৩০ (৩৭ কিলোমিটাৰ)ৰ উন্নীতকৃত ঝলমালাৰ পৰা শ্বেৰপাৰ অংশ আৰু ৪৩ নং ৰাষ্ট্ৰীয় ঘাইপথৰ অম্বিকাপুৰ-পাথালগাঁও অংশ (৭৫ কিলোমিটাৰ) দুয়োটা পকী কান্ধৰ সৈতে দুটা লেনলৈ সম্প্ৰসাৰিত কৰি ৰাষ্ট্ৰৰ বাবে উৎসৰ্গা কৰে। ইয়াৰ উপৰিও তেওঁ ১৩০ডি ৰাষ্ট্ৰীয় ঘাইপথৰ কোণ্ডাগাঁও-নাৰায়ণপুৰ অংশ (৪৭.৫ কিলোমিটাৰ) পকী কান্ধৰ দুলেনযুক্ত ঘাইপথলৈ উন্নীতকৰণৰ আধাৰশিলা স্থাপন কৰে। ১২৭০ কোটি টকাৰো অধিক মূল্যৰ এই আন্তঃগাঁথনি প্ৰকল্পসমূহে জনজাতীয় আৰু উদ্যোগিক অঞ্চলসমূহৰ সুলভতা যথেষ্ট উন্নত কৰি ৰাজ্যখনৰ সামগ্ৰিক উন্নয়ন আৰু অৰ্থনৈতিক বিকাশৰ পোষকতা কৰিব বুলি আশা কৰা হৈছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সকলোৰে বাবে গুণগত শিক্ষা সুনিশ্চিত কৰাৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰি চত্তীশগড়ত দুটা ফ্লেগশ্বিপ শৈক্ষিক পদক্ষেপ উচৰ্গা কৰে ক্ৰমে - ২৯ খন জিলাৰ ১৩০ পিএম শ্ৰী বিদ্যালয় উন্নীতকৰণ আৰু ৰায়পুৰত বিদ্যা সমিতি কেন্দ্ৰ (VSK) প্ৰতিষ্ঠা। পি এম স্কুলছ ফৰ ৰাইজিং ইণ্ডিয়া (পিএম শ্ৰী) আঁচনিৰ অধীনত ১৩০খন বিদ্যালয়ক উন্নত আন্তঃগাঁথনি, স্মাৰ্ট ব’ৰ্ড, অত্যাধুনিক পৰীক্ষাগাৰ, আৰু সুসজ্জিত পুথিভঁৰালেৰে আধুনিকীকৰণ কৰা হ’ব, যাৰ লক্ষ্য হৈছে ছাত্ৰ-ছাত্ৰীসকলক উচ্চমানৰ শিক্ষা প্ৰদান কৰা। ইয়াৰ উপৰিও ৰায়পুৰৰ বিদ্যা সমিতি কেন্দ্ৰই বিভিন্ন চৰকাৰী শিক্ষা আঁচনিৰ বাস্তৱ সময়ৰ নিৰীক্ষণ আৰু তথ্য বিশ্লেষণৰ সুবিধা প্ৰদান কৰিব, যাৰ ফলত সমগ্ৰ ৰাজ্যতে ইয়াৰ ৰূপায়ণ আৰু ফলপ্ৰসূতা বৃদ্ধি পাব।

গ্ৰাম্য পৰিয়ালসমূহৰ স্বাস্থ্য, সুৰক্ষা, আৰু সামগ্ৰিক মংগল বৃদ্ধিৰ সমান্তৰালভাৱে পৰ্যাপ্ত গৃহ প্ৰদানৰ প্ৰতিশ্ৰুতি পূৰণ কৰি প্ৰধানমন্ত্ৰী আৱাস যোজনা – গ্ৰামীণ (PMAY-G)ৰ অধীনত ৩ লাখ হিতাধিকাৰীৰ বাবে গৃহপ্ৰৱেশ অনুষ্ঠান অনুষ্ঠিত হ’ব। অনুষ্ঠানৰ অংশ হিচাপে প্ৰধানমন্ত্ৰীয়ে ব্যক্তিগতভাৱে আঁচনিৰ একাংশ হিতাধিকাৰীক চাবি প্ৰদান কৰে।

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Why The SHANTI Bill Makes Modi Government’s Nuclear Energy Push Truly Futuristic

Media Coverage

Why The SHANTI Bill Makes Modi Government’s Nuclear Energy Push Truly Futuristic
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM to visit Assam on 20-21 December
December 19, 2025
PM to inaugurate and lay the foundation stone of projects worth around Rs. 15,600 crore in Assam
PM to inaugurate New Terminal Building of Lokapriya Gopinath Bardoloi International Airport in Guwahati
Spread over nearly 1.4 lakh square metres, New Terminal Building is designed to handle up to 1.3 crore passengers annually
New Terminal Building draws inspiration from Assam’s biodiversity and cultural heritage under the theme “Bamboo Orchids”
PM to perform Bhoomipujan for Ammonia-Urea Fertilizer Project of Assam Valley Fertilizer and Chemical Company Limited at Namrup in Dibrugarh
Project to be built with an estimated investment of over Rs. 10,600 crore and help meet fertilizer requirements of Assam & neighbouring states and reduce import dependence
PM to pay tribute to martyrs at Swahid Smarak Kshetra in Boragaon, Guwahati

Prime Minister Shri Narendra Modi will undertake a visit to Assam on 20-21 December. On 20th December, at around 3 PM, Prime Minister will reach Guwahati, where he will undertake a walkthrough and inaugurate the New Terminal Building of Lokapriya Gopinath Bardoloi International Airport. He will also address the gathering on the occasion.

On 21st December, at around 9:45 AM, Prime Minister will pay tribute to martyrs at Swahid Smarak Kshetra in Boragaon, Guwahati. After that, he will travel to Namrup in Dibrugarh, Assam, where he will perform Bhoomi Pujan for the Ammonia-Urea Project of Assam Valley Fertilizer and Chemical Company Ltd. He will also address the gathering on the occasion.

Prime Minister will inaugurate the new terminal building of Lokapriya Gopinath Bardoloi International Airport in Guwahati, marking a transformative milestone in Assam’s connectivity, economic expansion and global engagement.

The newly completed Integrated New Terminal Building, spread over nearly 1.4 lakh square metres, is designed to handle up to 1.3 crore passengers annually, supported by major upgrades to the runway, airfield systems, aprons and taxiways.

India’s first nature-themed airport terminal, the airport’s design draws inspiration from Assam’s biodiversity and cultural heritage under the theme “Bamboo Orchids”. The terminal makes pioneering use of about 140 metric tonnes of locally sourced Northeast bamboo, complemented by Kaziranga-inspired green landscapes, japi motifs, the iconic rhino symbol and 57 orchid-inspired columns reflecting the Kopou flower. A unique “Sky Forest”, featuring nearly one lakh plants of indigenous species, offers arriving passengers an immersive, forest-like experience.

The terminal sets new benchmarks in passenger convenience and digital innovation. Features such as full-body scanners for fast, non-intrusive security screening, DigiYatra-enabled contactless travel, automated baggage handling, fast-track immigration and AI-driven airport operations ensure seamless, secure and efficient journeys.

Prime Minister will visit the Swahid Smarak Kshetra to pay homage to the martyrs of the historic Assam Movement, a six-year-long people’s movement that embodied the collective resolve for a foreigner-free Assam and the protection of the State’s identity.

Later in the day, Prime Minister will perform Bhoomipujan of the new brownfield Ammonia-Urea Fertilizer Project at Namrup, in Dibrugarh, Assam, within the existing premises of Brahmaputra Valley Fertilizer Corporation Limited (BVFCL).

Furthering Prime Minister’s vision of Farmers’ Welfare, the project, with an estimated investment of over Rs. 10,600 crore, will meet fertilizer requirements of Assam and neighbouring states, reduce import dependence, generate substantial employment and catalyse regional economic development. It stands as a cornerstone of industrial revival and farmer welfare.