আজি নৱবৰ্ষৰ নৱৰাত্ৰিৰ শুভ দিনটোতেই ছট্টিশগড়ৰ তিনি লাখ দৰিদ্ৰ পৰিয়ালে নতুন ঘৰত প্ৰৱেশ কৰিছে - প্ৰধানমন্ত্ৰী
দৰিদ্ৰ জনজাতীয় লোকৰ স্বাস্থ্যসেৱা সুবিধা আৰু চিকিৎসা ব্যৱস্থাৰ বাবে চৰকাৰ সদাসচেতন। - প্ৰধানমন্ত্ৰী
তেওঁ ছট্টিশগড়বাসীক ভগৱান ৰামৰ মাতৃ পৰিয়াল বুলি অভিহিত কৰি আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।

ভাৰত মাতা কী জয়!

ভাৰত মাতা কী জয়!

ভাৰত মাতা কী জয়!

ছত্তীশগড় মাহতাৰী কী জয়! (ছত্তীশগড়ৰ জয় হওক!)

ৰতনপুৰ ৱালী মাতা মহামায়া কী জয়!

কৰ্ম মায়া কী জয়! বাবা গুৰু ঘাচীদাস কী জয়!

(স্থানীয় ভাষাত সমবেত লোকসকলক সম্বোধন কৰি)

অন্তঃকৰণৰে ‘জয় জোহৰ’ জনাইছোঁ!

ছত্তীশগড়ৰ ৰাজ্যপাল শ্ৰী ৰমেন ডেকাজী; ৰাজ্যখনৰ জনপ্ৰিয় আৰু সদা সচেষ্ট মুখ্যমন্ত্ৰী শ্ৰী বিষ্ণুদেও সাইজী; কেন্দ্ৰীয় কেবিনেটত মোৰ সন্মানীয় সহকৰ্মী মনোহৰ লালজী; এই অঞ্চলৰ সংসদ সদস্য আৰু কেন্দ্ৰীয় মন্ত্ৰী তোখন সাহুজী; ছত্তীশগড় বিধান সভাৰ অধ্যক্ষ আৰু মোৰ মৰমৰ বন্ধু ৰমন সিংজী; উপ মুখ্যমন্ত্ৰী বিজয় শৰ্মাজী; অৰুণ সাহু জী; ছত্তীশগড় চৰকাৰৰ মন্ত্ৰী, সাংসদ আৰু বিধায়কসকল; আৰু দূৰদূৰণিৰ পৰা আহি ইয়াত সমবেত হোৱা মোৰ ভাই-ভনীসকল!

 

আজি নতুন বছৰৰ আৰম্ভণি হৈছে। এইটো হৈছে ‘নৱৰাত্ৰি’ৰ প্ৰথম দিন, আৰু এই ভূমি ‘মাতা মহামায়া’ৰ বাসস্থান হিচাপে আশীৰ্বাদপ্ৰাপ্ত। ছত্তীশগড় হৈছে ‘মাতা কৌশল্যা’ৰ পিতৃগৃহ। এই পৱিত্ৰ পৰিপ্ৰেক্ষিতত, ঐশ্বৰিক নাৰী শক্তিৰ প্ৰতি সমৰ্পিত এই ৯টা দিনে ছত্তীশগড়ৰ বাবে বিশেষ গুৰুত্ব বহন কৰে। ‘নৱৰাত্ৰি’ৰ প্ৰথম দিনাই ইয়াত উপস্থিত হৈ মই নিজকে সঁচাকৈয়ে ভাগ্যৱান বুলি বিবেচনা কৰিছোঁ। মাত্ৰ কেইদিনমান আগতে ‘ভক্তা শিৰোমণি’ ‘মাতা কৰ্মা’ৰ সন্মানত এটা ডাক টিকট জাৰী কৰা হৈছিল, আৰু এই উপলক্ষে মই আপোনালোক সকলোকে আন্তৰিক অভিনন্দন জনাইছোঁ।


বন্ধুসকল,

‘নৱৰাত্ৰি’ উৎসৱ ‘ৰাম নৱমী’ৰ বিশাল উদযাপনৰ সৈতে সমাপ্ত হ'ব, আৰু ভগৱান ৰামৰ প্ৰতি ছত্তীশগড়ৰ ভক্তি সঁচাকৈয়ে লক্ষণীয়। আমাৰ ‘ৰামনামী সমাজ’ (এটা সম্প্ৰদায়)য়ে সম্পূৰ্ণৰূপে ভগৱান ৰামৰ ঐশ্বৰিক নামৰ প্ৰতি নিজকে সমৰ্পিত কৰি আহিছে। মই ভগৱান ৰামৰ মাতৃভূমিৰ লোকসকল আৰু আপোনালোকৰ লগতে মোৰ বন্ধুবৰ্গলৈ আন্তৰিক শুভেচ্ছা জনাইছোঁ। জয় শ্ৰী ৰাম!

বন্ধুসকল,

এই পৱিত্ৰ দিনটোত ‘মোহভট্ট স্বয়ম্ভু শিৱলিংগ মহাদেৱ’ৰ আশীৰ্বাদত মোক ছত্তীশগড়ৰ উন্নয়ন অধিক ত্বৰান্বিত কৰাৰ সুযোগ দিয়া হৈছে। অলপ সময়ৰ আগতে আমি আধাৰশিলা স্থাপন কৰিছিলো আৰু ৩৩,৭০০ কোটি টকাৰো অধিক মূল্যৰ প্ৰকল্প উদ্বোধন কৰিছিলোঁ। এই প্ৰকল্পবোৰত দুখীয়া লোকসকলৰ বাবে আৱাস, বিদ্যালয়, পথ, ৰে'লপথ, বিদ্যুত আৰু গেছ পাইপলাইন অন্তৰ্ভুক্ত আছে– যি ছত্তীশগড়ৰ লোকসকলৰ জীৱনৰ মান যথেষ্ট উন্নত কৰিব। এই প্ৰকল্পসমূহে যুৱ-প্ৰজন্মৰ বাবে নতুন নিযুক্তিৰ সুযোগো সৃষ্টি কৰিব। এই গুৰুত্বপূৰ্ণ উন্নয়নমূলক প্ৰকল্পসমূহৰ বাবে আপোনালোক সকলোকে মই আন্তৰিক অভিনন্দন জনাইছোঁ।

বন্ধুসকল,

আমাৰ পৰম্পৰা অনুসৰি কাৰোবাক আশ্ৰয় দিয়াটো এক ডাঙৰ গুণ বুলি গণ্য কৰা হয়। কিন্তু এগৰাকী ব্যক্তিৰ বাবে ঘৰ এটাৰ সপোন বাস্তৱ কৰাতকৈ অধিক আনন্দ বাৰু আন কিহে আনিব পাৰে? আজি নৱৰাত্ৰি আৰু নৱবৰ্ষৰ এই পৱিত্ৰ উপলক্ষত ছত্তীশগড়ৰ তিনি লাখ দুখীয়া পৰিয়ালে তেওঁলোকৰ নতুন ঘৰত প্ৰৱেশ কৰিব। অলপ আগতে, মই তিনিগৰাকী হিতাধিকাৰীক লগ কৰাৰ সুযোগ পাইছিলো, আৰু মই তেওঁলোকৰ মুখত অপৰিসীম আনন্দ দেখিবলৈ পাইছিলোঁ। এগৰাকী মহিলা আনন্দত ইমানেই অভিভূত হৈছিল যে তেওঁ তেওঁৰ আৱেগ ধৰিকে ৰাখিব পৰা নাছিল। তেওঁলোকৰ জীৱনৰ এই নতুন অধ্যায়টোৰ বাবে মই এই তিনি লাখটা পৰিয়ালক আন্তৰিক শুভেচ্ছা জনাইছোঁ। এই দৰিদ্ৰ পৰিয়ালসমূহৰ মূৰৰ ওপৰত একোখন সুৰক্ষিত চাল দিব পৰাটো কেৱল আপোনালোক সকলোৰে বাবেহে বাস্তৱত সম্ভৱ হৈছে। মই এয়া কব পাৰিছোঁ কাৰণ আপোনালোকে ‘মোদীৰ গেৰাণ্টী’ত বিশ্বাস ৰাখিছে। পূৰ্বৱৰ্তী চৰকাৰৰ অধীনত ছত্তীশগড়ৰ লাখ লাখ পৰিয়ালৰ বাবে এটা পকী ঘৰৰ সপোন ফাইলতে আৱদ্ধ কৰি থোৱা হৈছিল। আমি আপোনালোকক আশ্বাস দিছিলো যে আমাৰ চৰকাৰে এই সপোনটো বাস্তৱায়িত কৰিব। সেয়েহে, বিষ্ণুদেও জীৰ চৰকাৰ গঠন হোৱাৰ লগে লগে, প্ৰথমখন কেবিনেট বৈঠকতে ১৮ লাখ ঘৰ নিৰ্মাণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। আজি, ইয়াৰে তিনি লাখ ঘৰ সম্পূৰ্ণ হৈছে। মই বিশেষভাৱে আনন্দিত যে ইয়াৰে বহুতো ঘৰ জনজাতীয় অঞ্চলত নিৰ্মাণ কৰা হৈছে। বস্তাৰ আৰু সুৰগুজাৰ অসংখ্য পৰিয়ালে এতিয়া পকী ঘৰ লাভ কৰিছে। যিসমূহ পৰিয়ালৰ প্ৰজন্মই অস্থায়ী কুটিৰত কষ্ট সহ্য কৰি আহিছিল তেওঁলোকৰ বাবে ইয়াৰ তাৎপৰ্যক সঁচাকৈয়ে উপলব্ধি কৰিব পাৰি। যিসকলে এই পৰিৱৰ্তনৰ প্ৰাবল্য সম্পূৰ্ণৰূপে অনুধাৱন কৰিব নোৱাৰে তেওঁলোকৰ বাবে মই এটা দৃষ্টিকোণ আগবঢ়াব খুজিছোঁ। কল্পনা কৰকচোন আপুনি যেনিবা ৰে’ল বা বাছৰে দীঘলীয়া যাত্ৰাত ওলাইছে, গোটেই পথটো থিয় হৈ যাবলগীয়া হৈছে, কিয়নো আপুনি আসন এখন পোৱা নাই। এনে পৰিস্থিতিৰ মাজতে আপুনি যদি আসন এখন সুৰক্ষিত কৰিব পাৰে তেন্তে আপুনি অনুভৱ কৰা সকাহ আৰু আনন্দ অপৰিসীম নহবনে বাৰু? এতিয়া, কল্পনা কৰকচোন যিসমূহ পৰিয়ালে তেওঁলোকৰ গোটেই জীৱন বস্তি বা কুটিৰত অতিবাহিত কৰিবলগীয়া হৈছে। আজি তেওঁলোকে পকী ঘৰলৈ যোৱাৰ মুহূৰ্তত তেওঁলোকৰ আনন্দৰ সীমা নোহোৱা নহবনে। যেতিয়া মই এই পৰিৱৰ্তন দেখিবলৈ পাওঁ, ই মোক নতুন শক্তিৰে ভৰাই তোলে আৰু মোৰ দেশবাসীৰ বাবে অক্লান্ত পৰিশ্ৰম কৰাৰ সংকল্পক অধিক শক্তিশালী কৰি তোলে।

 

বন্ধুসকল,
যদিও চৰকাৰে এই ঘৰবোৰ নিৰ্মাণত সহায় আগবঢ়াইছে, প্ৰতিটো ঘৰ কেনেদৰে নিৰ্মাণ কৰা হয় সেই সিদ্ধান্ত হিতাধিকাৰীসকলৰ ওপৰত নিৰ্ভৰ কৰে- এই সিদ্ধান্ত চৰকাৰে নলয়। এই হৈছে আপোনালোকৰ সপোনৰ ঘৰ, আৰু আমাৰ চৰকাৰে কেৱল ঘৰটোকেই নিৰ্মাণ নকৰে; ই সেইবোৰত বাস কৰা সকলৰ জীৱন সমৃদ্ধ কৰিবলৈ চেষ্টাও কৰে। এই ঘৰবোৰক শৌচালয়, বিদ্যুৎ, উজ্জ্বলা গেছৰ সংযোগ আৰু নলৰ পানীকে ধৰি অত্যাৱশ্যকীয় সা-সুবিধাৰে সজ্জিত কৰাৰ প্ৰচেষ্টা কৰা হৈছে। মই দেখিছোঁ যে আজি ইয়াত বহু সংখ্যক মাতৃ আৰু ভগ্নী উপস্থিত আছে। ইয়াৰে বেছিভাগ পকী ঘৰ আমাৰ মহিলাসকলৰ নামত পঞ্জীয়ন কৰা হৈছে। হাজাৰ হাজাৰ ভগ্নীয়ে প্ৰথমবাৰৰ বাবে তেওঁলোকৰ নামত আইনীভাৱে এটা সম্পত্তি পঞ্জীয়ন কৰিছে। মোৰ মৰমৰ মাতৃ আৰু ভগ্নীসকল, আপোনালোকৰ মুখৰ সুখকণ আৰু আপোনালোকৰ আন্তৰিক আশীৰ্বাদ হৈছে মোৰ আটাইতকৈ ডাঙৰ সম্পদ।

বন্ধুসকল,

যেতিয়া লাখে লাখে ইমান বৃহৎ সংখ্যক ঘৰ নিৰ্মাণ কৰা হয় - ই আন এক গুৰুত্বপূৰ্ণ বিকাশৰ দিশলৈ লৈ যায়। এইটো কথা বিবেচনা কৰকচোন: এই ঘৰবোৰ বাৰু কোনে নিৰ্মাণ কৰে? তেওঁলোকৰ নিৰ্মাণত ব্যৱহৃত সামগ্ৰীবোৰনো ক'ৰ পৰা আহে? এই সামগ্ৰীবোৰ দিল্লী বা মুম্বাইৰ পৰা আহৰণ কৰা নহয়; বৰঞ্চ, সেইবোৰ স্থানীয় বজাৰৰ পৰাই অনা হয়। বৃহৎ পৰিমাণৰ ঘৰ নিৰ্মাণে আমাৰ মিস্ত্ৰী, দক্ষ শ্ৰমিক যেনে- ৰাণী মিস্ত্ৰী (ৰাণী/পকা কাম কৰা মিস্ত্ৰী), আৰু গাঁওবোৰৰ শ্ৰমিকসকলক নিযুক্তি প্ৰদান কৰে। ই স্থানীয় সৰু দোকানীসকলকো লাভান্বিত কৰে যিয়ে নিৰ্মাণ সামগ্ৰী যোগান ধৰে। ইয়াৰ উপৰিও, যিসকলে এই সামগ্ৰীবোৰ ট্ৰাক আৰু অন্যান্য বাহনত পৰিবহন কৰে তেওঁলোকেও নিযুক্তিৰ সুযোগ লাভ কৰে। এনেদৰে, লাখ লাখ ঘৰ নিৰ্মাণে কেৱল আশ্ৰয়কে প্ৰদান নকৰে, সমগ্ৰ ছত্তীশগড়ত ব্যাপক নিযুক্তিৰো সৃষ্টি কৰিছে।

বন্ধুসকল,

বিজেপি চৰকাৰে ছত্তীশগড়ৰ জনসাধাৰণক দিয়া প্ৰতিটো প্ৰতিশ্ৰুতি দৃঢ়তাৰে পূৰণ কৰি আছে। মুখ্যমন্ত্ৰীয়ে এইমাত্ৰ উল্লেখ কৰে যে শেহতীয়াকৈ স্থানীয় স্বায়ত্ত-শাসিত প্ৰতিষ্ঠানসমূহৰ নিৰ্বাচন অনুষ্ঠিত হৈছে- তিনি স্তৰীয় নিৰ্বাচন- আৰু আপোনালোকে দেখুওৱা অভূতপূৰ্ব সমৰ্থন সঁচাকৈয়ে প্ৰশংসনীয়। আজি মই আপোনালোকৰ সন্মুখত থিয় হৈ থকাৰ সময়ত, মই এই সুযোগতে আপোনালোকৰ বিশ্বাস আৰু আশীৰ্বাদৰ বাবে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।

বন্ধুসকল,

বিভিন্ন চৰকাৰী আঁচনিৰ বহু সংখ্যক হিতাধিকাৰীও আজি ইয়াত সমবেত হৈছে। আপোনালোকে ব্যক্তিগতভাৱে প্ৰত্যক্ষ কৰিছে যে আমাৰ চৰকাৰে কিমান দ্ৰুততাৰে ইয়াৰ প্ৰতিশ্ৰুতিসমূহক সন্মান জনাইছে। আমি ছত্তীশগড়ৰ মহিলাসকলক দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিছো। ধান খেতিয়কসকলে দুবছৰৰ বাবে প্ৰাপ্য বোনাচ লাভ কৰিছে, আৰু বৰ্ধিত ‘ন্যূনতম সমৰ্থন মূল্য’ (এমএছপি)ত ধান  ক্ৰয় কৰা হৈছে। ইয়াৰ ফলস্বৰূপে, লাখ লাখ কৃষক পৰিয়ালে একেলগে হাজাৰ হাজাৰ কোটি টকা লাভ কৰিছে। পূৰ্বৱৰ্তী কংগ্ৰেছ চৰকাৰৰ অধীনত, নিযুক্তি পৰীক্ষাবোৰ ব্যাপক দুৰ্নীতিৰ দ্বাৰা পীড়িত হৈছিল। বিজেপি চৰকাৰে এই পৰীক্ষা কেলেংকাৰীবোৰৰ পুংখানুপুংখ তদন্তৰ নিৰ্দেশ দিছে। তদুপৰি, আমি এতিয়া নিযুক্তি পৰীক্ষাসমূহ সম্পূৰ্ণ স্বচ্ছতাৰে অনুষ্ঠিত কৰাটো নিশ্চিত কৰিছো। এই সৎ প্ৰচেষ্টাই বিজেপিৰ প্ৰতি জনসাধাৰণৰ আস্থা শক্তিশালী কৰিছে। বিধানসভা আৰু লোকসভা নিৰ্বাচনৰ পিছত বিজেপিয়ে এতিয়া পৌৰ নিৰ্বাচনতো জয়লাভ কৰিছে, ছত্তীশগড় জুৰি ইয়াৰ পতাকাই লহৰ তুলিছে। ৰাজ্যখনৰ ৰাইজে বিজেপি চৰকাৰৰ দৃষ্টিভংগী আৰু পদক্ষেপক আন্তৰিকতাৰে সমৰ্থন কৰিছে।

বন্ধুসকল,

ছত্তীশগড়ে এতিয়া ৰাজ্য হিচাপে ২৫টা বছৰ সম্পূৰ্ণ কৰি ৰূপালী জয়ন্তী বৰ্ষত উপস্থিত হৈছে। কাকতালীয়ভাৱে, এই বছৰটোতে অটল জীৰ শতবাৰ্ষিকীও উদযাপিত হৈছে। তেওঁৰ উত্তৰাধিকাৰিত্বৰ সন্মানত ছত্তীশগড় চৰকাৰে ২০২৫ চনত ‘অটল নিৰ্মাণ বৰ্ষ’ হিচাপে উদযাপন কৰিছে। আমাৰ প্ৰতিশ্ৰুতি স্পষ্ট- আমি ইয়াক নিৰ্মাণ কৰিছোঁ, আৰু আমি ইয়াক আৰু অধিক উন্নত কৰিম। আজি উদ্বোধন কৰা বা আৰম্ভ কৰা প্ৰতিটো আন্তঃগাঁথনিমূলক প্ৰকল্প এই সংকল্পৰে প্ৰমাণ।

 

বন্ধুসকল,

উন্নয়নৰ লাভালাভ ইয়াৰ লোকসকলৰ ওচৰলৈ যোৱাটো নিশ্চিত কৰিবলৈ ছত্তীশগড় এখন পৃথক ৰাজ্য হিচাপে সৃষ্টি কৰা হৈছিল। অৱশ্যে, কংগ্ৰেছৰ শাসনত উন্নয়ন স্থবিৰ হৈছিল, আৰু য'তেই কাম কৰা হৈছিল, দুৰ্নীতিৰ পয়োভৰ ঘটিছিল। কংগ্ৰেছ দলে কেতিয়াও আপোনালোকৰ কল্যাণৰ প্ৰতি সঁচাকৈয়ে গুৰুত্ব দিয়া নাছিল। কিন্তু আমাৰ চৰকাৰ ইয়াৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। আমি আপোনালোকৰ জীৱন, আপোনালোকৰ আৰাম আৰু আপোনালোকৰ সন্তানৰ ভৱিষ্যতক প্ৰাথমিকতা দিছোঁ। আমাৰ চৰকাৰে ছত্তীশগড়ৰ প্ৰতিখন গাঁৱৰ বাবেই উন্নয়নমূলক পদক্ষেপ লৈ আছে। মই ইয়াত এগৰাকী যুৱতীক এখন পেইণ্টিং দাঙি থকা দেখিছোঁ। মই নিৰাপত্তাকৰ্মীসকলক তেওঁৰ নাম আৰু ঠিকনা ল'বলৈ অনুৰোধ জনাইছোঁ। বেটী, মই তোমালৈ এখন চিঠি প্ৰেৰণ কৰিম। কোনোবাই অনুগ্ৰহ কৰি পেইণ্টিংখন সংগ্ৰহ কৰক আৰু ই যাতে মোৰ ওচৰলৈ আহি পাই সেয়া নিশ্চিত কৰক। ধন্যবাদ, বেটা। বহুত বহুত ধন্যবাদ। আজি, আপোনালোকে পৰিৱৰ্তন হোৱা দেখিবলৈ পাইছে– ভাল ৰাস্তাবোৰ এতিয়া আনকি আটাইতকৈ দূৰণিবটীয়া জনজাতীয় অঞ্চলবোৰকো সামৰি লৈছে। প্ৰথমবাৰৰ বাবে, ৰেলে নতুন অঞ্চলক সংযোগ কৰিছে, আৰু মই ইয়াত এটা নতুন সেৱা আৰম্ভ কৰিছোঁ। প্ৰথমবাৰৰ বাবে এই ঠাইবোৰত বিদ্যুৎ উপনীত হৈছে, নলেৰে পানীৰ যোগান বাস্তৱত পৰিণত হৈছে, আৰু আগতে কেতিয়াও সংযোগ নথকা এলেকাবোৰত ‘মোবাইল টাৱাৰ’ স্থাপন কৰা হৈছে। নতুন বিদ্যালয়, মহাবিদ্যালয় আৰু চিকিৎসালয় নিৰ্মাণ কৰা হৈছে। ছত্তীশগড়ৰ দৃশ্যপট সলনি হৈ আছে, আৰু ইয়াৰ সৈতে ইয়াৰ ভাগ্য পুনৰ লিখা হৈছে।

বন্ধুসকল,

ছত্তীশগড়ে এতিয়া সেই ৰাজ্যসমূহৰ শাৰীত যোগদান কৰিছে য'ত ৰে'লৱে’ নেটৱৰ্কৰ ১০০% বৈদ্যুতিকীকৰণৰ কাম চলি আছে – এয়া এক উল্লেখযোগ্য সাফল্য। বৰ্তমান ছত্তীশগড়ত প্ৰায় ৪০,০০০ কোটি টকাৰ ৰে'ল প্ৰকল্পৰ কাম চলি আছে। ইয়াৰ উপৰিও, এই বছৰৰ বাজেটত বিশেষকৈ ৰাজ্যখনৰ ৰে'ল আন্তঃগাঁথনিৰ বাবে ৭,০০০ কোটি টকা আৱণ্টিত কৰা হৈছে। এই উন্নয়নবোৰে ছত্তীশগড়ৰ বিভিন্ন অঞ্চলত ৰে'ল সংযোগ যথেষ্ট বৃদ্ধি কৰাৰ লগতে চুবুৰীয়া ৰাজ্যসমূহৰ সৈতে সম্পৰ্ক উন্নত কৰিব।

বন্ধুসকল,

বিত্তীয় সম্পদৰ লগতে বিকাশৰ বাবে ভাল উদ্দেশ্য হৈছে অপৰিহাৰ্য। যদি চিন্তা আৰু কাৰ্য দুয়োটাতে অসততা থাকে - যেনেকৈ আমি কংগ্ৰেছৰ শাসনৰ অধীনত দেখিছিলো - তেনেহ'লে আটাইতকৈ ডাঙৰ কোষাগাৰটোও উদং হৈ পৰিব। আমি কংগ্ৰেছৰ কাৰ্যকালত এনে হোৱা দেখিছোঁ, য'ত দুৰ্নীতি আৰু অব্যৱস্থাই উন্নয়নক জনজাতীয় অঞ্চলত উপনীত হোৱাত বাধা দিছিল। কয়লাকে উদাহৰণ হিচাপে লওঁকচোন- ছত্তীশগড় কয়লাৰ ভাণ্ডাৰৰে সমৃদ্ধ, তথাপিও ৰাজ্যখনে ইয়াৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ পৰ্যাপ্ত বিদ্যুৎ পাবলৈ সংগ্ৰাম কৰিব লগীয়া হৈছিল। কংগ্ৰেছৰ শাসনকালত, শক্তি খণ্ড অৱহেলিত হৈ আছিল, আৰু বিদ্যুৎ প্ৰকল্প বিকশিত কৰাৰ বাবে সামান্য প্ৰচেষ্টাহে কৰা হৈছিল। ইয়াৰ বিপৰীতে, আমাৰ চৰকাৰে এতিয়া এক নিৰ্ভৰযোগ্য শক্তি যোগান নিশ্চিত কৰিবলৈ সক্ৰিয়ভাৱে নতুন শক্তি প্ৰকল্প স্থাপন কৰি আছে।

 

বন্ধুসকল,

আমি সৌৰ শক্তিৰ পৰা বিদ্যুৎ উৎপাদনৰ বাবেও গুৰুত্বপূৰ্ণ প্ৰচেষ্টা চলাই আছো। মই আপোনালোকক মোদীয়ে আৰম্ভ কৰা এক উল্লেখযোগ্য আঁচনিৰ সৈতে পৰিচয় কৰাই দিব খুজিছোঁ – এইখন এনে এক আঁচনি যি আপোনালোকৰ বিদ্যুতৰ বিল নাইকিয়া কৰিব আৰু আনকি ঘৰত বিদ্যুৎ উৎপাদন কৰি আপোনালোকক ধন উপাৰ্জন কৰিবলৈ অনুমতিহে দিয়া হ’ব। এই উদ্যোগটোক ‘প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ বিনামূলীয়া বিজুলী যোজনা’ বুলি কোৱা হয়। এই আঁচনিৰ অধীনত আমাৰ চৰকাৰে সৌৰ পাত স্থাপনৰ বাবে প্ৰতিটো পৰিয়ালত ৭০,০০০-৮০,০০০ টকাৰ বিত্তীয় সাহায্য প্ৰদান কৰি আছে। ছত্তীশগড়ত এই আঁচনিখনৰ বাবে ইতিমধ্যে দুই লাখৰো অধিক পৰিয়ালে পঞ্জীয়ন কৰিছে। মই আপোনালোক সকলোকে এই উদ্যোগত যোগদান কৰিবলৈ আৰু ইয়াৰ লাভ আদায় কৰিবলৈ উৎসাহিত কৰিব খুজিছোঁ।

বন্ধুসকল,

সুশাসন আৰু দৃষ্টিভংগীৰ আন এটা উদাহৰণ হ'ল গেছ পাইপলাইনৰ বিকাশ। ছত্তীশগড় এক ভূ-বেষ্টিত ৰাজ্য হোৱাৰ বাবে সাগৰৰ পৰা বহু দূৰত গেছ যোগানক এক গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বান কৰি তুলিছে। পূৰ্বৱৰ্তী চৰকাৰে গেছ আন্তঃগাঁথনিত পৰ্যাপ্ত বিনিয়োগ কৰাত ব্যৰ্থ হৈছিল, যাৰ ফলত ৰাজ্যখন ব্যয়বহুল পৰিবহন পদ্ধতিৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিছিল। আমি এতিয়া এই সমস্যাটো মুখামুখিকৈ সমাধান কৰি আছো। আমাৰ চৰকাৰে ছত্তীশগড়ত সক্ৰিয়ভাৱে গেছ পাইপলাইন স্থাপন কৰি আছে, যাৰ ফলত ট্ৰাকৰ দ্বাৰা পেট্ৰ'লিয়াম সামগ্ৰী পৰিবহনৰ ক্ষেত্ৰত নিৰ্ভৰশীলতা হ্ৰাস পাইছে। ইয়াৰ ফলত ইন্ধন আৰু শক্তি সম্পৰ্কীয় সামগ্ৰীৰ মূল্য হ্ৰাস হ'ব। ইয়াৰ উপৰিও, গেছ পাইপলাইনৰ প্ৰৱৰ্তনৰ ফলত বাহনবোৰ ‘চিএনজি’ত চলাব পৰা যাব, যি এক পৰিষ্কাৰ আৰু অধিক সুলভ বিকল্প প্ৰদান কৰিব। সেইদৰে, এই পদক্ষেপে পোনপটীয়াকৈ ঘৰলৈ পাইপৰে ৰন্ধন গেছ আনিব। পাইপৰ জৰিয়তে পাকঘৰলৈ পানী প্ৰবাহিত হোৱাৰ দৰে গেছ এতিয়া একেধৰণে যোগান ধৰা হ'ব। আমি বৰ্তমান দুই লাখতকৈয়ো অধিক ঘৰলৈ পোনপটীয়া পাইপযুক্ত গেছ যোগান সংযোগ কৰাৰ দিশত কাম কৰি আছো। ঘৰুৱা লাভালাভৰ উপৰিও গেছৰ উপলব্ধতাই ছত্তীশগড়ত নতুন উদ্যোগৰ পথ প্ৰশস্ত কৰিব। ইয়াৰ ফলত, হাজাৰ হাজাৰ নতুন চাকৰিৰ সুযোগ সৃষ্টি হ'ব।

বন্ধুসকল,

যোৱা দশকবোৰত কংগ্ৰেছৰ নীতিয়ে ছত্তীশগড়কে ধৰি কেবাখনো ৰাজ্যত নক্সালবাদ বিস্তাৰিত কৰাত ইন্ধন যোগাইছিল। কিন্তু ৬০ বছৰ শাসন কৰা দলটোৱে কি কৰিছিল? প্ৰত্যাহ্বানসমূহৰ মোকাবিলা কৰাৰ পৰিৱৰ্তে ই কেৱল এনে জিলাবোৰক পিছপৰা বুলি ঘোষণা কৰিছিল আৰু ইয়াৰ দায়িত্বৰ পৰা আঁতৰি গৈছিল। ফলস্বৰূপে, আমাৰ যুৱপ্ৰজন্মৰ গোটেই প্ৰজন্মটোৱেই হেৰাই গৈছিল। বহুতো মাতৃয়ে তেওঁলোকৰ পুত্ৰসকলক হৃদয়বিদাৰক ভাৱে হেৰুওৱাব লগা হৈছিল আৰু অগণন ভগ্নীয়ে তেওঁলোকৰ ভাতৃসকলৰ বাবে দুখী হৈ পৰিছিল।

বন্ধুসকল,

সেই অতীতৰ চৰকাৰসমূহে দেখুওৱা উদাসীনতাই কেৱল সংকটটো অব্যাহতহে ৰাখিছিল।  কেনেদৰে কিছুমান অতি দুখীয়া জনজাতীয় পৰিয়ালে ছত্তীশগড়ৰ বিভিন্ন জিলাত সংগ্ৰাম কৰি আছিল সেই কথা আপোনালোকে নিজেই প্ৰত্যক্ষ কৰি আহিছে। কংগ্ৰেছ চৰকাৰে কেতিয়াও তেওঁলোকৰ যত্ন নল'লে। কিন্ত আমি সেয়া কৰিছোঁ। আমি নিশ্চিত কৰিছিলো যে দৰিদ্ৰ জনজাতীয় পৰিয়ালবোৰে স্বচ্ছ ভাৰত অভিযান আৰম্ভ কৰি সঠিক অনাময় ব্যৱস্থা লাভ কৰিব। আমি আয়ুষ্মান ভাৰত যোজনা প্ৰৱৰ্তন কৰি ৫ লাখ টকালৈকে বিনামূলীয়া চিকিৎসা প্ৰদান কৰি তেওঁলোকৰ স্বাস্থ্যসেৱাৰ প্ৰয়োজনীয়তাক প্ৰাথমিকতা প্ৰদান কৰিছোঁ। আমি ‘প্ৰধানমন্ত্ৰী জন ঔষধী কেন্দ্ৰ’সমূহৰ জৰিয়তে অত্যাৱশ্যকীয় ঔষধবোৰ সুলভ কৰিছোঁ, য'ত ঔষধবোৰ ৮০% ৰেহাইত উপলব্ধ হয়।

বন্ধুসকল,

যিসকলে নিজকে সামাজিক ন্যায়ৰ নায়ক বুলি দাবী কৰে তেওঁলোকেই বহু দশক ধৰি জনজাতীয় সম্প্ৰদায়সমূহক উপেক্ষা কৰি আহিছিল। এইকাৰণেই মই কওঁ: মোদীয়ে তেওঁলোকৰ বাবে থিয় দিছে যাৰ প্ৰতি আন কোনেও গুৰুত্ব দিয়া নাছিল। আমি বিশেষ পদক্ষেপৰ জৰিয়তে জনজাতীয় সমাজৰ উন্নতিৰ দিশত সক্ৰিয়ভাৱে কাম কৰি আছো। তেনে এক কাৰ্যসূচী হৈছে ‘ধৰতী আবা জনজাতি উৎকৰ্ষ অভিযান’, যাৰ অধীনত জনজাতীয় উন্নয়নত ৮০,০০০ কোটি টকা বিনিয়োগ কৰা হৈছে। এই পদক্ষেপে কেৱল ছত্তীশগড়ৰে প্ৰায় ৭,০০০ জনজাতীয় গাঁৱক লাভান্বিত কৰিছে। ইয়াৰ উপৰিও, আমি স্বীকাৰ কৰোঁ যে জনজাতীয় সম্প্ৰদায়ৰ ভিতৰতো অত্যন্ত পিছপৰা গোট আছে, যাক বিশেষ মনোযোগ দিয়াৰ প্ৰয়োজন। প্ৰথমবাৰৰ বাবে আমাৰ চৰকাৰে বিশেষকৈ এই সম্প্ৰদায়বোৰৰ বাবে প্ৰস্তুত কৰা প্ৰধানমন্ত্ৰী জনমন যোজনা প্ৰৱৰ্তন কৰিছে। এই আঁচনিৰ অধীনত ছত্তীশগড়ৰ ১৮ খন জিলাৰ ২,০০০ ৰো অধিক বসতিত উন্নয়নমূলক কাম চলি আছে। দেশজুৰি জনজাতীয় বসতিসমূহত ৫,০০০ কিলোমিটাৰ পথ অনুমোদিত হৈছে - ইয়াৰে আধা, প্ৰায় ২,৫০০ কিলোমিটাৰ প্ৰধানমন্ত্ৰী জনমান যোজনাৰ অধীনত ছত্তীশগড়ত নিৰ্মাণ কৰা হ'ব। তদুপৰি, আজি ইয়াত উপস্থিত থকা বহু পৰিয়ালে এই আঁচনিৰ জৰিয়তে পকী ঘৰ লাভ কৰিছে। উন্নয়ন যাতে প্ৰতিখন দুৱাৰমুখত উপনীত হয় এনে পৰিৱৰ্তন আমি আনি আছোঁ।

 

বন্ধুসকল,

আজি, দ্বৈত ইঞ্জিন চৰকাৰৰ অধীনত ছত্তীশগড়ত দ্ৰুত পৰিৱৰ্তন দেখা গৈছে। যেতিয়া চুকমা জিলাৰ এটা স্বাস্থ্য কেন্দ্ৰই ৰাষ্ট্ৰীয় মানৰ প্ৰমাণপত্ৰ প্ৰাপ্ত কৰে, ই আত্মবিশ্বাসৰ অনুভূতি সৃষ্টি কৰে। যেতিয়া দান্তেৱাড়াৰ এটা স্বাস্থ্য কেন্দ্ৰই বহু বছৰৰ নিষ্ক্ৰিয়তাৰ পিছত পুনৰ কাম আৰম্ভ কৰে, ই নতুন আশাৰ সঞ্চাৰ কৰে। এই প্ৰচেষ্টাই নক্সাল প্ৰভাৱিত অঞ্চলসমূহত স্থায়ী শান্তিৰ এক নতুন যুগৰ পথ প্ৰশস্ত কৰিছে। ডিচেম্বৰৰ ‘মন কী বাত’ সম্প্ৰচাৰত মই ‘বস্তাৰ অলিম্পিক’ৰ বিষয়ে কৈছিলো। আপোনালোকে হয়তো শুনিছে কেনেকৈ হাজাৰ হাজাৰ যুৱক-যুৱতীয়ে উৎসাহেৰে অনুষ্ঠানটোত অংশগ্ৰহণ কৰিছিল। তেওঁলোকৰ অংশগ্ৰহণ ছত্তীশগড়ত উদ্ভৱ হোৱা ইতিবাচক পৰিৱৰ্তনৰ স্পষ্ট প্ৰমাণ।

বন্ধুসকল,

মই ছত্তীশগড়ৰ যুৱসকলৰ বাবে এক উজ্জ্বল ভৱিষ্যত দেখিবলৈ পাওঁ। ৰাজ্যখনত ‘নতুন শিক্ষা নীতি’ৰ ৰূপায়ণ প্ৰশংসনীয়। সমগ্ৰ দেশতে ১২,০০০ তকৈয়ো অধিক আধুনিক প্ৰধানমন্ত্ৰী শ্ৰী বিদ্যালয় স্থাপন কৰা হৈছে, প্ৰায় ৩৫০ খন ছত্তীশগড়ত অৱস্থিত। এই প্ৰতিষ্ঠানসমূহে আদৰ্শ বিদ্যালয় হিচাপে কাম কৰিব, ৰাজ্যখনৰ সমগ্ৰ শিক্ষা ব্যৱস্থাক উন্নত কৰিব। ইয়াৰ উপৰিও, একলব্য আদৰ্শ বিদ্যালয়সমূহে ইতিমধ্যে ছত্তীশগড়ত উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিছে। নক্সাল প্ৰভাৱিত অঞ্চলৰ বহুতো বিদ্যালয় পুনৰ মুকলি কৰা হৈছে, যাৰ ফলত শিশুসকলক শিকাৰ নতুন সুযোগ প্ৰদান কৰা হৈছে। আজি ছত্তীশগড়ত ‘বিদ্যা সমীক্ষা কেন্দ্ৰ’ও মুকলি কৰা হৈছে, যি ৰাজ্যখনৰ শিক্ষা খণ্ডত আন এক গুৰুত্বপূৰ্ণ সাফল্য হিচাপে চিহ্নিত হৈছে। এই পদক্ষেপে শিক্ষাৰ মান বৃদ্ধি কৰিব, শ্ৰেণীকোঠাত শিক্ষক আৰু শিক্ষাৰ্থী দুয়োৰে বাবে বাস্তৱ-সময়ৰ সহায় সক্ষম কৰিব।

 

বন্ধুসকল,

আমি আপোনালোকক দিয়া আন এটা প্ৰতিশ্ৰুতিক সন্মান জনাইছোঁ। নতুন ‘ৰাষ্ট্ৰীয় শিক্ষা নীতি’ৰ অধীনত চিকিৎসা আৰু অভিযান্ত্ৰিক অধ্যয়ন এতিয়া হিন্দীতো আৰম্ভ হৈছে। ই নিশ্চিত কৰে যে গাঁও, সুবিধাবঞ্চিত পৃষ্ঠভূমি আৰু জনজাতীয় সম্প্ৰদায়ৰ যুৱক-যুৱতীসকলে তেওঁলোকৰ সপোন অনুসৰণ কৰাত ভাষা আৰু বাধা হৈ নাথাকিব।

বন্ধুসকল,

মোৰ বন্ধু ৰমন সিং জীয়ে বহু বছৰ ধৰি স্থাপন কৰা শক্তিশালী ভেটিটো এতিয়া বৰ্তমানৰ চৰকাৰৰ দ্বাৰা অধিক শক্তিশালী কৰা হৈছে। পৰৱৰ্তী ২৫ বছৰত আমি এই দৃঢ় ভেটিৰ ওপৰত উন্নয়নৰ এক সুন্দৰ অট্টালিকা নিৰ্মাণ কৰিব লাগিব। ছত্তীশগড় সম্পদেৰে সমৃদ্ধ, আকাংক্ষাৰে ভৰপূৰ, আৰু অপৰিসীম সম্ভাৱনাৰে পৰিপূৰ্ণ। যেতিয়া আমি ভৱিষ্যতে ছত্তীশগড়ৰ প্ৰতিষ্ঠাৰ ৫০ বছৰ উদযাপন কৰিম, আমি নিঃসন্দেহে ছত্তীশগড়ক দেশৰ অন্যতম আগশাৰীৰ ৰাজ্য হিচাপে গঢ়ি তোলাৰ আমাৰ লক্ষ্য প্ৰাপ্ত কৰিম। মই মোৰ প্ৰতিশ্ৰুতি পুনৰ নিশ্চিত কৰিছো যে আমি ছত্তীশগড়ৰ প্ৰতিটো পৰিয়ালৰ ওচৰত উন্নয়নৰ ফল পোৱাটো নিশ্চিত কৰাৰ ক্ষেত্ৰত চেষ্টাৰ কোনো ধৰণৰ ত্ৰুতি নকৰোঁ। আকৌ এবাৰ অজস্ৰ উন্নয়নমূলক পদক্ষেপৰ বাবে আৰু নতুন বছৰৰ আৰম্ভণিতে বিশাল আকাংক্ষাৰে ভৰা এই নতুন যাত্ৰা আৰম্ভ কৰাৰ বাবে আপোনালোক সকলোকে আন্তৰিক অভিনন্দন জনাইছোঁ। বহুত বহুত ধন্যবাদ!

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
IndiaAI Mission-backed startup Avataar launches indigenous video AI model

Media Coverage

IndiaAI Mission-backed startup Avataar launches indigenous video AI model
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM Modi highlights youth-led development and India's thriving innovation ecosystem
June 13, 2026
PM emphasizes the remarkable contributions of Yuva Shakti across diverse sectors and their growing impact on the global stage

Prime Minister Shri Narendra Modi today stated that the Government is strongly working towards youth-led development. He noted that one of the defining features of the last 12 years has been the confidence with which India’s youth have pursued their aspirations.

Shri Modi highlighted that through initiatives such as Startup India, Digital India, Skill India, and Atal Innovation Mission, an ecosystem has emerged that encourages innovation, entrepreneurship, and enterprise. The Prime Minister pointed out that today, India is among the world’s leading StartUp destinations and many of these success stories are being scripted by our Yuva Shakti, and that too from smaller towns and villages.

The Prime Minister observed that India’s youth are making their mark across various sectors, from science and technology to manufacturing, space, semiconductors, and drones. He expressed that it is heartening to see young Indians contributing to areas that will shape the future of the nation and the world.
Shri Modi emphasized that our youth have also brought immense glory to the nation in the field of sports, consistently enhancing national pride in numerous international competitions. He further stated that a stronger sporting ecosystem, better infrastructure, and greater support for athletes are creating new opportunities for young talent and encouraging them to pursue sports.

In a series of posts on X, the Prime Minister shared:

"The NDA Government is one that is strongly working towards youth-led development. One of the defining features of the last 12 years has been the confidence with which India’s youth have pursued their aspirations.

Through initiatives such as Startup India, Digital India, Skill India and Atal Innovation Mission, an ecosystem has emerged that encourages innovation, entrepreneurship and enterprise.

Today, India is among the world’s leading StartUp destinations and many of these success stories are being scripted by our Yuva Shakti and that too from smaller towns and villages.

#12YearsOfYuvaShakti”

“India’s youth are making their mark across various sectors, from science and technology to manufacturing, space, semiconductors and drones. It is heartening to see young Indians contributing to areas that will shape the future of our nation and the world.

Our youth have also brought immense glory to the nation in the field of sports. In numerous international competitions, young Indian athletes have consistently enhanced national pride.
At the same time, a stronger sporting ecosystem, better infrastructure and greater support for athletes are creating new opportunities for young talent and encouraging them to pursue sports.

#12YearsOfYuvaShakti"