১০লাখতকৈ অধিক মহিলাৰ বেংক একাউণ্টত পুঁজি স্থানান্তৰ আৰম্ভ
২৮০০ কোটি টকাৰ অধিক মূল্যৰ ৰে'ল প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে আৰু দেশবাসীলৈ উৎসৰ্গা কৰে
১০ কোটি টকাৰ অধিক মূল্যৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে
পিএমএৱাইৰ ২৬লাখ হিতাধিকাৰীৰ গৃহ প্ৰবেশ উদযাপনত অংশগ্ৰহণ কৰে
অতিৰিক্ত পৰিয়ালৰ জৰীপৰ বাবে আৱাস+ ২০২৪ এপ মুকলি কৰে
প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ কাৰ্যকৰী নিৰ্দেশনা মুকলি কৰে – নগৰ (পিএমএৱাই-ইউ) ২.০"এই ৰাজ্যখনে আমাৰ ওপৰত যথেষ্ট বিশ্বাস ৰাখিছে আৰু আমি মানুহৰ আশা-আকাংক্ষা পূৰণ কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ নকৰোঁ"
সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে আজিৰ অনুষ্ঠানৰ অংশ হোৱাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰি কয় যে যেতিয়া প্ৰভুৰ আশীৰ্বাদ লাভ কৰা হয় তেতিয়া জনসাধাৰণ আৰু ভগৱান জগন্নাথক সেৱা কৰাৰ সুযোগ পোৱা যায়।
প্ৰধানমন্ত্ৰীয়ে কয় যে এনে এক পবিত্ৰ অনুষ্ঠানত তেওঁ ওড়িশাৰ মাতৃ আৰু ভগ্নীসকলৰ বাবে সুভদ্ৰা আঁচনি আৰম্ভ কৰাৰ সুযোগ লাভ কৰিছে।
প্ৰধানমন্ত্ৰী মোদীয়ে ইয়াৰ বাবে ওড়িশা আৰু দেশৰ জনসাধাৰণক অভিনন্দন জনায়।
শ্ৰী মোদীয়ে ইয়াৰ বাবে সমগ্ৰ ওড়িশা চৰকাৰক অভিনন্দন আৰু প্ৰশংসা কৰে।
"যোৱা ১০০ দিনত সকলোৰে লাভৰ বাবে অজস্ৰ গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱা হৈছে", প্ৰধানমন্ত্ৰী মোদীয়ে কয়।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ওড়িশাৰ ভূৱনেশ্বৰত ওড়িশা চৰকাৰৰ মুখ্য আঁচনি 'সুভদ্ৰা' মুকলি কৰে। ই হৈছে সৰ্ববৃহৎ, একক মহিলা কেন্দ্ৰিক আঁচনি আৰু ই ১ কোটিৰো অধিক মহিলাক সামৰি ল'ব বুলি আশা কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে ১০ লাখতকৈও অধিক মহিলাৰ বেংক একাউণ্টত পুঁজি স্থানান্তৰৰ কামআৰম্ভ কৰে। শ্ৰী মোদীয়ে ২৮০০ কোটি টকাৰ অধিক মূল্যৰ ৰে'ল প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰাৰ লগতে ১০ কোটি টকাৰ অধিক মূল্যৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। প্ৰধানমন্ত্ৰীয়ে প্ৰায় ১৪ খন ৰাজ্যৰ পিএমএৱাই-জিৰ অধীনত প্ৰায় ১০ লাখ হিতাধিকাৰীক প্ৰথম কিস্তিৰ সাহায্য মুকলি কৰে, সমগ্ৰ দেশৰ পৰা পিএমএৱাই (গ্ৰাম্য আৰু নগৰ)ৰ ২৬ লাখ হিতাধিকাৰীৰ বাবে গৃহ প্ৰৱেশ উদযাপনত অংশগ্ৰহণ কৰে আৰু পিএমএৱাই (গ্ৰামীণ আৰু নগৰ) হিতাধিকাৰীসকলক ঘৰৰ চাবি প্ৰদান কৰে।লগতে, তেওঁ পিএমএৱাই-জিৰ বাবে অতিৰিক্ত পৰিয়ালৰ জৰীপৰ বাবে আৱাস+ ২০২৪ এপ মুকলি কৰে, আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ কাৰ্যকৰী নিৰ্দেশনা – নগৰ (পিএমএৱাই-ইউ)২.০ মুকলি কৰে।

সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে আজিৰ অনুষ্ঠানৰ অংশ হোৱাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰি কয় যে যেতিয়া প্ৰভুৰ আশীৰ্বাদ লাভ কৰা হয় তেতিয়া জনসাধাৰণ আৰু ভগৱান জগন্নাথক সেৱা কৰাৰ সুযোগ পোৱা যায়।

প্ৰধানমন্ত্ৰীয়ে গণেশ উৎসৱৰ প্ৰচলিত উৎসৱকাল আৰু আজিৰ অনন্ত চতুৰ্দশী তথা বিশ্বকৰ্মা পূজাৰ পৱিত্ৰ অনুষ্ঠানৰ বিষয়ে উল্লেখ কৰে। তেওঁ কয় যে ভাৰত হৈছে বিশ্বৰ একমাত্ৰ দেশ য'ত ভগৱান বিশ্বকৰ্মাৰ ৰূপত দক্ষতা আৰু শ্ৰমৰ পূজা কৰা হয়। প্ৰধানমন্ত্ৰীয়ে কয় যে এনে এক পবিত্ৰ অনুষ্ঠানত তেওঁ ওড়িশাৰ মাতৃ আৰু ভগ্নীসকলৰ বাবে সুভদ্ৰা আঁচনি আৰম্ভ কৰাৰ সুযোগ লাভ কৰিছে।

 

প্ৰধানমন্ত্ৰীয়ে আজি ভগৱান জগন্নাথৰ ভূমিৰ পৰা সমগ্ৰ দেশৰ ৩০ লাখতকৈও অধিক পৰিয়ালক পকী ঘৰ হস্তান্তৰ কৰাৰ কথা উল্লেখ কৰি নগৰঅঞ্চলত ৪ লাখ আৰু গ্ৰাম্য অঞ্চলত ২৬ লাখ গৃহ হস্তান্তৰ কৰা হৈছে বুলি জানিবলৈ দিয়ে। শ্ৰী মোদীয়ে আজি ওড়িশাতকেইবা হাজাৰ কোটি টকা মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধনৰ কথা উল্লেখ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে ইয়াৰ বাবে ওড়িশা আৰু দেশৰ জনসাধাৰণক অভিনন্দন জনায়।

প্ৰধানমন্ত্ৰীয়ে স্মৰণ কৰে যে নতুন বিজেপি চৰকাৰ শাসনলৈ অহাৰ পাছত এইটো তেওঁৰ প্ৰথম ওড়িশা ভ্ৰমণ, যাৰ শপত গ্ৰহণ অনুষ্ঠানত তেওঁ অংশগ্ৰহণ কৰিছিল। তেওঁ জনসাধাৰণক সোঁৱৰাই দিয়ে যে নিৰ্বাচনী প্ৰচাৰৰ সময়ত তেওঁ কৈছিল যে যদি "দ্বৈত ইঞ্জিন" চৰকাৰ কাৰ্যকৰী হয়, তেন্তে ওড়িশাই প্ৰগতি আৰু সমৃদ্ধিৰ দিশে আগবাঢ়িব। শ্ৰী মোদীয়ে বিশ্বাস ব্যক্ত কৰে যে সমাজৰ বিভিন্ন শ্ৰেণীৰ সপোন পূৰণ হ'ব, যাৰ ভিতৰত আছে গাওঁবাসী, দলিত, আদিবাসী, মহিলা, যুৱ, মধ্যবিত্ত পৰিয়াল। তেওঁ সুখী যে পূৰ্বতেতেওঁ দিয়া প্ৰতিশ্ৰুতিবোৰ দ্ৰুত গতিত পূৰণ কৰা হৈছে।এতিয়ালৈকে পূৰণ কৰা প্ৰতিশ্ৰুতিসমূহৰ তালিকা প্ৰস্তুত কৰি তেওঁ কয় যে শ্ৰী জগন্নাথ পুৰী মন্দিৰৰ চাৰিওখন দুৱাৰ ৰাইজৰ বাবে মুকলি কৰি দিয়া হৈছে, মন্দিৰৰ ৰত্ন ভাণ্ডাৰো মুকলি কৰা হৈছে। শ্ৰী মোদীয়ে লগতে কয় যে বিজেপি চৰকাৰেওড়িশাৰজনসাধাৰণৰ সেৱাৰ বাবে চেষ্টা কৰি আছে আৰু আনন্দ প্ৰকাশ কৰে যে চৰকাৰে নিজেই তেওঁলোকৰ সমস্যাসমাধান নিশ্চিত কৰিবলৈ জনসাধাৰণৰ ওচৰলৈ গৈ আছে। শ্ৰী মোদীয়ে ইয়াৰ বাবে সমগ্ৰ ওড়িশা চৰকাৰক অভিনন্দন আৰু প্ৰশংসা কৰে।

প্ৰধানমন্ত্ৰীয়ে কয় যে আজিৰ দিনটো বিশেষ কিয়নো বৰ্তমানৰ চৰকাৰখনে আজি ১০০ দিন সম্পূৰ্ণ কৰিছে। প্ৰধানমন্ত্ৰীয়ে কয় যে এই সময়ছোৱাত ভাৰতৰ দৰিদ্ৰ, কৃষক, যুৱ আৰু মহিলাসকলৰ কল্যাণৰ বাবে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। বিগত ১০০ দিনৰ সাফল্যৰ তালিকা প্ৰস্তুত কৰি প্ৰধানমন্ত্ৰীয়ে দৰিদ্ৰ লোকসকলৰ বাবে ৩ কোটি পকী ঘৰ নিৰ্মাণৰ সিদ্ধান্ত, যুৱসকলৰ বাবে ২ লাখ কোটি টকাৰ প্ৰধানমন্ত্ৰী পেকেজ ঘোষণা- য'ত চৰকাৰে ব্যক্তিগত কোম্পানীসমূহত তেওঁলোকৰ প্ৰথম চাকৰিৰ প্ৰথম দৰমহা, চিকিৎসা মহাবিদ্যালয়সমূহত ৭৫,০০০ নতুন আসন যোগ দিয়া আৰু ২৫,০০০ গাঁৱক পকী পথৰ সৈতে সংযোগ কৰাৰ অনুমোদনৰ কথা উল্লেখ কৰে।প্ৰধানমন্ত্ৰীয়ে লগতে জনাই যে জনজাতীয় পৰিক্ৰমা মন্ত্ৰালয়ৰ বাবে বাজেট আৱণ্টন প্ৰায় দুগুণ কৰা হৈছে, প্ৰায় ৬০,০০০ জনজাতীয় গাওঁৰ উন্নয়নৰ বাবে এক বিশেষ প্ৰকল্প ঘোষণা কৰা হৈছে, চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এক নতুন পেঞ্চন আঁচনি প্ৰৱৰ্তন কৰা হৈছে আৰু পেছাদাৰীআৰু উদ্যোগীসকলৰ বাবে আয়কৰ হ্ৰাস কৰা হৈছে।"

 

প্ৰধানমন্ত্ৰীয়ে জানিবলৈ দিয়ে যেবিগত ১০০ দিনত দেশত ১১ লাখতকৈও অধিক লাখপতি দিদিৰ সৃষ্টি হৈছে, তৈলবীজ আৰু পিয়াজ খেতিয়কৰ বাবে গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে, ভাৰতীয় কৃষকসকলক উৎসাহিত কৰিবলৈ বিদেশত উৎপাদিত তেলৰ ওপৰত আমদানি শুল্ক বৃদ্ধি কৰা হৈছে, ৰপ্তানিত উদগনি দিয়াৰ বাবে বাচমতী চাউলৰ ৰপ্তানি শুল্ক হ্ৰাস কৰা হৈছে,  শস্যৰ ওপৰত নিম্নতম সমৰ্থন মূল্য বৃদ্ধি কৰা হৈছে যাৰ ফলত কোটি কোটি কৃষক প্ৰায় ২ লাখ কোটি টকাৰে উপকৃত হৈছে। "যোৱা ১০০ দিনত সকলোৰে লাভৰ বাবে অজস্ৰ গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱা হৈছে", প্ৰধানমন্ত্ৰী মোদীয়ে কয়। 

যিকোনো ৰাষ্ট্ৰই তেতিয়াহে দ্ৰুতগতিত আগবাঢ়ে যেতিয়া ইয়াৰ আধা জনসংখ্যাৰ অংশগ্ৰহণ সমান হয়, শ্ৰী মোদীয়ে কয় যে মহিলাসকলৰ উন্নতি আৰু তেওঁলোকৰ সৱলীকৰণ ওড়িশাৰ উন্নয়নৰ মূল চাবিকাঠি হ'ব। ওড়িশাৰ লোককাহিনীৰ পৰা এটা পৃষ্ঠা উলিয়াই শ্ৰী মোদীয়ে কয় যে ইয়াত ভগৱান জগন্নাথৰ সৈতে দেৱী সুভদ্ৰাৰ উপস্থিতিয়ে আমাক মহিলা সৱলীকৰণৰ বিষয়ে কয়। "মই সুভদ্ৰা দেৱীৰ ৰূপত সকলো মাতৃ, ভগ্নী আৰু কন্যাক নমস্কাৰ জনাইছো", শ্ৰী মোদীয়ে কয়।

নতুন বিজেপি চৰকাৰে উৰিষ্যাৰ মাতৃ-ভগ্নীসকলক তেওঁলোকৰ প্ৰাৰম্ভিক সিদ্ধান্তৰ অংশ হিচাপে সুভদ্ৰাআঁচনিৰ উপহাৰ প্ৰদান কৰাত প্ৰধানমন্ত্ৰীয়ে আনন্দ প্ৰকাশ কৰে। তেওঁ লগতে কয় যে ইয়াৰ দ্বাৰা ওড়িশাৰ ১ কোটিৰো অধিক মহিলা উপকৃত হ'ব। লগতে ব্যাখ্যা কৰি শ্ৰী মোদীয়ে কয় যে আঁচনিখনৰ অধীনত মহিলাসকলক মুঠ ৫০,০০০ টকা দিয়া হ'ব যিবোৰ হিতাধিকাৰীসকলৰ বেংক একাউণ্টত পোনপটীয়াকৈ জমা কৰা হ'ব। তেওঁ লগতে কয় যে আঁচনিখন আৰবিআইৰ ডিজিটেল মুদ্ৰাৰ পাইলট প্ৰকল্পৰ সৈতেও জড়িত আছিল। শ্ৰী মোদীয়ে দেশত এনে ধৰণৰ ডিজিটেল মুদ্ৰা আঁচনিত যোগদান কৰাৰ বাবেওড়িশাৰমহিলাসকলক অভিনন্দন জ্ঞাপন কৰে।

 

প্ৰধানমন্ত্ৰীয়ে ৰাজ্যজুৰি বহুতো যাত্ৰাৰ সংগঠনৰ বিষয়ে কয় যাতে সুভদ্ৰা আঁচনি উৰিষ্যাৰ প্ৰতিগৰাকী মাতৃ, ভগ্নী আৰু কন্যাৰ ওচৰলৈ যায়। তেওঁ কয় যে মহিলাসকলক আঁচনিখনৰ সৈতে সম্পৰ্কিত সকলো তথ্যৰ বিষয়ে অৱগত কৰোৱা হৈছে। তেওঁ উল্লেখ কৰে যে ৰাজ্যখনৰ বৰ্তমানৰ ব্যৱস্থাৰ বহুকৰ্মীয়ো সম্পূৰ্ণ উদ্যমেৰে এই সেৱাত জড়িত হৈ আছে আৰু এই জনসজাগতাৰ বাবে চৰকাৰ, প্ৰশাসনৰ লগতে বিধায়ক, সাংসদ আৰু দলীয় কৰ্মীসকলক অভিনন্দন জনায়।

"প্ৰধানমন্ত্ৰী আৱাস যোজনা ভাৰতত মহিলা সৱলীকৰণৰ প্ৰতিফলন", প্ৰধানমন্ত্ৰী মোদীয়ে মন্তব্য কৰি কয় যে সম্পত্তিএতিয়া মহিলাৰ নামত পঞ্জীয়ন কৰা হৈছে। তেওঁ উল্লেখ কৰে যে সমগ্ৰ দেশৰ প্ৰায় ৩০ লাখ পৰিয়ালে আজি গৃহ প্ৰবেশ সম্পন্ন কৰিছে আনহাতে আজি ১৫ লাখ নতুন হিতাধিকাৰীক অনুমোদন পত্ৰ প্ৰদান কৰা হৈছে তথা ১০০ দিনৰ কম সময়ৰ ভিতৰত ১০ লাখতকৈও অধিক হিতাধিকাৰীৰ বেংক একাউণ্টলৈ পুঁজি স্থানান্তৰ কৰা হৈছে। প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয়, "আমি উৰিষ্যাৰ পবিত্ৰ ভূমিৰ পৰা এই শুভ কাম কৰিছো আৰু ওড়িশাৰ বহু সংখ্যক দৰিদ্ৰ পৰিয়ালকো ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে"। তেওঁ কয় যে আজি স্থায়ী গৃহ পোৱা লাখ লাখ পৰিয়ালৰ বাবে জীৱনৰ এক নতুন আৰম্ভণি হৈছে।

দিনটোৰ আৰম্ভণিতে এটা জনজাতীয় পৰিয়ালৰ গৃহ প্ৰবেশত অংশগ্ৰহণকৰাৰ অভিজ্ঞতা প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁ তেওঁলোকৰ সুখ আৰু মুখৰ সন্তুষ্টি কেতিয়াও পাহৰিব নোৱাৰিম। "এই অভিজ্ঞতা, এই অনুভৱ মোৰ গোটেই জীৱনৰ বাবে মূল্যৱান। দৰিদ্ৰ, দলিত, বঞ্চিত আৰু জনজাতীয় সমাজৰ জীৱনত অহা পৰিৱৰ্তনৰ ফলস্বৰূপে এই সুখে মোক অধিক পৰিশ্ৰম কৰাৰ শক্তি প্ৰদান কৰে", প্ৰধানমন্ত্ৰী মোদীয়ে কয়।

 

উৰিষ্যাত এখন উন্নত ৰাজ্যৰ বাবে প্ৰয়োজনীয় সকলো সামগ্ৰীৰ আছে বুলি মন্তব্য কৰি শ্ৰী মোদীয়ে কয় যে ইয়াৰ যুৱপ্ৰজন্মৰ প্ৰতিভা, মহিলাৰ শক্তি, প্ৰাকৃতিক সম্পদ, উদ্যোগৰ বাবে সুযোগ, পৰ্যটনৰ অপৰিসীম সম্ভাৱনাকে ধৰি সকলো আছে। তেওঁ লগতে কয় যে যোৱা ১০ বছৰত কেন্দ্ৰত থকাৰ সময়ত চৰকাৰে সদায় উৰিষ্যাক এক গুৰুত্বপূৰ্ণ অগ্ৰাধিকাৰ হিচাপে বিবেচনা কৰি আহিছে। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে ১০ বছৰত পূৰ্বৰ তুলনাত উৰিষ্যাই আজি কেন্দ্ৰৰ পৰা তিনিগুণ পুঁজি লাভ কৰিছে। আয়ুষ্মান আঁচনি সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ওড়িশাৰ জনসাধাৰণো ৫ লাখ টকালৈকে বিনামূলীয়া চিকিৎসাৰ দ্বাৰা লাভান্বিত হ'ব আৰু ৭০ বছৰৰ অধিক বয়সৰ জ্যেষ্ঠ নাগৰিকসকলক আয়ৰ স্তৰ নিৰ্বিশেষে ৫ লাখ টকালৈকে বিনামূলীয়াকৈ চিকিৎসা প্ৰদান কৰা হ'ব। তেওঁ লগতে কয় যে "লোকসভা নিৰ্বাচনৰ সময়ত মোদীয়ে এটা প্ৰতিশ্ৰুতি দিছিল আৰু মোদীয়ে তেওঁৰ গেৰাণ্টি পূৰণ কৰিছে"।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে উৰিষ্যাত বাস কৰা দলিত, বঞ্চিত আৰু জনজাতীয় সম্প্ৰদায়সমূহ দৰিদ্ৰতাৰ বিৰুদ্ধে অভিযানৰ আটাইতকৈ ডাঙৰ হিতাধিকাৰী। জনজাতীয় সম্প্ৰদায়ৰ কল্যাণৰ বাবে পৃথক মন্ত্ৰালয় গঢ়ি তোলা, জনজাতীয় সম্প্ৰদায়ক তেওঁলোকৰ শিপা, বন আৰু ভূমিৰ ওপৰত অধিকাৰ প্ৰদান কৰা, জনজাতীয় যুৱক-যুৱতীসকলক শিক্ষা আৰু নিযুক্তিৰ সুযোগ প্ৰদান কৰা বা উৰিষ্যাৰ এগৰাকী জনজাতীয় মহিলাক দেশৰ সন্মানীয় ৰাষ্ট্ৰপতি হিচাপে গঢ়ি তোলাই হওঁক, চৰকাৰে প্ৰথমবাৰৰ বাবে এনে কাম সম্পাদন কৰা বুলি মন্তব্য কৰে।

প্ৰধানমন্ত্ৰী মোদীয়ে আঙুলিয়াই দিয়ে যে উৰিষ্যাত বহুতো জনজাতীয় অঞ্চল আৰু গোট আছে যিবোৰ বহু প্ৰজন্মধৰি উন্নয়নৰ পৰা বঞ্চিত হৈ আছে। তেওঁ জনজাতিসকলৰ মাজত আটাইতকৈ পিছপৰা লোকসকলক সমৰ্থন কৰিবলৈ প্ৰধানমন্ত্ৰী জনমন যোজনাৰ বিষয়ে কয় আৰু জনাই যে উৰিষ্যাত এনে ১৩ টা জনজাতি চিনাক্ত কৰা হৈছে। জনমন যোজনাৰ অধীনত প্ৰধানমন্ত্ৰী মোদীয়ে ব্যাখ্যা কৰে যে চৰকাৰে এই সকলো সম্প্ৰদায়ক উন্নয়নমূলক আঁচনিৰ লাভালাভ প্ৰদান কৰি আছে। জনজাতীয় অঞ্চলসমূহক চিকল চেল এনিমিয়াৰ পৰা মুক্ত কৰিবলৈ এটা অভিযানো চলোৱা হৈছে। তেওঁ লগতে কয় যে যোৱা ৩ মাহত এই অভিযানৰ অধীনত ১৩ লাখৰো অধিক লোকক পৰীক্ষা কৰা হৈছে।

 

"ভাৰতে আজি পৰম্পৰাগত দক্ষতাৰ সংৰক্ষণৰ ওপৰত অভূতপূৰ্ব ভাৱে গুৰুত্ব আৰোপ কৰিছে", প্ৰধানমন্ত্ৰীয়ে কয় যে দেশখন শত-হাজাৰ বছৰ ধৰি লোহাৰ, কুমাৰ, সোণোৱাল আৰু ভাস্কৰ্যশিল্পীৰ দৰে কামত জড়িত হৈ আছে। তেওঁ কয় যে বিশ্বকৰ্মা জয়ন্তীত যোৱা বছৰ বিশ্বকৰ্মা যোজনা আৰম্ভ কৰা হৈছিল য'ত চৰকাৰে এই আঁচনিত ১৩,০০০ কোটি টকা ব্যয় কৰিছে। এতিয়ালৈকে, ২০লাখ লোকে এই আঁচনিৰ অধীনত পঞ্জীয়ন কৰিছে আৰু তেওঁলোকক প্ৰশিক্ষণ দিয়া হৈছে। তেওঁ কোনো গেৰাণ্টি অবিহনে বেংকৰ পৰা আধুনিক সঁজুলি আৰু কম সূতৰ ঋণ ক্ৰয় কৰাৰ বাবে হাজাৰ হাজাৰ টকাৰ বিত্তীয় সাহায্যৰ কথাও উল্লেখ কৰে। দৰিদ্ৰ লোকসকলৰ বাবে স্বাস্থ্য, সামাজিক আৰু অৰ্থনৈতিক সুৰক্ষাৰ এই গেৰাণ্টি উন্নত ভাৰতৰ প্ৰকৃত শক্তি হৈ পৰিব বুলি শ্ৰী মোদীয়ে বিশ্বাস ব্যক্ত কৰে।

অপৰিসীম খনিজ আৰু প্ৰাকৃতিক সম্পদেৰে ভৰা ওড়িশাৰ দীঘলীয়া উপকূলীয় অঞ্চলৰ কথা উল্লেখ কৰি শ্ৰী মোদীয়ে মন্তব্য কৰে যে এই সম্পদসমূহক ওড়িশাৰ শক্তি হিচাপে গঢ়ি তুলিব লাগে। তেওঁ লগতে কয় যে "অহা ৫ বছৰত আমি উৰিষ্যাৰ পথ আৰু ৰে'ল সংযোগক নতুন উচ্চতালৈ লৈ যাব লাগিব"। আজি নতুনকৈ উদ্বোধন কৰা ৰে'ল আৰু পথ সম্পৰ্কীয় প্ৰকল্পসমূহৰ সন্দৰ্ভত শ্ৰী মোদীয়ে কয় যে তেওঁ লাঞ্জিগড় ৰোড-আম্বোডালা-ডইকালু ৰে'লপথ, লক্ষ্মীপুৰ ৰোড-চিঙ্গাৰাম-টিক্ৰি ৰে'লপথ, ঢেঙ্কানাল-সদাশিৱপুৰ-হিন্দোল ৰোড ৰে'লপথ দেশলৈ উৎসৰ্গা কৰাৰ সৌভাগ্য লাভ কৰিছে। তেওঁ লগতে কয় যে জয়পুৰ-নৱাৰংপুৰ নতুন ৰে'লপথৰ আধাৰশিলা স্থাপনৰ লগতে পাৰাদীপ বন্দৰৰ পৰা যোগাযোগ বৃদ্ধিৰ কামো আজি আৰম্ভ কৰা হৈছে। শ্ৰী মোদীয়ে মন্তব্য কৰে যে নতুন আন্তঃগাঁথনি প্ৰকল্পসমূহে ওড়িশাৰ যুৱপ্ৰজন্মৰ বাবে বৃহৎ সংখ্যক নতুন নিযুক্তিৰ সুযোগ সৃষ্টি কৰিব।তেওঁ লগতে কয় যে পুৰীৰ পৰা কোণাৰ্ক ৰে'লপথ আৰু উচ্চ-প্ৰযুক্তিৰ 'নমো ভাৰত ৰে'ল'ৰ কামো শীঘ্ৰেই আৰম্ভ কৰা হ'ব আৰু আধুনিক আন্তঃগাঁথনিৰ ফলত ওড়িশাৰবাবে সম্ভাৱনাৰ নতুন দুৱাৰ মুকলি হ'ব।

প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰে যে আজি দেশখনে 'হায়দৰাবাদ মুক্তি দিৱস' উদযাপন কৰিছে। তেওঁ সেই সময়ত প্ৰচলিত অত্যন্ত অশান্ত পৰিস্থিতিত ভাৰত বিৰোধী মৌলবাদী শক্তিক নিয়ন্ত্ৰণ কৰি হায়দৰাবাদক মুক্ত কৰি অসাধাৰণ ইচ্ছাশক্তি প্ৰদৰ্শনৰ দ্বাৰা দেশক একত্ৰিত কৰাৰ বাবে চৰ্দাৰ পেটেলৰ প্ৰচেষ্টাৰ প্ৰশংসা কৰে। "হায়দৰাবাদ মুক্তি দিৱস কেৱল এটা তাৰিখ নহয়, ই দেশৰ অখণ্ডতাৰ বাবে, দেশৰ প্ৰতি আমাৰ কৰ্তব্যৰ বাবেও এক অনুপ্ৰেৰণা", শ্ৰী মোদীয়ে গুৰুত্ব আৰোপ কৰি কয়।

 

ভাৰতক পিছুৱাই ৰখাৰ ভাবুকি দিয়া প্ৰত্যাহ্বানসমূহৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ স্বাধীনতা সংগ্ৰামত গণেশ উৎসৱৰ তাৎপৰ্যৰ বিষয়ে গুৰুত্ব আৰোপ কৰি কয় যে ঔপনিৱেশিক শাসকসকলৰ বিভাজনমূলক কৌশলপ্ৰতিৰোধ কৰিবলৈ লোকমান্য তিলকে ইয়াক ৰাজহুৱাভাৱে আয়োজন কৰিছিল। গণেশ উৎসৱ উদযাপনৰ সময়ত সমগ্ৰ সমাজএকত্ৰিত হোৱা দেখা যায় বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, "গণেশ উৎসৱ একতাৰ প্ৰতীক হৈ পৰাৰ লগতে বৈষম্য আৰু জাতিবাদৰ উৰ্ধত উঠিছে"।

 

প্ৰধানমন্ত্ৰীয়ে ধৰ্ম আৰু জাতিৰ ওপৰত ভিত্তি কৰি আজি সমাজক বিভাজন কৰিবলৈ চেষ্টা কৰা সকলক সতৰ্ক কৰি দিয়ে। গণেশ উৎসৱ উদযাপনত প্ৰধানমন্ত্ৰীয়ে অংশগ্ৰহণ কৰা আৰু কৰ্ণাটকত ভগৱান গণেশৰ মূৰ্তি জব্দ কৰা সন্দৰ্ভত সংঘটিত দুৰ্ভাগ্যজনক ঘটনাৰ বাবে কিছুমান গোটৰ মাজত থকা বিদ্বেষৰ কথা উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে সমাজক বিষাক্ত কৰাৰ এই ঘৃণনীয় চিন্তা আৰু মানসিকতা দেশৰ বাবে অত্যন্ত বিপদজনক। তেওঁ সকলোকে এনে ঘৃণিত শক্তিক আগবাঢ়িবলৈ নিদিবলৈ আহ্বান জনায়।

 

 

ভাষণৰ অন্তত প্ৰধানমন্ত্ৰীয়ে ওড়িশা আৰু দেশক সফলতাৰ নতুন শিখৰলৈ লৈ যোৱাৰ বাবে বৃহৎ মাইলৰ খুঁটি স্থাপন কৰাৰ ক্ষেত্ৰত আস্থা ব্যক্ত কৰে। তেওঁ আশ্বাস দিয়ে যে উন্নয়নৰ গতি কেৱল অনাগত সময়ত হে ত্বৰান্বিত হ'ব।

 

অনুষ্ঠানতওড়িশাৰ ৰাজ্যপাল শ্ৰী ৰঘুবৰ দাস আৰু উৰিষ্যাৰ মুখ্যমন্ত্ৰী শ্ৰী মোহন চৰণ মাঁঝি উপস্থিত আছিল।

 

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Muffler, cap, gloves: PM recalls gifts a New Zealander gave him 25-30 years ago

Media Coverage

Muffler, cap, gloves: PM recalls gifts a New Zealander gave him 25-30 years ago
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister condoles the passing of legendary playback singer S. Janaki Amma
July 12, 2026

The Prime Minister, Shri Narendra Modi, has expressed deep grief over the passing of distinguished playback singer S. Janaki Amma.

The Prime Minister said that her passing is an irreparable loss to the world of music and culture. He noted that her songs in various languages were popular across generations and gave voice to every emotion with unparalleled grace and versatility.

Shri Modi said that her melodies will continue to enchant listeners in the years to come.

The Prime Minister wrote on X;

“The passing of the distinguished playback singer S. Janaki Amma is an irreparable loss to the world of music and culture. Her songs in various languages were popular across generations. They gave voice to every emotion with unparalleled grace as well as versatility. Her melodies will continue to enchant listeners in the years to come. My heartfelt condolences to her family, countless admirers and the entire music fraternity in this hour of grief. Om Shanti.”