উদ্বোধন কৰিলে অটল বিহাৰী বাজপেয়ী সেৱৰী-নহৱা সেৱা অটল সেতু
ইষ্টাৰ্ণ ফ্ৰীৱেৰ অৰেঞ্জ গেটক মেৰিন ড্ৰাইভৰ সৈতে সংযোগ কৰা মাটিৰ তলৰ পথ সুৰংগৰ আধাৰশিলা স্থাপন কৰে
SEEPZ SEZ ত ‘ভাৰত ৰত্নম’ আৰু নিউ এণ্টাৰপ্ৰাইজ এণ্ড ছাৰ্ভিচেছ টাৱাৰ (NEST) 01 উদ্বোধন
ৰে'ল আৰু খোৱাপানীৰ সৈতে জড়িত একাধিক প্ৰকল্প দেশক উৎসৰ্গা কৰে
উৰাণ ৰে'লৱে ষ্টেচনৰ পৰা খাৰকোপাৰলৈ ইএমইউ ৰে'লৰ উদ্বোধনী যাত্ৰাৰ ফ্লেগ অফ
আৰম্ভ কৰিলে নমো মহিলা সবলীকৰণ অভিযান
জাপান চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে আৰু শ্বিনজো আবেক স্মৰণ
“যিকোনো ৰাজ্যৰ যিকোনো ডাবল ইঞ্জিন চৰকাৰৰ অগ্ৰণী নিশ্চয়তা হৈছে মহিলা কল্যাণ”, তেওঁ লগতে কয়।
তেওঁ উত্তৰ-পূবৰ ভূপেন হাজৰিকা সেতু আৰু বগীবিল দলং, অটল সুৰংগ আৰু চেনাব দলং, একাধিক এক্সপ্ৰেছৱে, আধুনিক ৰে'ল ষ্টেচন, পূব আৰু পশ্চিম মালবাহী কৰিড’ৰ, বন্দে ভাৰত, অমৃত ভাৰত আৰু নমো ভাৰত ৰে’লৰ শুভাৰম্ভ, নতুন ৰে’ল, বিমানবন্দৰ উদ্বোধন আদিৰ উদাহৰণ দাঙি ধৰে।
তেল আৰু গেছ পাইপলাইন, ঔৰংগাবাদ ঔদ্যোগিক চহৰ, নৱী মুম্বাই বিমানবন্দৰ, আৰু শ্বেন্দ্ৰ-বিডকিন ঔদ্যোগিক উদ্যানৰ বৃহৎ প্ৰকল্পই মহাৰাষ্ট্ৰৰ অৰ্থনীতিক এক নতুন গতি প্ৰদান কৰিবলৈ গৈ আছে।”
আৰু বান্দ্ৰা-ৱৰ্লি ছিলিংক, এটা ৫গুণ সৰু প্ৰকল্পই ১০ বছৰতকৈ অধিক সময় লৈছিল আৰু বাজেট ৪-৫গুণ বৃদ্ধি পাইছিল।
“অটল সেতুৱে অঞ্চলটোৰ সকলো ব্যৱসায়িক কাৰ্যকলাপ শক্তিশালী কৰাৰ লগতে ইজ অৱ ডুইং বিজনেছ আৰু ইজ অৱ লাইফকো বৃদ্ধি কৰিব”, তেওঁ লগতে কয়।
মহাৰাষ্ট্ৰ যাতে উন্নত ভাৰতৰ এক শক্তিশালী স্তম্ভ হিচাপে পৰিগণিত হয় তাৰ বাবে আমি চেষ্টাৰ কোনো ত্ৰুটি নাৰাখিম”, প্ৰধানমন্ত্ৰী মোদীয়ে সামৰণি মাৰে।
১৯৭৫ কোটিতকৈ অধিক ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই প্ৰকল্পৰ জৰিয়তে মহাৰাষ্ট্ৰৰ পালঘৰ আৰু থানে জিলালৈ খোৱাপানীৰ যোগান ধৰা হ’ব, যাৰ ফলত প্ৰায় ১৪ লাখ জনসংখ্যা উপকৃত হ’ব।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাৰাষ্ট্ৰৰ নৱী মুম্বাইত ১২,৭০০ কোটিৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভদেশৰ প্ৰতি উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰে। ইয়াৰ পূৰ্বেপ্ৰধানমন্ত্ৰীয়ে নৱী মুম্বাইত ১৭,৮৪০ কোটিতকৈ অধিক ব্যয়ৰে নিৰ্মাণ কৰা অটল বিহাৰী বাজপেয়ী সেৱৰী-নহৱা সেৱা অটল সেতু উদ্বোধন কৰে। আজি উদ্বোধন কৰা উন্নয়নমূলক প্ৰকল্পসমূহৰ ভিতৰত আছে পথ আৰু ৰে'ল সংযোগখোৱাপানীৰত্ন আৰু গহনা আৰু মহিলা সবলীকৰণৰ খণ্ডসমূহ।

সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কয় যে আজি কেৱল মুম্বাই আৰু মহাৰাষ্ট্ৰৰ বাবেই নহয়, ‘বিকশিত ভাৰতৰ সংকল্পৰ বাবেও এক ঐতিহাসিক দিন। মুম্বাইত এই উন্নয়নমূলক প্ৰকল্পসমূহ চলি আছে যদিও সমগ্ৰ দেশখনৰ দৃষ্টি ইয়াৰ ওপৰত নিবদ্ধ হৈ আছে”, শ্ৰী মোদীয়ে কয়। ভাৰতৰ আটাইতকৈ দীঘলীয়া সাগৰীয় দলং অটল সেতু উদ্বোধনৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতৰ বৃদ্ধিৰ প্ৰতি থকা দায়বদ্ধতাৰ ই প্ৰমাণ। আজিৰ এই অনুষ্ঠানটো সংকল্পৰ জৰিয়তেও সাফল্যৰ প্ৰতীক বুলি উল্লেখ কৰি ২০১৬ চনৰ ২৪ ডিচেম্বৰত এমটিএইচএল অটল সেতুৰ আধাৰশিলা স্থাপন কৰাৰ কথা সোঁৱৰাই কয় যে পূৰ্বৰ চৰকাৰসমূহৰ সময়ত প্ৰচলিত গাফিলতিপূৰ্ণ মনোভাৱৰ বাবে অতীতৰ নাগৰিকসকল আশাহীন হৈ পৰিছিল। "দেশ আগবাঢ়ি যাব আৰু দেশখনে প্ৰগতি কৰিব। ২০১৬ চনত এইটোৱেই আছিল মোদীৰ গেৰাণ্টী”, প্ৰধানমন্ত্ৰীয়ে কয়, “মই অটল সেতুক মুম্বাইবাসী আৰু ছত্ৰপতি শিৱাজীমুম্বা দেৱী আৰু সিদ্ধিবিনায়কৰ আগত প্ৰণাম কৰি দেশৰ বাবে উৎসৰ্গা কৰিছোঁ।” কৰোণা মহামাৰীৰ সময়ত সৃষ্টি হোৱা ব্যাঘাত সত্ত্বেও এমটিএইচএল অটল সেতুৰ সময়মতে সম্পূৰ্ণ হোৱাৰ প্ৰশংসা কৰি তেওঁ কয় যে যিকোনো উন্নয়ন প্ৰকল্পৰ উদ্বোধনীলোকাৰ্পণ বা আধাৰশিলা স্থাপন এক ফটোৰ সুযোগ নহয়বৰঞ্চ ই ভাৰত সৃষ্টিৰ মাধ্যম। এনেধৰণৰ প্ৰতিটো প্ৰকল্পই এখন উৎকৃষ্ট ভাৰতৰ বিকাশত অৰিহণা যোগায়”, প্ৰধানমন্ত্ৰীয়ে কয়।

 

পথৰেলৱেমেট্ৰ’ আৰু পানীআৰু ব্যৱসায় সম্পৰ্কীয় আন্তঃগাঁথনিৰ ক্ষেত্ৰত থকা আজিৰ প্ৰকল্পসমূহৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই প্ৰকল্পসমূহৰ অধিকাংশই ৰাজ্যত ডাবল ইঞ্জিন চৰকাৰ থকাৰ সময়ত আৰম্ভ কৰা হৈছিল আৰু মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী শ্ৰী একনাথআৰু মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী শ্ৰী দেৱেন্দ্ৰ ফাডনবিছ আৰু শ্ৰী অজিত পাৱাৰৰ নেতৃত্বত কৰা সমূহীয়া প্ৰচেষ্টাক প্ৰশংসা কৰে।

মহিলাসকলৰ উপস্থিতি আৰু আশীৰ্বাদৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, “মোদীয়ে দিয়া কন্যা আৰু ভগ্নীসকলৰ সৱলীকৰণৰ গেৰাণ্টী মহাৰাষ্ট্ৰ চৰকাৰে আগুৱাই লৈ গৈছে। তেওঁ আঙুলিয়াই দিয়ে যে মুখ্যমন্ত্ৰী মহিলা সক্ষমীকৰণ অভিতননাৰী শক্তিদূত প্ৰয়োগ আৰু লেক লড়কী যোজনা আদি আঁচনি সেই দিশত প্ৰচেষ্টা। "মহিলাৰ সৈতে আগবাঢ়ি অহা আৰু বিকশিত ভাৰতৰ বাবে আন্দোলনৰ নেতৃত্ব দিয়াটো অতি জটিল। আমাৰ মাতৃ আৰু কন্যাসকলৰ পথত থকা প্ৰতিটো বাধা আঁতৰাই তেওঁলোকৰ বাবে জীৱনৰ সহজতা নিশ্চিত কৰাটো আমাৰ চৰকাৰৰ বাবে অগ্ৰাধিকাৰ”, তেওঁ লগতে কয়। তেওঁ উজ্জ্বলাআয়ুষ্মান কাৰ্ডজন ধন একাউণ্টপি এম আৱাসৰ অধীনত পকা ঘৰমাতৃ বন্দনা২৬ সপ্তাহৰ প্ৰসূতি ছুটীআৰু সুকন্যা সমৃদ্ধি একাউণ্ট আদি আঁচনিৰ কথা উল্লেখ কৰি মহিলাৰ প্ৰয়োজনীয়তাৰ প্ৰতি থকা সতৰ্কতাৰ উদাহৰণ দিয়ে। যিকোনো ৰাজ্যৰ যিকোনো ডাবল ইঞ্জিন চৰকাৰৰ অগ্ৰণী নিশ্চয়তা হৈছে মহিলা কল্যাণ”, তেওঁ লগতে কয়।

তেওঁ কয় যে অটল সেতুৱে নিজৰ আকাৰভ্ৰমণৰ সহজতাঅভিযন্তা আৰু স্কেলৰ বাবে সকলোকে গৌৰৱেৰে ভৰাই তুলিছে। তেওঁ জনোৱা মতেপ্ৰকল্পটোত ব্যৱহৃত তীখা ৪খন হাৱাৰা দলং আৰু ৬টা ষ্টেচু অৱ লিবাৰ্টি নিৰ্মাণৰ বাবে যথেষ্ট। প্ৰধানমন্ত্ৰীয়ে জাপান চৰকাৰক সহায়ৰ বাবে ধন্যবাদ জ্ঞাপন কৰি প্ৰধানমন্ত্ৰী শ্বিনজো আবেক স্মৰণ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে স্মৰণ কৰি কয়, "আমি এই দলং নিৰ্মাণৰ কাম যিমান পাৰি সোনকালে সম্পূৰ্ণ কৰাৰ সংকল্প লৈছিলোঁ।"

 

প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে, “২০১৪ চনত সমগ্ৰ দেশে যি আকাংক্ষা গঢ়ি তুলিছিলসেই আকাংক্ষাৰ প্ৰাপ্তি হৈছে অটল সেতু।” ২০১৪ চনৰ নিৰ্বাচনৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে ৰায়গড় দুৰ্গ পৰিদৰ্শন কৰি শিৱাজীৰ সমাধিত কটোৱা সময়খিনি স্মৰণ কৰি কয় যে ১০ বছৰ পূৰ্বে গ্ৰহণ কৰা সপোন আৰু সংকল্পআজি বাস্তৱত পৰিণত হোৱাটো দেশে প্ৰত্যক্ষ কৰিছে। অটল সেতু এই বিশ্বাসৰ প্ৰতিফলন আৰু ই বিকশিত ভাৰতৰ ছবি দাঙি ধৰে”, এমএইচটিএল অটল সেতুৱে যুৱক-যুৱতীসকলৰ মাজত নতুন বিশ্বাসৰ সঞ্চাৰ কৰা বুলি আলোকপাত কৰে। বিকশিত ভাৰত সকলোৰে বাবে সেৱা আৰু সমৃদ্ধিৰে গঠিত হব। ইয়াৰ গতি আৰু অগ্ৰগতি থাকিব যিয়ে বিশ্বক ওচৰ চপাই আনিব। জীৱন আৰু জীৱিকাৰ উন্নতি অব্যাহত থাকিব। এয়া অটল সেতুৰ বাৰ্তা”, প্ৰধানমন্ত্ৰীয়ে কয়।

বিগত ১০ বছৰত ভাৰতত কঢ়িয়াই অনা পৰিৱৰ্তনৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে আঙুলিয়াই দিয়ে যে ২০১৪ চনৰ আগৰ ভাৰতৰ কথা মনত পৰিলে ৰূপান্তৰিত ভাৰতৰ ভাবমূৰ্তি আৰু অধিক স্পষ্ট হৈ পৰে। আজি আলোচনা হাজাৰ হাজাৰ কোটিৰ প্ৰকল্প সম্পূৰ্ণ হোৱাক কেন্দ্ৰ কৰি হৈ আছে”, শ্ৰী মোদীয়ে কয়। তেওঁ উত্তৰ-পূবৰ ভূপেন হাজৰিকা সেতু আৰু বগীবিল দলংঅটল সুৰংগ আৰু চেনাব দলংএকাধিক এক্সপ্ৰেছৱেআধুনিক ৰে'ল ষ্টেচনপূব আৰু পশ্চিম মালবাহী কৰিডবন্দে ভাৰতঅমৃত ভাৰত আৰু নমো ভাৰত ৰেলৰ শুভাৰম্ভনতুন ৰেবিমানবন্দৰ উদ্বোধন আদিৰ উদাহৰণ দাঙি ধৰে।

 

মহাৰাষ্ট্ৰৰ শেহতীয়া মেগা ডেভেলপমেণ্ট প্ৰজেক্টৰ উদাহৰণ দি প্ৰধানমন্ত্ৰীয়ে বালা চাহেব থাকৰে সমৃদ্ধি মহামাৰ্গৰ উদ্বোধনী আৰু নৱী মুম্বাই বিমানবন্দৰ আৰু উপকূলীয় পথ প্ৰকল্পৰ চলি থকা কামৰ কথা উল্লেখ কৰে যিয়ে মুম্বাইৰ সংযোগৰ মুখ সলনি কৰাটো নিশ্চিত। তেওঁ ইষ্টাৰ্ণ ফ্ৰীৱেৰ অৰেঞ্জ গেটৰ পৰা মেৰিন ড্ৰাইভৰ সৈতে সংযোগ কৰা মাটিৰ তলৰ পথ সুৰংগটোৰ কথাও উল্লেখ কৰি যাত্ৰাৰ সহজতা আৰু অধিক বৃদ্ধি হোৱা বুলি কয়। অতি সোনকালে মুম্বাইয়েও প্ৰথম বুলেট ট্ৰেইন লাভ কৰিব”, তেওঁ লগতে কয়, “দিল্লী-মুম্বাই ইকনমিক কৰিডৰে মহাৰাষ্ট্ৰক মধ্য আৰু উত্তৰ ভাৰতৰ সৈতে সংযোগ কৰিব। মহাৰাষ্ট্ৰক তেলেংগানাছত্তীশগড় আৰু অন্যান্য চুবুৰীয়া ৰাজ্যৰ সৈতে সংযোগ কৰিবলৈও ট্ৰেন্সমিছন লাইন নেটৱৰ্ক স্থাপন কৰা হৈছে। তেল আৰু গেছ পাইপলাইনঔৰংগাবাদ ঔদ্যোগিক চহৰনৱী মুম্বাই বিমানবন্দৰআৰু শ্বেন্দ্ৰ-বিডকিন ঔদ্যোগিক উদ্যানৰ বৃহৎ প্ৰকল্পই মহাৰাষ্ট্ৰৰ অৰ্থনীতিক এক নতুন গতি প্ৰদান কৰিবলৈ গৈ আছে।

প্ৰধানমন্ত্ৰীয়ে কৰদাতাৰ ধন কেনেকৈ দেশখনৰ উন্নয়নৰ বাবে ব্যৱহাৰ কৰা হৈছে তাৰ উদাহৰণ দাঙি ধৰিইয়াৰ বিপৰীতে পূৰ্বে এই ধনৰ নিৰ্দয় অপব্যৱহাৰ হোৱাৰ কথা উল্লেখ কৰে। তেওঁ ৫ দশক পূৰ্বে আৰম্ভ হোৱা আৰু বৰ্তমানৰ চৰকাৰে সম্পূৰ্ণ কৰা নীলৱাণ্ডে বান্ধ প্ৰকল্পৰ কথা কয় আৰু ৩ দশক পূৰ্বে উৰাণ-খাৰকোপাৰ ৰে'লপথৰ কাম আৰম্ভ হৈছিলডাবল ইঞ্জিন চৰকাৰে দ্ৰুতগতিত কাম চলাইছিল আৰু আজি দেশৰ বাবে উৎসৰ্গিত হৈছে প্ৰথম পৰ্যায়ৰ কাম। একেদৰেনৱী মুম্বাই মেট্ৰ’ প্ৰকল্পৰ প্ৰথম পৰ্যায়ৰ কাম বহু পলম হোৱাৰ অন্তত সম্পূৰ্ণ হল বুলি উল্লেখ কৰি তেওঁ অৱগত কৰে যে আনকি অটল সেতুও ৫-৬ দশক ধৰি পৰিকল্পনাতে আছিল। আৰু বান্দ্ৰা-ৱৰ্লি ছিলিংকএটা ৫গুণ সৰু প্ৰকল্পই ১০ বছৰতকৈ অধিক সময় লৈছিল আৰু বাজেট ৪-৫গুণ বৃদ্ধি পাইছিল।

প্ৰধানমন্ত্ৰীয়ে অৱগত কৰে যে অটল সেতু নিৰ্মাণৰ কামত প্ৰায় ১৭ হাজাৰ শ্ৰমিক আৰু ১৫০০ অভিযন্তাক নিয়োগ কৰাৰ লগতে পৰিবহণ আৰু নিৰ্মাণ উদ্যোগতো কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰা হৈছিল। অটল সেতুৱে অঞ্চলটোৰ সকলো ব্যৱসায়িক কাৰ্যকলাপ শক্তিশালী কৰাৰ লগতে ইজ অৱ ডুইং বিজনেছ আৰু ইজ অৱ লাইফকো বৃদ্ধি কৰিব”, তেওঁ লগতে কয়।

 

 

আজি ভাৰত একেলগে দুটা ফ্ৰণ্টত আগবাঢ়িছে”, প্ৰধানমন্ত্ৰী মোদীয়ে জোৰ দি কয়। তেওঁ কয় যে এফালে চৰকাৰে দৰিদ্ৰ লোকৰ জীৱিকাৰ উন্নতিৰ বাবে মেগা কেম্পেইন চলাই আছেআনফালে দেশৰ প্ৰতিটো প্ৰান্তত বৃহৎ প্ৰকল্প চলি আছে। প্ৰধানমন্ত্ৰীয়ে অটল পেঞ্চন যোজনা আৰু অটল সেতুৰ বিপৰীতে আয়ুষ্মান ভাৰত যোজনা আৰু বন্দে ভাৰত-অমৃত ভাৰত ৰেপিএম কিষাণ সন্মাননিধি আৰু পিএম গতিশক্তিৰ কথা উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে নাগৰিকৰ প্ৰতি চৰকাৰৰ উদ্দেশ্য আৰু আনুগত্যৰ কৃতিত্ব প্ৰদান কৰাৰ লগতে ক্ষমতাৰ লোভী আৰু সাধাৰণ জনসাধাৰণৰ পৰিৱৰ্তে নিজৰ পৰিয়ালত গুৰুত্ব দিয়া পূৰ্বৰ চৰকাৰসমূহৰ উদ্দেশ্যৰ বাবেও শোক প্ৰকাশ কৰে। উন্নয়নৰ অভাৱৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে অৱগত কৰে যে ২০১৪ চনৰ আগৰ ১০ বছৰত আন্তঃগাঁথনিৰ বাবে মাত্ৰ ১২ লাখ কোটি টকাৰ বাজেট দিয়া হৈছিলআনহাতে আন্তঃগাঁথনিৰ বাবে ৪৪ লাখ কোটি টকাৰ বাজেট দাখিল কৰা হৈছে বৰ্তমান চৰকাৰৰ দিনত। "কেৱল মহাৰাষ্ট্ৰতে কেন্দ্ৰীয় চৰকাৰে হয় প্ৰায় ৮ লাখ কোটি টকাৰ আন্তঃগাঁথনি প্ৰকল্প সম্পূৰ্ণ কৰিছে নহয় ইয়াৰ কাম চলি আছে। এই ধনৰাশিয়ে প্ৰতিটো খণ্ডতে নতুন নিয়োগৰ সুযোগো বৃদ্ধি কৰিছে”, তেওঁ লগতে কয়।

বিকশিত ভাৰত সংকল্প যাত্ৰাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে 'ত আনৰ পৰা আশাৰ অন্ত পৰে তাতেই মোদীৰ গেৰাণ্টী আৰম্ভ হয়।” তেওঁ স্বচ্ছতাশিক্ষাচিকিৎসা সাহায্য আৰু উপাৰ্জন সম্পৰ্কীয় আঁচনিৰ কথা উল্লেখ কৰে যিয়ে মহিলাসকলক সৰ্বাধিক উপকৃত কৰিছে। তেওঁ কয় যে পিএম জন ঔষধি কেন্দ্ৰস্বনিধিপিএম আৱাস আৰু ছেল্ফ হেল্প গ্ৰুপৰ সহায়ক গোটে সৃষ্টি কৰিছে লাখপতি দিদি। প্ৰধানমন্ত্ৰীয়ে কয় যে লক্ষ্য হৈছে ২ কোটি লাখপতি দিদি’ সৃষ্টি কৰা। মহাৰাষ্ট্ৰ চৰকাৰৰ আঁচনিসমূহেও এই দিশত কাম কৰি আছে। "মই আপোনালোকক আশ্বাস দিছোঁ যে ডাবল ইঞ্জিন চৰকাৰে মহাৰাষ্ট্ৰৰ উন্নয়নৰ বাবে একে নিষ্ঠাৰে কাম কৰি যাব। মহাৰাষ্ট্ৰ যাতে উন্নত ভাৰতৰ এক শক্তিশালী স্তম্ভ হিচাপে পৰিগণিত হয় তাৰ বাবে আমি চেষ্টাৰ কোনো ত্ৰুটি নাৰাখিম”, প্ৰধানমন্ত্ৰী মোদীয়ে সামৰণি মাৰে।

মহাৰাষ্ট্ৰৰ ৰাজ্যপাল শ্ৰীযুত ৰমেশ বাইছমহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী শ্ৰী একনাথ শিণ্ডে আৰু মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰীদ্বয় শ্ৰীযুত দেৱেন্দ্ৰ ফাডনবিছ আৰু শ্ৰী অজিত পাৱাৰৰ লগতে অন্যান্যসকল উপস্থিত থাকে।

পৃষ্ঠভূমি

অটল বিহাৰী বাজপেয়ী সেৱৰী-নহৱা সেৱা অটল সেতু

প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগী হৈছে নগৰীয়া পৰিবহণৰ আন্তঃগাঁথনি আৰু সংযোগ শক্তিশালী কৰি নাগৰিকসকলৰ গতিশীলতাৰ সহজতা’ (ইজ অফ মবিলিটীউন্নত কৰা। এই দৃষ্টিভংগীৰ লগত সংগতি ৰাখি বৰ্তমান অটল বিহাৰী বাজপেয়ী সেৱৰী-নহৱা সেৱা অটল সেতু’ নামেৰে নামাকৰণ কৰা মুম্বাই ট্ৰেন্স হাৰ্বাৰ লিংক (এমটিএইচএলনিৰ্মাণ কৰা হৈছে। ২০১৬ চনৰ ডিচেম্বৰ মাহত প্ৰধানমন্ত্ৰীয়ে এই দলংখনৰ আধাৰশিলা স্থাপন কৰিছিল।

 

মুঠ ১৭,৮৪০ কোটি টকাতকৈ অধিক ব্যয়ৰে নিৰ্মাণ কৰা হৈছে অটল সেতু। ই প্ৰায় ২১.৮ কিলোমিটাৰ দৈৰ্ঘ্য ৬ লেনযুক্ত দলং যাৰ দৈৰ্ঘ্য সাগৰৰ ওপৰেৰে প্ৰায় ১৬.৫ কিলোমিটাৰ আৰু স্থলভাগত প্ৰায় ৫.৫ কিলোমিটাৰ। ই ভাৰতৰ আটাইতকৈ দীঘল দলং আৰু লগতে ভাৰতৰ আটাইতকৈ দীঘল সাগৰীয় দলং। ইয়াৰ জৰিয়তে মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ আৰু নৱী মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সৈতে দ্ৰুত সংযোগ প্ৰদান কৰাৰ লগতে মুম্বাইৰ পৰা পুনেগোৱা আৰু দক্ষিণ ভাৰতলৈ যাত্ৰাৰ সময়ো হ্ৰাস পাব। ইয়াৰ উপৰিও মুম্বাই বন্দৰ আৰু জৱাহৰলাল নেহৰু বন্দৰৰ মাজত সংযোগ উন্নত হব।

অন্য উন্নয়নমূলক প্ৰকল্প

ইষ্টাৰ্ণ ফ্ৰীৱেৰ অৰেঞ্জ গেটক মেৰিন ড্ৰাইভৰ সৈতে সংযোগ কৰা ভূগৰ্ভস্থ পথ সুৰংগৰ আধাৰশিলা স্থাপন কৰে প্ৰধানমন্ত্ৰীয়ে। ৯.২ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই সুৰংগটো ৮৭০০ কোটিতকৈ অধিক ব্যয়ৰে নিৰ্মাণ হব আৰু ই মুম্বাইৰ এক উল্লেখযোগ্য আন্তঃগাঁথনি উন্নয়ন হব যাৰ ফলত অৰেঞ্জ গেট আৰু মেৰিন ড্ৰাইভৰ মাজত যাত্ৰাৰ সময় হ্ৰাস পাব।

প্ৰধানমন্ত্ৰীয়ে সূৰ্য আঞ্চলিক বাল্ক খোৱাপানী প্ৰকল্পৰ প্ৰথম পৰ্যায়টো ৰাষ্ট্ৰৰ বাবে উৎসৰ্গা কৰে। ১৯৭৫ কোটিতকৈ অধিক ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই প্ৰকল্পৰ জৰিয়তে মহাৰাষ্ট্ৰৰ পালঘৰ আৰু থানে জিলালৈ খোৱাপানীৰ যোগান ধৰা হযাৰ ফলত প্ৰায় ১৪ লাখ জনসংখ্যা উপকৃত হব।

এই কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে প্ৰায় ২০০০ কোটি টকাৰ ৰেল প্ৰকল্প ৰাষ্ট্ৰৰ বাবে উৎসৰ্গা কৰে। ইয়াৰ ভিতৰত আছে উৰাণ-খাৰকোপাৰ ৰেলপথৰ দ্বিতীয় পৰ্যায়’ উচৰ্গা কৰা যিয়ে নৱী মুম্বাইৰ সৈতে সংযোগ বৃদ্ধি কৰিব কাৰণ নেৰুল/বেলাপুৰৰ পৰা খাৰকোপাৰৰ মাজত চলি থকা উপনগৰ সেৱা এতিয়া উৰাণলৈ সম্প্ৰসাৰিত কৰা হব। উৰাণ ৰেল ষ্টেচনৰ পৰা খাৰকোপাৰলৈ ইএমইউ ৰেলৰ উদ্বোধনী যাত্ৰাৰো প্ৰধানমন্ত্ৰীয়ে ফ্লেগ অফ কৰে।

 

দেশৰ প্ৰতি উৎসৰ্গিত হবলগীয়া আন ৰেল প্ৰকল্পসমূহৰ ভিতৰত আছে থানে-বাশী/পানভেল ট্ৰেন্স-হাৰ্বাৰ লাইনত নতুন উপনগৰ ষ্টেচন দিঘা গাঁও’ আৰু খাৰ ৰোড আৰু গোৰেগাঁও ৰেলৱে ষ্টেচনৰ মাজত নতুন ৬ষ্ঠ লাইন। এই প্ৰকল্পসমূহে মুম্বাইৰ দৈনিক অহা-যোৱা কৰা হাজাৰ হাজাৰ লোকক উপকৃত কৰিব।

প্ৰধানমন্ত্ৰীয়ে ছান্টাক্ৰুজ ইলেক্ট্ৰনিক এক্সপৰ্ট প্ৰচেছিং জন স্পেচিয়েল ইকনমিক জন (SEEPZ SEZ)ত ৰত্ন আৰু গহনা খণ্ডৰ বাবে ভাৰত ৰত্নম’ (মেগা কমন ফেচিলিটেশ্যন চেণ্টাৰউদ্বোধন কৰেযিটো 3D মেটেল প্ৰিন্টিংকে ধৰি বিশ্বৰ সৰ্বোত্তম উপলব্ধ মেচিনৰ সৈতে ভাৰতৰ ভিতৰতে প্ৰথম। ইয়াত বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰীকে ধৰি এই খণ্ডৰ বাবে কৰ্মশক্তিৰ দক্ষতাৰ বাবে এখন প্ৰশিক্ষণ বিদ্যালয় থাকিব। মেগা চিএফচিয়ে ৰত্ন আৰু গহনা ব্যৱসায়ত ৰপ্তানি খণ্ডক ৰূপান্তৰিত কৰিব আৰু ঘৰুৱা উৎপাদনতো সহায় কৰিব।

প্ৰধানমন্ত্ৰীয়ে SEEPZ- SEZ ত নতুন উদ্যোগ আৰু সেৱা টাৱাৰ (NEST)- 01 উদ্বোধন কৰে। NEST-01 মূলতঃ জেম এণ্ড জুৱেলাৰী খণ্ডৰ ইউনিটৰ বাবে যিবোৰ বৰ্তমানৰ ষ্টেণ্ডাৰ্ড ডিজাইন ফেক্টৰী - I ৰ পৰা স্থানান্তৰ কৰা হব। নতুন টাৱাৰটো বৃহৎ পৰিসৰৰ উৎপাদনৰ বাবে আৰু উদ্যোগটোৰ চাহিদা অনুসৰি ডিজাইন কৰা হৈছে।

এই কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে নমো মহিলা সবলীকৰণ অভিযান আৰম্ভ কৰে। এই অভিযানৰ লক্ষ্য হৈছে মহাৰাষ্ট্ৰ ৰাজ্যৰ মহিলাসকলক দক্ষতা বিকাশৰ প্ৰশিক্ষণ আৰু উদ্যোগীকৰণ বিকাশৰ সৈতে পৰিচিতিৰ ব্যৱস্থা কৰি সবলীকৰণ কৰা। ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ মহিলা উন্নয়ন কাৰ্যসূচীৰ অভিসৰণ আৰু পৰিপূৰকতাৰ দিশতো এই প্ৰচেষ্টা হাতত লব।

 

 

 

 

 

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
From 17,000 Violent Incidents To Bastar Olympics: How PM Modi Got The Maoists To Turn In

Media Coverage

From 17,000 Violent Incidents To Bastar Olympics: How PM Modi Got The Maoists To Turn In
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister Shri Narendra Modi receives a telephone call from the Amir of Qatar
June 23, 2026
Qatar Amir expresses condolences over the loss of lives of Indian nationals in an accident in Qatar.
PM thanks him and conveys appreciation for prompt medical help to the injured.
The two leaders reaffirm their commitment to ensure the wellbeing and safety of their citizens.
PM conveys appreciation for Qatar’s positive contribution in the peace efforts in West Asia.
The two leaders reaffirm their commitment to expand bilateral cooperation.

Prime Minister Shri Narendra Modi received a telephone call today from the Amir of the State of Qatar, H.H. Sheikh Tamim Bin Hamad Al-Thani.

Qatar Amir expressed condolences over the loss of lives of Indian nationals in an accident at Ras Laffan Industrial City in Qatar on June 21 and conveyed wishes for speedy recovery of those injured.

PM thanked him for his words of sympathy towards affected families and conveyed appreciation for providing prompt medical help to the injured.

The two leaders reaffirmed their commitment to ensure the wellbeing and safety of their citizens and reiterated their support and solidarity with each other.

While discussing the situation in West Asia, PM conveyed appreciation for Qatar’s positive contribution in the peace efforts and expressed hope that they would lead to lasting peace and stability in the region.

The two leaders also reaffirmed their commitment to expand bilateral cooperation in all areas.

They agreed to remain in close touch.