উন্নত ভাৰতৰ দৃষ্টিভংগী বাস্তৱায়িত কৰাৰ বাবে পূব ভাৰতৰ উন্নয়ন অগ্ৰাধিকাৰৰ বিষয় হৈয়েই আছে,এই লক্ষ্যৰেই কেন্দ্ৰীয় চৰকাৰে অহৰহ কাম কৰি আছে: প্ৰধানমন্ত্ৰী
কালি পশ্চিমবংগৰ পৰা দেশৰ প্ৰথমখন বন্দে ভাৰত শ্লীপাৰ ৰে'ল উদ্বোধন কৰা হয়; ৰাজ্যখনে প্ৰায় ডেৰ ডজন নতুন অমৃত ভাৰত এক্সপ্ৰেছ ৰে’লো লাভ কৰিছে, আজি তিনিখন অমৃত ভাৰত এক্সপ্ৰেছ ৰে’লৰ চলাচল আৰম্ভ হৈছে: প্ৰধানমন্ত্ৰী
বালাগড়ত নিৰ্মাণ হৈ থকা বৰ্ধিত বন্দৰ গেট ব্যৱস্থাই হুগলী আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলৰ বাবে নতুন সুযোগৰ দুৱাৰ মুকলি কৰিব: প্ৰধানমন্ত্ৰী
আজি ভাৰতে বহুমুখী সংযোগ আৰু সেউজ গতিশীলতাৰ বিষয়ত বিশেষভাবে গুৰুত্ব আৰোপ কৰিছে; নিৰৱচ্ছিন্ন পৰিবহণ নিশ্চিত কৰিবলৈ বন্দৰ, নদী জলপথ, ঘাইপথ আৰু বিমানবন্দৰৰ মাজত আন্তঃসংযোগ ঘটোৱা হৈছে: প্ৰধানমন্ত্ৰী

আজি পশ্চিমবংগৰ হুগলী জিলাৰ ছিংগুৰত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৮৩০ কোটি টকাতকৈও অধিক মূল্যৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্প উদ্বোধন আধাৰশিলা স্থাপন আৰু  শুভাৰম্ভ কৰে। এই উপলক্ষে আয়োজিত  সভাত ভাষণ আগবঢ়াই  শ্ৰী মোদীয়ে মন্তব্য কৰে যে কালি তেওঁ মালদাত আছিল আৰু আজি তেওঁ হুগলীত জনসাধাৰণৰ মাজত থকাৰ সৌভাগ্য লভিছে। তেওঁ কয় যে এখন উন্নত ভাৰতৰ বাবে পূব ভাৰতৰ উন্নয়ন অতি প্ৰয়োজনীয়  আৰু এই লক্ষ্যৰেই কেন্দ্ৰীয় চৰকাৰে অহৰহ কাম কৰি আছে। তেওঁ উল্লেখ কৰে যে কালি আৰু আজিৰ কাৰ্যসূচীয়ে এই সংকল্পক অধিক শক্তিশালী কৰিছে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে এই সময়ছোৱাত তেওঁ পশ্চিমবংগৰ উন্নয়নৰ সৈতে জড়িত শ শ কোটি টকাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰাৰ সুযোগ পাইছে।

শ্ৰী মোদীয়ে কয় যে কালি পশ্চিমবংগৰ পৰা দেশৰ প্ৰথমখন বন্দে ভাৰত শ্লীপাৰ ৰে'ল মুকলি কৰা হৈছে। তেওঁ লগতে কয় যে বংগই  প্ৰায় ডেৰ ডজন নতুন অমৃত ভাৰত এক্সপ্ৰেছ ৰে’ল লাভ কৰিছে। তেওঁ লগতে কয় যে আজি আৰু তিনিখন অমৃত ভাৰত এক্সপ্ৰেছ ৰে’ল মুকলি কৰা হৈছে। তেওঁ লগতে কয়  যে ইয়াৰে এখন ৰে’লে তেওঁৰ সংসদীয় সমষ্টি বাৰাণসী আৰু বংগৰ মাজত সংযোগক অধিক শক্তিশালী কৰি তুলিব। তেওঁ পুনৰ  কয় যে দিল্লী আৰু তামিলনাডুৰ বাবেও অমৃত ভাৰত এক্সপ্ৰেছ ৰে’ল মুকলি কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে  যে পশ্চিমবংগৰ ৰে’ল সংযোগৰ ক্ষেত্ৰত  বিগত ২৪ ঘণ্টা অভূতপূৰ্ব সময় আছিল।

 

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে জলপথৰ ক্ষেত্ৰত বংগৰ  অপৰিসীম সম্ভাৱনা আছে আৰু কেন্দ্ৰীয় চৰকাৰেও এই বিষয়ত গুৰুত্ব সহকাৰে  কাম কৰি আছে। তেওঁ উল্লেখ কৰে যে বন্দৰ নেতৃত্বাধীন উন্নয়নৰ বাবে প্ৰয়োজনীয় আন্তঃগাঁথনি নিৰ্মাণৰ অৰ্থে পৰ্যাপ্ত  সহায় আগবঢ়োৱা হৈছে। তেওঁ উল্লেখ কৰে যে কিছু সময়ৰ পূৰ্বে বন্দৰ আৰু নদীৰ জলপথৰ সৈতে জড়িত প্ৰকল্পসমূহো উদ্বোধন কৰাৰ লগতে   আধাৰশিলাও স্থাপন কৰা হৈছে।  তেওঁ  দৃঢ়তাৰে  কয় যে পশ্চিমবংগ আৰু ভাৰতৰ উন্নয়নৰ বাবে এনে প্ৰকল্প  অতি গুৰুত্বপূৰ্ণ। তেওঁ কয় যে এইবোৰেই হৈছে স্তম্ভ  যাৰ ওপৰত পশ্চিমবংগক উৎপাদন, বাণিজ্য, আৰু লজিষ্টিকছৰ এক প্ৰধান কেন্দ্ৰ হিচাপে গঢ়ি তুলিব পৰা যাব। এই প্ৰকল্পসমূহৰ বাবে প্ৰধানমন্ত্ৰীয়ে সকলোকে অভিনন্দন জ্ঞাপন কৰে।

শ্ৰী মোদীয়ে আলোকপাত কৰে যে বন্দৰ আৰু সংশ্লিষ্ট পৰিৱেশতন্ত্ৰৰ বিষয়ত  যিমানেই গুৰুত্ব দিয়া হ’ব সিমানেই ইয়াত কৰ্মসংস্থাপনৰ সুবিধাৰো সৃষ্টি হ’ব। তেওঁ উল্লেখ কৰে যে বিগত ১১ বছৰত কেন্দ্ৰীয় চৰকাৰে শ্যামা প্ৰসাদ মুখাৰ্জী বন্দৰৰ সামৰ্থ্যৰ সম্প্ৰসাৰণত বৃহৎ পৰিমাণৰ বিনিয়োগ কৰিছে। তেওঁ লগতে কয় যে সাগৰমালা আঁচনিৰ অধীনত এই বন্দৰটোৰ সংযোগৰ ক্ষমতা উন্নত কৰাৰ বাবে পথ নিৰ্মাণ কৰা হৈছে। তেওঁ মন্তব্য কৰে যে এই প্ৰচেষ্টাসমূহৰ ফলাফলে এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে  যোৱা বৰ্ষত কলকাতা বন্দৰে কাৰ্গো হেণ্ডলিঙৰ ক্ষেত্ৰত নতুন অভিলেখ সৃষ্টি গঢ়িবলৈ সক্ষম হৈছিল।

 

প্ৰধানমন্ত্ৰী মোদীয়ে মন্তব্য কৰে যে বালাগড়ত নিৰ্মাণ  হৈ থকা বৰ্ধিত বন্দৰ গেট ব্যৱস্থাই হুগলী আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহৰ বাবে নতুন সুযোগৰ দুৱাৰ  মুকলি কৰিব। ইয়াৰ দ্বাৰা কলকাতা চহৰত যাতায়াত আৰু লজিষ্টিক চাপ লাঘৱ হ’ব বুলিও  তেওঁ মন্তব্য কৰে। তেওঁ উল্লেখ কৰে যে গংগাৰ  জলপথৰ জৰিয়তে মালবাহী জাহাজৰ  চলাচল আৰু অধিক বৃদ্ধি পাব। প্ৰধানমন্ত্ৰীয়ে দৃঢ়তাৰে কয় যে এই সমগ্ৰ আন্তঃগাঁথনিয়ে হুগলীক গুদাম আৰু ব্যৱসায়িক কেন্দ্ৰলৈ ৰূপান্তৰিত কৰাত সহায় কৰিব, শ শ কোটি টকাৰ নতুন বিনিয়োগ আকৰ্ষণ কৰিব , হাজাৰ হাজাৰ চাকৰিৰ সৃষ্টি হ’ব, ক্ষুদ্ৰ ব্যৱসায়ী আৰু পৰিবহণকাৰীসকল উপকৃত হ’ব, কৃষক তথা উৎপাদকসকলৰ বাবে নতুন বজাৰৰ পথ মুকলি কৰিব।

শ্ৰী মোদীয়ে কয় যে ভাৰতে আজি বহুমুখী সংযোগ আৰু সেউজ গতিশীলতাৰ বিষয়ত  বিশেষভাবে গুৰুত্ব আৰোপ কৰিছে। তেওঁ উল্লেখ কৰে যে নিৰৱচ্ছিন্ন পৰিবহণ সক্ষম কৰি তুলিবলৈ  বন্দৰ, নদী জলপথ, ঘাইপথ আৰু বিমানবন্দৰসমূহৰ মাজত  আন্তঃসংযোগ ঘটোৱা হৈছে। তেওঁ মন্তব্য কৰে যে ইয়াৰ ফলত লজিষ্টিক খৰচ আৰু পৰিবহণৰ সময় দুয়োটাই হ্ৰাস পাইছে। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে পৰিবহণৰ পদ্ধতিসমূহ যাতে প্ৰকৃতি অনুকূল হয় তাৰ বাবেও প্ৰচেষ্টা চলোৱা হৈছে। তেওঁ আঙুলিয়াই দিয়ে যে হাইব্ৰিড বৈদ্যুতিক নাৱে নদী পৰিবহণ আৰু সেউজ গতিশীলতাক শক্তিশালী কৰিব, যাৰ ফলত হুগলীত যাত্ৰা কৰাটো সহজ হ’ব, প্ৰদূষণ হ্ৰাস পাব আৰু নদীভিত্তিক পৰ্যটন বৃদ্ধি পাব।

 

প্ৰধানমন্ত্ৰীয়ে কয়  যে ভাৰতে এতিয়া  মীন আৰু সাগৰীয় খাদ্য উৎপাদন তথা  ৰপ্তানিৰ ক্ষেত্ৰত দ্ৰুতগতিত আগবাঢ়িছে। পশ্চিমবংগই এই খণ্ডত দেশক নেতৃত্ব দিব লাগিব বুলিও  তেওঁ কয়। তেওঁ  লগতে কয়  যে কেন্দ্রীয় চৰকাৰে নদী জলপথৰ বাবে বংগৰ দৃষ্টিভংগীক বাস্তৱায়িত কৰিবলৈ  বিশেষভাবে সহায় কৰিছে। ইয়াৰ দ্বাৰা  ইতিমধ্যে কৃষকৰ লগতে মাছমৰীয়াসকলো উপকৃত হৈছে৷ শ্ৰী মোদীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰা এই প্ৰকল্পসমূহে  পশ্চিমবংগৰ উন্নয়ন যাত্ৰাক অধিক  ত্বৰান্বিত কৰিব। এই প্ৰকল্পসমূহৰ বাবে তেওঁ সকলোকে শুভেচ্ছা জ্ঞাপন কৰে।

আজিৰ এই অনুষ্ঠানত পশ্চিমবংগৰ ৰাজ্যপাল শ্ৰী চি ভি আনন্দ বসু, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱাল, শ্ৰী শান্তনু ঠাকুৰ, শ্ৰী সুকান্ত মজুমদাৰৰ লগতে অন্যান্য বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

পৃষ্ঠভূমি

প্ৰধানমন্ত্ৰীয়ে হুগলীৰ ছিংগুৰত ৮৩০ কোটি টকাতকৈও অধিক মূল্যৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্প উদ্বোধন, আধাৰশিলা স্থাপন আৰু ফ্লেগ অফ কৰে।

প্ৰধানমন্ত্ৰীয়ে বালাগড়ত বৰ্ধিত বন্দৰ গেট ব্যৱস্থাৰ আধাৰশিলা স্থাপন কৰে, য’ত এটা আভ্যন্তৰীণ জল পৰিবহণ (আই ডব্লিউ টি) টাৰ্মিনেল আৰু এখন  ৰোড অভাৰ ব্ৰীজ অন্তৰ্ভুক্ত হৈ আছে। ই প্ৰায় ৯০০ একৰ এলেকাত বিস্তৃত আৰু  বালাগড়ক বছৰি প্ৰায় ২৭ লাখ টন (এমটিপিএ)ৰ ক্ষমতাৰে আধুনিক কাৰ্গো হেণ্ডলিং টাৰ্মিনেল হিচাপে গঢ়ি  তুলিব বুলি আশা কৰা হৈছে। এই প্ৰকল্পত দুটা নিৰ্দিষ্ট কাৰ্গো হেণ্ডলিং জেটি নিৰ্মাণ কৰা হৈছে, এটা কণ্টেইনাৰযুক্ত কাৰ্গোৰ বাবে আৰু এটা শুকান বাল্ক কাৰ্গোৰ বাবে। বালাগড় প্ৰকল্পৰ লক্ষ্য হৈছে  গধুৰ সামগ্ৰীৰ চলাচলক নগৰীয়া যানজঁটৰ পৰা মুক্ত কৰি  সামগ্ৰী নমোৱাৰ কাৰ্যক্ষমতা উন্নত কৰা। ইয়াৰ দ্বাৰা পথ সুৰক্ষা বৃদ্ধি পাব, কলকাতা চহৰত  যানজঁট আৰু প্ৰদূষণ হ্ৰাস পাব আৰু বাসিন্দাসকলৰ জীৱনৰ মান উন্নত হ’ব। উন্নত বহুমুখী সংযোগ আৰু লজিষ্টিক দক্ষতাই আঞ্চলিক উদ্যোগ, এমএছএমই আৰু কৃষি উৎপাদকসকলকো বিশাল  বজাৰত প্ৰৱেশৰ সুবিধা প্ৰদান কৰিব। এই প্ৰকল্পটোৱে যথেষ্ট পৰিমাণৰ প্ৰত্যক্ষ আৰু পৰোক্ষ নিয়োগ সৃষ্টি কৰিব, যাৰ ফলত লজিষ্টিক, টাৰ্মিনেল পৰিচালনা, পৰিবহণ সেৱা, ৰক্ষণাবেক্ষণ আৰু সংশ্লিষ্ট  খণ্ডত  চাকৰি সৃষ্টিৰ জৰিয়তে স্থানীয় লোকসকলক  উপকৃত কৰিব।

প্ৰধানমন্ত্ৰীয়ে কলকাতাত এখন অত্যাধুনিক ইলেক্ট্ৰিক কেটামাৰানো মুকলি কৰে। কোচিন শ্বিপয়াৰ্ড লিমিটেডে আভ্যন্তৰীণ জল পৰিবহণৰ বাবে থলুৱাভাৱে নিৰ্মাণ কৰা  ৬খন ইলেক্ট্ৰিক কেটামাৰানৰ ভিতৰত এইখন অন্যতম। উন্নত বৈদ্যুতিক প্ৰপালচন ব্যৱস্থা আৰু লিথিয়াম-টাইটানেট বেটাৰী প্ৰযুক্তিৰে সজ্জিত ৫০ গৰাকী যাত্ৰী বহিব পৰা  হাইব্ৰিড ইলেক্ট্ৰিক এলুমিনিয়াম কেটামাৰানখনে সম্পূৰ্ণ বৈদ্যুতিক শূন্য নিৰ্গমনৰ লগতে বৰ্ধিত সহনশীলতাৰ বাবে হাইব্ৰিড মোডত কাম কৰিবলৈ সক্ষম হ’ব। এই জাহাজখনে নগৰীয়া নদীৰ গতিশীলতা, পৰিৱেশ পৰ্যটন আৰু হুগলী নদীৰ কাষেৰে শেষ মাইললৈকে যাত্ৰীক সংযোগ কৰাত সহায় কৰিব।

 

প্ৰধানমন্ত্ৰীয়ে জয়ৰামবাটি–বড়োগোপীনাথপুৰ–ময়নাপুৰ নতুন ৰে’ল লাইনো উদ্বোধন কৰে। এই লাইন তৰ্কেশ্বৰ–বিষ্ণুপুৰ নতুন ৰেল লাইন প্ৰকল্পৰ এক গুৰুত্বপূৰ্ণ অংশ। নতুন ৰে’ল লাইনৰ সমান্তৰালকৈ ময়নাপুৰ আৰু জয়ৰামবাটিৰ মাজত বড়োগোপীনাথপুৰত ৰখাবলগীয়া নতুন ৰে’লৰো ফ্লেগ অফ কৰা হ’ব। ইয়াৰ জৰিয়তে বাংকুৰা জিলাৰ বাসিন্দাসকল  প্ৰত্যক্ষ ৰেল সংযোগৰ দ্বাৰা উপকৃত হ’ব।  ফলত সাধাৰণ লোকৰ  দৈনন্দিন  যাতায়াত, ছাত্ৰ-ছাত্ৰী আৰু তীৰ্থযাত্ৰীৰ  যাতায়াত অধিক সুলভ তথা  সুবিধাজনক হ’ব।

 

প্ৰধানমন্ত্ৰীয়ে তিনিখন অমৃত ভাৰত এক্সপ্ৰেছ ৰে’লৰো ফ্লেগ অফ কৰে : সেয়া হৈছে- কলকাতা (হাওৰা) - আনন্দ বিহাৰ টাৰ্মিনেল অমৃত ভাৰত এক্সপ্ৰেছ; কলকাতা (শিয়ালদহ) - বেনাৰস অমৃত ভাৰত এক্সপ্ৰেছ; কলকাতা (ছান্ত্ৰাগাছি) - তাম্বাৰম অমৃত ভাৰত এক্সপ্ৰেছ।

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Teja Singh Samundri is a hero for Sikhism & India

Media Coverage

Teja Singh Samundri is a hero for Sikhism & India
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister extends best wishes to Skyroot Aerospace
July 18, 2026
Prime Minister invites citizens to witness launch of Orbital Launch Vehicle, Vikram-1

Prime Minister Shri Narendra Modi, today, extended his best wishes to Skyroot Aerospace ahead of the maiden orbital launch of Vikram-1, India's first privately developed launch vehicle, describing it as a historic milestone in the nation's space journey. Shri Modi said that the launch of Vikram-1 marks the opening of a new frontier for India's space ambitions and reflects the country's growing capabilities in innovation, technology and entrepreneurship.

The Prime Minister also urged citizens, particularly the youth, to witness this landmark mission.

The Prime Minister posted on X:

A historic new frontier for India’s space journey!

At 11:30 AM today, Skyroot Aerospace will undertake the maiden orbital launch of Vikram-1, India’s first privately developed launch vehicle.

This four-stage rocket is designed to provide rapid and on-demand launch services. This mission highlights the talent, determination and entrepreneurial spirit of our youth. It also shows how our space-sector reforms are unlocking new opportunities for innovation and enterprise.

My best wishes to the entire Skyroot Aerospace team for a successful launch. May Vikram-1 soar high, create history and inspire a generation of innovators.

I urge all Indians, especially my young friends, to follow this historic mission and join in wishing Team Skyroot success using #IndiaWithVikram1.

@SkyrootA