কোচি-লক্ষদ্বীপ দ্বীপপুঞ্জৰ চাবমেৰিন অপটিকেল ফাইবাৰ সংযোগৰ উদ্বোধন
কাডমতত নিম্ন উষ্ণতাৰ তাপীয় ডিচেলাইনেচন (LTTD) প্ৰকল্প উৎসৰ্গা
আগাট্টি আৰু মিনিকয় দ্বীপপুঞ্জৰ সকলো গৃহস্থীলৈ কাৰ্য্যকৰী ঘৰুৱা টেপ সংযোগ (FHTC) উৎসৰ্গা
কাৱৰাট্টিত সৌৰশক্তি প্ৰকল্প উৎসৰ্গা
প্ৰাথমিক স্বাস্থ্যসেৱা সুবিধা আৰু পাঁচ আদৰ্শ অংগনবাড়ী কেন্দ্ৰৰ পুনৰ বিকাশৰ আধাৰশিলা স্থাপন
“লক্ষদ্বীপৰ ভৌগোলিক অঞ্চল সৰু হ’লেও ইয়াৰ জনতাৰ অন্তৰ সাগৰৰ দৰে বিশাল”
“আমাৰ চৰকাৰে প্ৰত্যন্ত, সীমান্ত, উপকূলীয় আৰু দ্বীপ অঞ্চলসমূহক অগ্ৰাধিকাৰ হিচাপে বিবেচিত কৰিছে”
লগতে কৃষক আৰু মৎস্যজীৱী হিতাধিকাৰীসকলক পিএম কিষাণ ক্ৰেডিট কাৰ্ড প্ৰদান কৰে।
তেখেতে লক্ষদ্বীপবাসীক আশ্বাস প্ৰদানেৰে কয় যে যিসকলে তেওঁলোকৰ অধিকাৰ কাঢ়ি নিবলৈ চেষ্টা কৰিছিল, তেওঁলোকক কোনো মূল্যৰ বিনিময়ত ৰেহাই দিয়া নহ’ব।
কাডমতস্থিত নিম্ন উষ্ণতাৰ তাপীয় ডিচেলাইনেচন (LTTD) প্ৰকল্পৰ কথা উল্লেখেৰে প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে লক্ষদ্বীপৰ প্ৰতিঘৰ গৃহস্থীতে পাইপেৰে পানী যোগানৰ কাম দ্ৰুত গতিত আগবাঢ়িছে।
তেখেতে লগতে কয় যে ইয়াৰদ্বাৰা লক্ষদ্বীপৰ যুৱক-যুৱতীসকলক বহুলাংশে উপকৃত কৰা হৈছে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি লক্ষদ্বীপৰ কাৱৰাট্টিত ১১৫০ কোটি টকাৰো অধিক মূল্যৰ উন্নয়নমূলক প্ৰকল্পৰাজিৰ উদ্বোধন, ৰাষ্ট্ৰলৈ উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰে। আজিৰ উন্নয়নমূলক প্ৰকল্পসমূহে প্ৰযুক্তি, শক্তি, জলসম্পদ, স্বাস্থ্যসেৱা আৰু শিক্ষাকে প্ৰমুখ্য কৰি একাধিক খণ্ডক সামৰি লৈছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে লেপটপ আঁচনিৰ অধীনত ছাত্ৰ-ছাত্ৰীসকলক লেপটপ বিতৰণৰ লগতে বেটি বচাও, বেটি পঢ়াওৰ অধীনত বিদ্যালয়ৰ ছাত্ৰীসকলক চাইকেল প্ৰদান কৰে। লগতে কৃষক আৰু মৎস্যজীৱী হিতাধিকাৰীসকলক পিএম কিষাণ ক্ৰেডিট কাৰ্ড প্ৰদান কৰে।

 

সমবেতসকলক সম্বোধনেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে লক্ষদ্বীপৰ সৌন্দৰ্য্য শব্দৰে ব্যক্ত কৰিব নোৱাৰি বুলি উল্লেখেৰে আগাট্টি, বঙাৰাম আৰু কাৱৰাট্টি ভ্ৰমণেৰে নাগৰিকক লগ পোৱাৰ কথা ব্যক্ত কৰে। “লক্ষদ্বীপৰ ভৌগোলিক অঞ্চল সৰু হ’লেও ইয়াৰ জনসাধাৰণৰ হৃদয় সাগৰৰ দৰে বিশাল”, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে দুৰ্গম, সীমান্ত বা উপকূলীয় আৰু দ্বীপ অঞ্চলক কৰি অহা দীৰ্ঘদিনীয়া অৱহেলাৰ কথা কয়। “আমাৰ চৰকাৰে এনে অঞ্চলসমূহক অগ্ৰাধিকাৰ হিচাপে বিবেচিত কৰিছে”, তেখেতে কয়। আন্তঃগাঁথনি, সংযোগ, পানী, স্বাস্থ্য আৰু শিশু যত্নৰ সৈতে জড়িত প্ৰকল্পসমূহৰ বাবে অঞ্চলটোৰ ৰাইজক অভিনন্দন জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে লক্ষদ্বীপৰ উন্নয়নৰ অৰ্থে চৰকাৰে গ্ৰহণ কৰা প্ৰচেষ্টা সন্দৰ্ভত আলোকপাতেৰে পিএম আৱাস যোজনা (গ্ৰামীণ)ৰ চেচুৰেচন অৰ্জন, প্ৰতিজন হিতাধিকাৰীক বিনামূলীয়া ৰেচন প্ৰদান, পিএম কিষাণ ক্ৰেডিট কাৰ্ড আৰু আয়ুষ্মান কাৰ্ড বিতৰণৰ বিষয়ে অৱগত কৰে। “কেন্দ্ৰীয় চৰকাৰে সকলো চৰকাৰী আঁচনিয়ে প্ৰতিজন হিতাধিকাৰীক স্পৰ্শকৰণত গুৰুত্ব আৰোপ কৰিছে”, প্ৰধানমন্ত্ৰী মোদীয়ে কয়। প্ৰত্যক্ষ লাভ হস্তান্তৰৰ জৰিয়তে হিতাধিকাৰীক ধন প্ৰদানৰ ক্ষেত্ৰত সাধিত স্বচ্ছতাৰ কথা উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ইয়াৰদ্বাৰা দুৰ্নীতি বহু পৰিমাণে ৰোধ হৈছে। তেখেতে লক্ষদ্বীপবাসীক আশ্বাস প্ৰদানেৰে কয় যে যিসকলে তেওঁলোকৰ অধিকাৰ কাঢ়ি নিবলৈ চেষ্টা কৰিছিল, তেওঁলোকক কোনো মূল্যৰ বিনিময়ত ৰেহাই দিয়া নহ’ব।

 

প্ৰধানমন্ত্ৰীগৰাকীয়ে ২০২০ত ১০০০ দিনৰ ভিতৰত দ্ৰুত ইন্টাৰনেট নিশ্চিতকৰণ সম্পৰ্কে প্ৰদান কৰা নিশ্চয়তাৰ কথা মনত পেলায়। কোচি-লক্ষদ্বীপ দ্বীপপুঞ্জৰ চাবমেৰিন অপটিকেল ফাইবাৰ কানেকচন (KLI - SOFC) প্ৰকল্প আজি জনতাৰ বাবে উৎসৰ্গা কৰা হৈছে আৰু ইয়াৰদ্বাৰা লক্ষদ্বীপৰ জনসাধাৰণৰ বাবে ১০০ গুণ দ্ৰুত ইন্টাৰনেট নিশ্চিত হ'ব। ইয়াৰদ্বাৰা চৰকাৰী সেৱা, চিকিৎসা, শিক্ষা, ডিজিটেল বেংকিং আদি সুবিধাসমূহ উন্নত হ’ব। লক্ষদ্বীপক লজিষ্টিক হাব হিচাপে গঢ়ি তোলাৰ সম্ভাৱনাই ইয়াৰপৰা শক্তি লাভ কৰিব বুলিও তেখেতে লগতে কয়। কাডমতস্থিত নিম্ন উষ্ণতাৰ তাপীয় ডিচেলাইনেচন (LTTD) প্ৰকল্পৰ কথা উল্লেখেৰে প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে লক্ষদ্বীপৰ প্ৰতিঘৰ গৃহস্থীতে পাইপেৰে পানী যোগানৰ কাম দ্ৰুত গতিত আগবাঢ়িছে।

প্ৰধানমন্ত্ৰী মোদীয়ে লক্ষদ্বীপত উপস্থিত হোৱাৰ লগে-লগে প্ৰখ্যাত পৰিবেশবিদ শ্ৰী আলী মানিকফানৰ সৈতে হোৱা মত-বিনিময়ৰ সম্পৰ্কে কয় আৰু লক্ষদ্বীপ দ্বীপপুঞ্জৰ সংৰক্ষণৰ দিশত তেওঁৰ গৱেষণা আৰু উদ্ভাৱনৰ ওপৰত আলোকপাত কৰে। ২০২১ত শ্ৰী আলী মানিকফানক পদ্মশ্ৰীৰে সন্মানিত কৰা বৰ্তমান চৰকাৰৰ প্ৰতি অপৰিসীম সন্তুষ্টি প্ৰকাশ কৰে তেওঁ। প্ৰধানমন্ত্ৰীগৰাকীয়ে লক্ষদ্বীপৰ যুৱক-যুৱতীসকলৰ উদ্ভাৱন আৰু শিক্ষাৰ পথ প্ৰশস্ত হোৱা বুলি আলোকপাতেৰে লেপটপ বিতৰণৰ কথা আৰু ছাত্ৰীক চাইকেল প্ৰদানৰ কথা উল্লেখ কৰে। উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান স্থাপনৰ দিশত গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে অৱগত কৰি শ্ৰী মোদীয়ে এণ্ড্ৰট আৰু কাডমত দ্বীপত কলা আৰু বিজ্ঞানৰ শিক্ষানুষ্ঠান আৰু মিনিকয়ত পলিটেকনিক প্ৰতিষ্ঠান আৰম্ভৰ কথা উল্লেখ কৰে। তেখেতে লগতে কয় যে ইয়াৰদ্বাৰা লক্ষদ্বীপৰ যুৱক-যুৱতীসকলক বহুলাংশে উপকৃত কৰা হৈছে।

 

প্ৰধানমন্ত্ৰী মোদীয়ে হজ যাত্ৰীসকলৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ কথা উল্লেখ কৰে যিয়ে লক্ষ্যদ্বীপৰ জনসাধাৰণকো উপকৃত কৰিছে। তেখেতে হজ ভিছাৰ বাবে সহজতা তথা ভিছা আৰু মহিলাসকলক ‘মেহৰাম’ অবিহনে হজলৈ যোৱাৰ অনুমতিৰ বাবে প্ৰক্ৰিয়াটোৰ ডিজিটেলাইজেচনৰ কথা উল্লেখ কৰে। এই প্ৰচেষ্টাসমূহৰ ফলত ‘উমৰাহ’লৈ যোৱা ভাৰতীয়ৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে বুলিও তেখেতে কয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে বিশ্বৰ সামুদ্ৰিক খাদ্যৰ বজাৰত ভাৰতৰ অংশীদাৰিত্ব বৃদ্ধিৰ প্ৰচেষ্টা সম্পৰ্কে আলোকপাত কৰে, যাৰ ফলত লক্ষদ্বীপৰ বাবে সুবিধা হ’ব কাৰণ স্থানীয় টুনা মাছ জাপানলৈ ৰপ্তানি কৰা হৈছে। প্ৰধানমন্ত্ৰী মোদীয়ে মৎস্যজীৱীসকলৰ জীৱন সলনি কৰিব পৰা মানসম্পন্ন স্থানীয় মাছৰ ৰপ্তানিৰ সম্ভাৱনাৰ ওপৰত আলোকপাত কৰে।

 

আজাদী কা অমৃত কালত ভাৰতক এখনি উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাত লক্ষদ্বীপৰ ভূমিকা সন্দৰ্ভত আলোকপাতেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় শাসিত অঞ্চলটোক আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মানচিত্ৰত স্থান প্ৰদানৰ বাবে চৰকাৰৰ প্ৰচেষ্টাৰ কথা উল্লেখ কৰে। ইয়াত সদ্য সমাপ্ত জি-২০ বৈঠকৰ কথা উল্লেখেৰে লক্ষদ্বীপে আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছে বুলিও তেখেতে কয়। স্বদেশ দৰ্শন আঁচনিৰ অধীনত লক্ষদ্বীপৰ বাবে নিৰ্দিষ্ট মাষ্টাৰ প্লেন প্ৰস্তুত কৰা হৈছে। পাঁচ বছৰ পূৰ্বৰ তুলনাত পৰ্যটকৰ আগমন পাঁচগুণ বৃদ্ধি পোৱা বুলি জনাই শ্ৰী মোদীয়ে কয়, “লক্ষদ্বীপ ক্ৰুজ পৰ্যটনৰ বাবে এক প্ৰধান গন্তব্যস্থান হিচাপে পৰিগণিত হৈছে।“ প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতৰ নাগৰিকসকলক বিদেশ ভ্ৰমণৰ সিদ্ধান্ত লোৱাৰ পূৰ্বে দেশৰ কমেও পোন্ধৰখন স্থান ভ্ৰমণ কৰিবলৈয়ো তেখেতৰ আহ্বান পুনৰবাৰ প্ৰকাশ কৰে। তেখেতে লগতে বিদেশী দেশৰ দ্বীপ ৰাষ্ট্ৰসমূহ ভ্ৰমণ কৰিব বিচৰাসকলক লক্ষদ্বীপ ভ্ৰমণ কৰিবলৈ আহ্বান জনায়। “এবাৰ লক্ষদ্বীপৰ সৌন্দৰ্য্যৰ সাক্ষী হ’লে বিশ্বৰ অন্যান্য গন্তব্যস্থান নগন্য হৈ পৰিব”, তেখেতে লগতে কয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে লক্ষদ্বীপৰ জনসাধাৰণক আশ্বাস প্ৰদানেৰে কয় যে তেওঁলোকৰ জীৱন-যাপনৰ সুবিধা, যাতায়াতৰ সহজতা আৰু ব্যৱসায় কৰাত সহজতা নিশ্চিতকৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰে সকলো পদক্ষেপ গ্ৰহণ কৰি যাব। “এখনি বিকশিত ভাৰত গঢ়াত লক্ষদ্বীপে এক বলিষ্ঠ ভূমিকা পালন কৰিব”, এইবুলি কৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাষণৰ সামৰণি মাৰে।

 

এই অনুষ্ঠানত লক্ষদ্বীপৰ লেফটেনেন্ট গভৰ্ণৰ শ্ৰী প্ৰফুল্ল পেটেলকে প্ৰমুখ্য কৰি আন-আন বিশিষ্ট লোকসকল উপস্থিত থাকে।

পটভূমি

এটি ৰূপান্তৰমূলক পদক্ষেপ হিচাপে প্ৰধানমন্ত্ৰীগৰাকীয়ে ২০২০ত লালকিল্লাত স্বাধীনতা দিৱসৰ ভাষণৰ সময়ত ঘোষণা কৰা কোচি-লক্ষদ্বীপ দ্বীপপুঞ্জৰ চাবমেৰিন অপটিকেল ফাইবাৰ সংযোগ (KLI - SOFC) প্ৰকল্প আৰম্ভেৰে লক্ষদ্বীপত ইন্টাৰনেটৰ গতি লেহেমীয়া হোৱাৰ প্ৰত্যাহ্বান অতিক্ৰম কৰাৰ সংকল্প গ্ৰহণ কৰিছিল। এতিয়া এই প্ৰকল্পটো সম্পূৰ্ণ হৈ উঠে। ইয়াৰ ফলত ইন্টাৰনেটৰ গতি ১০০ গুণৰো অধিক বৃদ্ধি পাব (১.৭ জিবিপিএছৰপৰা ২০০ জিবিপিএছলৈ)। স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে চাবমেৰিন অপটিক ফাইবাৰ কেবলৰ জৰিয়তে লক্ষদ্বীপক সংযোগ কৰা হ’ব। সমৰ্পিত চাবমেৰিন অ’এফচিয়ে লক্ষদ্বীপ দ্বীপসমূহত যোগাযোগৰ আন্তঃগাঁথনিত এক গতি নিশ্চিত কৰিব, যাৰ ফলত দ্ৰুত আৰু অধিক নিৰ্ভৰযোগ্য ইন্টাৰনেট সেৱা, টেলিমেডিচিন, ই-গভৰ্নেন্স, শৈক্ষিক পদক্ষেপ, ডিজিটেল বেংকিং, ডিজিটেল মুদ্ৰাৰ ব্যৱহাৰ, ডিজিটেল সাক্ষৰতা আদি প্ৰশস্ত কৰি তুলিব।

 

প্ৰধানমন্ত্ৰীগৰাকীয়ে কাডমতত নিম্ন উষ্ণতাৰ তাপীয় ডিচেলাইনেচন (LTTD) প্ৰকল্পটো দেশৰ বাবে উৎসৰ্গা কৰে। ইয়াৰদ্বাৰা প্ৰতিদিনে ১.৫ লাখ লিটাৰ বিশুদ্ধ খোৱাপানী লাভ কৰা হ’ব। প্ৰধানমন্ত্ৰীগৰাকীয়ে আগাট্টি আৰু মিনিকয় দ্বীপপুঞ্জৰ সকলো ঘৰতে ফাংচনেল হাউছহ’ল্ড টেপ কানেকচন (FHTC)ও উৎসৰ্গা কৰে। লক্ষদ্বীপ দ্বীপসমূহত খোৱাপানীৰ উপলব্ধতা সদায় প্ৰত্যাহ্বান আছিল কাৰণ ই এটা প্ৰবাল দ্বীপ, ইয়াত ভূগৰ্ভস্থ পানীৰ উপলব্ধতা ন্যূনতম। এই পানীয় প্ৰকল্পসমূহে দ্বীপসমূহৰ পৰ্যটন ক্ষমতা শক্তিশালী কৰাতো সহায় কৰিব, যাৰ ফলত স্থানীয় নিয়োগৰ সুযোগ বৃদ্ধি পাব।

ৰাষ্ট্ৰলৈ উৎসৰ্গিত আন প্ৰকল্পসমূহৰ ভিতৰত আছে কাৱৰাট্টিৰ সৌৰশক্তি কেন্দ্ৰ, যি লক্ষ্যদ্বীপৰ প্ৰথমটো বেটাৰী সমৰ্থিত সৌৰশক্তি প্ৰকল্প।

 

প্ৰধানমন্ত্ৰীগৰাকীয়ে কালপেনিৰ প্ৰাথমিক স্বাস্থ্যসেৱাৰ সুবিধা সংস্কাৰ আৰু আন্দ্ৰোথ, চেতলাট, কাডমত, আগাট্টি আৰু মিনিকয় নামৰ পাঁচটা দ্বীপত পাঁচটা আদৰ্শ অংগনবাড়ী কেন্দ্ৰ (নন্দ ঘৰ) নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে।

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Freed Banks From NPA Illness': PM Modi Discusses Reforms, Economy, Trade Deals, World Order

Media Coverage

Freed Banks From NPA Illness': PM Modi Discusses Reforms, Economy, Trade Deals, World Order
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister Congratulates India’s U-19 Cricket Team on World Cup Victory
February 06, 2026

The Prime Minister, Shri Narendra Modi, has lauded the outstanding performance of India’s Under-19 cricket team for clinching the World Cup title.

Prime Minister commended the team for playing very well through the tournament, showcasing exceptional skill. This win will inspire several young sportspersons too, he added.

In a message on X, Shri Modi said:

“India’s cricketing talent shines!

Proud of our U-19 team for bringing home the World Cup. The team has played very well through the tournament, showcasing exceptional skill. This win will inspire several young sportspersons too. Best wishes to the players for their upcoming endeavours.”