আজি উত্তৰ প্ৰদেশৰ লগতে সমগ্ৰ দেশ বিশ্বমানৰ আন্তঃগাঁথনিৰ এক নতুন যুগৰ সাক্ষী হৈছে : প্ৰধানমন্ত্ৰী
মীৰাট মেট্ৰ’, নমো ভাৰত ৰে’ল আৰু আঞ্চলিক ৰেপিড ট্ৰেনজিট ব্যৱস্থাৰ নতুন অংশৰ উদ্বোধনে এন চি আৰত থকা লোকসকলৰ জীৱন আৰু অধিক সহজ, মসৃণ তথা অধিক সুবিধাজনক কৰি তুলিব : প্ৰধানমন্ত্ৰী
আমাৰ কৰ্ম-সংস্কৃতি এনেকুৱা যে এবাৰ এটা কামৰ আধাৰশিলা স্থাপন হ’লেই দিন-ৰাতি একাকাৰ কৰি সেইটো সম্পূৰ্ণ কৰা হয়, সেইবাবেই এতিয়া প্ৰকল্পবোৰ আগৰ দৰে আধৰুৱা হৈ নাথাকে : প্ৰধানমন্ত্ৰী
নমো ভাৰতেই হওক বা মেট্ৰ’ সেৱাই হওক, মই দুয়োটাৰে আধাৰশিলা স্থাপন কৰাৰ সুযোগ পাইছিলোঁ আৰু আজি ময়েই ইয়াক উদ্বোধন কৰাৰ সৌভাগ্য লাভ কৰিছো : প্ৰধানমন্ত্ৰী
এজন যাত্ৰীয়ে একেটা প্লেটফৰ্মৰ পৰাই চহৰখন ভ্ৰমণ কৰিব পাৰিব আৰু সেই একেটা ষ্টেচনৰ পৰাই দিল্লীলৈ পোনে পোনে অহা-যোৱা কৰিব পাৰিব : প্ৰধানমন্ত্ৰী
বিশ্বৰ বহু উন্নত দেশেই আজি ভাৰতৰ সৈতে বাণিজ্যিক চুক্তি স্বাক্ষৰ কৰিছে : প্ৰধানমন্ত্ৰী
আজি উন্নত দেশসমূহ ভাৰতৰ সৈতে অংশীদাৰিত্ব কৰিবলৈ আগ্ৰহী। কাৰণ তেওঁলোকে ভাৰতৰ উন্নয়নত নিজৰ ভৱিষ্যত দেখিছে আৰু ভাৰতৰ যুৱ শক্তিত আশাৰ ৰেঙনি প্ৰত্যক্ষ কৰিছে : প্ৰধানমন্ত্ৰী
আজি বিশ্বই অনুভৱ কৰিছে যে ভাৰত হৈছে সেই শক্তি, যি একবিংশ শতিকাৰ প্ৰত্যাহ্বানৰ সমাধান দিব পাৰে : প্ৰধানমন্ত্ৰী
চৌধুৰী চৰণ সিংজীৰ দৃষ্টিভংগী মীৰাট-হাপুৰ অঞ্চলৰ লগতে ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহে আৰম্ভণিৰে পৰা প্ৰত্যক্ষ কৰি আহিছে আৰু আমাৰ চৰকাৰৰ সৌভাগ্য যে আমি চৌধুৰী চৰণ সিংজীক ভাৰতৰত্ন প্ৰদানৰ সৌভাগ্য লাভ কৰিছো : প্ৰধানমন্ত্ৰীক
চৌধুৰী চৰণ সিংজীৰ দৃষ্টিভংগী মীৰাট-হাপুৰ অঞ্চলৰ লগতে ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহে আৰম্ভণিৰে পৰা প্ৰত্যক্ষ কৰি আহিছে আৰু আমাৰ চৰকাৰৰ সৌভাগ্য যে আমি চৌধুৰী চৰণ সিংজীক ভাৰতৰত্ন প্ৰদানৰ সৌভাগ্য লাভ কৰিছো : প্ৰধানমন্ত্ৰীক

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মীৰাটত নমো ভাৰত ৰেপিড ৰেল আৰু মীৰাট মেট্ৰ’ পথ উদ্বোধন কৰি এই প্ৰকল্পটোক ‘বিকশিত উত্তৰ প্ৰদেশ’ আৰু ‘বিকশিত ভাৰত’ৰ বাবে শক্তিৰ নতুন উত্থান বুলি অভিহিত কৰে। এই অনুষ্ঠানৰ জৰিয়তে ভাৰতত প্ৰথমবাৰৰ বাবে একেদিনাই একেটা প্লেটফৰ্মৰ পৰা ৰেপিড ৰেল আৰু মেট্ৰ’ সেৱাৰ সূচনা হল।

প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে এই প্ৰকল্পই উন্নত ভাৰতত যোগাযোগ ব্যৱস্থা কেনেকুৱা হ’ব তাৰ এক গুৰুত্বপূৰ্ণ আভাস দিয়ে। সংহত ব্যৱস্থাটোৱে চহৰৰ ভিতৰত ভ্ৰমণৰ বাবে মেট্ৰ' আৰু "টুইন চিটী" দৃষ্টিভংগী ত্বৰান্বিত কৰিবলৈ নমো ভাৰত ৰে'ল ব্যৱহাৰ কৰিছে। ডাবল ইঞ্জিনৰ চৰকাৰৰ কৰ্ম সংস্কৃতিৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে প্ৰকল্পসমূহ এতিয়া অনিশ্চয়তাত ওলমি নাথাকে। তেওঁ গুৰুত্ব আৰোপ কৰে যে তেওঁৰ চৰকাৰে যিটো কামৰ বাবে আধাৰশিলা স্থাপন কৰে, ব্যক্তিগতভাৱে এই সেৱাসমূহৰ আধাৰশিলা স্থাপন আৰু উদ্বোধনী দুয়োটা কামৰ নেতৃত্ব দি সেই কাম সম্পূৰ্ণ কৰে।

 

এই ভ্ৰমণৰ সময়ছোৱাত প্ৰধানমন্ত্ৰীগৰাকীয়ে মীৰাট মেট্ৰ’ত যাত্ৰা কৰি ছাত্ৰ-ছাত্ৰী আৰু যাত্ৰীসকলৰ সৈতে মত বিনিময় কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে এই প্ৰকল্পটোক ‘নাৰী-শক্তি’ৰ প্ৰতীক হিচাপে প্ৰশংসা কৰি উল্লেখ কৰে যে ইয়াৰ বেছিভাগ ৰে’ল পৰিচালক আৰু ষ্টেচন নিয়ন্ত্ৰণ কৰ্মচাৰীয়ে মহিলা। দেশৰ প্ৰথম নমো ভাৰত ৰেপিড ৰেলসেৱাৰ বাবে তেওঁ উত্তৰ প্ৰদেশৰ জনসাধাৰণক অভিনন্দন জ্ঞাপন কৰে।

মীৰাটৰ সৈতে তেওঁৰ বিশেষ সম্পৰ্কৰ কথা মনত পেলাই প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে ২০১৪, ২০১৯ আৰু ২০২৪ চনত তেওঁৰ সংসদীয় নিৰ্বাচনী প্ৰচাৰাভিযান  এই বিপ্লৱী ভূমিৰ পৰাই আৰম্ভ হৈছিল। তেওঁ অঞ্চলটোৰ কৃষক, শিপিনী, উদ্যোগীসকলক তেওঁলোকৰ ধাৰাবাহিক আশীৰ্বাদৰ বাবে ধন্যবাদ জনায়। "২০১৪ চনৰ আগতে মেট্ৰ’ সেৱা মাত্ৰ ৫খন চহৰতহে উপনীত হৈছিল, কিন্তু এতিয়া ২৫খনতকৈও অধিক চহৰত মেট্ৰ’সেৱা চলি আছে, যাৰ ফলত ভাৰত বিশ্বৰ তৃতীয় বৃহত্তম নেটৱৰ্ক হৈ পৰিছে”, শ্ৰী মোদীয়ে মন্তব্য কৰে। "প্ৰকল্পটোৰ এটা অনন্য বৈশিষ্ট্য হৈছে ভাৰতীয় ৰে'ল, মেট্ৰ' আৰু শৰাই কালে খান, আনন্দ বিহাৰ, গাজিয়াবাদ আৰু মীৰাটৰ বাছ আস্থানৰ একত্ৰিকৰণ। ভাৰতত প্ৰথমবাৰৰ বাবে নমো ভাৰত আৰু মেট্ৰ' ৰে'ল একেটা ট্ৰেক আৰু ষ্টেচনতে চলিব", শ্ৰী মোদীয়ে আলোকপাত কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে এই সংহতিৰ ফলত যাত্ৰীসকলে চহৰৰ ভিতৰত যাত্ৰা কৰিব পাৰে বা পোনপটীয়াকৈ দিল্লীলৈ যাব পাৰিব, যাৰ ফলত বহু শ্ৰমিক আৰু ছাত্ৰ-ছাত্ৰীয়ে দিল্লীৰ ভাড়াঘৰত বসবাস কৰাৰ বাধ্যবাধকতাৰ অন্ত পৰিব।

 

"এক্সপ্ৰেছ ৱে, মালবাহী কৰিডৰ আৰু জেৱাৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰকে ধৰি বিভিন্ন আধুনিক আন্তঃগাঁথনিত চৰকাৰৰ বিনিয়োগে বিস্তৃত নিয়োগৰ সুযোগ সৃষ্টি কৰিছে। এই প্ৰকল্পসমূহে অঞ্চলটোলৈ নতুন উদ্যোগ আৰু ব্যৱসায়ক আকৰ্ষণ কৰিছে", প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।

উত্তৰ প্ৰদেশক শ্ৰম আৰু সৃষ্টিৰ ভূমি বুলি অভিহিত কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যৰ কৃষক আৰু শিপিনীসকলে ঐতিহ্য আৰু উন্নয়নৰ মন্ত্ৰ সফলতাৰে উপলব্ধি কৰিছে। তেওঁ উল্লেখ কৰে যে ভাৰতৰ গোলকীয় শক্তি বৃদ্ধি পোৱাৰ লগে লগে উন্নত ৰাষ্ট্ৰসমূহে ভাৰতৰ যুৱ শক্তিক ব্যৱহাৰ কৰিবলৈ বাণিজ্যিক চুক্তি স্বাক্ষৰ কৰিবলৈ আগ্ৰহী হৈছে। “আজি বিশ্বই ভাৰতক একবিংশ শতিকাৰ প্ৰত্যাহ্বানসমূহ সমাধান কৰিব পৰা শক্তিশালী দেশ হিচাপে প্ৰত্যক্ষ কৰিছে আৰু ইয়াৰ পৰা উত্তৰ প্ৰদেশৰ জনসাধাৰণ প্ৰত্যক্ষভাৱে লাভৱান হৈছে”, শ্ৰী মোদীয়ে মন্তব্য কৰে।

 

এম এছ এম ই খণ্ডক সম্বোধন কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে এইবাৰৰ কেন্দ্ৰীয় বাজেটত ১০ হাজাৰ কোটি টকাৰ বিশেষ পুঁজিৰ ওপৰত আলোকপাত কৰে, যি এম এছ এম ইসমূহৰ বাবে ঋণ সুলভ কৰি তুলিব। তেওঁ শিপিনীসকলক গোলকীয় বজাৰত প্ৰৱেশ কৰাত সহায় কৰিবলৈ মহাত্মা গান্ধী গ্ৰাম স্বৰাজ যোজনাৰ কথাও উল্লেখ কৰে। কুৰিয়ৰৰ জৰিয়তে সামগ্ৰী প্ৰেৰণৰ ১০ লাখৰ সীমা আঁতৰোৱা হৈছে। ইয়াৰ ফলত মীৰাট আৰু সমগ্ৰ উত্তৰ প্ৰদেশৰ ক্ষুদ্ৰ উদ্যোগীসকলে অনলাইন এপৰ জৰিয়তে আমেৰিকা আৰু ইউৰোপৰ গ্ৰাহকক পোনপটীয়াকৈ সামগ্ৰী বিক্ৰী কৰিব পাৰিব- প্ৰধানমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে।

“চৌধুৰী চৰণ সিংজীৰ দৃষ্টিভংগীক সন্মান জনাই চৰকাৰে তেওঁক ভাৰতৰত্ন প্ৰদান কৰিছে। তেওঁৰ পৰা অনুপ্ৰাণিত হৈ ডাবল ইঞ্জিন চৰকাৰে খাদ্য প্ৰক্ৰিয়াকৰণ আৰু পি এম কিষাণ সন্মান নিধিৰ জৰিয়তে কৃষকৰ আয় বৃদ্ধিৰ বাবে কাম কৰি আছে। এই আঁচনিৰ অধীনত ইতিমধ্যে উত্তৰ প্ৰদেশৰ কৃষকসকলক প্ৰায় ৯৫ হাজাৰ কোটি টকা যোগান ধৰা হৈছে”, শ্ৰী মোদীয়ে মন্তব্য কৰে।

 

প্ৰধানমন্ত্ৰীগৰাকীয়ে সংঘৰ্ষ আৰু অপৰাধৰ যুগৰ পৰা আজি ব্ৰাহ্মোছ, মোবাইল উৎপাদন আৰু পৰ্যটনৰ স্বীকৃতিলৈ পৰিৱৰ্তিত হোৱালৈ লক্ষ্য কৰি উত্তৰ প্ৰদেশৰ উন্নয়ন সৰ্বাধিক বুলি উল্লেখ কৰে। তেওঁ কয় যে আজি অপৰাধীসকল জেলত আছে, কন্যাৰ মৰ্যাদা সুৰক্ষিত হৈছে আৰু আইন-শৃংখলাৰ উন্নতিয়ে এক বৃহৎ অৰ্থনৈতিক উত্থান তথা উৎপাদন বৃদ্ধিৰ সূচনা কৰিছে।

 

“উত্তৰ প্ৰদেশক উৎপাদন কেন্দ্ৰলৈ ৰূপান্তৰিত কৰা হৈছে আৰু শেহতীয়াকৈ ৰাজ্যখনৰ প্ৰথমটো অৰ্ধপৰিবাহী কাৰখানাৰ আধাৰশিলা স্থাপন কৰা হৈছে। এখন উন্নত ভাৰতৰ বাবে এখন উন্নত উত্তৰ প্ৰদেশ অপৰিহাৰ্য”, প্ৰধানমন্ত্ৰীগৰাকীয়ে এই মন্তব্যৰে ভাষণৰ সামৰণি মাৰে।

 

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
'Won't Let India's Neo Middle Class Down': PM Modi On Completing 12 Years In Office

Media Coverage

'Won't Let India's Neo Middle Class Down': PM Modi On Completing 12 Years In Office
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister Narendra Modi shares a Sanskrit Subhashitam highlighting agriculture and crops as the foundation of human life
June 11, 2026

Prime Minister Shri Narendra Modi shared a Sanskrit Subhashitam today highlighting that agriculture is not merely a means of livelihood, but the fundamental basis of the nourishment of society and the nation.

The Prime Minister posted on X:

"कृषि केवल जीविका का साधन नहीं, बल्कि समाज और राष्ट्र के पोषण का मूल आधार है। हमारे किसान भाई-बहनों का पसीना जब मिट्टी में मिलता है तो अन्न बनकर देशवासियों के जीवन को संबल देता है।

ते कृषिं च सस्यं च मनुष्या उप जीवन्ति।
कृष्टराधिरुपजीवनीयो भवति य एवं वेद॥

#12YearsOfKisanSamriddhi"

Agriculture and crops are the very foundation of human life. One who understands this truth carries out agricultural work properly and through it, society is sustained and nourished.