পিএমএৱাই- নগৰ আৰু গ্ৰামীণ আঁচনিৰ অধীনত দুই লাখতকৈও অধিক হিতাধিকাৰীৰ বাবে গৃহ প্ৰৱেশ কাৰ্যসূচী মুকলি কৰা হৈছে
"মা ত্ৰিপুৰা সুন্দৰীৰ আশীৰ্বাদত ত্ৰিপুৰাৰ উন্নয়নৰ যাত্ৰাই নতুন উচ্চতাৰ শিখৰ স্পৰ্শ কৰিছে"
"দৰিদ্ৰ লোকসকলৰ বাবে গৃহ নিৰ্মাণৰ ক্ষেত্ৰত ত্ৰিপুৰা এখন আগশাৰীৰ ৰাজ্য"
"আজি ত্ৰিপুৰাত পৰিষ্কাৰ পৰিচ্ছন্নতা, আন্তঃগাঁথনিগত উন্নয়ন আৰু দৰিদ্ৰ লোকসকলক গৃহ প্ৰদানৰ বাবে চৰ্চিত কৰা হৈছে"
"ত্ৰিপুৰাৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চল আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ প্ৰৱেশদ্বাৰ হৈ পৰিছে"
"আয়ুষ্মান ভাৰত আঁচনিৰ অধীনত উত্তৰ-পূবৰ গাওঁসমূহত ৭ হাজাৰৰো অধিক স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰৰ অনুমোদন দিয়া হৈছে"
"ইয়াৰ স্থানীয় সম্পদসমূহক গোলকীয় কৰি তুলিবলৈ চেষ্টা কৰা হৈছে"

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৪৩৫০ কোটি টকাৰ বিভিন্ন গুৰুত্বপূৰ্ণ প্ৰকল্পসমূহৰ আধাৰশিলা স্থাপন কৰে। প্ৰকল্পসমূহৰ ভিতৰত আছে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত হিতাধিকাৰীসকলৰ বাবে গৃহ প্ৰৱেশ কাৰ্যসূচীৰ শুভাৰম্ভ – নগৰ আৰু গ্ৰামীণ, আগৰতলা বাইপাছ (খৈৰপুৰ– আমতালী) ৰাষ্ট্ৰীয় ঘাইপথ-০৮ বহল কৰাৰ বাবে সংযোগ প্ৰকল্প, পিএমজিএছৱাই ৩ৰ অধীনত ২৩০ কিলোমিটাৰতকৈ অধিক দৈৰ্ঘ্যৰ ৩২ টা পথৰ আধাৰশিলা স্থাপন আৰু ৫৪০ কিলোমিটাৰ দূৰত্ব সামৰি লোৱা ১১২ টা পথৰ উন্নয়নমূলক প্ৰকল্প। প্ৰধানমন্ত্ৰীয়ে আনন্দনগৰত ৰাজ্যিক হোটেল ব্যৱস্থাপনা প্ৰতিষ্ঠান আৰু আগৰতলা চৰকাৰী দন্ত মহাবিদ্যালয়ৰো উদ্বোধন কৰে।

অনুষ্ঠানৰ আৰম্ভণিৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি থকা জনসাধাৰণক প্ৰধানমন্ত্ৰীয়ে ধন্যবাদ জ্ঞাপন কৰে আৰু লগতে মেঘালয়ত হোৱা ব্যস্ততাৰ ফলত হোৱা সামান্য বিলম্বৰ বাবে ক্ষমা বিচাৰে য'ত তেওঁ সেই দিনাই আৰম্ভণিতে আধাৰশিলা স্থাপন কৰে আৰু একাধিক প্ৰকল্প দেশবাসীলৈ উৎসৰ্গা কৰে।

প্ৰধানমন্ত্ৰীয়ে বিগত ৫ বছৰ ধৰি পৰিচ্ছন্নতা অভিযান সন্দৰ্ভত ৰাজ্যখনত সম্পন্ন হোৱা প্ৰশংসনীয় কামৰ কথা স্বীকাৰ কৰি কয় যে ত্ৰিপুৰাৰ জনসাধাৰণে ইয়াক ৰাজহুৱা আন্দোলনলৈ পৰিণত কৰিছে। ফলস্বৰূপে, সৰু ৰাজ্যৰ ক্ষেত্ৰত ত্ৰিপুৰা ভাৰতৰ আটাইতকৈ পৰিষ্কাৰ ৰাজ্য হিচাপে পৰিগণিত হৈছে। "মা ত্ৰিপুৰা সুন্দৰীৰ আশীৰ্বাদত ত্ৰিপুৰাৰ উন্নয়নমূলক যাত্ৰাত নতুন উচ্চতাৰ শিখৰ স্পৰ্শ হৈছে ", তেওঁ কয়।

দৰিদ্ৰ লোকসকলৰ পৰিয়ালৰ সৈতে সম্পৰ্কিত সংযোগ, দক্ষতা বিকাশ আৰু আঁচনিৰ সৈতে সম্পৰ্কিত আজিৰ প্ৰকল্পসমূহৰ বাবে ত্ৰিপুৰাবাসীক প্ৰধানমন্ত্ৰীয়ে অভিনন্দন জ্ঞাপন কৰে। "ত্ৰিপুৰাই আজি প্ৰথমখন দন্ত মহাবিদ্যালয় লাভ কৰিছে", প্ৰধানমন্ত্ৰীয়ে এইদৰে মন্তব্য কৰি কয় যে ত্ৰিপুৰাৰ যুৱক-যুৱতীসকলে এতিয়া ৰাজ্যৰ ভিতৰতে চিকিৎসক হোৱাৰ সুযোগ লাভ কৰিব। তেওঁ লগতে জনায় যে আজি ৰাজ্যখনৰ ২ লাখতকৈও অধিক দৰিদ্ৰ লোকে তেওঁলোকৰ নতুন পকী ঘৰত গৃহ প্ৰৱেশ কৰিছে, আৰু সেই ঘৰবোৰৰ মালিক হ’ল আমাৰ মাতৃ আৰু ভগ্নীসকল। প্ৰধানমন্ত্ৰীয়ে পৰিয়ালৰ এই মহিলাসকলক অভিনন্দন জনায় । শ্ৰী মানিক সাহাজী আৰু তেওঁৰ দলৰ কামৰ প্ৰশংসা কৰি প্ৰধানমন্ত্ৰীয়ে কয়, "দৰিদ্ৰ লোকসকলৰ বাবে গৃহ নিৰ্মাণৰ ক্ষেত্ৰত ত্ৰিপুৰা অন্যতম আগশাৰীৰ ৰাজ্য"।

প্ৰধানমন্ত্ৰীয়ে দিনটোৰ আৰম্ভণিতে অংশগ্ৰহণ কৰা উত্তৰ-পূব পৰিষদৰ বৈঠকৰ কথা স্মৰণ কৰি তেওঁ ত্ৰিপুৰাকে ধৰি উত্তৰ-পূবৰ সকলো ৰাজ্যৰ বাবে ভৱিষ্যতৰ উন্নয়নৰ পথ-মানচিত্ৰৰ আলোচনাৰ বিষয়ে সম্যক তথ্য প্ৰদান কৰে। তেওঁ 'অষ্ট আধাৰ' বা 'অষ্ট লক্ষ্মী' বা উত্তৰ-পূৰ্বাঞ্চলৰ আঠখন ৰাজ্যৰ উন্নয়নৰ বাবে আঠটা গুৰুত্বপূৰ্ণ বিষয়ৰ বিষয়ে অৱগত কৰে। ত্ৰিপুৰাৰ দ্বৈত ইঞ্জিনৰ চৰকাৰৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ৰাজ্যখনত উন্নয়নমূলক পদক্ষেপসমূহ আগুৱাই নিয়াৰ বাবে নিৰন্তৰে প্ৰচেষ্টা চলি আছে।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে দ্বৈত ইঞ্জিন চৰকাৰৰ পূৰ্বে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বিষয়ে কেৱল নিৰ্বাচন আৰু হিংসাত্মক কাৰ্যকলাপৰ সময়তহে আলোচনা কৰা হৈছিল। "আজি ত্ৰিপুৰা পৰিষ্কাৰ পৰিচ্ছন্নতা, আন্তঃগাঁথনিগত উন্নয়ন আৰু দৰিদ্ৰ লোকসকলক গৃহ যোগান ধৰাৰ বাবে চৰ্চিত হৈছে", তেওঁ মন্তব্য কৰে। তেওঁ লগতে কয় যে কেন্দ্ৰীয় চৰকাৰে আন্তঃগাঁথনি উন্নয়নৰ বাবে হাজাৰ হাজাৰ কোটি টকা ব্যয় কৰি আছে আৰু ৰাজ্য চৰকাৰে ফলাফল দেখুৱাই ইয়াক সম্ভৱ কৰি তুলিছে। "যোৱা ৫ বছৰত ত্ৰিপুৰাৰ বহুতো গাঁৱে পথৰ সংযোগ লাভ কৰিছে আৰু ত্ৰিপুৰাৰ সকলো গাঁৱক পথৰ দ্বাৰা সংযোগ কৰাৰ বাবে ইতিমধ্যে দ্ৰুত গতিত কাম চলি আছে", তেওঁ কয়। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে আজি যিবোৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হৈছে, সেইবোৰে ৰাজ্যখনৰ পথৰ নেটৱৰ্ক অধিক শক্তিশালী কৰিব, ৰাজধানীত যান-বাহন চলাচল সহজ কৰিব তথা জীৱন সহজ কৰি তুলিব।

আগৰতলা-আখাউৰা ৰে'লপথ আৰু ভাৰত-থাইলেণ্ড-ম্যানমাৰ ঘাইপথৰ আন্তঃগাঁথনিৰ সৈতে মুকলি হ'বলগীয়া নতুন পথৰ বিষয়ে অৱগত কৰি প্ৰধানমন্ত্ৰীয়ে এইবুলি মন্তব্য কৰে, "ত্ৰিপুৰা হৈ উত্তৰ-পূৰ্বাঞ্চল আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ প্ৰৱেশদ্বাৰ হৈ পৰিছে"। তেওঁ লগতে কয় যে আগৰতলাৰ মহাৰাজা বীৰ বিক্ৰম বিমানবন্দৰত আন্তঃৰাষ্ট্ৰীয় টাৰ্মিনেল নিৰ্মাণৰ লগে লগে সংযোগৰ সুবিধাও বৃদ্ধি পাইছে। ইয়াৰ ফলস্বৰূপে, ত্ৰিপুৰা উত্তৰ-পূবৰ এক গুৰুত্বপূৰ্ণ লজিষ্টিক কেন্দ্ৰ হিচাপে বিকশিত হৈছে। প্ৰধানমন্ত্ৰীয়ে ত্ৰিপুৰাত ইণ্টাৰনেট সংযোগ উপলব্ধ কৰাৰ বাবে চৰকাৰৰ প্ৰচেষ্টাক কৃতিত্ব প্ৰদান কৰে যিটো আজিৰ যুৱপ্ৰজন্মৰ বাবে অত্যন্ত উপযোগী হিচাপে বিবেচিত হৈছে। "ত্ৰিপুৰাৰ দ্বৈত ইঞ্জিন চৰকাৰৰ প্ৰচেষ্টাৰ বাবেই বহুতো পঞ্চায়ত এতিয়া অপ্টিকেল ফাইবাৰৰ সৈতে সংযুক্ত হৈ পৰিছে", তেওঁ লগতে কয়।

সামাজিক আন্তঃগাঁথনি শক্তিশালী কৰাৰ বাবে দ্বৈত ইঞ্জিন চৰকাৰৰ প্ৰচেষ্টাৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে আয়ুষ্মান ভাৰত আঁচনিৰ উদাহৰণ দিয়ে যাৰ অধীনত উত্তৰ-পূবৰ গাওঁসমূহত সাত হাজাৰৰো অধিক স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰৰ অনুমোদন জনোৱা হৈছে। "ত্ৰিপুৰাত এনে ধৰণৰ প্ৰায় এহেজাৰ কেন্দ্ৰ স্থাপন কৰা হৈছে। একেদৰে, আয়ুষ্মান ভাৰত-প্ৰধানমন্ত্ৰী জেএৱাই আঁচনিৰ অধীনত ত্ৰিপুৰাৰ হাজাৰ হাজাৰ দৰিদ্ৰ লোকে ৫ লাখ টকালৈকে বিনামূলীয়া চিকিৎসাৰ সুবিধা লাভ কৰিছে", তেওঁ এইদৰে কয়। "শৌচালয়, বিদ্যুৎ বা গেছ সংযোগেই হওক, প্ৰথমবাৰৰ বাবে এনে ধৰণৰ ব্যাপক কাম কৰা হৈছে", শ্ৰী মোদীয়ে কয়। তেওঁ লগতে কয় যে দ্বৈত ইঞ্জিন চৰকাৰে কম দামত পাইপযুক্ত গেছ যোগান আৰু প্ৰতিখন ঘৰলৈ পাইপযোগে পানী যোগান ধৰাৰ বাবে দ্ৰুত গতিত কাম কৰি আছে। প্ৰধানমন্ত্ৰীয়ে জানিবলৈ দিয়ে যে ত্ৰিপুৰাৰ ৪ লাখ নতুন পৰিয়ালক মাত্ৰ ৩ বছৰত পাইপযোগে পানীৰ সুবিধাৰ সৈতে সংযুক্ত কৰা হৈছে।

প্ৰধানমন্ত্ৰীয়ে ত্ৰিপুৰাৰ ১ লাখতকৈও অধিক গৰ্ভৱতী মাতৃক লাভান্বিত কৰা প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনাৰ কথা উল্লেখ কৰে যাৰ অধীনত পুষ্টিকৰ খাদ্যৰ বাবে প্ৰতিগৰাকী মাতৃৰ বেংক একাউণ্টত পোনপটীয়াকৈ হাজাৰ হাজাৰ টকা জমা কৰা হৈছে। তেওঁ লগতে কয় যে ইয়াৰ ফলস্বৰূপে আজি চিকিৎসালয়সমূহত অধিকসংখ্যক প্ৰসৱ সম্পন্ন হৈছে আৰু মাতৃ তথা শিশু দুয়োৰে জীৱন ৰক্ষা হৈছে। আমাৰ মাতৃ আৰু ভগ্নীসকলৰ বাবে আত্মনিৰ্ভৰশীলতাৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে মহিলাৰ নিযুক্তিৰ বাবে শ শ কোটি টকাৰ এক বিশেষ পেকেজ মুকলি কৰিছে। তেওঁ লগতে ৰাজ্য চৰকাৰৰ প্ৰচেষ্টাৰ প্ৰশংসা কৰি কয়, "দ্বৈত ইঞ্জিন চৰকাৰৰ পিছত ত্ৰিপুৰাত মহিলাৰ আত্মসহায়ক গোটৰ সংখ্যা ৯ গুণলৈ বৃদ্ধি পাইছে।"

ত্ৰিপুৰাক পূৰ্বতে কেনেদৰে উন্নয়নৰ পৰা বঞ্চিত কৰা ৰখা হৈছিল বুলি দুখ প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, "কেইবা দশক ধৰি ত্ৰিপুৰাত এনে দলসমূহে শাসন কৰি আহিছিল যাৰ আদৰ্শই গুৰুত্ব হেৰুৱাইছিল আৰু সুবিধাবাদৰ ৰাজনীতি হৈছিল"। তেওঁ লগতে কয় যে দৰিদ্ৰ, যুৱ, কৃষক আৰু মহিলাসকল ইয়াৰ দ্বাৰা আটাইতকৈ বেছি প্ৰভাৱিত হৈছে। "এই ধৰণৰ আদৰ্শ, এই ধৰণৰ মানসিকতাই ৰাইজক লাভান্বিত কৰিব নোৱাৰে। তেওঁলোকে কেৱল নেতিবাচকতা কেনেদৰে বিয়পাব লাগে সেয়া জানে আৰু তেওঁলোকৰ কোনো ইতিবাচক কাৰ্যসূচী নাই", তেওঁ কয়। তেওঁ লগতে কয় যে দ্বৈত ইঞ্জিনৰ চৰকাৰৰ সংকল্প সিদ্ধিৰ লগতে প্ৰাপ্তিৰ বাবে এক ইতিবাচক পথো আছে।

ক্ষমতাৰ ৰাজনীতিৰ ফলত আমাৰ জনজাতীয় সমাজসমূহৰ হোৱা বৃহৎ ক্ষতিৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে জনজাতীয় সমাজ আৰু জনজাতীয় অঞ্চলসমূহত উন্নয়নৰ অভাৱৰ বাবে দুখ প্ৰকাশ কৰে। "বিজেপিয়ে এই ৰাজনীতি সলনি কৰিছে আৰু সেয়েহে ই জনজাতীয় সমাজৰ প্ৰথম পছন্দ হৈ পৰিছে", প্ৰধানমন্ত্ৰীয়ে এইদৰে শেহতীয়া গুজৰাট নিৰ্বাচনৰ কথা স্মৰণ কৰি ২৭ বছৰৰ পাছতো বিজেপিৰ বিশাল বিজয়ৰ দিশত জনজাতীয় সমাজৰ অৱদানক কৃতিত্ব দিয়ে। "জনজাতীয় লোকসকলৰ বাবে সংৰক্ষিত ২৭ খন আসনৰ ভিতৰত বিজেপিয়ে ২৪ খন আসন লাভ কৰিছে", তেওঁ লগতে জানিবলৈ দিয়ে।

প্ৰধানমন্ত্ৰীয়ে জনজাতীয় সম্প্ৰদায়ৰ উন্নতিৰ বাবে কৰা উন্নয়নমূলক কাম-কাজৰ ওপৰত আলোকপাত কৰে আৰু স্মৰণ কৰে যে অটলজীৰ চৰকাৰে পোনপ্ৰথমে জনজাতীয় লোকসকলৰ বাবে পৃথক মন্ত্ৰালয় আৰু পৃথক বাজেটৰ ব্যৱস্থা কৰিছিল। "জনজাতীয় সম্প্ৰদায়ৰ বাবে যি বাজেট পূৰ্বে ২১ হাজাৰ কোটি টকা আছিল, আজি সেয়া ৮৮ হাজাৰ কোটি টকা হৈছে", তেওঁ এইদৰে মন্তব্য কৰে। প্ৰধানমন্ত্ৰীয়ে জনজাতীয় শিক্ষাৰ্থীসকলৰ বৃত্তিও দুগুণতকৈও অধিক হৈছে বুলি জানিবলৈ দিয়ে। "২০১৪ চনৰ আগতে জনজাতীয় অঞ্চলত ১০০খনত কৈও কম একলব্য আদৰ্শ বিদ্যালয় আছিল আনহাতে আজি এই সংখ্যা ৫০০ত কৈও অধিক হৈছে। ত্ৰিপুৰাৰ বাবেও এনে ধৰণৰ ২০খনত কৈও অধিক বিদ্যালয়ৰ অনুমোদন জনোৱা হৈছে", প্ৰধানমন্ত্ৰীয়ে জানিবলৈ দিয়ে। তেওঁ লগতে সকলোৰে দৃষ্টি আকৰ্ষণ কৰি কয় যে পূৰ্বৰ চৰকাৰসমূহে কেৱল ৮-১০টা বনজাত সামগ্ৰীৰ ওপৰত এমএছপি প্ৰদান কৰিছিল আনহাতে বিজেপি চৰকাৰে ৯০ বিধ বনজাত সামগ্ৰীৰ ওপৰত এমএছপি প্ৰদান কৰি আছে। তেওঁ লগতে কয়, "আজি জনজাতীয় অঞ্চলত ৫০,০০০ তকৈও অধিক বন ধন কেন্দ্ৰ আছে যিয়ে প্ৰায় ৯ লাখ জনজাতীয় লোকক নিযুক্তি প্ৰদান কৰিছে আৰু তাৰে অধিক সংখ্যকেই হ’ল মহিলা"।

প্ৰধানমন্ত্ৰীয়ে লগতে উল্লেখ কৰে যে বিজেপি চৰকাৰেহে জনজাতীয় লোকসকলৰ বাবে গৌৰৱৰ অৰ্থ বুজি পাইছে আৰু সেয়েহে ১৫ নৱেম্বৰত ভগৱান বিৰচা মুণ্ডাৰ জন্ম জয়ন্তী সমগ্ৰ দেশতে জনজাতীয় গৌৰৱ দিৱস হিচাপে উদযাপন কৰা আৰম্ভ কৰে। প্ৰধানমন্ত্ৰীয়ে জানিবলৈ দিয়ে যে সমগ্ৰ দেশতে ১০টা জনজাতীয় স্বাধীনতা সংগ্ৰামী সংগ্ৰহালয় স্থাপন কৰা হৈছে আৰু ত্ৰিপুৰাত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূজীয়ে শেহতীয়াকৈ মহাৰাজা বীৰেন্দ্ৰ কিশোৰ মণিক্য সংগ্ৰহালয় আৰু সাংস্কৃতিক কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰিছে। তেওঁ লগতে কয় যে ত্ৰিপুৰা চৰকাৰে জনজাতীয় অৱদান আৰু সংস্কৃতিৰ প্ৰচাৰৰ বাবে নিৰন্তৰে প্ৰচেষ্টা চলাই আছে আৰু ত্ৰিপুৰাৰ জনজাতীয় কলা আৰু সংস্কৃতিক আগুৱাই নিয়া ব্যক্তিসকলক পদ্ম সন্মান প্ৰদান কৰাৰ বিশেষাধিকাৰৰ ওপৰত আলোকপাত কৰিছে।

প্ৰধানমন্ত্ৰীয়ে ত্ৰিপুৰাৰ ক্ষুদ্ৰ কৃষক আৰু উদ্যোগীসকলৰ বাবে উন্নত সুযোগ সৃষ্টিৰ বাবে দ্বৈত ইঞ্জিন চৰকাৰৰ প্ৰচেষ্টাৰ কথা দোহাৰে। ত্ৰিপুৰাৰ পৰা বিদেশলৈ যোৱা আনাৰসৰ উদাহৰণ দি শ্ৰী মোদীয়ে কয়, "ইয়াৰ স্থানীয় সামগ্ৰীসমূহক গোলকীয় কৰি তোলাৰ প্ৰচেষ্টা চলি আছে"। "কেৱল এয়াই নহয়, ইয়াৰ পৰা বাংলাদেশ, জাৰ্মানী আৰু ডুবাইলৈ শ শ মেট্ৰিক টন অন্যান্য ফল আৰু পাচলি ৰপ্তানি কৰা হৈছে আৰু ইয়াৰ ফলস্বৰূপে কৃষকসকলে তেওঁলোকৰ উৎপাদিত সামগ্ৰীৰ বাবে অধিক মূল্য লাভ কৰিছে। তেওঁ লগতে কয় যে ত্ৰিপুৰাৰ লাখ লাখ কৃষকে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ পৰা এই পৰ্যন্ত ৫০০ কোটিতকৈও অধিক টকা লাভ কৰিছে। তেওঁ ত্ৰিপুৰাৰ অগৰ-কাঠ উদ্যোগৰ ওপৰতো আলোকপাত কৰি কয় যে ই ত্ৰিপুৰাৰ যুৱসকলৰ বাবে নতুন সুযোগ আৰু উপাৰ্জনৰ উৎস হৈ পৰিব।


ভাষণৰ শেষত প্ৰধানমন্ত্ৰীয়ে কয় যে ৰাজ্যখনত উন্নয়নৰ দ্বৈত ইঞ্জিনৰ আগমনৰ লগে লগে ত্ৰিপুৰা এতিয়া শান্তি আৰু উন্নয়নৰ পথত আগবাঢ়িছে। "ত্ৰিপুৰাৰ জনসাধাৰণৰ সামৰ্থ্যৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে। আমি উন্নয়নৰ গতি ত্বৰান্বিত কৰিম, এই বিশ্বাসৰ সৈতে, আপোনালোক সকলোলৈ অশেষ অভিনন্দন জনালো", শ্ৰী মোদীয়ে এইদৰে ভাষণ সামৰে।

আজিৰ অনুষ্ঠানটোত ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী অধ্যাপক (ড০) মানিক সাহা, ত্ৰিপুৰাৰ ৰাজ্যপাল শ্ৰী সত্যদেও নাৰায়ণ আৰ্য, ত্ৰিপুৰাৰ উপ মুখ্যমন্ত্ৰী শ্ৰী জিষ্ণুদেৱ বৰ্মা আৰু কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী কুমাৰী প্ৰতিমা ভৌমিকো উপস্থিত আছিল।

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Indian Railways loads 145 million tonnes of freight in May, passenger numbers rise

Media Coverage

Indian Railways loads 145 million tonnes of freight in May, passenger numbers rise
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares a Sanskrit Subhashitam highlighting the power of unity, mutual cooperation and collective resolve
June 03, 2026

Prime Minister Shri Narendra Modi today shared a Sanskrit Subhashitam, observing that when citizens are bound by the threads of unity and mutual cooperation, the strength of the nation multiplies manifold. Shri Modi highlighted that it is through this collective resolve of the people of India that the country is continuously scaling new heights of progress.

The Prime Minister posted on X:

"जब नागरिक एकजुटता और आपसी सहयोग के सूत्र में बंधते हैं, तो राष्ट्र की शक्ति कई गुना बढ़ जाती है। भारतवासियों के इसी सामूहिक संकल्प से आज देश उन्नति की नित-नई ऊंचाइयों को छू रहा है।

धूमायन्ते व्यपेतानि ज्वलन्ति सहितानि च।
धृतराष्ट्रोल्मुकानीव ज्ञातयो भरतर्षभ॥"

Just as pieces of wood cannot fully display their energy when separated, but burn brightly and produce light and warmth when brought together, in the same way, the progress, prosperity, and strength of a state depend on the unity, mutual cooperation and collective determination of its people.