পিএমএৱাই- নগৰ আৰু গ্ৰামীণ আঁচনিৰ অধীনত দুই লাখতকৈও অধিক হিতাধিকাৰীৰ বাবে গৃহ প্ৰৱেশ কাৰ্যসূচী মুকলি কৰা হৈছে
"মা ত্ৰিপুৰা সুন্দৰীৰ আশীৰ্বাদত ত্ৰিপুৰাৰ উন্নয়নৰ যাত্ৰাই নতুন উচ্চতাৰ শিখৰ স্পৰ্শ কৰিছে"
"দৰিদ্ৰ লোকসকলৰ বাবে গৃহ নিৰ্মাণৰ ক্ষেত্ৰত ত্ৰিপুৰা এখন আগশাৰীৰ ৰাজ্য"
"আজি ত্ৰিপুৰাত পৰিষ্কাৰ পৰিচ্ছন্নতা, আন্তঃগাঁথনিগত উন্নয়ন আৰু দৰিদ্ৰ লোকসকলক গৃহ প্ৰদানৰ বাবে চৰ্চিত কৰা হৈছে"
"ত্ৰিপুৰাৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চল আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ প্ৰৱেশদ্বাৰ হৈ পৰিছে"
"আয়ুষ্মান ভাৰত আঁচনিৰ অধীনত উত্তৰ-পূবৰ গাওঁসমূহত ৭ হাজাৰৰো অধিক স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰৰ অনুমোদন দিয়া হৈছে"
"ইয়াৰ স্থানীয় সম্পদসমূহক গোলকীয় কৰি তুলিবলৈ চেষ্টা কৰা হৈছে"

ভাৰত মাতা কী জয়!

ভাৰত মাতা কী জয়!

কাৰ্যক্ৰমত উপস্থিত থকা ত্ৰিপুৰাৰ ৰাজ্যপাল শ্ৰী সত্যদেৱ নাৰায়ণ আৰ্য ডাঙৰীয়া, ইয়াৰ লোকপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী মাণিক সাহা ডাঙৰীয়া, কেন্দ্ৰীয় মন্ত্ৰীমণ্ডলত মোৰ সহযোগী প্ৰতিমা ভৌমিক ডাঙৰীয়ানী, ত্ৰিপুৰা বিধানসভাৰ অধ্যক্ষ শ্ৰী ৰতন চক্ৰৱৰ্তী ডাঙৰীয়া, উপ মুখ্যমন্ত্ৰী শ্ৰী জিষ্ণু দেৱবাৰ্মা ডাঙৰীয়া, মোৰ মিত্ৰ, সাংসদ শ্ৰী বিপ্লৱ দেৱ ডাঙৰীয়া, ত্ৰিপুৰা চৰকাৰৰ সন্মানীয় মন্ত্ৰীসকলৰ লগতে মোৰ প্ৰিয় ত্ৰিপুৰাবাসী!

নমস্কাৰ!

খুলুমখা!

“মাতা ত্ৰিপুৰাসুন্দৰীৰ পূণ্যভূমিতে

এসে আমি নিজকে ধন্য মনে কৰছি।

মাতা ত্ৰিপুৰাসুন্দৰীৰ এই পূণ্যভূমিকে আমাৰ প্ৰণাম জনায়”।।

সকলোৰে আগতেতো মই আপোনালোকৰ আগত নত মস্তক হৈ ক্ষমা বিচাৰিছো, কিয়নো মই আহি পোৱাত প্ৰায় দুঘণ্টা পলম হ’ল। মই মেঘালয়ত আছিলো, তাত অলপ সময় বেছিকৈ থাকিবলগীয়া হ’ল, আৰু মোক কোৱা হৈছে যে কিছু সংখ্যক লোকতো এঘাৰ-বাৰ বজাৰ পৰাই বহি আছেহি। আপোনালোকে যে এই কষ্ট কৰিছে, আৰু ইমানকৈ আশীৰ্বাদ দিয়াৰ বাবে ৰৈ আছেহি, মই আপোনালোকৰ ওচৰত যিমানেই কৃতজ্ঞতা প্ৰকাশ নকৰো কিয়, সেয়া কমেই হ’ব। মই সকলোৰে আগতে ত্ৰিপুৰাৰ ৰাইজক অভিনন্দন জনাব খুজিছো যে আপোনালোক সকলোৰে প্ৰয়াসৰে ইয়াত স্বচ্ছতাৰে সম্পৰ্কিত বহুত ডাঙৰ অভিযান আপোনালোকে ৰূপায়ণ কৰি আহিছে। বিগত বছৰচেৰেকত আপোনালোকে স্বচ্ছতাক জন-আন্দোলনলৈ ৰূপান্তৰিত কৰিছে। ইয়াৰ ফলতে এইবাৰ ত্ৰিপুৰা সৰু ৰাজ্যসমূহৰ ভিতৰত দেশৰ সকলোতকৈ স্বচ্ছ ৰাজ্য হিচাপে পৰিগণিত হৈছে।

বন্ধুসকল,

মাঁ ত্ৰিপুৰাসুন্দৰীৰ আশীৰ্বাদৰে ত্ৰিপুৰাৰ বিকাশ যাত্ৰাই আজি নতুন শিখৰত উপনীত হ’বহি পাৰিছে। ‘কানেক্টিভিটী’, ‘স্কিল ডেভেলোপমেণ্ট’ আৰু দুখীয়া ৰাইজলৈ গৃহ প্ৰদানৰ দৰে আঁচনিসমূহৰ বাবে আপোনালোক আটাইকে অভিনন্দন জনাইছো। আজি ত্ৰিপুৰাই প্ৰথমখন দন্ত্য-চিকিত্সা মহাবিদ্যালয় লাভ কৰিব। আজি ত্ৰিপুৰাৰ ২ লাখৰো অধিক দুখীয়া পৰিয়ালে নিজৰ ঘৰত, নতুন পকীঘৰত ‘গৃহ-প্ৰৱেশ’ কৰিছে। ইয়াৰে অধিক সংখ্যক ঘৰৰ মালিকীস্বত্ব আমাৰ আই-ভনীসকলে লাভ কৰিছে। আৰু আপোনালোক সকলোৱে জানে যে এই প্ৰতিটো ঘৰ কেবালাখো টকাৰে নিৰ্মাণ কৰা হৈছে। বহু সংখ্যক ভগ্নী এনে আছে যে তেওঁলোকৰ নামত এই প্ৰথমবাৰৰ বাবে কোনো সম্পত্তি নথি-ভুক্ত হৈছে। লাখটকীয়া সম্পত্তিৰ স্বত্বাধিকাৰী, মই এইসকল ভগ্নীক আজি ত্ৰিপুৰাৰ মাটিৰ পৰা, আগৰতালাৰ মাটিৰ পৰা মোৰ ত্ৰিপুৰাৰ আই-ভনীসকল লাখপতি হোৱাৰ বাবে অভিনন্দন জ্ঞাপন কৰিছো।

দুখীয়াসকলৰ বাবে ঘৰ নিৰ্মাণৰ ক্ষেত্ৰত ত্ৰিপুৰা দেশৰ অগ্ৰণী ৰাজ্যসমূহৰ অন্যতম। মাণিক জী আৰু তেওঁৰ টীমে বহুত প্ৰশংসনীয় কাম কৰি আছে। আৰু আমিতো জানো যে কোনোবাই যদি এৰাতিৰ বাবেও আশ্ৰয় দিয়ে তেন্তে তেওঁ জীৱন জুৰি আশীৰ্বাদৰ পাত্ৰ হৈ ৰয়। তেনে ক্ষেত্ৰত ইয়াততো সকলোৱে মূৰৰ ওপৰত পকী-চালৰ আশ্ৰয় লাভ কৰিছে। সেয়ে ত্ৰিপুৰাই প্ৰদান কৰা বহুত আশীৰ্বাদ আমি সকলোবোৰে লাভ কৰিছো। আৰু মই বিমানবন্দৰৰ পৰা ইয়ালৈ আহিছিলো, সেইবাবেও অলপ সময় বেছিকৈ লাগি গ’ল, সম্পূৰ্ণ পথছোৱা, বিমানবন্দৰ কিমান দূৰৈত সেয়াতো আপোনালোকে জানেই। পথছোৱাৰ দুয়োকাষে যি ধৰণে জন-প্ৰবাহ দেখিবলৈ পালো, মানুহে সদলবলে আহি আশীৰ্বাদ প্ৰদান কৰিছিলহি। ইয়াত যিমান লোক আছে,  সম্ভৱতঃ ইয়াতকৈ দহগুণ অধিক লোক পথৰ কাষত আশীৰ্বাদ দিয়াৰ বাবে সমবেত হৈছিলহি। মই তেওঁলোকৰ প্ৰতিও প্ৰণাম জনাইছো। মই যে পোণতে কৈছিলো, যে মই ইয়াৰ আগতে মেঘালয়ত ‘উত্তৰ পূব পৰিষদ’ৰ সোণালী জয়ন্তী সমাৰোহৰ সভাত উপস্থিত আছিলো। সেই সভাত আমি আহিব লগা বছৰসমূহত ত্ৰিপুৰাকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ণৰে জড়িত পথ-পৰিক্ৰমা সন্দৰ্ভত আলোচনা কৰিছিলো। ত্ৰিপুৰাততো ‘ডবল ইঞ্জিন’ চৰকাৰ আছে। সেয়েহে বিকাশৰ এই পথ-পৰিকল্পনা ইয়াত দ্ৰুতগতিত ৰূপায়িত হৈ আহিছে, ইয়াৰ গতি যাতে আৰু অধিক ভাবে ত্বৰান্বিত হয় তাৰ বাবে আমি প্ৰয়াস কৰি আছো।

বন্ধুসকল,

‘ডবল ইঞ্জিন’ চৰকাৰ গঠনৰ আগতে মাত্ৰ ২ বাৰ ত্ৰিপুৰাৰ, উত্তৰ-পূবৰ বিষয়ে আলোচনা হৈছিল। এবাৰ যেতিয়া নিৰ্বাচন অনুষ্ঠিত হৈছিল তেতিয়া,  আৰু আনবাৰ যেতিয়া কোনো হিংসাত্মক ঘটনা সংঘটিত হৈছিল তেতিয়া। এতিয়া সময় সলনি হৈছে, এতিয়া ত্ৰিপুৰাৰ চৰ্চা স্বচ্ছতাৰ বাবে হ’বলৈ ধৰিছে, আন্তঃগাঁথনিৰ উন্নয়ণৰ বাবে হ’বলৈ ধৰিছে। দুখীয়া ৰাইজে লাখ লাখ ঘৰ লাভ কৰিছে, এই সন্দৰ্ভত চৰ্চা চলিবলৈ ধৰিছে। ত্ৰিপুৰাৰ ‘কানেক্টিভিটী’ৰে জড়িত আন্তঃগাঁথনি নিৰ্মাণৰ বাবে কেন্দ্ৰীয় চৰকাৰে বহু হাজাৰ কোটি টকা দিছে, আৰু ইয়াৰ চৰকাৰে সিমানেই দ্ৰুততাৰে তৃণমূল পৰ্যায়ত আঁচনিবোৰ বাস্তৱায়ণত মনোনিৱেশ কৰিছে। আজি চাওকচোন, ত্ৰিপুৰাত ৰাষ্ট্ৰীয় ঘাইপথৰ সম্প্ৰসাৰণ কিমান দ্ৰুত গতিৰে হ’বলৈ ধৰিছে। বিগত ৫টা বছৰত কিমান সংখ্যক গাঁও নতুন পথৰে সংযোজিত হৈছে। আজি ত্ৰিপুৰাৰ প্ৰতিখন গাঁৱক পকী পথেৰে সংযোজিত কৰাৰ কাম দ্ৰুতগতিৰে চলিবলৈ ধৰিছে। আজিও যিসমূহ পথৰ আধাৰশিলা স্থাপন কৰা হৈছে, তাৰ জৰিয়তে ত্ৰিপুৰাৰ পথ-প্ৰণালী আৰু অধিক শক্তিশালী হৈ উঠিব। ‘আগৰতালা বাইপাছ’ৰ পৰা ৰাজধানীখনৰ যানজঁটৰ সমস্যা প্ৰশমিত হ’ব আৰু জীৱন-যাত্ৰা বহু পৰিমাণে সহজ হৈ উঠিব।

বন্ধুসকল,

এতিয়াতো ত্ৰিপুৰাৰ জৰিয়তে উত্তৰ পূৰ্বাঞ্চল আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ এক ‘প্ৰৱেশ দ্বাৰ’ হ’বলৈ ওলাইছে। ‘আগৰতালা-আখোৰা ৰে’লপথ’ৰে বেহা-বেপাৰৰ নতুন পথ মুকলি হ’ব। এইদৰেই ‘ভাৰত-থাইলেণ্ড-ম্যানমাৰ ঘাইপথ’ৰ দৰে পথ-আন্তঃগাঁথনিৰ জৰিয়তে উত্তৰ-পূবে অন্য দেশৰ সৈতে সম্বন্ধৰ দুৱাৰো মুকলি কৰিছে। আগৰতালাত ‘মহাৰাজা বীৰ বিক্ৰম বিমান বন্দৰ’তো আন্তঃৰাষ্ট্ৰীয় ‘টাৰ্মিনেল’ নিৰ্মাণ হোৱাত দেশ-বিদেশৰে বাবে ‘কানেক্টিভিটী’ সহজ হৈ উঠিছে। ইয়াৰ দ্বাৰা ত্ৰিপুৰা উত্তৰ-পূবৰ বাবে গুৰুত্বপূৰ্ণ ‘লজিষ্টিক হাব’ৰ ৰূপত বিকশিত হ’বলৈ ধৰিছে। ত্ৰিপুৰাত ‘ইণ্টাৰনেট’ উপলব্ধ কৰাবলৈ যি পৰিশ্ৰম আমি কৰিছো, তাৰ লাভ আজি ৰাইজে উপলব্ধ কৰিছে, বিশেষকৈ মোৰ ন-জোৱানসকলে লাভ কৰিছে। ‘ডাবল ইঞ্জিন’ চৰকাৰ গঠনৰ পিচত ত্ৰিপুৰাৰ বহুত পঞ্চায়ত ‘অপ্টিকেল ফাইবাৰ’ৰে সংযুক্ত কৰা হৈছে।

বন্ধুসকল,

‘ভাজপা’ৰ ‘ডবল ইঞ্জিন’ চৰকাৰে কেৱল ‘ফিজিকেল’ আৰু ‘ডিজিটেল’ আন্তঃগাঁনিৰে নহয়, বৰঞ্চ ‘ছ’চিয়েল’ আন্তঃগাঁথনিতো গুৰুত্ব প্ৰদান কৰি আহিছে। আজি ‘ভাজপা’ চৰকাৰৰ বৃহত্ প্ৰাথমিকতা হৈছে চিকত্সাৰ ব্যৱস্থা ঘৰৰ কাষতে সম্ভৱ হওক, কম খৰছী হওক, সকলোৱে গ্ৰহণ কৰিব পৰা বিধৰ হওক। এইক্ষেত্ৰত ‘আয়ুষ্মান ভাৰত যোজনা’ বাৰুকৈয়ে কামত আহিছে। ‘আয়ুষ্মান ভাৰত যোজনা’ৰ অধীনত উত্তৰ-পূৰ্বাঞ্চলৰ গাঁওসমূহjৰ বাবে ৭ হাজাৰৰো অধিক ‘স্বাস্থ্য তথা কল্যাণ কেন্দ্ৰ’ অনুমোদিত হৈছে। ইয়াৰে প্ৰায় ১ হাজাৰ কেন্দ্ৰ এই ত্ৰিপুৰাত নিৰ্মাণ কৰা হৈছে। এই কেন্দ্ৰসমূহত সহস্ৰ ৰোগীৰ কেন্সাৰ, মধুমেহৰ দৰে অনেক জটিল ৰোগৰ প্ৰাথমিক পৰীক্ষা সম্পন্ন কৰা হৈছে। এইদৰেই ‘আয়ুষ্মান ভাৰত-পিএম জয় যোজনা’ৰ অন্তৰ্গত ত্ৰিপুৰাৰ বহু সহস্ৰ দুখীয়া লোকক ৫ লাখ পৰ্যন্ত বিনামূলীয়া চিকিত্সাৰ সুবিধা প্ৰদান কৰা হৈছে।

বন্ধুসকল,

শৌচাগাৰেই হওক, বিজুলীয়েই হওক, গেছ সংযোগেই হওক, এইবোৰৰ ক্ষেত্ৰত প্ৰথমবাৰৰ বাবে ইমান ব্যাপক ভাবে কাম সম্পাদিত হৈছে। ত্ৰিপুৰৰ ঘৰবোৰলৈ পাইপেৰে সস্তীয়া গেছৰ প্ৰবাহ সম্ভৱ কৰিব পৰাকৈ ‘ডাবল ইঞ্জিন’ চৰকাৰে ইয়াৰ বাবে দ্ৰুতগতিৰে কাম কৰি আছে। প্ৰতিটো ঘৰলৈকে পাইপেৰে পানীৰ যোগান দিয়াৰ বাবে ‘ডাবল ইঞ্জিন’ চৰকাৰে দুগুণ বেগৰে কাম কৰি আছে। মাত্ৰ ৩টা বছৰতে ত্ৰিপুৰাৰ ৪ লাখ নতুন পৰিয়ালক পানীৰ সুবিধাৰে সংযোজিত কৰা হৈছে। ২০১৭ চনৰ আগতে ত্ৰিপুৰাৰ দুখীয়া ৰাইজৰ ৰেচনৰো হৰলুকি হৈছিল। আজি ‘ডবল ইঞ্জিন’ চৰকাৰে প্ৰতিগৰাকী দুখীয়ালৈ তেওঁলোকৰ অংশৰ ৰেচনো পঠাইছে আৰু বিগত ৩টা বছৰত বিনামূলীয়া ৰেচনো উপলব্ধ কৰাই আছে।

বন্ধুসকল,

এনে সকলো যোজনাৰো সকলোতকৈ অধিক লাভাৰ্থী হৈছে আমাৰ আই-ভগ্নীসকল। ত্ৰিপুৰাৰ ১ লাখৰো অধিক গৰ্ভৱতী মাতৃ ‘প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা’ৰ দ্বাৰা লাভান্বিত হৈছে। এই আঁচনিৰ জৰিয়তে প্ৰতিগৰাকী মাতৃৰ বেংক একাউণ্টলৈ পুষ্টিকৰ খাদ্যৰ বাবে কেবা হাজাৰ টকা পোনপতীয়াকৈ জমাৰ ব্যৱস্থা কৰা হয়। আজিকালি অধিক সংখ্যক প্ৰসৱেই চিকিত্সালয়ত হ’বলৈ ধৰিছে, যাৰ ফলত মাতৃ আৰু সন্তান উভয়ৰে জীৱন  সুৰক্ষিত হ’বলৈ লৈছে। ত্ৰিপুৰাৰ আই-ভনীসকলক আত্মনিৰ্ভৰ কৰি তোলাৰ বাবে যি ধৰণে ইয়াৰ চৰকাৰে পদক্ষেপ গ্ৰহণ কৰি আছে, সেয়াও বাৰুকৈয়ে প্ৰশংসনীয়। মোক কোৱা হৈছে যে মহিলাসকলৰ জীৱিকা অৰ্জনৰ বাবে বহু শ কোটি টকাৰ বিশেষ পেকেজ চৰকাৰে আগবঢ়াইছে। ‘ডবল ইঞ্জিন’ চৰকাৰ অহাৰ পিচৰে পৰা ত্ৰিপুৰাত মহিলা আত্ম সহায়ক গোটৰ সংখ্যা ৯ গুণে বৃদ্ধি পাইছে।

ভাই-ভনীসকল,

বহু দশক ধৰি ত্ৰিপুৰাত এনে চৰকাৰে শাসন চলাইছিল যাৰ বিচাৰধাৰাই আজি গুৰুত্ব হেৰুৱাই পেলাইছে আৰু  যিসকলে সুবিধাবাদৰ ৰাজনীতি কৰে। তেওঁলোকে ত্ৰিপুৰাক উন্নয়ণৰ পৰা বঞ্চিত কৰি ৰাখিছিল। ত্ৰিপুৰাৰ হাতত যি সংসাধন আছিল, তেওঁলোকে সেইবোৰ নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰিছিল। ইয়াৰ ফলত সকলোতকৈ লোকচানৰ সন্মুখীন হৈছিল দুখীয়া-দৰিদ্ৰসকল, যুৱকসকল, খেতিয়কসকল আৰু মোৰ আই-ভনীসকল। এই ধৰণৰ বিচাৰধাৰা, এই ধৰণৰ মানসিকতাৰে জনতাৰ লাভ কেতিয়াও হ’ব নোৱাৰে। তেওঁলোকে কেৱল ঋণাত্মক-চিন্তা-চৰ্চাকেহ বিস্তাৰিত কৰিব পাৰে। তেওঁলোকৰ হাতত কোনো ধৰণৰ ইতিবাচক কাৰ্যক্ৰমেই নাই।  এই ‘ডবল ইঞ্জিন’ চৰকাৰৰহে সংকল্প আৰু ইতিবাচক চিন্তা আছে। ইয়াৰ বিপৰীতে নিৰাশা বিস্তাৰিত কৰাসকল সদায় ‘ৰিভাৰ্ছ গিয়েৰ’ত চলে, পিচে ত্ৰিপুৰাক এতিয়া ‘একচিলেটৰ’ৰহে প্ৰয়োজন।

বন্ধুসকল,

ক্ষমতা সৰ্বস্ব এনে ৰাজনীতিয়ে আমাৰ জনজাতীয় সমাজৰ বহুত ডাঙৰ লোকচান কৰিছিল। আদিবাসী সামজসমূহক, জনজাতীয় অঞ্চলসমূহৰ উন্নয়ণৰ পৰা দূৰত ৰাখি অহা হৈছিল। ‘ভাজপা’ই এই ৰাজনীতিক সলনি কৰিলে। এই কৰণতে আজি ‘ভাজপা’ আদিবাসী সমাজৰ প্ৰথম পচন্দ হৈ উঠিছে। এই অলপতে গুজৰাটত নিৰ্বাচন অনুষ্ঠিত হৈ গৈছে। গুজৰাটত ‘ভাজপা’ই ২৭ বছৰৰ পিচতো যি ধৰণে প্ৰচণ্ড বিজয় সাব্যস্ত কৰিলে, সেই ক্ষেত্ৰত জনজাতীয় সমাজৰ বহুত ডাঙৰ ভূমিকা আছিল। আদিবাসীসকলৰ বাবে সংৰক্ষিত ২৭খন আসনৰ ২৪খন আসনেই বিজেপিয়ে জয় কৰিছে।

বন্ধুসকল,

অটল জীৰ চৰকাৰে সকলোতকৈ আগতে আদিবাসীসকলৰ বাবে পৃথক মন্ত্ৰালয়, পৃথক বাজেটৰ ব্যৱস্থা কৰিছিল। যেতিয়াৰ পৰা আপোনালোকে দিল্লীত আমাক সুযোগ প্ৰদান কৰিলে তেতিয়াৰ পৰা জনজাতীয় সমাজৰে জড়়িত প্ৰতিটো প্ৰসংগক আমি প্ৰথমিকতা প্ৰদান কৰি আহিছো। জনজাতীয়সকলৰ বাবে যি বাজেটৰ পৰিমাণ আছিল ২১ হাজাৰ কোটি টকা, সেয়া আজি ৮৮ হাজাৰ কোটি টকালৈ বৃদ্ধি কৰা হৈছে। এইদৰেই আদিবাসী ছাত্ৰ-ছাত্ৰীসকলৰ বৃত্তিও দুগুণতকৈয়ো অধিক কৰা হৈছে। ইয়াৰ লাভ ত্ৰিপুৰাৰ জনজাতীয় সমাজখনেও লাভ কৰিছে। ২০১৪ৰ আগতে আদিবাসী অধ্যুষিত এলেকাসমূহ ১০০তকৈয়ে কম একলব্য স্কুল থকাৰ বিপৰীতে এতিয়া ইয়াৰ সংখ্যা ৫০০ৰো অধিক হৈছেহি। ত্ৰিপুৰাৰ বাবেও এনে ২০খনৰো অধিক স্কুললৈ স্বীকৃতি প্ৰদান কৰা হৈছে। আগৰ চৰকাৰসমূহে কেৱল ৮-১০ বিধ বন-উত্পাদিত সামগ্ৰীৰ ক্ষেত্ৰত ‘এমএছপি’-ৰ ব্যৱস্থা কৰিছিল। ‘ভাজপা’ চৰকাৰে এতিয়া ৯০বিধৰো অধিক বন-উত্পাদিত সামগ্ৰীলৈ ‘এমএছপি’ প্ৰদান কৰিছে। আজিৰ তাৰিখত আদিবাসী এলেকাসমূহত ৫০ হাজাৰৰো অধিক ‘বন ধন কেন্দ্ৰ’ আছে, যাৰ দ্বাৰা প্ৰায় ৯ লাখ আদিবাসী লোকে জীৱিকা-নিৰ্বাহৰ সমল লাভ কৰিছে। এই ক্ষেত্ৰতো সৰহ সংখ্যকেই হৈছে আমাৰ আই-ভনী। এয়া ‘ভাজপা’ৰেই চৰকাৰ হয়, যিয়ে বাঁহৰ সদ্ব্যৱহাৰ কৰিছে, ইয়াৰ বেহা-বেপাৰো জনজাতীয়সকলৰ বাবে সহজসাধ্য কৰি তুলিছে।

বন্ধুসকল,

এই ‘ভাজপা’ চৰকাৰেই প্ৰথমবাৰৰ বাবে ‘জনজাতীয় গৌৰৱ দিৱস’ৰ গুৰুত্ব উপলব্ধি কৰিছে। ১৫ নৱেম্বৰত ‘ভগৱান বীৰছা মুণ্ডা’ৰ জন্ম দিৱসটো ‘গৌৰৱ দিৱস’ৰ ৰূপত দেশ জুৰি উদযাপনৰ শুভাৰম্ভ ‘ভাজপা’ চৰকাৰে কৰিছিল। দেশৰ স্বাধীনতা সংগ্ৰামত জনজাতীয় সমাজৰ অৱদানৰ কথা আজি দেশ আৰু পৃথিৱীকো অৱগত কৰাৰ ব্যৱস্থা কৰা হৈছে। আজি দেশত ১০টা ‘জনজাতীয় স্বাধীনতা সংগ্ৰামী সংগ্ৰহালয়’ স্থাপন কৰা হৈছে। ইয়াত ত্ৰিপুৰাতো অলপতে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু ডাঙৰীয়ানীয়ে ‘মহাৰাজা বীৰেন্দ্ৰ কিশোৰ মাণিক্য সংগ্ৰহালয় আৰু সাংস্কৃতিক কেন্দ্ৰ’ৰ আধাৰশিলা স্থাপন কৰে। ত্ৰিপুৰা চৰকাৰেও জনজাতীয় অৱদান আৰু সংস্কৃতিৰ প্ৰচাৰ প্ৰসাৰৰ বাবে নিৰন্তৰ প্ৰয়াস কৰি আহিছে। ত্ৰিপুৰাৰ জন-জাতীয় কলা-সংস্কৃতি আগবঢ়াই নিয়া পুৰোধা ব্যক্তিসলক ‘পদ্ম সন্মান’ প্ৰদানৰ সৌভাগ্যও ‘ভাজপা’ চৰকাৰেই লাভ কৰিছে। এনে ধৰণৰ বহুত প্ৰয়াসৰ পৰিণতিতে ত্ৰিপুৰাসহ সমগ্ৰ দেশতে জনজাতীয় সমাজৰ বিশ্বাস ‘ভাজপা’ৰ ওপৰত সকলোতকৈ অধিক হোৱা দেখিবলৈ পোৱা গৈছে।

ভাই-ভনীসকল,

‘ডবল ইঞ্জিন’ চৰকাৰৰ প্ৰয়াস হৈছে যাতে ত্ৰিপুৰাৰ ক্ষুদ্ৰ খেতিয়কসকল, ক্ষুদ্ৰ উদ্যোগীসকলে সকলোতকৈ উন্নত সুযোগ লাভ কৰিব পাৰে। ইয়াৰ ‘লোকেল’ সামগ্ৰীসমূহ কেনেকৈ ‘গ্লোবেল’ হ’ব পাৰে ইয়াৰ বাবে বিশেষ প্ৰয়াস কৰা হৈছে। আজি ত্ৰিপুৰাৰ আনাৰস বিদেশলৈ যাবলৈ লৈছে। কেৱল এয়াই নহয়, বহু শ মেট্ৰিকটন অন্য ফল, শাক-পাচলিসমূহো আজি বাংলাদেশ, জাৰ্মানী, ডুবাই আদিলৈ ৰপ্টানী কৰা হৈছে।  ইয়াৰ ফলত খেতিয়সকলৰ উত্পাদিত সামগ্ৰীয়ে অধিক দাম লাভ কৰিবলৈ সক্ষম হৈছে। ত্ৰিপুৰাৰ লাখ লাখ খেতিয়কে ‘পিএম কিষাণ সন্মান নিধি’ৰ পৰা এই পৰ্যন্ত ৫০০ কোটি টকাৰো অধিক ধন লাভ কৰিছে। আজি যিধৰণে ত্ৰিপুৰাত ‘ভাজপা’ চৰকাৰে ‘অগৰ গছ’ৰ উদ্যোগটোলৈ গুৰুত্ব প্ৰদান কৰিছে ইয়াৰ সাৰ্থক পৰিণাম আগন্তুক কেইটামান বছৰৰ ভিতৰতে লাভ কৰিব পৰা যাব। ইয়াৰ ফলত ত্ৰিপুৰাৰ যুৱ-প্ৰজন্মই সুযোগ লাভ কৰিব, উপাৰ্জনৰ নতুন মাধ্যম লাভ কৰিব।

বন্ধুসকল,

সকলোতকৈ ডাঙৰ কথাটো হৈছে ত্ৰিপুৰা এতিয়া শান্তি আৰু বিকাশৰ পথত আগুৱাবলৈ লৈছে। এতিয়া ত্ৰিপুৰাত ‘ডবল ইঞ্জিনে’ সুফল দিবলৈ লৈছে। মোৰ ত্ৰিপুৰাৰ জনতাৰ সামৰ্থ্যৰ ওপৰত সম্পূৰ্ণ ভৰসা আছে। বিকাশৰ গতিক আমি আৰু অধিক দ্ৰুত কৰি তুলিম, এই বিশ্বাসৰেই আজি ত্ৰিপুৰাৰ উজ্জ্বল ভৱিষ্যতৰ বাবে যিসমূহ আঁচনিৰ আধাৰশিলা আৰু লোকাৰ্পণ কৰা হৈছে, মই পুনৰবাৰ ত্ৰিপুৰাবাসীক শুভকামনা জনাইছো, অভিনন্দন জ্ঞাপন কৰিছো আৰু আগন্তুক সময়ত ত্ৰিপুৰাই নতুন শিখৰত উপনীত হওকগৈ, এই কামনাৰেই আপোনালোক আটাইকে বহুত বহুত ধন্যবাদ।

ভাৰত মাতা কী জয়!

ভাৰত মাতা কী জয়!

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
7 hyper local foods that PM Modi made popular via speeches, social media and Mann ki Baat

Media Coverage

7 hyper local foods that PM Modi made popular via speeches, social media and Mann ki Baat
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates Rastriya Swatantra Party leaders on electoral success in Nepal
March 09, 2026

The Prime Minister, Shri Narendra Modi, had warm telephone conversations with Mr. Rabi Lamichhane, Chairman of the Rastriya Swatantra Party (RSP), and Mr. Balendra Shah, Senior Leader of the RSP.

Shri Modi congratulated both leaders on their electoral victories and the RSP’s resounding success in the Nepal elections. He conveyed his best wishes for the forthcoming new Government and reaffirmed India’s commitment to work with them for mutual prosperity, progress and well-being of the people of both countries.

Expressing confidence in the future of India-Nepal relations, the Prime Minister said that with joint endeavours, the partnership between the two nations will scale new heights in the years ahead.

In a X post, the Prime Minister said;

“Had warm telephone conversations with Mr. Rabi Lamichhane, Chairman of the Rastriya Swatantra Party (RSP) and Mr. Balendra Shah, Senior Leader of the RSP.

Congratulated both leaders on their electoral victories and RSP’s resounding success in the Nepal elections. Conveyed my best wishes for their forthcoming new Government and India's commitment to work with them for mutual prosperity, progress and well-being of our two countries.

I am confident that with our joint endeavours, India and Nepal relations will scale new heights in the years ahead.

@hamrorabi

@ShahBalen

@party_swatantra”