‘চুৰাট খাদ্য সুৰক্ষা সংপৃক্তকৰণ অভিযান’ কাৰ্যসূচী খাদ্য আৰু পুষ্টি সুৰক্ষাৰ বাবে ভাৰতৰ অভিযানত এক উল্লেখযোগ্য পদক্ষেপ: প্ৰধানমন্ত্ৰী
চুৰাটত আৰম্ভ কৰা খাদ্য সুৰক্ষা সংপৃক্ততা অভিযান দেশৰ আন জিলাসমূহৰ বাবেও এক অনুপ্ৰেৰণা হ'ব: প্ৰধানমন্ত্ৰী
আমাৰ চৰকাৰে সদায় দৰিদ্ৰ লোকসকলৰ অংশীদাৰ হিচাপে থিয় দিছে: প্ৰধানমন্ত্ৰী
‘বিকশিত ভাৰত’ৰ যাত্ৰাত পুষ্টিকৰ খাদ্যৰ এক ডাঙৰ ভূমিকা আছে: প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি চুৰাটৰ লিম্বায়াতত ‘চুৰাট খাদ্য সুৰক্ষা সংপৃক্তকৰণ অভিযান’ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। প্ৰধানমন্ত্ৰীয়ে ‘ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন’ৰ অধীনত ২.৩ লাখতকৈয়ো অধিক হিতাধিকাৰীক লাভ বিতৰণ কৰে। সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে চুৰাট চহৰখনৰ অনন্য ভাৱনাত গুৰুত্ব আৰোপ কৰে আৰু ইয়াৰ কাম আৰু দানৰ শক্তিশালী ভেটি সন্দৰ্ভত আলোকপাত কৰে। তেওঁ প্ৰকাশ কৰে যে কেনেকৈ চহৰখনৰ মৰ্ম পাহৰিব নোৱাৰি, কিয়নো ইয়াক সামূহিক সহযোগিতা আৰু সকলোৰে উন্নয়ণ উদযাপনেৰে সংজ্ঞায়িত কৰা হয়।
শ্ৰী মোদীয়ে কয় যে চুৰাট পাৰস্পৰিক সমৰ্থন আৰু প্ৰগতিৰ সংস্কৃতিৰ বাবে জনাজাত, য'ত মানুহে সকলোৰে হিতৰ বাবে একেলগে কাম কৰে। তেওঁ জোৰ দি কয় যে চুৰাটৰ প্ৰতিটো কোণতে এই ভাৱনা দৃশ্যমান। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে আজিৰ কাৰ্যসূচীৰ উদ্দেশ্য হৈছে এই মনোভাৱক অধিক উদগনি দিয়া আৰু শক্তিশালী কৰা, চহৰখনৰ সকলোৰে বাবে একতা আৰু বিকাশ বৃদ্ধি কৰা। "চুৰাট গুজৰাট আৰু ভাৰতৰ এখন আগশাৰীৰ চহৰ, আৰু এতিয়া দৰিদ্ৰ আৰু প্রান্তিক লোকসকলৰ বাবে খাদ্য আৰু পুষ্টি সুৰক্ষা নিশ্চিত কৰাৰ ক্ষেত্ৰতো ই আগভাগ লৈছে। চহৰখনৰ খাদ্য সুৰক্ষা সংপৃক্ততা অভিযান-য়ে সমগ্ৰ দেশৰ আন জিলাসমূহৰ বাবে অনুপ্ৰেৰণা হিচাপে কাম কৰিব", শ্ৰী মোদীয়ে লগতে কয়।

 

শ্ৰী মোদীয়ে গুৰুত্ব আৰোপ কৰে যে এই অভিযানে কাকো বাদ দিয়া, কাকো প্ৰতাৰিত নকৰা আৰু কোনো বৈষম্য নকৰাটো নিশ্চিত কৰে। ই তোষণৰ নেওচি আগবাঢ়ে আৰু সকলোৰে বাবে সন্তুষ্টিৰ মহৎ মনোভাৱত গুৰুত্ব দিয়ে। "যেতিয়া চৰকাৰে হিতাধিকাৰীসকলৰ দুৱাৰমুখত উপস্থিত হ'ব, কাকো বাদ দিয়া নহ'ব। সকলোকে সামৰি লোৱাৰ প্ৰতিশ্ৰুতিৰে ব্যৱস্থাটোৰ লাভ আদায় কৰিব খোজা যিসকল ইমান দিনে আঁতৰি আছিল তেওঁলোককো সামৰি লোৱাৰ প্ৰয়াস কৰা হৈছে", শ্ৰী মোদীয়ে লগতে কয়।


প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে খাদ্য সুৰক্ষা সংপৃক্তকৰণ পদ্ধতিৰ অধীনত চুৰাট প্ৰশাসনে ২.৫ লাখতকৈয়ো অধিক নতুন হিতাধিকাৰী চিনাক্ত কৰিছে। তেওঁলোকৰ ভিতৰত বহুতো বৃদ্ধ মহিলা, বৃদ্ধ পুৰুষ, বিধৱা মহিলা আৰু বিশেষ ধৰণে সক্ষম ব্যক্তি আছে। পৰিয়ালৰ এই নতুন সদস্যসকলে এতিয়া বিনামূলীয়া ৰেচন আৰু পুষ্টিকৰ খাদ্য লাভ কৰিব। প্ৰধানমন্ত্ৰীয়ে এই গুৰুত্বপূৰ্ণ পদক্ষেপত অন্তৰ্ভুক্ত হোৱাৰ বাবে সকলো নতুন হিতাধিকাৰীক অভিনন্দন জনায়।


প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰে যে দৰিদ্ৰ লোকসকলে খাদ্যৰ বিষয়ে চিন্তা কৰা বেদনা তেওঁ কিতাপৰ পৰা শিকিব লগা নহয়, বৰঞ্চ সেয়া তেওঁ অনুভৱ কৰিব পৰা বস্তু। "আৰু এইকাৰণে বিগত বছৰসমূহত আটাইতকৈ অধিক প্ৰয়োজন থকাসকলৰ বাবে খাদ্য সুৰক্ষা নিশ্চিত কৰি চৰকাৰে এই উদ্বেগৰ সমাধানত গুৰুত্ব আৰোপ কৰিছে। চৰকাৰে দৰিদ্ৰ লোকসকলৰ কাষত এগৰাকী প্ৰকৃত অংশীদাৰ আৰু সেৱক হিচাপেই থিয় দিছে", শ্ৰী মোদীয়ে কয়। কভিড-১৯ মহামাৰীৰ সময়ত যেতিয়া দেশক আটাইতকৈ বেছি সহযোগিতাৰ প্ৰয়োজন হৈছিল, দৰিদ্ৰলোকৰ পাকঘৰবোৰত যাতে চৌকা জ্বলি থাকে তাৰ বাবে ‘প্ৰধানমন্ত্ৰী গৰীব কল্যাণ যোজনা’ আৰম্ভ কৰা হৈছিল। বিশ্বৰ অন্যতম বৃহৎ আৰু আটাইতকৈ অনন্য এই আঁচনি এতিয়াও চলি আছে। তেওঁ লগতে আনন্দ প্ৰকাশ কৰে যে গুজৰাট চৰকাৰে অধিক হিতাধিকাৰীক লাভান্বিত হ’ব পৰাকৈ অনুমতি দি উপাৰ্জনৰ সীমা বৃদ্ধি কৰি আঁচনিখন সম্প্ৰসাৰিত কৰিছে। দৰিদ্ৰলোকৰ পাকঘৰৰ চৌকা জ্বলাটো নিশ্চিত কৰিবলৈ চৰকাৰে বছৰি প্ৰায় ২.২৫ লাখ কোটি টকা খৰচ কৰি আছে।

 

উন্নয়নৰ দিশত ভাৰতৰ যাত্ৰাত পুষ্টিকৰ খাদ্যৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা উল্লেখ কৰি শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে পুষ্টিহীনতা আৰু ৰক্তহীনতাৰ দৰে সমস্যা দূৰ কৰাৰ বাবে দেশৰ প্ৰতিটো পৰিয়ালক পৰ্যাপ্ত পুষ্টি প্ৰদান কৰাটো হৈছে চৰকাৰৰ লক্ষ্য। "প্ৰধানমন্ত্ৰী পোষণ আঁচনি’ৰ অধীনত প্ৰায় ১২ কোটি স্কুলীয়া শিশুক পুষ্টিকৰ খাদ্য প্ৰদান কৰা হৈছে। সক্ষম অংগনৱাড়ী কাৰ্যসূচীত সৰু শিশু, মাতৃ আৰু গৰ্ভৱতী মহিলাৰ পুষ্টিত গুৰুত্ব দিয়া হৈছে। ইয়াৰ উপৰিও, ‘প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা’ৰ অধীনত গৰ্ভৱতী মহিলাসকলক পুষ্টিকৰ খাদ্যৰ বাবে আৰ্থিক সহায় আগবঢ়োৱা হয়", শ্ৰী মোদীয়ে উল্লেখ কৰে।

প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব প্ৰদান কৰি কয় যে পুষ্টি কেৱল খাদ্যতে নাথাকে, পৰিষ্কাৰ পৰিচ্ছন্নতাও ইয়াৰ এক অপৰিহাৰ্য দিশ। তেওঁ চুৰাটক পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰখাৰ প্ৰচেষ্টাৰ বাবে প্ৰশংসা কৰে। "চৰকাৰৰ নিৰন্তৰ প্ৰচেষ্টা হৈছে দেশৰ প্ৰতিখন চহৰ আৰু গাওঁয়ে যাতে অপৰিচ্ছন্নতা দূৰ কৰাৰ দিশত কাম কৰে সেয়া নিশ্চিত কৰা। গোলকীয় সংগঠনসমূহে স্বীকাৰ কৰিছে যে ‘স্বচ্ছ ভাৰত অভিযান’-য়ে গ্ৰাম্যাঞ্চলত ৰোগৰ পয়োভৰ হ্ৰাস কৰাত সহায় কৰিছে", শ্ৰী মোদীয়ে লগতে কয়। তেওঁ শ্ৰী চি আৰ পাটিলৰ নেতৃত্বত "হৰ ঘৰ জল" অভিযানৰ গুৰুত্বতো আলোকপাত কৰে, যাৰ উদ্দেশ্য হৈছে প্ৰতিটো পৰিয়াললৈ বিশুদ্ধ পানী যোগান ধৰা, যাৰ ফলত বিভিন্ন ৰোগ হ্ৰাস পাইছে।

 

শ্ৰী নৰেন্দ্ৰ মোদীয়ে চৰকাৰৰ বিনামূলীয়া ৰেচন আঁচনিৰ গুৰুত্বপূৰ্ণ প্ৰভাৱৰ কথা স্বীকাৰ কৰে, যাৰ ফলত লাখ লাখ লোকৰ জীৱন সহজ হৈ উঠিছে। তেওঁ উল্লেখ কৰে যে আজি প্ৰকৃত  হিতাধিকাৰীসকলে তেওঁলোকৰ সম্পূৰ্ণ অংশৰ ৰেচন লাভ কৰিছে, যিটো সম্ভৱনা ১০ বছৰ আগতে উপলব্ধ নহৈছিল। তেওঁ আঙুলিয়াই দি কয় যে চৰকাৰে ৫ কোটিতকৈয়ো অধিক ভুৱা ৰেচন কাৰ্ড ধাৰকক বিতাৰিত কৰিছে আৰু সমগ্ৰ ৰেচন বিতৰণ প্ৰণালীটো আধাৰ কাৰ্ডৰ সৈতে সংযুক্ত কৰিছে। প্ৰধানমন্ত্ৰীয়ে চুৰাটত প্ৰব্ৰজনকাৰী শ্ৰমিকসকলে সন্মুখীন হোৱা সমস্যাটো সম্বোধন কৰে, যিসকলে আগতে আন ৰাজ্যত তেওঁলোকৰ ‘ৰেচন কাৰ্ড’ ব্যৱহাৰ কৰিব নোৱাৰিছিল। "এক ৰাষ্ট্ৰ, এক ৰেচন কাৰ্ড" আঁচনিখন আৰম্ভ কৰা হৈছিল যাতে এগৰাকী ব্যক্তিৰ ‘ৰেচন কাৰ্ড’ য'ৰ পৰাই নহওঁক কিয়, তেওঁলোকে সমগ্ৰ দেশৰ যিকোনো চহৰত লাভ আদায় কৰিব পাৰে। চুৰাটৰ বহুতো শ্ৰমিক এতিয়া এই আঁচনিৰ দ্বাৰা লাভান্বিত হৈছে, যিয়ে প্ৰদৰ্শন কৰে যে যেতিয়া প্ৰকৃত উদ্দেশ্যৰে নীতি প্ৰস্তুত কৰা হয়, তেতিয়া তেওঁলোকে দৰিদ্ৰ লোকসকলক লাভান্বিত কৰে", শ্ৰী মোদীয়ে লগতে কয়।


প্ৰধানমন্ত্ৰীয়ে ‘মিছন-মোড পদ্ধতি’ৰ জৰিয়তে দৰিদ্ৰ লোকসকলক শক্তিশালী কৰাৰ বাবে যোৱা এটা দশকত চৰকাৰে গ্ৰহণ কৰা প্ৰচেষ্টাৰ কথা উল্লেখ কৰে। তেওঁ দৰিদ্ৰ লোকসকলৰ চাৰিওফালে এক সুৰক্ষা জাল সৃষ্টি কৰাত গুৰুত্ব আৰোপ কৰে আৰু নিশ্চিত কৰে যে তেওঁলোকে কেতিয়াও সহায় বিচাৰিব নালাগে। কংক্ৰিটৰ ঘৰ, শৌচালয়, গেছ সংযোগ, আৰু ‘টেপ’ৰ পানীৰ সংযোগ প্ৰদান কৰা কথাই দৰিদ্ৰ লোকসকলৰ মনত নতুন আত্মবিশ্বাসৰ সূচনা কৰিছে। চৰকাৰে দৰিদ্ৰ পৰিয়ালসমূহৰ বাবে বীমা আঁচনিও প্ৰৱৰ্তন কৰে, যাতে প্ৰায় ৬০ কোটি ভাৰতীয়ই ৫ লাখ টকালৈকে বিনামূলীয়া চিকিৎসা লাভ কৰিব পাৰে। "জীৱন আৰু দুৰ্ঘটনা বীমা, যিবোৰ আগতে দৰিদ্ৰ পৰিয়ালৰ আওতাৰ বাহিৰত আছিল, এতিয়া সেয়া বাস্তৱ হৈছে। আজি, ৩৬ কোটিৰো অধিক লোকে চৰকাৰী বীমা আঁচনিত নামভৰ্তি কৰিছে। দৰিদ্ৰ পৰিয়ালসমূহক ১৬,০০০ কোটি টকাতকৈয়ো অধিক দাবী পৰিশোধ কৰা হৈছে, যি জটিল সময়ত তেওঁলোকক সহায় কৰিছে", শ্ৰী মোদীয়ে উল্লেখ কৰে।


অতীতত দৰিদ্ৰ সকলে তেওঁলোকৰ নিজৰ ব্যৱসায় আৰম্ভ কৰাৰ ক্ষেত্ৰত অপৰিসীম প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল, বেংকসমূহে ‘গেৰাণ্টী’ অবিহনে ঋণ প্ৰদান কৰিবলৈ অস্বীকাৰ কৰিছিল সেই কথা শ্ৰী নৰেন্দ্ৰ মোদীয়ে স্মৰণ কৰে। শ্ৰী মোদীয়ে ‘মুদ্ৰা যোজনা’ৰ শুভাৰম্ভ কৰি দৰিদ্ৰ লোকসকলৰ বাবে ঋণৰ ‘গেৰাণ্টী’ দিয়াৰ দায়িত্ব কেনেদৰে ব্যক্তিগতভাৱে গ্ৰহণ কৰিছিল সেই প্ৰসংগতো আলোকপাত কৰে। বিৰোধীয়ে ইমান বিশাল পৰিমাণৰ ধনৰাশিৰ কথা বুজি নোপোৱা স্বত্বেও এই পদক্ষেপে লাখ লাখ লোকক সহায় কৰিছে", প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব সহকাৰে উল্লেখ কৰে।

 

পূৰ্বতে কোনো বিত্তীয় সমৰ্থন নোপোৱা পথৰ দাঁতিত বেহা কৰা বিক্ৰেতা আৰু শ্ৰমিকসকলৰ সংগ্ৰামক উদ্দেশি শ্ৰী নৰেন্দ্ৰ মোদীয়ে উল্লেখ কৰে যে এই ব্যক্তিসকলে প্ৰায়ে মহাজনৰ পৰা ধন ধাৰ ল'ব লগা হৈছিল, তেওঁলোকে ধাৰ লোৱাত ধনতকৈ অধিক পৰিশোধ কৰিব লগা হৈছিল। চৰকাৰৰ ‘প্ৰধানমন্ত্ৰী স্বনিধি যোজনা’ই এই বিক্ৰেতাসকলক বেংক ঋণৰ প্ৰৱেশাধিকাৰ প্ৰদান কৰি সহায় কৰিছে। প্ৰধানমন্ত্ৰীয়ে এই বছৰৰ বাজেটত এনে শ্ৰমিকসকলৰ বাবে এখন বিশেষ ক্ৰেডিট কাৰ্ড প্ৰৱৰ্তনৰ কথা ঘোষণা কৰে। "প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা যোজনা’ৰ প্ৰৱৰ্তন, যি পৰম্পৰাগত শিল্পীসকলক তেওঁলোকৰ দক্ষতা উন্নত আৰু সম্প্ৰসাৰিত কৰাৰ বাবে প্ৰশিক্ষণ, আধুনিক সঁজুলি আৰু বিত্তীয় সহযোগিতা প্ৰদান কৰি সমৰ্থন আগবঢ়ায়। এই প্ৰচেষ্টাই সামগ্ৰিক বিকাশৰ জৰিয়তে দেশৰ উন্নয়নত অৰিহণা যোগায়, বিগত দশকত ২৫ কোটিৰো অধিক লোক দৰিদ্ৰতাৰ পৰা ওলাই আহিছে", শ্ৰী মোদীয়ে কয়। প্ৰধানমন্ত্ৰীয়ে দেশৰ উন্নয়নত মধ্যবিত্ত শ্ৰেণীৰ গুৰুত্বপূৰ্ণ অৱদানৰ কথা স্বীকাৰ কৰে, বিশেষকৈ চুৰাটত, য'ত বৃহৎ সংখ্যক মধ্যবিত্ত পৰিয়াল বাস কৰে। তেওঁ এই বছৰৰ বাজেটত প্ৰদান কৰা সকাহকে ধৰি মধ্যবিত্ত শ্ৰেণীক শক্তিশালী কৰাৰ বাবে যোৱা দশকটোত চৰকাৰৰ প্ৰচেষ্টাৰ কথা উল্লেখ কৰে। "প্ৰদান কৰা কৰ ৰেহাই, বিশেষকৈ ১২ লাখ টকালৈকে উপাৰ্জনৰ ক্ষেত্ৰত শূন্য কৰৰ দিহা কৰাতো বহুতে কেতিয়াও আশা কৰা নাছিল। ইয়াৰ উপৰিও, কৰ্মচাৰীসকলক এতিয়া ১২.৮৭ লাখ টকা পৰ্যন্ত উপাৰ্জনৰ ওপৰত কৰ ৰেহাই দিয়া হ'ব। সকলো কৰদাতাক লাভান্বিত কৰিবলৈ নতুন কৰ খলপাও প্ৰৱৰ্তন কৰা হৈছে। ইয়াৰ ফলত গুজৰাটৰ চুৰাট আৰু সমগ্ৰ দেশৰ মধ্যবিত্ত পৰিয়ালসমূহে তেওঁলোকৰ উপাৰ্জনৰ অধিক অংশ বচাই ৰাখিব পাৰিব, যিটো তেওঁলোকে তেওঁলোকৰ প্ৰয়োজনীয়তা আৰু তেওঁলোকৰ সন্তানসকলৰ ভৱিষ্যতৰ বাবে বিনিয়োগ কৰিব পাৰিব", প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে।


প্ৰধানমন্ত্ৰীয়ে চুৰাটক যথেষ্ট সংখ্যক ‘ক্ষুদ্ৰ, লঘূ আৰু মজলীয়া উদ্যোগ’ (এমএছএমই)ৰ সৈতে উদ্যোগৰ কেন্দ্ৰ হিচাপে স্বীকৃতি দিয়ে, যিয়ে লাখ লাখ লোকক নিযুক্তি প্ৰদান কৰিছে। তেওঁ ‘এমএছএমই’সমূহক যথেষ্ট সমৰ্থন আগবঢ়াই স্থানীয় যোগান শৃংখলা শক্তিশালী কৰাৰ বাবে চৰকাৰে গ্ৰহণ কৰা প্ৰচেষ্টাত আলোকপাত কৰে। "বাজেটত অনুসূচিত জাতি/জনজাতি, দলিত, জনজাতীয় আৰু মহিলা উদ্যোগীসকলৰ বাবে ২ কোটি টকালৈকে ঋণ ঘোষণা কৰা হৈছে, যাৰ ফলত ‘এমএছএমই’ খণ্ডত তেওঁলোকক উন্নতি লাভ কৰাত সহায় কৰিব। চুৰাট আৰু গুজৰাটৰ যুৱক-যুৱতীসকলে এই সুযোগসমূহৰ সুবিধা ল'ব লাগে আৰু চৰকাৰে তেওঁলোকক সমৰ্থন কৰিবলৈ সাজু হৈ আছে", শ্ৰী মোদীয়ে কয়।

 

শ্ৰী মোদীয়ে ভাৰতৰ উন্নয়নত, বিশেষকৈ বস্ত্ৰ, ৰাসায়নিক পদাৰ্থ আৰু অভিযান্ত্ৰিক খণ্ডত চুৰাটৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা স্বীকাৰ কৰে। তেওঁ চহৰখনত এই উদ্যোগসমূহ সম্প্ৰসাৰিত কৰাৰ বাবে চৰকাৰে গ্ৰহণ কৰা প্ৰচেষ্টাত আলোকপাত কৰে। "চুৰাট বিমানবন্দৰত নতুন ইণ্টিগ্ৰেটেড টাৰ্মিনেল ভৱন, ‘ৱেষ্টাৰ্ণ ডেডিকেটেড ফ্ৰেইট কৰিডৰ’, ‘দিল্লী-মুম্বাই এক্সপ্ৰেছৱে’’ আৰু আগন্তুক ‘বুলেট ট্ৰেইন’, চুৰাট মেট্ৰ' প্ৰকল্পই চহৰখনৰ সংযোগ অধিক বৃদ্ধি কৰিব, যাৰ ফলত ই দেশৰ আটাইতকৈ সু-সংযোজিত চহৰসমূহৰ ভিতৰৰ এখন হ'ব। এই পদক্ষেপসমূহে চুৰাটৰ বাসিন্দাসকলৰ জীৱনৰ মান উন্নত কৰি তুলিছে আৰু তেওঁলোকৰ জীৱন সহজ কৰি তুলিছে", শ্ৰী মোদীয়ে গুৰুত্ব আৰোপ কৰে।
শ্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ দেশৰ মহিলাসকলক তেওঁলোকৰ প্ৰেৰণাদায়ক কাহিনীবোৰ নমো এপ-ত সহভাগ কৰিবলৈ আহ্বান জনায়। ‘আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱস’ উপলক্ষে প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰে যে তেওঁ দেশৰ আৰু সমাজৰ উন্নয়নত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা এই অনুপ্ৰেৰণাদায়ক মহিলাসকলৰ কিছু সংখ্যকক তেওঁৰ ছ'চিয়েল মিডিয়া একাউণ্ট হস্তান্তৰ কৰিব। তেওঁ বিভিন্ন ক্ষেত্ৰত বিশেষকৈ গুজৰাটত মহিলাৰ ভূমিকাত আলোকপাত কৰে আৰু গুৰুত্ব আৰোপ কৰে যে এই দিনটো মহিলাৰ কৃতিত্ব উদযাপনৰ এক সুযোগ। তেওঁ লগতে কয় যে তেওঁ মহিলাৰ সৱলীকৰণৰ প্ৰতি সমৰ্পিত নৱসাৰীত এক গুৰুত্বপূৰ্ণ অনুষ্ঠানত অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰীয়ে চুৰাটত অনুষ্ঠিত অনুষ্ঠানত উপস্থিত থকা বৃহৎ সংখ্যক মহিলাৰ কথা স্বীকাৰ কৰি কয় যে চলিত কাৰ্যসূচীৰ দ্বাৰা তেওঁলোক যথেষ্ট লাভান্বিত হ'ব।

 

প্ৰধানমন্ত্ৰীয়ে চুৰাটক এখন ক্ষুদ্ৰ ভাৰত আৰু বিশ্বৰ মঞ্চত এক উল্লেখযোগ্য চহৰ হিচাপে স্থান অব্যাহত ৰখাৰ প্ৰতি তেওঁৰ প্ৰতিশ্ৰুতিবদ্ধতা ব্যক্ত কৰে। "চুৰাটৰ দৰে প্ৰাণৱন্ত আৰু গতিশীল লোকসকলৰ বাবে, সকলো কথাই ব্যতিক্ৰমী হ'ব লাগিব। মই চলিত পদক্ষেপসমূহৰ সকলো হিতাধিকাৰীক অভিনন্দন জনাইছো, তেওঁলোকৰ সফলতা আৰু প্ৰগতি অব্যাহত ৰখাৰ কামনা কৰিছোঁ", শ্ৰী মোদীয়ে তেওঁৰ ভাষণৰ সামৰণি মাৰে।

 

পটভূমি


প্ৰধানমন্ত্ৰীয়ে চুৰাটৰ লিম্বায়াতত ‘চুৰাট খাদ্য সুৰক্ষা সংপৃক্তকৰণ অভিযান’ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে আৰু ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত ২.৩ লাখৰো অধিক হিতাধিকাৰীলৈ লাভ বিতৰণ কৰে।
মহিলা সৱলীকৰণ চৰকাৰৰ দ্বাৰা কৰা কামৰ এক আধাৰশিলা হৈ আছে। প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগীৰ দ্বাৰা নিৰ্দেশিত হৈ চৰকাৰে তেওঁলোকৰ সৰ্বাংগীন উন্নয়নৰ দিশত পদক্ষেপ ল'বলৈ প্ৰতিশ্ৰুতিবদ্ধ।

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Moving beyond Western paradigms: The geopolitical lesson of India’s multi-alignment

Media Coverage

Moving beyond Western paradigms: The geopolitical lesson of India’s multi-alignment
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister condoles loss of lives in a mishap in Surat, Gujarat
June 02, 2026
PM announces ex-gratia from PMNRF

Prime Minister Shri Narendra Modi today expressed deep pain over the tragic mishap in Surat district, Gujarat. He extended his heartfelt condolences to those who have lost their loved ones and prayed for the earliest recovery of the injured. The Prime Minister noted that rescue operations are underway and authorities are providing all possible assistance at the accident site.

The Prime Minister has announced an ex-gratia of Rs. 2 lakh from the Prime Minister’s National Relief Fund (PMNRF) for the next of kin of each deceased. Shri Modi also noted that Rs. 50,000 would be provided to those who sustained injuries in the incident.

The Prime Minister posted on X:

"Deeply pained to hear about a mishap in Surat district, Gujarat. My condolences to those who have lost their loved ones. May the injured recover at the earliest. Rescue operations are underway and authorities are providing all possible assistance at the accident site.

An ex-gratia of Rs. 2 lakh from PMNRF would be given to the next of kin of each deceased. The injured would be given Rs. 50,000: PM"