The government is now focussing on making tax-paying seamless, painless, faceless: PM
Honest taxpayers play a big role in nation building: PM Modi
Taxpayers' Charter is an important step in India's development: PM Modi

আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে “স্বচ্ছ কৰাৰোপণ- সততাক সন্মান” (Transparent Taxation – Honouring the Honest)ৰ অৰ্থে এক মাধ্যমৰ উদ্বোধন কৰে।

এই কাৰ্যসূচীত ভাষণ প্ৰদান কৰি তেওঁ কয় যেদেশখনত পৰিকাঠামোগত সংস্কাৰ প্ৰক্ৰিয়াই আজি এক নতুন শিখৰত আৰোহণ কৰিলেহি।২১ শতিকাৰ কৰাৰোপণ প্ৰণালীৰ প্ৰয়োজনীয়তা অনুসৰিয়েই “স্বচ্ছ কৰাৰোপণ- সততাক সন্মান” মাধ্যমৰ শুভাৰম্ভ কৰা হৈছে বুলি প্ৰধানমন্ত্ৰীজনে কয়।তেওঁ উল্লেখ কৰে যে এই মাধ্যমে ফেচলেচ এছেচমেন্ট, ফেচলেচ আপিল আৰু টেক্সপেয়াৰ চাৰ্টাৰৰ আশু সংস্কাৰ সাধন কৰিব।

তেওঁ কয় যে আজিৰেপৰাই ফেচলেচ এছেচমেন্ট আৰু টেক্সপেয়াৰ চাৰ্টাৰ কাৰ্যকৰী হোৱাৰ বিপৰীতে ২৫ ছেপ্টেম্বৰ অৰ্থাৎ দীন দয়াল উপাধ্যায়ৰ জন্ম দিৱসৰপৰা সমগ্ৰ দেশৰ নাগৰিকৰ বাবে ফেচলেচ আপিলৰ সুবিধা উপলব্ধ হ’ব।ফেচলেচ এই মাধ্যমেৰে তদুপৰি কৰ দাতাৰ বিশ্বাস বৃদ্ধি কৰা আৰু তেওঁলোকক ভীতিহীন কৰি তোলাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে যোৱা ছটা বছৰে চৰকাৰখন “অনাবেংকিঙক বেংকিং, অসুৰক্ষিতক সুৰক্ষিত কৰা আৰু টকা যোগান নধৰাক টকা যোগান”ত দৃষ্টি নিক্ষেপ কৰি আহিছে আৰু “সততাক সন্মান” মাধ্যমকো একে লক্ষ্যৰেই আৰম্ভ কৰা হৈছে।

প্ৰধানমন্ত্ৰীজনে ৰাষ্ট্ৰ নিৰ্মাণত সৎ কৰদাতাসকলে পালন কৰা ভূমিকাক প্ৰশংসা কৰে আৰু কয় যেএনে কৰদাতাসকলৰ জীৱন যাত্ৰা সহজ কৰি তোলাটো হৈছে চৰকাৰখনৰ দায়িত্ব। “যেতিয়া দেশৰ এজন সৎ কৰদাতাৰ জীৱন প্ৰণালী সহজ হৈ পৰিব, তেতিয়া তেওঁ আগুৱাই যাব আৰু উন্নতি হ’ব আৰু তেতিয়াই দেশৰো উন্নতি হ’ব আৰু আগবাঢ়ি যাব,” প্ৰধানমন্ত্ৰীজনে লগতে কয়।

প্ৰধানমন্ত্ৰীজনে কয় যে ন্যূনতম চৰকাৰৰে সৰ্বাধিক শাসনৰ অৰ্থে চৰকাৰৰ সংকল্পৰ অংশস্বৰূপেই আজি এই নতুন ব্যৱস্থাৰ শুভাৰম্ভ কৰা হয়।তেওঁ কয় যে সকলো বিধি, আইন আৰু নীতিয়েই ক্ষমতা কেন্দ্ৰিক হোৱাৰ বিপৰীতে সেয়া জন কেন্দ্ৰিক, ৰাইজৰ অনুকূল হোৱাত গুৰুত্ব আৰোপেৰে যুগুত কৰা যায়।তেওঁ কয় যে শাসনৰ নতুন আৰ্হিৰ ব্যৱহাৰে ভাল ফল দেখুৱাইছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এনে এটা পৰিবেশে গা কৰি উঠিছে য’ত সকলো কাৰ্য সমাধা কৰিবলৈ দায়িত্বক প্ৰাধান্য দিয়া হৈছে।এয়া কোনো হেঁচা আৰু শাস্তিৰ ভাবুকিৰ ফলশ্ৰুতি নহয় বৰঞ্চ সমগ্ৰ পদক্ষেপৰ এটা বুজাবুজি আৰোপ কৰা গৈছে।তেওঁ কয় যে চৰকাৰখনে আৰম্ভ কৰা এই সংস্কাৰসমূহ খণ্ড-খণ্ড হোৱাৰ বিপৰীতে সামগ্ৰিক দৃষ্টিকোণেৰে ইয়াৰ জৰিয়তে সুফল প্ৰদানৰ লক্ষ্য নিৰ্ধাৰণ কৰা গৈছে।

প্ৰধানমন্ত্ৰীজনে কয়, স্বাধীনতাৰ পূৰ্বৰ সময়ত প্ৰৱৰ্তনৰ পৰা লব্ধ পূৰ্বৰ কৰ গাঁথনিৰ পৰিপ্ৰেক্ষিতত দেশৰ কৰ গাঁথনিৰ বাবে মৌলিক সংস্কাৰ প্ৰয়োজনীয় হৈ পৰে।আনকি স্বাধীনতাৰ পৰৱৰ্তী সময়ছোৱাত কৰা বহু সাল-সলনিয়ে ইয়াৰ মৌলিক চৰিত্ৰ বৰ্তাই ৰাখিব পৰা নাছিল, তেওঁ কয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে পূৰ্বৰ প্ৰণালীটোৰ জটিলতাৰ বাবে ইয়াৰে খাপ খোৱাত অসুবিধাৰ সৃষ্টি কৰে।
তেওঁ কয় যে সৰলীকৃত আইন আৰু পদ্ধতিয়ে ইয়াৰে খাপ খোৱাত সহজ কৰি তোলে।এনে এটা উদাহৰণ হৈছে জিএছটি, তেওঁ কয়, যাক বহু কৰৰ ঠাইত প্ৰতিষ্ঠাপন কৰা হৈছে।

প্ৰধানমন্ত্ৰীজনে কয় যে শেহতীয়া আইনে কৰ প্ৰণালীত আইনী সমস্যা হ্ৰাস কৰি তুলিছেয’ত এতিয়া উচ্চ ন্যায়ালয়ত গোচৰসমূহ দাখিলৰ সীমা ১ কোটি টকালৈকে আৰু উচ্চতম ন্যায়ালয়ত দাখিলৰ অৰ্থে ২ কোটি টকালৈকে নিৰ্ধাৰণ কৰা হৈছে।‘বিবাদ সে বিশ্বাস’ আঁচনিৰ দৰে ব্যৱস্থাই বহু গোচৰ আদালতৰ বাহিৰতে নিষ্পত্তি হোৱাৰ পথ প্ৰশস্ত কৰি তুলিছে।
প্ৰধানমন্ত্ৰীয়ে কয় যে অব্যাহত ৰখা সংস্কাৰৰ অংশস্বৰূপেই কৰ স্তৰ (slab)সমূহকো যুক্তিসংগত কৰি তোলা হৈছে য’ত৫ লাখ টকা আয় পৰ্যন্ত লোকৰ কৰ শূন্য কৰা হৈছে৷ তেওঁ কয় যে বিশ্বৰ সবাতোকৈ নিম্ন ঔদ্যোগিক কৰ আদায় কৰা দেশসমূহৰ ভিতৰত ভাৰতো অন্যতম৷

প্ৰধানমন্ত্ৰীয়ে কয় যে চলিত সংস্কাৰসমূহৰ দ্বাৰা কৰ ব্যৱস্থাক চলমান, কষ্টবিহীন তথা ফে’চলেচ কৰি তোলা হৈছে৷ তেওঁ কয় যে চলমান ব্যৱস্থাপনাই কৰদাতাসকলৰ সমস্যা সমাধানত সহায় কৰিব৷ তাৰোপৰি প্ৰযুক্তিৰ জৰিয়তে ই কষ্টবিহীনো হৈ পৰিব৷ ফে’চলেচ ব্যৱস্থাৰ জৰিয়তে কৰদাতা আৰু আয়কৰ বিষয়াসকলৰ মাজত প্ৰত্যক্ষ যোগাযোগ নাথাকিব৷
কৰদাতাৰ চাৰ্টাৰ মুকলি সন্দৰ্ভত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এতিয়াৰে পৰা কৰদাতাসকলে সমস্যাবিহীনভাৱে তথা যাদৃচ্ছিকভাৱে কৰ আদায় কৰিব পাৰিব৷ এই চাৰ্টাৰে কৰদাতাসকলৰ বিশ্বাসযোগ্যতাৰ ভিত্তিত তেওঁলোকৰ সন্মান আৰু সংবেদনশীলতাৰ প্ৰতি ধ্যান ৰাখিব৷

গোচৰসমূহৰ নিৰীক্ষণৰ পৰিমাণ বিগত ছবছৰত অতি কমেও ২০১২-১৩ৰ ০.৯৪%ৰ পৰা ২০১৮-১৯ৰ ০.২৬%লৈ চাৰিগুণলৈ কম হোৱাৰ বিষয়ে আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ইয়াৰ দ্বাৰা ৰিটাৰ্ণীসকলৰ প্ৰতি চৰকাৰৰ আস্থা বৃদ্ধি হোৱাটো প্ৰতিফলিত হৈছে৷

তেওঁ কয় যে বিগত ছবছৰত ভাৰতে কৰ প্ৰশাসনৰ ক্ষেত্ৰত এক নতুন মডেল প্ৰৱৰ্তন হোৱাটো দেখা পাইছে৷ এই প্ৰয়াসসমূহৰ ফলতেই বিগত ৬-৭ বছৰত কৰদাতাৰ সংখ্যা প্ৰায় ২.৫ কোটিলৈ বৃদ্ধি পাইছে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে কেৱল ১.৫ কোটি মানুহে ১৩০ কোটি লোকৰ দেশৰ কৰ প্ৰদান কৰা কথাটোও নুই কৰিব নোৱাৰি৷ শ্ৰী মোদীয়ে জনসাধাৰণক তেওঁলোকৰ কৰ প্ৰদান কৰিবলৈ আহ্বান জনায়৷

প্ৰধানমন্ত্ৰীয়ে কয় যে ইয়াৰ দ্বাৰা আত্মনিৰ্ভৰ ভাৰতৰ বীক্ষণো বাস্তৱায়িত হ’ব৷

 

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Indian Railways to roll out the first rake of 20 LHB coaches for Bangladesh Railway on August 12

Media Coverage

Indian Railways to roll out the first rake of 20 LHB coaches for Bangladesh Railway on August 12
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 12 আগষ্ট 2026
August 12, 2026

India Rising on Every Front: Economic Strength, Global Recognition & Self-Reliance Under PM Modi’s Vision