Inspired by Pt. Deendayal Upadhyaya, 21st century India is working for Antyodaya: PM Modi
Our government has given top priority to roads, highways, waterways, railways, especially regarding infrastructure: PM
Our government is working to reach the last person in the society, to bring the benefits of development to them: PM

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বাৰাণসীত দীনদয়াল উপাধ্যায়ৰ প্ৰতিমূৰ্তি উন্মোচন কৰাৰ লগতে এটা স্মৃতিকেন্দ্ৰ দেশবাসীৰ নামত উচৰ্গা কৰে৷ তেওঁ তিনি জ্যোতিৰ্লিংগ ক্ৰমে-বাৰাণসী, উজ্জয়নী আৰু ওমকাৰেশ্বৰ সংযোগী 

তৃতীয়খন কৰ্প’ৰেট ৰে’লৰ ফ্লেগ অফ কৰে৷ প্ৰধানমন্ত্ৰীয়ে ৪৩০খন বিচনাযুক্ত অতিবিশিষ্ট সেৱা চৰকাৰী হাস্পতালকে ধৰি ৩৬টা উন্নয়নমুলক প্ৰকল্প উদ্বোধন কৰাৰ লগতে ১৪টা উন্নয়নমুলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে৷

এই উপলক্ষে পণ্ডিত দীনদয়াল উপাধ্যায় স্মৃতি কেন্দ্ৰত সমবেত ৰাইজক উদ্দেশ্যি আদবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে আজি পণ্ডিত দীনদয়াল উপাধ্যায়ৰ স্মৃতিস্থলক সংযোগ কৰি এই অঞ্চলটোৰ ‘পাদাও’ নামটো অধিক শক্তিশালী কৰাৰ লগতে গুৰুত্বও বৃদ্ধি কৰিলে৷ ইয়াক এনে এক পৰ্যায়লৈ উন্নীত কৰা হৈছে, য’ত সেৱা, ত্যাগ, অন্যায় আৰু ৰাজহুৱা স্বাৰ্থ সকলো একেলগ হৈছে৷ এতিয়া এই স্মৃতিস্থল আৰু উদ্যানৰ লগতে বৃহৎ আকাৰৰ প্ৰতিমূৰ্তি সংস্থাপনে উঠি অহা প্ৰজন্মক দীনদয়াল উপাধ্যায় জীৰ নীতি আৰু ধ্যান-ধাৰণা অনুসৰণ কৰাত প্ৰেৰণা যোগাব৷

প্ৰধানমন্ত্ৰীয়ে কয় যে দীনদয়াল উপাধ্যায় জীয়ে আমাক অন্ত্যোদয়াৰ পথ দেখুৱাইছিল, যিটোৱে সমাজৰ অন্তিমজন লোকৰ উত্থান কৰে৷ এই আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত হৈ প্ৰধানমন্ত্ৰীয়ে কয় যে একবিংশ শতিকা ভাৰতে অন্ত্যোদয়াৰ বাবে কাম কৰিছে৷ তেওঁ লগতে কয় যে কেৱল এই পবিত্ৰ কৰ্ম উপলক্ষে প্ৰায় ১,২৫০ কোটি টকা মুল্যৰ প্ৰকল্প শুভাৰম্ভ কৰা হৈছে, যিটোৰ পৰা বাৰাণসীকে ধৰি সমগ্ৰ পূৰ্বাঞ্চল উপকৃত হ’ব৷ তেওঁ কয়, “এই সকলো প্ৰকল্প বিগত পাঁচ বছৰত কাশীকে ধৰি সমগ্ৰ পূৰ্বাঞ্চলৰ পুনৰুজ্জীৱিতকৰণৰ ক্ষেত্ৰত গ্ৰহণ কৰা সংকল্পৰে ফল৷ এই বছৰসমূহত বাৰাণসী জিলাত ২৫ হাজাৰ কোটি টকাৰ উন্নয়নমূলক কাম সম্পূৰ্ণ হৈছে বা চলি আছে৷”

প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে আন্তঃগাঁথনিমুলক খণ্ড বিশেষকৈ পথ, ঘাইপথ, জলপথ আৰু ৰে’লপথৰ উন্নয়নত অগ্ৰাধিকাৰ দিছে৷ তেওঁ কয়, “এই উন্নয়নমুলক কামসমূহে দেশক আগুৱাই লৈ যোৱাই নহয় সংস্থাপনৰ সূযোগ সৃষ্টি কৰিছে, বিশেষকৈ কাশী আৰু ইয়াৰ চাৰিওফালে পৰ্যটনকেন্দ্ৰিক সংস্থাপন প্ৰভূত সম্ভাৱনা আছে৷” তেওঁ লগতে কয় যে কিছুদিনৰ পূৰ্বে ইয়ালৈ অহা শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিয়েও এই স্বৰ্গীয় পৰিৱেশত অভিভূত হৈ পৰিছিল৷

প্ৰধানমন্ত্ৰীয়ে কয় যে এই উপলক্ষে বাবা বিশ্বনাথ চহৰ সৈতে ওমকাৰেশ্বৰ আৰু মহাকালেশ্বৰ সংযোগী কাশী-মহাকাল এক্সপ্ৰেছৰ ফ্লেগ অফ কৰা হয়৷ ভূ(বিএইচইউ)ত ২০১৬ৰ দ্বিতীয়াৰ্ধত আধাৰশিলা স্থাপন কৰা অতিবিশিষ্ট সেৱা হাস্পতালখনি এতিয়া উদ্বোধন কৰা হৈছে৷

তেওঁ লগতে কয়, “কেৱল ২১ মাহতে ৪৩০খন বিচনাযুক্ত হাস্পতাল কাশী আৰু পূৰ্বাঞ্লবাসীক সেৱা আগবঢ়োৱাৰ বাবে সাজু হৈছে৷” দীনদয়াল জীৰ আদৰ্শৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিখন আঁচনিতে আত্ম-নিৰ্ভৰশীল আৰু আত্ম-সহায়ক কেন্দ্ৰবিন্দু হিচাপে লোৱা হৈছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰৰ পৰিকল্পনা আৰু সংস্কৃতিত এই আদৰ্শসমূহ ধাৰাবাহিকভাৱে প্ৰয়োগ কৰি অহা হৈছে৷

প্ৰধানমন্ত্ৰীয়ে সজোৰে কয় যে চৰকাৰে ধাৰাবাহিকভাৱে সমাজৰ অন্তিমজন লোকক সামৰি লৈ তেওঁলোকক উন্নয়নৰ সুবিধা প্ৰদান কৰাৰ দিশত কাম কৰি আহিছে৷ তেওঁ লগতে কয়, “এতিয়া পৰিৱেশ সলনি হৈছে আৰু এতিয়া সমাজৰ অন্তিমজন লোকক অগ্ৰাধিকাৰ প্ৰদান কৰা হৈছে৷”

 

 

 

 

 

 

 

 

 

 

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi at BRICS summit: Dismantle ‘pyramid of privilege’ to make Global South a ‘rule-shaper’

Media Coverage

PM Modi at BRICS summit: Dismantle ‘pyramid of privilege’ to make Global South a ‘rule-shaper’
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates Indian Junior Men’s Hockey Team on winning Asia Cup
September 13, 2026

The Prime Minister, Shri Narendra Modi, has congratulated the Indian Junior Men’s Hockey Team on winning the Asia Cup with an emphatic 4-1 victory in the final.

The Prime Minister described the achievement as remarkable and said that the feat reflects the immense talent of the young players.

Shri Modi extended his best wishes to the entire team.

The Prime Minister wrote on X;

“Congratulations to our Junior Men’s Hockey Team on winning the Asia Cup with an emphatic 4-1 win in the final. It is indeed a remarkable achievement.

This feat reflects the immense talent of our young players. Best wishes to the entire team!”