NAMO মেডিকেল এডুকেচন এণ্ড ৰিচাৰ্চ ইনষ্টিটিউট ভ্ৰমণ কৰি দেশৰ বাবে উৎসৰ্গা কৰে
ডিউ আৰু ছিলভাছাৰ পৰা পিএমএৱাই আৰ্বানৰ হিতাধিকাৰীসকলক চাবি অৰ্পণ কৰে
“এই প্ৰকল্পসমূহে জীৱন-যাপনৰ সহজতা, পৰ্যটন, পৰিবহণ আৰু ব্যৱসায়ৰ উন্নতি সাধন কৰিব। সময়মতে প্ৰকল্পসমূহ সম্পূৰ্ণ হৈ উঠাতো নতুন কৰ্ম সংস্কৃতিৰ এক উদাহৰণ”
“প্ৰতিটো অঞ্চলৰ সুষম উন্নয়ন আমাৰ এক বৃহৎ অগ্ৰাধিকাৰ”
“সেৱাৰ মনোভাৱে অঞ্চলটোৰ জনসাধাৰণক চিহ্নিত কৰে”
“মই প্ৰতিজন ছাত্ৰ-ছাত্ৰীক আশ্বাস দিছো যে আমাৰ চৰকাৰে তেওঁলোকৰ উজ্জ্বল ভৱিষ্যতৰ বাবে কোনো ক্ৰুটি নাৰাখে”
“মন কি বাত ভাৰতৰ জনসাধাৰণৰ প্ৰচেষ্টা আৰু ভাৰতৰ বিশেষত্বক উজ্জ্বল কৰি তুলিবলৈ এক অতি উত্তম মঞ্চত পৰিণত হৈছে”
“মই দমন, দিউ আৰু দাদৰা আৰু নগৰ হাভেলীক উপকূলীয় পৰ্যটনৰ এক উজ্জ্বল স্থান হিচাপে গণ্য কৰো”
“দেশখনে ‘তুষ্টিকৰণ’ৰ ওপৰত নহয়, ‘সন্তুষ্টিকৰণ’ বা সন্তুষ্টিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে”
“বিগত ৯ বছৰত অভাৱগ্ৰস্ত লোকৰ প্ৰয়োজনীয়তাক অগ্ৰাধিকাৰ দিয়াটো সুশাসনৰ প্ৰতীক হৈ পৰিছে”
“বিকশিত ভাৰতৰ সংকল্প আৰু সমৃদ্ধি ‘সবকা প্ৰয়াস’ৰ দ্বাৰা সাধন হ’ব”

আজি ছিলভাছা, দাদৰা আৰু নগৰ হাভেলীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৪৮৫০ কোটিতকৈ অধিক মূল্যৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি দেশলৈ উৎসৰ্গা কৰে। প্ৰকল্পসমূহৰ ভিতৰত আছে ছিলভাছাৰ NAMO মেডিকেল এডুকেচন এণ্ড ৰিচাৰ্চ ইনষ্টিটিউট মুকলি, আৰু চৰকাৰী বিদ্যালয়, দমনৰ চৰকাৰী অভিযান্ত্ৰিক মহাবিদ্যালয়, বিভিন্ন পথ সৌন্দৰ্য্যবৰ্ধন, শক্তিশালী আৰু বহল কৰা, মাছৰ বজাৰ, বজাৰ-সমাৰ আদি ৯৬টা প্ৰকল্পৰ উৎসৰ্গা আৰু আধাৰশিলা স্থাপন আদি। প্ৰধানমন্ত্ৰীয়ে ডিউ আৰু ছিলভাছাৰ পৰা পিএমএৱাই আৰ্বানৰ হিতাধিকাৰীসকলক ঘৰৰ চাবিও প্ৰদান কৰে।

ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে ছিলভাছাৰ NAMO মেডিকেল এডুকেচন এণ্ড ৰিচাৰ্চ ইনষ্টিটিউট পৰিদৰ্শন কৰে, য’ত তেওঁৰ সৈতে দাদৰ আৰু নগৰ হাভেলী, দমন আৰু দিউ আৰু লক্ষদ্বীপ কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰশাসক শ্ৰী প্ৰফুল্ল পেটেল উপস্থিত থাকে। তেওঁ প্ৰতিষ্ঠানখন উদ্বোধন কৰাৰ লগতে ভগৱান ধনন্তৰীৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অৰ্পণ কৰে। প্ৰধানমন্ত্ৰীয়ে কলেজ চৌহদৰ মডেল পৰিদৰ্শন কৰি একাডেমিক ব্লকৰ এনাটমী মিউজিয়াম আৰু ডিচেকচন ৰুমৰ মাজেৰে খোজ কাঢ়ি যায়। প্ৰধানমন্ত্ৰীয়ে কেন্দ্ৰীয় পুথিভঁৰালতো খোজকাঢ়ি দৰ্শনাৰ্থীৰ গ্ৰন্থত স্বাক্ষৰ কৰে। তেওঁ এম্ফিথিয়েটাৰৰ ফালে আগবাঢ়ে, য’ত তেওঁ নিৰ্মাণ কাৰ্যত জড়িত শ্ৰমিকৰ সৈতে মত বিনিময় কৰে।

সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে দমন, দিউ আৰু দাদৰা আৰু নগৰ হাভেলীৰ উন্নয়ন যাত্ৰাৰ সাক্ষী হোৱাত সুখ প্ৰকাশ কৰে। তেওঁ ছিলভাছাৰ ক্ৰমবৰ্ধমান বিশ্বজনীনতাবাদৰ কথা উল্লেখ কৰে কাৰণ ইয়াত দেশৰ প্ৰতিটো চুক-কোণে মানুহৰ বাসস্থান। পৰম্পৰা আৰু আধুনিকতা দুয়োটাৰে প্ৰতি জনসাধাৰণৰ প্ৰেমক লক্ষ্য কৰি তেওঁ কয় যে চৰকাৰে কেন্দ্ৰীয় শাসিত অঞ্চলৰ উন্নয়নৰ বাবে সম্পূৰ্ণ নিষ্ঠাৰে কাম কৰি আছে। তেওঁ কয় যে যোৱা কেইবছৰমানৰ পৰা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভৌতিক আৰু সামাজিক আন্তঃগাঁথনিৰ ক্ষেত্ৰত ৫৫০০ কোটি টকাৰ আবণ্টনৰে বহু কাম কৰা হৈছে। তেওঁ এল ই ডি পোহৰাই ৰখা ৰাস্তা, ঘৰে ঘৰে আৱৰ্জনা সংগ্ৰহ আৰু ১০০ শতাংশ আৱৰ্জনা প্ৰক্ৰিয়াকৰণৰ কথা উল্লেখ কৰে। লগতে কেন্দ্ৰীয় শাসিত অঞ্চলত উদ্যোগ আৰু কৰ্মসংস্থাপন বৃদ্ধিৰ মাধ্যম হিচাপে ৰাজ্যৰ নতুন ঔদ্যোগিক নীতিক প্ৰশংসা কৰে। “আজি ৫০০০ কোটি টকাৰ নতুন প্ৰকল্প আৰম্ভ কৰাৰ সুযোগ পাইছো”, তেওঁ কয়। এই প্ৰকল্পসমূহ স্বাস্থ্য, গৃহ নিৰ্মাণ, পৰ্যটন, শিক্ষা আৰু নগৰ উন্নয়নৰ সৈতে জড়িত। তেওঁ লগতে কয়, ‘এই সুবিধাসমূহে জীৱন-যাপনৰ সহজতা, পৰ্যটন, পৰিবহণ আৰু ব্যৱসায়ৰ উন্নতি সাধন কৰিব।

আজিৰ প্ৰকল্পসমূহৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে আনন্দ প্ৰকাশ কৰে যে তেওঁ নিজেই ইয়াৰে কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিছিল। তেওঁ এই কথাত আক্ষেপ প্ৰকাশ কৰে যে বৃহৎ সময়ৰ বাবে দেশৰ উন্নয়নৰ বাবে চৰকাৰী প্ৰকল্পসমূহ হয় আবদ্ধ হৈ থাকে, পৰিত্যক্ত হৈ থাকে নহয় বিপথে পৰিচালিত হয়, কেতিয়াবা আনকি আধাৰশিলাটোও ধ্বংসাৱশেষলৈ পৰিণত হয় আৰু প্ৰকল্পসমূহ আধৰুৱা হৈ থাকে। কিন্তু যোৱা ৯ বছৰত প্ৰধানমন্ত্ৰীয়ে জোৰ দি কয় যে নতুন কৰ্মশৈলী গঢ় লৈ উঠিছে আৰু কৰ্ম সংস্কৃতিৰ প্ৰৱৰ্তন হৈছে। তেওঁ আঙুলিয়াই দিয়ে যে বৰ্তমানৰ চৰকাৰে প্ৰকল্পসমূহ সময়মতে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰে, আৰু সম্পূৰ্ণ হোৱাৰ লগে লগে অন্যান্য উন্নয়নমূলক কামলৈও আগবাঢ়ি যায়। আজিৰ প্ৰকল্পসমূহ এই কৰ্ম সংস্কৃতিৰ নিদৰ্শন বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে উন্নয়নমূলক কামৰ বাবে সকলোকে অভিনন্দন জনায়।

প্ৰধানমন্ত্ৰীয়ে পুনৰ কয় যে কেন্দ্ৰীয় চৰকাৰে "সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস আৰু সবকা প্ৰয়াস" মন্ত্ৰেৰে আগবাঢ়িছে। প্ৰতিটো অঞ্চলৰ সন্তুলিত বিকাশ চৰকাৰৰ প্ৰধান অগ্ৰাধিকাৰ। প্ৰধানমন্ত্ৰীয়ে দীৰ্ঘদিন ধৰি চলি অহা উন্নয়নক ভোট বেংকৰ ৰাজনীতিৰ দৃষ্টিৰে চোৱাৰ প্ৰৱণতাক সমালোচনা কৰে। ইয়াৰ ফলত জনজাতীয় আৰু সীমান্ত অঞ্চলবাসী বঞ্চিত হৈছিল। মাছমৰীয়াসকলক তেওঁলোকৰ ভাগ্যৰ ওপৰত এৰি দিয়া হৈছিল আৰু দমন, দিউ আৰু দাদৰা আৰু নগৰ হাভেলীয়ে ইয়াৰ বাবে যথেষ্ট মূল্য পৰিশোধ কৰিছিল বুলি প্ৰধানমন্ত্ৰীয়ে কয়।

প্ৰধানমন্ত্ৰীয়ে এই কথাটোলৈ দৃষ্টি আকৰ্ষণ কৰে যে স্বাধীনতাৰ দশক দশক পিছতো দমন, দিউ, আৰু দাদৰা আৰু নগৰ হাভেলী অঞ্চলত এখনো চিকিৎসা মহাবিদ্যালয় নথকাৰ বাবে যুৱক-যুৱতীসকলে চিকিৎসক হ’বলৈ দেশৰ আন অঞ্চললৈ যাত্ৰা কৰিবলগীয়া হৈছিল। তেওঁ আঙুলিয়াই দিয়ে যে আদিবাসী সম্প্ৰদায়ৰ যুৱক-যুৱতীয়ে এনে সুযোগ পোৱাৰ সংখ্যা শূন্যৰ কাষত থকাৰ বিপৰীতে দশক দশক ধৰি দেশক শাসন কৰাসকলে এই অঞ্চলৰ জনসাধাৰণৰ ইচ্ছা আৰু আকাংক্ষাৰ প্ৰতি কোনো গুৰুত্ব নিদিলে। প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰি কয় যে ২০১৪ চনৰ পিছত ক্ষমতালৈ অহা বৰ্তমানৰ চৰকাৰখনৰ সেৱামুখী দৃষ্টিভংগী আৰু নিষ্ঠাৰ বাবেহে দমন, দিউ, দাদৰা আৰু নগৰ হাভেলীয়ে প্ৰথমটো ৰাষ্ট্ৰীয় শৈক্ষিক চিকিৎসা সংস্থা বা ‘নামো’ চিকিৎসা মহাবিদ্যালয় লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াত অঞ্চলটোৰ প্ৰায় ১৫০জন যুৱকে চিকিৎসা বিজ্ঞান অধ্যয়নৰ সুযোগ পাব”, প্ৰধানমন্ত্ৰীয়ে অদূৰ ভৱিষ্যতে অঞ্চলটোৰ পৰা প্ৰায় ১০০০ চিকিৎসক সৃষ্টি কৰা হ’ব বুলি জনোৱাৰ সময়তে এইদৰে কয়। প্ৰধানমন্ত্ৰীয়ে প্ৰথম বৰ্ষত চিকিৎসা বিজ্ঞানৰ শিক্ষা গ্ৰহণ কৰা এগৰাকী ছোৱালীৰ বাতৰিৰ কথাও উল্লেখ কৰে যিয়ে কৈছিল যে তেওঁ কেৱল পৰিয়ালতে নহয়, সমগ্ৰ গাঁওখনতে প্ৰথমে এই কাম কৰে।

প্ৰধানমন্ত্ৰীয়ে কয় যে সেৱাৰ অনুভূতিয়ে অঞ্চলটোৰ লোকসকলক চিহ্নিত কৰে আৰু মহামাৰীৰ সময়ত স্থানীয় চিকিৎসা বিদ্যাৰ্থীসকলে প্ৰদান কৰা সক্ৰিয় সহায়ৰ কথা স্মৰণ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁ মন কি বাতত স্থানীয় ছাত্ৰজনৰ ভিলেজ এডপচন কাৰ্যসূচীৰ কথা উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে চিকিৎসা মহাবিদ্যালয়খনে স্থানীয় চিকিৎসা সুবিধাসমূহৰ ওপৰত চাপ হ্ৰাস কৰিব। "এখন নতুন ৩০০ বিচনাযুক্ত চিকিৎসালয় নিৰ্মাণাধীন আৰু এখন নতুন আয়ুৰ্বেদিক চিকিৎসালয়ৰ বাবে অনুমতি দিয়া হৈছে", তেওঁ লগতে কয়।

প্ৰধানমন্ত্ৰীয়ে গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে থকা দিনবোৰৰ কথা স্মৰণ কৰি কয় যে তেওঁ জনজাতীয় অঞ্চলৰ বিদ্যালয়সমূহত বিজ্ঞান শিক্ষা আৰম্ভ কৰিছিল। তেওঁ শিক্ষাৰ বিষয়টো মাতৃভাষাত নথকাৰ বিষয়টোও সম্বোধন কৰিছিল। "এতিয়া আনকি চিকিৎসা আৰু অভিযান্ত্ৰিক শিক্ষাৰ বিকল্প স্থানীয় ভাষাত উপলব্ধ যি স্থানীয় শিক্ষাৰ্থীসকলক যথেষ্ট সহায় কৰিব", তেওঁ কয়।

ভাষণৰ সামৰণিত প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে যে দেশখনে ‘তুষ্টিকৰণ’ৰ ওপৰত নহয় বৰঞ্চ ‘সন্তুষ্টিকৰণ’ বা সন্তুষ্টিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। “বিগত ৯ বছৰত অভাৱগ্ৰস্ত লোকৰ প্ৰয়োজনীয়তাক অগ্ৰাধিকাৰ দিয়াটো সুশাসনৰ প্ৰতীক হৈ পৰিছে”, প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰি কয় যে কেন্দ্ৰীয় চৰকাৰে সমাজৰ প্ৰতিটো বঞ্চিত শ্ৰেণী আৰু প্ৰতিজন বঞ্চিত লোকক সুবিধা প্ৰদানৰ বাবে দ্ৰুত গতিত কাম কৰি আছে। চৰকাৰে নাগৰিকৰ দুৱাৰমুখৰ কাষ চাপিলেই দুৰ্নীতি আৰু বৈষম্য নাইকিয়া হয় আৰু আঁচনিৰ পৰিপূৰ্ণতা লাভ কৰে। শ্ৰী মোদীয়ে আনন্দ প্ৰকাশ কৰে যে দমন, ডিউ, দাদৰা আৰু নগৰ হাভেলী কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন আঁচনিৰ দ্বাৰা পৰিপূৰ্ণ হৈ উঠাৰ দিশত আগবাঢ়িছে। “বিকশিত ভাৰতৰ সংকল্প আৰু সমৃদ্ধি ‘সবকা প্ৰয়াস’ৰ দ্বাৰা সাধন হ’ব”, প্ৰধানমন্ত্ৰীয়ে এইদৰে কৈ ভাষণৰ সামৰণি মাৰে।

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
HMSI to accelerate 'Make in India for the world' strategy: Otani

Media Coverage

HMSI to accelerate 'Make in India for the world' strategy: Otani
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister greets everyone on the occasion of Ashadhi Ekadashi
July 25, 2026

Prime Minister Shri Narendra Modi today conveyed his greetings on the sacred occasion of Ashadhi Ekadashi. He noted that this auspicious day is about the eternal message of devotion and compassion.

Shri Modi prayed that Bhagwan Vitthal’s blessings bring joy, harmony and prosperity, and guide everyone towards a better society. The Prime Minister also wished that He may strengthen our resolve to serve and work tirelessly for the welfare and dignity of every person.

In a series of posts on X, the Prime Minister shared: 

"Greetings on the sacred occasion of Ashadhi Ekadashi. This auspicious day is about the eternal message of devotion and compassion. May Bhagwan Vitthal’s blessings bring joy, harmony and prosperity and guide us towards a better society. May He strengthen our resolve to serve and work tirelessly for the welfare and dignity of every person."

"आषाढी एकादशीच्या पवित्र पर्वानिमित्त हार्दिक शुभेच्छा. हा मंगलमय दिवस भक्ती, करुणा आणि सामाजिक सलोख्याचा चिरंतन संदेश देणारा आहे. भगवान विठ्ठलाचे आशीर्वाद आपल्या सर्वांच्या आयुष्यात आनंद, सलोखा आणि समृद्धी घेऊन येवो, हीच कामना. समाजातील प्रत्येक व्यक्तीच्या कल्याणासाठी आणि सन्मानासाठी अविरत कार्य करण्याचा आपला संकल्प अधिक दृढ होवो, हीच विठ्ठल चरणी प्रार्थना."