ভাৰতবৰ্ষই স্বাধীনতা সংগ্ৰামীসকলক কেতিয়াও নাপাহৰে: প্ৰধানমন্ত্ৰী
বিগত ৬ বছৰ ধৰি অজানা নায়কসকলৰ ইতিহাস সংৰক্ষণৰ উদ্যোগ গ্ৰহণ কৰা হৈছে: প্ৰধানমন্ত্ৰী
আমি আমাৰ সংবিধান আৰু আমাৰ গণতান্ত্ৰিক ঐতিহ্যক লৈ গৰ্বিত: প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘আজাদী কা অমৃত মহোৎসৱ’ ইণ্ডিয়া@৭৫ ৰ আনুষ্ঠানিক উদ্বোধন উপলক্ষে আহমেদাবাদৰ সবৰমতী আশ্ৰমৰ পৰা পদযাত্ৰা আৰম্ভ কৰিছে। তেওঁ স্বাধীনতাৰ ৭৫ বছৰ পূৰ্তি উপলক্ষ্যে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান আৰু ডিজিটেল পদ্ধতিত ইতিহাস স্মৰণ কৰাৰ বিভিন্ন উদ্যোগৰো সূচনা কৰে। গুজৰাটৰ ৰাজ্যপাল শ্ৰী আচাৰ্য দেৱব্ৰত, সাংস্কৃতিক দপ্তৰৰ স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী প্ৰহ্লাদ সিং পেটেল আৰু গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী বিজয় ৰূপানীও এই অনুষ্ঠানত উপস্থিত আছিল।

ভাৰতৰ স্বাধীনতাৰ ৭৫ তম বৰ্ষপূৰ্তি উপলক্ষে কেন্দ্ৰই ‘আজাদী কা অমৃত মহোৎসৱ’ৰ আয়োজন কৰিছে। এই মহোৎসৱ ৰাইজৰ অংশগ্ৰহণৰ চিন্তাধাৰাৰে ৰাইজৰ-উৎসৱত পৰিণত হ’ব।

সবৰমতী আশ্ৰমত এই উপলক্ষে আয়োজিত অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে কয়, ২০২২ চনৰ ১৫ আগষ্টৰ ৭৫ সপ্তাহ পূৰ্বে এই উৎসৱ আৰম্ভ হৈছে, আৰু এয়া অহা ২০২৩ চনৰ ১৫ আগষ্ট পৰ্যন্ত চলিব। তেওঁ মহাত্মা গান্ধী আৰু স্বাধীনতা সংগ্ৰামত যিসকল মহান ব্যক্তিত্বয়ে আত্মোৎসৰ্গা কৰি থৈ গ’ল, তেওঁলোকৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে।

প্ৰধানমন্ত্ৰীয়ে কয়, স্বাধীনতা সংগ্ৰাম, ৭৫ বছৰৰ ধাৰণা, ৭৫ বছৰৰ অৰ্জন, ৭৫ ত কি কি কৰা হ’ব আৰু ৭৫ ৰ বাবে সিদ্ধান্ত- এই ৫ টা স্তম্ভৰ ওপৰত ভিত্তি কৰি আমি আগুৱাই যাব লাগিব - যাতে স্বাধীনতা সংগ্ৰামীসকলৰ স্বপ্ন পূৰণ হয় আৰু তেওঁলোকৰ অনুপ্ৰেৰণাত আমি আমাৰ কৰ্তব্য পালন কৰিব পাৰিম।

প্ৰধানমন্ত্ৰীয়ে কয়, আজাদীৰ অমৃত মহোৎসৱৰ অৰ্থ হ’ল স্বাধীনতাৰ শক্তিৰ অমৃত। অৰ্থাৎ স্বাধীনতা সংগ্ৰামীসকলৰ অনুপ্ৰেৰণাৰ অমৃত, নতুন ধাৰণাৰ অমৃত আৰু আত্মনিৰ্ভৰতাৰ বাবে শপত গ্ৰহণ। এয়াই হ’ল এই মহোৎসৱৰ মূল উদ্দেশ্য।

নিমখৰ প্ৰসঙ্গ উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, মূল্যৰ কাৰণে কেতিয়াও নিমখক গুৰুত্ব দিয়া হোৱা নাই। ভাৰতীয়সকলৰ বাবে নিমখ সততা, বিশ্বাস, আনুগত্য, শ্ৰম, সাম্য আৰু আত্মনিৰ্ভৰশীলতাৰ প্ৰতীক। ভাৰতৰ মূল্যবোধৰ সমান্তৰালকৈ ব্ৰিটিছসকলে সেইসময়ত আত্মনিৰ্ভৰশীলতাতো আঘাত হানিছিল। ভাৰতীয় জনসাধাৰণে ইংলেণ্ডৰ পৰা অহা নিমখৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছিল। গান্ধীজীয়ে জনসাধাৰণৰ এই দীৰ্ঘদিনৰ সমস্যা বুজিব পাৰিছিল। দেশৰ জনসাধাৰণৰ আবেগ উপলব্ধি কৰি তাক আন্দোলনত পৰিণত কৰিছিল।

১৮৫৭ চনত ভাৰতৰ প্ৰথম স্বাধীনতা যুদ্ধৰ দৰে স্বাধীনতা সংগ্ৰামৰ গুৰুত্বপূৰ্ণ অধ্যায়ৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে, মহাত্মা গান্ধীয়ে বিদেশৰ পৰা উভতি অহা, সত্যাগ্ৰহৰ ক্ষমতা, লোকমান্য বাল গংগাধৰ তিলকৰ পূৰ্ণ স্বৰাজৰ আহ্বান, নেতাজী সুভাষ চন্দ্ৰ বসুৰ নেতৃত্বত আজাদ হিন্দ ফৌজৰ দিল্লী অভিমুখে যাত্ৰা আৰু বিখ্যাত শ্লোগান ‘দিল্লী চলো’ৰ কথা উল্লেখ কৰে। তেওঁ আৰু কয়, স্বাধীনতা সংগ্ৰামৰ বিষয়ে নিৰলসভাৱে সচেতনতাৰ বাবে প্ৰত্যেক স্থানতে প্ৰতিটো ধৰ্মতে আমাৰ আচাৰ্য, সাধু, সন্ন্যাসী আৰু শিক্ষকসকলে পথ দেখুৱাই আহিছে। দেশজুৰি স্বাধীনতা সংগ্ৰামৰ বাবে ভক্তি আন্দোলন সাজু কৰিছিল। শ্ৰীমদ শঙ্কৰদেৱে দেশজুৰি স্বাধীনতা সংগ্ৰামৰ বাবে উপযুক্ত পৰিৱেশ প্ৰস্তুত কৰিছিল। একেদৰে দেশৰ সৰ্বত্ৰে সাধু সন্ন্যাসীসকলে স্বাধীনতা সংগ্ৰামৰ বিষয়ে সকলোকে সচেতন কৰি তুলিছিল। বহু দলিত, জনজাতীয় লোক, মহিলা আৰু যুৱক-যুৱতীসকলে স্বাধীনতাৰ বাবে আত্মোৎসৰ্গা কৰিছে। কড়ি কথা কুমাৰণৰ দৰে ৩২ বছৰীয়া তামিলনাড়ুৰ সেইগৰাকী যুৱকৰ প্ৰসঙ্গ উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, ব্ৰিটিছে তেওঁৰ মূৰত গুলী চলালেও তেওঁ দেশৰ পতাকাক মাটিত পৰি যাবলৈ দিয়া নাছিল। প্ৰথম মহাৰাণী হিচাপে ব্ৰিটিছৰ বিৰুদ্ধে সংগ্ৰাম কৰিছিল ভেলু নাচিয়েৰে। প্ৰধানমন্ত্ৰীয়ে এনেদৰে ভালেকেইগৰাকী অজানা নায়কৰ আত্মবলিদানৰ কথা উল্লেখ কৰে।

শ্ৰী মোদীয়ে আমাৰ দেশৰ জনজাতীয় সমাজৰ সংগ্ৰামৰ কথা তেওঁৰ ভাষণত উত্থাপন কৰে। বিদেশী শাসকসকলৰ অপসাৰণৰ বাবে তেওঁ তেওঁৰ শৌৰ্য্য আৰু সাহসৰ পৰিচয় দিয়ে। ঝাড়খণ্ডৰ বীৰছা মুণ্ডাই ব্ৰিটিছক চেলেঞ্জ কৰি কৈছিল, মুৰ্মু ভাইহঁতেও চাওতাল আন্দোলনৰ নেতৃত্ব দিছিল। ওড়িশাত ব্ৰিটিছসকলৰ বিৰুদ্ধে চক্ৰ বিষয়ীয়ে যুদ্ধ কৰিছিল। গান্ধী আদৰ্শত লক্ষ্মণ নায়কে জনসাধাৰণৰ মাজত সচেতনতা গঢ়ি তুলিছিল। অন্ধ্ৰপ্ৰদেশৰ মানুয়াম বিৰুধু আল্লুৰি ছিৰাৰাম ৰাজুৰ দৰে অজানা আদিবাসী নেতাসকলৰ কথাও উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, মিজোৰামৰ পাৰ্বত্য অঞ্চলতো ব্ৰিটিছসকলৰ বিৰুদ্ধে সংগ্ৰাম হৈছে। পসল্থ খুংচেৰাই তাৰ আন্দোলনত নেতৃত্ব দিছিল। অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ স্বাধীনতা সংগ্ৰামীসকলৰ প্ৰসঙ্গ উল্লেখ কৰি শ্ৰী মোদীয়ে কয়, গোমধৰ কোঁৱৰ, লচিত বৰফুকন আৰু টিৰত সিংৰ দেশৰ স্বাধীনতাত অৱদান অনস্বীকাৰ্য। গুজৰাটৰ জাম্বুঘোড়া নায়ক আদিবাসীসকলৰ আত্মবলিদান আৰু মনগদত শ শ আন্দোলনৰত আদিবাসীৰ হত্যাৰ কথা দেশে কেতিয়াও নাপাহৰে।

প্ৰধানমন্ত্ৰীয়ে কয়, বিগত ৬ বছৰ ধৰি দেশৰ প্ৰত্যেক ৰাজ্যৰ, প্ৰত্যেক অঞ্চলৰ এই ইতিহাসবোৰ সচেতনভাৱে সংৰক্ষণৰ উদ্যোগ গ্ৰহণ কৰা হৈছে। দুবছৰ পূৰ্বৰ দাণ্ডি যাত্ৰাৰ সৈতে সংশ্লিষ্ট অঞ্চলবোৰৰ সংস্কাৰ কৰা হৈছে। দেশৰ প্ৰথম স্বাধীন চৰকাৰ গঠন হোৱাৰ পিছত আন্দামানৰ যি স্থানত নেতাজী সুভাষ চন্দ্ৰ বসুৱে ত্ৰিবৰ্ণ ৰঞ্জিত পতাকা উত্তোলন কৰিছিল সেই স্থানৰো সংস্কাৰ কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে আৰু কয়, আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ নাম পৰিৱৰ্তন কৰি স্বাধীনতা সংগ্ৰাম আন্দোলনৰ সৈতে সামঞ্জস্য ৰাখি নতুন নাম দিয়া হৈছে। বাবা চাহেব ভীমৰাও আম্বেদকাৰৰ স্মৃতি বিজড়িত স্থানবোৰক লৈ পঞ্চতীৰ্থ নিৰ্মাণ কৰা হৈছে। জালিয়ানৱালাবাগ আৰু পাইক আন্দোলনৰ স্মাৰক ঠাইবোৰৰো সংস্কাৰ কৰা হৈছে।

প্ৰধানমন্ত্ৰীয়ে লগতে কয়, আমি কঠোৰ পৰিশ্ৰমৰ মাজেৰে দেশ-বিদেশত আমাৰ ক্ষমতা প্ৰমাণ কৰিছো। আমাৰ সংবিধান আৰু গণতান্ত্ৰিক ৰীতি-নীতিৰ বাবে আমি গৰ্বিত। গণতন্ত্ৰৰ জননী ভাৰতৰ গণতান্ত্ৰিক ব্যৱস্থাক শক্তিশালী কৰাৰ বাবে আগুৱাই চলিছে। ভাৰতৰ সাফল্যই সমগ্ৰ মানৱ জাতিৰ বাবেই আশাৰ সঞ্চাৰ কৰিছে। ভাৰতৰ উন্নয়নৰ পথত আগবাঢ়ি যোৱাটো আত্মনিৰ্ভৰতাৰে পৰিপূৰ্ণ। এইদেশৰ উন্নয়নৰ যাত্ৰাই সমগ্ৰ বিশ্বৰ উন্নয়নক ত্বৰান্বিত কৰিব।

আমাৰ স্বাধীনতা সংগ্ৰামীসকলৰ ইতিহাস সম্বলিত তথ্যবোৰ সংৰক্ষণৰ বাবে প্ৰধানমন্ত্ৰীয়ে যুৱ সম্প্ৰদায় তথা বিজ্ঞজনৰ সহায় আহ্বান কৰিছে। সমগ্ৰ বিশ্বক এইদেশৰ স্বাধীনতা আন্দোলনৰ সাফল্যৰ ছবি তুলি ধৰাৰ বাবে তেওঁ অনুৰোধ কৰিছে। শিল্প, সাহিত্য, নাট, চলচ্চিত্ৰ আৰু ডিজিটেল বিনোদনৰ সৈতে যিসকল লোক জড়িত তেওঁলোকক অতীতৰ বিভিন্ন ঘটনাৱলী জনসাধাৰণৰ সমূখত উপস্থাপনৰ পৰামৰ্শও দিয়ে প্ৰধানমন্ত্ৰী মোদীয়ে।

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Modi, Macron discuss West Asia, stress navigation freedom in Hormuz

Media Coverage

Modi, Macron discuss West Asia, stress navigation freedom in Hormuz
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister pays tributes to former Prime Minister Chandra Shekhar on his birth anniversary
April 17, 2026

The Prime Minister, Shri Narendra Modi has paid tributes to former Prime Minister, Shri Chandra Shekhar on his birth anniversary.

The Prime Minister noted that this year marks the beginning of Chandra Shekhar Ji’s 100th birth anniversary and said it is an occasion to reiterate the commitment to realising his vision for a prosperous and just India.

Recalling his legacy, the Prime Minister said that Chandra Shekhar Ji is remembered as a mass leader blessed with courage, conviction and a deep commitment to democratic values. He highlighted that firmly rooted in the soil of India and sensitive to the aspirations of ordinary citizens, Chandra Shekhar Ji brought simplicity and clarity to public life.

The Prime Minister also recalled the instances when he had the opportunity to meet Chandra Shekhar Ji and exchange perspectives for the development of the nation.

The Prime Minister called upon the youth of India to read more about the thoughts and efforts of Chandra Shekhar Ji towards India’s progress.

In a X post, Shri Modi said;

“Tributes to former Prime Minister Chandra Shekhar Ji on his birth anniversary. This year marks the start of his 100th birth anniversary and is a time to reiterate our commitment to realising his vision for a prosperous and just India. Chandra Shekhar Ji is remembered as a mass leader blessed with courage, conviction and a deep commitment to democratic values. Firmly rooted in the soil of India and sensitive to the aspirations of ordinary citizens, he brought simplicity and clarity to public life. I recall the instances when I had the opportunity to meet him and exchange perspectives for the development of our nation. I call upon the youth of India to read more about his thoughts and efforts towards India’s progress.”