দশম আৰু দ্বাদশ শ্ৰেণীৰ ব’ৰ্ড পৰীক্ষা চমু চাপি অহাৰ লগে লগে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পুনৰবাৰ বহু প্ৰত্যাশিত বাৰ্ষিক কাৰ্যসূচী পৰীক্ষা পে চৰ্চাত ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু শিক্ষকৰ সৈতে মত বিনিময় কৰিব।
প্ৰধানমন্ত্ৰীয়ে দেশৰ #এক্সাম ৱাৰিৱৰসকলক তেওঁলোকৰ প্ৰশ্ন, ধাৰণা আৰু অভিজ্ঞতা ভাগ-বতৰা কৰিবলৈ আমন্ত্ৰণ জনাইছে, যিবোৰে আনক অনুপ্ৰাণিত কৰিব পাৰে।
এক্সৰ এটা পোষ্টত শ্ৰী মোদীয়ে কয়-
“দশম আৰু দ্বাদশ শ্ৰেণীৰ ব’ৰ্ড পৰীক্ষাৰ সময় ওচৰ চাপিছে আৰু এইবাৰৰ #পৰীক্ষা পে চৰ্চাও!
পৰীক্ষাৰ বিভিন্ন দিশত ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু শিক্ষকৰ সৈতে মত বিনিময় কৰিবলৈ আগ্ৰহী, বিশেষকৈ পৰীক্ষাৰ মানসিক চাপ দূৰ কৰাৰ উপায়, শান্ত, আত্মবিশ্বাসী হৈ থাকি হাঁহি হাঁহি পৰীক্ষাত উপস্থিত থকাৰ উপায়ৰ বিষয়ে ।
মই #এক্সাম ৱাৰিৱৰসকলৰ পৰা শুনিব বিচাৰো , সেয়া তেওঁলোকৰ প্ৰশ্নই হওক বা তেওঁলোকৰ অভিজ্ঞতাই হওক, যিয়ে আনক প্ৰেৰণা যোগাব পাৰে...
https://innovateindia1.mygov.in/“
The Class X and XII Board Exams are approaching and so is this year’s #ParikshaPeCharcha!
— Narendra Modi (@narendramodi) January 7, 2026
Looking forward to interacting with students, parents and teachers on different aspects of exams, most notably ways to overcome exam stress, remaining calm, confident and appearing for…


