প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ভিডিঅ' কনফাৰেন্সিং-ৰ মাধ্যমত দেশত টীকা প্রস্তুতকাৰকসকলৰ সৈতে বৈঠক কৰে। টীকা প্রস্তুতকাৰকসকলৰ সাফল্য আৰু পেশাদাৰিত্বৰ প্রশংসা কৰি শ্রী মোদীয়ে কয়, 'আমাৰ টীকা শিল্পৰ বৃহত্তম শক্তি হ'ল – সামর্থ, সংশোধন আৰু সেৱা ভাব। ইয়াৰ ফলত, সিবিলাকে বিশ্বত টীকা উৎপাদনত অগ্রণী ভূমিকা পালন কৰিছে।'

 

আমাৰ টীকা প্রস্তুতকাৰকসকলৰ ক্ষমতা সম্পর্কে ক'বলৈ গৈ শ্রী মোদীয়ে কয়, 'চৰকাৰ তেওঁলোকৰ প্রতি আস্থাশীল, আৰু সেয়ে পহিলা মে'ত প্রত্যেক সাবালক নাগৰিকে কোভিডৰ টীকা পাব। আমাৰ জনসাধাৰণে যাতে খুব কম সময়ৰ ভিতৰত টীকা পায়, তাৰ বাবে প্রধানমন্ত্রীয়ে টীকা প্রস্তুতকাৰকসকলক উৎপাদন ক্ষমতা বঢ়াবলৈ অনুৰোধ কৰিছে। নতুন টীকা উদ্ভাবনত আমাৰ বৈজ্ঞানিকসকলৰ উদ্যোগ আৰু পৰীক্ষা-নিৰীক্ষাৰ তেওঁ প্রশংসা কৰে।

 

ৰেকর্ড সময়ত টীকা উদ্ভাবন আৰু উৎপাদন কৰাৰ কৃতিত্ব তেওঁলোকৰ। শ্রী মোদীয়ে কয়, 'ইয়াৰ ফলত ভাৰতত যি টীকা তৈয়াৰ হৈছে সেয়া সবাতোকৈ সস্তা। বিশ্বৰ বৃহত্তম টীকাকৰণ কর্মসূচী বর্তমান ভাৰতত বাস্তবায়িত হৈছে।'

 

টীকা উদ্ভাবন আৰু উৎপাদনৰ এই প্রক্রিয়াৰ কথা উল্লেখ কৰি প্রধানমন্ত্রীয়ে কয়, ‘মিছন কোভিড সুৰক্ষা’-ৰ আওতাত দেশত চৰকাৰী-বেচৰকাৰী অংশিদাৰিত্বত কাম কৰা হৈছে। সমস্ত টীকা প্রস্তুতকাৰকসকলে যাতে সকলো ধৰণৰ সহযোগিতা পায়, চৰকাৰে তাক নিশ্চিত কৰিছে। টীকাৰ অনুমোদন দ্রুততাৰে বিজ্ঞানসম্মতভাবে কৰা হৈছে। যিবোৰ টীকা পৰীক্ষা-নিৰীক্ষাৰ স্তৰত আছে, সেইবোৰৰ উদ্ভাবকসকলক সকলো ধৰণৰ সহযোগিতা আৰু অনুমোদন দিয়াৰ বিষয়ত প্রধানমন্ত্রীয়ে নিশ্চয়তা দিয়ে।

 

কোভিড-১৯-ৰ বিৰুদ্ধে যুঁজত দেশৰ বেচৰকাৰী ক্ষেত্রই স্বাস্থ্য পৰিকাঠামোক যথেষ্ট সাহায্য কৰিছে। অনাগত দিনত টীকাকৰণ অভিযানত বেচৰকাৰী উদ্যোগে আৰু সক্রিয় ভূমিকা ল'ব। ইয়াৰ বাবে হাস্পতাল আৰু শিল্প সংস্থাৰ মাজত অধিক উন্নত সমন্বয়ৰ প্রয়োজন।

 

টীকা প্রস্তুতকাৰকসকলে ১৮ বছৰৰ বেছি বয়সীয়াসকলক টীকা দিয়াৰ সিদ্ধান্তত আৰু চৰকাৰৰ পৰা যি সমস্ত উৎসাহব্যঞ্জক উদ্যোগ লোৱা হৈছে, তাৰ বাবে প্রধানমন্ত্রীক ধন্যবাদ জনাইছে। টীকা উদ্ভাবন আৰু উৎপাদনৰ সম্পূৰ্ণ প্রক্রিয়াত প্রধানমন্ত্রীৰ নেতৃত্বত কেন্দ্রই যি সহযোগিতা কৰিছে, তেওঁলোকে তাৰো প্রশংসা কৰিছে। টীকাৰ উৎপাদন বঢ়োৱা আৰু নতুন টীকাক লৈ গৱেষণাৰ বিষয়ত তেওঁলোকৰ পৰিকল্পনাক লৈও বৈঠকত আলোচনা হয়।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
7 hyper local foods that PM Modi made popular via speeches, social media and Mann ki Baat

Media Coverage

7 hyper local foods that PM Modi made popular via speeches, social media and Mann ki Baat
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 9 মাৰ্চ 2026
March 09, 2026

Transformative India: From Record Pharma & Auto Growth to Lakhpati Didis and Viksit Bharat Under the Leadership of PM Modi