বহনক্ষম কৃষি পদ্ধতিসমূহে সমগ্ৰ দেশৰ কৃষকসকলৰ বাবে আদৰ্শ হিচাপে কাম কৰিব পাৰেঃ প্ৰধানমন্ত্ৰী
মাহজাতীয় শস্যৰ খেতিয়ে কেৱল কৃষকৰ উপাৰ্জন বৃদ্ধি কৰাই নহয়, দেশৰ পুষ্টিগত সুৰক্ষাতো অৰিহণা যোগায়ঃ প্ৰধানমন্ত্ৰী
য'ত পানীৰ অভাৱ, তাত বজ্ৰা হৈছে জীৱনৰেখা, বজ্ৰাৰ বাবে বিশ্বৰ বজাৰ দ্ৰুতগতিত ত্বৰান্বিত হৈছেঃ প্ৰধানমন্ত্ৰী
প্ৰধানমন্ত্ৰীয়ে উৎপাদন বৃদ্ধি, ব্যয় হ্ৰাস আৰু বজাৰলৈ উন্নত প্ৰৱেশাধিকাৰ লাভ কৰিবলৈ উচ্চ মূল্যৰ শস্য বাছনি কৰাৰ ওপৰত গুৰুত্ব দি সামূহিক কৃষিৰ ধাৰণাক উৎসাহিত কৰে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানত এক কৃষি কাৰ্যসূচীত কৃষকসকলৰ সৈতে মত বিনিময় কৰে। এই কাৰ্যসূচীয়ে কৃষক কল্যাণ, কৃষি আত্মনিৰ্ভৰশীলতা আৰু গ্ৰাম্য আন্তঃগাঁথনি শক্তিশালীকৰণৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ নিৰন্তৰ দায়বদ্ধতা প্ৰতিফলিত কৰে। কৃষি খণ্ডত ৩৫,৪৪০ কোটি টকা ব্যয়ৰ দুখন গুৰুত্বপূৰ্ণ আঁচনি মুকলিৰ ৰাজহুৱা অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে কৃষকসকলৰ সৈতে বাৰ্তালাপ কৰে। তেওঁ ২৪,০০০ কোটি টকা ব্যয়সাপেক্ষ প্ৰধানমন্ত্ৰী ধন ধন্য কৃষি যোজনাৰ শুভাৰম্ভ কৰে। ইয়াৰ উপৰি তেওঁ ১১,৪৪০ কোটি টকা ব্যয়সাপেক্ষ মাহজাতীয় শস্যত আত্মনিৰ্ভৰতা অভিযানৰ শুভাৰম্ভ কৰে। প্ৰধানমন্ত্ৰীয়ে প্ৰায় ৮১৫ কোটি টকাৰ অতিৰিক্ত প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে কৃষি, পশুপালন, মীন পালন আৰু খাদ্য প্ৰক্ৰিয়াকৰণ খণ্ডত ৫,৪৫০ কোটি টকাতকৈও অধিক মূল্যৰ প্ৰকল্প উদ্বোধন কৰাৰ লগতে কিছুসংখ্যক প্ৰকল্প ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে।

হাৰিয়ানাৰ হিছাৰ জিলাৰ কাবুলি চানা (বুট) খেতিৰে কৃষি যাত্ৰা আৰম্ভ কৰা এজন কৃষকে প্ৰধানমন্ত্ৰীৰ সৈতে তেওঁৰ অভিজ্ঞতা আৰু ভাৱধাৰা বিনিময় কৰে। চাৰি বছৰ পূৰ্বে কাবুলি চানা খেতি আৰম্ভ কৰা বুলি প্ৰকাশ কৰি বৰ্তমান কৃষকজনে প্ৰতি একৰ ভূমিত প্ৰায় ১০ কুইণ্টাল উৎপাদন লাভ কৰা বুলি উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে একে দৰা মাটিতে কেইবাবিধো শস্যৰ খেতি কৰা প্ৰথাৰ বিষয়ে জানিব বিচাৰে। বিশেষকৈ মাটিৰ উৰ্বৰতা বৃদ্ধি কৰিবলৈ তথা অতিৰিক্ত উপাৰ্জন কৰিবলৈ কৃষি প্ৰণালীত মাহজাতীয় শস্যসমূহক একত্ৰিত কৰাৰ বিষয়ে তেওঁ জানিব বিচাৰে।

 

ইয়াৰ প্ৰত্যুত্তৰত কৃষকজনে একে দৰা মাটিতে কেইবাবিধো শস্যৰ খেতি কৰাটো লাভজনক হিচাপে প্ৰমাণিত হোৱা বুলি দৃঢ়তাৰে কয়। বুটৰ দৰে মাহজাতীয় শস্য উৎপাদনৰ জৰিয়তে নিৰ্ভৰযোগ্য শস্য লাভ হোৱাৰ উপৰি মাটিত নাইট্ৰ’জেন সমৃদ্ধ হোৱাৰ ফলত পৰৱৰ্তী শস্যৰ উৎপাদন উন্নত হয় বুলি তেওঁ প্ৰকাশ কৰে। তেওঁ মাটিৰ স্বাস্থ্য বৰ্তাই ৰখা তথা উৰ্বৰতা পুনৰ ঘূৰাই পোৱাৰ উপায় হিচাপে সতীৰ্থ কৃষকসকলক এই বহনক্ষম অনুশীলনক আঁকোৱালি লবলৈ উৎসাহিত কৰা সন্দৰ্ভত গুৰুত্ব আৰোপ কৰে।

 

প্ৰধানমন্ত্ৰীয়ে এই প্ৰচেষ্টা আৰু উমৈহতীয়া দৃষ্টিভংগীক প্ৰশংসা কৰি কয় যে এই পদ্ধতিসমূহ সমগ্ৰ দেশৰ আন কৃষকসকলৰ বাবে আদৰ্শ হিচাপে পৰিগণিত হব পাৰে। কৃতজ্ঞতা প্ৰকাশ কৰি কৃষকজনে কয়, "মোৰ জীৱনত প্ৰথমবাৰৰ বাবে মই প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰাৰ সুযোগ পাইছো। তেওঁ সঁচাকৈয়ে এজন ভাল নেতা যি কৃষক আৰু সাধাৰণ নাগৰিকৰ সৈতে একেধৰণে সংযোগ স্থাপন কৰে।"

নিজকে কিষাণ পদক সংস্থান (কৃষক পদক সংস্থা)ৰ সৈতে জড়িত বুলি সদৰি কৰি কৃষকজনে কয় যে লগতে তেওঁ এগৰাকী অনুশীলনকাৰী চাৰ্টাৰ্ড একাউণ্টেণ্ট তথা এগৰাকী সক্ৰিয় কৃষক। ১৬ বিঘা পৰিয়ালৰ মাটিৰ সৈতে, তেওঁ মাহজাতীয় শস্যৰ খেতি অব্যাহত ৰাখিছে আৰু তেওঁৰ গাঁৱত ২০গৰাকী মহিলাৰ আত্মসহায়ক গোট সংগঠিত কৰি অধিক পদক্ষেপ লৈছে। এই গোটসমূহ বুটৰ পৰা প্ৰস্তুত কৰা সামগ্ৰী, নহৰু আৰু পৰম্পৰাগত পাপড় উৎপাদনৰ দৰে মূল্য সংযোজন কাৰ্যকলাপত নিয়োজিত হৈ থকাৰ ফলত মহিলা সবলীকৰণ আৰু গ্ৰাম্য উদ্যমিতা ত্বৰান্বিত হৈছে। "আমি আমাৰ ব্ৰেণ্ডৰ নাম আমাৰ গাওঁখনৰ নামেৰে 'দুগৰী ৱালে" ৰাখিছো, মহাশয়। আমি দুগৰী ৱালে বুট, নহৰু আৰু পাপড় বিক্ৰী কৰো। আনকি আমি জি. ই. এম. প'ৰ্টেলতো পঞ্জীয়ন কৰিছো। সেনা জোৱানসকলে আমাৰ সামগ্ৰীসমূহ তাৰ পৰাই ক্ৰয় কৰে", কৃষকজনে উল্লেখ কৰে। তেওঁলোকৰ সামগ্ৰীসমূহ কেৱল ৰাজস্থানতে বিক্ৰী হোৱাই নহয়, দেশৰ বিভিন্ন অঞ্চলৰ পৰা বৰ্ধিত চাহিদাৰ সৈতে সমগ্ৰ ভাৰততে আকৰ্ষণ লাভ কৰা বুলি তেওঁ উল্লেখ কৰে।

 

মত বিনিময় কাৰ্যসূচীত হাৰিয়ানাৰ হিছাৰ জিলাৰ আন এজন কৃষকে ২০১৩-১৪ ৰ পৰা কাবুলি চানা (বুট) খেতি কৰাৰ তেওঁৰ অভিজ্ঞতাৰ বিষয়ে প্ৰকাশ কৰে। মাত্ৰ এক একৰ ভূমিৰ পৰা আৰম্ভ কৰি, তেওঁ বিগত বছৰকেইটাত ১৩-১৪ একৰলৈ ভূমিৰ সম্প্ৰসাৰণ কৰিবলৈ সমৰ্থ হৈছে। গুণগত মানৰ বীজ বাছনি কৰা তথা ধাৰাবাহিকভাৱে উৎপাদন উন্নত কৰাকে তেওঁৰ সফলতাৰ কাৰণ বুলি তেওঁ প্ৰকাশ কৰে। "উল্লেখযোগ্যভাৱে আয় বৃদ্ধি হৈছে। প্ৰতি বছৰে আমি উন্নত মানৰ বীজ বাছনি কৰাৰ সমান্তৰালকৈ উৎপাদনশীলতা বৃদ্ধি পাইছে", কৃষকজনে কয়।

প্ৰধানমন্ত্ৰীয়ে বিশেষকৈ নিৰামিষাহাৰীসকলৰ বাবে মাহজাতীয় শস্যৰ পুষ্টিকৰ মূল্য সন্দৰ্ভত গুৰুত্ব আৰোপ কৰাৰ লগতে মাহজাতীয় শস্যৰ খেতিয়ে কৃষকৰ উপাৰ্জন বৃদ্ধি কৰাৰ উপৰি দেশৰ পুষ্টিকৰ সুৰক্ষাতো অৰিহণা যোগায় বুলি উল্লেখ কৰে। শ্ৰী মোদীয়ে সামূহিক কৃষিৰ ধাৰণাক উৎসাহিত কৰে। ইয়াৰ জৰিয়তে ক্ষুদ্ৰ আৰু প্রান্তীয় কৃষকসকলে সমন্বয়েৰে তেওঁলোকৰ ভূমি একত্ৰিত কৰাৰ লগতে উৎপাদন বৃদ্ধি, ব্যয় হ্ৰাস আৰু বজাৰলৈ উন্নত প্ৰৱেশাধিকাৰ লাভ কৰিবলৈ উচ্চ মূল্যৰ শস্য বাছনি কৰাত গুৰুত্ব দিব পাৰে।

এগৰাকী কৃষকে এই আৰ্হিৰ এক সফল উদাহৰণ দাঙি ধৰি কয় যে প্ৰায় ১২০০ একৰ ভূমিত এতিয়া জৈৱিক কাবুলি বুটৰ খেতি কৰা হৈছে, যাৰ ফলত বজাৰত উন্নত প্ৰৱেশাধিকাৰ আৰু সমগ্ৰ গোটৰ বাবে আয় উন্নত হৈছে।

 

বিশেষকৈ পানীৰ অভাৱ থকা অঞ্চলসমূহত বজ্ৰা (পাৰ্ল মিলেট) আৰু জোৱাৰৰ (জোৱাৰ) দৰে বজ্ৰা (শ্ৰী অন্ন)ৰ সংবৰ্ধনৰ বাবে চৰকাৰে কৰা প্ৰচেষ্টাৰ বিষয়েও প্ৰধানমন্ত্ৰীয়ে আলোচনা কৰে। বজ্ৰা খেতি অব্যাহত থকাৰ লগতে বৰ্ধিত বজাৰৰ চাহিদা আৰু স্বাস্থ্য সজাগতাৰ বাবেও বজ্ৰা জনপ্ৰিয় হৈ উঠা বুলি এগৰাকী কৃষকে নিশ্চিত কৰে। "য'ত পানীৰ অভাৱ, তাত বজ্ৰা হৈছে এক জীৱনৰেখা। বজ্ৰাৰ আন্তৰ্জাতিক বজাৰ দ্ৰুতগতিত বৃদ্ধি পাইছে", শ্ৰী মোদীয়ে কয়।

প্ৰাকৃতিক আৰু ৰাসায়নিক দ্ৰব্য মুক্ত কৃষি সন্দৰ্ভতো আলোচনা কৰে। বিশেষকৈ ক্ষুদ্ৰ কৃষকসকলৰ বাবে এনে পদ্ধতিসমূহৰ ব্যৱহাৰ ক্ৰমান্বয়ে আৰু ব্যৱহাৰিকভাৱে বাঢ়ি যোৱা উচিত বুলি প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰি কয়। তেওঁ এটা পৰ্য্যায়ক্ৰমে অগ্ৰগতি লাভ কৰা পদ্ধতিৰ পৰামৰ্শ দিয়েঃ মাটিৰ এটা অংশত প্ৰাকৃতিক কৃষি পৰীক্ষা কৰাৰ সমান্তৰালকৈ বাকী অংশত পৰম্পৰাগত পদ্ধতি অব্যাহত ৰখাৰ জৰিয়তে সময়ৰ লগে লগে আত্মবিশ্বাস গঢ়ি তোলা।

এটা আত্মসহায়ক গোটৰ এগৰাকী মহিলা কৃষকে ২০২৩ চনত তেওঁৰ তথা ৫ বিঘা মাটিত মুগ (সেউজীয়া বুট) খেতি আৰম্ভ কৰাৰ অভিজ্ঞতা বিনিময় কৰে। তেওঁ পিএম কিষাণ সন্মান নিধি আঁচনিখনৰ পৰা গুৰুত্বপূৰ্ণ সমৰ্থন লাভ কৰা বুলি উল্লেখ কৰে । ইয়াৰ জৰিয়তে তেওঁ বীজ ক্ৰয় পৰিচালনা আৰু ভূমি প্ৰস্তুতিত সমৰ্থন লাভ কৰে । "৬০০০ টকাৰ বাৰ্ষিক সমৰ্থন হৈ উঠিছে এক আশীৰ্বাদ। ইয়াৰ জৰিয়তে বীজ কিনা আৰু সময়মতে ৰোপণ কৰাত সহায় লাভ হয়", তেওঁ কয়। বুট, মচুৰ (মাহজাতীয় শস্য) আৰু গুৱাৰৰ দৰে মাহজাতীয় শস্য খেতি কৰা আন এজন কৃষকে কয় যে মাত্ৰ দুই একৰ মাটি থকাৰ পিছতো তেওঁ বিভিন্নতা আনিবলৈ সমৰ্থ হয় আৰু নিৰন্তৰভাৱে উপাৰ্জন কৰিব পাৰে, যিয়ে স্মাৰ্ট, ক্ষুদ্ৰ কৃষিৰ শক্তি প্ৰতিফলিত কৰে।

 

এগৰাকী কৃষকে ২০১০ চনত এখন হোটেলত ৰুম বয় হিচাপে কাম কৰাৰ পৰা ২৫০ তকৈও অধিক গিৰ গাইৰ সৈতে এটা গোশালাৰ (গৰু আশ্ৰয়) গৰাকী হোৱালৈকে তেওঁৰ উল্লেখযোগ্য যাত্ৰা প্ৰকাশ কৰে। তেওঁ পশুপালন মন্ত্ৰালয়ক ৫০ শতাংশ ৰাজসাহায্য প্ৰদান কৰাৰ বাবে কৃতিত্ব দিয়ে । ই তেওঁৰ বিকাশত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে বুলি তেওঁ প্ৰকাশ কৰে।

 

প্ৰধানমন্ত্ৰীয়ে এই পদক্ষেপৰ প্ৰশংসা কৰাৰ লগতে বাৰাণসীৰ একেধৰণৰ অভিজ্ঞতাৰ কথা বৰ্ণনা কৰে। তেওঁ কয় যে পৰিয়ালসমূহক প্ৰথম পোৱালিটো ঘূৰাই দিয়াৰ চৰ্তসাপেক্ষে এটাকৈ গিৰ গাই দিয়া হয়। তাৰ পাছত এই পোৱালীটো এক বহনক্ষম সামূহিক শৃংখল সৃষ্টি কৰি আন পৰিয়াললৈ প্ৰেৰণ কৰা হয়।

একাধিক অংশগ্ৰহণকাৰীয়ে প্ৰধানমন্ত্ৰী মৎস্য সম্পদ যোজনা (পিএমএমএছৱাই) ৰ জীৱন সলনি কৰা প্ৰভাৱৰ ওপৰত আলোকপাত কৰে। পিএইচ. ডি. ধাৰকৰ পৰা জলজ উদ্যমীলৈ পৰিণত হোৱা, চাকৰি অভিলাষীৰ পৰা চাকৰি প্ৰদানকাৰীলৈ পৰিৱৰ্তন হোৱা উত্তৰ প্ৰদেশৰ এগৰাকী লোকে উত্তৰাখণ্ডৰ সৰু সৰু গাঁৱৰ প্ৰায় ২৫ গৰাকী যুৱক-যুৱতীক নিযুক্তি দিয়ে। এজন কাশ্মীৰী যুৱকে এটা চৰকাৰী কাৰ্যসূচীত পিএমএমএছৱাইৰ বিষয়ে শিকাৰ পিছত জলকৃষি আৰম্ভ কৰিছিল। তেওঁ এতিয়া ১৪জন লোকক নিযুক্তি দিয়াৰ লগতে বছৰি ১৫ লাখ টকা লাভ উপাৰ্জন কৰে। উপকূলীয় ভাৰতৰ এগৰাকী মহিলা কৃষকে ১০০গৰাকী লোকক নিযুক্তি দি পিএমএমএছৱাইৰ অধীনত শীতল ভাণ্ডাৰ আৰু বৰফৰ সুবিধাসমূহে তেওঁৰ মীন ব্যৱসায় বৃদ্ধিত কেনেদৰে সহায় কৰিছিল সেই বিষয়ে অভিজ্ঞতা বিনিময় কৰে। আলংকাৰিক মাছ পালনৰ ক্ষেত্ৰত কাম কৰা আন এজন উদ্যোগীয়ে কয় যে পিএমএমএছৱাই সমগ্ৰ দেশৰ যুৱ কৃষি-ষ্টাৰ্টআপসমূহৰ বাবে এক আশাৰ কিৰণ হৈ উঠিছে। প্ৰধানমন্ত্ৰীয়ে জলকৃষিৰ বিশাল সম্ভাৱনাৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু অধিক যুৱক-যুৱতীক এই সুযোগ গ্ৰহণ কৰিবলৈ উৎসাহিত কৰে।

সখী সংস্থাৰ এগৰাকী প্ৰতিনিধিয়ে মাত্ৰ ২০ গৰাকী মহিলাৰ সৈতে এই আন্দোলন আৰম্ভ কৰাৰ পাছত সম্প্ৰতি দুগ্ধ খণ্ডত নিয়োজিত মহিলাৰ সংখ্যা ৯০,০০০লৈ বৃদ্ধি হোৱাৰ কথা উল্লেখ কৰে। "সামূহিক প্ৰচেষ্টাৰ জৰিয়তে ১৪,০০০ৰো অধিক মহিলা 'লাখপতি দিদি' হৈ উঠিছে বুলি প্ৰতিনিধিগৰাকীয়ে কয়। ইয়াৰ প্ৰত্যুত্তৰত প্ৰধানমন্ত্ৰীয়ে আত্মসহায়ক গোটৰ আৰ্হিক প্ৰশংসা কৰি কয়, "এয়া এক প্ৰকৃত চমৎকাৰ"।

 

ঝাৰখণ্ডৰ সৰাইকেলা জিলাৰ এজন উদ্যোগীয়ে ১২৫টা সুবিধাবঞ্চিত জনজাতীয় পৰিয়ালৰ জৰিয়তে অঞ্চলটোত সংহত জৈৱিক কৃষি আৰম্ভ কৰিছিল। "চাকৰি সন্ধানকাৰী নহয়, চাকৰি প্ৰদানকাৰী হোৱাৰ" বাবে প্ৰধানমন্ত্ৰীয়ে জনোৱা আহ্বানে তেওঁৰ লক্ষ্যক অনুপ্ৰাণিত কৰা বুলি তেওঁ সদৰি কৰে।

কেইবাগৰাকীও অংশগ্ৰহণকাৰীয়ে গভীৰ আৱেগিক কৃতজ্ঞতা প্ৰকাশ কৰে। এজন কৃষকে কয়, "প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰাটো এক প্ৰাকৃতিক আশীৰ্বাদৰ দৰে অনুভৱ হৈছিল। মোৰ এনেকুৱা অনুভৱ হোৱা নাছিল যে মই এজন নেতাৰ সৈতে কথা পাতি আছো। মোৰ নিজৰ পৰিয়ালৰ লোকৰ সৈতে কথা পাতি থকা যেন অনুভৱ হৈছিল।"

 

আন এজন কাশ্মীৰী যুৱকে বৰ্তমানৰ কৰ্ণধাৰসকলৰ নেতৃত্বত জম্মু-কাশ্মীৰৰ উন্নয়নমূলক পৰিৱৰ্তনক স্বীকাৰ কৰে। "মই নাভাবো যে আপোনাৰ চৰকাৰৰ অবিহনে এইবোৰৰ কোনোটোৱেই সম্ভৱ হ’লহেঁতেন", তেওঁ কয়।

এজন কৃষকে ২০১৪ চনত আমেৰিকা যুক্তৰাষ্ট্ৰত এক লাভজনক কেৰিয়াৰ এৰি ভাৰতলৈ উভতি অহা আৰু গ্ৰাম্য সম্প্ৰদায়সমূহক শক্তিশালী কৰাৰ বাবে তেওঁৰ যাত্ৰাৰ বিষয়ে উল্লেখ কৰে। মাত্ৰ ১০ একৰ মাটিৰ পৰা আৰম্ভ কৰি তেওঁ এতিয়া ৩০০ একৰতকৈও অধিক মাটিত খেতি-পথাৰ পৰিচালনা কৰে আৰু ১০,০০০তকৈও অধিক একৰ মাটিৰ বাবে বীজ উৎপাদন কৰে। মীন পালন আৰু জলকৃষি আন্তঃগাঁথনি উন্নয়ন পুঁজি (এফ. আই. ডি. এফ.)ৰ সহায়ত তেওঁ মাত্ৰ ৭ শতাংশ সুতত বিত্তীয় সাহায্য লাভ কৰিবলৈ সক্ষম হোৱাৰ ফলত ২০০ৰো অধিক লোকক নিযুক্তি দিয়াৰ জৰিয়তে নিজৰ কাৰ্য্যকলাপ বৃদ্ধি কৰিবলৈ সক্ষম হয়। "প্ৰধানমন্ত্ৰী মোদীক আমাৰ দিশে খোজ কাঢ়ি আহি থকা দেখিবলৈ পোৱাটো এটা সুন্দৰ মুহূৰ্ত আছিল", কৃষকজনে কয়।

 

গুজৰাটৰ আমৰেলী জিলাৰ ধাৰীৰ এফ. পি. অ’.-ৰ এগৰাকী প্ৰতিনিধিয়ে কয় যে তেওঁৰ ১,৭০০ জন কৃষকৰ সংগঠনে যোৱা চাৰি বছৰত ১,৫০০ একৰ ভূমিত কৃষি কৰি থকাৰ লগতে ২০ শতাংশ বাৰ্ষিক লভ্যাংশ প্ৰদান কৰি আছে। এফ. পি. অ’.-য়ে ২ কোটি টকাৰ বন্ধক-মুক্ত চৰকাৰী ঋণৰ জৰিয়তে লাভান্বিত কৰাৰ লগতে কাৰ্য্যকলাপৰ পৰিসৰ বৃদ্ধি কৰাত যথেষ্ট সহায় কৰিছিল।" আমাৰ হাতত একো নথকা সময়ত ভাৰত চৰকাৰৰ ঋণ গেৰাণ্টি আঁচনিখনে আমাক সমৰ্থতা প্ৰদান কৰিছিল", তেওঁ কয়।

১,০০০ৰো অধিক কৃষকৰ সৈতে ৰাজস্থানৰ জয়চালমেৰৰ এটা এফ. পি. অ’.-য়ে সংহত কীট ব্যৱস্থাপনা (আই. পি. এম.) কৌশল ব্যৱহাৰ কৰি জৈৱিক জিৰা আৰু ইছাবগোল (চাইলিয়াম হাছ) উৎপাদন কৰি আছে। গুজৰাটস্থিত ৰপ্তানিকাৰীসকলৰ জৰিয়তে উৎপাদিত সামগ্ৰীসমূহ ৰপ্তানি কৰা হয়। ইছাবগোলৰ পৰা প্ৰস্তুত কৰা আইচক্ৰীম অন্বেষণ কৰিবলৈ প্ৰধানমন্ত্ৰীৰ পৰামৰ্শই কৃষকসকলৰ মাজত সামগ্ৰী উদ্ভাৱনৰ বাবে তাৎক্ষণিক আগ্ৰহ জাগ্ৰত কৰিছিল।

 

বাৰাণসীৰ ওচৰৰ মিৰ্জাপুৰৰ এজন কৃষকে প্ৰক্ৰিয়াকৰণ, পেকেজিং আৰু ব্ৰেণ্ডিংকে ধৰি বজ্ৰাৰ ওপৰত তেওঁৰ কামৰ অভিজ্ঞতা প্ৰকাশ কৰিছিল। এক আনুষ্ঠানিক বুজাবুজি চুক্তিৰ অধীনত প্ৰতিৰক্ষা আৰু এনডিআৰএফৰ কৰ্মচাৰীসকলক তেওঁৰ সামগ্ৰীসমূহ যোগান ধৰা হৈছে, যাৰ ফলত পুষ্টিৰ মূল্য আৰু অৰ্থনৈতিক সুস্থিৰতা দুয়োটাই নিশ্চিত হৈছে।

কাশ্মীৰৰ এজন আপেল কৃষকে ৰেল সংযোগে কেনেদৰে আপেল পৰিবহণৰ ৰূপান্তৰ ঘটাইছে সেই বিষয়ে ভাগ বতৰা কৰিছিল। পৰম্পৰাগত পথপথৰ তুলনাত সময় আৰু ব্যয় হ্ৰাস কৰি ৬০,০০০ টনতকৈও অধিক ফল-মূল আৰু শাক-পাচলি পোনপটীয়াকৈ দিল্লী আৰু তাৰ বাহিৰলৈ পৰিবহণ কৰা হৈছে।

মধ্যপ্ৰদেশৰ জবলপুৰৰ এজন যুৱ উদ্যোগীয়ে তেওঁৰ এৰোপনিক আধাৰিত আলুৰ বীজ খেতি উপস্থাপন কৰিছিল, যত মাটি অবিহনে উলম্ব গাঁথনিত আলু খেতি কৰা হয়। প্ৰধানমন্ত্ৰীয়ে হাস্যৰসাত্মকভাৱে ইয়াক "জৈন আলু" বুলি অভিহিত কৰিছিল, কিয়নো এনে উৎপাদিত সামগ্ৰীবোৰ শিপাৰ শাক-পাচলি এৰাই চলা জৈনসকলৰ ধৰ্মীয় খাদ্যৰ সীমাবদ্ধতাৰ সৈতে সংগতি ৰাখিব পাৰে।

ৰাজস্থানৰ বাৰণ জিলাৰ এজন কৃষকে তেওঁৰ দলটোৱে কেনেদৰে পাউডাৰ আৰু পেষ্ট উৎপাদন কৰি নহৰুৰ মূল্য সংযোজনৰ ওপৰত কাম কৰি আছে, আৰু এতিয়া ৰপ্তানি অনুজ্ঞাপত্ৰৰ বাবে আবেদন কৰিছে।

প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ দেশৰ কৃষকসকলক স্বীকৃতি জনাই অধিৱেশনখন সমাপ্ত কৰে।

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s 500 GW clean energy goal could create 44 lakh jobs, says study

Media Coverage

India’s 500 GW clean energy goal could create 44 lakh jobs, says study
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM to visit Surat and Daman on 5th June
June 04, 2026
PM to inaugurate, dedicate to the nation and lay the foundation stone of various development projects worth around ₹18,800 Crore in Surat
PM to dedicate key packages of the 8-Lane Access-Controlled Vadodara-Mumbai Expressway to the nation
PM to lay foundation stone for four-laning of critical sections on NH-56; project to enhance connectivity across tribal regions and boost access to the Statue of Unity
PM to inaugurate, dedicate to the nation and lay the foundation stone of development projects worth around ₹2,970 Crore in Daman
PM to dedicate New Terminal Building of NAMO Airport in Daman
PM to lay foundation stones of port projects worth ₹885 Crore for the UT of Lakshadweep

Prime Minister Shri Narendra Modi will visit Gujarat and Daman on 5th June, 2026. At around 2:30 PM, Prime Minister will visit Hazira in Surat district and review ongoing industrial operations and infrastructure projects. At around 4:15 PM, Prime Minister will inaugurate, dedicate to the nation and lay the foundation stone of various development projects worth around ₹18,800 crore in Surat. He will also address the gathering on the occasion.

Prime Minister will then travel to Daman, where at around 6:15 PM, he will inaugurate the New Terminal Building of NAMO Airport in Daman. This will be followed by the dedication of NAMO Hospital in Daman to the nation. Thereafter, at around 7:15 PM, Prime Minister will inaugurate, dedicate and lay the foundation stone of various development projects worth around ₹2,970 crores in Daman. He will also lay the foundation stone of four important projects for the Union Territory of Lakshadweep worth around ₹885 crore. He will also address the gathering on the occasion.

PM in Surat

Prime Minister will inaugurate, dedicate to the nation and lay the foundation stone of multiple development projects worth over ₹18,800 crore in Surat across the road, power and industrial sectors.

Prime Minister will dedicate Packages VI and VII of the Vadodara-Mumbai Expressway to the nation, enhancing high-speed transportation, logistics efficiency and economic connectivity between Gujarat and Maharashtra. Prime Minister will lay the foundation stone for key infrastructure projects which includes the four-laning of critical sections on NH-56 to enhance connectivity across tribal regions and boost access to the Statue of Unity.

Prime Minister will also inaugurate a 200 bedded ESIC Hospital in Surat, providing modern secondary healthcare across key specialties, backed by a central laboratory and essential ancillary services. It also features 24/7 emergency and trauma care to ensure the timely management of occupational injuries and medical emergencies. Prime Minister will inaugurate critical utility and industrial infrastructure projects, including the Transmission Network Expansion in Gujarat to enhance power evacuation capacity under the Inter-State Transmission System. Prime Minister will also inaugurate several important initiatives of Government of Gujarat, including modern power distribution upgrades under the Revamped Reforms-Based Distribution Sector Scheme in Valsad, advanced effluent disposal and treatment infrastructure at Dahej Petroleum, Chemicals and Petrochemical Investment Region (PCPIR) and Sarigam Gujarat Industrial Development Corporation (GIDC), and essential layout utilities at the Jambusar Bulk Drug Park.

PM in Daman

Prime Minister will inaugurate, dedicate to the nation and lay the foundation stone of development projects worth around ₹2,970 crore in Daman. These projects span various sectors including healthcare, civil aviation, tourism, infrastructure, connectivity and public welfare and are expected to provide a major boost to the overall development of the Union Territory of Dadra and Nagar Haveli and Daman and Diu.

Prime Minister will inaugurate and dedicate projects worth around ₹1,340 crore, including the New Terminal Building of NAMO Airport and NAMO Hospital, among others in Daman. The new airport terminal will significantly enhance regional air connectivity and facilitate economic growth in the region. NAMO Hospital, the district hospital in Daman district, has been developed to cater to nearly 1,500 OPD patients per day and will strengthen access to quality healthcare services for the people.

Prime Minister will also lay the foundation stone of projects worth around ₹1,630 crore. Major projects include the Iconic Bridge, the Daman Convention Centre and the NIFT Campus at Daman, among others. These projects are expected to strengthen modern infrastructure, boost tourism, promote investment, generate employment opportunities and improve the quality of life of the people.

Prime Minister will also lay the foundation stone of important projects for the Union Territory of Lakshadweep worth around ₹885 crore. These projects include Development of Port Facilities on the Eastern and Western Sides of both Kalpeni Island and Kadmat Island. The development of these multipurpose jetties will facilitate year-round berthing of large passenger vessels, including cruise vessels of up to 300 metres in length. The projects will enable safe and efficient passenger and cargo handling and provide integrated facilities for fish handling, fuel distribution, ice supply and boat repair. These initiatives will strengthen maritime connectivity, support the livelihoods of local fishermen, promote tourism and contribute to the socio-economic development of the islands.