বহনক্ষম কৃষি পদ্ধতিসমূহে সমগ্ৰ দেশৰ কৃষকসকলৰ বাবে আদৰ্শ হিচাপে কাম কৰিব পাৰেঃ প্ৰধানমন্ত্ৰী
মাহজাতীয় শস্যৰ খেতিয়ে কেৱল কৃষকৰ উপাৰ্জন বৃদ্ধি কৰাই নহয়, দেশৰ পুষ্টিগত সুৰক্ষাতো অৰিহণা যোগায়ঃ প্ৰধানমন্ত্ৰী
য'ত পানীৰ অভাৱ, তাত বজ্ৰা হৈছে জীৱনৰেখা, বজ্ৰাৰ বাবে বিশ্বৰ বজাৰ দ্ৰুতগতিত ত্বৰান্বিত হৈছেঃ প্ৰধানমন্ত্ৰী
প্ৰধানমন্ত্ৰীয়ে উৎপাদন বৃদ্ধি, ব্যয় হ্ৰাস আৰু বজাৰলৈ উন্নত প্ৰৱেশাধিকাৰ লাভ কৰিবলৈ উচ্চ মূল্যৰ শস্য বাছনি কৰাৰ ওপৰত গুৰুত্ব দি সামূহিক কৃষিৰ ধাৰণাক উৎসাহিত কৰে

প্ৰধানমন্ত্ৰী – ৰাম-ৰাম!

 

কৃষক – ৰাম-ৰামমই হাৰিয়ানাৰ হিছাৰ জিলাৰ। কাবুলী বুটেৰে খেতি আৰম্ভ কৰিছো। প্ৰথম অৱস্থাত মাত্ৰ অলপকৈ...

 

প্ৰধানমন্ত্ৰী – কিমান বছৰৰ আগতে আপুনি এয়া  আৰম্ভ কৰিছিল?

 

কৃষক – এতিয়া চাৰিবছৰ হল৷ কাবুলী বুটৰ  পৰা প্ৰতি একৰত প্ৰায় ১০ কুইণ্টল উৎপাদন পাওঁ

 

প্ৰধানমন্ত্ৰী – দাইলৰ  দৰে কিছুমান মধ্যৱৰ্তী শস্যও আছে  ।

 

কৃষক – হয়

 

প্ৰধানমন্ত্ৰী – গতিকে, আপুনি অতিৰিক্ত উপাৰ্জন লাভ কৰে, যদিও ইয়াৰ বাবে অলপ বেছি কষ্টৰ প্ৰয়োজন। এই কথা দেখি আন কৃষকসকলেও নিজৰ মাটি পুনৰ সজীৱ হব বুলি ভাবি দাইলৰ খেতিৰ  দিশে আগবাঢ়িবলৈ উৎসাহিত অনুভৱ কৰিছেনে?

 

কৃষক – হয়, সঁচাকৈয়ে। আমি সেয়াই  ভাবো৷ মই আন কৃষকসকলক কওঁ যে আমি যদি কাবুলী বুটৰ দৰেই দাইলৰ খেতিও কৰো তেন্তে আমি কেৱল এই শস্য পোৱাই নহয়, পৰৱৰ্তী শস্যতো লাভাৱান্বিত  হব পাৰিম । কাবুলী বুট আৰু অন্যান্য দাইলজাতীয় শস্যই মাটিত নাইট্ৰজেন এৰি দিয়ে, ফলত ই মাটিক  পৰৱৰ্তী উৎপাদনৰ বাবে সমৃদ্ধ কৰি তোলে।

 

কৃষক – জীৱনত প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰীক লগ পাইছো। তেওঁ এজন অতি ভাল প্ৰধানমন্ত্ৰী, কৃষক আৰু সাধাৰণ মানুহৰ সৈতে  গভীৰভাৱে জড়িত।

 

কৃষক – মই কৃষক উৎপাদক সংস্থা (এফ পি অ)ৰ সৈতেও জড়িত। মই পেছাত চাৰ্টাৰ্ড একাউণ্টেণ্ট, কিন্তু দাইলৰ খেতিও কৰো। আমাৰ পৰিয়ালৰ ১৬ বিঘা মাটি আছে, যত মই কাবলী বুটৰ খেতি কৰো। আমিও আমাৰ গাঁৱত ২০ গৰাকীকৈ মহিলাৰ গোট গঠন কৰিছো আৰু একেলগে আমি বুট -নহৰু -পাপড়ৰ দৰে সামগ্ৰী প্ৰস্তুত কৰিছো। যিহেতু আমাৰ... (অডিঅ' অস্পষ্ট)... ইয়াত হালধিও আছে...

 

প্ৰধানমন্ত্ৰী – , তেন্তে আপুনি তাতেই সামগ্ৰী প্ৰস্তুত  কৰে?

 

কৃষক  – হয়, হয়, হয়।

 

প্ৰধানমন্ত্ৰী – আপুনি আপোনাৰ সামগ্ৰীৰ ব্ৰেণ্ড নাম দিছেনে?

 

কৃষক – হয় আমাৰ গাঁৱৰ নাম ডুগৰী, গতিকে আমি ডুগৰী ৱালে বুলি ব্ৰেণ্ড কৰি দিছো।

 

 

প্ৰধানমন্ত্ৰী – দেখিছোঁ

 

কৃষক – হয়, বুট -নহৰু -পাপড়, ডুগৰী ৱালে বুট -নহৰু -পাপড় বুলি ব্ৰেণ্ড কৰা হৈছে

 

প্ৰধানমন্ত্ৰী – মানুহে কিনে নে?

 

কৃষক – হয় ছাৰ। আমি চৰকাৰী ই-মাৰ্কেটপ্লেচ পৰ্টেল জিইএমত পঞ্জীয়ন কৰিছো। সেনাবাহিনীৰ লোকে তাৰ পৰাই ক্ৰয় কৰে ছাৰ।

 

প্ৰধানমন্ত্ৰী – গতিকে, সমগ্ৰ ৰাজস্থানতে সেইবোৰ  জনাজাত নেকি?

 

কৃষক  – ছাৰ, সমগ্ৰ ভাৰততে বিক্ৰী হয়।

 

প্ৰধানমন্ত্ৰী – সঁচাকৈয়ে?

 

কৃষক – হয়

 

প্ৰধানমন্ত্ৰী – আন বহুতে  এনেধৰণৰ সামগ্ৰী উৎপাদন কৰিছেনে?

 

কৃষক – হয়, আন কিছুমানো আছে। কিন্তু মূলতঃ মহিলাসকলেই সেইবোৰ তৈয়াৰ কৰে৷

 

প্ৰধানমন্ত্ৰী – তেন্তে  সকলোৱে সোৱাদ ব পৰাকৈ কিছুমান আনিব লাগিব!

 

কৃষক – নিশ্চয় ছাৰ, অৱশ্যেই!

 

কৃষক – প্ৰধানমন্ত্ৰীক কেনেকৈ লগ পাম বুলি ভাবি আমি  শিহৰিত হৈছিলো। তেওঁ আহি পোৱাৰ লগে লগে তেওঁৰ আভা দেখি আমি  বাকৰুদ্ধ হৈ পৰিলো। এক অবৰ্ণনীয় মুহূৰ্ত আছিল।

 

কৃষক – ২০১৩১৪ চনৰ পৰা মই দাইলৰ খেতি কৰি আহিছো। এক একৰৰ পৰা আৰম্ভ কৰি লাহে লাহে ১৩১৪ একৰলৈ  খেতি  সম্প্ৰসাৰিত কৰিছো

 

প্ৰধানমন্ত্ৰী – হয়। গতিকে, আগতে আপুনি এক একৰত কাবুলী বুট আৰু আন ঠাইত আন শস্যৰ খেতি কৰিছিল?

 

কৃষক – হয় ছাৰ

 

প্ৰধানমন্ত্ৰী – আৰু লাহে লাহে, আপুনি এলেকা বৃদ্ধি কৰিলে?

 

কৃষক – য়, মই ইয়াক প্ৰায় ১৩১৪ একৰলৈ সম্প্ৰসাৰিত কৰিলোঁ, আৰু...

 

প্ৰধানমন্ত্ৰী – ইয়াৰ ফলত আপোনাৰ আয়ত কেনে প্ৰভাৱ পৰিল?

 

কৃষক – বছৰৰ পিছত বছৰ ধৰি উচ্চমানৰ বীজ বাছি লোৱাৰ বাবে মোৰ উপাৰ্জন বৃদ্ধি পালে  আৰু উৎপাদনশীলতা বাঢ়ি গৈ থাকিল

 

প্ৰধানমন্ত্ৰী – নিৰামিষভোজীৰ বাবে দাইলেই  প্ৰটিনৰ মূল উৎস নহয়নে?

 

খেতিয়ক – হয় ছাৰ

 

প্ৰধানমন্ত্ৰী – গতিকে, যেতিয়া আপুনি দাইলৰ খেতি কৰে, তেতিয়া কেৱল নিজৰ পকেট ভৰোৱাৰ কথা নহয়; আপুনিও সমাজলৈ যথেষ্ট অৰিহণা যোগাইছে।

 

কৃষক – একেবাৰে শুদ্ধ 

 

প্ৰধানমন্ত্ৰী – আজিকালি আমাৰ খেতিপথাৰ সৰু; ভূমিৰ মালিকীস্বত্ব খণ্ডিত হৈ পৰিছে। তাৰ বাবেই কোনোবাই যেতিয়া কোনো পৰীক্ষা-নিৰীক্ষাৰ চেষ্টা কৰে তেতিয়া তেওঁ প্ৰায়ে নিজকে অকলশৰীয়া অনুভৱ কৰে। কিন্তু কল্পনা কৰকচোন, যদি ২০০ জন কৃষক একত্ৰিত হয়...

 

কৃষক – হয়

 

প্ৰধানমন্ত্ৰী – ...আৰু সিদ্ধান্ত লওক যে ৪০০ বা ৫০০ বিঘা মাটি সামৰি তেওঁলোকৰ ২০০ জনেই সামূহিকভাৱে এটা বা দুটা নিৰ্বাচিত শস্যৰ খেতি কৰি ভালদৰে বজাৰ দখল কৰিবতাৰ দ্বাৰা কৃষকসকল অধিক লাভাৱান্বিত নহবনে?

 

কৃষক – একেবাৰেই ছাৰ। আমি কাবুলী বুটৰ বাবে প্ৰায় ১২০০ একৰ মাটিত খেতি কৰি আছো। কৃষকসকলে পূৰ্বতকৈ যথেষ্ট উন্নত লাভ অৰ্জন  কৰিছে।

 

প্ৰধানমন্ত্ৰী – গতিকে, এতিয়া সকলো কৃষকে এই বিষয়ত সন্মতি দিছে, যাৰ ফলত আপোনাৰো শ্ৰম কমিছে নিশ্চয়?

 

কৃষক – হয়, কাৰণ আমি এনে ব্যৱস্থা গঢ়ি তুলিছো।

 

কৃষক – মই বীড জিলাৰ

 

প্ৰধানমন্ত্ৰী – ৰ পৰা? বিড জিলা। সাধাৰণতে তাত পানীৰ নাটনি নাইনে?

 

কৃষক – সেইবাবেই ছাৰ, ধন-ধান্য আঁচনি আৰম্ভ কৰাৰ বাবে আপোনাক অপৰিসীম ধন্যবাদ জনাইছো

 

প্ৰধানমন্ত্ৰী – ধন্যবাদ। আমি যেনেকৈ সকলোতে বাজৰাৰ প্ৰচাৰ কৰি আহিছো — আমাৰ পৰম্পৰাগত শস্য যেনে বাজৰা, জোৱাৰ আদি — এতিয়া ইয়াৰ বিশাল বিশ্বব্যাপী বজাৰ আছে। পানীৰ অভাৱ থকা মাটিতো কৃষকে ভাল  উপাৰ্জন কৰিব পাৰে।

 

কৃষক – হয়, বাজৰাৰ বাবে।

 

প্ৰধানমন্ত্ৰী – আপুনি বাজৰাৰ খেতিও কৰে নেকি?

 

কৃষক – হয়, মই কৰোঁ।

 

প্ৰধানমন্ত্ৰী – আপুনি কোনবোৰ জাতৰ খেতি কৰে?

 

খেতিয়ক – বাজৰা, জোৱাৰ আৰু বুট ।

 

প্ৰধানমন্ত্ৰী – গতিকে, মানুহে এতিয়া সেইবোৰ গ্ৰহণ কৰে?

 

খেতিয়ক – হয়, কৰে, সকলোৱে কৰে।

প্ৰধানমন্ত্ৰী – ভাল কথা৷

 

কৃষক – আৰু তাৰ লগতে আমি বহু গ্ৰাহকক সেইবোৰ যোগান ধৰো , কিছুমান মুম্বাইত থাকে।

 

কৃষক – আপোনাৰ লগত কথা পতাৰ পিছত প্ৰধানমন্ত্ৰীক লগ পোৱাৰ দৰে অনুভৱ হোৱা নাছিল; নিজৰ পৰিয়ালৰ কোনোবা এজনক লগ পোৱাৰ দৰে লাগিল।

 

কৃষক – মোৰ অঞ্চলত মই ৰহৰ দাইলৰ  খেতি কৰো। যুৱ প্ৰজন্মক ইয়াৰ প্ৰতি আগ্ৰহী হ'বলৈ আহ্বান জনাম। ইয়াৰ দ্বাৰা কৃষকসকল উপকৃত হব আৰু লগতে ব্যৱসায়ৰ এক ভাল সুযোগো লাভ কৰিব

 

কৃষক – মই এগৰাকী আত্মসহায়ক গোটৰ সৈতে জড়িত মহিলা। ২০২৩ চনত গ্ৰুপত যোগদান কৰি পাঁচ বিঘা মাটিত মুগৰ খেতি কৰিবলৈ আৰম্ভ কৰিলোঁ। মহাশয়, আপোনাৰ প্ৰধানমন্ত্ৰী-কিষাণ সন্মান নিধি আঁচনি সঁচাকৈয়ে আমাৰ বাবে আশীৰ্বাদ। আমি বছৰি লাভ কৰা ৬,০০০ টকাই বহুত  সহায় কৰে — বীজ কিনা, মাটিত হাল বোৱা আৰু অন্যান্য খেতিৰ প্ৰয়োজনীয়তাৰ বাবে। সঁচাকৈয়ে আমাৰ বাবে ই এক বৃহৎ সমৰ্থন৷

 

প্ৰধানমন্ত্ৰী – সাৰৰ ব্যৱহাৰ ক্ৰমান্বয়ে হ্ৰাস কৰিবলৈ কেতিয়াবা ইচ্ছা কৰে নে?

 

কৃষক – হয়

 

প্ৰধানমন্ত্ৰী – কাৰণ আমি মনত ৰখা উচিত, পৃথিৱীখনেই আমাৰ মাতৃ। আমি যদি তেওঁক এনে ৰাসায়নিক দ্ৰব্য খুৱাই থাকো, তেন্তে তেওঁ  কিমান দিন জীয়াই থাকিব?

 

কৃষক – কথাটো সঁচা ছাৰ৷

 

প্ৰধানমন্ত্ৰী – কৃষকসকলে এই বিষয়ে আলোচনা কৰে নেকি?

 

কৃষক – হয়, কৰে।

 

প্ৰধানমন্ত্ৰী – এবাৰ উপলব্ধি কৰিলে যে তেওঁলোকে  ক্ষতিগ্ৰস্ত মাটি নহয়, সন্তানৰ বাবে উৰ্বৰ মাটি এৰি দিব যাব লাগিব, তেতিয়া তেওঁলোকে স্বয়ংক্ৰিয়ভাৱে ইয়াৰ ক্ষতি নকৰিবলৈ চেষ্টা কৰিব। ইয়াত কৃষকসকলে সহায় কৰিব পাৰে। যেনে, কাৰোবাৰ যদি চাৰি বিঘা মাটি...

 

কৃষক – হয়

 

প্ৰধানমন্ত্ৰী – ...আৰু আপুনি তেওঁক যদি কয়সম্পূৰ্ণৰূপে প্ৰাকৃতিক খেতি কৰক, তেওঁ ভয় খাব।

 

খেতিয়ক – হয়, তেওঁ  সাহস নকৰে৷

 

প্ৰধানমন্ত্ৰী – তেওঁ ভাবিবমই অনাহাৰে থাকিম” গতিকে, তাৰ পৰিৱৰ্তে তেওঁক কওক — আমাৰ কথা অন্ধভাৱে নুশুনিব৷ আপোনাৰ মাটি চাৰি ভাগত ভাগ কৰক। আমাৰ পদ্ধতি এটা বিঘাত চেষ্টা কৰক; বাকী তিনিটাৰ ওপৰত আপুনি সাধাৰণ ধৰণেৰে আগবাঢ়ি যাওক।

 

কৃষক – শুদ্ধ

 

প্ৰধানমন্ত্ৰী – আমাৰ লগত দুবছৰ কাম কৰক। সফলতা দেখিলেই তেওঁ এক বিঘাৰ পৰা ডেৰ বিঘালৈ বিস্তাৰ কৰিব, তাৰ পিছত দুই বিঘালৈ, ইত্যাদি ইত্যাদি। তেনেকৈয়ে আত্মবিশ্বাস গঢ় লৈ উঠে৷ চাৰি বিঘাকে একেলগে পৰিৱৰ্তন  কৰিবলৈ কলে তেওঁ নকৰে — জীৱিকা হেৰুওৱাৰ ভয়ত

 

কৃষক – মই কাবুলী বুট , মচুৰ দাইল আৰু গুয়াৰ খেতি কৰো। যদিও মোৰ হাতত মাত্ৰ দুবিঘা মাটি আছে, তথাপিও ক্ষুদ্ৰ খেতি ক্ৰমান্বয়ে পৰিচালনা কৰো।

 

প্ৰধানমন্ত্ৰী – বুজিছে, দুই একৰ মাটি থকা খেতিয়কেও অলৌকিক কাম কৰিব পাৰে।

 

কৃষক – হয়...

 

প্ৰধানমন্ত্ৰী – মাটি কম হব পাৰে, কিন্তু কৃষকৰ মনটো বিশাল, সাহস আৰু দৃঢ়তাৰে ভৰা।

 

খেতিয়ক – হয় ছাৰ

 

প্ৰধানমন্ত্ৰী – আপুনি কেতিয়াবা আপোনাৰ পথাৰত বেৰ লগোৱাৰ কথা ভাবিছেনে? সাধাৰণতে চুবুৰীয়ায়ো  বেৰ লগাই দিয়ে, আৰু দুয়োৰে মাজত কিছু মাটি নষ্ট হৈ যায়। কিন্তু যদি দুয়োপক্ষই ইয়াৰ পৰিৱৰ্তে সৌৰ পেনেল স্থাপন কৰে — আপোনাৰ এইফালে হেলনীয়া, তেওঁৰ সেইফালে হেলনীয়া — তেন্তে আপোনালোক  দুয়োজনেই বিদ্যুৎ উৎপাদন কৰিব পাৰে, ইয়াক ব্যৱহাৰ কৰিব পাৰে আৰু উদ্বৃত্ত বিক্ৰী কৰিব পাৰে।

 

কৃষক  – এয়া  এটা আচৰিত ধাৰণা ছাৰ৷ সম্ভৱ...

 

প্ৰধানমন্ত্ৰী – হয়, আমি সেই দিশত আগবাঢ়িব লাগে, ইয়াৰ বাবে চৰকাৰে এতিয়া ধনৰ যোগান ধৰে।

 

কৃষক – মানুহে ইয়াক লৈছে ছাৰ  আৰু ভাল লাভ অৰ্জন কৰিছে

 

প্ৰধানমন্ত্ৰী – আন এটা কথা — আমি ৰিচাৰ্জ কুঁৱাৰ  প্ৰচাৰো কৰা উচিত যাতে বৰষুণৰ পানী মাটিৰ তলত সোমাই যাব পাৰে। সেইটোৱে পানীৰ স্তৰ বৃদ্ধি কৰে আৰু সকলোকে উপকৃত কৰে।

 

কৃষক – হয়, একেবাৰে সত্য ।

 

প্ৰধানমন্ত্ৰী – আপোনালোক সকলোৰে সৈতে কথা পাতি  বৰ ভাল লাগিল৷ আপোনালোক  নতুন পদ্ধতিৰে পৰীক্ষা-নিৰীক্ষা কৰা সাহসী আৰু কঠোৰ পৰিশ্ৰমী কৃষক — সেই কথাই  মোক বহুত সুখী কৰিছে। প্ৰায়ে, মানুহে কয়, মোৰ দেউতাই এনেদৰে কৰিছিল, মামাই এনেদৰে  কৰিছিল , গতিকে ময়ো একেদৰেই কৰিম।” কিন্তু আমি যুৱক-যুৱতীসকলক সেই মানসিকতাৰ বাহিৰলৈ যাবলৈ উৎসাহিত কৰিব লাগিব

কৃষক – পশুপালন আৰু দুগ্ধ মন্ত্ৰালয়ৰ কৃপাত  আমি ৫০% ৰাজসাহায্য লাভ কৰিলোঁ। আগতে মোৰ কেইটামান গৰু আছিল যদিও এতিয়া মোৰ হাতত ২৫০ টাতকৈও অধিক গিৰ গৰু আছে। ২০১০ চনত মই এখন হোটেলত ৰুম বয় হিচাপে কাম কৰিছিলোঁ। আজি মোৰ হাতত কোটি টকা মূল্যৰ এখন গোশালা আছে। কেন্দ্ৰীয় চৰকাৰে বহুত সহায় আগবঢ়াইছে।

 

প্ৰধানমন্ত্ৰী – ৰুম বয়ৰ পৰা এই পদলৈ কেনেকৈ গ?

 

কৃষক – চৰকাৰী পদক্ষেপৰ বাবেই হৈছে ছাৰ৷

 

প্ৰধানমন্ত্ৰী – ইমানবোৰ গৰু থকাৰ পিছত  আপুনি সকলোবোৰ ৰাখে নে কিছুমান আনক বিতৰণ কৰে?

 

কৃষক – জৈৱিক খেতি কৰা আৰু দৰিদ্ৰতাৰ মাজত   জীয়াই থকা এগৰাকী আদিবাসী মহিলাক পোৱালিকে ধৰি ৬৩টা গৰু উপহাৰ দিলোঁ

 

প্ৰধানমন্ত্ৰী – দেখিছোঁ। মই কাশীৰ সাংসদ। তাতো একেধৰণৰ পৰীক্ষা কৰিলোঁপ্ৰায় ১০০টা পৰিয়ালত গিৰ গৰু বিতৰণ কৰিলোঁ, এই চৰ্তত যে প্ৰথম পোৱালিটো মোৰ হাতত ঘূৰাই দিব লাগিব। তাৰ পিছত আন এটা পৰিয়ালক দিলোঁ।

 

কৃষক – ২০২০ চনত বিশ্বব্যাপী লকডাউনৰ সময়ত মই অনুসন্ধান কৰি , তাৰ পিছত হৰিদ্বাৰৰ বিভাগটো পৰিদৰ্শন কৰি প্ৰধানমন্ত্ৰীৰ মৎস্য সম্পদ যোজনাৰ বিষয়ে জানিব পাৰিলোঁ। জীৱন সলনি হোৱা যেন লাগিল। এই আঁচনিৰ পৰা পোৱা ৰাজসাহায্য আৰু সাহায্যৰ বাবেই মই যথেষ্ট সহায় লাভ কৰিলোঁ।

 

প্ৰধানমন্ত্ৰী – আপুনি কিমান লোকক নিযুক্তি দিছে?

 

কৃষক – উত্তৰাখণ্ডৰ সৰু সৰু গাঁৱৰ প্ৰায় ২৫ জন যুৱকে আমাৰ লগত কাম কৰে ছাৰ। ইয়াত তেওঁলোকে বহু কথা  শিকিছে।

 

প্ৰধানমন্ত্ৰী – উৎকৃষ্ট

 

কৃষক – কিছুমানে বিভিন্ন ঠাইলৈ গৈ স্বতন্ত্ৰভাৱে নিজৰ দক্ষতা প্ৰয়োগ কৰি আছে

 

কৃষক – ময়ো  আলংকাৰিক মাছৰ বিষয়ত  গুৰুত্ব দিছো

 

প্ৰধানমন্ত্ৰী – অহ, জলজ কৃষি।

 

কৃষক – উত্তৰ প্ৰদেশত এই কামটো মই প্ৰথমবাৰৰ বাবে আৰম্ভ কৰিছিলো ছাৰ।

 

প্ৰধানমন্ত্ৰী – হয়, কেনেকৈ কৰিলে? ক'ত কৰিলে?

কৃষক – প্ৰধানমন্ত্ৰী মৎস্য সম্পদ যোজনা ষ্টাৰ্টআপ কৃষকৰ বাবে এক বৃহৎ আশা

 

কৃষক – গাঁও সমৃদ্ধিশালী হলেহে দেশ সমৃদ্ধিশালী হব বুলি থকা আপোনাৰ দৃষ্টিভংগীয়ে মোক অনুপ্ৰাণিত কৰিলে। ছৰাইকেলাত মই ১২৫ টা দৰিদ্ৰ জনজাতীয় পৰিয়ালকলৈ তাতেই সংহত খেতি আৰম্ভ কৰিলোঁ।

 

প্ৰধানমন্ত্ৰী – আপোনাৰ শিক্ষাই আপোনাক ইয়াৰ বাবে প্ৰস্তুত কৰিছিল নেকি, নে আপুনি ঠাইতে প্ৰশিক্ষণ লৈছিল?

 

কৃষক – ছাৰ, আপুনি মোৰ আদৰ্শ হৈ আহিছে।

 

প্ৰধানমন্ত্ৰী – , সঁচাকৈয়ে?

 

কৃষক – আপুনি চাকৰি বিচৰাতকৈ চাকৰি প্ৰদানকাৰী হবলৈ আহ্বান জনাইছিল। বিশ্বজুৰি টাটা ষ্টীলে নিজৰ সামগ্ৰী বিক্ৰী কৰে — মোৰ সামগ্ৰীও টাটা ষ্টীলে বিক্ৰী কৰে

 

প্ৰধানমন্ত্ৰী – আচৰিত

 

কৃষক – ছাৰ, আপুনি মোৰ পথ প্ৰদৰ্শক আৰু প্ৰেৰণা হৈ আহিছে। আপোনাৰ পৰা পোৱা সৰু সৰু পৰামৰ্শ আৰু যোগাযোগে মোৰ জীৱনটোক অহৰহ ৰূপান্তৰিত কৰি আহিছে।

 

কৃষক – মই সখী সংগঠনৰ লগত জড়িত। আমাৰ যাত্ৰা আৰম্ভ হৈছিল ২০ গৰাকী মহিলাকলৈ আৰু এতিয়া ৯০ হাজাৰ মহিলাই কাম কৰি আছে।

 

প্ৰধানমন্ত্ৰী – ৯০ হাজাৰ !

 

খেতিয়ক – হয় ছাৰ। এই মহিলাসকলে গাখীৰ বিক্ৰী কৰি ভাল উপাৰ্জন কৰে আৰু আমি এতিয়ালৈকে ১৪ হাজাৰৰো অধিক লাখপতি দিদিৰ সৃষ্টি কৰিছো।

 

প্ৰধানমন্ত্ৰী – সেয়া অলৌকিক!

 

কৃষক – মোৰ ইয়াতো  মাছ পালনৰ  কাম কৰি  আছো

 

প্ৰধানমন্ত্ৰী – হয়

 

কৃষক – আপোনাৰ পিএমএমএছৱাই আঁচনিৰ সহায়ত আমি বৰফৰ প্ৰস্তুতৰ  পৰিকল্পনা আৰু সঠিক জলজ কৃষি ব্যৱস্থাপনা ৰূপায়ণ কৰিবলৈ সক্ষম হলোঁ৷

 

প্ৰধানমন্ত্ৰী – আপোনাৰ লগত কিমানজনে কাম কৰে?

 

কৃষক – প্ৰায় ১০০ জন

 

প্ৰধানমন্ত্ৰী – এনেধৰণৰ পদক্ষেপ লৈ আনেও  গ্ৰহণ কৰিছেনে ?

 

কৃষক  – হয় ছাৰ। শেহতীয়াকৈ আন্দামানৰ পৰা আহিছিল আন এটা দল। পূৰ্বে আমি তেওঁলোকৰ সৈতে  সঠিকভাৱে যোগাযোগ কৰিব পৰা নাছিলো যদিও পিএমএমএছৱাই আঁচনিৰ বাবে বৰ্ডখন কাৰ্যক্ষম হৈ উঠিছে আৰু বৰফৰ যোগানো উপলব্ধ হৈছে। মাছ ৰখাৰ বাবেও ঠাই আছে।

 

প্ৰধানমন্ত্ৰী – , উৎকৃষ্ট।

 

কৃষক – মই কাশ্মীৰৰ পৰা আহিছো। মই এটা প্ৰগ্ৰেমৰ জৰিয়তে আপোনাৰ পিএমএমএছৱাই আঁচনিৰ বিষয়ে জানিলোঁ, কাম আৰম্ভ কৰিলোঁ, মোৰ এতিয়া ১৪ জন কৰ্মচাৰী আছে।

 

প্ৰধানমন্ত্ৰী – দেখিছোঁ

 

কৃষক – হয়, ১৪ জন কৰ্মচাৰী আৰু মই বছৰি প্ৰায় ১৫ লাখ টকা লাভ কৰো। বজাৰখন ভাল, আৰু আন লোকেও লাভাৱান্বিত হৈছে। 

 

প্ৰধানমন্ত্ৰী – এতিয়া যেতিয়া আপুনি ৰে’লযোগে সামগ্ৰী প্ৰেৰণ কৰিব পাৰিব, তেতিয়া আপোনাৰ সামগ্ৰী দ্ৰুতগতিত বজাৰত উপনীত হ

কৃষক – উন্নয়ন দ্ৰুতগতিত হৈ আছে, আপোনালোকৰ সহায়ৰ বাবে। মই নাভাবো যে আন কোনো প্ৰধানমন্ত্ৰীৰ অধীনত এয়া সম্ভৱ হলহেঁতেন৷

 

প্ৰধানমন্ত্ৰী – জম্মু-কাশ্মীৰত  অতি দক্ষ আৰু  সক্ষম যুৱক-যুৱতী আছে

 

কৃষক – হয়, এই সকলোবোৰ আপোনাৰ চৰকাৰৰ অধীনত সম্ভৱ হৈছে, অন্যথা নহ’লহেঁতেন ।

 

কৃষক – তেওঁলোকক লগ পাই জলজ কৃষিৰ বিষয়ে আলোচনা কৰি  ভাল  অনুভৱ হৈছিল

 

কৃষক – নমস্কাৰ

 

প্ৰধানমন্ত্ৰী – নমস্কাৰ

 

কৃষক – ছাৰ, আচলতে মই ২০১৪ চনত আমেৰিকাৰ পৰা উভতি আহিলোঁ৷

 

প্ৰধানমন্ত্ৰী – আৰু আপুনি আমেৰিকা এৰিলে?

 

কৃষক – হয়, মই নিজৰ মানুহক নিযুক্তি দিবলৈ আমেৰিকা এৰিলোঁ। ১০ একৰৰ সৰু ফাৰ্ম এখনৰ পৰা আৰম্ভ কৰিলোঁ। এতিয়া, মই ৩০০ একৰতকৈও অধিক মাটিত খেতি পৰিচালনা কৰিছো, ইয়াৰ উপৰি ১০,০০০ একৰতকৈও অধিক মাটিৰ বাবে বীজ উৎপাদন কৰিবলৈ হেচাৰী আছে। মই প্ৰায় ৭সুতত এফ আই ডি এফৰ পৰা লাভৱান্বিত  হৈছিলো, যাৰ ফলত যথেষ্ট সম্প্ৰসাৰণৰ সুবিধা হৈছিল। বৰ্তমান মোৰ প্ৰায় ২০০ জন কৰ্মচাৰী আছে ছাৰ।

 

প্ৰধানমন্ত্ৰী – বাহমহান!

 

কৃষক – নৰেন্দ্ৰ মোদী জীয়ে আমাৰ ফালে খোজ পেলাইছিল — মোৰ জীৱনৰ এটা বিৰল মুহূৰ্ত “বাহ” সুন্দৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল

 

প্ৰধানমন্ত্ৰী – নমস্তে, ভাই।

 

কৃষক – মই গুজৰাটৰ আমৰেলী জিলাৰ ধৰীৰ। মোৰ নাম ভৱন গণ্ডভিয়া। মোৰ এফ পি অত ১৭০০ কৃষক আছে। আমি চাৰি বছৰ ধৰি অবিৰতভাৱে ২০লভ্যাংশ দি আহিছো।

 

প্ৰধানমন্ত্ৰী – ১৭০০ কৃষক?

 

খেতিয়ক – হয় ছাৰ

 

প্ৰধানমন্ত্ৰী – খেতি কৰা মুঠ মাটি কিমান?

 

কৃষক – আমি ১৫০০ একৰ মাটিত খেতি কৰি আছো আৰু চাৰি বছৰৰ বাবে অবিৰতভাৱে ২০% লভ্যাংশ দিছো, যাৰ পৰিমাণ ২০০ কোটিৰো অধিক।

 

প্ৰধানমন্ত্ৰী – তেওঁলোকে বিভিন্ন শস্যৰ খেতি কৰে নে নিৰ্দিষ্ট পৰিকল্পনা মানি চলে?

 

কৃষক – আমি এম এছ পিৰ অধীনত কাম কৰোঁ। আমাৰ ডাঙৰ কৃতিত্ব হল যেতিয়া আমাৰ এফ পি অত ধনৰ অভাৱ আছিল তেতিয়া চৰকাৰে বন্ধকী  অবিহনে ২ কোটি টকা দিছিল।  সেয়া  আছিল এক উল্লেখযোগ্য মাইলৰ খুঁটি

 

কৃষক – নমস্কাৰ, প্ৰধানমন্ত্ৰী জী। মোৰ নাম সুনীল কুমাৰ ৰাজস্থানৰ জয়ছালমেৰৰ। আমি মূলতঃ জৈৱিকভাৱে সংহত কীট ব্যৱস্থাপনাৰে (আই পি এম)  কৰি জিৰাৰ খেতি কৰো

 

প্ৰধানমন্ত্ৰী – দেখিছোঁ

 

কৃষক – মোৰ এফ পি অত ১০৩৫ জন কৃষক আছে, জিৰা আৰু ইছবগোলৰ খেতি কৰিছো।

 

প্ৰধানমন্ত্ৰী – জিৰাৰ বজাৰ ত আছে?

 

কৃষক – আমি গুজৰাটৰ ভিতৰত বিভিন্ন ৰপ্তানিকৰ্তাক  যোগান ধৰো, যিয়ে তাৰ পিছত ইয়াক আন ঠাইলৈ  লৈ যায়।

 

প্ৰধানমন্ত্ৰী – ইছবগোল আইচক্ৰীম বনাবলৈ কোনোবাই চেষ্টা কৰিছেনে?

 

কৃষক  – নাই ছাৰ

 

প্ৰধানমন্ত্ৰী – বজাৰৰ সম্ভাৱনাৰ বিষয়ে  কল্পনা কৰক!

 

খেতিয়ক – হয় ছাৰ। মূল্য সংযোজনৰ ওপৰত প্ৰধানমন্ত্ৰীৰ সৰু ধাৰণাটোৱে আমাক অনুপ্ৰাণিত কৰিছে। আমি আগতে কেতিয়াও আইচক্ৰীমৰ কথা ভবা নাছিলো, কিন্তু এতিয়া আমি ইয়াৰ বিষয়ে  অন্বেষণ কৰিম।

 

কৃষক – আপোনাৰ সংসদীয় সমষ্টি বাৰাণসীৰ ওচৰৰ মিৰ্জাপুৰৰ মই ধৰ্মেন্দ্ৰ কুমাৰ মৌৰ। আমি বাজৰাৰ খেতি  কৰো।

 

প্ৰধানমন্ত্ৰী – মিলেটছ?

 

খেতিয়ক – হয় ছাৰ

 

প্ৰধানমন্ত্ৰী – আপুনি সেইবোৰ বিক্ৰীৰ বাবে পেকেজ কৰি ব্ৰেণ্ড কৰে?

 

খেতিয়ক – হয় ছাৰ। আমি বুজাবুজিৰ চুক্তিৰ অধীনত প্ৰতিৰক্ষা আৰু এনডিআৰএফক যোগান ধৰো।

 

কৃষক – মোৰ নাম  ফায়াজ আহমেদ,কাশ্মীৰৰ। আমি আপেল উৎপাদন কৰো।

 

প্ৰধানমন্ত্ৰী – আপেল?

 

কৃষক – হয়

 

প্ৰধানমন্ত্ৰী – আপেলৰ বাবে পৰিবহণৰ সুবিধা  পাইছেনে?

 

খেতিয়ক – হয়, বাহনৰ ব্যৱস্থা কৰা হৈছে।

 

প্ৰধানমন্ত্ৰী – ৬০ হাজাৰ টন ফল-মূল, শাক-পাচলি, ফুল ৰেলযোগে দিল্লীত উপস্থিত হৈছে

 

কৃষক – হয়, দিল্লী আৰু অন্যান্য স্থানত উপনীত হৈছে।

 

প্ৰধানমন্ত্ৰী – সেয়া এক উল্লেখযোগ্য কৃতিত্ব

 

কৃষক – কিন্তু...

 

প্ৰধানমন্ত্ৰী – ট্ৰাকত বহু সময় লাগে

 

কৃষক – মই মধ্যপ্ৰদেশৰ জবলপুৰৰ ৰৌশিক সুখলাম (নাম অস্পষ্ট)। আমি এৰোপনিক্সৰ জৰিয়তে আলুৰ বীজ  উৎপাদন কৰোঁ।

 

প্ৰধানমন্ত্ৰী – ঠিক

 

খেতিয়ক – হয় ছাৰ। আমি উলম্ব আৰু অনুভূমিক খেতিৰ ব্যৱস্থা  ব্যৱহাৰ কৰো। এইবোৰ আলুৰ বীজ। সোণ নহলেও সোণৰ দৰেই মূল্যৱান কাৰণ কৃষকসকলে খেতি কৰিবলৈ পথাৰত ইয়াক ব্যৱহাৰ কৰি বহুগুণ বেছি উৎপাদন  কৰিব পাৰে  ৷

 

প্ৰধানমন্ত্ৰী – গতিকে আপুনি শীৰ্ষ পৰ্যায়ৰ গুণক...

 

খেতিয়ক – হয় ছাৰ

 

প্ৰধানমন্ত্ৰী – আলু

 

খেতিয়ক ওপৰতে ওলমি  হোৱা আলু ছাৰ

 

প্ৰধানমন্ত্ৰী – সেইটো জৈন গ্ৰাহকৰ বাবে উপযোগী। মাটিৰ তলত হ’লে নাখায়; যদি মাটিৰ ওপৰত থাকে, তেন্তে তেওঁলোকে খায় ।

 

কৃষক – নৰেন্দ্ৰ মোদী জীক লগ পাওঁতে আমি তেওঁক মিনি টিউবাৰ্ছ দেখুৱাইছিলো। তেওঁ অনুভূমিক খেতি আৰু এৰোপনিক্সৰ বিষয়ে জানিছিল। তেওঁ লগে লগে ইয়াক জৈন আলু” বুলি ক’লে। এই আলুক তেওঁ জৈন আলু’ বুলি অভিহিত কৰিছিল

 

কৃ।ক  – ছাৰ, শুভেচ্ছা। মই  ৰাজস্থানৰ বৰাণ জিলাৰ মহম্মদ আছলাম। আমি হালধিৰ খেতি কৰোঁ।

 

প্ৰধানমন্ত্ৰী – আপুনি কৰ পৰা আহিছে?

 

কৃষক – ৰাজস্থানৰ বৰাণ জিলা

 

প্ৰধানমন্ত্ৰী – বৰাণ, ৰাজস্থান।

 

খেতিয়ক – হয় ছাৰ। আমি হালধিৰ বাবে মূল্য সংযোজন কৰোঁ — পাউদাৰ, পেষ্ট, আৰু ৰপ্তানিৰ অনুজ্ঞাপত্ৰৰ বাবে আবেদন কৰিছো।

 

প্ৰধানমন্ত্ৰী – বেছন আৰু হালধিৰ পৰা পাপড় বনোৱা এজন যুৱকক লগ পাইছিলো।

 

কৃষক – ছাৰ, মন কি বাতৰ জৰিয়তে এই কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ পাই গৌৰৱ অনুভৱ কৰিছো।

 

প্ৰধানমন্ত্ৰী – মহান বহুত বহুত ধন্যবাদ ভাইসকল

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Centre's ₹9,585-cr green scheme for NCR may boost CV replacement demand

Media Coverage

Centre's ₹9,585-cr green scheme for NCR may boost CV replacement demand
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM to visit Surat and Daman on 5th June
June 04, 2026
PM to inaugurate, dedicate to the nation and lay the foundation stone of various development projects worth around ₹18,800 Crore in Surat
PM to dedicate key packages of the 8-Lane Access-Controlled Vadodara-Mumbai Expressway to the nation
PM to lay foundation stone for four-laning of critical sections on NH-56; project to enhance connectivity across tribal regions and boost access to the Statue of Unity
PM to inaugurate, dedicate to the nation and lay the foundation stone of development projects worth around ₹2,970 Crore in Daman
PM to dedicate New Terminal Building of NAMO Airport in Daman
PM to lay foundation stones of port projects worth ₹885 Crore for the UT of Lakshadweep

Prime Minister Shri Narendra Modi will visit Gujarat and Daman on 5th June, 2026. At around 2:30 PM, Prime Minister will visit Hazira in Surat district and review ongoing industrial operations and infrastructure projects. At around 4:15 PM, Prime Minister will inaugurate, dedicate to the nation and lay the foundation stone of various development projects worth around ₹18,800 crore in Surat. He will also address the gathering on the occasion.

Prime Minister will then travel to Daman, where at around 6:15 PM, he will inaugurate the New Terminal Building of NAMO Airport in Daman. This will be followed by the dedication of NAMO Hospital in Daman to the nation. Thereafter, at around 7:15 PM, Prime Minister will inaugurate, dedicate and lay the foundation stone of various development projects worth around ₹2,970 crores in Daman. He will also lay the foundation stone of four important projects for the Union Territory of Lakshadweep worth around ₹885 crore. He will also address the gathering on the occasion.

PM in Surat

Prime Minister will inaugurate, dedicate to the nation and lay the foundation stone of multiple development projects worth over ₹18,800 crore in Surat across the road, power and industrial sectors.

Prime Minister will dedicate Packages VI and VII of the Vadodara-Mumbai Expressway to the nation, enhancing high-speed transportation, logistics efficiency and economic connectivity between Gujarat and Maharashtra. Prime Minister will lay the foundation stone for key infrastructure projects which includes the four-laning of critical sections on NH-56 to enhance connectivity across tribal regions and boost access to the Statue of Unity.

Prime Minister will also inaugurate a 200 bedded ESIC Hospital in Surat, providing modern secondary healthcare across key specialties, backed by a central laboratory and essential ancillary services. It also features 24/7 emergency and trauma care to ensure the timely management of occupational injuries and medical emergencies. Prime Minister will inaugurate critical utility and industrial infrastructure projects, including the Transmission Network Expansion in Gujarat to enhance power evacuation capacity under the Inter-State Transmission System. Prime Minister will also inaugurate several important initiatives of Government of Gujarat, including modern power distribution upgrades under the Revamped Reforms-Based Distribution Sector Scheme in Valsad, advanced effluent disposal and treatment infrastructure at Dahej Petroleum, Chemicals and Petrochemical Investment Region (PCPIR) and Sarigam Gujarat Industrial Development Corporation (GIDC), and essential layout utilities at the Jambusar Bulk Drug Park.

PM in Daman

Prime Minister will inaugurate, dedicate to the nation and lay the foundation stone of development projects worth around ₹2,970 crore in Daman. These projects span various sectors including healthcare, civil aviation, tourism, infrastructure, connectivity and public welfare and are expected to provide a major boost to the overall development of the Union Territory of Dadra and Nagar Haveli and Daman and Diu.

Prime Minister will inaugurate and dedicate projects worth around ₹1,340 crore, including the New Terminal Building of NAMO Airport and NAMO Hospital, among others in Daman. The new airport terminal will significantly enhance regional air connectivity and facilitate economic growth in the region. NAMO Hospital, the district hospital in Daman district, has been developed to cater to nearly 1,500 OPD patients per day and will strengthen access to quality healthcare services for the people.

Prime Minister will also lay the foundation stone of projects worth around ₹1,630 crore. Major projects include the Iconic Bridge, the Daman Convention Centre and the NIFT Campus at Daman, among others. These projects are expected to strengthen modern infrastructure, boost tourism, promote investment, generate employment opportunities and improve the quality of life of the people.

Prime Minister will also lay the foundation stone of important projects for the Union Territory of Lakshadweep worth around ₹885 crore. These projects include Development of Port Facilities on the Eastern and Western Sides of both Kalpeni Island and Kadmat Island. The development of these multipurpose jetties will facilitate year-round berthing of large passenger vessels, including cruise vessels of up to 300 metres in length. The projects will enable safe and efficient passenger and cargo handling and provide integrated facilities for fish handling, fuel distribution, ice supply and boat repair. These initiatives will strengthen maritime connectivity, support the livelihoods of local fishermen, promote tourism and contribute to the socio-economic development of the islands.