প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সযোগে এছ’চেম, ফিকি, চিআইআই আৰু দেশৰ ওঠৰখন চহৰৰ বিভিন্ন স্থানীয় চেম্বাৰৰ ঔদ্যোগিক প্ৰতিনিধিসকলৰ সৈতে বাৰ্তালাপত মিলিত হয়৷ প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে দেশৰ উন্নতিৰ বাবে দ্ৰুত গতিত ধাৱমান হোৱাৰ মুহূৰ্ততে ক’ভিড-১৯ৰ দৰে এক অজ্ঞাত সমস্যাই দেশৰ অৰ্থনীতিৰ সন্মুখত বাধা হিচাপে থিয় দিছে৷ তেওঁ কয় যে এই মহামাৰীয়ে উদ্ভৱ কৰা প্ৰত্যাহ্বান বিশ্বযুদ্ধৰ প্ৰভাৱতকৈও সুদূৰপ্ৰসাৰী হোৱাৰ লগতে আমি নিৰৱচ্ছিন্নভাৱে ইয়াক প্ৰতিৰোধ কৰিবলৈ ব্যস্ত থাকিব লাগিব৷

প্ৰধানমন্ত্ৰীয়ে কয় যে অৰ্থনীতিৰ আধাৰ হ’ল বিশ্বাস৷ বিশ্বাস হ’ল এক অনন্য মাপদণ্ড- ই কঠিন আৰু প্ৰত্যাহ্বানমূলক সময়ত আৰ্জিতও হ’ব পাৰে অথবা হ্ৰাসো হ’ব পাৰে৷ দেশৰ অৰ্থনীতিৰ বিভিন্ন ক্ষেত্ৰত বিশ্বাসৰ মাপদণ্ড এক গুৰুত্বপূৰ্ণ সন্ধিক্ষণত উপস্থিত হৈছে৷ তেওঁ কয় যে ক’ভিড-১৯ৰ পৰিপ্ৰেক্ষিতত দেশৰ পৰ্যটন খণ্ড, নিৰ্মাণ খণ্ড, আতিথ্য খণ্ড আৰু দৈনিক জীৱন যাত্ৰা বাৰুকৈয়ে প্ৰভাৱিত হৈছে৷ আগন্তুক সময়ছোৱাত অৰ্থনীতিত ইয়াৰ প্ৰভাৱ সম্পৰ্কে অনুভূত হ’ব৷

ঔদ্যোগিক প্ৰতিনিধিসকলে প্ৰধানমন্ত্ৰীয়ে গ্ৰহণ কৰা অগ্ৰগামী ভূমিকাক ধন্যবাদ জ্ঞাপন কৰে৷ তেওঁলোকে প্ৰধানমন্ত্ৰীক গ্ৰহণ কৰা বিভিন্ন পদক্ষেপসমূহৰ বিষয়ে অৱগত কৰে৷ তেওঁলোকে অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান শৃংখল অব্যাহত ৰাখি ভেণ্টিলেটৰকে ধৰি চিকিৎসা সামগ্ৰী, আচুতীয়া কক্ষ নিৰ্মাণ, চিএছআৰ পুঁজিৰ ব্যৱহাৰ আদি পদক্ষেপসমূহৰ বিষয়ে প্ৰধানমন্ত্ৰীক অৱগত কৰে৷

তেওঁলোকে বেংকিং, বিত্ত, আতিথ্য, পৰ্যটন, আন্তঃগাঁথনি খণ্ডত প্ৰভাৱিত হোৱা সমস্যাসমূহৰ বিষয়ে আলোচনা কৰে আৰু এই প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰিব পৰাকৈ বিত্তীয় সাহায্যৰ বাবে অনুৰোধ কৰে৷ ঔদ্যোগিক প্ৰতিনিধিসকলে লক্-ডাউনৰ পদক্ষেপক প্ৰশংসা কৰে৷

প্ৰধানমন্ত্ৰীয়ে ঔদ্যোগিক প্ৰতিনিধিবৰ্গক অসংগঠিত খণ্ডৰ বাবে সমস্বৰে মাত মতাৰ বাবে ধন্যবাদ প্ৰদান কৰে আৰু কয় যে ইয়াৰ জৰিয়তে মানৱতাৰ এক নতুন প্ৰভাত উদিত হৈছে৷ তেওঁ ব্যৱসায়ত লোকচান হ’লেও কৰ্মচাৰীৰ সংখ্যা হ্ৰাস নকৰিবলৈ অনুৰোধ জনায়৷ তেওঁ কয় যে এই সময়ছোৱাত যাতে অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ যোগানত প্ৰভাৱ নপৰে আৰু ক’লা বজাৰ প্ৰতিৰোধ হয়৷ লগতে তেওঁ কাৰখানা, কাৰ্যালয় আৰু কৰ্মস্থলীত ক’ভিড-১৯ক প্ৰতিৰোধ কৰিবলৈ ‘স্বচ্ছতা’ অৱলম্বন আৰু চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিবলৈও সোঁৱৰাই দিয়ে৷ তেওঁ কয় যে এই ভাইৰাছবিধক প্ৰতিৰোধ কৰিবলৈ সামাজিক দূৰত্বই হ’ল সবাতোকৈ বৃহৎ হাথিয়াৰ৷ তেওঁ ঔদ্যোগ জগতক এই মহামাৰী সম্বন্ধীয় ক্ষেত্ৰসমূহত মানৱীয়তাৰ খাতিৰত চিএছআৰৰ পুঁজিৰ ধন ব্যয় কৰিবলৈও অনুৰোধ কৰে৷

উল্লেখ্য, আজিৰ এই বৈঠকখনত মুখ্য সচিব, কেবিনেট সচিব, উদ্যোগ আৰু অন্তঃৱৰ্তী বাণিজ্য প্ৰচাৰ বিভাগৰ সচিবো উপস্থিত আছিল৷ 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Spirituality remains key driver for travel in Asia, India ranks top: Report

Media Coverage

Spirituality remains key driver for travel in Asia, India ranks top: Report
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 26 মাৰ্চ 2026
March 26, 2026

India’s Economy, Innovative Spirit and Global Standing Continue to Thrive with the Modi Government